Oct 15, 2014

জংঘলৰ মাজত এখন হোটেল - একাদশ অধ্যায়

ৰাজীৱ ফুকন
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*  
একাদশ অধ্যায়

পিছ মুহূৰ্ততেই তেওঁ মনৰ দুৰ্বলতা আঁতৰাই ক'লে, "সন্তু, ষ্টেচু হৈ থাক, অকণো লৰচৰ নকৰিবি, নলৰিলে একো নকৰে..."
 
জেপৰ পৰা এখন ৰুমাল উলিয়াই লৈ খুৰাদেউৱে সোঁ হাতত মেৰিয়াই ল'লে৷ তাৰ পিছত বিদ্যুৎ বেগেৰে সেই হাতখনেৰেই টেপা মাৰি ধৰিলে সাপডালৰ মূৰটো৷ গাৰ জোৰেৰে সন্তুৰ গাৰ পৰা পাকবোৰ খুলি সেইডাল এছাৰিব ধৰিলে মাটিত৷ চাৰি পাঁচটা তেনেকুৱা আঘাততেই সাপডালৰ প্ৰাণ বাহিৰ হৈ গৈছিল, অথচ খুৰাদেউ ৰোৱা নাই৷ মাৰিয়েই থাকিল৷
 
সন্তুৱে ইফালে সিফালে চালে আৰু বেলেগ সাপ আছেনে নেকি? এই ঠাইখিনি শুকান, গাঁত-তাতো নাই৷ বাঁহজোপাৰ ওচৰেৰে আহিবৰ সময়তেই চাগে সাপডাল লাগি আহিছিল সন্তুৰ ভৰিত৷
 
এটা সময়ত মৰা সাপডাল আঁতৰলৈ দলিয়াই দি খুৰাদেউৱে ক'লে, "সন্তু তোক খোঁটা নাই নহয়? পেন্টটো কোঁচাই চা৷"
 
সন্তুৱে ক'লে, "নাই, খোঁটা নাই, খুঁটিলে গম পালোহেঁতেন৷"
 
"হ'লেও পেন্টটো কোঁচাই চা৷ সাপডাল আঁঠুৰ ওপৰত উঠা নাই, তাৰ তলত ক'ৰবাত তেজ-চেজ ওলাইছে নেকি চা৷ এইডাল কি সাপ মই নাজানো৷"
 
সন্তুৱে পেন্টটো কোঁচাই ভালকৈ চালে৷ অকণো তেজ চকুত নপৰিল৷
 
"তোৰ বমি বমি লাগিছে নেকি? বা টোপনি টোপনি?"
 
"নাই৷"
 
খুৰাদেউ এইবাৰ শুই পৰিল মাটিত৷ ৰুমালখন তেওঁ পেলাই দিছে, হাতেৰে কপালৰ ঘাম মচি মচি তেওঁ ক'লে, "এইবাৰ মোৰ সঁচাকৈ ভাগৰ লাগিছে অ' সন্তু৷ কিয় জান? কেইমুহূৰ্তমানৰ বাবে মোৰ মনৰ জোৰ একেবাৰে নোহোৱা হৈ গৈছিল৷ সাপ দেখিলেই মোৰ ঘিণ লাগে, ভাবিছিলো সেইডাল মই ধৰিব নোৱাৰিম, তোক বচাব নোৱাৰিম৷ এবাৰতে তাক ধৰিব নোৱাৰা হ'লে আৰু উপায় নাছিল, তোক বা মোক সি নিৰ্ঘাত খুঁটিলেহেঁতেন৷"
 
খুৰাদেউৱে চকু মুদিলে৷
 
সন্তুৱেও জুপুকা লাগি বহি ৰ'ল৷ তাৰ সলনি খুৰাদেউৰ ভৰিত যদি সাপডালে মেৰিয়াই ধৰিলেহেঁতেন, তেনেহ'লে সি জানো সাপডালৰ মূৰটোত তেনেকৈ টেপা মাৰি ধৰিব পাৰিলেহেঁতেন৷
 
সন্তুৰ চকুৰ পতা জাপ খাই আহিছে৷ এই অৱস্থাত জানো কাৰোবাৰ টোপনি আহে? সাপে খুঁটিলে বোলে টোপনি আহে৷ তেনেহ'লে সাপৰ বিষ কেনেবাকৈ লাগিছে নেকি?
 
