Oct 5, 2015

জংঘলৰ মাজত এখন হোটেল - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*  
প্ৰথম অধ্যায়

সন্তুক এটা মৃদু ঢকা মাৰি খুৰাদেউৱে ক'লে, "ঐ, তই শুইছ? উঠ, উঠ, আমি পালোহি৷"
 
সন্তুৱে চকু মেলি চাই অকণমান থতমত খালে৷ সি ধৰিবই পৰা নাই ক'ত আছে৷ সঁচাকৈ শুই পৰিছিল সি, এটা সপোন দেখিছিল৷ সি উভতি গৈছে আন্দামানলৈ, সাগৰৰ ওপৰেৰে গৈছে এখন মটৰ-বোটত, দুয়ো ফালে গাঢ় নীলা ৰঙৰ পানী, মাজে মাজে ঢৌৰ কোবত জঁপিয়াই উঠিছে নাওখন৷ জঁপিয়াইছে মাছে, ওচৰতেই এটা ডাঙৰ দ্বীপ, ঘন জংঘলেৰে ভৰা, মটৰ-বোটৰ শব্দ শুনি সেই জংঘলৰ মাজৰ পৰা ওলাই আহিছে জাৰোৱাৰ দল, হাতত সিহঁতৰ ধনু-কাঁড়, সিহঁতে কিন্তু সন্তুক চিনি পাইছে, কেৱল সেয়াই নহয়, সিহঁতে বাংলাও শিকি পেলাইছে, সিহঁতে হাত বাউলি মাতিছে তাক, "সন্তু, আহা, আহা, একো ভয় নাই, ইয়ালৈ আহা..."
 
দুহাতেৰে চকু মচি ভালদৰে পুনৰ চালে সি, ক'ত আন্দামানৰ সাগৰ? সি বহি আছে এখন প্লেনত, খিৰিকিৰে দেখা গৈছে নীলা আকাশ৷ কাষৰ চিটটোত বহি আছে খুৰাদেউ, তেওঁ কিবা কৈ আছে, সন্তুৱে কিন্তু শুনা নাই৷
 
খুৰাদেউৱে ইমান ওচৰৰ পৰা কথা কৈ আছে, অথচ সন্তুৱে শুনা নাই কিয়? প্লেনৰ শব্দও তাৰ কাণত পৰা নাই৷ তাৰ কাণত যেন বতাহ সোমাই আছে৷
 
খুৰাদেউৱে তাৰ অৱস্থাটো ধৰিব পাৰি তাৰ নাকটো চেপি ধৰিলে, আৰু মূৰত থপৰিয়াই দিলে৷ ভছকৈ অলপ বতাহ ওলাই গ'ল তাৰ কাণেৰে৷ লগে লগে সি পুনৰ শুনিবলৈ পালে প্লেনৰ গৰ্জন৷
 
খুৰাদেউৱে ক'লে, "চিট-বেল্ট বান্ধি ল'৷ প্লেনখন নামিব এতিয়া৷"
 
ইতিমধ্যে সন্তুৰ চব কথা মনত পৰি গৈছিল৷ চিট বেল্ট মাৰি মাৰি সি হাউলি পৰিল খিৰিকিখনৰ ওপৰত৷ ইছ, কিমান সময় যে সি শুই শুই নষ্ট কৰিলে কোনে জানে! কিন্তু এটা সময়ত একোৱেই চাবলগীয়া নাছিল, কেৱল ডাৱৰ আৰু ডাৱৰ, ধকধকীয়া বগা গাখীৰৰ সাগৰৰ দৰে ডাৱৰ৷ সেইপিনে চাই থাকোতে থাকোতে কেতিয়া জানো আপোনা-আপুনি চকু দুটা মুদ খাই আহিছিল তাৰ!
 
প্লেনখন বিমান বন্দৰৰ ওপৰেৰে ঘূৰিছে, গতি কমি আহিছে, এতিয়াই লেণ্ড কৰিব৷ সন্তুৱে আনন্দমেলা পত্ৰিকাত এটা লেখা পঢ়িছিল, এবাৰ হেনো এই নাইৰোবি এয়াৰপোৰ্টত দুটা সিংহ আহি সোমাইছিল৷ তাৰ মানে ওচৰতেই ক'ৰবাত ঘন হাবি থাকিব লাগিব৷ সি কিন্তু খিৰিকিৰে কোনো হাবি নেদেখিলে৷ চহৰৰ ওখ ওখ অট্টালিকা, আৰু চহৰৰ বাহিৰত পাৰাপাৰহীন ঘাঁহনি পথাৰ চকুত পৰিছে, মাজে মাজে সৰু সৰু জোপোহা গছ৷ তেনেহ'লে ইয়ালৈ সিংহ আহিছিল ক'ৰ পৰা?
 
প্লেন এখন যেতিয়া আকাশেৰে চাৰিশ-পাঁচশ মাইল স্পীডত যায়, তেতিয়া গতিবেগটো একো বুজা নাযায়, কিন্তু নামিবৰ সময়ত যেতিয়া স্পীড কমি আহে, তেতিয়া আকৌ ভাব হয় কি প্ৰচণ্ড বেগেৰে গৈ আছে৷ মাটিত নমাৰ পিছত এক মিনিটমান দৌৰি থাকি হঠাৎ স্থৱিৰ হৈ পৰে প্লেনখন৷
 
চিটবেল্ট খুলি সকলো যেতিয়া নামিবৰ কাৰণে উঠিল, তেতিয়া খুৰাদেউৱে ক'লে, "তোৰ হেণ্ডবেগৰ পৰা ছুৱেটাৰটো উলিয়াই ল' সন্তু৷ বাহিৰত ঠাণ্ডা লাগিব৷"
 
আফ্ৰিকাৰ নাম শুনিলেই ভাব হয় বহুত গৰম দেশ৷ তাৰোপৰি এতিয়া মে' মাহ৷ কিন্তু খুৰাদেউৱে আগতেই কৈ থৈছিল, কেনিয়া দেশখন অলপ ঠাণ্ডা৷ গৰমৰ দিনতো অকণমান বৰষুণ দিলেই ঠাণ্ডা পৰি যায়৷
 
সন্তুহঁত প্লেনত উঠিছে বোম্বেৰ পৰা৷ তাত অসহ্য গৰম৷ মাকে সন্তুৰ চুটকেছত নতুনকৈ চিলোৱা কোট-পেন্ট এযোৰ ভৰাই দিছিল, কিন্তু বোম্বেত সেইবোৰ পিন্ধাৰ প্ৰশ্নই নুঠে৷ সন্তুৰ ধাৰণা আছিল, প্লেনত সকলোৱে সাজি-কাচি যায়৷ কিন্তু এইখন প্লেনত বিদেশীসকলৰ বেছিভাগেই পিন্ধি আছে পাতল ছাৰ্ট৷ কোনোবা কোনোবাইতো কেৱল গেঞ্জীটোহে পিন্ধি আছে৷ ভাৰতীয়সকলৰ বহুতেই বোম্বে এয়াৰপোৰ্টত ছুট-টাই পিন্ধি ঘামিছে৷ খুৰাদেউৰ কথা মতে সন্তুৱে পিছে কেৱল চাৰ্ট-পেন্ট পিন্ধি আহিছে৷ এটা ছুৱেটাৰ লৈ লৈছে হেণ্ডবেগত৷
 
খুৰাদেউৱে পেঙত ভৰ দি থিয় হৈ ৰ'ল৷ বাকী মানুহবোৰ ননামালৈকে তেওঁৰ নামিবলৈ অসুবিধা৷ পিছফালৰ পৰা এজন যাত্ৰী আহি থমকি ৰৈ ক'লে, "মিঃ ৰায়চৌধুৰী, আপুনি যাওক৷ আপোনাৰ বেগটো মোক দিয়ক৷"
 
খুৰাদেউৱে আপত্তি কৰিবলৈ পোৱাৰ আগতেই মানুহজনে খুৰাদেউৰ বেগটো কাঢ়ি লৈ বাকী যাত্ৰীসকলক বাধা দি ৰখালে৷ এইবিলাক উপযাচি কৰা সহায় খুৰাদেউৱে ভাল নাপায়৷ কিন্তু এতিয়া কথা বঢ়াবলৈ যোৱা মানে বাকী যাত্ৰীসকলৰ আৰু দেৰি হৈ যাব৷ তেওঁ নামিবলৈ আৰম্ভ কৰিলে৷
 
সন্তুৱে মন কৰিলে মানুহজনৰ নিজৰ বেগটো আৰু খুৰাদেউৰ বেগটো অবিকল একেধৰণৰ৷ দুয়োটাই ক'লা ৰঙৰ, একেই চাইজৰ৷ খুৰাদেউৰ বেগত অৱশ্যে তেওঁৰ নাম লিখা আছে৷ হ'লেও সন্তুৰ সন্দেহ হ'ল, মানুহজনে খুৰাদেউৰ বেগটো সলাই পেলাব নেকি?
 
খুৰাদেউৰ বেগটো তেওঁ বাওঁ হাতেৰে লৈ আছে, সন্তুৱে তীক্ষ্ণ দৃষ্টি ৰাখিল তাৰ ওপৰত৷
 
মানুহজন ওখ, গাৰ ৰং বগা, মাজ বয়সীয়া, এটা চকলেট কালাৰৰ ছুট পিন্ধি আছে৷ মূৰৰ চুলিখিনি ইমানেই দীঘল যে কান্ধলৈকে পৰা৷
 
প্লেনৰ পৰা নামি খুৰাদেউৱে সুধিলে, "আপোনাকতো ধৰিব পৰা নাই?"
 
মানুহজনে ক'লে, "মোক আপুনি ক'ত চিনি পাব? আপোনাক কিন্তু মই চিনি পাওঁ৷ মোৰ নাম লোহিয়া, পি.আৰ. লোহিয়া, মই ইয়াত ব্যৱসায় কৰো৷ আপুনি কোনো কামত আহিছে নিশ্চয়?"
 
খুৰাদেউৱে ক'লে, "নাই, এনেয়ে ফুৰিবলৈ আহিছো৷"
 
মানুহজনে ক'লে, "ফুৰিবলৈ ধুনীয়া ঠাই এইখন৷ পিছে, আপোনাৰ দৰে ব্যস্ত মানুহেতো ক'লৈকো এনেয়ে ফুৰিবলৈ নাযায়৷ আশা কৰো, ৱেডাৰ ভাল পাব৷"
 
তাৰ পিছত সন্তুলৈ চাই ক'লে, "নাউ, ইউ হ'ল্ড দা বেগ৷ আই মাষ্ট হাৰি৷"
 
খুৰাদেউৱে ক'লে, "ধন্যবাদ৷"
 
মানুহজনে ক'লে, "হয়তো আকৌ লগ পাম৷ সৰু ঠাই যে!"
 
সন্তুৰ হাতত বেগটো দি খৰ খোজেৰে ভিৰত মিলি গ'ল তেওঁ৷
 
সন্তুৱে বেগটো ভালদৰে চালে৷ খুৰাদেউৰ নামেই লিখা আছে৷ ছেঃ, মিছাতে মানুহক সন্দেহ কৰাতো তাৰ অভ্যাসতে পৰিণত হৈ গৈছে৷ মানুহজন ভদ্ৰ আৰু পৰোপকাৰী৷
 
কাষ্টমছৰ চেকিং পাৰ হৈ সন্তুৱে দেখিলে দুজন মানুহ আৰু এগৰাকী মহিলাই সিহঁতলৈ চাই হাঁহি হাঁহি হাত জোকাৰি আছে৷ তেওঁলোকৰ এজনকো সন্তুৱে চিনি নাপায়৷ খুৰাদেউৰ মুখত সি শুনিছিল, এয়াৰপোৰ্টলৈ সিহঁতক নিবলৈ মানুহ এজন আহিব, মানুহজনে খুৰাদেউৰ নাম লিখা ব'ৰ্ড এখন দাঙি ধৰি থাকিব৷ তেনেকুৱা নাম লিখা ব'ৰ্ড বহুতেই হাতত লৈ আছে, কিন্তু এওঁলোকৰ লগত তেনেকুৱা একো নাই৷
 
গেটৰ ওচৰ পোৱাত তেওঁলোকৰ এজনে চিঞৰি ক'লে, "খুৰাদেউ, সন্তু, ৱেলকাম টু নাইৰোবি!"
 
