মূলঃ সুনীল গঙ্গোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
প্ৰথম অধ্যায়
উঃ, কি যে ঠাণ্ডা! ইয়াৰ বতাহৰো যেন ভয়ংকৰ
দাঁত আছে, গাত কামুৰি ধৰে একেবাৰে৷ সন্তুৱে খুৰাদেউৰ সৈতে এবাৰ কাশ্মীৰলৈ গৈছিল,
কিন্তু
তাৰ ঠাণ্ডাৰ লগত ইয়াৰ ঠাণ্ডাৰ তুলনাই নহয়৷
বতাহৰ ভয়ংকৰ দাঁত আছে, এই কথাষাৰ সন্তুৰ মনলৈকে আছিল৷ গৰম
কাপোৰেৰে গোটেই গাটো ঢাকিব পাৰি, কেৱল নাকটো নোৱাৰি৷ আন কোনোফালে সুবিধা নাপাই বতাহে যেন সন্তুৰ নাকতে কামুৰি ধৰিছে৷ মাজে মাজে এনেকুৱা লাগে নাকটো
যেন নাই৷ হাতমোজা পিন্ধা হাতেৰে সন্তুৱে মাজে মাজে চুই চাইছে, নাকটো সঁচাকৈ বতাহে চিঙি নিয়া নাইতো?
তাৰ পিছত এটা সময়ত সি নিজকে কৈ উঠিল,
"ধুই! মই আকৌ দাঁতৰ কথা ভাবিব লৈছো৷ আৰু নাভাবো৷ কোনোপধ্যেই
নাভাবো৷"
এটা দাঁতৰ কাৰণেই এইবাৰ সিহঁত ইমান
দূৰলৈ আহিছে৷
ঠাইখনৰ নাম গোৰখছেপ৷ এইবিলাক ঠাইৰ নাম
কোনে ৰাখে কোনে জানে! ঠাই মানেনো কি, ঘৰ-দুৱাৰ, গছ-গছনি একো নাই, কেৱল পাথৰ আৰু বৰফ৷ হ'লেও, চৌদিশৰ ওখ ওখ পাহাৰৰ মাজত এই ঠাইখনেই
যে অলপ সমতল৷ অ'ত ত'ত পৰি আছে কিছুমান পোৰা খৰি, আৰু অজস্ৰ টিনৰ খালি টেমা, তাৰে কোনোবাটো গাখীৰৰ, কোনোবাটো মতৰ মাহৰ, কোনোবাটো গাহৰিৰ মাংসৰ৷ মাজে মাজে এই
ঠাইখনত এভাৰেষ্ট আৰোহীসকলে শিৱিৰ পাতে৷ কেইদিন মানৰ আগতে বৃটিছ অভিযাত্ৰী দল এটায়ো
ইয়াত বেছ কেম্প পাতিছিল৷
ওচৰত এটা সৰু পাহাৰ, নাম কালাপাথৰ৷ তাৰ ওপৰৰ পৰা এভাৰেষ্টৰ
শিখৰ স্পষ্টকৈ দেখা যায়৷ এভাৰেষ্ট৷ পৃথিৱীৰ আটাইতকৈ ওখ শৃঙ্গ৷ সন্তুৱে এইকেইদিন
সদয়ে এই শৃঙ্গটো দেখি আছে! তাৰ বয়সৰ কোনো বঙালীৰ ল'ৰাই চাগে এভাৰেষ্টক ইমান ওচৰৰ পৰা দেখা
নাই, নিশ্চয় দেখা নাই!
