*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দ্বাদশ অধ্যায়
মাছাইবোৰৰ গাঁওখন ঘূৰণীয়াকৈ ওখ বাঁহৰ
বেৰেৰে ঘেৰা৷ তাৰ ভিতৰত সৰু সৰু পঁজা ঘৰ৷ এখন মাথোঁ সৰু দৰজাৰে সেই গাঁওখনত
সোমাব পৰা যায়৷ দীঘল চাঙৰ ওপৰত পাল পাতি পুৰুষ সকলে পহৰা দিয়ে গোটেই ৰাতি৷ ৰাতিৰ
অন্ধকাৰত কোনো হিংস্ৰ জীৱ-জন্তু ইয়াত সোমাব নোৱাৰে৷
গাঁৱৰ ভিতৰত এটা ডাঙৰ চালি ঘৰত আছে
বহুতো গৰু, ম'হ আৰু ভেড়া ছাগলী৷ পশুপালনেই ইহঁতৰ ইয়াত জীৱিকা৷ প্ৰতিজন মাছাই
পুৰুষ ছফুট মান ওখ, শৰীৰ যেন লোৰে গঢ়া, হাতত অনবৰতে থাকে যাঠী৷ মাছাই তিৰোতাবোৰো কম ওখ
নহয়, সিহঁতেও যুদ্ধ কৰিব জানে৷ মাছাই সকল আফ্ৰিকাৰ আন সকলো জাতিৰ তুলনাতেই
পৃথক৷  |
ফটো: এখন মাছাই গাঁও। |
এদল মাছাই পুৰুষ সন্ধিয়া গাঁৱলৈ উভতি
আহিছিল৷ লাহে লাহে দৌৰিবৰ সময়ত সিহঁতে তলমূৰ কৰি নৃত্যৰ ভংগীত আগুৱাই আৰু মুখেৰে
বিভিন্ন জীৱ-জন্তুৰ মাত অনুকৰণ কৰে৷ সন্তু আৰু খুৰাদেউক দেখি সিহঁতে কান্ধত তুলি
লৈ আহিল আৰু গাঁৱৰ সোঁমাজত পেলাই দিলে, দুজনে সিহঁতৰ বুকুত গচকি ধৰি যাঠী টোঁৱাই
থাকিল৷ কেইজনমান গ'ল মুখীয়ালজনক মাতিবলৈ৷
তাত দাওদাওকৈ জুই জ্বলি আছে এডোখৰ
শিলেৰে আগুৰা ঠাইত৷ সেই জুইৰ চাৰিওফালেই গোল হৈ বহি আছে গাঁৱৰ সকলো পুৰুষ-মহিলা৷
এটা ভেড়া ছাগলী পুৰি থকা হৈছে জুইত৷
মুখীয়ালজন আহি বহিল এটা গছৰ মূঢ়াত,
ঠিক
ৰজাৰ দৰে এখন ভৰি আগবঢ়াই, আনখন কোঁচাই৷ তেওঁৰ বয়স বহুত বেছি নহয়, বৰ বেছি চল্লিশ বছৰ৷ নাকটো চেপেটা,
গাৰ
বৰণ ক'লা যদিও কিচকিচীয়া ক’লা নহয়, তেওঁৰ মূৰৰ চুলি বিভিন্ন ৰঙৰ গুটিৰ
মালাৰে বন্ধা, তেওঁৰ ডিঙিতো কেবাডালো পাথৰৰ মালা৷
সন্তু আৰু খুৰাদেউৰ পিনে মাত্ৰ এপলকৰ
বাবে চালে তেওঁ, গুৰুত্ব নিদিলে৷ যি কেইজন মানুহে সিহঁতক ধৰি লৈ গৈছিল, সিহঁতৰ পিনে হাত বঢ়াই মুখীয়ালজনে জানো
কি বিচাৰিলে৷ সেই মানুহকেইজনে একেলগে কিবা কৈ উঠিল৷
মুখীয়ালজনে আকৌ কিবা সুধিলে, মানুহকেইজনে একেধৰণেই উত্তৰ দিলে৷
এনেদৰে কেইমিনিটমান উত্তৰ-প্ৰত্যুত্তৰ চলিল৷ তাৰ পিছত মুখীয়ালজন যেন খুব অবাক হ'ল৷ গছৰ মূঢ়াটোৰ পৰা উঠি আহি তেওঁ
খুৰাদেউৰ মুখলৈ চাই ৰ'ল একেথৰে৷
খুৰাদেউৱে ইংৰাজীত সুধিলে,
"তুমি ইংৰাজী বুজি পোৱানে? বুজি পোৱা যদি আমাক উঠি বহিবলৈ দিয়া৷
মই চব কথা খুলি কৈছো৷"
মুখীয়ালজনে খুৰাদেউৰ এটা কথাও বুজি
নাপালে৷ এইবাৰ তেওঁ কিবা এটা সুধিলে তেওঁৰ ভাষাত, খুৰাদেউৱেও তেওঁৰ কথা একো বুজি নাপালে৷
যি দুজন মানুহে সন্তু আৰু খুৰাদেউৰ
বুকুত গচকি ধৰি আছিল, মুখীয়ালজনৰ নিৰ্দেশত আঁতৰি গ'ল সিহঁত৷ তাৰ পিছত মুখীয়ালজনে হাত তালি
মাৰি কি জানো নিৰ্দেশ দিলে৷
খুৰাদেউৰ মূৰৰ ওচৰত এজনে তেতিয়াও যাঠী টোঁৱাই
আছে যদিও তাক গুৰুত্ব নিদি খুৰাদেউৱে ক'লে, "ৱাটাৰ৷ পানী নাখালে আমি মৰি যাম৷
অকণমান পানী দিয়ক৷"
হাতৰ ভংগিমাৰে তেওঁ পানী খোৱা বুজালে৷
মুখীয়ালজনে হাত জোকাৰি বুজালে, নাই, এতিয়া পানী দিয়া নহ'ব৷
খুৰাদেউৱে এটা দীৰ্ঘনিশ্বাস পেলাই ক'লে, "তোমালোকৰ কোনেও অলপো ইংৰাজী নাজানানে?"
