"ভালেই" একে আষাৰে বেয়া বুলি ক'বলৈ ভাল নালাগিল৷
"ফাইনেল মিক্সিঙ হোৱা নাই, হ'লে আৰু ভাল পাব৷ পিছে কথটো হ'ল, এতিয়া
ভিডিঅ'টো কৰিব লাগিছিল৷ সেই কাৰণে আহিলো৷
"আচ্ছা৷"
"পিছে, বাজেট একেবাৰে কম৷ মই ভাবিছো দুটা হিৰো, দুজনী হিৰোইণ লৈ ল'ম৷
ফাইনেন্সিয়েলি অলপ হেল্প হ'ব৷ গানটোত ল'ব পৰা যাব নহয় দুহাল ল'ৰা ছোৱালী৷"
"যাব দিয়া৷"
আগতে হ'লে ভাবি চালোহেঁতেন৷ আজি কালি নাভাবো৷ ক্লায়েণ্টৰ সন্তুষ্টিয়ে নিজৰ
সন্তুষ্টি বুলি ধৰি লৈছোঁ৷ দুহালহে হিৰো হিৰোইণ, সিদিনাটো নটা ল'ৰা ছোৱালী লৈ
কৰিছো৷ ক'ত নটা! দহটা৷ দ্বিতীয় দিনাখন শ্বুটিঙত আৰু এজনী বাঢ়িছিল৷
আগদিনা প্ৰডিউচাৰে ফোন কৰিছিল, "ভাইটি, কথা এটা হ'ল নহ'য়, আৰু এজনী
ছোৱালীয়ে ইচ্ছা কৰিছে, দেউতাকে মোক কৈ আছে৷ ল'ব পৰা যাব নেকি? মোৰো অলপ
ফাইনেন্সিয়েলি সুবিধা হয়৷"
"আনক, আপুনি যি ভাল দেখে৷"
ক্লায়েন্টৰ কথা আৰু অমান্য কৰিব পাৰি নে৷ তাতে মানুহজন পেছাত শিক্ষক, স্কুল
এখনত সৰু ল'ৰা ছোৱালীক গান শিকায়, কী ব'ৰ্ড শিকায়৷ আগত বিহুৱে-পূজায়ে বজাইছিলেও৷
পিছে তেওঁৰ স্কেলৰ লগত গায়কে স্কেল মিলাব নোৱাৰে বাবে আজিকালি নবজোৱা হ'ল৷ প্ৰথম
লগ পাওঁতে গানটো শুনাই ক'লে, "কথা সুৰ মিউজিক সকলো মোৰেই।" পিছে এডিটিঙ
শেষ কৰি নামবোৰ লিখিবলৈ লওতেহে কথাবোৰ ওলাল। গানটো সৰু ল'ৰা-ছোৱালীৰ কিতাপ এখনৰ
পৰা লোৱা, মিউজিকো বেলেগৰ৷ শেষলৈ যেনিবা তেওঁৰ প্ৰডিউচাৰ বুলিহে খিতাপটো ৰ'লগৈ৷
যদিও টকা কেইটা তেওঁৰ নিজৰ নহয়৷ বাক-পটু মানুহজনে তেওঁৰেই কিছু ছাত্ৰ-ছাত্ৰীৰ পৰা
ঠগি মেলি ফাইনেন্স যোগাৰ কৰিছিল, গান ছুপাৰ-হিট হ'ব বুলি, বিয়া-সবাহে বাজিব বুলি৷
শ্বুটিঙৰ দিনা দেখিলো, দুই এটা ল'ৰা ছোৱালীৰ মুখৰ মাতেই ফুটা নাই৷ তাতে আকৌ এদিনতে
শ্বুটিং শেষ কৰাৰ নিৰ্দেশ৷ ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাই আৰু এদিন বঢ়াই দিলো,
আমাৰ ফালৰ পৰাই৷
পিছত অহুকাণে-পহুকাণে শুনিছিলো এটাৰ পৰা পাঁচ হাজাৰকৈ তুলিছিল, মানে মুঠ
পঞ্চাচ হাজাৰ টকা৷ আচল বাজেটৰ দুগুণৰো বেছি৷ পিছে তেখেতৰ ষ্টুডিঅ'ৰ খৰচ এতিয়াও
বাকী৷
অভ্যস্ত হৈ পৰিছো এইবিলাকৰ লগত৷ গতিকে বেছি ভবা চিন্তা নকৰো আজি কালি৷ আমাৰ
কাম চুটিং কৰা, এডিটিং কৰা, বচ্ সিমানেই।
"আৰু দাদা, হিৰোইন দুজনীৰ এজনী মোৰ বাইদেৱে কৰিব৷"
গায়কজনৰ মাতত সম্বিত ঘুৰি আহিল৷ "আচ্ছা৷"
"তাইক অলপ বেছিকৈ দেখুৱাব লাগিব৷ ভাবিব আৰু আপুনি কেনেকৈ মিলায়৷"
"হৈ যাব। সেই বিলাক তুমি চিন্তা নকৰিবা৷"
"আৰু এটা কথা, মায়ে কৈছিলে গানটোৰ শেষৰ পিনে আইতা সকলে পুথি পঢ়ি থকা
চিন এটা ভৰাব পাৰি৷ তেতিয়া গানটো অলপ ইউনিকো হ'ব৷ আজিকালি দেখিছেই নহয় সস্তীয়া গান
বোৰ৷ কোনো মেছেজ-চেছেজ নাথাকে৷ ইউনিক কৰিব পাৰিলে আমাৰ গানটো ভাল পাব
মানুহে৷"
"কোন খিনিত চিনটো দেখুৱাম বুলি ভাবিছা?"
