
ভেক্সিনৰ কাম হ'ল আমাৰ ইমিউন চিষ্টেমক ভাইৰাছটোৰ বিষয়ে প্ৰয়োজনীয় তথ্য যোগান ধৰা যাতে ভাবিষ্যতে সেই ভাইৰাছটো আমাৰ শৰীৰত প্ৰবেশ কৰিলে তাৰ লগত যুঁজিবলৈ ইমিউন চেলে এন্টিব'ডি গঠন কৰিব পাৰে৷ কিন্তু ভেক্সিন এটা বনোৱা সহজ কথা নহয়৷
যেনে, HIV ৰ ভেক্সিন আজিলৈকে বনাব পৰা নাই৷ আৰু আজি যদি SARS CoV -2 ভাইৰাছৰ ভেক্সিন এটা আৱিষ্কাৰ হয়ো কেবাটাও বছৰজোৰা পৰীক্ষা নিৰীক্ষাৰ অন্ততহে তাক মুকলি কৰি দিয়া হ'ব যদিহে ভেক্সিনটো নিৰাপদ বুলি প্ৰমাণিত হয়৷ গতিকে আমি অতি কমেও ডেৰ-দুবছৰ অপেক্ষা কৰিবই লাগিব৷
এতিয়া ভোক্সিন আৱিষ্কাৰ নহোৱালৈকে, পেছিভ এন্টিব'ডি থেৰাপি নামৰ পুৰণিকলীয়া পদ্ধতি এটাৰ ব্যৱহাৰৰ কথা চৰ্চালৈ আহিছে৷ এই পদ্ধতিটো বহুত আগৰে পৰাই ব্যৱহাৰ হৈ আহিছে৷ প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ স্পেনিছ ফ্লু, পিছত মিজলজ, পলিও আদি ৰোগৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল৷ পিছত ভেক্সিন, এন্টিবায়'টিক আদি আৱিষ্কাৰ হ'লত ইয়াৰ ব্যৱহাৰ কমি আহে৷ কিন্তু ইয়াৰ আগতে ওলোৱা প্ৰথমটো SARS ক'ৰোনা ভাইৰাছ, ইবোলা আদি ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈও এই পদ্ধিটো ব্যৱহাৰ কৰা হৈছিল৷ এই পদ্ধতিত ভেক্সিনৰ জড়িয়তে আমাৰ ইমিউন চিষ্টেমক এন্টিব'ডি নিৰ্মাণ কৰিবলৈ প্ৰস্তুত কৰি তোলাৰ পৰিবৰ্তে আনৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা এন্টিব'ডি আমাৰ শৰীৰত প্ৰতিষেধক হিচাপে ভৰাই দিয়া হয়৷ আৰু এই এন্টিব'ডি পোৱা যাব COVID-19 ৰ পৰা সদ্য আৰোগ্য লাভ কৰা ব্যক্তিৰ তেজত৷ কাৰণ তেওঁলোকৰ ইমিউন চিষ্টেমে ইতিমধ্যে SARS CoV-2 ভাইৰাছৰ বিৰুদ্ধে এন্টিবডি নিৰ্মাণ কৰাত সফল হৈছে৷ এন্টিব'ডি থাকে আমাৰ তেজৰ প্লাজমাত৷ প্লাজমা হ'ল মানুহৰ তেজৰ পৰা ব্লাড চেলবোৰ পৃথক কৰাৰ পিছত ৰৈ যোৱা পাতল হালধীয়া ৰঙৰ জুলীয়া অংশটো৷
চীনৰ এজন ডাক্তৰ, যি COVID-19 ত আক্ৰান্ত হৈছিল, তেখেতেই আৰোগ্য লাভ কৰাৰ পিছত প্ৰথম প্লাজমা ডোনেট কৰে, আৰু চীন দেশত পৰীক্ষণমূলক ভাৱে ইয়াৰ জড়িয়তে চিকিৎসাও আৰম্ভ কৰে৷ এতিয়া আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছনেও প্লাজমা এক্সেঞ্জৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিবলৈ অনুমতি দিছে৷
********
COVID- 19: Coronavirus Disease 2019
SARS CoV-2: Severe Acute Respiratory Syndrome Coronavirus 2