অলপ পিছতেই খুৰাদেউৱে উঠি বহি ক'লে, "'ল ব', সময় নষ্ট কৰিলে নহ'ব৷ বহুত সময় গুচি গ'ল৷"
 
খুৰাদেউৱে পুনৰ জঁপিয়াই জঁপিয়াই আগবাঢ়িবলৈ ধৰিলে৷ খুৰাদেউৰ মনটো পুনৰ পাতল হৈ পৰিছে৷ সন্তুক ক'লে, "চব বস্তুৰেই কিবা নহয় কিবা উপকাৰিতা থাকে৷ এই যে মই জঁপিয়াই জঁপিয়াই গৈছো, ইয়াৰ পৰা লাভ কি ক'চোন? মোৰ ভৰিত সাপ উঠিব নোৱাৰিব৷ তই সাৱধানে চাই চাই আহি থাক৷"
 
সন্তুৱে ক'লে, "এইবাৰ আমি কোনপিনে যাম?"
 
সন্মুখত কোনো ডাঙৰ গছ বা হাবি জংঘল নাই৷ কেৱল দেখা গৈছে বৰফে ঢকা পৰ্বতৰ শিখৰ৷
 
খুৰাদেউৱে এখন হাত কপালত থৈ ৰ'দক বাধা দি পৰ্বতখনলৈ একেথৰে চাই থাকি ক'লে, "স্নোজ অৱ কিলিমাঞ্জাৰো৷ এই নামটোৰ মাজত কি নতুনত্ব আছে জান? আছে বিস্ময়৷ এইপিনেৰেই বিষুৱ ৰেখা গৈছে, গতিকে এই ঠাইখন গৰম হ'ব লাগিছিল৷ অথচ ইয়াতো পৰ্বতৰ শিখৰত বৰফ জমা লাগিছে৷ বাৰু, আমি সেই পৰ্বতখনৰ দিশত যোৱাটো ঠিক নহ'ব৷ বাঁহজোপা ঠিক পিছত ৰাখি আগবাঢ়ি গৈ থকাই ভাল৷"
 
আৰু অকণমান দূৰ যোৱাৰ পিছত দেখা গ'ল এঠাইত বহুত হাড়-মূৰ পৰি আছে৷ যেন মানুহৰ কংকাল৷
 
সন্তুৱে খুৰাদেউৰ হাতত খামুচি ধৰাত তেওঁ ক'লে  "ভয় কৰিছ নেকি? মানুহ নহয়, 'হ-চহৰ কংকাল যেন লাগিছে৷"
 
ফিলিপৰ সৈতে গাড়ীৰে আহি থাকোতেও এনেকুৱা বহুত কংকাল ক'ৰবাত ক'ৰবাত চকুত পৰিছিল৷ ফিলিপে কৈছিল, "সিংহইতো ম'হ বা হৰিণা মাৰি আধামান খাই গুচি যায়৷ বাকীখিনি মাংস হায়েনা, শিয়াল, শগুনে খায়৷ হাড়বিলাক পৰি থাকে, বছৰ বছৰ ধৰি পৰি থাকে৷"
 
কিন্তু চলন্ত গাড়ীৰ পৰা দেখা, আৰু অসহায় অৱস্থাত খোজ কাঢ়ি গৈ থাকোতে দেখাৰ মাজত বহুত পাৰ্থক্য আছে৷ এনেকুৱা লাগে, যিটো সিংহই সেই ম'হটো মাৰিছিল, সি ওচৰতে ক'ৰবাত লুকাই আছে৷
 
