Jan 27, 2025

মৃত্যুৰ গোন্ধ মিঠা - ৰহস্য উপন্যাস

ৰাজীৱ ফুকন
mrityur gondh mitha assamese horror novel by rajiv phukan      
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

লেখক পৰিচিতিঃ লেখক হিমাদ্ৰিকিশোৰ দাশগুপ্তৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৭ মে'ত৷৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম.এ.৷  তেখেতৰ প্ৰথম প্ৰকাশিত গল্প 'হাৰানখুড়োৰ মাছ ধৰা", শিশু আলোচনী 'কিশোৰ ভাৰতী'ত প্ৰকাশ পাইছিল৷ প্ৰথম উপন্যাস 'কৃষ্ণলামাৰ গুম্ফা' আনন্দমেলাত প্ৰকাশ পাইছিল৷ 

এতিয়ালৈকে তেখেতৰ যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশিত হৈছে৷ বহুতো কাহিনীয়ে জনপ্ৰিয় এফ. এম. চেনেলবোৰত নাট্যৰূপ লাভ কৰিছে৷ 

তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল, বন্দৰ সুন্দৰী, ৰাক্ষুসে নেকড়ে, খাজুৰাহ সুন্দৰী, ফিৰিঙ্গি ঠগি, চন্দ্ৰভাগাৰ চাঁদ, কৃষ্ণলামাৰ গুম্ফা, ৰুদ্ৰনাথেৰ চুনিৰ চোখ, ইত্যাদি৷

** সূচী **
 
 
 
 

'কামিনী কাঞ্চন ৰহস্য' কিতাপখনত সন্নিৱিষ্ট উপন্যাস 'মোডাছ অ'পাৰেণ্ডি'ৰ প্ৰিভিউ পঢ়িবলৈ ইয়াত ক্লিক কৰক।

Jun 11, 2024

হেমলক - ৰহস্যধৰ্মী গল্প

ৰাজীৱ ফুকন
Hemlock Assamese Mystery Story by Rajiv Phukan  
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

লেখক হিমাদ্ৰিকিশোৰ দাশগুপ্তৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৭ মে'ত৷৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম.এ.৷  তেখেতৰ প্ৰথম প্ৰকাশিত গল্প 'হাৰানখুড়োৰ মাছ ধৰা", শিশু আলোচনী 'কিশোৰ ভাৰতী'ত প্ৰকাশ পাইছিল৷ প্ৰথম উপন্যাস 'কৃষ্ণলামাৰ গুম্ফা' আনন্দমেলাত প্ৰকাশ পাইছিল৷ 

এতিয়ালৈকে তেখেতৰ যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশিত হৈছে৷ বহুতো কাহিনীয়ে জনপ্ৰিয় এফ. এম. চেনেলবোৰত নাট্যৰূপ লাভ কৰিছে৷ 

তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল, বন্দৰ সুন্দৰী, ৰাক্ষুসে নেকড়ে, খাজুৰাহ সুন্দৰী, ফিৰিঙ্গি ঠগি, চন্দ্ৰভাগাৰ চাঁদ, কৃষ্ণলামাৰ গুম্ফা, ৰুদ্ৰনাথেৰ চুনিৰ চোখ, ইত্যাদি৷


** সূচী **
 
 
 
 

Feb 25, 2024

মহাভোগ - ভৌতিক/ৰহস্য উপন্যাস

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel by Rajiv Phukan
  
*মূলঃ অভীক সৰকাৰ*
 *অনুবাদঃ ৰাজীৱ ফুকন* 

এক অদ্ভূত দেৱীমূৰ্তি। যাৰ আছে এক প্ৰাচীন ইতিহাস। কোনেও নাজানে তেওঁ কোন। তেওঁ কি ধৰ্মৰ? সেই দেৱীমূৰ্তিটোকে ঘৰ সজাবলৈ লৈ আহিছিল অতীনে। তাৰ পিছত কি হ'ল জানিবলৈ পঢ়ক অভীক সৰকাৰৰ 'মহাভোগ'।

