Mar 12, 2015

ভীমৰতি - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Bhimrati an Assamese Horror Mystery Novel by Rajiv Phukan   
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
 *অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

প্ৰথম অধ্যায়

গভীৰ নিশা। বাৰীৰ পিছফালৰ পৰা আৰম্ভ হোৱা দুৰ্ভেদ্য জংঘলৰ পৰা ভাঁহি অহা জিলিৰ মাত বাঢ়ি গৈ আছে ক্ৰমান্বয়ে।
 
এই কোঠাটোত পুৰণিকলীয়া মূল্যৱান কাঠৰ গধুৰ গধুৰ খিৰিকি আছে যদিও সেইবোৰত আছে সৰু সৰু ফাঁক। সেইফালৰ পৰা সোমাই অহা ফেৰফেৰীয়া বতাহত পৰ্দা কেইখন কঁপিছে থৰথৰাই।
 
থাকোগোপাল চৌধুৰী মগ্ন আছিল গভীৰ নিদ্ৰাত, হঠাতে সাৰ পাই তেওঁ উঠি বহিল বিছনাৰ ওপৰত। কেঁচা টোপনি ভঙিলে মুখত যি বিৰক্তিৰ ভাব দেখা যায়, সেয়া তেওঁৰ অভিব্যক্তিত নাই, বৰং ছাঁ-পোহৰৰ মাজত তেওঁৰ মুখত খেলা কৰিছে এক অদ্ভুত আতংকই।
 
কিয় যে তেওঁৰ টোপনি ভাঙিল, থাকোগোপালে ধৰিব পৰা নাই। ক'তো কোনো শব্দ নাই, শৰীৰতো কোনো অস্বস্তি নাই। তেওঁ খেপিয়াই খেপিয়াই পালেঙৰ একাষে টেবুলৰ ওপৰত থোৱা পানীৰ গ্লাছটোৰ পৰা ঘোঁট-ঘোঁটকৈ কেইঘোঁটমান পানী খই ল'লে। তাৰ পিছত অলপ ধাতস্থ হৈ ফুচফুচাই মাতিলে, "অনন্ত! অনন্ত!"
 
অনন্তই কোঠাৰ বাহিৰত মজিয়াতে শুই আছিল। মালিকক ৰাতি কিবা লাগিব পাৰে, সেয়ে সি তাতেই গামোচা পাৰি শুৱে। ধহমহকৈ উঠি ভিতৰলৈ সোমাই আহিল সি, "কওক, দেউতা।"
 
থাকোগোপালৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। হাতৰ পিঠিৰে সেয়া মচিলৈ তেওঁ ক'লে, "আৰু তিনিটা দিন অনন্ত!"

অনন্তই ক'লে, "দেউতা, আপুনি সেই একেটা কথাই ভাবি আছে? এই অলপতে ইমান ডাঙৰ বেমাৰ এটাৰ পৰা ভাল হৈ উঠিছেহে, এইবিলাককে ভাবি থাকিলেচোন আপোনাৰ আকৌ গা বেয়া হ'ব। বাইদেৱেও সেই কাৰণে বেছি চিন্তাত পৰিছে।"
 
থাকোগোপালে যেন শুনাকে নাপালে তাৰ কথা, দূৰৈত ঢিমিক-ঢামাককৈ জ্বলি থকা নাইট লেম্পটোৰ পিনে অন্যমনস্কভাৱে চাই থাকি ক'লে, "দেৱযানীয়ে একেবাৰেই নামানিলে। কালি ৰাতিপুৱাই সূৰ্য্যনাৰায়ণ আহিব। শাস্ত্ৰীয়ে ঠিকেই কৈছিল অ', এতিয়া মোৰ উভয়-সংকট।"
 