সন্তুৱে এইবাৰ এটা কেমেৰা আনিছে লগত,
সি
নিজেই এভাৰেষ্টৰ ফটো তুলিছে৷ কলিকাতালৈ উভতি গৈ সেই ফটোৰ ৰীল ডেভলপ কৰি প্ৰীণ্ট
কৰি উলিয়াবলৈ সন্তু উচপিচাই আছে৷ কিন্তু কেতিয়া যে কলিকাতালৈ উভতি যোৱা হ'ব, তাৰ কোনো ঠিক নাই৷ কেতিয়াবা কেতিয়াবা,
বিশেষকৈ
ৰাতিৰ ফালে, মনত ভাব হয়, হয়তো আৰু কোনোদিনে উভতি য়োৱাই নহ'ব৷
দিনত ভয় নালাগে, ঠাণ্ডাও বেছি নাথাকে৷ যেতিয়া ৰ'দ দিয়ে,
তেতিয়া
বৰফৰ ওপৰত ৰ'দ পৰি এনেকৈ জ্বলমলাই যে খালি চকুৰে চালে চকু জ্বলি যাব যেন লাগে৷ সেই
কাৰণে সন্তুৱে দিনৰ ভাগত ৰঙীণ চচমা পিন্ধি থাকিবলগীয়া হয়৷ খুৰাদেউৱেও পিন্ধে৷ অথচ
নেপালী কেইজনে খালি চকুৰেই ঘূৰা ফিৰা কৰে, সিহঁতৰ একো নহয়৷
ইয়াতে সন্তুহঁতৰ সৈতে সাতজন নেপালী
আছে৷ দুজন ছেৰপা, বাকী পাঁচজন মালবাহক৷ সিহঁত ওচৰৰে তম্বু দুটাত থাকে৷ সন্তু আৰু
খুৰাদেউ থাকে এটা পাথৰৰ গম্বুজত৷
এই জনবসতিহীন ঠাইখনত এনেকুৱা এটা পাথৰৰ
গম্বুজ কোনে বনাইছিল আজি আৰু কোনেও ক'ব নোৱাৰিব৷ গম্বুজটো প্ৰায় তিনিমহলীয়া ঘৰ এটাৰ
সমান ওখ৷ ওপৰলৈ ক্ৰমে জোঙা হৈ গৈছে৷ প্ৰথম মহলাটো বেছ ওখ আৰু ডাঙৰ, তাত দুজন মানুহ অনয়াসে শুব পাৰে৷
ভিতৰেৰেই উঠি গৈছ চিৰি, একেবাৰে চূড়াৰ ওচৰত এখন অকণমানি জালি লগোৱা খিৰিকী আছে৷ সেই খনেৰেই
সোমাই ফেৰফেৰীয়া ঠাণ্ডা বতাহ৷ কিন্তু খিৰিকীখন বন্ধ কৰাৰ কোনো উপায় নাই, বন্ধ কৰিলেই উশাহ বন্ধ হৈ মৰিব লাগিব৷
ছেৰপাকেইজনে কয়, এই গম্বুজটো হাজাৰ হাজাৰ বছৰ ধৰি
ইয়াতেই আছে৷ কিন্তু খুৰাদেউৰ মতে এই গম্বুজটোৰ বয়স এশ বছৰৰ বেছি হ'ব নালাগে৷ আৰু এইটো নিশ্চয় কোনোবা
চাহাবে বনোৱা৷ গম্বুজত সোমাবৰ কাৰণে এখন লোৰ মজবুট দৰজা আছে৷ খুব সম্ভৱ কোনো
চাহাবে ইয়াতে বহি এভাৰেষ্টৰ দৃশ্য চাবলৈ এইটো বনাইছিল৷ পাহাৰ-পৰ্বতকলৈ উৎসাহ
উদ্দীপনা চাহাব সকলৰেই বেছি৷
কিন্তু ওপৰৰ খিৰিকীখনেৰে এভাৰেষ্ট দেখা
নাযায়৷ কালাপাথৰ নামৰ সৰু পাহাৰটোৰ কাৰণে অলপ ঢাক খাই যায়৷ হ'লেও খুৰাদেউৱে কয়, এতিয়া নেদেখি যদিও এশ ডেৰশ বছৰ আগতে
