মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
প্ৰথম অধ্যায়
"ইয়াকে কয় লোনলিনেছ, বুজিছা? এবচলিউট লোনলিনেছ!"
"অকলশৰে থাকি আপুনি ভাল পায় নেকি?"
"কেতিয়াবা পাওঁ৷ কেতিয়াবা নাপাওঁ৷ এনিৱে,
আই হেভ টু বিয়েৰ ইট৷"
"কিয়? আপোনাৰতো সকলো আছে৷"
"আছে জানো?"
"পত্নী, ল'ৰা-ছোৱালী,
আনকি মাও আছে৷"
"তেওঁলোক আছে৷ অথচ কোনো নাই৷"
"মই কথাটো বুজা নাই৷"
"বুজিনো কি কৰিবা? আনৰ
ব্যক্তিগত প্ৰব্লেম বেলেগে সকলো সময়তে বুজিব নোৱাৰে৷"
"প্ৰব্লেমটো চৰ্ট আউট কৰিব পৰা নাযায় জানো?"
"যায়৷ পৃথিৱীৰ সকলো প্ৰব্লেমৰে চলিউচন
থাকে৷"
"তেনেহ'লে?"
"চলিউছনটো বিচাৰি পালে প্ৰব্লেমটো চোল্ভ হৈ
যাব৷"
"এনেকুৱা লাগিছে৷ চলিউছনটো আপুনি জানে৷"
"নাই৷ জনা হ'লে
নিৰ্বাসন লওঁ জানো?"
"ইয়াতে সময়বোৰ কেনেদৰে কটাই আপুনি? বোৰ নহয়?"
"বোৰদমো আছে৷ হ'লেও
ৰাতিপুৱাটো ভাল লাগে৷"
"ৰাতিপুৱা বোৰ নালাগে মানে?"
"নাই৷ ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ৷ জনবিৰল ঠাই৷
খোজ কাঢ়িবলৈ ধুনীয়া৷"
"তাৰ পিছত?"
"উভতি আহি ছবি আঁকো৷ তেতিয়া জ্ঞান নাথাকে৷"
"সদায়?"
"সদায়৷ ছবিয়েই মোক জীয়াই ৰাখিছে৷"
"আগতে বছৰত আঠ দহখন আঁকিছিল৷ এতিয়াও আঁকেনে?"
"নাই, এতিয়া সংখ্যাটো বহুত বাঢ়িছে৷"
"গ্ৰাহক কি ইয়ালৈ আহে? কিনিবলে?"
"খুব কম৷ মোৰ ছবি এজেন্টৰ জড়িয়তেই বেছি বিক্ৰী
হয়৷"
"আজিকালি এক্সিবেছন নকৰে ন'?"
"নাই৷ ছবি বেছিভাগ বিক্ৰীয়ে হৈ যায়৷
এক্সিবিছন-টেক্সিবিছন প্ৰাইমাৰী ষ্টেজ৷ আজি কালি ছবি জমাই নাথকা হ'ল৷"
"আপোনাৰতো এতিয়া সাংঘাতিক ডিমাণ্ড!"
"হাৱাই বুলিব পাৰা৷ যিয়ে ছবি কিনে তেওঁলোকে জানো
ছবি বুজি পায়?"
"সেইটো হয়৷"
"যি আঁকে তেওঁলোকেও নুবুজে৷"
"ৰাতিপুৱা তেনেহ'লে
অকল ছবিকে অাঁকে?"
"উম৷ পুৱাৰ ভাগত পোহৰটো ভাল পোৱা যায়৷ মনটোও
ভালে থাকে৷"
"দুপৰীয়া শুৱে?"
"নাই৷ শুৱাৰ অভ্যাসটো কম৷ দুপৰীয়া কিতাপ
পঢ়ো৷"
"গল্পৰ কিতাপ?"
"পঢ়ো৷ কিন্তু ইতিহাস আৰু বিজ্ঞানৰেই
বেছি৷"
"ইয়াৰে মানুহ দুনুহে আপোনাক লগ কৰিবলৈ আহেনে?"