"সি আহিব ভালৰহে কথা, দেউতা। নাতি ল'ৰাটো ইমানদিনৰ মূৰত ককাকৰ ঘৰলৈ আহিব, এয়া জানো কম আনন্দৰ কথা! বাইদেউৱে নাতিটোক পঠাই ভালেহে কৰিছে। সৰকাৰ ডাঙৰীয়াইতো কৈছিলেই..." অনন্তই ক'লে।
 
"তহঁতে কেৱল এটা দিশেহে ভাবি চাৱ অনন্ত৷" চেপা মাতেৰে গৰজি উঠিল থাকোগোপাল, "মোৰ দিশটোতো কোনেও চাব নোখোজ।"
 
অনন্তই হাতযোৰ কৰি ক'লে, "ভাবো দেউতা, অনবৰতে ভাবো। সেইকাৰণেইতো ইমান বছৰ ধৰি আপোনাৰ চব কামতে লগ..."
 
"চুপ। বৰ বৰ কথা ক'বলৈ ধৰিছ আজিকালি! ভালদৰে শুনি থ, যিমান দিনলৈ সূৰ্য থাকিব, তই চকুৰ আঁতৰ হ'বলৈ নিদিবি। শংকৰকো কৈ থৈছোঁ যাতে বেছি লেৰেলা সাদৰ নেদেখুৱায়।" এটা উশাহ ল'লে থাকোগোপালে, "মই কোনো ৰিস্ক ল'ব নোখোজো।"
 
বাঁও হাতত এটা মধ্যমীয়া আকৃতিৰ ট্ৰলি আৰু পিঠিত এটা বেকপেক লৈ অৰ্ক যেতিয়া বোলপুৰ ষ্টেছনত নামিল, তেতিয়া ঘড়ীৰ কাটাই দুপৰীয়া পাৰ হৈ আবেলিৰ পিনে আগবাঢ়িছে। গোটেই ষ্টেচনটো প্ৰায় নিজম পৰি আছে, 'ত-ত'ত গামোচা পাৰি শুই থকা কেইজনমান কুলি, লাইটৰ তাঁৰৰ পোষ্টত অলসভাৱে ওলমি থকা দুই-তিনিটা কাউৰীৰ বাদে ক'বলৈ গ'লে কোনো ক'তো নাই। আনকি বাহিৰৰ দোকানবোৰৰ জাপো বন্ধ।
 
মাকে প্ৰথমে কৈছিল ককাকে পঠোৱা গাড়ী ষ্টেচনৰ বাহিৰতে ৰৈ থাকিব। কিন্তু ট্ৰেইন যেতিয়া গুছকৰা ষ্টেচন এৰিছে, ঠিক তেতিয়াই মাকে পুনৰ ফোন কৰিলে, "তই ক'?"
 
"এই... ট্ৰেইন গুছকৰা এৰিছে আৰু, ইন্টাৰনেটত চালো অলপ সময় পিছতেই পাম।" অৰ্কই ঠোঙাৰ পৰা জালমুড়ি এমুঠি  মুখত ভৰাই ক'লে।
 
"শুন, শংকৰখুৰাই ফোন কৰিছিল। তোক নিবলৈ যিখন গাড়ী আহিছিল, মাজৰাস্তাত সেইখন বেয়া হৈছে। ইঞ্জিনৰ গণ্ডগোল, ঠিক হওতে সময় লাগিব। ৰ'দ খনতনো আৰু তই কিমান দেৰি ৰৈ থাকিবি? তাতকৈ বাছতে যা গৈ নেকি?"
 