"সেই যে শেষৰ অন্তৰাটোত 'কৃষ্ণ গোঁসাই চেল্ফি উঠে' বুলি কথা এষাৰি আছে৷ সেইখিনিতে৷"
"ওঁহ..অতি উত্তম চিন্তা কৰিছা৷"
"চিনটো আমাৰ খুৰীহঁতৰ গোঁসাই ঘৰতে ল'ব পাৰিম৷"
"পাৰি..পিছে খুৰীহঁতৰ ঘৰ লোকেচনৰ পৰা কিমান দুৰ হ'ব?.."
"নাই বেছি দূৰ নহয়৷ ১০ মিনিটত আহি পাম৷ সকলো ৰেডি কৰি ৰাখিব আগৰে
পৰা৷"
"লোকেচন কি ভাবিছা?"
"আমাৰ বাৰীৰ পিছৰ পথাৰ খনতে কৰিম বুলি ভাবিছো৷ দাদাই দেখা নাই নহয়৷ বৰ
ধুনীয়া ঠাই৷ কাষতে মেটেকাৰ পুখুৰী এটা আছে৷ ৰাস্তাটো ওখ৷ একেবাৰে গাঁৱলীয়া
পৰিবেশ৷"
"হয় নেকি?"
"ওঁ, পুখুৰীটোৰ কাষতে গছ এজোপা আছে, তাতো আমি বেলেগ বেলেগ ষ্টাইলত
কেমেৰা এংগল খেলিব পাৰিম৷ অলপ আঁতৰত বাঁহনি এখনো আছে৷ তাতো লাগিলে দুটামান শ্বত
ল'ব পাৰিব৷"
"ভালেই দেখোন৷"
আজি
কালি প্ৰতিবাদ নকৰো৷ বেছি আপত্তি কৰিলে পহুমৰা চাপৰিলৈ লোকেচন চিফ্ট হ'ব জানোঁ৷
তাতকৈ বেছিদুৰৰ ভাল লোকেচন আশা কৰাও পাপ যেন বোধ হয়৷ খোজ কাঢ়ি, চাইকেল, বাইক,
টেম্পোৰে যিমান খিনি ঢুকি পাব পাৰি সিমানতে সীমিত থাকিব লাগিব৷ ল' বাজেটৰ ভিডিঅ'
যে এৰা ধৰা কৰিবই লাগিব৷ লোকেচন, এক্টৰ, মিউজিক, কেমেৰা, এডিটিং, খোৱা-লোৱা,
যাতায়ত সকলোতে৷ আৰু প্ৰ'প, চেট ডিজাইন, লাইট এইবিলাকটো আছেই৷ সূৰ্যৰ পোহৰেৰে যিমান
মিলাব পাৰি, সিমানেই আৰু শ্বুটিঙৰ সময়৷ এবাৰ ইনদ'ৰ চিন এটাৰ কাৰণে লাইট জ্বলাব
লগীয়া হৈছিল, পোহৰটো চফ্ট কৰিবলৈ ডিফিউজাৰ বিচাৰিলো প্ৰডিউচাৰক, ধুতী দুখন কিনি
দিছিল দোকানৰ পৰা৷ আন এবাৰ গ্ৰীণ স্ক্ৰীণ লগা হৈছিল, শাৰী এখন আনি দিছিল৷
শ্বুটিং, এডিটিং, মেক আপ আদিৰ দাম দৰ কৰি ল'ৰাটো এটা সময়ত যাবলৈ ওলাল৷
দুৱাৰ মুখত ৰৈ সি পুনৰ ক'লে৷
"দাদা আৰু এটা কথা৷"
"কি?"
"গানটোত ছোৱালীৰ দেউতাকৰ চৰিত্ৰটোত আমাৰ দেউতায়ে কৰিম বুলি
ভাবিছে৷"
"দেউতাকৰ চৰিত্ৰ?"