খুৰাদেউৱে ক'লে, "এটা ভাল কথা কি জান? আমি এইপিনে জেব্ৰা, হৰিণা, 'হ বা ৱাইল্ড বিষ্টৰ জাক দেখা নাই৷ সেইবোৰ থকা হ'লে ওচৰে পাজৰে সিংহ, কুকুৰনেচীয়া, নাহৰফুটুকী, ঢেঁকীয়াপতীয়া, হায়েনা আদি আটাইবোৰ হিংস্ৰ জন্তু থাকিলহেঁতেন৷ সেইটোৱেই নিয়ম৷"
 
সন্তুৰ ভাব হ', এতিয়া সিংহ-চিংহ কিবা এটা আগত পৰিলেও একো আহে নাযায়৷ সিহঁতে এই ধূসৰ প্ৰান্তৰ কোনোদিনে পাৰ হ'ব নোৱাৰিব৷
 
সন্মুখৰ ঠাইখন উঠা নমা৷ চিধা যাবলৈ হ'লে সিহঁতে এতিয়া অকণমান ওপৰত উঠিব লাগিব৷
 
খুৰাদেউৱে আকাশৰ সূৰ্যটোৰ পিনে চাই ক'লে, "আমি প্ৰায় দক্ষিণৰ পিনে গৈ আছো৷ যদি তানজানিয়াৰ সীমান্ত ওলাব পাৰো, তেতিয়া হ'লে নিশ্চয় মানুহ-দুনুহ দেখিবলৈ পাম৷"
 
সন্তুৱে অকণমান হতাশভাৱে ক'লে, "খুৰাদেউ ফিলিপে যি ঠাইত আমাক নমাই দিছিল, সি নিশ্চয় হিচাপ কৰি চাই লৈছে৷ সি জানে তাৰ পৰা আৰু আমি কোনোদিনে মানুহৰ কাষ চাপিব নোৱাৰিম৷"
 
খুৰাদেউৱে মৃদু ধমক দি ক'লে, "আকৌ তই সেইবিলাক অমঙ্গলীয়া কথা উলিয়াইছ? ফিলিপে জানে নেকি যে এজন খোৰা মানুহে পেং অবিহনে দহমাইল পাৰ হ'ব পাৰিব এই পথাৰৰ মাজেৰে? আমি দহমাইলৰ বেছি আহিছো৷"
 
জঁপিয়াই জঁপিয়াই যোৱাটো এনেয়ে কষ্টকৰ, ওপৰত উঠাটো আৰু বেছি কষ্টকৰ৷ খুৰাদেউৱে উঠিবলৈ চেষ্টা কৰাত সন্তুৱে ক'লে, "তুমি এইপিনেৰে উঠিব নালাগে, 'লা, আমি অকণমান ঘূৰি যাওঁ৷ আন ক'ৰবাত চাপৰ ঠাই নিশ্চয় পোৱা যাব৷"
 
"নাই, তেতিয়া অসুবিধা হ'ব৷ এনেকুৱা মুকলি ঠাইত এটা নিৰ্দিষ্ট দিশত আগ নাবাঢ়িলে এঠাইতে মৰণা মৰাৰ দৰে ঘূৰি থাকিব লাগিব৷ ব', মই পাৰিম৷"
 
খুৰাদেউৱে দাঁতেৰে ওঁঠ কামুৰি ধৰিলে যাতে মুখেৰে নিশ্বাস নোলায়৷ জোৰে জোৰে জঁপিয়াই তেওঁ সন্তুতকৈ আগতে উঠি আহিল ওপৰলৈ৷ তাৰ পিছত বুকু ভৰাই উশাহ লৈ ক'লে, "এইবাৰ আমি অলপ বেঁকাকৈ যাব লাগিব৷"
 
পথাৰখন য'ত এঢলীয়া হৈ গৈছে, তাত এখন দলনি৷ তাৰ পিছত বহুখিনি মুকলি ঠাইত উঁইহাফলুৰ দৰে কি জানো থিয় হৈ আছে৷ সোঁফালৰ কোণটোত সৰু সৰু গছৰ এখন হাবি৷ এজন মানুহৰ সমান ওখ গছ৷
 
