May 2, 2024

পাৰ্মেনেণ্ট গাৰ্লফ্ৰেণ্ড - আৰ্টিফিছিয়েল ইন্টেলিজেন্সৰে নিৰ্মিত অসমীয়া চুটি ছবি

ৰাজীৱ ফুকন
First AI Generated Assamese Short Film
AI ৰ জৰিয়তে কাহিনী এটা কোৱাৰ চেষ্টা কৰিছিলো। চৰ্টফিল্ম এখনৰ দৰে। আচলতে অসমীয়া বছৰটোৰ প্ৰথম দিনটোতেই LTX Studio নামৰ AI ফিল্ম মেকিং প্লেটফৰ্ম এখনৰ বেটা টেষ্টিং কৰাৰ সুযোগ লাভ কৰিছিলো। এই ছবিখনৰ নব্বৈ শতাংশ কাম তাতেই কৰা হৈছে। টেকন'ল'জীটো বৰ্তমান একেবাৰে চালুকীয়া অৱস্থাত আছে। গতিকে পাৰফেক্সন আশা নকৰিব। চফ্টৱেৰটোৰ পাব্লিক ৰিলিজ এতিয়ালৈকে হোৱাই নাই। টেষ্টিং পৰ্যায়তেই আছে। ছবিখনো এটা এক্সপেৰিমেন্টহে মাত্ৰ। কি ঠিক এইখনেই কিজানি AIৰে নিৰ্মিত প্ৰথমখন অসমীয়া চুটি ছবি! 

আশা কৰোঁ ছবিখন চাই আপোনালোকৰ মতামত জনাব। AI ফিল্মমেকিঙৰ বৰ্তমানৰ সীমাবদ্ধতা আৰু অদূৰ ভৱিষ্যতে ই ছবি জগতত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে এই বিষয়ে মই আন এদিন বহলাই আলোচনা কৰিম।

আৰ্টিফিছিয়েল ইন্টেলিজেন্সৰ সৈতে কৰিবলৈ গৈ থকা আমাৰ পৰীক্ষা-নিৰীক্ষাবোৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ 'চিত্ৰকাহিনী' নামেৰে এটা নতুন ইউটিউব চেনেলও খুলিছো। আশা কৰো চেনেলটো আপোনালোকে চাবস্ক্ৰাইব কৰি থ'ব। যাতে আমি একেলগে এই নতুন বিপ্লৱৰ সহযাত্ৰী হ'ব পাৰো। আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আৰু সহযোগিতা আমাৰ পাথেয় হৈ ৰ'ব। ধন্যবাদ।


তলত চৰ্টফিল্মখনৰ ইংৰাজী সংস্কৰণটোও আগবঢ়ালো। ইংৰাজীখনৰ অডিঅ' আৰু ভিডিঅ' দুয়োটাই AIৰ দ্বাৰা জেনেৰেট কৰা হৈছে।




Jan 30, 2023

যৌৱনে আমনি কৰেৰ পৰা ডক্তৰ বেজবৰুৱা দ্বিতীয়লৈ

ৰাজীৱ ফুকন

Assamese film Dr. Bezbaryah 2 

*লেখকঃ ৰাজীৱ ফুকন* 

কিছুমান চিনেমাই উৎসৱৰ ৰূপ লৈ আহে। চিনেমাখন চোৱাৰ উপলক্ষ লৈয়েই বহুদিনৰ মূৰত মামা-মামী, মহা-মাহী‍‍, খুৰা-খুৰীহঁত আহি লগ হয় আপোনালোকৰ ঘৰখনত।

খুৰাকৰ পুতেক, মোমায়েকৰ পুতেকে দুঘন্টা আগতেই লাইন ধৰিবলৈ যায় ইভিনিং শ্ব'ৰ কাৰণে। পোন্ধৰ মিনিট বিশ মিনিটৰ মূৰে মূৰেই টিকট কাউন্টাৰৰ হুলস্থুলৰ মাজতেই বেচেৰাহঁতে চিঞৰি চিঞৰি জনাই থাকিবলগীয়া হয় টিকট পোৱা নোপোৱাৰ আপডেট। ইমানবোৰ মানুহৰ টিকট কাটোতে কেতিয়াবা দুই এটা বেলেগ বেলেগ চিৰিজতো পৰি যায়। দুই এটা ব্লেকত কাটিও মিলাবলগীয়া হয়।