অৰ্কৰ খং উঠিছিল, সি বিৰক্তিৰে ক'লে, "ধুৰ, এই কাৰণেই মই আহিব খোজা নাছিলোঁ, তুমিয়ে জোৰ কৰি পঠাইছা। ককাই এনেও বিচৰা নাছিল মই অহাতো। সেয়ে ইচ্ছা কৰিয়েই গাড়ীখন বেয়া কৰিছে।"
 
"ছিঃ অৰ্ক!" ট্ৰেইনৰ শব্দকো চেৰ পেলাই মাকৰ তিৰস্কাৰ শুনা গ', "গুৰু গোসাঁই নোহোৱা হৈছে নেকি তোৰ? ইমান ডাঙৰ হ'লি অথচ এইকণো নিশিকিলিনে? বাবা, তোৰ অসুবিধা হ'ব বুলিয়েই তেওঁ মানা কৰিছিল। নহ'লে জানো নাতিয়েকক চাবলৈ কোনোবা ককাকে নিবিচৰাকৈ থাকে?"
 
এতিয়া এই ভৰ দুপৰীয়া ৰ'দত ষ্টেচন চৌহদৰ পৰা ওলাই গৈ থাকোতে মাকৰ কথাবোৰ মনত পৰাত তাৰ আকৌ বিৰক্তি জাগিল। ইয়ালৈ অহাৰ যে তাৰ একেবাৰে ইচ্ছা নাছিল, তেনেকুৱা নহয়, জ্ঞান হোৱাৰ পিছত সি কেতিয়াও ককাকৰ ঘৰলৈ অহা নাই। আৰু কেৱল সেয়াই নহয়, মাকে কোৱা মতে চহৰৰ কোলাহলৰ পৰা আঁতৰত এনেকুৱা বিতোপন গাঁও হেনো সি কাহানিও দেখা নাই।
 
কথাটো মিছা নহয়, অৰ্ক সৰুৰে পৰাই কলিকতাৰ চল্টলেকতে ডাঙৰ হৈছে। তাৰ দেউতাকৰ বংশ-পৰিয়ালত কোনো নাই, সৰুৰে পৰা তেওঁ ডাঙৰ হৈছিল ৰামকৃষ্ণ মিছনৰ এখন অনাথ আশ্ৰমত। ভাল ছাত্ৰ হোৱাৰ সুবাদতে স্কুল, কলেজত পঢ়ি ভাল চাকৰি পাইছিল। চল্টলেকত দেউতাকৰ কোৱাৰ্টাৰতেই থাকে সিহঁত।
 
কিন্তু মাকৰ মুখত সি সৰুৰে পৰাই শুনিছিল, তাৰ মাকৰ দেউতাক হেনো বীৰভূমৰ এখন প্ৰাচীন গাঁৱৰ ডাঙৰ জমিদাৰ। আগৰ জমিদাৰী নাথাকিলেও, ৰঙামাটি লেপা সেই গাঁৱৰ সকলোৱে তাৰ ককাক থাকোগোপাল চৌধুৰীক খুব মানে।
 
পিছে সেই মনাটোৰ কিমানখিনি আন্তৰিক ভক্তি আৰু কিমানখিনি ভয় সেয়া অৱশ্যে অৰ্কই নাজানে।
 
পুৰণিকলীয়া সেই জমিদাৰগৃহৰ ঠাকুৰদালান, নাচমহল, গোপন বুলনি চৰা আদিৰ কথা সৰুৰে পৰা মাকৰ মুখত শুনি শুনি অজানিতেই তাৰ মনৰ মাজত সেই জমিদাৰগৃহৰ ছবি অংকিত হৈ গৈছিল। সৰুতে সি মাকক প্ৰায়ে সুধিছিল, "আমাৰ লগৰ চবেই বন্ধ পালে ককাকৰ ঘৰলৈ যায়। আমি কিয় নাযাওঁ? 'লা না মা, এইবাৰ গৰমৰ বন্ধত যাওঁ।"
 
মাকে প্ৰথমে কোনো উত্তৰ নিদিছিল, মনে মনে থাকে। তাৰ পিছত বাৰে বাৰে সুধি থাকিলে কয়, "ককা যে এতিয়া খুব ব্যস্ত অৰ্ক। তুমি ডাঙৰ হৈ লোৱা, তাৰ পিছত তোমাক লৈ যাম।"
 