খুৰাদেউৱে ক'লে, "সেই দলনিখনত সোমোৱা ঠিক নহ'ব৷ কুকুৰনেচীয়া আৰু নাহৰফুটুকী লুকাই থকিবৰ বাবে প্ৰশস্ত ঠাই৷ সেই উঁইহাফলুবোৰকো মোৰ ঠিক বিশ্বাস হোৱা নাই৷ তাত এন্দুৰৰ গাঁত থাকিলে সাপো থাকিব৷ তাতকৈ সেই হাবিখনেই নিৰাপদ৷ গছবোৰো সেৰেঙা-সেৰেংকৈ আছে, ভিতৰখন দেখা যাব৷ তাৰোপৰি গছবোৰ সৰু, ভাঙি দুডাল লাঠী বনাই ল'ব লাগিব৷ হাতত কিবা এটা অস্ত্ৰ থাকিলে মনত আৰু জোৰ পোৱা যাব, কি কৱ? তাৰোপৰি এডাল লাঠি মোৰ এই ভৰিখনত বান্ধি ল'ব পাৰিলে আৰু ভালকৈ জঁপিয়াব পাৰিম৷ ব'ল আমি ওপৰে ওপৰেই সোঁফাললৈ আগবাঢ়ো, তাৰ পিছত তললৈ নামিম৷"
 
হঠাৎ ঝিৰ-ঝিৰকৈ বৰষুণ পৰিবলৈ ধৰিলে৷ আকাশত ৰ'দ আছিল, কেতিয়া জানো ডাৱৰে ছানি ধৰিলে, সিহঁতে মনেই কৰা নাছিল৷ তেতিয়াহে সন্তুৱে মন কৰিলে যে পিয়াহত তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ কাপোৰ-কানিবোৰো ঘামত তিতি জেপজেপীয়া হৈ গৈছে একেবাৰে৷ এই বৰ্ষাস্নান তাৰ ভালেই লাগিল৷ সন্তুৱে আকাশৰ পিনে মুখখন মেলি থাকিল৷ তাৰ বাদে পানী খোৱাৰতো বেলেগ উপায় নাই৷
 
ইয়াৰ মাটি ইমানেই শুকান যে বৰষুণ পৰাৰ লগে লগেই শুকাই গৈছে৷ হোটেলত থাকোতে কোনে জানো কৈছিল কেবা মাহো ধৰি ইয়াত খৰাং চলি আছে৷ ঘাঁহ-বনবোৰো হালধীয়া পৰি গৈছিল৷
 
অকণমান বৰষুণত তিতাৰ পিছতেই সন্তুৰ ঠাণ্ডা লাগিবলৈ ধৰিলে৷ কঁপনি উঠিবলৈ ধৰিছে গাত৷ খুৰাদেউৱে নিজৰ কোটটো আগতেই খুলি লৈছিল, সন্তুক ক'লে, "চুৱেটাৰটো খোল৷ ঠাণ্ডা লাগিলেও গাত তিতা চুৱেটাৰ পিন্ধি থকাটো ঠিক নহয়৷"
 
সৌভাগ্যৰ কথা যে দহমিনিটমানৰ ভিতৰতেই থামি গ'ল বৰষুণ৷ আকৌ ৰ'দৰ জিলিঙনি দেখা গ'ল৷
 
খুৰাদেউৱে ক'লে, "ঘাঁহনিখন পাৰ হৈ আহিছো, এতিয়া কোণা-কুণিকৈ গ'লে জংঘলখন সোনকালে পাম৷ কিন্তু এই উঁই হাফলুবোৰৰ কাষেৰে যোৱা জানো ঠিক হ'? এটা কাম কৰা যাওক৷"
 
ওখ ঠাইখনৰ অ'ত ত'ত কিছু শিল সিঁচৰতি হৈ পৰি আছিল৷ খুৰাদেউৱে কেইটামান ডাঙৰ ডাঙৰ শিল বুটলি লৈ এটা উঁই হাফলুৰ পিনে লক্ষ্য কৰি দলিয়াবলৈ ধৰিলে৷ তেওঁক দেখি সন্তুৱেও শিল দলিয়াবলৈ আৰম্ভ কৰিলে সেই উঁই হাফলুটোক লক্ষ্য কৰি৷
 