দুজন মানুহে হাতত ধৰি এজন বৃদ্ধক লৈ
আহিল তালৈ৷ বৃদ্ধৰ গাত এখন টিকটিকীয়া ৰঙা চাদৰ৷ মূৰৰ চুলি পকা৷ চকু দুটা দেখিলে
এনেকুৱা লাগে যেন মানুহজন বৰ অসুস্থ৷ কিন্তু তেওঁৰ মুখত আছে বুদ্ধি আৰু
ব্যক্তিত্বৰ চাপ৷
সেই মানুহজন খুৰাদেউৰ ওচৰত আহি বহাত
সকলোৱে একেলগে কথা ক'বলৈ আৰম্ভ কৰিলে৷ মুখীয়ালজনে হাত দাঙি বাকীবোৰক শান্ত কৰি নিজে কিবা
ক'লে৷
বৃদ্ধজনে খুৰাদেউৰ চকুলৈ চাই ৰ'ল একেথৰে৷ প্ৰায় দুই তিনি মিনিট৷ তাৰ
পিছত লাহে লাহে শুদ্ধ ইংৰাজীত সুধিলে, "ইহঁতে জানিব খুজিছে, তোমালোকে লগত কোনো অস্ত্ৰ-শস্ত্ৰ
লুকুৱাই ৰাখিছা নেকি?"
খুৰাদেউৱে এটা স্বস্তিৰ নিশ্বাস পেলাই
ক'লে, "ঈশ্বৰক ধন্যবাদ, আপুনি ইংৰাজী জানে৷ আমাৰ লগত কোনো
অস্ত্ৰ-শস্ত্ৰ নাই৷ বন্দুক পিষ্টলটো দূৰৈৰ কথা সামান্য চুৰি এখনো নাই৷"
বৃদ্ধই ক'লে, "মই তোমাৰ কথা বিশ্বাস কৰা নাই৷ তোমাৰ
লগত মাত্ৰ এটা সৰু ল'ৰা আছে, বাকী মানুহবোৰ ক'ত?"
খুৰাদেউৱে ক'লে, "আমাৰ লগত আৰু কোনো নাছিল৷ আমি দুজনে জংঘলৰ
মাজত পথ হেৰুৱাই পেলাইছিলো৷ আপোনালোকৰ মানুহকেইজন সঠিক সময়ত গৈ নোপোৱা হ'লে আমি মৰিয়েই থাকিলোহেঁতেন৷"
বৃদ্ধই ক'লে, "মই তোমাৰ কথা বিশ্বাস কৰা নাই৷ তোমালোক
সভ্য মানুহবোৰে বহুত মিছা কথা ক'ব পাৰা৷"
"মাননীয় ডাঙৰীয়া, দয়া কৰি অকণমান পানী দিবলৈ কওক৷
অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ পানী নাখালে কথাই ক'ব নোৱাৰিম৷ আমাৰ কথা বিশ্বাস কৰক৷ আমি
আপোনালোকৰ শত্ৰু নহয়, বিপদত পৰি আপোনালোকৰ ওচৰত আশ্ৰয় বিচাৰিছো৷"
বৃদ্ধই আনফালে ঘূৰি জুইকুৰা বঢ়াই
দিবলৈ ক'লে৷ দুই-তিনিজন মানুহে আধাপোৰা খৰিবোৰ ঠেলি সুমুৱাই দিওতে জুইকুৰা
বাঢ়ি গ'ল৷
বৃদ্ধই হাউলি খুৰাদেউৰ মুখৰ একেবাৰে
ওচৰলৈ নিজৰ মুখখন লৈ আহিল, চকুৰ পলক নেপেলোৱাকৈ চাই থাকিল কিছু সময়৷ চাদৰৰ
তলৰ পৰা এখন হাত উলিয়াই জ্বৰ চোৱাৰ দৰে কৰি খুৰাদেউৰ কপালত হাতখন থৈ তেওঁ ক'লে, "তোমালোকৰ শাস্তি হ'ল মৃত্যু৷"
খুৰাদেউৱে চকুৰ পলক নেপেলোৱাকৈ ক'লে, "মাছাইসকল বীৰ জাতি বুলি শুনিছিলো৷ আমাৰ
দৰে দুজন নিৰস্ত্ৰ মানুহক মাৰি যদি আপোনালোকৰ খ্যাতি বাঢ়ে, তেনেহ'লে মাৰক৷ আপোনালোকৰ মানুহকেইজনে প্ৰথমে
আমাক দেখাই নাছিল, আমিয়েই জুই জ্বলাই সিহঁতক মাতিছিলো৷ কোনোবাই আশ্ৰয় বিচাৰিলেও দেখিছো
আপোনালোকে সিহঁতক মাৰি পেলায়!"