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "কি কাৰবাৰ চাচোন! আজিকালি বহুত মানুহে আমাক চিনি পোৱা হৈ গ'ল৷ ইয়াতো যে মোক কোনোবাই খুৰাদেউ বুলি মাতিব, ভাবিবই নোৱাৰা কথা৷"
 
সেই যুৱকজনে সন্তু আৰু খুৰাদেউ দুয়োৰে বেগ দুটা কাঢ়ি নি বাংলাত ক'লে, "মোক দিয়ক৷ মোৰ নাম অমল, আৰু এয়া মোৰ পত্নী মঞ্জু৷ আৰু এওঁ মিঃ ধীৰুভাই, এখেতেই আপোনালোকৰ ইয়াৰ হোষ্ট৷ ধীৰুভাই মোৰ প্ৰতিৱেশী৷ তেওঁৰ মুখত যেতিয়া শুনিলো, আপোনালোক আহি আছে, তেতিয়া আৰু এয়াৰপোৰ্টলৈ নহাকৈ থাকিব নোৱাৰিলো৷ ইয়ালৈ বাঙালী মানুহতো তেনেকৈ নাহে৷"
 
ধীৰুভাই যথেষ্ট বয়সস্থ মানুহ, মূৰৰ চুলি কিছু পকিছে, চকুত সোণালী ফ্ৰেমৰ চছমা৷ ছাৰ্ট-পেন্টৰ ওপৰত এটা জহৰকোট পিন্ধি আছে৷ তেওঁ খুৰাদেউলৈ চাই নমস্কাৰ জনালে প্ৰথমে৷ তাৰ পিছত খুৰাদেউৰ হাত এখনত ধৰি জোকাৰি দি ক'লে, "প্লেন একেবাৰে ৰাইট টাইমত আহি পাইছে৷ আপোনালোকৰ একো অসুবিধা হোৱা নাই নিশ্চয়?"
 
খুৰাদেউৱে ক'লে, "নাই, অকণো অসুবিধা হোৱা নাই৷"
 
বাহিৰত তেওঁলোকৰ দুখন গাড়ী ৰৈ আছিল৷ দুয়োখনেই জাপানী গাড়ী৷ বাহিৰত ৰ'দে চিকমিকাই আছে, আকাশত অকণো ডাৱৰ নাই, এটা ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে৷
 
খুৰাদেউৱে ক'লে, "বাঃ, ইয়াত অকণো গৰম নাই দেখোন?"
 
অমলে ক'লে, "আপোনালোকৰ বাবে ধুনীয়া ৱেডাৰ ফিট কৰি থৈছো, যাতে আপোনালোকৰ অকণো অসুবিধা নহয়৷"
 
গোলাপী ৰঙৰ শাৰী পিন্ধা মঞ্জুৱে ক'লে, "আপোনালোকৰ বাবেতো হোটেল ঠিক কৰি থোৱা আছে৷ কিন্তু আপোনালোক আমাৰ ঘৰত থাকিব নেকি? থাকিলে আমাৰ বহুত ভাল লাগিব৷ আমি আপোনালোকক দালি, ভাত, মাছৰ জোল আদি ৰান্ধি খোৱাব পাৰিম, হোটেলত সেইবোৰ একো নাপাব৷"
 
ব্লু জিন্স আৰু হালধীয়া গেঞ্জী পিন্ধা অমলে ক'লে, "আপোনালোক আহিছে যেতিয়া মই অফিচৰ পৰা ছুটী লৈ ল'ম৷ য'লৈকে যাব খোজে মই নিজে গাইড হৈ লৈ যাম৷"
 
খুৰাদেউৱে ক'লে, "এওঁ যিহেতু আমাক লৈ আহিছে, সেয়ে প্ৰথমে এওঁৰ হোটেললৈকেই যাওঁ৷ পিছত এবাৰ আপোনালোকৰ ঘৰলৈও যাম৷"
 
অমলে দুয়োখন হাত জোকাৰি ক'লে, "সেইবিলাক আপুনি-চাপুনি নচলিব৷ আমাক তুমি বুলি ক'ব৷"
 
মঞ্জুৱে ক'লে, "আমি দুয়ো আপোনালোকৰ খুব অনুৰাগী৷"
 
অমলে তাৰ ঘৈণীয়েকক ক'লে, "মঞ্জু, তুমি কেমেৰাটো অনা নাই? অনা হ'লে খুৰাদেউ আৰু সন্তুৰ লগত আমি একপি ফটো উঠিব পাৰিলোহেঁতেন৷"
 
মঞ্জুৱে ক'লে, "ইমান আতুৰ কিয় তোমাৰ? পিছত ফটো উঠিবলৈ বহুত সময় পাবা৷ নেছনেল পাৰ্কলৈ গৈ৷"
 
অমলে সন্তুৰ কান্ধত হাত থৈ ক'লে, "খুৰাদেউৱেতো হোটেলতে থাকিম বুলি ক’লে৷ তুমি নহ’লে আমাৰ লগত থাকা৷ ব'লা, বহুত কাহিনী শুনিবলগীয়া আছে তোমাৰ পৰা৷"
 
সন্তুৱে ক'লে, "ময়ো পিছত যাম৷"
 
তেওঁলোকৰ পৰা বিদায় লৈ খুৰাদেউ আৰু সন্তু আহি বহিল ধীৰুভাইৰ গাড়ীত৷ খিৰিকিৰে মুখ উলিয়াই অমলে আকৌ সন্তুক উদ্দেশ্যি ক'লে, "হোটেললৈ গৈ অলপ জিৰণি লৈ লোৱা, অলপ পিছত মই গৈ আছো৷ তাৰ পিছত ফুৰিবলৈ যাম৷ আজিয়েই তোমালোকক সিংহ দেখুৱাম৷"
 
নতুন দেশলৈ আহিলে ডিঙিটো কিয় জানো শুকান শুকান লাগে৷ পিছে অমল আৰু মঞ্জুৰ আপোন-আপোন লগা আৰু বাংলা মাতষাৰ শুনি ভাল লাগিল কিছু৷
 
এয়াৰপোৰ্টৰ পৰা ওলাই, কিছু দূৰ যোৱাৰ পিছত গাড়ী সোমাল নাইৰোবি চহৰত৷ বেছ আহল-বহল ৰাস্তা, পৰিষ্কাৰ-পৰিচ্ছন্ন, আৰু ওখ ওখ অট্টালিকা৷ সন্তুৰ ভাব হ'লে, চিনেমাত দেখা বিদেশী চহৰবোৰৰ দৰেইচোন দেখিবলৈ৷ ৰাস্তাত যথেষ্ট ভাৰতীয় মানুহো আছে, শাৰী পিন্ধা তিৰোতাবোৰ দূৰৈৰ পৰাই চিনি পোৱা যায় আৰু কিছু শ্বেতাংগ পুৰুষ মহিলাও আছে৷
 
গাড়ীখন ৰ'ল হিলটন হোটেলৰ সন্মুখত৷ গাড়ী চলাইছিল এজন বগা পোছাক পিন্ধা ড্ৰাইভাৰে৷ সি খৰধৰকৈ নামি গৈ দৰ্জাখন খুলি দিলে খুৰাদেউৰ বাবে৷
 
ধীৰুভাইয়ে ক'লে, "এই হোটেলখনত আমাৰ এটা চুইট লৈ থোৱা আছে, মোটামুটি স্থায়ীভাৱে৷ আমাৰ কোম্পানীৰ ডাইৰেক্টৰ সকল আহিলে থাকে৷ তাৰোপৰি গোটেই বছৰ ধৰি কোনোবা নহয় কোনোবা অতিথিতো আহিয়েই থাকে৷ পাঁচ নম্বৰ ফ্লোৰৰ পাঁচ নম্বৰ চুইট৷ আশা কৰিছো আপোনালোকৰ একো অসুবিধা নহয়৷ হোটেলত একোতে আপোনালোকে পইছা খৰচ কৰিব নালাগে৷ আনকি টেক্সী বা চিনেমাৰ টিকত লাগিলেও হোটেলৰ পৰাই যোগাৰ কৰি দিব৷ আপোনালোকে মাথোঁ বিলত চহী কৰিব৷ তাৰোপৰি মইতো আছোৱেই৷ যিকোনো সময়ত দৰকাৰ হ'লেই মোক মাতি দিব৷"
 
এটা বেলবয় আহি সিহঁতৰ ছুটকেছ দুটা তুলি লওঁতেই ধীৰুভাইয়ে তাক ক'লে, "ফাইভ জিৰো ফাইভ৷"
 
বেলবয়টোৱে মূৰ দুপিয়াই এমুখ হাঁহি মাৰি ক'লে, "আই ন', আই ন'৷"
 
ভিতৰৰ কাউন্টাৰলৈ গৈ অলপ সময় কথা পাতি ধীৰুভাইয়ে বিদায় ল'লে৷ খুৰাদেউ আৰু সন্তুৱে লিফ্টেৰে উঠি আহিল পঞ্চম মহলালৈ৷
 
হোটেলৰ কোঠা আৰু চুইটৰ মাজত পাৰ্থক্যটো কি সন্তুৱে জনা নাছিল৷ কোঠাটো হ'ল এনেয়ে এটা শুৱা কোঠা, আৰু চুইট মানে হ'ল, দৰজা খুলি সোমোৱাৰ পিছত জোতা-চোতা থ'বলৈ অকণমান ঠাই, তাৰ পিছত বহা কোঠা এটা, তাৰ পিছত শোৱনী কোঠা, কাপোৰ সলাবলৈ আৰু এটা সৰু ৰূম৷ প্ৰকাণ্ড বাথৰূম, বাৰান্দা সকলো মিলি যেন সম্পূৰ্ণ এটা ফ্লেট৷ টিভি, ফ্ৰীজ, ফ্ৰীজত অলপ ফল-মূল, ক'ল্ড ড্ৰিকংছ, সকলো সজোৱা আছে৷
 
বেলবয়টোৱে সিহঁতৰ চুটকেচ দুটা থৈ খিৰিকিৰ পৰ্দাবিলাক কোঁচাই দি সুধিলে, "এতিয়া কিবা লাগিব, ছাৰ?"
 
ল'ৰাটো প্ৰায় সন্তুৰ বয়সৰে৷ তাৰ গাৰ ৰং কিচকিচীয়া ক'লা, দাঁতবোৰ ধকধকীয়া বগা৷ মুখখন হাঁহিভৰা, দেখিলে মৰম লাগে৷
 
সন্তুৱে তাক সুধিলে, "তোমাৰ নাম কি?"
 
সি দুই তিনিবাৰ নামটো ক'লে যদিও সন্তুৱে ঠিক ধৰিব নোৱাৰিলে৷ তাৰ পিছত সি বানান জোঁটাই ক'লে, "মাইকেল৷"
 
ক'ত কবি মাইকেল আৰু ক'ত আফ্ৰিকাৰ এখন হোটেলৰ বেলবয়! দুয়োজনৰে একেই নাম৷ সন্তুৱে অবাক হৈ খুৰাদেউৰ পিনে চোৱাত তেওঁ ক'লে, "ইয়াত বহুত খ্ৰীষ্টান মানুহ আছে৷ আৰু খ্ৰীষ্টান সকলৰ মাজত মাইকেল নামটো খুব কমন৷ আজিকালি অকল মাইক বোলে৷  সি প্ৰথমতে তাৰ মতা নামটোকে কৈছিল৷"
 
ল'ৰাটোৱে মূৰ দুপিয়াই ক'লে, "ইয়েছ, ইয়েছ, মাইক, মাইক৷"
 
খুৰাদেউৱে ক'লে, "নাই মাইক, এতিয়া একো নালাগে৷ কিবা লাগিলে মাতি দিম৷"
 
সি খুৰাদেউৰ পিনে হাত মেলি ক'লে, "টিপছ, ছাৰ৷"
 
খুৰাদেউৱে ক'লে, "মোৰ লগত তোমালোকৰ চিলিং নাই৷ পিছত দিম৷"
 
মাইকে তেতিয়াও ক'লে, "গিভ মি পাউণ্ড, ডলাৰ৷ নো ইণ্ডিয়ান ৰুপিজ৷"
 
খুৰাদেউৱে তাক এটা ব্ৰিটিছ পাউণ্ড দিলে, সি 'ঠেংক ইউ ছাৰ' বুলি কৈ গুচি গ'ল৷
 
খুৰাদেউৱে ক'লে, "চতুৰ ল'ৰা! ইয়াৰ টকা হ'ল চিলিং, বুজিলি? আমি কিছু টকা ভাঙি চিলিং কৰি ৰাখিব লাগিব, নহ'লে অসুবিধাত পৰিম৷"
 
সন্তুৱে খিৰিকিমুখত ৰৈ ক'লে, "বৰ ধুনীয়া ঠাই৷ মই ভাবিছিলো জংঘলৰ মাজৰ সৰু-সুৰা টাউন এখন হ'ব৷"
 
খুৰাদেউৱে ক'লে, "জংঘল আৰু ইয়াত ক'ত পাবি? ইয়াত তেনেকুৱা হাবি-জংঘল নাই৷"
 
সন্তুৱে আচৰিত হৈ ক'লে, "ইয়াত জংঘল নাই? তেনেহ'লে ইয়াত ইমানবোৰ সিংহ আৰু জীৱ-জন্তু থকা বুলি শুনিছো যে?"
 
