Sep 30, 2016

DSLR চিনেমাৰ জন্ম কাহিনী

ৰাজীৱ ফুকন
ঘটনাটো ২০০৮ চনৰ৷ সিদিনা শুকুৰবাৰ আছিল৷ Vincent Laforet, এজন পুলিৎজাৰ বটা পোৱা ফোটো সাংবাদিক, তেওঁ সিদিনা কেন’নৰ হেড অফিচলৈ গৈছিল, কেন'নৰ প্ৰ'-প্ৰ’ডাক্সন টেকনিকেল মাৰ্কেটিঙৰ চিনিয়ৰ মেনেজাৰ ডেভিড স্পেৰাৰক লগ কৰিবলৈ৷

ভিনচেন্টে দেখিলে, সিদিনা অফিচত কিছু ব্যস্ততা, কাৰণ সিদিনা কেন’নে এটা নতুন প্ৰ'ট'টাইপ মুকলি কৰিছে৷৷ টেবুলৰ ওপৰত প্ৰট'টাইপটো সজাই ৰখা হৈছে৷ প্ৰ'ট'টাইপটোত লেখা আছিলে Canon 5D Mark II, এটা নতুন DSLR কেমেৰা৷ তেওঁ ব্যৱহাৰ কৰি থকা 5Dটোৰে নতুন সংস্কৰণ৷

ভিনচেন্টে নতুন কেমেৰাটো দেখি চুই চাবলৈ হাত মেলিলে৷ লগে লগে কেন’নৰ অফিচাৰ কেইজন জঁপিয়াই উঠিল৷ ক'লে, আপুনি সেইটো তেনেকৈ চুব নোৱাৰিব৷ প্ৰথমতে বাহিৰত এই বিষয়ে একো প্ৰচাৰ নকৰো বুলি চহী কৰিব লাগিব৷

কেমেৰাটোকলৈ ইমান সতৰ্কতা অৱলম্বন কৰাৰ কাৰণটো হ'ল, কেমেৰাটোত এটা নতুন বস্তু সংযোগ কৰা হৈছিল, সেয়া ফুল HD ভিডিঅ' ৰেকৰ্ডিং কৰিব পৰাৰ ক্ষমতা, যিটো DSLR কেমেৰাৰ ক্ষেত্ৰত প্ৰথম৷ কাৰণ  DSLR কেমেৰাবোৰ মূলতঃ ফটো তোলা কামতহে ব্যৱহাৰ কৰে৷ এই ভিডিঅ' ৰেকৰ্ডিঙৰ ক্ষমতাটোও ফোটো সাংবাদিক সকলৰ সুবিধাৰ কাৰণেহে দিয়া হৈছিল৷ যাতে যিবিলাক ঠাইত ভিডিঅ' ক্ৰিউ যাবলৈ অসুবিধা হয়, ফটো সাংবাদিক সকলেই নিউজবোৰ যাতে পঠাব পাৰে৷

ভিনচেন্ট চহী কৰিলে, কেমেৰাটো চলাই চালে, আৰু কেমেৰাটোৰ ভিডিঅ' কুৱালিটি দেখি চমকি গ'ল৷ সেইবোৰ দেখিবলৈ ইমানে চিনেমেটিক আছিলে, যেন ফিল্মতহে ৰেকৰ্ড কৰা হৈছে৷ তেওঁ পিছত কৈছিল, এই কেমেৰাবোৰে ফিল্মৰ পদ্ধতিটোকে অনুসৰণ কৰে, এক চেকেণ্ডত ২৪খন হাই কুৱালিটিৰ ফোটো ৰেকৰ্ড কৰে, তাতে আকৌ DSLR কেমেৰাৰ চেন্সৰ খনৰ আকাৰ 35mm ফিল্ম খনৰ নিচিনা একেই, সেয়ে DSLRৰ ভিডিঅ'বোৰ দেখিবলৈ হুবহু ফিল্মৰ নিচিনা হয়৷ ভিডিঅ' কেমেৰাবোৰে বেলেগ এটা পদ্ধতিত ৰেকৰ্ড কৰে, সেয়ে কোনে দিনে ই চিনেমেটিক কুৱালিটি দিব পৰা নাছিল৷