বৃদ্ধজনে বৰ জোৰেৰে হাঁহি উঠিল৷ তাৰ
পিছত ওচৰত থিয় হৈ থকা মানুহ এজনক কিবা এটা আদেশ দিলে৷ মুখীয়ালজনৰ পিনে চায়ো বহুত
কিবা কিবি ক'লে৷ মুখীয়ালজনৰ মুখতো হাঁহি দেখা গ'ল এইবাৰ৷
বৃদ্ধজনে খুৰাদেউৰ পিনে চাই ক'লে, "শুনা হে অতিথি, মাছাই মানুহে কেতিয়াও নৰহত্যা নকৰে৷
মাছাই মানুহে কেতিয়াও নিৰস্ত্ৰ মানুহৰ সৈতে যুদ্ধ নকৰে৷ মাছাই মানুহে কেতিয়াও আশ্ৰিতক
অবিশ্বাস নকৰে৷ মাছাই মানুহে কেতিয়াও কাৰোবাৰ সৈতে আহাৰ গ্ৰহণ কৰিব খুজি তাৰ পিছত
তাৰ সৈতে বিশ্বাসঘাতকতা নকৰে৷ কিন্তু তোমালোক, যিসকলে লেখা-পঢ়া জানা, যিয়ে সভ্যতাৰ কথা কোৱা, তোমালোকে এই সকলোবোৰ কাম কৰা৷ তোমালোকে
যেতিয়াই তেতিয়াই মানুহ মাৰা, তোমালোকে নিৰস্ত্ৰ মানুহকো আক্ৰমণ কৰা, কাৰোবাক আশ্ৰয় দিও তাক ঠগা... নহয়নে?"
খুৰাদেউৱে অকণমান থতমত খাই গ'ল, তাৰ পিছত ক'লে, "অঁ, ইয়াৰ বেছিভাগেই সঁচা৷ কিন্তু সকলো সভ্য
মানুহেই একে নহয়৷ লেখা পঢ়া জনা মানুহো বহুত সৎ থাকে৷"
এজন মানুহে এলুমিনিয়ামৰ বাটি এটাত অলপ
জুলীয়া বস্তু লৈ আহিল৷ বস্তুটোৰ ৰং ৰঙা৷ গাখীৰৰ দৰে ডাঠ৷
বৃদ্ধই ক'লে, "এইটো খাই লোৱা আগতে, তাৰ পিছত তোমাৰ সকলো কথা শুনিম৷"
খুৰাদেউৱে বাটিতো সন্তুৰ পিনে আগবঢ়াই
দিলে৷
বৃদ্ধই ক'লে, "তোমালোক দুয়ো খোৱা৷"
খুৰাদেউৱে তৰল পদাৰ্থখিনিত এচুমুক
দিয়েই ক'লে, "আমি অকণমান পানী বিচাৰিছিলো মাত্ৰ৷'
বৃদ্ধই আদেশৰ সুৰত ক'লে, "আগতে সেইখিনি খাই লোৱা একে ঘোটে৷ দেহত
জোৰ পাবা৷"
খুৰাদেউৱে সন্তুক ফুচফুচাই ক'লে, "ইহঁতে গাখীৰত কোনো জন্তুৰ তেজ মিহলাই
খায়৷ তোৰ খাবলৈ বেয়া লাগিলেও একে ঘোটে যিমানখিনি পাৰ খাই ল', নহ'লে ইহঁতে অপমান বোধ কৰিব৷"
সন্তুৱে বিশেষ আপত্তি নকৰিলে৷ পিয়াহত
তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ ঘোটঘোটকৈ সি বহুখিনি তেজ মিহলি গাখীৰ খাই পেলালে৷ খুৰাদেউৱে
বাকীখিনি শেষ কৰি ক'লে, "এতিয়া আমি অকণমান পানী খাবলৈ পামনে?"
বৃদ্ধই ক'লে, "পাবা৷ তাৰ আগতে তোমালোকৰ কাহিনীটো
শুনো৷ তোমালোক কোন? ক'ৰ পৰা আহিছা? তোমালোকৰ নিচিনা দুজন সভ্য মানুহক এনেদৰে
নিৰস্ত্ৰ অৱস্থাত এইপিনে কোনোদিনে ঘূৰি ফুৰা দেখা নাই, সেয়ে আমাৰ মানুহবোৰ খুব আচৰিত
হৈছে৷"
খুৰাদেউৱে সংক্ষেপতে সিহঁতৰ কাহিনীটো ক'লে৷
বৃদ্ধই পুনৰ পিছলৈ ঘূৰি তেওঁলোকৰ ভাষাত
সকলোকে সেই কাহিনীটো বুজাই দিলে৷ তাৰ পিছত মুখীয়ালজনে উঠি কিবা এটা আদেশ দিয়াৰ লগে
লগেই দুজন মানুহ আহি খুৰাদেউৰ দুহাতত ধৰি থিয় কৰাই দিলে৷ মুখীয়ালজনে আগুৱাই গৈ
খুৰাদেউৰ খোৰা ভৰিখন দাঙি হাত বুলাই চালে৷
তাৰ পিছত তেওঁ বাকীবোৰলৈ চাই হাতৰ মুঠি
দাঙি দুৰ্বোধ্য ভাষাত চিঞৰি কিবা এটা ক'লে৷ তাৰ পিছত ঘূৰি নিজৰ কপালখন
খুন্দিয়াই দিলে খুৰাদেউৰ কপালত৷
লগে লগে দুজন মানুহে লৈ আহিল দুবটল
পানী৷ দুজনী ছোৱালীয়ে আগবঢ়াই দিলে দুবাটি চুজিৰ দৰে খাদ্য৷ এজনে সেকি থকা ভেড়া
ছাগলীটোৰ পৰা বহুখিনি মাংস কাটি আনি সাজি দিলে খুৰাদেউৰ ভৰিৰ ওচৰত৷ এজনে খুৰাদেউৰ
ডিঙিত পিন্ধাই দিলে এডাল পাথৰৰ মালা৷