খুৰাদেউৱে ক'লে, "সিংহতো জংঘলত নাথাকে৷ সিংহ থাকে মুকলি ঠাইত, পথাৰৰ দৰে, য'ত অলপ ঘাঁহ-বন গজে, য'ৰ মাটিৰ ৰং সিংহৰ গাৰ ৰঙৰ দৰেই৷"
 
সন্তুৱে তেতিয়াও যেন মানি ল'ব পৰা নাই৷ তাৰ মুখলৈ চাই খুৰাদেউৱে পুনৰ ক'লে, "সাধুকথাৰ কিতাপবোৰত ঘন জংঘলৰ মাজৰ পৰা জঁপিয়াই ওলাই আহি মানুহক আক্ৰমণ কৰা সিংহৰ ছবি থাকে৷ কিন্তু আচলতে সিংহই মুকলি ঠাইত থাকিবলৈহে ভাল পায়৷ আৰু পতকৈ মানুহক আক্ৰমণো নকৰে৷ ইয়ালৈ আহিছো যেতিয়া তই নিজ চকুৰে সিংহ দেখিবলৈ পাবি, একেবাৰে ওচৰৰ পৰাই পাবি৷"
 
চাৰ্টৰ বুটাম খুলি খুলি খুৰাদেউৱে ক'লে, "ৰ', গাটো ধুই লওঁ৷ নে তই আগতে যাবি?"
 
সন্তুৱে ক'লে, "নাই, তুমি ধুই লোৱা৷"
 
বাথৰূমৰ ভিতৰলৈ এবাৰ উকি মাৰি চাই খুৰাদেউৱে ক'লে, "কি ধুনীয়া ঠাইত আমাক ৰাখিছেও, সন্তু৷ ইমান ভাল হোটেলত জানো আমি আগতে কেতিয়াবা থাকি পাইছিলো?"
 
সন্তুৱে হাঁহি মূৰ জোকাৰিলে৷
 
"আমি ইয়াত বেছিদিন নাথাকো, আন এখন ঠাইলৈ যাম৷ সেই ঠাইখন বোলে আৰু ধুনীয়া, ভুলাভাইয়েতো মোক তেনেকৈয়ে কৈছে৷ তাত তই অলপ জংঘল দেখিব পাৰ৷ এইবাৰ গুণ্ডা-ডকাইত আদিৰ পিছত দৌৰা-দৌৰি কৰিবলগীয়া নাই৷ কোনো ৰহস্যৰ সমাধানো কৰিবলগীয়া নহ'ব৷ কেৱল ফুৰা আৰু জিৰণি লোৱা৷ তোৰ ভোক লাগিছে নেকি, সন্তু?"
 
"নাই, প্লেনতচোন বহুত কিবা কিবি দিছিল৷"
 
"মই প্লেনৰ খাদ্য একদম খাব নোৱাৰো৷ ৰ', গা-পা ধুই লওঁ, তাৰ পিছত ওলাই গৈ চাম, ইয়াত কি কি নতুন বস্তু পোৱা যায়৷ জেব্ৰাৰ মাংসৰ ৰোষ্ট, ফ্লেমিংগোৰ কাটলেট, জিৰাফৰ মাংসৰ জোল, এইবিলাক চব জুতি লৈ চাব লাগিব৷"
 
খুৰাদেউৱে বাথৰূমত সোমোৱাৰ পিছত সন্তুৱে খিৰিকিৰ গ্লাছ এখন খোলাৰ চেষ্টা কৰিলে৷ এয়াৰ কণ্ডিচন কোঠা, ইয়াত বোধহয় কোনেও খিৰিকি নোখোলে৷ সেয়ে খিৰিকিখন টাইট হৈ লাগি আছে৷ কিন্তু সতেজ বতাহৰ প্ৰশ্বাস ল'ব নোৱাৰিলে সন্তুৰ ভাল নালাগে৷
 
খিৰিকিখন খুলিব নোৱাৰি সি বেলকনিৰ দৰজাখনৰ পিনে আগবাঢ়িল৷ তেতিয়াই ঝনঝনাই বাজি উঠিল টেলিফোনটো৷
 
ইয়াৰ টেলিফোনটোও দেখিবলৈ বেলেগ৷ গোটা গাখীৰৰ চামনিৰ দৰে ৰং৷ হাতীৰ দাঁতেৰে বনোৱা নেকি? ৰিচিভাৰটোও বহুত গধুৰ৷
 
ৰিচিভাৰটো তোলাৰ লগে লগেই ভঙা-ভঙা ইংৰাজীত নিম্ন স্বৰেৰে কোনোবা এজনে ক'লে, "ৰায়চৌড্ৰি? ৰায়চৌড্ৰি? ইজ ডেট ৰায়চৌড্ৰি?"
 
সন্তুৱে ক'লে, "ৰায়চৌধুৰী বাথৰূমলৈ গৈছে৷ আপুনি কোন?"
 
"কল হিম! কল হিম!  ডিছ ইজ ভেৰি ইম্পোৰ্টেন্ট৷"
 
"আপুনি কোনে কৈছে?"
 
"ডেম ইট! কল ৰাজা ৰায়চৌড্ৰি৷"
 
সন্তুৱে ভাবিলে ৰিচিভাৰটো থৈ দিব নেকি! কোনোবা পাগল চাগে৷ বিশেষ কাৰণ নাথাকিলে খুৰাদেউৱে বাথৰূমত মাতিলে বেয়া পায়৷ এইটো জানো তেনেকুৱা দৰকাৰী কথা? তাৰোপৰি মানুহজনে ইমান অভদ্ৰৰ দৰে কথা কৈছে যে?"
 
সন্তুৱে ক'লে, "আপুনি কোন আৰু কি কাম আগতে কওক৷ নহ'লে মিঃ ৰায়চৌধুৰীক মাতিব নোৱাৰিম৷"
 
"তুমি কোন? ৰায়চৌধুৰীৰ বাওনা ভতিজাটো নহয় জানো?"
 
এইবাৰ খং উঠি গ'ল সন্তুৰ৷ সি বাওনা? এতিয়াই তাৰ হাইট পাঁচ, চাৰে পাঁচ ফুট৷ তাৰ ক্লাছৰ কোনো তাতকৈ বেছি ওখ নহয়, আৰু ক'ৰবাৰ পাগল এটাই তাক বাওনা বুলি ক'বলৈ আহিছে৷
 
সন্তুৱে ফোনটো ৰাখি দিব খুজিছিল, তেতিয়াই আন কাৰোবাৰ মাত শুনা গ'ল৷ এওঁৰ কণ্ঠস্বৰটো গম্ভীৰ৷ আগৰ পাগলটোক ধমক এটা দি সেই গম্ভীৰ কণ্ঠস্বৰটোৱে ক'লে, "ৰাজা ৰায়চৌধুৰী বাথৰূমত? তেনেহ'লে শুনা, তেওঁক এতিয়াই এটা গুৰুত্বপূৰ্ণ খবৰ দিব লাগিব৷ কালি ৰাতিপুৱাই বোম্বেলৈ ফ্লাইট এখন আছে, তাত চাৰি পাঁচটা চিট এতিয়াও খালী আছে৷ তুমি আৰু তোমাৰ খুৰাদেউৱে কালি ৰাতিপুৱাই সেই প্লেনত উঠি গুচি যাবা ইয়াৰ পৰা৷"
 
সন্তুৱে সুধিলে, "কিয়? কিয় আমি কালিয়েই গুচি যাব লাগে?"
 
"কাৰণ, এই দেশখন তোমালোকৰ বাবে চেফ নহয়৷ ৰাজা ৰায়চৌধুৰীক কোন মুহূৰ্তত হত্যা কৰা হয় ঠিক নাই৷ মই তোমালোকৰ ভালৰ বাবেই কৈছো৷ আৰু এটা কথা, আজি হোটেলৰ পৰা নোলাবা, কালি ৰাতিপুৱা চিধাই এয়াৰপোৰ্টলৈ গুচি যাবা৷ ৰাজা ৰায়চৌধুৰীক এতিয়াই কথাটো জনাই দিয়া৷"
 
তাৰ পিছতেই লাইন কাটি গ'ল৷ সন্তুৱে তেতিয়াও অলপ সময় থিয় হৈ ৰ'ল ফোনটো হাতত লৈ৷ এইবিলাক কথাৰ অৰ্থ কি? হোটেললৈ অহা আধাঘন্টাও হোৱা নাই, এইখিনি সময়তে কোনোবাই ফোন কৰি সিহঁতক ভয় দেখুৱালে৷ যিয়ে ফোন কৰিলে, সিহঁতে জানো খুৰাদেউক সঁচাকৈ চিনি পায়? যদি চিনি পায় সিহঁতে নিশ্চয় জানিব লাগে যে খুৰাদেউক এনেদৰে ভয় দেখুৱাই খেদিব নোৱাৰি৷
 
সন্তুৰ ওঁঠত এটা মৃদু হাঁহি বিৰিঙি উঠিল৷ অলপ আগতে খুৰাদেউৱে কৈ উঠিছিলহে, এইবাৰ ইয়াত গুণ্ডা-ডকাইত আদিৰ লগত কোনো সম্পৰ্ক নাই, ইয়াত কেৱল ফুৰিবলৈ আৰু জিৰাবলৈহে আহিছে৷ এইষাৰ কথা কোৱাৰ পাঁচ মিনিটেই হোৱা নাই। ফোন আহিলেই ভীতিপ্ৰদৰ্শন কৰি, কোন মুহূৰ্তত খুৰাদেউৰ হত্যা হয় ঠিক নাই বুলি! কথাতে কয় নহয়, ঢেঁকী স্বৰ্গলৈ গ'লেও ধান বন্ধাই কাম৷

***

সূচীপত্ৰলৈ                                                                    পৰৱৰ্তী অধ্যায়লৈ

Aug 30, 2015

জীৱন্ত উপৱীত - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
প্ৰথম অধ্যায়   

ষ্টেট বাছৰ পিছ ছিটত বহি খিৰিকিৰে বাহিৰলৈ চাই আছিল নৱাৰুণে৷ ইচ্ছা কৰিয়েই পিছৰ ছিটখন বাচি লৈছে সি৷ যাতে সহযাত্ৰীৰ দৃষ্টি কমকৈ পৰে তাৰ ওপৰত৷
 
এই দুটা বছৰত বহুবাৰ টিভি চেনেল, বাতৰি কাকতত ফটো ওলাইছে তাৰ৷ আজিকালি কোনোবাই তালৈ চালেই নৱাৰুণৰ ভাব হয়, মানুহজনে তাক চিনি পালে নেকি! তালৈ চাই মানুহজনে মনে মনে ভাবিছে নেকি, আৰে এইটো দেখোন সেই অৰ্থলোভী নৰপিশাচ ডাক্তৰ নৱাৰুণ গুপ্ত, যাৰ বাবে চৰকাৰী হস্পিতালত এটা ফুল কুমলীয়া শিশুৰ মৃত্যু হৈছিল৷
 