তিনিটামান শিল হাফলুটোত লগাৰ পিছত এটা ঘটনা ঘটিল৷ তলৰ পৰা মধ্যমীয়া আকৃতিৰ প্ৰাণী এটা ওলাই দৌৰিবলৈ ধৰিলে প্ৰাণপণে৷ ওচৰৰ গাঁতবোৰৰ পৰাও ওলাই আহিল একে ধৰণৰ আৰু দুই তিনিটা প্ৰাণী৷ ইমান বেগেৰে সিহঁতে দৌৰিবলৈ ধৰিলে যেন অলিম্পিকৰ প্ৰতিযোগিতাতহে নামিছে৷
 
খুৰাদেউৱে চিঞৰি ক'লে, "দঁতাল গাহৰি! ইহঁতক কোৱা হয় ৱাৰ্টহগ৷ ইহঁতে গাতত লুকাই থাকে৷"
 
"মানুহক আক্ৰমণ কৰে নে?"
 
"কি ঠিক! ইহঁত পিছে সিমান ডাঙৰ নহয়৷ আচল ৱাইল্ড-বোৰ (Wild-Boar) বিলাক বহুত ডাঙৰ হয়৷ যি হওক, ইহঁতক এৰাই চলায় ভাল৷" 

ৱাৰ্টহগ বন-গাহৰি
ফটো: ৱাৰ্টহগ (Warthog)
সিহঁত যিখন ওখ ঠাইত থিয় হৈ আছে, সেই ঠাইখন হঠাৎ স্থিৰ হৈ পৰা এটা ঢৌৰ পিঠিৰ দৰে৷ দুয়োফালে এঢলীয়া৷ ইয়াত সুবিধাটো হৈছে দুয়োফালে বহুদূৰলৈ দেখা যায়৷ দুয়োফালেই কোনো আশাৰ চিন নাই৷
 
ঢৌৰ পিঠিৰে আগুৱাই গৈ গৈ সিহঁত হাবিখনৰ ওচৰ পালেগৈ৷ এতিয়া নামিব লাগিব৷ এঢলীয়া ঠাইৰে জঁপিয়াই জঁপিয়াই উঠাতকৈও নমাটো বেছি কষ্টকৰ৷ যিকোনো মুহূৰ্ততে বাগৰি পৰাৰ ভয় থাকে৷

খুৰাদেউৱে বহি লৈ দুহাতত ভৰ দি দি পিছলি নামি যাবলৈ ধৰিলে৷ সন্তুৱে দাঁত কৰচি ভাবিলে, সেই মেনেজাৰ ফিলিপটোক ফাঁচী দিয়া উচিত৷ তাক এতিয়াই হাতৰ কাষত পোৱা হ'লে...
 
তললৈ নামিয়েই সি খুৰাদেউক সুধিলে, "নাইৰোবিত যিয়ে আমাক সাৱধান কৰি দিব খুজিছিল, সিহঁতে জানিছিল নেকি যে ইয়াত আমাৰ এনেকুৱা দুৰ্দশা হ'?"
 
খুৰাদেউৱে ক'লে, "হয়তো অলপ চলপ জানিছিল৷ এতিয়া ভাবি চা, সি আমাক সহায়হে কৰিব খুজিছিল৷ যিয়ে গাড়ীৰে চেপিবলৈ চেষ্টা কৰিছিল, আমাক কেৱল ভয় দেখুওৱাটোৱেই আছিল তাৰ উদ্দেশ্য৷ ইচ্ছা কৰা হ'লেই সি আমাৰ এজনক চেপি মাৰি পেলাব পাৰিলেহেঁতেন৷ ফোন কৰি সিয়েই আমাক উভতি যাবলৈ কৈছিল৷"
 
"তেনেহ'লে কোন সি? আমাৰ কোনোবা বন্ধু নেকি? অমলদা-মঞ্জুবৌৱেতো ইমানখিনি জনা সম্ভৱ নহয়৷ তাৰোপৰি গাড়ীৰে চেপিব খোজা কামটোতো অমলদাৰ হ'বই নোৱাৰে৷"
 