বৃদ্ধজনে হাঁহি ক'লে, "তুমি খোৰা ভৰিৰেই ইমান বিপদৰ মাজতো
ইমানখিনি পথ অতিক্ৰম কৰি আহিছা কাৰণে এওঁলোকে তোমাক বীৰ বুলি স্বীকাৰ কৰিছে৷ মাছাইসকলে বীৰক সন্মান দিব
জানে৷"
খুৰাদেউৱে অভিভূত হৈ হাতযোৰ কৰি ক'লে, "মোক এনেকুৱা সন্মান আগতে কোনেও কেতিয়াও
জনোৱা নাই৷ আজি মই ধন্য হৈছো৷ আপোনালোক সকলোকে নমস্কাৰ জনাইছো৷"
মুখীয়ালজনে বৃদ্ধক আৰু কিবা মনত পেলাই
দিয়াত বৃদ্ধজনে খুৰাদেউক ক'লে, "তোমালোকে আগতে খাই বৈ লোৱা, তাৰ পিছত তোমালোকক কেইটামান বস্তু
দেখুৱাম৷"
খুৰাদেউৱে সন্তুক ক'লে, "বেছি নাখাবি৷ আজি গোটেই দিনটো যিমান
পৰিশ্ৰম হ'ল, হঠাৎ বেছিকৈ খাই দিলে বমি হৈ যাব৷"
সন্তুৱে ক'লে, "মোৰ আৰু খাবলৈ মন যোৱা নাই৷ সেই
গাখীৰখিনি খোৱাৰ পিছতেই ভোক মৰি গৈছে৷"
খুৰাদেউৱে ক'লে, "হ'লেও চব বস্তু অলপ অলপ মুখত দে৷"
সন্তুৱে সুধিলে, "খুৰাদেউ, আমি ইয়াৰ পৰা কেনেকৈ উভতি যাম? এই ঠাইখন ক'ত? আমি হোটেলৰ পৰা কিমান দূৰত আছো?"
"ৰ', চব গম পোৱা যাব৷ লাহে লাহে চব ব্যৱস্থা
হৈ যাব৷"
বুঢ়া মানুহজন অতি বুদ্ধিমান৷ সন্তুৰ
ভাষা তেওঁ এক বিন্দুও বুজি পোৱা নাই, অথচ অনুমানতেই যেন তেওঁ তাৰ মনৰ ভাব বুজি পালে৷
ধেমালিৰ সুৰত তেওঁ সন্তুক ক'লে, "তোমালোক যেতিয়া ইয়ালৈ আহিলাই, এতিয়া ইয়াতেই থাকি যাব লাগিব গোটেই
জীৱন৷ থাকিব পাৰিবা নে? আমাৰ খানা তোমাৰ ভাল লগা নাই নেকি?"
সন্তুৱে ক'লে, "অঁ, ইয়াত থাকিবলৈ পালে আমাৰো ভাল লাগিব৷
কিন্তু তাৰ আগতে হোটেলৰ মেনেজাৰ ফিলিপক শাস্তি দিব লাগিব৷ তাৰ বাবে এবাৰ অন্ততঃ
ঘূৰি যাব লাগিব৷"
বৃদ্ধজনে ক'লে, "বাঃ, তুমিওচোন বৰ সাহসী৷ পিছে তুমি সেই
মেনেজাৰটোক কি শাস্তি দিম বুলি ভাবিছা?"
"তাৰ ফাঁচী হোৱা উচিত৷"
"ফাঁচীতকৈও ভাল শাস্তি আছে৷ ধৰা,
তাক
যদি গোটেই জীৱন গৰুৰ গোবৰ পৰিষ্কাৰ কৰা কামত লগোৱা হয়, তেনেহ'লে কেনেকুৱা হ'ব? মই হোৱা হ'লে তাকেই কৰিলোহেঁতেন৷"
খুৰাদেউৱে উঠি ক'লে, "মোৰ খোৱা হ'ল৷ আপুনি ক'ত কি দেখুৱাম বুলি কৈছিল?"
বৃদ্ধজনে উঠি ক'লে, "মই নিজে খোজ কাঢ়িব নোৱাৰো, মোক ধৰি লৈ যাবলগীয়া হয়৷ মই বৰ অসুস্থ,
বেছিদিন
নাবাচিম৷ এয়া চাওক৷"
বৃদ্ধই গাৰ পৰা ৰঙা ৰঙৰ কাপোৰখন গুচাই
দিয়াত দেখা গ'ল, তেওঁৰ বুকৰ সোঁফালে এটুকুৰা প্ৰকাণ্ড ঘা৷
আকৌ কাপোৰখন গাত মেৰিয়াই দুয়োফালে
দুহাত মেলি দিওঁতেই দুজন মানুহে তেওঁক ধৰি ধৰি লৈ গ'ল৷ আৰু এজনে লগত লৈ গ'ল এটা জোঁৰ৷
প্ৰথমে সোমোৱা হ'ল এটা পঁজা ঘৰত৷ জোঁৰৰ পোহৰত দেখা গ'ল, তাত বহুকেইটা ডাঙৰ ডাঙৰ হাতীৰ দাঁত আৰু
বিভিন্ন ধৰণৰ জন্তুৰ চামৰা পৰি আছে৷ আৰু এফালে আছে তিনিটা ৰাইফল, দুটা ৰিভলভাৰ, আৰু দুটা লাইট মেচিনগান৷ কেইবাডালো
গুলী ভৰ্তি বেল্ট৷
বৃদ্ধই ক'লে, "এইবোৰ জন্তু আমি মৰা নাই৷ মাৰিছে চহৰৰ
মানুহে৷ আমি আজিকালি পশুপালন কৰো, পশু হত্যা নকৰো৷ কিন্তু দোষটো আমাৰ ওপৰতেই পৰে৷
চৰকাৰৰ মানুহে আমাৰ ল'ৰাবোৰক ধৰি ধৰি লৈ যায়৷ যিবিলাক অস্ত্ৰৰে জন্তুবোৰ মৰা হৈছে, সেইবোৰ চোৱা৷"
খুৰাদেউৱে অবাক হৈ ক'লে, "আপোনালোকে এই অস্ত্ৰবোৰ পালে ক'ত?"