"মইতো আনচোচিয়েল৷ বেছি মিলা মিছা নকৰো কাৰো
সৈতে৷ হ'লেও দুই চাৰিজনক চিনো৷"
"ক'বলৈ গ'লে
আদ্দা মাৰিবলৈ আপুনি বেয়া পায়, নহয় জানো?"
"নাই, আগতে খুব আদ্দা মাৰিছিলো৷ তেতিয়া বয়স
কম আছিল৷"
"কফি হাউছত?"
"কফি হাউছত, লগৰ
ল'ৰাৰ মেছত, বসন্ত
কেবিনত৷"
"সেই দিনবোৰৰ কথা মনত পৰেনে?"
"পৰে৷ কিন্তু বৰ সুখৰ স্মৃতি নহয়৷"
"তেতিয়াৰ বন্ধু বৰ্গৰ লগত সম্পৰ্ক আছেনে নাই?"
"নিজেই ৰখা নাই৷ ৰাখি কি হ'ব?"
"আদ্দাততো বিভিন্ন বিষয়কলৈ আলোচনা চলে!"
"হয়৷ হ'লেও আদ্দাৰ বেছিভাগ কথা বতৰাই লাইট৷ মই
আজি কালি সেইবোৰ পচন্দ নকৰো৷"
"আবেলিৰ ফালে আমনি নালাগে?"
"নাই৷ ভালেই লাগে৷"
"ৰাতি ছবি আঁকে?"
"নাই নাই, কনো
দিনে অঁকা নাই৷ ইয়াত খুব ল'ডশ্বেডিং হয়৷ কাৰেণ্ট থাকিলেও ভল্টেজ
কম৷ ৰাতি একো কামেই কৰিব নোৱাৰি৷ ইয়াতে বাধ্যতামূলক হ'ল
আৰ্লি টু বেড৷"
"ইমান ডাঙৰ ঘৰটোত অকলে থাকে, ভয় নালাগে?"
"কিয় লাগিব? মইতো
ভূত-প্ৰেতক ভয় নকৰো৷"
"চোৰ-ডকাইতৰ ভয়?"
"নাই, কি নিব? ভেলুৱেবলতো
একো নাই৷"
"ছবিতো নিব পাৰে?"
"ইয়াৰ চোৰ-ডকাইত ইমান শিক্ষিত নহয় যে ছবি চুৰি
কৰিব৷ ছবিৰ বজাৰ মূল্যও সিহঁতে নাজানে৷"
"হ'লেওতো ইয়াত আছে৷"
"আছে বুলি শুনিছো৷ কিন্তু এই ঘৰটোত এতিয়ালৈ হাত
দিয়া নাই৷"
"ছবি আঁকি যে আপুনি যথেষ্ট ধন ঘটে, সেই কথা সিহঁতে নাজানে নেকি?"
"সেয়া মই ক'ব
নোৱাৰিম৷ ছবি আঁকি ধন ঘটাৰ কথাটো শিক্ষিত সমাজৰ মানুহে জানে৷ ইহঁত ইমান জ্ঞাত নহয়
চাগে৷ নগদ ধন অৱশ্যে মই ঘৰত নাৰাখো৷"
"বাৰু৷ কলকাতাত যেতিয়া আছিলে তেতিয়া বহুত ছাত্ৰ
ছাত্ৰী আপোনাৰ ওচৰলৈ ছবি অঁকা শিকিবলৈ আহিছিল৷"
"অ', শিকাবলৈ মোৰো ভালে লাগে৷"
"ইয়াত কোনোবাই শিকেনে?"
"তেনেকৈ নাই৷ ছবি লৈনো কোনে মূৰ ঘমায়? এজন দুজন আহে৷"
"আপুনি শিকায়?"