লেখকৰ পৰিচয়ঃ অভীক সৰকাৰৰ জন্ম হৈছিল ১৯৭৯ চনত শিৱপুৰত। বৰ্তমান তেওঁ কলিকতা চহৰৰ বাসিন্দা। পেচাত চেলছমেন। লেখা-মেলা আৰম্ভ কৰে ফেচবুক আৰু বিভিন্ন ব্লগত। প্ৰথম কিতাপ 'মাৰ্কেট ভিজিট' প্ৰকাশ পায় ২০১৭ চনৰ কলিকতা আন্তৰ্জাতিক গ্ৰন্থমেলাত। দ্বিতীয় কিতাপখনৰ নাম 'এবং ইনকুইজেছন'। এতিয়ালৈকে তেখেতৰ নখন কিতাপ প্ৰকাশিত হৈছে। তেখেতে বিশ্বাস কৰে যে কিতাপতকৈ ভাল বন্ধু আৰু নাই।

** সূচী **

Dec 18, 2023

সাধনা সংগিনী - ভৌতিক গল্প

ৰাজীৱ ফুকন
Sadhana Sangini Assamese Horror Story by Rajiv Phukan
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

১

ৰিজ'ৰ্টৰ লনত থিয় হৈ দূৰৈৰ হাবিখনলৈ দেখুৱাই ৰুস্তমে সুধিলে, "সৌ তাত কি আছে? ইয়াত চাবলগীয়া কিবা আছেনে নাই?"
 
ৰিজ'ৰ্টৰ মেনেজাৰ স্থানীয় লোক। তেওঁ উত্তৰ দিলে, "হাবিখনৰ সিটো পাৰে এটা জান আছে। সেইটো চাই আহিব পাৰে। তাৰ বাদে ইয়াত চাবলগীয়া বিশেষ একো নাই। আপোনালোকৰ দৰে কলিকতাৰ পৰা যিসকল মানুহ ইয়ালৈ আহে, তেওঁলোক সাধাৰণতে ৰেষ্ট ল'বলৈকে আহে।"

Jan 16, 2023

REAR - উইণ্ড' (ৰহস্যধৰ্মী উপন্যাসিকা)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

এই উপন্যাসিকাখনৰ আধাৰতেই আলফ্ৰেড হিট্সককে নিৰ্মাণ কৰিছিল তেখেতৰ এখন অন্যতম সফল ৰহস্যধৰ্মী ছবি - Rear Window। ছবিখনত কাহিনীটোৰ কিছু সালসলনি কৰা হৈছিল, গতিকে যিসকলে ছবিখন চাইছে, তেওঁলোকেও উপন্যাসিকাখন পঢ়ি এটা নতুন ৰস পাব বুলি আশা কৰিছো। 


Mar 11, 2022

ভীমৰতি - ৰহস্যধৰ্মী উপন্যাসিকা

ৰাজীৱ ফুকন
 
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

লেখিকা দেৱাৰতি মুখোপাধ্যায় বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় বঙালী লেখিকা আৰু ইউটিউবাৰ। তেখেতৰ জন্ম হৈছিল ১৯৯০ চনৰ ১১ অক্টোবৰত হুগলি জিলাৰ ডানকুনি চহৰত। 
 