"সভ্য মানুহৰ পৰাই পাইছো৷ আমি ব্যৱহাৰ
নকৰো৷ সেই বুলি নাভাবিবা যে আমি ব্যৱহাৰ কৰিব নাজানো৷ মই নিজেই মাউমাউ আন্দোলনৰ
সময়ত ব্ৰিটিছৰ লগত যুদ্ধ কৰিছো৷"  |
ফটো: মাছাইসকলৰ পঁজা ঘৰ |
বৃদ্ধই এটা এল. এম. জি. তুলি লৈ পোনাই
ধৰিলে, ট্ৰিগাৰ টিপিলে, গুলী নাছিল, সেয়ে কেৱল খট-খট-খট শব্দ হ'ল কেইবাৰমান৷ বৃদ্ধই সেইটো অৱহেলাৰে
দলিয়াই দিলে পুনৰ৷
তাৰ পিছত যোৱা হ'ল এটা ডাঙৰ চালি ঘৰলৈ৷ সেইটো আচলতে এটা
প্ৰকাণ্ড গোহালি৷ তাত আছে প্ৰায় পঞ্চাছটামান গৰু, এশটামান ভেড়া আৰু চাৰিটামান জেব্ৰা৷
বৃদ্ধই ক'লে, "এইবিলাক জন্তু আমাৰ নিজৰ৷ এইবোৰৰ ওপৰত
নিৰ্ভৰ কৰিয়েই আমি চলি আছো৷ এঠাইত ঘাঁহ মৰি গ'লে আমি তাৰ পৰা গাঁও উঠাই য'ত ঘাঁহ আছে তালৈকে লৈ যাওঁ৷"
"গৰুবোৰৰ স্বাস্থ্য সাংঘাতিক৷ আমাৰ
হাৰিয়ানাৰ গৰুকো চেৰ পেলাব৷"
"এইবিলাক গৰুৰেই গাখীৰ আৰু তেজ আমি
একেলগে খাওঁ৷ তেতিয়া গাত বল পোৱা যায়৷ আহা বিদেশী, তোমালোকক আৰু দুটা বিচিত্ৰ জন্তু
দেখুৱাও৷"
গোহালিটোৰ কিছু ভিতৰলৈ সোমাই যোৱাৰ
পিছত এঠাইত জোঁৰৰ পোহৰ পৰাত খুৰাদেউ আৰু সন্তু উচপ খাই উঠিল৷ দুয়ো প্ৰায় একেলগে কৈ
উঠিল, "এয়া কি?"
দুটা খুঁটাৰে সৈতে হাত ভৰি পিছফালে
বন্ধা দুজন মানুহ৷ সিহঁতৰ নিম্নাংগত মাত্ৰ একোখন কাপোৰ, উদং গা, সৰ্বশৰীৰ বোকাত লুতুৰি-পুতুৰি, চুলিত জঁট বন্ধা, হ'লেও বুজা যায়, সিহঁত দুটা শ্বেতাংগ মানুহ৷
সন্তুৱে অস্ফুট মাতেৰে ক'লে, "সেই দুজন জাৰ্মান টুৰিষ্ট৷"
খুৰাদেউৱে ক'লে, "টুৰিষ্ট নহয়, মাৰ্ছিনাৰী৷ ভাৰাতীয়া সৈনিক৷ টকাৰ
বিনিময়ত মানুহ মাৰে৷"
বৃদ্ধই ক'লে, "ইহঁত দুটাক তোমালোকৰ সেই লিটিল ভাইছৰয়
হোটেলৰ পৰা ভাৰা কৰা হৈছিল গোপনে ইয়াৰ জীৱ-জন্তু হত্যা কৰিবলৈ৷ এল. এম. জি.ৰে হাতী,
গঁড়,
হৰিণা,
নাহৰফুটুকী
একোৱেই মাৰিবলৈ বাকী নাৰাখিলহেঁতেন৷ দাঁত, খৰ্গ, চামৰাৰ বাবে৷ বদনাম হ'লহেঁতেন আমাৰ৷ সেই কাৰণেই সিহঁতক ইয়াত
বান্ধি ৰাখিছো৷"
"পুলিচে সিহঁতক বিচাৰি পোৱা নাই?
পুলিচেতো
সিহঁতক বহুত বিচাৰিছে বুলি শুনিছো৷"
"নাই, কোনো পুলিচ বা চৰকাৰী মানুহ যোৱা ছমাহত
আমাৰ ইয়ালৈ অহা নাই৷ আমি সিহঁতৰ দ্বাৰা এই গোহালিটো পৰিষ্কাৰ কৰাওঁ সদায়৷ ইয়াৰ
মাজতে তিনিবাৰ সিহঁতে পলাবলৈ চেষ্টা কৰিছে, তিনিওবাৰেই ধৰা পৰিছে৷ আমাৰ ডেকা ল'ৰাবোৰৰ চকুৰ পৰা হাত সৰা টান৷"
অকণমান ৰৈ, অকণমান হাঁহি বৃদ্ধই পুনৰ ক'লে, "ইহঁতৰ জাতৰ মানুহে আমাৰ ইয়াৰ পৰা লাখ
লাখ মানুহ ধৰি লৈ গৈ ক্ৰীতদাস বনাইছে৷ নহয় জানো? এতিয়া আমি যদি দুই চাৰিটা চাহাবক
ক্ৰীতদাস কৰি ৰাখো, সেইটো জানো অপৰাধ হ'ব? কোৱা?"
