ক'ৰোনাৰ দৰে বাৰ্ড ফ্লুৱেও কৰিব পাৰে মহামাৰী
চীনৰ ৱেট মাৰ্কেটবোৰ বন্ধ কৰিবলৈ যে সকলোৱে দাবী কৰি আছে৷
ৱেট মাৰ্কেট মানে কি জানানে?
০৯ এপ্ৰিল ২০২০
কামিনী কাঞ্চন ৰহস্য - ৰাজীৱ ফুকন
ছোৱালীজনী যেতিয়া প্ৰথমবাৰৰ বাবে মোৰ কোঠাত সোমাইছিল,
তাই লগতে কঢ়িয়াই আনিছিল কামিনী-কাঞ্চনৰ সুবাস।
02 মাৰ্চ 2017
এনিমেছন, মেজিক-লেণ্টাৰ্ণ, VFX ইত্যাদি - ৰাজীৱ ফুকন
বল্লু নামৰ ভালুকটোৰ কথা মনত পৰেনে
আৰু আংকল স্ক্ৰুজ নামৰ কৃপণ হাঁহটোৰ কথা৷
১৪ জুন ২০১৭
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
বহুতৰ মনলৈ এই প্ৰশ্নটো আহে৷
অনবৰতে ৰেডিয়েছন হৈ থকা ডিভাইছ এটা মূৰৰ ওচৰত লৈ থাকিব লগীয়া হ'লে ভয় খোৱাটো স্বাভাৱিক৷
১৪ জুন ২০১৭

Feb 25, 2024

মহাভোগ - ভৌতিক/ৰহস্য উপন্যাস

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel by Rajiv Phukan
  
*মূলঃ অভীক সৰকাৰ*
 *অনুবাদঃ ৰাজীৱ ফুকন* 

এক অদ্ভূত দেৱীমূৰ্তি। যাৰ আছে এক প্ৰাচীন ইতিহাস। কোনেও নাজানে তেওঁ কোন। তেওঁ কি ধৰ্মৰ? সেই দেৱীমূৰ্তিটোকে ঘৰ সজাবলৈ লৈ আহিছিল অতীনে। তাৰ পিছত কি হ'ল জানিবলৈ পঢ়ক অভীক সৰকাৰৰ 'মহাভোগ'।

লেখকৰ পৰিচয়ঃ অভীক সৰকাৰৰ জন্ম হৈছিল ১৯৭৯ চনত শিৱপুৰত। বৰ্তমান তেওঁ কলিকতা চহৰৰ বাসিন্দা। পেচাত চেলছমেন। লেখা-মেলা আৰম্ভ কৰে ফেচবুক আৰু বিভিন্ন ব্লগত। প্ৰথম কিতাপ 'মাৰ্কেট ভিজিট' প্ৰকাশ পায় ২০১৭ চনৰ কলিকতা আন্তৰ্জাতিক গ্ৰন্থমেলাত। দ্বিতীয় কিতাপখনৰ নাম 'এবং ইনকুইজেছন'। এতিয়ালৈকে তেখেতৰ নখন কিতাপ প্ৰকাশিত হৈছে। তেখেতে বিশ্বাস কৰে যে কিতাপতকৈ ভাল বন্ধু আৰু নাই

** সূচী **

Dec 18, 2023

সাধনা সংগিনী - ভৌতিক গল্প

ৰাজীৱ ফুকন
Sadhana Sangini Assamese Horror Story by Rajiv Phukan
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   


ৰিজ'ৰ্টৰ লনত থিয় হৈ দূৰৈৰ হাবিখনলৈ দেখুৱাই ৰুস্তমে সুধিলে, "সৌ তাত কি আছে? ইয়াত চাবলগীয়া কিবা আছেনে নাই?"
 
ৰিজ'ৰ্টৰ মেনেজাৰ স্থানীয় লোক। তেওঁ উত্তৰ দিলে, "হাবিখনৰ সিটো পাৰে এটা জান আছে। সেইটো চাই আহিব পাৰে। তাৰ বাদে ইয়াত চাবলগীয়া বিশেষ একো নাই। আপোনালোকৰ দৰে কলিকতাৰ পৰা যিসকল মানুহ ইয়ালৈ আহে, তেওঁলোক সাধাৰণতে ৰেষ্ট ল'বলৈকে আহে।"

Jan 30, 2023

যৌৱনে আমনি কৰেৰ পৰা ডক্তৰ বেজবৰুৱা দ্বিতীয়লৈ

ৰাজীৱ ফুকন

Assamese film Dr. Bezbaryah 2 

*লেখকঃ ৰাজীৱ ফুকন* 

কিছুমান চিনেমাই উৎসৱৰ ৰূপ লৈ আহে। চিনেমাখন চোৱাৰ উপলক্ষ লৈয়েই বহুদিনৰ মূৰত মামা-মামী, মহা-মাহী‍‍, খুৰা-খুৰীহঁত আহি লগ হয় আপোনালোকৰ ঘৰখনত।