হয়তো ইয়াৰ পৰাই দেখা পোৱা গৈছিল৷ ইয়াৰে ভূক্ষেত্ৰত নানা ধৰণৰ পৰিবৰ্তন ঘটি থাকে
অনবৰতে৷ কেতিয়াবা যদি কোনো পাহাৰৰ শিখৰ ভাঙি পৰিছে, কেতিয়াবা কোনোবা এখন ঠাই বহি গৈছে,
কোনোবা
স্থানত আকৌ হঠাৎ দেখিবলৈ পাব ক'ৰবাৰ পৰা নৈ এখন আহি ববলৈ ধৰিছে৷
সন্তুৱে নিজেই কেইদিনমান আগতে এটা
ভয়ংকৰ ঘটনা দেখিছিল৷ সেইটো অৱশ্যে এই ঠাইখনত নহয়৷ সেই ঠাইখনৰ নাম কুনড, বহু আগত এৰি আহিছে৷
কুনড এখন সৰু সুৰা গাওঁৰ দৰেই, এখন সৰু হস্পিতেল আৰু স্কুলো আছে৷ তাত
সন্তুহঁত দুদিন আছিল জিৰণি লোৱাৰ উদ্দেশ্যে৷ এদিন আবেলি হঠাৎ এনেকুৱা এটা বিকট
শব্দ হ'ল, যেন দহখন জেট প্লেনহে মূৰৰ ওপৰেৰে উৰি গৈছে৷ সন্তুৱে আকাশলৈ চাই দেখে
একো নাই৷ আকাশত ডাৱৰেই নাই যে বজ্ৰপাত হ'ব৷ কিছু সংখ্যক নেপালী মানুহে ভয়তে
দৌৰা দৌৰি কৰিছে৷ খুৰাদেউ বহি আছিল চোতালত কাঠৰ টুল এখনত৷ তেওঁ উত্তেজিত ভাবে উঠি
সন্তুক হাতবাউলি দি মাতিলে ওচৰলৈ৷
সন্তু দৌৰি গ'ল খুৰাকৰ ওচৰলৈ৷ খুৰাদেউৱে সন্মুখলৈ
আঙুলিৰে দেখুৱাই ক'লে, "সেয়া চা! এনেকুৱা দৃশ্য দেখিবলৈ পোৱাটো ভাগ্যৰ কথা৷"
সন্তুৱে সন্মুখলৈ চাই দেখিলে যে বহু
দূৰৈত, কমেও পাঁচ-ছয় মাইলতো হ'বই, এঠাইত পাহাৰ জুৰি কেৱল বগা ৰঙৰ ধোঁৱাই
আগুৰি ধৰিছে, আৰু সেই কাণ ফাটি যোৱা শব্দটো আহিছিল তাৰ পৰাই৷
সন্তুৱে সুধিলে, "তাত কি হৈছে খুৰাদেউ?"
খুৰাদেউৱে ক'লে, "ধৰিব পৰা নাই? আভালান্স৷ পাহাৰৰ শিখৰৰ পৰা হিমবাহ
ভাঙি পৰিছে!"
বৰফ ভাঙিলে ইমান ডাঙৰ শব্দ হয়! হাজাৰ
হাজাৰ লোৰ হাতুৰী লৈ কোবোৱা কুবি কৰিলেও এনেকুৱা শব্দ নহ'ব৷ বগা ৰঙৰ ধোঁৱাই ক্ৰমশঃ চানি ধৰিবলৈ
ধৰিলে চৌদিশ৷ ধুমুহাৰ দৰে আহি বতাহে খুন্দিয়ালে সন্তুক৷ দুঘন্টালৈকে সেই শব্দ
নকমিল৷
সন্তুৱে সুধিছিল, "খুৰাদেউ, সেই হিমবাহ বাগৰি ইয়ালৈ আহিব পাৰিবনে?"
খুৰাদেউ কৈছিল, "অ', আহি যাব পাৰে৷ মাজত এখন নৈ আছে৷ যদি
সেইখন ভৰি যায়...."
সন্তুৱে কৈছিল, "ইয়ালৈ আহিলে কি হ'ব?"