সাধাৰণতে সময়তকৈ আগতেই চিনেমাহলত উপস্থিত হয় আপোনালোক। অৱশ্যে দুই এজন কেতিয়াবা পিছ পৰি নোযোৱাও নহয়। দোষটো পৰে সেই দৌৰাদৌৰিতে কাণফুলি বিচাৰি নোপোৱা মাহীজনীৰ ওপৰত বা শেষমুহূৰ্তলৈ কাপোৰ ইষ্ট্ৰি কৰিবলৈ ৰৈ থকা খুৰাজনৰ ওপৰত।

চিনেমাহলৰ ভিৰৰ মাজত আপোনালোকে দেখিবলৈ পায় বহুবছৰ আগতে ঘৰলৈ টিউচন শিকাবলৈ অহা শিক্ষকজনক সপৰিয়ালে। দেখিবলৈ পায় স্কুল এৰাৰ পৰা লগ নোপোৱা বন্ধুজনক সপত্নীক। আগৰ অফিছটোত একেলগে কাম কৰা সহকৰ্মীজনৰ পৰিয়ালটোক। হঠাতে আপোনাক পিছফালৰ পৰা চুই আচৰিত কৰি দিয়ে গাঁৱৰ মানুহৰ সৈতে গাড়ী ভাৰা কৰি চিনেমা চাবলৈ অহা আপোনাৰেই কোনোবা পেহী বা খুৰীয়ে।
 
উলহ-মালহ, চিঞৰ-বাখৰৰ মাজেৰেই আপোনালোকে হলত সোমায়। চিনেমা আৰম্ভ হয়। হকে বিহকে চিঞৰা চেঙেলীয়াবোৰৰ কিৰিলিৰে চিনেমা এটা সময়ত শেষো হয়। 

আন্ধাৰ হলটো পোহৰ হৈ পৰে। নিজৰ মতামত দিবলৈ আৰু আনৰ মত শুনিবলৈ উচপিচাই থকা মনটো লৈ আপোনালোক ওলাই আহে বাহিৰলৈ। তাৰ পিছত সন্মুখৰ চাহ দোকানখনত চিনেমাখনক লৈয়ে বহে সৰৱ আড্ডা।

কেতিয়াবা চিনেমাখনে আপোনালোকক পাগল কৰি দিয়ে, কেতিয়াবা চিনেমাখন হয় মধ্যমীয়া আৰু কেতিয়াবা হয়তো আশা কৰাতকৈও বেয়া। কিন্তু সেই বেয়ালগাখিনিয়েও আপোনালোকৰ দুদিনীয়া উৎসৱটোৰ আনন্দ ফূৰ্তিখিনিত ব্যাঘাত জন্মাব নোৱাৰে। কাৰণ অলপ পিছতে আপোনালোকৰ কথাৰ মূল বিষয়টো হৈ পৰিব ৰাতিৰ সাঁজৰ মাংস কোনে বনাব? ভিনদেউৱে নিশ্চয়, নহয় জানো!

এই গোটেই সময়ছোৱাতে আপোনালোকৰ মাজৰ কোনোবাই নহয় কোনোবাই গুণগুণাই থাকে চিনেমাখনৰে এটা গানৰ কলি। আপুনি হয়তো গান গাব নাজানে, বা গাবলৈ লাজ কৰে, অথচ আপোনাৰ ওঁঠযুৰিও মাজে মাজে কঁপি উঠিব খোজে, যদিও আপুনি নিজক সম্বৰণ কৰে।