তেওঁৰ প্ৰথমখন উপন্যাস ভৌতিক থ্ৰীলাৰ 'ঈশ্বৰ যখন বন্দী' অতি কম সময়ৰ ভিতৰতে ১০ হাজাৰ কপি বিক্ৰী হয় আৰু ২০১৭ চনৰ কলিকতা বুক ফেয়াৰত কিতাপখন বেষ্ট চেলাৰ হিচাপে ঘোষিত হয়। তেখেতৰ দ্বিতীয়খন উপন্যাস, আন এখন থ্ৰীলাৰ 'নৰক সংকেত' এবছৰৰ ভিতৰত বাৰ হাজাৰ কপি বিক্ৰী হয়। এই উপন্যাসখনৰ ওপৰত 'স্বস্তিক সংকেত' নামেৰে চলচিত্ৰ এখন অলপতে মুক্তি লাভ কৰিছে। ২০১৬ চনৰ পৰা এতিয়ালৈকে তেখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত ঈশ্বৰ যখন বন্দী, নৰক সংকেত, অঘোৰে ঘুমিয়ে শিব, গ্লানির্ভবতি ভাৰত, নাৰাচ, দিওতিমা, হাৰিয়ে যাওয়া খুনিৰা, ৭ শিহৰণ, বাবু ও বাৰবণিতা, দাশগুপ্ত ট্রাভেলস, লিলি আদি অন্যতম। তেওঁৰ 'লিলি' উপন্যাসিকাখনৰ অসমীয়া ভাঙনি 'চাকিউবাছ'পঢ়িবলৈ ইয়াত ক্লিক কৰক।


** সূচী **

Oct 4, 2021

জংঘলৰ মাজত এখন হোটেল - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন

 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

হোটেলখনৰ পৰা দুজন টুৰিষ্ট অন্তৰ্ধান হৈছে কেইমাহমান আগতে। বাকী টুৰিষ্টসকলৰ অভিযোগ, ৰাতি তেওঁলোকৰ টোপনি নাহে, কিবা এক অস্বস্তিকৰ অনুভৱ হয়। কি অস্বস্তিকৰ অনুভৱ তেওঁলোকেও ভালকৈ বুজাব নোৱাৰে।
 
অতিকৈ অদ্ভুত এই ঠাইখন। দিনত যদি আপুনি জেব্ৰা-জিৰাফৰ জাক খেদি ফূৰ্ত্তি কৰিছে, ৰাতি হ'লে সিহঁতৰ শ্বাস-প্ৰশ্বাসৰ শব্দই খেদি ফুৰিব আপোনাক। দিনত যিমান মুকলি অনুভৱ কৰিছে, ৰাতি হ'লে সিমানেই ঘোপ মৰা, জয়াল অনুভৱ কৰিব আপুনি ইয়াত।
 
খুৰাদেউ আৰু সন্তুও গৈ উপস্থিত হৈছিল জংঘলৰ মাজৰ সেই বিশেষ হোটেলখনত। আচলতে সিহঁত ফুৰিবলৈহে গৈছিল। কিন্তু ৰহস্যৰ গোন্ধ পাই নামি পৰিল অনুসন্ধানত। যিয়ে সিহঁতক লৈ গ'ল এক ভয়ংকৰ বিপদৰ মাজলৈ।
 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 


কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

য়েটি অভিযান - অভিযানমূলক ৰহস্য উপন্যাস 4.6/5

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস 3.9/5

মূৰ্তিচোৰ - ডিটেক্টিভ গল্প 3.7/5

Aug 28, 2021

জীৱন্ত উপৱীত - হৰ'ৰ/ৰহস্য উপন্যাস

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

এখন জনশূন্য নাৰ্ছিংহোমত কেইদিনমানৰ বাবে থাকিবলগীয়া হৈছে ডাক্তৰ নৱাৰুণ গুপ্ত। অভিশপ্ত অতীতক পাহৰি এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ তেওঁ আহিছে এই নতুন ঠাইখনলৈ। নাৰ্ছিংহোমখনত আছে দুগৰাকী আয়া, এজন কেয়াৰ টেকাৰ, দ্বিতীয় মহলাত আছে দুগৰাকী পেছেন্ট আৰু তৃতীয় মহলাত বন্দী কিছু গোপন ৰহস্য। সেই ৰহস্য আৰু অতীতৰ এক ভুলে নৱাৰুণক এনেদৰে মেৰিয়াই ধৰিলে যে উন্মাদনাৰ শেষ পৰ্যায় পাবলৈ বাকী তেওঁ। ঠিক দুবছৰ আগতে কালী পূজাৰ ৰাতি কৰা এটা ভুলৰ বাবে নৱাৰুণৰ জীৱন থানবান হৈ গৈছিল। আকৌ কালী পূজা আহি আছে, কিবা এটা হ'বলৈ গৈ আছে ভূতচতুৰ্দশীৰ নিশা, কি হ'বলৈ গৈ আছে? অতীতৰ পুনৰাবৃত্তি? নে তাতোকৈ ভয়ংকৰ কিবা, যি কথা কল্পনাও কৰিব নোৱাৰে নৱাৰুণে? তৃতীয় মহলাৰ খিৰিকি মুখত নৱাৰুণে কাক দেখিছিল? কি ৰহস্য আছে নাৰ্ছিংহোমৰ পিছফালৰ ফিল্ডখনত? সন্যাসী অঘোৰ তান্ত্ৰিকে কিহৰ আয়োজন কৰিছে ভূতচতুৰ্দশীৰ নিশা?