খুৰাদেউৱে খুব শান্তভাৱে কৈছিল,
"কিনো আৰু হ'ব, আমাক পুতি পেলাব৷ কিমান গাওঁ মাজে মাজে
এনেদৰে পোত খাই যায়৷"
খুৰাদেউৰ সেই উত্তৰটো এতিয়াও সন্তুৰ
কাণত বাজে৷ ভয় বোলা কোনো বস্তুৱেই যেন খুৰাদেউৰ নাই৷ হিমবাহ আহি পুতি পেলোৱাটোও
যেন খুৰাদেউৰ কাৰণে সাধাৰণ কথা৷
ইয়াতে এই গম্বুজৰ ভিতৰত শুই থাকোতেও
সন্তুৱে মাজে মাজে দূৰৈৰ ক'ৰবাত গুম গুম শব্দ শুনিবলৈ পায়৷ ক'ৰবাত হিমবাহ ভাঙিছে৷ যদি ইয়ালৈকে আহি
যায়! হিমবাহৰ ইমানেই শক্তি যে এই মজবুত গম্বুজটোও নিশ্চয় ভাঙি গুৰি কৰি পেলাব৷
কিবা কাৰণত যদি নাভাঙেও আৰু গম্বুজৰ চূড়া পৰ্যন্ত বৰফে ঢাকি পেলায়? তেতিয়াওতো সিহঁতে ইয়াৰ পৰা আৰু কোনো
দিনে ওলাই যাব নোৱাৰিব!
গম্বুজটো সাধাৰণতে নেপাল গভাৰ্নমেন্টে
বন্ধ কৰি ৰাখে৷ খুৰাদেউৱে বিশেষ অনুমতি লৈ ইয়াত থকাৰ ব্যৱস্থা কৰিছে৷ ইয়াত
সন্তুহঁত ছদিন ধৰি আছে৷
দিনৰ ভাগত ইফালে সিফালে অলপ ঘূৰা-ফিৰা
কৰা হয়৷ সন্ধিয়া হ'লে আৰু কৰিবলৈ একো নাথাকে৷ গম্বুজৰ ভিতৰত সুমাবলগীয়া হয়৷ স্লিপিং
বেগত সোমাই চেইন টানি দিলে সন্তুৰ চেহেৰাটো এটা বোলষ্টাৰ গাৰুৰ নিচিনা হৈ পৰে৷ তাৰ
পিছত আৰু লৰ চৰ কৰা সম্ভৱ নহয়৷
কিন্তু সাঁজ লগাৰ লগে লগেইতো আৰু শুব
নোৱাৰি৷ ঠাণ্ডাৰ পৰা বাচিবলৈ স্লিপিং বেগৰ ভিতৰত সোমাই পৰিব লগীয়া হয়৷ কিতাপো
পঢ়িব নোৱাৰি৷ কোঠাত পোহৰ আছে যথেষ্ট৷ বিলাতৰ পৰা অনা বেটাৰীত চলা লন্ঠন এটা লগত
লৈ আহিছে খুৰাদেউৱে৷ সেইটোৰ পৰা নিয়ন লাইটৰ নিচিনা পোহৰ ওলায়৷ গম্বুজৰ ভিতৰখন তাৰ
পোহৰেৰে উজ্বলি আছে৷ কিতাপখন কাষত থৈ কাটি হৈ শুই পঢ়িব পাৰি, কিন্তু স্লিপিং বেগৰ ভিতৰৰ পৰা হাতখন
উলিয়াব নোৱাৰাত পাত লুতিয়াব পৰা নাযায়৷ বাৰে বাৰে চেইন খুলি হাত উলিয়াবলৈ গ'লে বতাহ সুমাই অলপ সময়ৰ ভিতৰতে স্লিপিং
বেগৰ ভিতৰখন ইমানেই ঠাণ্ডা হৈ পৰে যে হাড় পৰ্যন্ত কঁপাই দিয়ে৷
তাৰ সমস্ত চুৱেটাৰ, কোট, মাফালাৰ পিন্ধিও চাৰে সাতটাৰ পিছত আৰু
সন্তুৱে কোনোপধ্যেই স্লিপিং বেগৰ বাহিৰত থাকিব নোৱাৰে৷ কিন্তু খুৰাদেউৱে পাৰে৷
খুৰদেউৰ যেনেকৈ ভয়-ভীত নাই, তেনেকৈ ঠাণ্ডাও নাই চাগে৷ ৰাতি দহটা এঘাৰটা
পৰ্যন্ত খুৰাদেউৱে চামৰাৰ জেকেট পিন্ধি গম্বুজৰ চূড়াত বহি খিৰিকীৰে চাই থাকে