"নাই, মুঠেও নহয়৷"
মাহৰ পিছত মাহ বোধহয় এই জাৰ্মান দুটাই
সন্ধিয়াৰ পিছত আৰু পোহৰ দেখা নাই৷ জোঁৰৰ পোহৰ দেখিলে গৰুবোৰে যেনেকৈ ছটফটাই,
তেনেকৈয়ে
মানুহ দুটায়ো পিটপিটাই ইফালে সিফালে চাবলৈ ধৰিলে৷ এজনে খুৰাদেউৰ পিনে কোনোৰকমে চাই
কাতৰভাৱে ক'লে, "হেল্প! ইউ প্লিজ হেল্প আচ৷"
খুৰাদেউৱে কঠোৰভাৱে ক'লে, "দুঃখিত, মই তোমালোকৰ কোনো সহায় কৰিব নোৱাৰিম৷
ইচ্ছা কৰিলে তোমালোকে এই দয়ালু বৃদ্ধজনৰ ওচৰত ক্ষমা খুজিব পাৰা৷"
মাছাই বৃদ্ধজনে ক'লে, "তেনেহ'লে শুনা৷ এই দুজন শ্বেতাংগই যেতিয়া
ইয়াত বহুত জীৱ-জন্তু হত্যা কৰিছিল, তেতিয়া আমি সিহঁতক বুজাই-বঢ়াই বাধা দিবলৈ
গৈছিলো৷ মোৰ লগত আছিল মোৰ ডাঙৰ ল'ৰাটো, সি তেতিয়া মাছাই দলটোৰ মুখীয়া৷ আমি
দুয়ো ইহঁতৰ লগত কথা পাতিবলৈ যাওতেই ইহঁতে আমাৰ ওপৰত গুলী চলায়৷ মানুহ বুলি আমাক
গণ্যই নকৰিলে৷ সিহঁতৰ চকুত আফ্ৰিকাৰ ক'লা মানুহ আৰু জন্তু সমান৷ মোৰ ডাঙৰ ল'ৰাটো ঠাইতে ঢুকায়, মই তেতিয়াই নমৰিলো, কিন্তু মোৰ বুকুত গুলী লাগিছিল,
সেই
আঘাতৰ বাবেই মই এতিয়া মৰিবলৈ ওলাইছো৷ তাৰ পিছতো চোৱা, ইহঁত দুটাক আনি বন্দী কৰিহে ৰাখিছো,
হত্যা
কিন্তু কৰা নাই৷ এতিয়াও তোমালোকে ক'বা নে, আমি মাছাই মানুহবোৰ নিষ্ঠুৰ?"
বৃদ্ধৰ কথা শুনি জাৰ্মান দুজনে তলমূৰ
কৰিলে৷ খুৰাদেউৱে বৃদ্ধৰ হাতত ধৰি ক'লে, "আপুনি প্ৰকৃততেই দয়ালু৷ ইমান মহান আমি
কোনো হ'ব নোৱাৰিম৷"
সন্তুৱে ক'লে, "আমি বাহিৰলৈ যাব পাৰোনে? মোৰ আৰু ইহঁতক চোৱাৰ একেবাৰে ইচ্ছা
নাই৷"
বাহিৰলৈ ওলাই অহাৰ পিছত খুৰাদেউৱে সেই
বৃদ্ধক আকৌ ক'লে, "আপুনি জানে চাগে পশু হত্যা এতিয়াও নিৰ্বিচাৰে চলি আছে৷ আপুনি দুজন
হত্যাকাৰীক বন্দী কৰিছে, কিন্তু সিহঁতে এনেকুৱা মানুহ আকৌ ভাৰা কৰিব৷
এইবিলাক বন্ধ কৰাৰ বাবেই আমি এবাৰ ঘূৰি যোৱা দৰকাৰ৷"
বৃদ্ধই হাঁহি মাৰি ক'লে, "অফক'ৰ্ছ৷ তোমালোকে কি ভাবিছা, তোমালোকক আমি ইয়াত বন্দী কৰি ৰাখিম?
তোমালোকে
যেতিয়াই ইচ্ছা যাব পাৰা৷"
"কিন্তু আজি গোটেই দিনটো এখন ভৰিৰে
জঁপিয়াই জঁপিয়াই মোৰ আঁঠু ফুলি গৈছে৷ কালি পৰহিৰ ভিতৰত আৰু মই এই আঁঠুৰে জঁপিয়াব
নোৱাৰা হৈ পৰিম৷ এখন গাড়ী মাতিব পাৰিলে ভাল আছিল৷ বাৰু, মাছাইমাৰা এয়াৰষ্ট্ৰিপৰ পৰা এই ঠাইখন
কিমান দূৰত?"
"বেছি দূৰত নহয়৷"
"হ'লেও? বিশ মাইল? ত্ৰিশ চল্লিশ মাইল?"
"ইমান নহয়৷ তোমালোকে গোটেই দিনটো খোজ
কাঢ়িলেও কিছু অৰ্ধ বৃত্তাকাৰে ঘূৰিছা৷ ইয়াৰ পৰা মাছাইমাৰা এয়াৰষ্ট্ৰিপ মাত্ৰ দহ
মাইল আৰু লিটিল ভাইছৰয় হোটেল হ'ব তেৰ মাইল৷ আমি অৱশ্যে সেইপিনে কেতিয়াও যোৱা
নাই৷"
"মই এখন চিঠি লিখি দিলে তোমালোকৰ
কোনোবাই এয়াৰষ্ট্ৰিপলৈ গৈ প্লেনৰ পাইলটজনৰ হাতত চিঠিখন দি আহিব পাৰিবনে?"