খুৰাকৰ পুতেক, মোমায়েকৰ পুতেকে দুঘন্টা আগতেই লাইন ধৰিবলৈ যায় ইভিনিং শ্ব'ৰ কাৰণে। পোন্ধৰ মিনিট বিশ মিনিটৰ মূৰে মূৰেই টিকট কাউন্টাৰৰ হুলস্থুলৰ মাজতেই বেচেৰাহঁতে চিঞৰি চিঞৰি জনাই থাকিবলগীয়া হয় টিকট পোৱা নোপোৱাৰ আপডেট। ইমানবোৰ মানুহৰ টিকট কাটোতে কেতিয়াবা দুই এটা বেলেগ বেলেগ চিৰিজতো পৰি যায়। দুই এটা ব্লেকত কাটিও মিলাবলগীয়া হয়।

সাধাৰণতে সময়তকৈ আগতেই চিনেমাহলত উপস্থিত হয় আপোনালোক। অৱশ্যে দুই এজন কেতিয়াবা পিছ পৰি নোযোৱাও নহয়। দোষটো পৰে সেই দৌৰাদৌৰিতে কাণফুলি বিচাৰি নোপোৱা মাহীজনীৰ ওপৰত বা শেষমুহূৰ্তলৈ কাপোৰ ইষ্ট্ৰি কৰিবলৈ ৰৈ থকা খুৰাজনৰ ওপৰত।

চিনেমাহলৰ ভিৰৰ মাজত আপোনালোকে দেখিবলৈ পায় বহুবছৰ আগতে ঘৰলৈ টিউচন শিকাবলৈ অহা শিক্ষকজনক সপৰিয়ালে। দেখিবলৈ পায় স্কুল এৰাৰ পৰা লগ নোপোৱা বন্ধুজনক সপত্নীক। আগৰ অফিছটোত একেলগে কাম কৰা সহকৰ্মীজনৰ পৰিয়ালটোক। হঠাতে আপোনাক পিছফালৰ পৰা চুই আচৰিত কৰি দিয়ে গাঁৱৰ মানুহৰ সৈতে গাড়ী ভাৰা কৰি চিনেমা চাবলৈ অহা আপোনাৰেই কোনোবা পেহী বা খুৰীয়ে।
 
উলহ-মালহ, চিঞৰ-বাখৰৰ মাজেৰেই আপোনালোকে হলত সোমায়। চিনেমা আৰম্ভ হয়। হকে বিহকে চিঞৰা চেঙেলীয়াবোৰৰ কিৰিলিৰে চিনেমা এটা সময়ত শেষো হয়। 

আন্ধাৰ হলটো পোহৰ হৈ পৰে। নিজৰ মতামত দিবলৈ আৰু আনৰ মত শুনিবলৈ উচপিচাই থকা মনটো লৈ আপোনালোক ওলাই আহে বাহিৰলৈ। তাৰ পিছত সন্মুখৰ চাহ দোকানখনত চিনেমাখনক লৈয়ে বহে সৰৱ আড্ডা।

কেতিয়াবা চিনেমাখনে আপোনালোকক পাগল কৰি দিয়ে, কেতিয়াবা চিনেমাখন হয় মধ্যমীয়া আৰু কেতিয়াবা হয়তো আশা কৰাতকৈও বেয়া। কিন্তু সেই বেয়ালগাখিনিয়েও আপোনালোকৰ দুদিনীয়া উৎসৱটোৰ আনন্দ ফূৰ্তিখিনিত ব্যাঘাত জন্মাব নোৱাৰে। কাৰণ অলপ পিছতে আপোনালোকৰ কথাৰ মূল বিষয়টো হৈ পৰিব ৰাতিৰ সাঁজৰ মাংস কোনে বনাব? ভিনদেউৱে নিশ্চয়, নহয় জানো!

এই গোটেই সময়ছোৱাতে আপোনালোকৰ মাজৰ কোনোবাই নহয় কোনোবাই গুণগুণাই থাকে চিনেমাখনৰে এটা গানৰ কলি। আপুনি হয়তো গান গাব নাজানে, বা গাবলৈ লাজ কৰে, অথচ আপোনাৰ ওঁঠযুৰিও মাজে মাজে কঁপি উঠিব খোজে, যদিও আপুনি নিজক সম্বৰণ কৰে।

এই উৎসৱৰ সামৰণি ইয়াতেই নপৰে, পিছদিনা স্কুললৈ যোৱাৰ বাটত, বিয়নি মেলত, নোচোৱা কেইজনৰ আগত কৰা ফুটনিবোৰতো ইয়াৰ গুণগুণনি বহুদিনলৈ শুনিবলৈ পোৱা যায়।

তেনেকুৱা কোনো চিনেমা উৎসৱত নিশ্চয় আপুনিও কেতিয়াবা সেই মাহীয়েক, মোমায়েক, ভাগিনীয়েক বা বায়েকৰ ৰ'লটো কৰিছে।
 