"ইয়াত যিয়ে শিকিবলৈ আহে, সিহঁতৰ
হাত খুব কেঁচা৷ কেৱল ড্ৰয়িং শিকাওঁ৷ সেইটোও ভালকৈ আয়ত্ব কৰিব নোৱাৰে৷"
"আপুনি ইয়াত আৰু কি কৰে?"
"সন্ধিয়া মদ খাওঁ৷ নিয়মিত৷ আৰু বিশেষ কিবা কৰো
বুলিতো মনলৈ অহা নাই৷"
"এইবাৰ আপোনাক এটা অস্বস্তিকৰ প্ৰশ্ন কৰো৷ খং
নকৰেতো?"
"আৰে নাই৷ খং কৰিবলগীয়া কি আছে?"
"আপোনাৰ বয়স বোধহয় সাতচল্লিশ৷"
"সেইটো চাৰ্টিফিকেট এজ৷ আচলতে উনপঞ্চাছ৷"
"যি হওঁক৷ আপোনাৰ এটা শাৰীৰিক প্ৰয়োজনৰ কথা
আছে৷"
"ওহ!"
"খং উঠিছে?"
"আৰে নাই৷ কথাটো হ'ল,
অভাৱেই আবিষ্কাৰৰ মূল৷"
"মানে?"
"মাজে মাজে মাইকী মানুহ এজনী আহে৷"
"নিজে আহে?"
"আই ড'ন্ট ফোৰ্ছ দেম৷ টকা অফাৰ কৰো৷"
"নিজে আহে নেকি বুজি নাপালো!"
"মোৰ এজন হেল্পাৰ আছে৷ অড জব মেন৷ এই ক্ষেত্ৰত
সিয়ে সহায় কৰিছিল৷"
"এজনীয়ে আহে নে?"
"হয়৷ ইয়াৰে এজনী দুখীয়া ঘৰৰ তীৰোতা৷ গিৰীয়েক
নাই৷ সঘনাই নাহে৷ সপ্তাহত এদিন বা বৰ বেছি দুদিন৷"
"আপুনি আকৌ বিয়া কৰোৱাৰ কথা ভবা নাই?"
"পাগল নেকি?"
"এনেদৰেই কটাই দিব তাৰমানে?"
"চাওঁ৷ ক'ত
কেতিয়া কি হয়! সেইবোৰ ভাবি থাকিলে কি হ'ব?"
"কলকাতাত এটা গুজব ওলাইছে যে আপুনি ইয়ালৈ আহি
এটা স্পিৰিছুয়েল জীৱন কটাইছে৷ ধৰ্ম চৰ্ম লৈ ব্যস্ত আছে৷"
"মানুহৰ অনুপস্থিতিততো কিমান কথাই নোলায়!"
"আপুনি আগতে নাস্তিক আছিল? এতিয়াও আছে নে?"
"নাথাকিম কিয়? মোৰ
নাস্তিক্য ভাঙিব লগাকৈ একোতো হোৱা নাই৷"
"দীৰ্ঘ সময় ধৰি নিৰ্জন ঠাইত অকলে অকলে থকাৰ ফলত ঈশ্বৰ চিন্তা জাগিব পাৰে!"
"নাই৷ মই নাভাবো, ঈশ্বৰ
চিন্তা তেনেকৈ বিনাকৰণত আহে বুলি৷ মোৰ ঈশ্বৰৰ প্ৰয়োজন নাই৷ ৰং, তুলিকা আৰু পৃথিৱীৰ ৰূপ এইবোৰেই মোৰ ঈশ্বৰ৷"
"বাৰু, আপোনাৰ ইমান দেশজোৰা খ্যাতি, ইমান টকা, এইবিলাকতো আপুনি ভোগো নকৰে৷ ইয়াতেতো দেখিছো
একেবাৰে স্পাৰ্টান লাইফ লিড কৰিছে৷ ফ্ৰিজ, টিভি আছে নে নাই?"
"পাগল! সেইবিলাকেৰে কি হ'ব?