"কিয় নোৱাৰিব? এইটোনো কি টান কাম? কিন্তু সেইবিলাক কালি ৰাতিপুৱাৰ আগত নহ'ব৷ এতিয়া ব'লা, নাচ দেখুৱাম৷ আমি মাছাইসকলে ৰাতি অলপ
নাচ-গান নকৰিলে শুবই নোৱাৰো৷"  |
ফাটো: মাছাইসকলৰ নৃত্যনুস্থান |
তাৰ পিছত সেই জুইকুৰা আগুৰি আৰম্ভ হ'ল নাচ-গান৷ কিন্তু সন্তুৱে বেছি সময়
চকু মেলি থাকিব নোৱাৰিলে৷ তাতেই শুই পৰিল মাটিত৷ খুৰাদেউৱে জুইৰ পোহৰত এখন চিঠি
লিখিলে৷ তাৰ অলপ সময় পিছত বৃদ্ধৰ অনুমতি লৈ তেৱো শুই পৰিল৷
পিছদিনা দুপৰীয়া নহওতেই এখন গাড়ীৰে
তিনিজন মানুহ আহি হাজিৰ হ'ল৷ এজন কৃষ্ণাংগ, এজন শ্বেতাংগ, এজন ভাৰতীয়৷ মাছাইৰ গাঁৱৰ সীমাৰ পৰা
অলপ দূৰৈত গাড়ী ৰখাই মূৰৰ ওপৰত হাত তুলি তেওঁলোক আগুৱাই আহিল লাহে লাহে৷
ভাৰতীয়জন পি. আৰ. লোহিয়া, শ্বেতাংগজন প্লেনৰ পাইলট আৰু
কৃষ্ণাংগজন তেওঁলোকৰ অচিনাকি৷
কৃষ্ণাংগ মানুহজনে আগুৱাই আহি মাছাই
মুখীয়া আৰু বৃদ্ধজনক অভিনন্দন জনালে৷ তাৰ পিছত খুৰাদেউলৈ চাই ক'লে, "ভগৱানক ধন্যবাদ, আপোনালোকৰ যে একো নহ'ল৷"
লোহিয়াই ওচৰলৈ আহি ক'লে, "এওঁ মিঃ জোছেফ এনবোয়া৷ এওঁ কেনিয়াৰ
প্ৰেছিডেন্টৰ প্ৰাইভেট চেক্ৰেটাৰী৷ এওঁ আজি ৰাতিপুৱাৰ প্লেনত আহিছে৷ হোটেলৰ
মেনেজাৰ ফিলিপে যেতিয়া আপোনালোকক এৰি থৈ অকলে হোটেললৈ গৈ ওলাল, তেতিয়াই মই নাইৰোবিত এওঁক ফোন কৰি সকলো
জনাই দিছো৷"
জোছেফে ক'লে, "তোমালোকৰ মানুহবোৰক কৈ দিয়া, মাছাইৰ সৈতে চৰকাৰৰ কোনো কাজিয়া নাই৷
এই অঞ্চলত বে-আইনীভাৱে যিবোৰ জীৱ-জন্তু হত্যা কৰা হয়, তাৰ বাবে মাছাই সকল দায়ী নহয়, কেইজনমান ব্যৱসায়ীৰ দুষ্টচক্ৰ এটাই এই
কামবোৰ কৰি আছে, আমি তাৰ প্ৰমাণ পাইছো৷ প্ৰেছিডেন্টৰ এজন আত্মীয়ই প্ৰেছিডেন্টক একো
নজনোৱাকৈ পুলিচক ঘোচ দি এই কুকৰ্ম চলাই আছিল৷ তাক, তাৰ সংগী আৰু চাৰিজনক কালি গ্ৰেপ্তাৰ
কৰা হৈছে৷ তোমালোক মাছাইসকলে ইয়াৰ ঘাঁহনিত যেনেদৰে পশু চৰাই আহিছা, আগলৈও তেনেকৈ চৰাই যাব পাৰিবা৷ কোনেও
তোমালোকক বাধা নিদিয়ে৷"
বৃদ্ধজনে মাছাইৰ ভাষাত কথাখিনি অনুবাদ
কৰি দিয়াত সকলোৱে আনন্দত কিৰিলিয়াই উঠিল৷
বৃদ্ধই এইবাৰ জোছেফ এনবোয়া আৰু
পাইলটজনক লৈ গ'ল গোহালিটো দেখুৱাবলৈ৷
লোহিয়াই খুৰাদেউৰ হাতত ধৰি ক'লে, "আপোনালোকক আকৌ লগ পালো৷ মিঃ ৰায়চৌধুৰী,
প্লেনত
আপোনাক দেখাৰ পিছতেই মই বিবেক দংশনত ভুগিছিলো৷ তেতিয়াই বুজি পাইছিলো আপুনি কোনো
ৰহস্যৰ গোন্ধ পালে নিশ্চয় নেৰিব৷ আৰু আপুনি লগাতকৈ বেছি জানি পেলালে ইহঁতেও
আপোনালোকক মাৰি পেলাবলৈ চেষ্টা কৰিব৷"
খুৰাদেউৱে ক'লে, "আপুনিয়েই নাইৰোবিৰ হোটেলত ফোন কৰি আমাক
সাৱধান কৰি দিব খুজিছিল?"
লোহিয়াই ক'লে, "প্ৰথম ফোনটো কৰিছিল নিনজানে৷ মোৰেই
অফিছত বহি৷"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "সন্তু, তই তেনেহ'লে ঠিকেই ধৰিছিলি৷"
সন্তুৱে সুধিলে, "আমাক গাড়ীৰে চেপিব খুজিছিল কোনে?"