এতিয়া হয়তো পুনৰ আপোনাৰ ফোনটো বাজিবলৈ লৈছে। আপুনিও হয়তো কাৰোবাক কাৰোবাক ফোন কৰিছে এইকেইদিনত। অনুভৱো নিশ্চয় কৰিছে যে পুনৰ তেনেকুৱা এক উৎসৱৰ আয়োজন চলিব ধৰিছে। ফোনকলবোৰেও কঢ়িয়াই লৈ ফুৰিছে তাৰেই বতৰা। ডক্তৰ বেজবৰুৱা ২ নামেৰে এক উৎসৱৰ বতৰা।

এইখিনিতে উল্লেখ কৰো যে ডক্তৰ বেজবৰুৱা ২ চিনেমাখন ভাল হ'ব নে বেয়া হ'ব মোৰ কোনো ধাৰণা নাই। চিনেমাখনৰ লগত মই কোনো প্ৰকাৰে জড়িতও নহয়। মাত্ৰ এজন সাধাৰণ অসমীয়া দৰ্শক হিচাপে "যৌৱনে আমনি কৰে"ৰ পৰা "দাগ", "নায়ক", "ৰামধেনু", "ৰত্নাকৰ" আদি চিনেমাই দি যোৱা অনুভৱখিনিকে লিখিছো। 

চিনেমা এখনে এনেদৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিলে চিনেমাখন নচলাৰ কথা নাথাকে। ভ্ৰাম্যমাণ থিয়েটাৰেও একেই উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বাঁহ পেলোৱাৰ পৰা আৰম্ভ কৰি মঞ্চ সজা, ক'লা কুশলীৰ আগমনলৈকে সকলো সেই উৎসৱৰে অংশ। নাটক ভাল হোৱা, বেয়া হোৱায়ো বিশেষ প্ৰভাৱ নেপেলায় তাৰ পিছত। 

কিন্তু নাটক, চিনেমা ভাল হ'লে তাৰ প্ৰভাৱ চিৰস্থায়ী হয়। যেনে দাগ, নায়ক, দীনবন্ধু আদিয়ে দিয়া অনুভৱ আজিও সজীৱ হৈ আছে আমাৰ মনত। আশা কৰিছো এইবছৰ ডঃ বেজবৰুৱা ২, ৰঘূপতি, ৰাঘৱ আদি চিনেমায়ো আমাক তেনেকুৱা কিছু স্থায়ী অনুভৱেই দি যাব।

Jan 16, 2023

REAR - উইণ্ড' (ৰহস্যধৰ্মী উপন্যাসিকা)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

এই উপন্যাসিকাখনৰ আধাৰতেই আলফ্ৰেড হিট্সককে নিৰ্মাণ কৰিছিল তেখেতৰ এখন অন্যতম সফল ৰহস্যধৰ্মী ছবি - Rear Window। ছবিখনত কাহিনীটোৰ কিছু সালসলনি কৰা হৈছিল, গতিকে যিসকলে ছবিখন চাইছে, তেওঁলোকেও উপন্যাসিকাখন পঢ়ি এটা নতুন ৰস পাব বুলি আশা কৰিছো। 


Mar 11, 2022

ভীমৰতি - ৰহস্যধৰ্মী উপন্যাসিকা

ৰাজীৱ ফুকন
 
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

লেখিকা দেৱাৰতি মুখোপাধ্যায় বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় বঙালী লেখিকা আৰু ইউটিউবাৰ। তেখেতৰ জন্ম হৈছিল ১৯৯০ চনৰ ১১ অক্টোবৰত হুগলি জিলাৰ ডানকুনি চহৰত। 
 
তেওঁৰ প্ৰথমখন উপন্যাস ভৌতিক থ্ৰীলাৰ 'ঈশ্বৰ যখন বন্দীঅতি কম সময়ৰ ভিতৰতে ১০ হাজাৰ কপি বিক্ৰী হয় আৰু ২০১৭ চনৰ কলিকতা বুক ফেয়াৰত কিতাপখন বেষ্ট চেলাৰ হিচাপে ঘোষিত হয়। তেখেতৰ দ্বিতীয়খন উপন্যাসআন এখন থ্ৰীলাৰ 'নৰক সংকেতএবছৰৰ ভিতৰত বাৰ হাজাৰ কপি বিক্ৰী হয়। এই উপন্যাসখনৰ ওপৰত 'স্বস্তিক সংকেত' নামেৰে চলচিত্ৰ এখন অলপতে মুক্তি লাভ কৰিছে। ২০১৬ চনৰ পৰা এতিয়ালৈকে তেখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত ঈশ্বৰ যখন বন্দী, নৰক সংকেতঅঘোৰে ঘুমিয়ে শিবগ্লানির্ভবতি ভাৰতনাৰাচদিওতিমাহাৰিয়ে যাওয়া খুনিৰা৭ শিহৰণবাবু ও বাৰবণিতাদাশগুপ্ত ট্রাভেলসলিলি আদি অন্যতম। তেওঁৰ 'লিলি' উপন্যাসিকাখনৰ অসমীয়া ভাঙনি 'চাকিউবাছ'পঢ়িবলৈ ইয়াত ক্লিক কৰক


** সূচী **