বাহিৰলৈ৷ কেতিয়াবা মাজৰাতি টোপনি ভাঙি গ'লেও খুৰাদেউৱে স্লিপিং বেগৰ পৰা ওলাই
গম্বুজৰ ওপৰৰ পৰা পাক এটা মাৰি আহে৷ এজন খোৰা মানুহৰ এনেকুৱা উৎসাহ-উদ্দীপনা নিজ
চকুৰে নেদেখিলে কোনেও বিশ্বাস নকৰিব৷
যেতিয়ালৈকে টোপনি নাহে সন্তুৱে চকু
মেলি চাই থাকে আৰু কলিকাতাৰ কথা ভাবে৷ চাৰে সাতটা, আঠটা বাজিছেহে মাথো, এতিয়া কলিকাতাত কিমান হৈ-চৈ৷ কিমান
ধৰণৰ গাড়ীৰ শব্দ, মানুহৰ ভিৰেৰে ৰাস্তা-ঘাট গুমগুমাই আছে৷ আৰু ইয়াত কোনো ধৰণৰ
সাৰি-শব্দ নাই৷ এই ঠাইখন যেন পৃথিৱীৰ বাহিৰত৷
খুৰাদেউ নামি নহালৈকে লাইটটো জ্বলি
থাকিব৷ চকুত পোহৰ পৰিলে টোপনি নাহে বুলি খুৰাদেউৱে লাইটটো নুমাই দিয়ে৷ কিন্তু
সেইটো গোটেই ৰাতি জ্বলি থকা হ'লে সন্তুৰ বেছি ভাল লাগিলহেঁতেন৷ আন্ধাৰ হ'লেই সন্তুৰ গাটো চমচমাবলৈ ধৰে৷ ঠিক ভয়
নহয়, আন্দামানলৈ গৈ সন্তু আৰু খুৰাদেউ যি বিপদত পৰিছিল, ইয়াততো তেনেকুৱা একো বিপদৰ সম্ভাৱনা
দেখা নাই৷ হিমবাহ ভঙাৰ ভয় এটা আছে হয়, কিন্তু এশ বছৰ ধৰি এই গম্বুজটো যিহেতু
টিকি আছে, তেনে ক্ষেত্ৰত হঠাতে আজি হিমবাহ আহি এইটো পুতি পেলাব, কথাটো সিমান বিশ্বাস কৰিব নোৱাৰি৷
অৱশ্যে একো ক'বও নোৱাৰি৷ কিন্তু ঠাইখন
একেবাৰে নিৰ্জন কাৰণেই চাগে অনবৰতে অলপ ভয় ভয় লাগি থাকে৷
খুৰাদেউৰ উদ্দেশ্য কি সন্তুৱে এতিয়াও
একো ধৰিব পৰা নাই৷ ইয়াতে দিনৰ পিছত দিন এই গম্বুজৰ ভিতৰত বহি থকাৰ কি কাৰণ থাকিব
পাৰে৷ ছেৰপা দুজন আৰু মালবাহক কেইজনো বেছ অস্থিৰ হৈ পৰিছে৷ এই নেপালী মানুহ বিলাকে
কাম কৰিবলৈ খুব ভাল পায়, পৰিশ্ৰম কৰিবও পাৰে যথেষ্ট, এঠাইত মনে মনে বহি থকাটোহে ইহঁতৰ সহ্য
নহয়৷ যোৱা পাঁচদিন ধৰি ইহঁতে কেৱল ৰান্ধিছে, খাইছে আৰু শুইছে৷ ইহঁতৰ চৰ্দাৰজনৰ নাম
মিংমা৷ তাৰ সৈতে ভাল বন্ধুত্ব গঢ়ি উঠিছে সন্তুৰ৷ মিংমাৰ বয়স চৌত্ৰিছ-পয়ত্ৰিছ হ'ব৷ ঠিক যেন বাদামী ৰঙৰ পাথৰেৰে গঢ়া
তাৰ শৰীৰ৷ ইয়াৰ আগতে এটা অভিযাত্ৰী দলৰ সৈতে এভাৰেষ্টৰ একেবাৰে কাষ পাইছিল সি৷ তাৰ
বৰ ইচ্ছা এবাৰ এভাৰেষ্টৰ শিখৰত উঠাৰ৷ মিংমাই সন্তুক মাতি নি প্ৰায়ে সোধে,
"আংকলৰ মতলব কি? আংকল ইয়াতে ৰৈ গ'ল যে? এভাৰেষ্টৰ পিনে নাযায় নেকি?"