ভিনচেন্টে এক সপ্তাহৰ কাৰণে কেমেৰাটো ঘৰলৈ নিব বিচাৰিলে৷ কেন'নৰ অফিচাৰ কেইজনে চিধা না কৰিলে, ক'লে সোম বাৰৰ পৰা ফোটোগ্ৰাফাৰ সকলে এইটো টেষ্ট কৰিবলৈ আহিব, গতিকে কোনোপধ্যে দিব পৰা নাযাব৷ তেওঁ বহুত খাটনি ধৰিলে, ক'লে ইমান মূল্যবান বস্তু এটা শনিবাৰ, ৰবি বাৰ, দুদিন ধৰি অফিচত এনেই পেলাই থ’ব নেকি, অন্ততঃ দুদিনৰ কাৰণে দিয়ক৷ মই এখন চৰ্ট ফিল্ম বনাই চাম৷
তেতিয়া কেন’নৰ অফিচাৰ কেইজনে নিজৰ মাজতে ঘুনুক-ঘানাককৈ কিবা এটা আলোচনা কৰিল৷ আৰু অলপ পিচত ভিনচেন্টক ক'লে যে, ঠিক আছে, কেমেৰাটো তেওঁক দুদিনৰ কাৰণে দিয়া হ'ব, কিন্তু এটা চৰ্তত যদি চৰ্ট ফিল্মখন বেয়া হয়, কেন’নৰ নাম যাতে কোনো পদ্ধ্যে নুলিয়াই৷ আৰু যদি ভাল হয় কেন’নে সেই খন নিজে স্পোন্সৰ কৰিব৷

পিছৰ দুদিন ভিনচেন্টে চুটিং কৰিলে, আৰু দেওঁবাৰে ৰাতি চৰ্টফিল্মকন ইন্টাৰনেটত আপলোড কৰিলে, নাম Reverie, প্ৰথম খন DSLR চিনেমা৷ চিনেমাখনে এক সপ্তাহতে এক নিযুত ভিউ পাৰ কৰিলে৷ আৰু আপল’ড কৰাৰ পিছৰ দিনাই তেওঁলৈ হলীউদৰ পৰা তিনিটা অফাৰ আহিল৷ ভিনচেন্ট লেফৰেট DSLR চিনেমাৰ জনক হৈ পৰিল৷

প্ৰথমখন DSLR চিনেমা Reverieৰ এটা দৃশ্য

কেমেৰাটো পিচত কেবাখনো চিনেমা, চিৰিয়েলত ব্যৱহাৰ কৰা হ'ল৷ আইৰনমেন টুৰ এক্সন চিকুৱেন্সবোৰ এই কেমেৰাটোৰে লোৱা হৈছিল, ব্লেক চোৱনৰ ৰিহাৰ্চেল চিন বোৰ, মিছন ইম্প’চিবল, এভেন্জাৰৰ কিছুমান চিন, আৰু The House নামৰ চিৰিয়েল খনৰ সম্পূৰ্ণ এটা এপিচ’দ৷


Vincent Laforet
এই কেমেৰাটো সাংঘাতিক জনপ্ৰিয় হোৱা দেখি, কেননে পিছত ভিডিঅ’ৰ বজাৰ খনকে টাৰ্গেট কৰি এটা DSLR কেমেৰা বনোৱাৰ কথা ভাবিলে৷ 5d বা আন DSLR কেমেৰাবোৰ মূলতঃ ফটোৰ কাৰণে বনোৱা কেমেৰা৷  ভিডিঅ' কেমেৰাত কিছুমান বিশেষ সুবিধা থাকে, যেনে ইয়াৰ ডিসপ্লেখন চাৰিও পিনে ঘুৰাব পাৰি, কাৰণ কোনোৱে চকুটো কেমেৰাত লগাই ভিডিঅ' ৰেকৰ্ড নকৰে। দ্বিতীয়তে যদি আপুনি 5D আদি কেমেৰাৰে চুটিং কৰা দেখিছে, এটা কথা নিশ্চয় লক্ষ কৰিছে যে কেমেৰামেনৰ লগতে এজন ফ’কাচ পুলাৰৰ প্ৰয়োজন হয়, যিয়ে ফকাচ ৰিংটো ঘুৰাই থাকে। যিহেতু ভিডিঅ’ত মানুহবোৰ অহা যোৱা কৰি থাকে, তেওঁলোকক ফ’কাচত ৰখাটো বৰ কষ্টকৰ৷ কিন্তু ভিডিঅ' কেমেৰাত সেইটো অট'মেটেকেলি হয়, এই সকলোবোৰ কথাকে আগত ৰাখি, কেন’নে ২০১৩ চনৰ অক্টোবৰ মাহত এটা প্ৰকৃত ভিডিঅ' DSLR মুকলি কৰে, যাক তেওঁলোকে ৰিভ'লিউচনাৰি কেমেৰা বুলি দাবী কৰিছিল৷ আৰু সেই কেমেৰাটো হ'ল Canon EOS 70d৷ আৰু যোৱা তিনি বছৰ ধৰি ই Top 5 ভিডিঅ' DSLRৰ প্ৰথম স্থান দখল কৰি আহিছে৷ অলপতে কেননে 70dকে উন্নীত কৰি আন এটা ভিডিঅ' DSLR মুকলি কৰে সেইটো হ'ল 80D৷


Top 5 video DSLR