"ওঁ, 'অভং দেউতায়ে নিদিয়ে যে তোলে মোক.. ' বুলি যে লাইন এটা আছে, তাতে
দেউতাকৰ চিন এটা নালাগিব জানো? ধৰক ছোৱালীজনীয়ে ল'ৰাটোৰ লগত ক'ৰবাত কথা পাতি আছে,
দেউতাকে দেখি ছোৱালীজনীক টানি আনিলে আৰু বিচনাত ঠেলা মাৰি দি দুৱাৰত তলা লগাই
দিলে৷ কেনেকুৱা হ'ব?"
"ইউনিক৷ মোৰ ভাবিয়ে ভাল লাগিছে৷
তোমালোকৰ ঘৰত আৰু কোন কোন আছে?"
"ঘৰত মা, দেউতা, বাইদেও আৰু মই৷"
"আচ্ছা, শ্বুটিঙৰ দিনা লগ পাম সকলোকে৷"
সি
যোৱাৰ পিছত গানটো দুবাৰ মান শুনিলো কষ্ট কৰি৷ কাহিনীটো বনাবলৈ কৈ গৈছে৷ কাহিনী আৰু
কি, বাপেক মাকৰ ইচ্ছাবোৰ কৈয়ে গ'ল, এতিয়া মিউজিক ডাইৰেক্টৰ, বিশেষকৈ লিৰিক্স
লেখাজনৰ ইচ্ছাবোৰো জানি লৈ, যিখিনি খালি থাকে তাতে আমাৰ ফালৰ পৰা জোৰা দি কাহিনীটো
চিজিল লগাই উলিওৱাটোৱে আমাৰ কাম৷
কিছুদিন পিছত গানটোৰ শ্বুটিঙো হৈ গ'ল৷ ইউটিউবত আপল'ড, টিভিটো জমা দিয়া হৈ
গ'ল৷ চিনাকি বোৰে ভালেই, মজা, ফালি দিছ, তোৰ এন্ট্ৰিটো টামাম হৈছে ধৰণৰ কোমেন্ট
দিছে৷ কিছুমানে মক্কেল, বটলা, ঘাটীয়া আদিও কৈছে৷ অনুমান কৰা হৈছে, চকু চৰহা বোৰে
জ্বলি পকি তেনেকোৱা কৰিছে৷
আজি
আকৌ এটা ল'ৰা আহিছিল। এইবাৰ গায়ক নহয়, প্ৰযোজক এবং অভিনেতা৷ লগতে গান এটা আনিছিল৷
তাৰ ভাষাত ফুল-কমাৰ্চিয়েল৷
"দাদা গানটো শুনাৰ আগতে এটা কথা আপুনি মোক ক'ব লাগিব৷"
"কি কথা?"
"ৱাচিং পাউদাৰ নিৰ্মা গানটো আপুনি কেনেকুৱা পাইছে৷"
"পাগলামিৰ সীমা চেৰাইছে, কিন্তু ক্ৰিয়েটিভলি৷ সেয়ে ভাল পাইছো৷"
সঁচা মনৰ-ভাৱটোকে ক'লো৷
"তেন্তে মোৰটো আপুনি দুগুণ ভাল পাব, ই আপোনাক নাষ্টালজিক কৰি
তুলিব।" গান বজাই দিলে, "ছক্তিমান, ছক্তিমান......."
"ও মা....!" গান শুনি হাঁহিমেই নে কান্দিমেই থিৰাং কৰিব
নোৱাৰিলোঁ৷ কিন্তু জীৱনত প্ৰথমবাৰ কাৰোবাক ঘৰৰ পৰা খেদি পথাবলৈ ঠিক কৰিলোঁ৷ ক'লো,
"বোপাই, তোমাৰ কমাৰ্চিয়েল গান বোৰৰো দহটামান ভাগ আছে৷ 'পেদেল মাৰি মাৰি' আৰু
'ভীমকল ভীমকল'ক একেটা শাৰীত নল'বা৷ এই বোৰ কোনোদিনে পূজাই-বিহুৱে নবজায়৷ তোমাৰ
শক্তিমানো সেই একেটা..."
এনেতে ফোনটো বাজি উঠিল, সিদিনাৰ গায়কজনৰ ফোন৷ ক'লে, "দাদা, টিভিত মোৰ
গানটো এদিন বাজি নাবাজিল যে? এই পিনে বটলা বটলা গানবোৰ দিনে ৰাতিয়ে বজাই
আছে৷"
"তাকেহে, ময়ো ভাবি পোৱা নাই, টিভিৰটো যেনিবা যেন-তেন, মেনেজ হৈ যায়।
কিন্তু দেউতাৰাই অস্কাৰৰ নমিনেচনটো কেলেই নাপালে সেইটোহে ধৰিব পৰা নাই৷”
*********
পূৰ্বপ্ৰকাশ: অসমীয়া মায়া, মাৰ্চ/২০১৭