অকলশৰীয়া মানুহ, ফ্ৰিজেৰে কি কৰিম? মদ খোৱা বৰফ কাম কৰা ল'ৰা বান্টাই আনি দিয়ে৷ পিছে কিউব নহয়,
চপৰা৷ তাৰেই চলি যায়৷"
"চিনেমা তিনেমা চাবলৈ মন নাযায়?"
"কোনোদিনে যোৱা নাছিল৷ চিনেমা মই খুব কমেই চাওঁ৷
এতিয়াতো আৰু মন নযোৱা হৈছে৷"
"আপোনাৰ ফুলনিতো ৰাপ নাই দেখিছো৷ সন্মুখৰ
ফুলনিখন জংঘলেৰে ভৰি আছে৷"
"সেইটোৱেতো মোৰ ভাল লাগে৷ তোমালোকৰ কাৰণে জংঘল হ'ব পাৰে, মোৰ বাবে নহয়৷ সজোৱা বাগিচাতকৈ এই ৱাইল্ডনেছ,
এই হেফজাৰ্ড গছ-গছনিবোৰ মোৰ বেছি প্ৰিয়৷ সেইটো এটিটিউডৰ ওপৰত নিৰ্ভৰ
কৰে৷"
"হয় কথাটো৷ আপোনাৰ ৰং, তুলিকা,
কেনভাছ সকলো কলিকতাৰ পৰাই আহে?"
"হয়৷ মোৰ এজন্টে দি যায়৷ মই অৱশ্যে আজি কালি
বিদেশৰ পৰাই ৰং আনো৷ ইয়াৰ ৰঙৰ কোৱালিটি মোৰ পচন্দ নহয়৷"
"উম৷ এণ্ড ইউ কেন এফোৰ্ড ডেট৷ ঘৰৰ খবৰ-চবৰ পাই
থাকে?"
"বিশেষ নাই৷ মায় হয়তো মনতে পেলাই থাকে, সেয়ে ছোৱালী দুজনীয়ে মাজে মাজে চিঠি লিখে৷ পোষ্ট কাৰ্ডত৷"
"আপুনি উত্তৰ দিয়ে?"
"এক লাইন দুই লাইন লিখো৷ মই ভালে আছো বুলি
নুশুনিলে মা হয়তো গুছিয়ে আহিব খবৰ ল'বলৈ৷ মাকবোৰকতো জানাই৷"
"আপুনি মাক মিছ নকৰে?"
"নাই, মিছ কৰা বোলাটো মাত্ৰাধিক৷ হ'লেও মাৰ কথা কেতিয়াবা মনত পৰে৷"
"অপুনি নিশ্চয় ঘৰলৈ টকা পঠিয়াই?"
"নপঠাওঁ৷ পঠাবলগীয়া নহয়৷ মোৰ পত্নী আৰু মোৰ
জইন্ট একাউন্টত টকা জমা হৈ যায়৷ ছবি বেছি পোৱা টকাৰ উপৰিও মোৰ পত্নীৰ চাকৰি আছে৷
গতিকে ধৰিব পাৰিছাই..."
"উম, মই জানো দে আৰ ভেৰি ৱেল অফ৷"
"সিহঁতক আভিজাতেই বুলিব পাৰা তুমি৷ বেহালয়ত ইমান
ডাঙৰ ঘৰ, গাড়ী, অল চৰ্টছ অৱ ষ্টেটাছ চিম্বলছ!"
"ছোৱালী কেইজনী বা ল'ৰাটোক
মিছ নকৰে?"
"নাই৷ সিহঁততো ডাঙৰেই হ'ল৷
দে আৰ বিজি উইথ দেয়াৰ ষ্টাডিজ এণ্ড কেৰিয়াৰছ৷"
"বৌৰ কেনেকুৱা এটিটিউড আপোনাৰ প্ৰতি?"
"ভেৰি ক'ল্ড, ভেৰি
পেছিভ৷ যেনেকুৱা আছিল৷"
"তেওঁ আপোনাক ওভোতাই নিবলৈ চেষ্টা কৰা নাই?"