"নাই, অমল নহয়৷ সি এনেকুৱা এজন যি শত্ৰুপক্ষৰ মাজত থাকিলেও আমাৰ বন্ধু৷"
 
"খুৰাদেউ, অশোক দেশাই কেনেকৈ আমাৰ শত্ৰু হ'? আহমেদাবাদৰ পৰা তেওঁৰ খুৰাক ভুলাভাই দেশাইয়েহে আমাক ইয়ালৈ পঠাইছিল৷"

"ভুলাভাইয়ে চাগে তেওঁৰ ভতিজাকৰ আচল বেপাৰটোৰ কথা নাজানে৷ অশোক দেশাইও প্ৰথমে ভবা নাছিল যে মই হেৰি ওটাংগোৰ বিষয়ে ইমান সোধ-পোচ কৰিম৷"
 
"আবেলি হৈ গ', এতিয়াও আমি কোনো মানুহৰ চিন-চাব দেখা নাই৷"
 
"আৰু এক-ডেৰ ঘন্টা সূৰ্যৰ পোহৰ থাকিব৷ ব'ল হাবিখনত সোমাই দুডাল লাঠি বনাই লওঁ আগতে৷"
 
হাবিখনৰ ওচৰ পোৱাত শুনা গ', গছ-গছনিৰ মাজৰ পৰা বিভিন্ন ধৰণৰ শব্দ ভাহি আহিছে, কোনোবাই যেন চৰচৰকৈ গছৰ ঠানি ভাঙিছে৷ দুয়ো থমকি ৰৈ গ'ল৷ মানুহ আছে নেকি জংঘলৰ ভিতৰত?
 
খুৰাদেউৱে ফুচফুচাই ক'লে, "হাতী! হাতীৰ জাক সোমাইছে হাবিখনত৷ আমি সোমাব নোৱাৰিম৷ বহি দে৷ তাৰ বাদে আৰু একো উপায় নাই৷"
 
এটা শিলৰ আঁৰত সিহঁতে বহাৰ ব্যৱস্থা কৰিলে৷ বহুসময় ধৰি চাই থকাৰ পিছত দেখা গ', চলন্ত হাতীৰ ভৰি৷ সৰু, ডাঙৰ, নানা ধৰণৰ৷ হাতীৰ এটা যৌথ পৰিয়াল৷ হাবিখনৰ গছবোৰত এতিয়া নতুনকৈ কুঁহিপাত মেলিছে৷ এই গছ চাগে হাতীৰ প্ৰিয় খাদ্য৷
 
প্ৰায় এঘন্টা পিছত জাকটো ওলাই আহিল হাবিৰ পৰা৷ পোন্ধৰ ষোল্লটামান হাতী৷ তাৰ মাজৰ যিটো আটাইতকৈ ডাঙৰ, সেইটো যেন এটা চলন্ত পাহাৰ৷ একো একোখন কাণ কুলাৰ সমান ডাঙৰ৷ দাঁত দুটা যেন দুটা বগা খুটা৷ আকৌ, সেই দলটোতে বহুত সৰু সৰু গাখীৰ খোৱা পোৱালিও আছে৷ দেখিলে গণেশ গণেশ ভাব এটা আহে৷ পোৱালিবোৰ পিছ পৰিলে মাক হাতীজনীয়ে ঘূৰি ঘূৰি চায়৷

গোটেই দলটোৱেই আছে প্ৰফুল্লমনে৷ কোনোফালে চোৱা নাই৷ লাহে লাহে খোজ পেলাই শুঁৰ লৰাই লৰাই গুচি গ'ল দলনিখনৰ পিনে৷
 
আৰু কিছুসময় অপেক্ষা কৰাৰ পিছত খুৰাদেউৱে উঠি ক'লে, "'ল৷"
 