অঁ, এই অৰ্থলোভী, অবিবেচক, দায়িত্বজ্ঞানহীন, নৰপিশাচ, এই ধৰণৰ বিশেষণবোৰেই তাৰ বাবে ব্যৱহাৰ কৰা হয় সংবাদ মাধ্যমৰ আলোচনাত৷ সংবাদ মাধ্যমত কলংকৰ খবৰ যিমান বিস্তৃতভাৱে ছপা কৰা হয়, কলংক মোচনৰ খবৰ তেনেদৰে ছপা কৰা নহয়৷ মেডিকেল কাউন্সিল, আইন, আদালতে তাক নিৰ্দোষী ঘোষণা কৰিলেও মানুহৰ ওচৰলৈ সেই খবৰ গৈ পোৱা নাই৷ সমাজৰ ওচৰত ঘৃণনীয় মানুহ বুলিয়েই হয়তো তাৰ কলংক গোটেই জীৱন থাকি যাব৷
 
পিছে তাতকৈও ডাঙৰ আঘাত মালৱিকাৰ মৃত্যুটো৷ সেই দুৰ্ঘটনাটোৰ পিছৰ মানসিক চাপ সহিব পৰা নাছিল তাই৷ প্ৰথমে তাই নিজকে লাহে লাহে দূৰলৈ আঁতৰাই লৈ গৈছিল৷ সন্তান-সম্ভৱা আছিল মালৱিকা৷ হয়তো সামাজিক লজ্জাৰ ভয়তেই তাৰ পিছত তাই গুচি গ'ল পৃথিৱী এৰি৷ যোৱা দুবছৰ আগৰ হস্পিতালৰ সেই শিশুটোৰ মৃত্যুৰ ঘটনাটোৱে একেবাৰে থানবান কৰি থৈ গ'ল নৱাৰুণৰ জীৱনটো৷
 
মসৃণ পিছ দিয়া ৰাস্তাটোৰে উল্কাৰ গতিত উৰি গৈছে বাছখন৷ হো-হোৱাই বতাহ সোমাইছে খিৰিকিৰে৷ ৰাস্তাৰ দুয়োফালে মুকলি পথাৰ, ক'ৰবাত ক'ৰবাত কহুৱা বন৷ তাৰেই মাজে মাজে কেতিয়াবা কেতিয়াবা চকুত পৰিছে মদিৰালয়৷ জাকজমকীয়া ৰিজোৰ্ট, অকলশৰে থিয় হৈ থকা নিৰ্মীয়মান অট্টালিকা, বহুজাতিক কোম্পানীৰ হ'ৰ্ডিং - মোবাইল, বাইকৰ বিজ্ঞাপন৷ চহৰ এখনে যেন হাত মেলিছে গাঁওৰ পিনে৷
 
যদিও নৱাৰুণৰ মাজে মাজে মনত পৰিছে যোৱা দুবছৰ ধৰি চলা বিভিন্ন ঘটনা বা দুৰ্ঘটনাৰ নানা টুকুৰা টুকুৰ খণ্ডচিত্ৰ, বিশেষকৈ মালৱিকাৰ সেই মৃত্যু-শীতল মুখখনৰ কথা৷ হ'লেও বহুদিনৰ মূৰত সেইবোৰৰ পৰা অকণমান মুক্তিৰ আনন্দ যেন অনুভৱ কৰিছে সি৷ প্ৰফেছাৰ ঘটকেও কৈছিল, সকলো ঠিক হৈ যাব৷ ইয়াত সি একো অসুবিধা নাপায়৷ নাৰ্ছিংহোমতেই তাৰ থকাৰ ব্যৱস্থা হ'ব৷ মন নাথাকিলে নাৰ্ছিংহোম এৰি বাহিৰলৈ যোৱাৰ প্ৰয়োজনেই নাই৷
 
বাহিৰৰ পিনে চাই বহি আছিল নৱাৰুণে৷ কলিকতাৰ পৰা গোটেই ৰাতি একেদৰেই বহি আহিছে সি৷ মাজৰাতি এবাৰ এখন ধাবাত বাছ ৰখাইছিল৷ তেতিয়া মাত্ৰ এবাৰ চাহ খাবলৈ নামিছিল সি৷ ৰাতিপুৱা দহ বাজিবৰ হৈছে, তেনেতেই হঠাৎ জোকাৰণি এটা মাৰি বাছখনৰ গতি কমি গ'ল৷ কণ্ডাক্টৰে ঘূৰি চাই নৱাৰুণক ক'লে, "দাদা, ওলাই আহক৷ আপোনাৰ নাৰ্ছিংহোম পাইছো৷"
 
বেগটো লৈ উঠিল নৱাৰুণ৷ এক মিনিটৰ ভিতৰতেই বাছখনে তাক ৰাস্তাৰ কাষত নমাই থৈ গোঁ-গোঁৱাই শব্দ কৰি গুচি গ'ল৷
 
অলপ আঁতৰত দেখা গৈছে তিনিমহলীয়া নাৰ্ছিংহোমখন৷ মূৰৰ ওপৰত চাইনবোৰ্ডত ইংৰাজীত লেখা আছে 'ঘটক নাৰ্ছিংহোম৷' দূৰৈৰ পৰাই ঘৰটোৰ পিছফালে দেৱালেৰে ঘেৰি ৰখা চাৰি বিঘামান মাটিৰ এটা বিশাল প্লট চকুত পৰিছে৷ হয়তো নাৰ্ছিংহোমৰে মাটি৷ ক'লা ৰঙৰ এখন এছ ইউ ভি ৰৈ আছে নাৰ্ছিংহোমৰ সন্মুখত, পিছে মানুহ-দুনুহ তেনেকৈ চকুত পৰা নাই৷
 
তিনিমহলীয়া বগা ৰঙৰ ঘৰটো যেন কিবা বিৱৰ্ণ-বিষণ্ণ যেন লাগিছে৷ তাৰ জাকজমকীয়া ভাৱটো নাই৷ হয়তো বিল্ডিংটো একেবাৰে ৰাস্তাৰ গাতে লাগি থকাৰ কাৰণে ধূলি, ধোঁৱা আদি লাগি বিৱৰ্ণ হৈ পৰিছে৷ নৱাৰুণে অলপ দূৰ খোজ কাঢ়ি গৈ নাৰ্ছিংহোমখনৰ গেটৰ সন্মুখত ৰ'ল৷ ভিতৰৰ পৰা কোনো শব্দ অহা নাই৷ মূৰৰ ওপৰলৈ এবাৰ চালে নৱাৰুণে৷ দ্বিতীয়, তৃতীয় মহলাৰ কোঠাবোৰৰ শাৰী শাৰী কাঁচৰ খিৰিকিবোৰ ভিতৰৰ পৰা বন্ধ৷
 
নৱাৰুণক দেখি গেটৰ আঁৰৰ পৰা ওলাই আহিল সেউজীয়া পোছাক পিন্ধা এজন চিকিউৰিটি গাৰ্ড৷ গেটৰ মুখত থিয় হৈ সি নৱাৰুণক উদ্দেশ্যি প্ৰশ্ন কৰিলে, "পেছেন্ট পাৰ্টি? নে ঔষধ কোম্পানীৰ মানুহ?"
 
নৱাৰুণে উত্তৰ দিলে, "মই ডাক্তৰ অম্বৰীশ ঘটকৰ ওচৰলৈ আহিছো৷"
 
"কি কাম?" সন্দিগ্ধ চকুৰে আকৌ প্ৰশ্ন কৰিলে মানুহজনে৷
 
নৱাৰুণে উত্তৰ দিব খুজিছিল, কিন্তু তাৰ আগতেই নাৰ্ছিংহোমৰ ভিতৰৰ পৰা ওলাই আহিল ডাক্তৰ ঘটক৷ নৱাৰুণে তেওঁক প্ৰায় সাত-আঠ বছৰ পিছত দেখিলে৷ তেওঁক সি শেষবাৰ লগ পাইছিল যেতিয়া সি মেডিকেল কলেজৰ ফাইনেল ইয়াৰৰ ছাত্ৰ আছিল৷ সিহঁতৰ প্ৰফেছাৰ আছিল ডাঃ ঘটক৷ এই সাত আঠ বছৰত তেওঁৰ বয়স অলপ বাঢ়িছে, মূৰৰ চুলিও কমিছে, কাণৰ ওচৰৰ খিনি পকিবলৈ আৰম্ভ কৰিছে৷ কিন্তু তেওঁৰ পোছাক-পৰিচ্ছদত আভিজাত্যতা বাঢ়িছে বহুখিনি৷ পিন্ধনত বগা ৰঙৰ দামী ছ্যুট৷ সূৰ্য্যৰ পোহৰত চিকমিকাই আছে হাতৰ ৰ'লেক্স, চকুত সোণৰ ফ্ৰেমৰ বাইফোকেল৷ নৱাৰুণক দেখিয়েই তেওঁ গেটমেনক ক'লে, "তেওঁক সোমাবলৈ দিয়া৷ তেওঁ আমাৰ নতুন ডাক্তৰ৷"
 
মানুহজনে কথাটো জানিব পাৰি অকণমান লাজ পালে, "আহক আহক ছাৰ" বুলি সি গেটখন খুলি দিলে৷ হাতৰ বেগটোও টানি নিব খুজিছিল, কিন্তু নৱাৰুণে ইংগিতেৰে বাধা দিলে৷ নৱাৰুণে প্ৰৱেশ কৰিলে নাৰ্ছিংহোমখনত৷ ডাক্তৰ ঘটক কেইখোজমান আগুৱাই আহিল তাৰ ওচৰলৈ৷ তীক্ষ্ণ, অন্তৰ্ভেদী দৃষ্টিৰে এবাৰ নৱাৰুণলৈ চাই ওঁঠৰ কোণত হাঁহি ফুটাই তাৰ কান্ধত হাত এখন থৈ ক'লে, "ৱেলকাম মাই বয়৷ আহা, ভিতৰলৈ আহা৷"
 
নৱাৰুণৰ কান্ধত ভৰসাৰ হাত, বিশ্বাসৰ হাত৷ বহুদিনৰ মূৰত কোনোবাই এনেদৰে হাত থ'লে তাৰ কান্ধত৷ নৱাৰুণৰ বন্ধু-বান্ধৱ, এৰি অহা কলিগবোৰেতো কেতিয়াবাই তাৰ সংগ ত্যাগ কৰিছে, বদনামৰ অংশীদাৰ হোৱাৰ ভয়ত, বা ঘৃণাত৷ নৱাৰুণে হাউলি তাৰ ছাৰক সেৱা কৰিব খুজিছিল৷ কিন্তু তাক তুলি ধৰি ডাক্তৰ ঘটকে ক'লে, "এইবিলাকৰ কোনো দৰকাৰ নাই৷ মেডিকেল কলেজতো তুমি মোৰ প্ৰিয় ছাত্ৰ আছিলা, এতিয়াও একেই আছা৷ ব'লা, আগতে ভিতৰলৈ ব'লা৷"
 
ডাক্তৰ ঘটকৰ সৈতে ঘৰটোৰ ভিতৰত খোজ পেলালে নৱাৰুণে৷ দৰজাৰ কাষতে ৰিচেপচন, কেছ কাউন্টাৰ, কিন্তু কোনো ক'তো নাই৷ কেইখোজমান আগবাঢ়ি এফালে এটা লিফ্ট৷ তাৰ ঠিক বিপৰীত দিশত ওপৰলৈ যোৱা চিৰি৷ সন্মুখত এটা দীঘল পাছেজ গৈছে নাৰ্চিংহোমৰ ভিতৰলৈ৷ আৰু তাৰ দুয়োফালে শাৰী শাৰী কোঠা৷ তাৰে কোনোবাটো এক্স-ৰে ৰূম, কোনোবাটো পেথ'ল'জী ৰূম, দৰজাত লিখা আছে৷ তাৰেই এটা কোঠাৰ সন্মুখত আহি ৰ'ল ডাক্তৰ ঘটক৷
 
কোঠাটো তেওঁৰ অফিচ ৰূম৷ নৱাৰুণক লৈ তেওঁ প্ৰৱেশ কৰিলে কোঠাটোৰ ভিতৰত৷ কাঁচৰ টেবুল এখনৰ চাৰিওফালে শাৰী শাৰী চকী৷ নৱাৰুণক তাৰে এখনত বহিবলৈ কৈ তেওঁ গৈ বহিল তেওঁৰ নিজৰ ৰিভলভিং চেয়াৰত, নৱাৰুণৰ মুখামুখিকৈ৷ ডাক্তৰ ঘটক য'ত বহিছিল, ঠিক তেওঁৰ মূৰৰ পিছফালে এজন সন্যাসীৰ ছবি৷ তীক্ষ্ণ দৃষ্টিৰে তেওঁ চাই আছে ফটোৰ ফ্ৰেমৰ ভিতৰৰ পৰা৷ যেন তেওঁ নৱাৰুণলৈকেই চাই আছে৷
 