"দুবছৰ আগতে মোৰ খুলশালী এটাক পঠাইছিল৷ সি গুণ
গুণকৈ কি জানো কৈছিল৷ চব সংসাৰতে অশান্তি থাকে, স্বামী-স্ত্ৰীৰ
মাজত খুট খাট লাগিয়েই থাকে..."
"আপুনি তাক পাত্তা নিদিলে নহয় জানো? কি ক'লে তাক?"
"ক'লো, ঘৰলৈ
যোৱা৷ দুনীয়াখন গোলগাপ্পা নহয়৷ চব বুজিব পৰাকৈ তোমাৰ মগজুও নাই৷ খেদি পঠালো৷"
"বৌৱে কি চিঠি পত্ৰ নিদিয়ে নেকি কেতিয়াও?"
"নাই৷ চি ইজ অলছো এ হাৰ্ড নাট টু ক্ৰেক৷"
"আপুনি আজিকালি তেওঁক ভাল নাপায় নেকি?"
"কোনোদিনে পোৱা নাছিলো৷"
"অথচ চবেই জানে আপোনালোকৰ লাভ মেৰেজ৷"
"লাভ মেৰেজ বস্তুটোৱেই এটা ভণ্ডামি৷"
"কিয়?"
"ভাল পাই যিবিলক বিয়া হয়, সেই
ভালপোৱাবোৰৰ বেছি ভাগেই স্কিন ডিপ৷ আই নিয়েভাৰ লাভড হাৰ৷ সাময়িক এটা মোহ আৰু জেদৰ
ফলত বিয়া হৈছিল৷ এনিৱে ছি ইজ নাথিং টু লেমেন্ট ফৰ৷"
"এয়াই নেকি সেই ফ্ৰিডম?"
"একধৰণৰ ফ্ৰিডমেই৷ অন্ততঃ বোণ্ডেডতো নহয়৷"
"এনেকুৱাওতো হ'ব
পাৰে যে আপুনি এদিন অনুতপ্ত হৈ উভতি যাব৷"
"নাযাওঁ৷ গ'লোহেঁতেন,
যদি আত্মসন্মান ত্যাগ কৰিব পাৰিলোহেঁতেন৷ এইটো ইমান সহজ কথা নহয়৷ মই
পত্নীৰ সংগ কোনোদিনেই উপভোগ কৰা নাই৷ কোনো টানো নাই তাইৰ প্ৰতি৷ ল'ৰা ছোৱালীৰ প্ৰতিও নাই৷ আই নিয়েভাৰ ৱাজ এ গুড ফাদাৰ৷ হ'লেও ল'ৰা ছোৱালী কেইটা ভালে থাকক, তাকেই কামনা কৰো৷"
"আপুনি তেনেহ'লে
এনেকৈয়ে সুখী?"
"দেখাতো পাইছাই৷ একো দুখত নাই৷ সুখত থকাটো
নিৰ্ভৰ কৰে কিছুমান ফেক্টৰৰ ওপৰত৷ ভাল স্বাস্থ্য, ভাল
এটিটিউদ, চেটিছফেক্টৰি কাম..."
"এণ্ড ছেক্স?"
"অলছো ছেক্স৷"
"আৰু একো নালাগে? যেনে
গুড কোম্পেনী?"
"কোম্পেনী নহ'লেও
চলে৷ সেইটো এটিটিউদৰ ওপৰত নিৰ্ভৰ কৰে৷"
"তেনেহ'লে কি ক'ব
আপুনি ইয়াতেই প্ৰকৃতপক্ষে জীৱনক উপোভোগ কৰিছে?"
"নাই, সেইটো ক'লে
মিছা কোৱা হ'ব৷ জীৱনটো জানো মই আগতে কেতিয়াও উপোভগ কৰা নাই?