হাতীৰ জাকটো আহিছিল কাৰণে এটা সুবিধা হ', সিহঁতে বহুত গছৰ ঠানি ভাঙি থৈ গৈছে, সন্তুহঁতে সেয়ে কষ্ট কৰিবলগীয়া নহ'ল৷ বৰং পছন্দ অনুসৰি দুটা ঠানি বাছি ল'ব পাৰিলে৷
 
খুৰাদেউৱে ক'লে, "এতিয়াহে ভাল হৈছে৷ এতিয়া বহুত ভালকৈ খোজ কাঢ়িব পৰা যাব৷ ব', সোনকাল হাবিখন পাৰ হওঁ৷ আন্ধাৰ হ'লে ইয়াত থকাটো ঠিক নহ'ব৷"
 
হাবিখনত বেবুনৰ বাদে আন কোনো জন্তু চকুত নপৰিল৷ কেইটামান বেবুনক মাটিত ঘূৰি ফুৰা দেখি সন্তুৱে প্ৰথমতে মানুহ বুলিয়েই ভাবিছিল৷ আশাৰ ছলনা৷ তাৰ মনটো দমি গ'ল পুনৰ৷ গোটেই দিনটোৰ পৰিশ্ৰমৰ অন্তত তাৰ ভৰি দুখনে আৰু আগবাঢ়িব নোখোজা হৈছে৷ পেটৰ ভিতৰৰ ভোকটোও তীব্ৰতৰ হৈ উঠিছে৷
 
হাবিখন পাৰ হৈ অলপ দূৰ যোৱাৰ পিছতেই দেখা গ', এফালে আকাশখন ৰঙা হৈ আহিছে৷ সূৰ্য ডুবিবলৈ ধৰিছে৷ হাতীৰ জাকটোৱে সিহঁতৰ বহু সময় নষ্ট কৰি দিলে৷
 
খুৰাদেউৱে ক'লে, "অকণমান পিছতেই আন্ধাৰ হ', আৰুতো খোজ কাঢ়িব পৰা নাযাব৷ ৰাতিৰ বাবে এটা ব্যৱস্থা কৰিব লাগিব৷"

সন্তুৱে মনে মনে থাকিল৷ তাৰ শুই পৰিবলৈ মন গৈছে৷
 
মুকলি ঠাইখনত অলপ দূৰৈত ছতিয়না গছৰ দৰে ডালে-পাতে ভৰা গছ এজোপা অকলশৰে থিয় হৈ আছে৷ তাৰ সিপাৰে আৰু একোৱেই চকুত নপৰে৷
 
"ব'ল সন্তু, সেই গছজোপাৰ তলত গৈ বহো৷ অকণমান জিৰাই লোৱা যাওক৷ তই গছত উঠিব পাৰ নহয়? তই ওপৰত উঠি বহি থাকিবি ৰাতিটো, মই তলত বহি পহৰা দিম৷"
 
ইমান দুখৰ মাজতো সন্তুৰ মুখত হাঁহি বিৰিঙি উঠিল৷ সামান্য এডাল লাঠিৰে খুৰাদেউৱে কি পহৰা দিব?
 
গছজোপাৰ তললৈ গৈয়েই সন্তুৱে ধপচকৈ শুই পৰিল৷
 
খুৰাদেউৱে বহি লৈ বিৰবিৰাই ক'লে, "এনেকুৱা এখন বাজে জংঘল, এজোপা ফলৰ গছো নাই৷ হাতীৰ খাদ্যৰ বাবেই যেন জংঘলখন বনাইছে, মানুহৰ বাবে নহয়৷"
 
তাৰ পিছত সোঁ ভৰিখন মোহাৰি মোহাৰি ক'লে, "ইমান সময় ধৰি জঁপিয়াই থকাৰ ফলত মোৰ ভৰিখন ফুলি গৈছে৷ কালি ৰাতিপুৱা খোজকঢ়াই টান হ'ব৷"
 