ডাক্তৰ ঘটকৰ কোঠাত ওলোমাই থোৱা এই ছবিখন দেখি খুব আচৰিত হ'ল নৱাৰুণ৷ মুহূৰ্তৰ বাবে তাৰ মনত পৰি গ'ল এটা পুৰণি কথা৷ মেডিকেল কলেজত তাৰ এজন সহপাঠী আছিল সুপ্ৰিয় বুলি৷ কোনো এজন গুৰুৰ শিষ্য আছিল সি৷ অপাৰেছন টেবুলৰ সন্মুখত ৰৈ কাম আৰম্ভ কৰাৰ আগতে সি তাৰ পকেটৰ পৰা গুৰুৰ ফটো এখন উলিয়াই সেৱা কৰি লয়৷ কথাটো এবাৰ ধৰা পৰিল প্ৰফেছাৰ ঘটকৰ চকুত৷ লগে লগে তেওঁ সকলোৰে আগত সুপ্ৰিয়ক তিৰস্কাৰ কৰি কৈছিল, "এই ৰোগীজনক যদি কোনোবাই বচাব পাৰে, সেয়া একমাত্ৰ মেডিকেল চাইন্সেহে পাৰিব৷ এই ৰোগীজনৰ জীৱন-মৃত্যু-আৰোগ্য সকলো নিৰ্ভৰ কৰিছে বিজ্ঞানৰ ওপৰত৷ আমাৰ হাতৰ ওপৰত৷ তোমাৰ সেই ছবিখনৰ ওপৰত নহয়৷ ছিঃ, ছিঃ, তুমি আকৌ বিজ্ঞানৰ ছাত্ৰ৷ ভবিষ্যতে এনেকুৱা ঘটনা দেখিলে তোমাক অ'টিৰ পৰা বাহিৰ কৰি দিম৷ ডাক্তৰি পঢ়া বাদ দি তুমি তাতকৈ তোমাৰ গুৰুদেৱৰ আশ্ৰমলৈ গুচি যাবা৷ অলৌকিকভাৱে ৰোগীৰ চিকিৎসা কৰিবা৷"
 
এনেকুৱা এজন ডাক্তৰৰ মূৰৰ পিছফালে সেয়ে সাধু-সন্যাসীৰ ফটো দেখি খুবেই আচৰিত হ'ল নৱাৰুণ৷ সি নিজে অৱশ্যে সাধু-সন্যাসী, পূজা-পাতলত বিশ্বাস নকৰিলেও সেইবোৰক অশ্ৰদ্ধাও নকৰে৷ কাৰণ সকলোৰে নিজা নিজা বিশ্বাস৷ সেই বিশ্বাসক অবিশ্বাস কৰিলেও অশ্ৰদ্ধা কৰা উচিত নহয়৷
 
বেছ কিছু সময় নিৰৱে বহি ৰ'ল ডাক্তৰ ঘটক৷ তাৰ পিছত এটা পেপাৰ ৱেইট তুলি লৈ সেইটো ঘূৰাই ঘূৰাই ক'লে, "বহু বছৰ পিছত দেখা হ'ল তোমাৰ লগত৷ তুমি যেতিয়া ফাইনেল ইয়াৰৰ ছাত্ৰ আছিলা তেতিয়াইচোন মই চাকৰিৰ পৰা ৰেজিগনেছন দিছিলো৷ তাৰ পিছত কেইদিন মানৰ পিছতেই কলিকতাৰ পৰা বহুত দূৰৈৰ ইয়ালৈ গুচি আহিলো৷ প্ৰায় যোগাযোগ বিচ্ছিন্ন হৈ গৈছিল মেডিকেল কলেজৰ চবৰে লগত৷ তাৰ পিছত যেতিয়া তোমাৰ ঘটনাটো ঘটিল, তেতিয়া বাতৰি কাকতত, টেলিভিছনৰ পৰ্দাত তোমাৰ ফটো দেখি তোমাক চিনি পালো৷ বহুত বেয়া লাগিছিল তোমাৰ কথাটো শুনি৷ মোৰ বিশ্বাস হোৱা নাছিল কথাটো৷ সেই সময়ত কেবাবাৰো তোমাৰ টেলিফোন নম্বৰ যোগাৰ কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো৷ কিন্তু কেইদিনমান আগতে ঘটনাক্ৰমে তোমাৰ নম্বৰটো এজন মেডিকেল ৰিপ্ৰেজেন্টিটিভৰ পৰা পাই যোগাযোগ কৰিলো তোমাৰ সৈতে৷ তোমাক আহিবলৈ ক'লো মোৰ ইয়ালৈ৷
 
"তোমাৰ ঘটনাটোৰ বিষয়ে বহুত কথাই ওলাইছিল সংবাদ-মাধ্যমত৷ মই জানো সংবাদ-মাধ্যমৰ সকলো খবৰ শুদ্ধ নহয়৷ আচল ঘটনাটো কি হৈছিল, সেইটো আকৌ এবাৰ সংক্ষেপতে জানিব খোজো৷ নিশ্চিন্ত মনে কোৱা৷ তোমাৰ ভয় কৰিবলগীয়া একো নাই৷ মেডিকেল কাউন্সিল, আদালতেতো তোমাক ক্লিনচিট দিছেই৷ তুমি মোৰ ইয়াত কাম কৰিবা, অতীতত যিয়েই নঘটক কিয়৷" একেবাৰতে কথাখিনি কৈ নৱাৰুণৰ উত্তৰৰ আশাত চছমাৰ ফাঁকেৰে তাৰ পিনে চাই ৰ'ল ডাক্তৰ ঘটকে৷
 
নৱাৰুণে অলপ সময় নিশ্চুপ হৈ থাকি ক'বলৈ আৰম্ভ কৰিলে, "আপোনাক ফোনত যিখিনি কৈছো, সেইটোৱেই সঁচা ছাৰ৷ আমাৰ সেই চৰকাৰী হস্পিতালৰ অ'টিত নাইট ডিউটি আছিল মোৰ৷ ঠিক দুবছৰ আগৰ কালী পূজাৰ ৰাতি৷ এজনে আহি ক'লে পেচেন্ট আহিছে৷ আঠ বছৰমান বয়সৰ ল'ৰা এটা৷ হেড ইনজিউৰি৷ ফটকা ফুটাবলৈ গৈ চাদৰ পৰা পৰি গৈছে৷ মই এটেণ্ড কৰিলো ল'ৰাটোক৷ দেখিলো তাৰ মূৰত গভীৰ ঘাঁ৷ ষ্টিচ কৰিব লাগিব৷ তাক অ'টিলৈ লৈ যাবলৈ কৈ মই যেতিয়া সাজু হৈ অ'টিত সোমাবলৈ লৈছো, ঠিক তেতিয়াই মোবাইলত হস্পিতালৰ ছুপাৰৰ মেছেজ আহিল, 'কাম ছাৰ্প, আৰ্জেন্ট মেটাৰ৷'
 
মই লগে লগে ছুপাৰক ফোন কৰাত তেওঁ জনালে, "এতিয়াই মোৰ অফিচলৈ আহিব লাগিব৷ বাহিৰলৈ যাব লাগিব৷"
 
মই তেওঁক ক'লো, "কিন্তু মইতো এতিয়া অ'টিত সোমাইছো৷ হেড ইনজিউৰি লৈ এটা সৰু ল'ৰা আহিছে৷ ষ্টিচ কৰিব লাগিব৷"
 
তেওঁ ক'লে, "মই এতিয়াই আন এজনক তালৈ পঠাইছো৷ কিন্তু তুমি গুচি আহা ইয়ালৈ৷"
 
ছুপাৰৰ নিৰ্দেশ৷ গতিকে অলপ ইতস্ততঃ কৰি মই গ'লো কাষৰ বিল্ডিঙটোৰ তেওঁৰ অফিচলৈ৷ মই তেওঁৰ চেম্বাৰত সোমালো৷ আমাৰ চৰকাৰী হস্পিতালৰ ওচৰতে এখন নতুন নাৰ্ছিংহোম বহিছে৷ ছুপাৰ চাহাবে ক'লে যে মই তালৈ এতিয়াই এবাৰ যাব লাগিব৷ এজন ডাঙৰ উদ্যোগপতিৰ ছোৱালী কাৰ এক্সিডেন্টেত ভৰিত আঘাত পাই তাত ভৰ্তি হৈছে৷ ঢাক-ঢোল কোবাই বিজ্ঞাপন কৰিলেও সিমান ইনফ্ৰাষ্ট্ৰাক্সাৰ গঢ়ি উঠা নাই নাৰ্ছিংহোমখনৰ৷ যি কেইজন চাৰ্জন নিয়োজিত আছে সিহঁত কালী পূজাৰ ৰাতি ডিউটিলৈ অহা নাই৷ তেওঁলোকলৈ খবৰ পঠোৱা হৈছে হয়, কিন্তু তেওঁলোক আহি পাওঁতে কমেও এক ঘন্টা লাগিব৷ আন কোনোবা হোৱা হ'লে  সেই নাৰ্ছিংহোমখনে হয়তো পেছেন্টক আন ক'ৰবালৈ যাবলৈ ক'লেহেঁতেন৷ কিন্তু ক্ষমতাশালী বিশিষ্ট উদ্যোগপতিৰ জীয়েক কাৰণে তাইক ঘূৰাই পঠাব পৰা নাই৷
 
সেই উদ্যোগপতিৰ পলিটিকেল কানেক্সন আছে শাসক দলৰ সৰ্বোচ্চ মহলাত৷ আৰু সেই সূত্ৰেই সেই উদ্যোগপতিয়ে স্বাস্থ্য বিভাগৰ এক উচ্চ পদস্থ কৰ্মচাৰীক ফোন কৰি সহায় বিচাৰে৷ সেই অফিচাৰে ছুপাৰ চাহাবক ফোন কৰিছে এজন চাৰ্জনক তালৈ পঠাবৰ বাবে৷ কাৰণ আমাৰ চৰকাৰী হস্পিতালখন সেই নাৰ্ছিংহোমৰ ওচৰতেই৷ ছুপাৰ চাহাবৰ কথা শুনি মই তেওঁক ক'লো, "কিন্তু ছাৰ, ডিউটি আৱাৰত এনেদৰে বাহিৰলৈ যোৱাতো জানো ঠিক হ'ব? তাৰোপৰি মই অ'টিত ল'ৰাটোক সুমুৱাই থৈ আহিছো৷"
 
ছুপাৰ চাহাবে ক'লে, নগ'লে তেওঁৰ আৰু মোৰ পৰিণতি ভাল নহ'ব৷ সেই উদ্যোগপতিজন ৰাজনৈতিক ক্ষমতাশালী ব্যক্তি৷ তালৈ গ'লে মোৰ চিন্তা কৰিবলগীয়া একো নাই৷ আৰু অ'টিলৈ এতিয়াই আন এজন চাৰ্জনক পঠাব তেওঁ৷ তেওঁৰ কথাত ভৰসা কৰি কিছু অনিচ্ছা স্বত্বেও হস্পিতালৰ চৰকাৰী গাড়ীতেই সেই নাৰ্ছিংহোমখনলৈ গ'লো৷
 
গৈ দেখিলো ঘটনাটো তেনেকুৱা বিশেষ একো নহয়৷ ধনীৰ দুলালীয়ে মাতাল অৱস্থাত ধৰ্মতলাৰ এখন বাৰৰ পৰা ওলাই গাড়ীৰে খুন্দা মাৰিছিল ৰাস্তাৰ ডিভাইডাৰত৷ গাড়ীত বহি থকা অৱস্থাতেই তাই বাঁও ভৰিখনত আঘাত পাইছে৷ দুটা চিলায়েই যথেষ্ট৷ কিন্তু সেই সৰু কামটো কৰোতেই দুঘন্টা লাগি গ'ল৷ প্ৰথম কথা তাই মাতাল অৱস্থাত আছিল, তাৰোপৰি বাপেকৰ মৰমৰ জীয়েক৷ কোনো কাৰণতেই তাই ভৰিখন চুবলৈ দিবলৈ ৰাজী হোৱা নাছিল৷ চিৎকাৰ কৰিছিল, অশ্ৰাব্য গালি-গালাজ কৰিছিল৷
 