ডাঙৰ হৈছে অৰ্ক। কিন্তু ল'ৰালি কালৰ দৰে সি আৰু ককাকৰ ঘৰলৈ যাবলৈ জেদ নকৰে। সি এতিয়া বুজি উঠিছে, থাকোগোপাল চৌধুৰীৰ দৰে মদগৰ্বী স্বাৰ্থপৰ মানুহৰ ওচৰলৈ নোযোৱাই ভাল।
 
মাকে ফোনত বুজাই দিছিল ষ্টেচনৰ পৰা ওলাই ক'ত বাছ ধৰিব লাগিব। সেইমতে সি কিছুদূৰ গৈ বাছষ্টেণ্ডটো পালে। তাতো মানুহ-দুনুহ বিশেষ নাই। কেৱল মধ্যমীয়া আকৃতিৰ জৰাজীৰ্ণ বাছ দুখন ৰৈ আছে। আৰু কাষৰ গুমটি দোকানত কান্ধত টিকটৰ বেগ লৈ বহি আছে কেইজনমান মানুহ।
 
অৰ্ক আগুৱাই গ', "দাদা, সিঙ্গিলৈ যোৱা বাছ কোনখন?"
 
এজন কণ্ডাক্টৰে তালৈ চালে, "কোনখন সিঙ্গি? অজয়ৰ ইটো পাৰৰ খন নে সিটো পাৰৰ খন?"
 
অৰ্কই ভয় নকৰিলে, মাকে তাক আগতেই সকলো বুজাই দিছিল। এই অঞ্চলত দুখনকৈ সিঙ্গি বুলি গাঁও আছে। এখন অজয় নদীৰ ইটো পাৰে, আনখন সিটো পাৰে। নদীৰ সিপাৰৰ সিঙ্গি বৰ্ধমান জিলাৰ এখনত উন্নয়নশীল গাঁও। অৰ্কই সদ্যহতে বাংলাত এম এ পৰীক্ষা দি উঠিছে। সেই সিঙ্গিতেই মধ্যযুগীয়া কবি কাশীৰাম দাসৰ জন্ম, সেয়া সি ভালদৰেই জানে। কিন্তু সি তালৈ নাযায়, যাব নৈৰ ইপাৰৰ সিঙ্গিলৈ। এইখন বীৰভূম জিলাতেই পৰে।
 
সি ক'লে, "ইপাৰৰ সিঙ্গি। বাটত ইতণ্ডা গাঁও পাম, তাতেই নামিম।"
 
এঘন্টা ধৰি বাছখন তাতেই ৰৈ থাকিল। সেইখিনি সময় সি খিৰিকিৰ কাষত বহি শুই ল'লে। হঠাৎ জোকাৰণি এটা মাৰি বাছখন চলিবলৈ আৰম্ভ কৰাত তাৰ মনলৈ আহিল, ককাক জানো সঁচাকৈয়ে তাক দেখি সুখী হ'? আগে পিছে কৰাৰ দৰে আহিব খোজাত এইবাৰো ভীষণ আপত্তি কৰিছিল। কিন্তু ষ্ট্ৰোকৰ খবৰটো শুনি মাকে আৰু এইবাৰ কোনো কথাই নুশুনিলে, জোৰ কৰি অৰ্কক পঠাই দিলে।
 
সঁচাকৈ অদ্ভুত মানুহ এই থাকোগোপাল চৌধুৰী! অৰ্কই মনে মনে ভাবিলে। সামান্য এটা কুসংস্কাৰৰ বশৱৰ্তী হয়েই মানুহজনে পঁচিশ বছৰ ধৰি নিজৰ একমাত্ৰ জীয়েকৰ মুখ চোৱা নাই। আনকি অৰ্কৰ জন্মৰ পিছতো চাবলৈ নগ'ল।
 