ভাল ছবি এখন আঁকিলে, ভাল এটা গান শুনিলে, ধুনীয়া দৃশ্য এটা দেখিলে মোৰ জীয়াই থকাটো সাৰ্থক বুলিয়েইতো ভাবিছো
বহুবাৰ৷ মনত আছে পেৰিছলৈ প্ৰথম গৈয়েই মই পুৰা পোন্ধৰ দিন লুভৰ মিউজিয়ামত ঘূৰি
ফুৰিছিলো৷ কেনেকুৱা যে ষ্টাণ্ড এণ্ড হিপনোটাইজড৷ সেয়াওতো উপোভোগ!"
"আৰু এতিয়া?"
"এতিয়াও একেই৷ মাজে মাজে উপভোগ কৰো৷"
"আপুনি গানৰ কথা ক'লে৷
আপোনাৰ টেপ ৰেকৰ্ডাৰ আছে?"
"নাই৷ কেছেট বজাই গান শুনিবলৈ মই ভাল নাপাওঁ৷"
"তেনেহ'লে আৰু গান উপভোগ কৰা নহয়?"
"তোমাক এটা আচৰিত কথা কওঁ?"
"কওঁক৷ শুনিবলৈকে আহিছো৷"
"তুমি হয়তো বিশ্বাস নকৰিবা৷ কিন্তু কথাটো
সঁচা৷"
"কওঁক শুনো৷ বিশ্বাস নকৰো বুলি কোনে গেৰান্টী
দিব পাৰে?"
"এই ঠাইখনতো দেখিছাই৷ ভীষণ নিৰ্জন৷"
"উম৷"
"ইয়াতে দিন-দুপৰতে জিলিৰ মাত শুনা যায়৷ গোটেই
দিনটো হয়তো মানুহৰ মাত এটা শুনিবলৈ পোৱা নাযায়৷ এই যে নিৰ্জনতা৷ মাজে মাজে ইয়াৰ
শব্দহীনতাই মোক অভিভূত কৰি তোলে৷"
"বুজিছো৷"
"মাজে মাজে কি হয় জানা? গভীৰ
নিস্তব্ধতাত ডুবি মনে মনে বহি থাকোতে ভাব হয় এই নিস্তব্ধতাৰ তলে তলে যেন এটা সুৰৰ
লহৰে খেলা কৰিছে৷ খুব গভীৰ যেন এক অশ্ৰুশিক্ত সংগীত৷ এইটো ঠিক বুজাই ক'ব নোৱাৰিম৷ কাণেৰে শুনা বস্তু নহয়৷ কিন্তু অনুভূতিত যেন ধৰা
দিয়ে৷"
"এনেকুৱা প্ৰায়ে হয় নে?"
"নাই নাই৷ খুব কম৷ বহুদিনৰ মূৰত৷"
"এনেকুৱা হোৱাতো কিন্তু আচৰিত কথা নহয়৷ ডাঙৰ ডাঙৰ
ওস্তাদৰ হয় হেনো!"
"মই ওস্তাদ নহয়৷ গানতো মোৰ সাধনা নহয়৷"
"হ'লেও আপুনিতো সূক্ষ্ম অনুভূতিৰ মানুহ৷
ধ্যানস্থ মানুহ৷"
"এইটো বেছি হৈ গ'ল৷
তেনেকুৱা কমপ্লিমেন্ট মই পাবলগীয়া নহয় কিন্তু৷"
"এইটো কমপ্লিমেন্ট নহয়৷ এইটো এক্সপ্লেনছন
মাত্ৰ৷"
"ঠেংক ইউ৷"
"এতিয়া আপুনি কি বিষয়ক লৈ ছবি আঁকি আছে?"
"মূলতঃ এই ঠাইখনক লৈ৷ চৰাই, ফুল, পোক-পৰুৱাকলৈও আঁকো৷ আকৌ ভিজনৰ পৰাও আঁকো৷ এদিন
সপোনত এখন জাহাজ দেখিলো৷ কলা সাগৰৰ ওপৰত ভাঁহিছে৷ অদ্ভুত জাহাজ৷ সাংঘিতক ওখ,
সাংঘাতিক ডাঙৰ৷ সেই জাহাজখন ডাঙৰ কেনভাছত প্ৰায় এমাহ ধৰি আঁকিলো৷ কিন্তু
মনোমত নহ'ল৷"
"ছবিখন আছেনে?"