তাৰ পিছত দুয়ো মনে মনে বহি ৰ'ল কিছু সময়৷ গোটেই আকাশখন ৰঙা হৈ গ'ল অলপ সময়ৰ ভিতৰতে, তাৰ পিছত লাহে লাহে গ্ৰাস কৰি আনিবলৈ ধৰিলে অন্ধকাৰে৷ এজাক চিলনী নে শগুন উৰি আছে সিহঁতৰ মূৰৰ ওপৰত৷ কেইটামান আহি পৰিল ছতিয়নাৰ দৰে গছজোপাৰ ডালত৷

এটা সময়ত খুৰাদেউৱে ক্ষোভেৰে ক'লে, "তেনেহ'লে কি সেই মেনেজাৰ ফিলিপৰে জয় হ? আমি হাৰি যাম? নাই, সেয়া হ'বই নোৱাৰে৷"
 
সন্তুৱে কাণ থিয় কৰি ক'লে, "খুৰাদেউ, কিহৰ শব্দ? কুকুৰে ভুকিছে?"
 
"ক'? মইতো একো শব্দ শুনা নাই৷"
 
"মই শুনিছো এবাৰ৷ ৱাইল্ড ডগছ?"
 
সন্তুৱে ঘপহকৈ উঠি এৰি অহা হাবিখনৰ পিনে চালে, দল বান্ধি আঠ-দহটামান মানুহৰ দৰে জানো কি প্ৰাণী গৈ আছে৷ হাউলি হাউলি, জঁপিয়াই জঁপিয়াই৷ বেবুন নহয়, বেবুনতকৈ বহুত ডাঙৰ৷
 
"খুৰাদেউ, গৰিলা, গৰিলা৷"
 
"ধেৎ৷ ক'ৰ কি কৱ? ইয়ালৈ আকৌ গৰিলা ক'ৰ পৰা আহিব? ইয়াত গৰিলা নাই৷ ভয়তে তোৰ মূৰৰ বিকৃতি হ'ল নেকি?"
 
"সেয়া চোৱা, সৌৱা৷"
 
খুৰাদেউৱে এইবাৰ দেখিলে৷ লগে লগে তেওঁ আনন্দত চিঞৰি ক'লে, "মানুহ, মানুহ৷ সেয়াচোন মানুহ গৈ আছে৷ সন্তু মাত, মাত, ডিঙি ফালি মাত৷"
 
ঘপহকৈ নিজৰ চোলাটো খুলি তেওঁ লাইটাৰ জ্বলাই তাত জুই লগাই দিলে৷ তাৰ পিছত সেই জ্বলন্ত চোলাটো লাঠিৰ আগত বান্ধি ঘূৰাই ঘূৰাই নিজেও চিঞৰিবলৈ ধৰিলে, "হেল্প, হেল্প৷"
 
মানুহৰ দৰে যিটো দল নাচি নাচি গৈছিল, সিহঁতে সন্তুহঁতৰ মাত চাগে শুনা নাই, কিন্তু সিহঁতে জুইকুৰা দেখিবলৈ পাইছে৷ সিহঁত থমকি ৰ'ল৷ তাৰ পিছত চবেই একেলগে কু-কু-কু জাতীয় শব্দ কৰি দৌৰি আহিল সন্তুহঁতৰ পিনে৷
 
খুৰাদেউৱে বিজয়ৰ আনন্দত হাঁহি ক'লে, "জুই দেখি দৌৰি আহিছে যেতিয়া সিহঁত মানুহৰ বাদে আন একো হ'ব নোৱাৰে৷ সন্তু হাত দুখন মূৰৰ ওপৰত তুলি থাক৷ লাঠিডাল পেলাই দে৷"
 
তেওঁ নিজেও জুইৰে সৈতে লাঠিডাল পেলাই দি হাত দাঙি ৰ'ল৷
 
মানুহৰ দৰে দলটোৱে ধুমুহাৰ বেগত দৌৰি আহিল৷ সন্তুহঁতক কোনো ধৰণৰ কথা কোৱাৰ সুযোগ নিদিলে৷ সিহঁতৰ দুজনে সন্তু আৰু খুৰাদেউক পিঠিত তুলি লৈ পুনৰ দৌৰিবলৈ ধৰিলে৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ          সূচীপত্ৰলৈ                        পৰৱৰ্তী অধ্যায়লৈ