অথচ প্ৰতি বছৰে পূজা আৰু পহিলা বহাগত বীৰভূমৰ ইতণ্ডা গাঁৱৰ পৰা নিয়মিত নতুন কাপোৰ-কানি গৈ পায় অৰ্কহঁতৰ কোৱাৰ্টাৰলৈ। সৰুকালত ইতণ্ডাৰ জমিদাৰৰ গাড়ী অজস্ৰ উপহাৰেৰ সৈতে কোৱাৰ্টাৰৰ সন্মুখত ৰোৱা দেখিলেই অৰ্কৰ মনটো আনন্দত নাচি উঠিছিল। শিশু সুলভ উচ্ছলতাৰে, "ককাৰ গাড়ী আহিছে! চাওঁ কি কি আনিছে মোলৈ?" বুলি চিঞৰি চিঞৰি সি দৌৰি যায় গাড়ীখনৰ কাষলৈ।
 
কিন্তু অকণমান বুজা হোৱাৰ পিছত গাড়ীখন দেখিলে তাৰ অকল খং উঠাই নহয় ফালি চিৰি পেলাবলৈ মন যায় উপহাৰবোৰ। নিজে কেতিয়াও নাহি বছৰত দুবাৰ টকাৰ গৰম দেখুৱা সেই কাৰবাৰটো একেবাৰে নিকৃষ্ট যেন বোধ হয় তাৰ।
 
সি যেতিয়া ক্লাছ ইলেভেনত পঢ়ি আছিল, তেতিয়া ককাকৰ গাড়ীৰ ড্ৰাইভাৰে আহি তাৰ হাতত তুলি দিছিল দোকানৰ পৰা কিনি অনা এটা চিকচিকীয়া লেপটপ।
 
জাগতিক মোহৰ উৰ্ধত অৰ্কৰ আত্মভিমান যথেষ্ট প্ৰৱল। এনেও সেইখিনি সময়ত তাৰ খং উঠি আছিল, মেট্ৰিকৰ পিছত হাজাৰবাৰ অনুৰোধ কৰা স্বত্বেও ককাকে মানা কৰা বুলি মাকে তাক গাঁৱৰ ঘৰলৈ লৈ নগ'ল। তাৰ পিছত এইবিলাক নাটক আৰু সি সহ্য কৰিব নোৱাৰিলে, সজোৰে লেপটপটো এছাৰ মাৰি দিছিল মাটিত। খঙেৰে কৈছিল, "থাকোগোপাল চৌধুৰীক গৈ কৈ দিব দামী দামী গিফ্ট পঠালেই ককাকৰ দায়িত্ব শেষ নহয়। ককাক হ'বলৈ হ'লে মৰম, ভালপোৱা এইবিলাকৰো প্ৰয়োজন আছে।" কথাষাৰ কৈয়েই সি গুচি গৈছিল নিজৰ কোঠালৈ।
 
তাৰ সেই আকস্মিক দুৰ্ব্যৱহাৰত মাক-দেউতাক যিমান ক্ষুদ্ধ হৈছিল, তাতকৈ বহু গুণে বেছি অবাক হৈছিল। অৰ্ক শান্ত ল'ৰা, পতকৈ খং নুঠে তাৰ।
 
সিদিনা ৰাতিয়েই দেউতাকে তাক কৈছিল ইতণ্ডাৰ জমিদাৰৰ সেই আচৰিত অভিশাপৰ কথা, যি ধাৰাবাহিকভাৱে চলি আহিছে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি। থাকোগোপালৰ নিচিনা বংশৰ প্ৰতিজন পুৰুষে নিজৰ অজানিতেই বংশ বিস্তাৰৰ লগে লগে জীয়াই ৰাখিছে সেই অভিশাপটোও।
 
কণ্ডাক্টৰে টিকট বিচৰাত অৰ্কৰ সম্বিৎ ঘূৰি আহিল। বিশ টকাৰ নোটখন আগবঢ়াই দি সি ক'লে, "এটা, ইতণ্ডা। কিমান সময় লাগিব গৈ পাওতে?"
 