"নাই৷ বিক্ৰী হৈ গ'ল৷"
"আগতে আপুনি ছবিবোৰৰ ফটো তুলি ৰাখিছিল৷ আজি কালি
নাৰাখে?"
"নাই৷ কি হ'ব
ৰাখি? মোৰ এজেন্টে ৰাখে চাগে৷"
"এটা ৰেকৰ্ড থকা ভাল৷"
"বয়স কম থাকোতে ময়ো তেনেকৈয়ে ভাবিছিলো৷ এতিয়া
আৰু মায়া নাই যে৷ আঁকো, বিক্ৰী কৰো, তাৰপিছত
পাহৰি যাওঁ৷"
"আপুনি এসময়ত ক্ৰিটিকছ সকলৰ ওপৰত বহুত নাৰাজ
আছিল৷ এবাৰ এজন আৰ্ট ক্ৰিটিকক মাৰ-ধৰো কৰিছিল৷ তেওঁৰ নাম নৱ দাস, মনত আছেনে?"
"ভালকৈয়ে আছে৷ তেতিয়া বৰ ৰিএক্সন হোৱা
আছিল৷"
"আজি কালি নহয়?"
"কেনেকৈ হ'ব?
আমাৰ ইয়ালৈ কাকত-পত্ৰ নাহেই৷ আহিলেও নপঢ়ো৷ যাৰ যি মন লিখক৷"
"নপঢ়া কাৰণে ৰিএক্ট নকৰে? পঢ়া হ'লে কৰিলেহেঁতেন?"
"নাই, পঢ়িলেও নকৰো৷ আচলতে কি জানা, মই আজি বুজিছো, আৰ্ট ক্ৰিটিক্সে ছবি নুবুজে৷ এই
সাংঘাতিক সত্যটো বুজাৰ পিছত মই সংযত হৈছো৷"
"বুদ্ধিজীৱী সকলে জানো এই কথা মানিব? আপুনি সৰ্বজিৎ চৰকাৰ- কিমান নাম আপোনাৰ৷"
"এইবিলাক চব হাৱাতে উৰি থকা কথা৷ আৰ্টৰ জগতখনত
এটা মস্ত ফাঁকিবাজি চলি আছে৷"
"আপুনি সেইটো জানেই যদি আঁকে কিয়?"
"অঁকাৰ নিচাত৷ কিবাতো কৰিছো৷ ড্ৰয়িং জানো,
তুলিকা বুলাব জানো, ৰং বুজো, পেটাৰ্ন
বুজো৷ এইবিলাকক লৈয়ে এটা খেল৷"
"ছবিৰ কোনো ফিল'ছফি
নাই বুলি ক'ব খুজিছে?"
"সচেতন ভাৱে নাই৷ হ'লেও
কোনোবাই কিবা অৰ্থ উলিয়াই ল'ব পাৰিলে ভাল কথা৷"
"এইটোতো বৰ সাংঘাতিক কথা ক'লে৷"
"সাংঘাতিক কথা৷ অথচ বহুখিনি সত্যও৷ হ'লেও এটা কথা আছে৷"
"কি কথা?"
"এজন প্ৰকৃত আৰ্টিষ্টে যিয়েই নাঁকক লাগিলে ছবিখনৰ
মাজত কিন্তু এটা সৌন্দৰ্য্য থাকিবই৷ থাকিব সূক্ষ্ম চিমেট্ৰিকেল নক্সা৷ থাকিব কিছু
অনুভূতিও৷ চব পেলাই দিব নোৱাৰি৷ পিকাছোৱে বহুত অৰ্থহীন, আবোল-তাবোল
ছবি আঁকিছে৷ কিন্তু তাৰ মাজতো চাবা, কিবা এটা আছে৷ যিটো আছে, সেইটো সেই আৰ্টিষ্ট জনেও বুজাব নোৱাৰিব৷"
"বাঃ, এপ্ৰিছিয়েতো কৰিছে দেখিছো৷"
"স্ববিৰেধী কথা ক'লো
নেকি শৱৰ?"