এই উৎসৱৰ সামৰণি ইয়াতেই নপৰে, পিছদিনা স্কুললৈ যোৱাৰ বাটত, বিয়নি মেলত, নোচোৱা কেইজনৰ আগত কৰা ফুটনিবোৰতো ইয়াৰ গুণগুণনি বহুদিনলৈ শুনিবলৈ পোৱা যায়।

তেনেকুৱা কোনো চিনেমা উৎসৱত নিশ্চয় আপুনিও কেতিয়াবা সেই মাহীয়েক, মোমায়েক, ভাগিনীয়েক বা বায়েকৰ ৰ'লটো কৰিছে।
 
এতিয়া হয়তো পুনৰ আপোনাৰ ফোনটো বাজিবলৈ লৈছে। আপুনিও হয়তো কাৰোবাক কাৰোবাক ফোন কৰিছে এইকেইদিনত। অনুভৱো নিশ্চয় কৰিছে যে পুনৰ তেনেকুৱা এক উৎসৱৰ আয়োজন চলিব ধৰিছে। ফোনকলবোৰেও কঢ়িয়াই লৈ ফুৰিছে তাৰেই বতৰা। ডক্তৰ বেজবৰুৱা ২ নামেৰে এক উৎসৱৰ বতৰা।

এইখিনিতে উল্লেখ কৰো যে ডক্তৰ বেজবৰুৱা ২ চিনেমাখন ভাল হ'ব নে বেয়া হ'ব মোৰ কোনো ধাৰণা নাই। চিনেমাখনৰ লগত মই কোনো প্ৰকাৰে জড়িতও নহয়। মাত্ৰ এজন সাধাৰণ অসমীয়া দৰ্শক হিচাপে "যৌৱনে আমনি কৰে"ৰ পৰা "দাগ", "নায়ক", "ৰামধেনু", "ৰত্নাকৰ" আদি চিনেমাই দি যোৱা অনুভৱখিনিকে লিখিছো। 

চিনেমা এখনে এনেদৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিলে চিনেমাখন নচলাৰ কথা নাথাকে। ভ্ৰাম্যমাণ থিয়েটাৰেও একেই উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বাঁহ পেলোৱাৰ পৰা আৰম্ভ কৰি মঞ্চ সজা, ক'লা কুশলীৰ আগমনলৈকে সকলো সেই উৎসৱৰে অংশ। নাটক ভাল হোৱা, বেয়া হোৱায়ো বিশেষ প্ৰভাৱ নেপেলায় তাৰ পিছত। 

কিন্তু নাটক, চিনেমা ভাল হ'লে তাৰ প্ৰভাৱ চিৰস্থায়ী হয়। যেনে দাগ, নায়ক, দীনবন্ধু আদিয়ে দিয়া অনুভৱ আজিও সজীৱ হৈ আছে আমাৰ মনত। আশা কৰিছো এইবছৰ ডঃ বেজবৰুৱা ২, ৰঘূপতি, ৰাঘৱ আদি চিনেমায়ো আমাক তেনেকুৱা কিছু স্থায়ী অনুভৱেই দি যাব।

Sep 28, 2017

বিজ্ঞাপন- অতীত আৰু ভবিষ্যত - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন








জাৰৰ দিন শেষ হৈছে৷ কেতিয়া গৰম পৰিব, আমি ৰৈ থাকো৷ তেতিয়াই এদিন টিভিত চিনাকি গান এটা বাজি উঠে, "চুভটি জল্দি গৰ্মি কা মৌচম আয়া, আয়া মৌচম ঠণ্ডি ঠণ্ডি ডৰ্মি কুল কা৷"  অৱশেষত গৰমৰ দিন আহি যায়৷ আহি যায় আমিৰ খানৰ 'ঠাণ্ডা মতলব কোকাক'লা', চচীন-শ্বাহৰুখৰ "পেপচি-য়ে দিল মাংগে মোৰ" আদি বিজ্ঞাপনৰ বতৰ৷ সেই সময়ত কেতিয়াবা বিজ্ঞাপন বোৰ দেখিলে বিৰক্ত হৈছিলো৷ আৰু এতিয়া এই বিজ্ঞাপন বোৰেও অমাক নাষ্টালজিক কৰি তোলে৷