কণ্ডাক্টৰে উত্তৰ দিলে, "বোলপুৰৰ পৰা বিশ মিনিটৰ বাট। বাট হিচাপে বেছি সময়ৰ বাট নহয় আচলতে, কিন্তু ৰাস্তা খুব বেয়া..."
 
ইতণ্ডা গাঁৱৰ ইতিহাস অৰ্কই শুনিছিল তাৰ দেউতাকৰ মুখত। তাৰ দেউতাক পূৰাতত্ব বিভাগৰ অফিচাৰ, তেওঁ কৈছিল, "তোৰ ককা যিখন গাঁৱৰ জমিদাৰ, সেই ইতণ্ডা গাঁৱৰ নামটো ক'ৰ পৰা আহিছে কচোন?"
 
অৰ্কই মূৰ জোকাৰি কৈছিল, "সেইটো নাজানো। মায়ে কৈছিল ইতুপূজা বুলি কিবা এটা পূজা হয় তাত। সেই ইতুপূজাৰ পৰাই হৈছে নেকি?"
 
দেউতাকে হাঁহি মূৰ জোকাৰিলে, "ধুৰ! ইতণ্ডা নামটো আহিছে ইষ্ট ইণ্ডিয়াৰ পৰা।"
 
অৰ্ক অবাক হ', "ইষ্ট-ইণ্ডিয়া? মানে যি ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ আহি ব্ৰিটিছ শাসন আৰম্ভ কৰিছিল? ছিৰাজদ্দৌল্লৰ সৈতে পলাশীৰ যুদ্ধ হৈছিল?"
 
"অ।" দেউতাকে কৈছিল, "এতিয়া অজয় নদীখন আঁতৰি প্ৰায় সিঙ্গি গাঁৱৰ পিনে গুচি গৈছে। কিন্তু আজিৰ পৰা দুশ-আঢ়ৈশ বছৰ আগত অজয় ইতণ্ডা গাঁৱৰ একেবাৰে ওচৰেৰে বৈ গৈছিল। তেতিয়া চাহাবসকলে ডাঙৰ ডাঙৰ জাহাজত উঠি ইতণ্ডা গাঁওলৈ আহে বাণিজ্যৰ কাৰণে। ইণ্ডিগোৰ বাবে বিখ্যাত হৈ পৰিছিল গাঁওখন। ওঠৰবিধ বৃত্তিৰ ওঠৰটা চুবুৰিৰে গমগমাই থাকিছিল ইতণ্ডা। কিন্তু তাৰ পিছত সময়ৰ লগে লগে অজয় নদীয়ে গতিপথ সলনি কৰাত উন্নয়নশীল ইতণ্ডাই তাৰ গৰিমা হেৰুৱায় পেলায়।"
 
অৰ্কই মন দি শুনি আছিল। দেউতাক ৰোৱাত ক'লে, "এতিয়া কেনেকুৱা গাঁওখন।"
 
"মইতো তালৈ এবাৰেই গৈছোঁ। তোৰ মাৰক বিয়া কৰাবৰ সময়ত। গাঁওখনৰ সেই পুৰণি আভিজাত্য, মৰ্যদা একোৱেই চকুত নপৰিল।" দেউতাই কৈছিল।
 
অৰ্কই যেতিয়া ইতণ্ডা গাঁও পালে, তেতিয়া সূৰ্য প্ৰায় অস্ত যাওঁ যাওঁ। গোটেই গাঁওখনত এটা মাত্ৰ সৰু পকী ৰাস্তা। দুয়োপাৰে ধাননী পথাৰৰ মাজেৰে ৰাস্তাটো এঁকা বেঁকাকৈ আগবাঢ়ি গৈছে বহুদূৰলৈ। সেই ৰাস্তাটোৰ পৰা শাখা-প্ৰশাখাৰ দৰে ক'ৰবাত ক'ৰবাত আকৌ ৰঙামাটিৰ কেঁচা ৰাস্তা নামি গৈছে দুয়োফালে।
 