কাম শেষ কৰি মই যেতিয়া হস্পিতাল পাওঁ তেতিয়া প্ৰায় তিনি ঘন্টা পাৰ হৈ গৈছে৷ হস্পিতালত সোমায়েই শুনিলো খবৰটো৷ মোৰ অ'টিত ৰখা সেই ল'ৰাটো হেনো ঢুকাইছে৷ আচলতে ছুপাৰে অ'টিলৈ কাৰোবাক পঠাবলৈ পাহৰি গৈছিল৷ ৰক্তক্ষৰণত মৃত্যু হৈছে তাৰ৷
 
পিছদিনাখন কেনেকৈ জানো খবৰটো বিয়পি পৰিল মিডিয়াত৷ চৰকাৰী হস্পিতালৰ ডাক্তৰে ৰোগী এৰি থৈ টকাৰ লোভত নাৰ্ছিংহোমত উদ্যোগপতিৰ জীয়েকৰ চিকিৎসা কৰিবলৈ গৈছিল৷ মোৰ লোভ আৰু কৰ্তব্যত অৱহেলাৰ কাৰণেই মৃত্যু হৈছে শিশুটোৰ৷ অথচ মই সেই নাৰ্ছিংহোমৰ পৰা এক পইছাও লোৱা নাই৷ মোৰ কোনো যোগাযোগেই নাছিল সেই নাৰ্ছিংহোমখনৰ লগত৷ খবৰটো কাকতত ওলোৱাৰ লগে লগেই বিৰোধী ৰাজনৈতিক দল, সমাজকৰ্মী, বুদ্ধিজীৱীসকলে হৈ-হাল্লা কৰি ৰাস্তাত নামি পৰিল৷ পৰিস্থিতি বেয়াৰ ফালে যোৱা দেখি ছুপাৰেও ঘটনাৰ পৰা দায় সাৰিবলৈ ক'লে, তেওঁ হেনো নাজানেই এইবোৰ কথা৷ আৰু তাৰ পিছত..."
 
দীৰ্ঘ সময় ধৰি কথাখিনি কৈ অকণমান নিৰৱে ৰ'ল নৱাৰুণ৷ তাৰ চকুত ভাহি উঠিল সেই সময়ৰ ঘটনাপ্ৰৱাহ৷ তাৰ চাচপেনছন, কোৰ্ট-কাছাৰী, মিডিয়াৰ আক্ৰমণ, মালৱিকাৰ আত্মহত্যা৷ শেষৰ পিনে এদিন তাই কৈছিল --- কি হ'ব মোৰ? কি হ'ব আমাৰ গৰ্ভজাত সন্তানটোৰ?
 
"মোৰ এগৰাকী পেছেন্ট আছিল নামজ্বলা এডভোকেট৷ সিদিনাখন হস্পিতালৰ ডিউটিলৈ গ'লেও এটেণ্ডেন্সৰ ৰেজিষ্টাৰত চহী কৰা নাছিলো৷ সেই সূত্ৰ ধৰিয়েই তেওঁ মোক শেষপৰ্যন্ত বচাই দিলে৷ মই চাকৰি ঘূৰাই পালেও বুজি পাইছিলো সেই হস্পিতালখনত চাকৰি কৰা আৰু মোৰ পক্ষে সম্ভৱ নহয়৷ ৰেজিগনেছন দি দিলো৷"
 
কথাখিনি কৈ নিশ্চুপ হৈ পৰিল নৱাৰুণ৷ বেছ কিছু সময়ৰ নিস্তব্ধতা৷ তল মূৰ কৰি বহি আছিল নৱাৰুণ৷ ডাক্তৰ ঘটকে তাক উদ্দেশ্যি ক'লে, "চিয়েৰ আপ৷ বহুতৰ জীৱনত এনেকুৱা দুৰ্ঘটনা ঘটে৷ তাৰ পিছত লাহে লাহে সকলো ঠিক হৈ যাব৷ তাৰোপৰি মই তোমাৰ লগত আছো৷"
 
নৱাৰুণে ক'লে, "আপোনাৰ ভৰসাতেই ইয়ালৈ আহিছো৷ কিন্তু ইয়াতে কোনোবাই মোক চিনি নেপেলায়তো? আপুনি কোনো অসুবিধাত পৰিবলগীয়া নহয়তো?"
 
ডাক্তৰ ঘটকে ক'লে, "সেইবিলাক লৈ চিন্তা নকৰিবা৷ পাবলিক মেম'ৰী খুব চৰ্ট৷ হয়তো সিহঁতে ইতিমধ্যেই ঘটনাটো পাহৰিবলৈ আৰম্ভ কৰিছে বা পাহৰিয়েই গৈছে৷ তোমাৰ ডাক্তৰ মাইতিৰ সেই ঘটনাটো মনত আছে নহয়? যিয়ে ৰোগীৰ পেটৰ ভিতৰৰ পৰা নিডল নুলিওৱাকৈয়ে চিলাই কৰি দিছিল৷ তাক লৈ মিডিয়াত কিমান হৈ-চৈ হৈছিল৷ কিন্তু সিটো এতিয়াও প্ৰেক্টিছ কৰি আছে৷ তিনিখন নাৰ্ছিংহোম বনালে৷ তাৰে আকৌ এখন কলিকতা চহৰত৷ ইয়াত মিডিয়াৰ দপদপনি নাই, একো সমস্যা নহয় তোমাৰ৷"
 
এইখিনি কথা কোৱাৰ পিছত ডাক্তৰ ঘটকে ক'লে, "এতিয়া ইয়াৰ কথা কওঁ তোমাক৷ ইয়াতেই কেইদিন মান থাকিব লাগিব তুমি৷ খোৱা লোৱাৰ ব্যৱস্থা কেয়াৰটেকাৰ মানে সেই গেটমেনে কৰি দিব৷ মোৰ নতুন নাৰ্ছিংহোমখন চহৰৰ ভিতৰত৷ সেইখন অ'পেন হ'লেই তালৈকে চিফ্ট কৰিবা তুমি৷ এইখন নাৰ্ছিংহোমত তোমাৰ সিমান কাম নাই৷ এইখন বন্ধ কৰি দিছো৷ ইয়াত ক'ল্ড ড্ৰিংকছৰ বটলিং প্লেন্ট বনাম৷ যন্ত্ৰপাতি সকলো চিফ্ট হৈছে ইয়াৰ পৰা নতুন নাৰ্ছিংহোমখনলৈ৷ ইয়াত নতুন কোনো ৰোগীক এডমিট কৰা হোৱা নাই৷ দুজন মাত্ৰ ৰোগী আছে ইয়াত৷ তাৰে এজন বৃদ্ধ, বাৰ্ধক্যজনিত অসুবিধাৰ কাৰণে ভৰ্তি হৈছে৷ আনজন এজন মাজ বয়সীয়া মানুহ৷ ভৰি ভাঙিছে, ট্ৰাকছন দিয়া আছে৷ হাউছ ফিজিছিয়ান ডাক্তৰ দাসে আহি দুবেলা তেওঁলোকক চাই যায়৷ কেইদিনমানৰ ভিতৰতে তেওঁলোকক চুটি দিয়া হ'ব৷ আৰু আছে দুগৰাকী আয়া৷ নাৰ্ছিঙৰ কাম সিহঁতেই কৰে৷ নতুন নাৰ্ছিংহোমখন খুলিলেহে তোমাৰ কাম আৰম্ভ হ'ব৷"
 
নৱাৰুণে সুধিলে, "কিমান কাম বাকী আছে তাৰ?"
 
ডাক্তৰ ঘটকে ক'লে, "যিমান সম্ভৱ সোনকালে তাৰ কাম শেষ কৰাৰ চেষ্টা কৰা হৈছে৷ দেখা যাওঁক৷ তাৰ আগতে এটা কাম বাকী আছে৷"
 
তাৰ পিছত হঠাৎ ডাক্তৰ ঘটকে তেওঁৰ হাত-ঘড়ীটোলৈ চাই ক'লে, "ব'লা, এইবাৰ তোমাক তোমাৰ কোঠালৈ লৈ যাওঁ৷ গোটেই ৰাতি জাৰ্ণি কৰি আহিছা৷ জিৰণি লোৱা৷ মই আকৌ ষ্টেচনলৈ যাব লাগিব এজনক আনিবলৈ৷ আবেলি মই আকৌ আহিম৷" চকীৰ পৰা উঠিল ডাক্তৰ ঘটক৷ উঠি থিয় হ'ল নৱাৰুণো৷ সেই কোঠাটোৰ পৰা ওলাই ডাক্তৰ ঘটকৰ পিছে পিছে খোজ কাঢ়ি আহি থাকোতে নৱাৰুণে ক'লে  "তেনেহ'লে মোৰ ইয়াত একো কাম নাই বুলিছে?"
 
ডাক্তৰ ঘটকে হাঁহি ক'লে, "অঁ, নাই৷ পিছে ইচ্ছা কৰিলে পেছেন্ট দুজনৰ কেবিনত ভিজিট কৰিব পাৰা৷ অলপ পাল্ছ, প্ৰেছাৰ আদি চাই মেলি দিব পাৰিবা৷ পেছেন্ট দুজনো সুখী হ'ব, দুজন ডাক্তৰে তেওঁলোকক চাবলৈ আহিছে বুলি৷"

***

 সূচীপত্ৰলৈ                                                 পৰৱৰ্তী অধ্যায়লৈ

Aug 17, 2015

কাপালিক - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Kapalik an Assamese Horror Mystery Novel by Rajiv Phukan   
*মূলঃ তাৰাদাস বন্দোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন* 
প্ৰথম অধ্যায়   

দিনটো ৰাতিপুৱাৰ পৰাই ডাৱৰীয়া৷ দুপৰীয়াৰ ফালে এজাক বৰষুণো দিছিল৷ তাৰ পিছত আৰু বৰষুণ নাই দিয়া, কিন্তু আকাশখন গোমা হৈ আছে ক'লা ডাৱৰেৰে৷ সেমেকা বতাহ বলি আছে৷
 
এনেকুৱা দিনবোৰত মনত কি কৰো কি নকৰো লাগি থাকে৷ দুখনমান বিদেশী আলোচনী বন্ধু এজনৰ পৰা আনি পিছত পঢ়িম বুলি থৈ দিছিলো৷ এতিয়া সেইবোৰকে লুটিয়াই মেলি চালো, ডাৱৰীয়া বতৰৰ মেজাজৰ সৈতে ঠিক খাপ খোৱা নাই৷
 
কি কৰা যায়? পত্নীৰ সৈতে আদ্দা মাৰিম? নাই, বিয়া হোৱাৰ সাত বছৰ পিছত ডাৱৰীয়া বতৰত খিৰিকিৰ কাষত বহি পত্নীৰ সৈতে আৰু কবিতা ভাল নালাগে৷ শুনিবলৈ নিষ্ঠুৰ যদিও কথাষাৰ সত্য৷ মহাকালৰ নিৰ্ম্মমতা আৰু অতীতৰ সুখৰ দিনবোৰৰ বিষয়ে বিমৰ্ষ মনে চিন্তা কৰি আছিলো, তেনেতেই দুৱাৰত টোকৰ পৰিল৷
 
উঠি গৈ দৰজা খুলি দেখিলো কিশোৰী সেন৷ ভিতৰত সোমাই বোকা লগা ৰবৰৰ পামছুযোৰ খুলি খুলি সি হাঁহি ক'লে, "এই বৰষুণৰ বতৰত ঘৰত বহি কৰিছ কি?"
 
ক'লো, "কিনো কৰিম আৰু, ঘোঁৰাৰ ঘাঁহ কাটি আছিলো৷ ভালেই কৰিলা, তুমি আহিলা৷ কিযে বতৰ কৰিছে, নহয়নে?"
 