সন্তুৱে এইবোৰ প্ৰশ্নৰ একো উত্তৰ দিব
নোৱাৰে৷
দিনৰ ভাগত ৰ'দ থাকিলে সন্তুৱে ইফালে সিফালে ফুৰিবলৈ
যায়৷ কিন্তু খুৰাদেউৱে তাক অকলে নেৰে কেতিয়াও৷ এজন ছেৰপা লগত থাকিবই লাগিব৷ পৰ্বতীয়া
ৰাস্তাত যিকোনো সময়তে বিপদ হ'ব পাৰে৷ প্ৰতিদিনে সন্তুৱে কালাপাথৰ পাহাৰত উঠি
এভাৰেষ্টটো এবাৰ চাই আহিবই৷ এভাৰেষ্টৰ পিনে চালেই যেন বুকু কঁপি উঠে৷ এই শৃঙ্গটোৰ
শিখৰত মানুহে খোজ পেলাইছে, সেয়া যেন কোনোপধ্যেই বিশ্বাস কৰিব নোৱাৰি৷
চন্দ্ৰ পৃষ্ঠতোতো মানুহৰ পদধূলি পৰিছে, চন্দ্ৰলৈ চালে জানো সেয়া মানি ল'ব পাৰি? খুৰাদেউৱে কাষলতিৰ তলত পেং লৈ এই বৰফৰ
ৰাজ্য পাৰ হৈ এভাৰেষ্টৰ শিখৰত উঠিব খোজে, এয়া যেন অসম্ভৱ কথা৷
ৰাতিবোৰ যেন যাবই নোখোজে৷ খুৰাদেউৱে
গম্বুজৰ চূড়াত বহি থাকে, আৰু সন্তু স্লিপিং বেগৰ ভিতৰত বন্দী হৈ৷
কাঠৰ যিবোৰ বাকছত বস্তু বাহানিবোৰ ভৰাই
অনা হৈছিল, তাৰেই এটা খালি বাকছ দুয়োখন বিচনাৰ মাজত পতা হৈছে টেবুলৰ দৰে৷ লাইটটো
তাৰ ওপৰতেই থোৱা আছে৷ তাৰ ওপৰত এটা ঘড়ী, টৰ্ছ আৰু এটা সৰু চাৰিকুণীয়া কাঁচৰ
বক্স৷ দেখিবলৈ গহনাৰ বাকছৰ দৰে, তাৰ ভিতৰত গহনাৰ সলনি আছে এটা মানুহৰ দাঁতৰ দৰে
বস্তু৷ সেই দাঁতটোৰ পিনে চালেই সন্তুৰ গা সিৰসিৰাই যায়৷ অথচ সাত ৰজাৰ ধন এক মানিকৰ
দৰেই খুৰাদেউৱে অনৱৰতে দাঁতটো লগত লৈ ফুৰে৷ আৰু মাজে মাজে সেইটোৰ পিনে একদৃষ্টিৰে
চাই থাকে, যেন ধ্যান কৰিছে, ঠিক তেনেদৰে৷
এই দাঁতটোৰ এটা বহুত ডাঙৰ ইতিহাস আছে৷
***
সূচীপত্ৰলৈ পৰবৰ্তী অধ্যায়লৈ