"এইটোও নিনজানৰেই কীৰ্তি৷ ভাৰাতীয়া
গুণ্ডা পঠাইছিল আপোনালোকক ভয় দেখুৱাবলৈ৷ মানুহটো যিমান নিষ্ঠুৰ, সিমানেই গোঁৱাৰ৷ অশোক দেশাইৰ বুদ্ধি
আছে, কিন্তু মানুহটোৰ প্ৰচণ্ড টকাৰ লোভ৷"
"হেৰি ওটাংগোক সিহঁতেই মাৰিছিল, নহয়নে?"
"সেইটো মই কেইদিনমান আগতেহে গম পাইছো৷
আপুনি নাইৰোবি চহৰত আৰু দুদিনমান থকা হ'লে মই লাহে লাহে আপোনাক সকলো
জনালোহেঁতেন৷ কিন্তু আপুনি সেই সুযোগ নিদিলে৷ মই চিঠি লিখি আপোনাক মানা কৰা
স্বত্তেও আপুনি মাছাইমাৰালৈ গুচি আহিল৷"
"ফিলিপে কালি ঘূৰি গৈ আপোনালোকক কি
কৈছিল আমাৰ বিষয়ে?"
"অদ্ভুত কাহিনী এটা কৈছিল৷ আপোনালোকে
হেনো ক'ৰবাত হীৰা বিচাৰি পাইছিল৷ তাৰ পিছত ৰিভলভাৰ দেখুৱাই
তাক বাধ্য কৰাইছিল গাড়ীখন তানজানিয়াৰ
পিনে লৈ যাবলৈ৷ তাৰ পৰা সীমান্ত পাৰ হৈ আপোনালোক পলাই গৈছে৷ সেইটো কাহিনী মই এক
বিন্দুও বিশ্বাস কৰা নাছিলো৷ মইতো আপোনাক জানো৷"
"সি আপোনাক ভয় দেখুৱাবলৈ চেষ্টা কৰা
নাছিল? সি কৈছিল, এই এলেকাত হেনো সি কাকো খাতিৰ নকৰে৷"
"সি মোকো ভাবুকি দিছিল৷ সি তেতিয়াও
নাজানে যে মই তাৰ মালিকৰ উকীল৷ মই প্ৰথমে আহি মোৰ পৰিচয় দিয়া নাছিলো৷ তাৰ পিছত
যেতিয়া সি মোৰ আচল পৰিচয় গম পালে, তাৰ মুখৰ মাত নোহোৱা হ'ল৷ ইয়াৰ মানুহবোৰে উকীলক বৰ ভয় কৰে৷
কিন্তু দুখৰ কথাটো কি জানে, ফিলিপক ধৰিব পৰা নগ'ল৷ পুৱতিনিশা সি পলাইছে৷"
সন্তুৱে উচপ খাই উঠি ক'লে, "সি পলাইছে? কেনেকৈ পলাবলৈ পালে?"
"সিতো ইয়াৰ চব জেগা চিনি পায়৷ ক'ত লুকাই বহি আছে কোনে জানে? আমি হোটেলখন চিল কৰি দিছো৷ সদ্যহতে
এমাহ বন্ধ থাকিব, গাৰ্ডক কোৱা হৈছে, ফিলিপক দেখিলেই যাতে এৰেষ্ট কৰে৷"
গোহালিৰ পৰা সকলো ওলাই আহিল বাহিৰলৈ৷
জাৰ্মান বন্দী দুজনকো হাত বান্ধি লৈ অহা হৈছে৷ মাছাইসকল মান্তি হৈছে জোছেফ এনবোয়াৰ
হাতত সিহঁতক তুলি দিবলৈ৷ নাইৰোবিত সিহঁতৰ বিচাৰ হ'ব৷
সন্তুৱে বৃদ্ধ জনৰ ওচৰলৈ গৈ ক'লে, "জানেনে, মেনেজাৰ ফিলিপ পলাইছে৷ তাক শাস্তি দিয়া
নহ'ল৷"
বৃদ্ধই শান্তভাৱে ক'লে, "শাস্তি সি পাবই৷ সি যদি মাছাইমাৰাৰ ক'ৰবাত লুকাই আছে মাছাইবোৰে তাক বিচাৰি
উলিয়াবই৷ অকলে পলাই সি বেছিদিন জীয়াই থাকিব নোৱাৰিব৷ তাক ভোকে শাস্তি দিব, ৰ'দে শাস্তি দিব, বৰষুণে শাস্তি দিব, আকাশে শাস্তি দিব৷ যিবোৰ জীৱ সি মাৰি
মাৰি শেষ কৰিব খুজিছিল, সেই জীৱবোৰেও তাক শাস্তি দিব৷"
সন্তুৱে ক'লে, "আপুনি আমাৰ লগত চহৰলৈ ব'লক না৷ হস্পিতালত চিকিৎসা কৰিলে আপুনি
সুস্থ হৈ উঠিব৷"
বৃদ্ধই সন্তুৰ কান্ধত হাত থৈ হাঁহিলে৷
তাৰ পিছত লাহে লাহে ক'লে, "মাছাই মানুহে জানে, কেতিয়া তাৰ মৃত্যু সমাগত৷ মাছায়ে মৃত্যুক ভয়
নকৰে৷ মোৰ বুকুৰ মাজত যিটো গুলী সোমাই আছে, সেইটো আচলতে সভ্যতাৰ বিষ৷ মই জানো,
মই
আৰু নাবাচিম৷ তোমালোক যোৱা, তোমালোক শান্তিৰে থাকিবা৷"
সন্তুৰ হঠাৎ কান্দোন ওলাই আহিল৷
কান্দোন লুকুৱাবলৈ সি মুখখন ঘূৰাই দিলে বেলেগ ফালে৷***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ উপন্যাস সমূহ