কিশোৰীয়ে ক'লে, " চোলা তোলা কিবা এটা আঁৰি লোৱা৷ ব'লা, তাৰানাথ জ্যোতিষীৰ ঘৰৰ পৰা এপাক আহো৷ অন্য নহ'লেও, দুই এটা অদ্ভুত গল্পতো শুনিবলৈ পাম৷ এনেকুৱা দিনতেইতো অদ্ভুত কাহিনী ভাল লাগে৷"
 
তাৰানাথৰ কথা যে কিয় মোৰ মনলৈ আগতে অহা নাছিল, সেয়া ভাবি আচৰিত হ'লো৷ ক'লো, "বহা, ধুতিখন সলাই আহো৷
 
ৰাস্তাত ভৰি দি ক'লো, "ট্ৰামত উঠি লাভ নাই৷ মাহৰ শেষ, সেই আঠ পইছাৰে তাতকৈ চিগাৰেট কিনিম৷ খোজ কাঢ়িয়েই ব'লা৷ এইকণহে বাট৷"
 
কিশোৰীৰো মাহৰ শেষ৷ আঠ পইছাৰে পাছিং ছো কিনি খোজ কাঢ়ি কাঢ়ি দুয়ো মট লেনৰ তাৰানাথৰ ঘৰ ওলালোগৈ৷
 
দুৱাৰ খুলি দিলে তাৰানাথৰ জীয়েক চাৰিয়ে৷ মোক দেখিয়েই ক'লে, "খুৰাদেউ, আজি মোৰ লেচৰ ডিজাইন পাহৰা নাইতো? সদায় সদায় আপুনি পাহৰি যায়৷"
 
আজি পাহৰা নাই৷ আগতেই জেপত ভৰায়ে থৈছিলো৷ উলিয়াই হাতত তুলি দিওতে চাৰিয়ে হাঁহি মুখেৰে ভিতৰলৈ মাতি নি ক'লে, "বহক, দেউতাক মাতি দিছো৷"
 
খবৰ পাইয়ে তাৰানাথে হাঁহি মুখে ওলাই আহিল৷ বহুদিন ধৰি তেখেতেও এনেকুৱা একনিষ্ঠ শ্ৰোতা আৰু ভক্ত পোৱা নাই৷ খাটত বহি তাৰানাথে ক'লে, "কি খবৰ? হঠাৎ যে?"
 
ক'লো, "ঘৰত বহি বহি আমনি লাগি গৈছিল৷ সেয়ে আদ্দা মাৰো বুলিয়েই ওলাই আহিলো৷ নতুন ক'ৰবালৈ গৈছিলনে?"
 
তাৰানাথে অত্যন্ত সুখী হ'ল, "বহা, বহা৷ আগতে কোৱা কি খাবা? ও চাৰি, চাৰি৷ এইপিনে আহিবিচোন মা অকণমান৷"
 
চাৰি আহি ৰোৱাত তাৰানাথে ক'লে, "যাচোন মা, পতকৈ তেল, কেঁচা জলকীয়া, নিমখেৰে মুড়ি সানি লৈ আহ৷ পিছত চাহ দিবি৷"
 
তাৰ পিছত আমাৰ পিনে চাই ক'লে, "কাহিনী কম ৰ'বা? পিছে তোমালোকেতো এইবোৰ বিশ্বাস নকৰা-"
 
কিশোৰীয়ে ক'লে, "এনেই ক'লে বিশ্বাস নকৰো বুলি৷ বিশ্বাসেই যদি নকৰো, তেনেহ'লে এই বৰষুণৰ দিনত ইমান দূৰ খোজ কাঢ়ি কাঢ়ি এনেই আহিছো নেকি?"
 
"সেইটো কাহিনী শুনাৰ লোভত৷ নাস্তিক আৰু অবিশ্বাসীবোৰেই অলৌকিক কাহিনীৰ ভাল শ্ৰোতা হয়৷"
 
মই ক'লো, "আপোনাৰ ইয়ালৈ ইমান দিন আহিছো৷ আপুনি কিন্তু আমাক অলৌকিক একো দেখুওৱা নাই-"
 
তাৰানাথে উজ্বল চকুৰে মোৰ পিনে চাই ক'লে, "মানে শূন্যতে হাত ঘূৰাই সন্দেশ ৰসগোল্লা অনা? পানীক মন্ত্ৰ মাতি চৰবত কৰি দিয়া? তোমাকচোন এদিন কৈছিলো, সেইবিলাক অতি নিম্ন শ্ৰেণীৰ শক্তি - ভেল্কীবাজি কৰাত গুৰুৰ নিষেধ আছিল৷ পিছে নকৰাকৈ আছো জানো? কৰিছো৷ কম বয়সত ভক্তবোৰক অবাক কৰিবলৈ, টকা পইছা ইনকাম কৰিবলৈও কৰিছো কিছু৷ বাকী শক্তিও তাতেই গ'ল৷ সেইবোৰত একো নাই বাবা, আচল তান্ত্ৰিকে কেতিয়াও ভেল্কী নেদেখুৱাই৷"
 
কিশোৰীয়ে ক'লে, "আচ্ছা, সাধুবোৰে যে চকু মুদি ত্ৰিভুৱন ত্ৰিকাল মুখৰ আগত দেখিবলৈ পায়, ইয়াতেই বহি বিলাতত কি হৈছে চব কৈ দিব পাৰে এইবোৰ জানো বিশ্বাসযোগ্য৷"
 
তাৰানাথে জোৰ দি ক'লে, "নিশ্চয়৷ সদগুৰু পালে আৰু প্ৰকৃত সাধনা কৰিব পাৰিলে তুমিও পাৰিবা৷"
 
"যেনে?"
 
"যেনে ধৰা, সদ্যমৃত কোনো চাণ্ডালৰ শ'ৰ পৰা মূৰটো কাটি নি অমাৱস্যা বা সংক্ৰান্তি তিথিত শ্মশানত গাত খান্দি তাত সেই মূৰটো পুতিব লাগিব৷ পিছত গভীৰ ৰাতি সেই গাতৰ ওপৰত পদ্মাসনত বহি মূৰৰ ওপৰত মৰা ঢোঁৰা কাউৰীৰ ঠোঁটৰ গুৰি থৈ এক লাখ বাৰ বীজমন্ত্ৰ জপ কৰিলে তুমিও সৰ্বজ্ঞ হ'ব পাৰিবা৷"
 
কিশোৰীয়ে সুধিলে, "বীজমন্ত্ৰটো কি?"
 
তাৰানাথে ক'লে, "সেইটো ক'ব পৰা নাযাব৷ তন্ত্ৰ দীক্ষা নথকা মানুহৰ আগত সাধনাৰ গুপ্তমন্ত্ৰ কোৱা নিষেধ৷ বীজমন্ত্ৰই আচলতে-"
 
চাৰিয়ে তেল জলকীয়া সনা মুড়ি লৈ আহিল৷ খাই খাই সুধিলো, "আপুনি সঁচাকৈ কেতিয়াবা কাপালিক দেখিছেনে?"
 
কিশোৰীয়ে সুধিলে, "তান্ত্ৰিক আৰু কাপালিকৰ মাজত পাৰ্থক্য আছে নেকি কিবা?"
 
তাৰানাথে ক'লে, "পাৰ্থক্য আছে৷ পিছে সেইবিলাক তোমালোকক বুজোৱা টান, জানিও তোমালোকৰ একো লাভ নাই৷ অঁ, কাপালিক দেখিছো কিছু৷ কিন্তু এবাৰৰ স্মৃতি একেবাৰে পাহৰিব নোৱাৰা ধৰণৰ৷"
 
তাৰানাথ যেন অকণমান অন্যমনস্ক হৈ নিশ্চুপ হৈ পৰিল৷
 
ক'লো, "কওক না সেই কাহিনীটো, ভাল লাগিব শুনি৷"
 
"কৈছো৷ তোমালোকে আগতে খাই লোৱা৷ সেইটো এটা ভয়ংকৰ কাহিনী৷ বহুদিন পিছত মনত পৰি গ'ল৷ মনত পৰিলে এতিয়াও গা চমচমাই যায়৷"
 
মই সুধিলো, "এই ঘটনাটো মধুসুন্দৰী দেৱীৰ আবিৰ্ভাৱৰ আগৰ নেকি?"
 
"অঁ৷ মোৰ তান্ত্ৰিক জীৱনৰ একেবাৰে আৰম্ভণিৰ পিনে ঘটিছিল৷ তেতিয়াও মই বীৰভূমৰ মাতু পাগলীক লগ পোৱা নাই৷ চাহ আনিছ? থ’ এই খাটখনতে থ’ - লোৱা, চাহ খোৱা৷"
 
আমি চাহত চুমুক দিলো৷ তাৰানাথে কাহিনী ক'বলৈ আৰম্ভ কৰিলে৷
 
"মোৰ বয়স তেতিয়া বাইছ-তেইছ বছৰ৷ ঘৰত থাকি আৰু ভাল নলগা হৈছে৷ আমাৰ গাঁওৰ কিনাৰৰ বটজোপাৰ তলত এবাৰ এজন সাধু আহি সাত-আঠদিন বাহৰ পাতিছিল৷ সন্মুখত ধুনি জ্বলাই চুপ চাপ বহি থাকে৷ মূৰত গম্বুজৰ দৰে ওখ জটাৰ ভাৰ৷ চকু দুটা বেছ শান্ত৷ গাঁওৰ বহুতেই তেওঁৰ ওচৰলৈ গৈ গাখীৰ, ফল-মূল এইবিলাক দি আহে৷ তিৰোতা মানুহ কিছুমানে গৈ মাদলী তাবিজ বিচাৰে৷ সাধুজনে কিন্তু কেতিয়াও ভেল্কীবাজি নেদেখোৱাই, অলৌকিক শক্তি দেখুৱাই ভক্ত যোগাৰ কৰাৰ চেষ্টা নকৰে৷ কোনোবাই বেছি বিৰক্ত কৰিলে কয়, "মই একো নাজানো আই, মোৰ কোনো ক্ষমতা নাই৷ ভগৱানক স্মৰণ কৰ, ভগৱানে চব ঠিক কৰি দিব৷" বেছি লাগি থাকিলে কয়, "বাৰু যা, তোৰ হৈ ময়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম৷ এই সততাৰ বাবে আৰু তেওঁ কাৰো পৰা পইছা নোলোৱাত সাধুৰ ওপৰত মোৰ এটা আকৰ্ষণ জন্মিল৷ গ'লো এদিন সাধুৰ ওচৰলৈ৷
 
এফালে বহি আছে তেওঁ৷ নানা ধৰণৰ মানুহ আহি নানা ধৰণৰ প্ৰশ্ন কৰিছে৷ সাধুৱে সকলোকে হাঁহি মুখে বিদায় দিছে৷ সকলোকে বিদায় দিওতে আবেলি বাগৰি অন্ধকাৰ নামি আহিল৷ এতিয়া মই আৰু সাধু কেৱল থাকি গ'লো বটগছৰ তলত৷
 
ওচৰৰ পৰা এটুকুৰা শাল কাঠৰ খৰি তুলি ধুনিত গুঁজি দি মোৰ পিনে চাই সাধুৱে ক'লে, "আহ, ইয়াত আহি বহ৷"
 
মই সাধুৰ সন্মুখত ধুনিৰ একাষত গৈ বহিলো৷
 
ধুনিৰ পোহৰত সাধুৱে কিছু সময় মোৰ মুখৰ পিনে চাই থাকিল৷ তাৰ পিছত এটা নিঃশ্বাস পেলাই ক'লে, "সন্ন্যাসী হ'বলৈ মন, নহয়নে?"
 
মই একো নকৈ নিৰৱে বহি ৰ'লো৷
 
"তোৰ সেইবোৰ নহ'ব৷ পিছে তোৰ কপালত বহুত সাধু সংগ আছে দেখিছো৷ কিছু শক্তিও পাবি৷ কিন্তু সংসাৰত থাকিবই লাগিব তই৷"
 
মই ক'লো, "আপুনিতো কাকো একো নকয়৷ মোক কিয় ইমানবোৰ কথা কৈছে?"
 
সাধুৱে অকণমান নিৰৱে বহি থাকি ক'লে, "তোৰ কপালত তন্ত্ৰ সাধনাৰ চিহ্ন আছে, কিন্তু অস্পষ্ট৷ তাৰ অৰ্থ কিছুদূৰ গৈ তাৰ পিছত উভতি আহিব লাগিব৷ এই চিহ্নটো নেদেখা হ'লে তোক এইবোৰ কথা নক'লোহেঁতেন৷ তোৰ অধিকাৰ আছে জনাৰ৷"
 
মই উৎসুক হৈ উঠিলো৷ ক'লো, "আৰু কি দেখিছে প্ৰভু?"
 