"অলপ কনফ্লিক্টিং৷ কিন্তু আৰ্ট বস্তুটো চাগে
তেনেকুৱাই৷ একো নাই, অথচ নাথাকিও আছে৷"
"চাহ খাবা?"
"নাই৷ মই চাহ নাখাওঁ৷"
"তাকেইতো, তোমাৰচোন
একোৱে নিচা নাই৷ পাহৰিয়ে গৈছিলো৷"
"আপোনাৰ মন গৈছে যদি খাব পাৰে৷"
"নাই৷ এতিয়া দিনৰ এঘাৰটা বাজে৷ এই সময়ত চাহ খাব
নোৱাৰি৷"
"মই আপোনাক অঁকাত বাধা দিয়া নাইতো৷"
"নাই, আজি ৰবিবাৰ৷ ৰবিবাৰে ছুটি লওঁ৷"
"আপোনাৰতো সদায়ে ছুটি৷"
"অ', সেয়ে এদিন বেলেগকৈ ছুটিৰ মেজাজ বনাই ল'ব লগীয়া হয়৷ এইবাৰ আচল কথাটো কি ক'বা?"
"আচল কথা? আচল
কথা আকৌ কি?"
সৰ্বজিতে হাঁহিলে৷ ক'লে,
"শৱৰ, তুমি এজন অত্যন্ত চতুৰ পুলিচ অফিছাৰ৷
কেৱল আৰ্ট লৈ আলোচনা কৰিবলৈ কলিকতাৰ পৰা ইমান দূৰলৈ নাহা৷ মই জানো৷"
শৱৰে লাহেকৈ হাঁহি ক'লে,
"মই শিল্পী নহ'লেও
আৰ্ট লৈ লিৰিকি-বিদাৰি চোৱাৰ অভ্যাস এটা আছে৷"
"জানো৷ তোমাৰ আৰ্ট লৈ লিৰিকি-বিদাৰি চোৱাটোও
বোধহয় ক্ৰাইম ডিটেক্সনৰ বাবেই৷"
"হয় নেকি?"
"তুমি এবাৰ কৈছিলা, এটা
কাৰ জানো ছবি দেখুৱাই তুমি এটা মাৰ্ডাৰ কেছ চোল্ভ কৰিছিলা৷"
"ঠিক তেনেকুৱা নহয়৷ হ'লেও
চাম টাইম ইট হেল্পছ৷"
"তুমি মোক কিবা ক্ৰাইমৰ বাবে ধৰিবলৈ অহা নাইতো
শৱৰ?"
"আৰে নাই৷ কি যে কয়!"
"ঘৈনী আৰু ল'ৰা-ছোৱালী
কেইটাক এৰি থৈ অহাৰ বাদে মোৰ সিমান একো অপৰাধ নাইও৷ কিন্তু হয়, নৱ দাসক মাৰিছিলো৷ সেইটোও এটা ক্ৰিমিনেল এক্ট৷ হ'লেও নৱ পুলিচলৈ নগ'ল৷ মই তাৰ ওচৰত ক্ষমাও
বিচাৰিছলো৷"
"চবে জানে৷"
"তেনেহ'লে এতিয়া আচল কথাটো কোৱা৷"
"বাৰু, আপুনি আজি কালি ন্যুদ আঁকেনে?"
"ন্যুদ, আঁকো চাগে মাজে মাজে৷ কিয়?"
"সদ্যহতে আপুনি একেলগে কেবাখনো ন্যুদ আঁকিছে
নেকি?"
সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ
***
এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।
asdfgh