মাকৰ কথা মতে বাছৰ পৰা নামিয়েই সি শংকৰ ককাক ৰৈ থকা দেখিবলৈ পালে। শংকৰ ককাৰ সম্পূৰ্ণ নাম শংকৰ নাথ সৰকাৰ, তেওঁলোক আচলতে ইতণ্ডা গাঁৱৰ জমিদাৰগৃহৰ বংশানুক্ৰমিক সচিব আছিল। কিন্তু এতিয়া ককাকৰ বন্ধুসম। জমিদাৰগৃহৰ কাষতেই তেওঁৰ ঘৰ, দৈনিক দুবেলা হেনো এতিয়াও মেল মাৰিবলৈ আহে থাকোগোপাল চৌধুৰীৰ লগত। বহু কেইবাৰ ছমহীয়া উপহাৰ লৈ তেৱো গৈছে অৰ্কহঁতৰ চল্টলেকৰ কুৱাৰ্টাৰলৈ।
 
শংকৰ ককা মানুহজন ভাল, বয়স সত্তৰৰ অধিক হ'লেও বেছ তজবজীয়া আৰু পৰিপাটি ধৰণৰ। অৰ্কক দেখিয়েই তেওঁ হাঁহি মাৰি ক'লে, "আৰে ইয়ং মেন, ৱেলকাম টু ইতণ্ডা। দেৱযানীয়ে ফোন কৰিছিল। বহুসময় ধৰি ৰৈ আছোঁ।"
 
অৰ্কই মিছিকিয়া হাঁহি এটা মাৰি সেৱা কৰি ক'লে, "ভালে আছে ককা?"
 
"আৰে হ'ব হ', এইবোৰ আৰু কিয় কৰিব লাগিছে?" শংকৰ ককাই বাধা দি উঠিল, "তোমালোক চহৰৰ ল'ৰা, এইবিলাক ৰীতি-নীতি যে এতিয়াও মানি আছা! সুন্দৰ সুন্দৰ!"
 
শংকৰ ককাই এখন প্ৰকাণ্ড ৰিক্সা লৈ আহিছিল। সাধাৰণ ৰিক্সাতকৈ বহু গুণে ডাঙৰ আৰু আৰামাদায়ক, দেখিলেই বুজা যায় বিশেষভাৱে নিৰ্মাণ কৰা।
 
অৰ্কই শংকৰ ককাৰ কাষতে ৰিক্সাত বহি ক'লে, "ককাৰ এতিয়া কেনেকুৱা?"
 
"এতিয়া বহুখিনি ভাল পাইছে, পিছে ডাক্তৰে সম্পূৰ্ণ ৰেষ্টত থাকিবলৈ কৈছে। তেজত চুগাৰ বহুত বাঢ়িছে।" শংকৰ ককাই গৈ থাকোতে ক'লে, "তোমাক চাবলৈকে ৰাতিপুৱাৰ পৰা উত্ৰাৱল হৈ আছে।"
 
তাক ভাল লগাবলৈ কোৱা এই গোকাট মিছা কথাটো শুনাৰ পিছত অৰ্কৰ সাময়িকভাৱে ভাল লাগিব ধৰা মেজাজটো পুনৰ বেয়া হৈ গ'ল। মাকে তাক ইতণ্ডালৈ পঠাব খোজা কাৰণে যোৱা কেইদিনমান ধৰি ফোনত ককাকৰ সৈতে মাকৰ বাদানুবাদ চলি আছিল, সেই বিষয়ে শংকৰ ককাই নাজানে নেকি? নে জানিও নজনাৰ ভাও জুৰিছে?

***

সূচীপত্ৰলৈ                                                 পৰৱৰ্তী অধ্যায়লৈ