Jun 14, 2017

এনিমেছন, মেজিক-লেণ্টাৰ্ণ, VFX ইত্যাদি - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন







বল্লু নামৰ ভালুকটোৰ কথা মনত পৰেনে আৰু আংকল স্ক্ৰুজ নামৰ কৃপণ হাঁহটোৰ কথা৷ তেওঁৰ পেক পেকাই থকা নাতিয়েক তিনিটা আৰু ভতিজাক ডোনাল্ডৰ কথা৷ মনত পৰেনে জেৰি নামৰ নিগনিটো আৰু টম নামৰ  মেকুৰীটোৰ কথা৷?


কিমানে বাৰু শৈশৱটো পাৰ কৰিছিল এই চৰিত্ৰবোৰৰ লগত? কিমানে বাৰু আবেলি পাঁচ বজালৈ ৰৈ থকিছিল এই প্ৰাণীবোৰৰ নিত্য নতুন ৰোমাঞ্চকৰ অভিযান আৰু ৰং-ধেমালি উপভোগ কৰিবলৈ৷

May 17, 2017

Worldphone- High Speed Broadband Internet (Ad Film) -- Directed by Rajiv Phukan

ৰাজীৱ ফুকন







চুলতান চালেহ আহমেদ৷ ৱৰ্ল্ড ফোনৰ ফ্ৰেন্সাইজৰ৷ এদিন মোক ক'লে, ৱৰ্ল্ড ফোনৰ ওপৰত এটা বিজ্ঞাপন বনাব লাগে৷ মোৰ ব্ল'গৰ ভিডিঅ'বোৰৰ দৰেই ৱৰ্ল্ডফোনৰ সা-সুবিধাখিনি কৈ বিজ্ঞাপনটো বনাব পৰা যাব৷ তেওঁ টিভিত বজাব৷ ক'লো, অকলে অকলে মই বকি থাকিলে ভাল লাগিব জানো৷ ৰিভিউ কৰাৰ দৰে লাগিব৷ এড ফিল্মৰ

Apr 19, 2017

মিউজিক ভিডিঅ’ আখ্যান - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন





"দাদা, গানটো কেনেকুৱা পালে৷ "
    "ভালেই" একে আষাৰে বেয়া বুলি ক'বলৈ ভাল নালাগিল৷

    "ফাইনেল মিক্সিঙ হোৱা নাই, হ'লে আৰু ভাল পাব৷ পিছে কথটো হ'ল, এতিয়া ভিডিঅ'টো কৰিব লাগিছিল৷ সেই কাৰণে আহিলো৷

Sep 30, 2016

DSLR চিনেমাৰ জন্ম কাহিনী

ৰাজীৱ ফুকন
ঘটনাটো ২০০৮ চনৰ৷ সিদিনা শুকুৰবাৰ আছিল৷ Vincent Laforet, এজন পুলিৎজাৰ বটা পোৱা ফোটো সাংবাদিক, তেওঁ সিদিনা কেন’নৰ হেড অফিচলৈ গৈছিল, কেন'নৰ প্ৰ'-প্ৰ’ডাক্সন টেকনিকেল মাৰ্কেটিঙৰ চিনিয়ৰ মেনেজাৰ ডেভিড স্পেৰাৰক লগ কৰিবলৈ৷

Mar 3, 2016

SHUTTER LIFE: DSLR কেমেৰাৰ আয়ুস

ৰাজীৱ ফুকন


Shutter Life : DSLR কেমেৰাৰ আয়ুস by Rajiv Phukan
Shutter Life : DSLR কেমেৰাৰ আয়ুস
বহুতে নাজানে যে  DSLR কেমেৰাৰ এটা নিৰ্দিষ্ট আয়ুস সীমা থাকে আৰু ই ইমান চুটি যে লেখাটো পঢ়াৰ পিছত আপোনাৰো বুকু