"আৰু যি দেখিবলৈ পাইছো, সেয়া বৰ ভাল নহয়৷"
 
"কেনেকুৱা?"
 
"এবছৰৰ ভিতৰত তোৰ বৰ ডাঙৰ বিপদ এটা আহি আছে৷ ভালেই হৈছে মোৰ সৈতে দেখা হ’ল তোৰ৷ নহ'লে প্ৰাণলৈও টনাটনি হোৱাৰ সম্ভাৱনা আছিল"
 
ক'লো, "কেনেকুৱা বিপদ নকয়? তেনেহ'লে তাৰ পৰা বাচিম কেনেকৈ?"
 
সাধুৱে ক'লে, "সেয়া ময়ো ঠিক ধৰিব পৰা নাই৷ জনা হ'লে নিশ্চয় ক'লোহেঁতেন৷ তই ইয়াত আহি বহাৰ পৰাই মোৰ মনত কেনেকুৱা যে অস্বস্তি লাগিছিল৷ এতিয়া তোৰ পিনে চাই দেখিবলৈ পাইছো তোৰ পিছফালে এটা অন্ধকাৰৰ স্তূপ থুপ লাগি ৰৈ আছে৷"
 
মই উচপ খাই উঠি পিছলৈ চাওতেই সাধুৱে হাঁহি ক'লে, "তই নেদেখিবি, মই দেখিছো৷"
 
মই ক'লো, "এবছৰৰ ভিতৰতেই যে বিপদ হ'ব, সেইটো কেনেকৈ জানিলে? আগত বা পিছততো হ'ব পাৰে৷"
 
"সেইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছ‍ো৷ বোধহয় ভুল কৰা নাই৷"
 
মনে মনে বহি ৰ'লো৷ নক'লেও হয় যে সাধুৰ কথা শুনাৰ পিছত গাটো অকণমান সিৰ সিৰ কৰিছিল৷ কোনোবাই যদি গম পায় তাৰ পিছে পিছে এটা থুপ লগা অদৃশ্য অন্ধকাৰ ঘূৰি ফুৰিছে, তেনেহ'লে তাৰ ভাল লগাৰ কথা জানো? তাৰোপৰি নিৰ্জন ঠাই, গাঁওৰ বাহিৰৰ পিনে বটগছজোপা৷ ধুনিত ফটফটাই খৰি পোৰাৰ শব্দ হৈছে৷ সাধু আৰু মোৰ বাহিৰে আৰু কোনো নাই ওচৰে পাজৰে৷
 
সাধুৱে ক'লে, "তোক মই এটা বস্তু শিকাই থৈ যাওঁ৷ ভালকৈ শিকি ল'বি৷ যদি কেতিয়াবা কোনো বিপদ অহা যেন ভাব হয়, তেনেকুৱা যদি কিবা অস্বস্তি বোধ কৰ, তেনেহ'লে এই প্ৰক্ৰিয়াটো কৰিবি৷ যিমানেই বিপদ নাহক৷ প্ৰাণটো বাচি যাব৷"
 
ক'লো, "কি প্ৰক্ৰিয়া প্ৰভু?"
 
সাধুৱে ক'লে, "ভালকৈ মনোযোগ দি শুন৷ আৰু এই মন্ত্ৰটো মুখস্থ কৰি ল'৷ ইয়াক কয় গাত্ৰবন্ধ৷"
 
শিকোতে বেছি সময় নালাগিল৷ ক'লো, "কিন্তু বিপদ যে আহিছে, সেয়া গম পাম কেনেকৈ?"
 
সাধুৱে অকণমান হাঁহিলে, তাৰ পিছত ক'লে, "তই ঠিকেই ধৰিব পাৰিবি৷ তোৰ কপালত তন্ত্ৰ সাধনাৰ চিহ্ন আছে, কোৱা নাই জানো? সময় হ'লে মোৰ দৰেই মনৰ মাজত বিপদৰ ঘন্টা বাজি উঠিব৷ মই যেনেকৈ আজি তোৰ বিপদ ধৰিব পাৰিলো৷"
 
ক'লো, "কিন্তু মইতো পৰা নাই৷"
 
"আজিৰে পৰা তোক অলপ শক্তি দিলো৷ যা, ভাল বেয়া যিয়েই নাহক, তই আগতেই অনুমান কৰিব পাৰিবি৷"
 
মই হাতযোৰ কৰি ক'লো, "মোক আপোনাৰ শিষ্য বনাই লওক৷ মই দীক্ষা ল'ম আপোনাৰ ওচৰত৷"
 
সাধুৱে ভ্ৰূ কোঁচাই ক'লে, "সেইবোৰ নহ'ব৷ মই কাকো শিষ্য নবনাওঁ৷ জোৰ নকৰিবি, যা আঁতৰ হ' এতিয়া৷"
 
"আকৌ কেতিয়া আপোনাক লগ পাম?"
 
"এনেয়ে লগ নাপাওঁ৷ কিন্তু যদি তোৰ সঁচাই কেতিয়াবা প্ৰাণৰ সংশয়ে দেখা দিয়ে, তেতিয়া তোক সাৱধান কৰি দিম৷"
 
তাৰ পিছত এটুকুৰা আধা-পোৰা খৰি তুলি ধুনিত খুঁচি খুঁচি সুমুৱাই দি ক'লে, "যা, ভাগ, আঁতৰ হ৷"
 
ঘৰলৈ উভতি আহিলো৷ পিছদিনাখনেই  সেই সাধুৱে বটগছৰ তল এৰি ক'ৰবালৈ গুচি গ'ল৷ পিছদিনা আবেলি বটৰ তললৈ গৈ দেখিলো কেৱল নুমাই যোৱা ধুনিৰ ছাই আৰু কিছু আধা-পোৰা খৰি পৰি আছে৷
 
এমাহ মান গ'ল৷ একোৱে যেন আৰু ভাল নালাগে৷ কেৱল ঘৰৰ পৰা ওলাই যাবলৈ মন যায়৷ ৰাস্তায়ে যে চুম্বকৰ দৰে টানিছে৷ কেৱল যে ধৰ্মৰ স্পৃহা তেনেকুৱা নহয়, এটা যাযাবৰী মনোভাৱে মনত স্থান লৈছে৷ আৰু কেইদিন মান তেনেকৈ কটোৱাৰ পিছত এদিন সঁচাকৈ কেইযোৰ মান কাপোৰ আৰু টকা দহটা লৈ ওলাই পৰিলো৷
 
ঘৰৰ মানুহে বিচাৰ-খোচাৰ কৰিব আৰু সন্ধান পালেই ধৰি লৈ যাব ঘৰলৈ৷ সেই বাবে সদায় গৈ থাকিছিলো, যিমান দূৰলৈ যাব পাৰি৷ ৰাতি আশ্ৰয় লৈছিলো কোনোবা মানুহৰ ঘৰত৷ তেতিয়াৰ দিনৰ মানুহ-দুনুহবোৰ ভাল আছিল৷ অভাৱ নাছিল, ভঁৰাল ভৰি ধান, পুখুৰী ভৰি মাছ, নিজৰ গৰুৰ গাখীৰ৷ অতিথিৰ শুশ্ৰুষা কৰাত সেই যুগৰ মানুহে ত্ৰুটি নকৰিছিল৷ অব্ৰাহ্মণ গৰাকী হ'লে গোহালি-ঘৰৰ একাষে পৰিষ্কাৰ কৰি ৰন্ধাৰ সুবিধা কৰি দিয়ে৷ তাত বহি ৰান্ধো৷ তেওঁলোকে আকৌ অপেক্ষা কৰে ব্ৰাহ্মণৰ প্ৰসাদ পাবলৈ৷"
 
কিশোৰীয়ে সুধিলে, "বস্তু-বাহানিৰ দাম তেতিয়া কেনেকুৱা আছিল?"
 
তাৰানাথে ক'লে, "গাঁওৰ ফালে বেছিভাগ বস্তুৱেই কিনি খাব নালাগিছিল৷ চবতো গাঁওতেই উৎপন্ন হয়৷ পিছে অঁ, মনত আছে, এবাৰ মই আৰু মোৰ বন্ধু হৰমোহনে মাংস খাবলৈ মন যোৱাত ওচৰৰ গাঁওৰ পৰা দহ অনাৰে এটা পাঠা কিনি আনি দুয়ো ৰান্ধি খাইছিলো৷ তাৰ পিছতো হৰমোহনে বাৰে বাৰে কৈ আছিল, "আমি ঠগ খাইছো, আৰু অলপ দৰদাম কৰা হ'লে আঠ অনাৰ ভিতৰত পাই গ'লোহেঁতেন৷"
 
মই আচৰিত হৈ ক'লো, "দহ অনাত এটা গোটা পাঠা ছাগলী?"
 
"অঁ৷ তেতিয়াৰ দিনৰ বস্তুৰ দাম তোমালোকে কল্পনাও কৰিব নোৱাৰিবা৷"
 
"দুয়ো মিলি গোটেই ছাগলীটো খাই পেলালে?"
 
"অঁ, কি ডাঙৰ কথা? গাঁওৰ ল'ৰা, আমাৰ ভোকটোও বেছি আছিল আৰু এচিডৰ বেমাৰতো নুভুগিছিলো৷ মোৰ খোৱাৰ কাহিনী আৰু কিমান শুনিবা? আমাৰ দেউতাৰ খোৱাৰ ফালৰ পৰা দহখন গাঁওৰ মাজত নাম আছিল৷ সেই কাহিনী ক'ম পিছত কেতিয়াবা৷"
 
কিশোৰীয়ে ক'লে, "অঁ, যিটো কাহিনী কৈ আছিল, সেইটো কওক৷"
 
তাৰানাথে ক'বলৈ আৰম্ভ কৰিলে৷
 
"এনেদৰে কেইদিন মান ঘূৰি ঘূৰি বিৰক্তি লাগি গ'ল৷ দিনে দিনে বিনা কাৰণত ৰাস্তাৰে খোজ কঢ়া, বেলেগৰ ঘৰত আশ্ৰয় লোৱা, তেওঁলোকৰ দয়াত ভাল ভাল খাদ্য খোৱা, কেৱল খাবলৈকেই জানো ঘৰৰ পৰা ওলাইছো? ঘৰত জানো আমাৰ ভাতৰ অভাৱ আছিল? যি বিচাৰিছিলো সেয়া জানো পাইছো?
 
যি কি নহওক, ৰাস্তাৰে গৈ গৈ ক্লান্ত অৱস্থাত এদিন সন্ধিয়া এখন গাঁওত গৈ উপস্থিত হ'লো৷ গাঁওখনত জনবসতি কম, অলপ সেৰেঙা-সেৰেং ঘৰ-দুৱাৰবোৰ৷ আম-বাগান, জাম-বাগান, বাঁহনি আদিৰে ভৰা৷ এখন ডাঙৰ আম-বাগানৰ কাষত খুব ধুনীয়া ঘৰ এটা দেখি তাতেই আশ্ৰয় ল'বলৈ ঠিক কৰিলো৷ ধুনীয়া মানে পকি ঘৰ নহয়, পোৰা মাটিৰ ডাঙৰ ডাঙৰ আঠ-দহটা ঘৰ, সোঁমাজতে চোতালখন৷ বহুত ওখ ধানৰ ভঁৰাল৷ এফালে এজন গোৱালে গোহালিৰ ধোঁৱাৰ মাজত বহি জাবৰ কাটি আছে৷ মই চোতালত খোজ দিয়াৰ লগে লগেই ঘৰৰ ভিতৰত শঙ্খত ফু পৰিল৷ সকলো মিলি অৱস্থাপন্ন গৃহস্থৰ লক্ষণ ফুটি উঠিছে৷
 
চোতালত থিয় হৈ ইফালে সিফালে চাইছো, এজন ক'লাকৈ মাজ বয়সীয়া মানুহে আগুৱাই আহি ক'লে, "কি লাগে?"
 
ক'লো, "মই বিদেশী মানুহ, ৰাতিটো কটাব পৰা যাব নেকি?"
 
"আপুনি?"
 
"ব্ৰাহ্মণ৷"

***

সূচীপত্ৰলৈ                                                          পৰৱৰ্তী অধ্যায়লৈ