 
এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ পঢ়ক হিমাদ্ৰীকিশোৰ দাশগুপ্তৰ হৰ'ৰ উপন্যাস 'জীৱন্ত উপৱীত'।

** সূচী **
 
 
 
 
 
 
 

 

লেখক পৰিচিতিঃ লেখক হিমাদ্ৰিকিশোৰ দাশগুপ্তৰ জন্ম হৈছিল ১৯৭৩ চনৰ ১৭ মে'ত৷৷ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত এম.এ.৷  তেখেতৰ প্ৰথম প্ৰকাশিত গল্প 'হাৰানখুড়োৰ মাছ ধৰা", শিশু আলোচনী 'কিশোৰ ভাৰতী'ত প্ৰকাশ পাইছিল৷ প্ৰথম উপন্যাস 'কৃষ্ণলামাৰ গুম্ফা' আনন্দমেলাত প্ৰকাশ পাইছিল৷ 

এতিয়ালৈকে তেখেতৰ যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশিত হৈছে৷ বহুতো কাহিনীয়ে জনপ্ৰিয় এফ. এম. চেনেলবোৰত নাট্যৰূপ লাভ কৰিছে৷ 

তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল, বন্দৰ সুন্দৰী, ৰাক্ষুসে নেকড়ে, খাজুৰাহ সুন্দৰী, ফিৰিঙ্গি ঠগি, চন্দ্ৰভাগাৰ চাঁদ, কৃষ্ণলামাৰ গুম্ফা, ৰুদ্ৰনাথেৰ চুনিৰ চোখ, ইত্যাদি৷

Aug 16, 2021

কাপালিক - ভৌতিক/ৰহস্য উপন্যাসিকা

ৰাজীৱ ফুকন

Kapalik an Assamese Horror Mystery Novel by Rajiv Phukan   
*মূলঃ তাৰাদাস বন্দোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*   

তাৰানাথ তান্ত্ৰিক বাংলা সাহিত্যৰ এটা জনপ্ৰিয় চৰিত্ৰ। এই চৰিত্ৰটোৰ ওপৰত এখন ভৌতিক ৱেব চিৰিজো আছে। বিংশ শতিকাৰ আৰম্ভণিৰ ফালে তেতিয়াৰ অবিভক্ত বংগ দেশৰ বিভিন্ন স্থানত ঘূৰা-ফুৰা কৰি তাৰানাথ তান্ত্ৰিকে বিভিন্ন ভয়ংকৰ অলৌকিক পৰিস্থিতিৰ মুখা মুখি হৈছিল। তাকেই বৰ্ণনা কৰিছে তেওঁ এই কাহিনীবোৰত।

** সূচী **

Aug 4, 2021

ৰূপ - ডিটেক্টিভ গল্প (শৱৰ দাশগুপ্ত চিৰিজ)

ৰাজীৱ ফুকন
Roop Assamese Ditective Story by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

মিছ গাৰ্গী মিত্ৰ। কাহিনীটো আগবাঢ়িছে এইগৰাকী ৰূপৱতী যুৱতীক কেন্দ্ৰ কৰি৷ এবছৰ আগতে এখন বিউটি কন্টেষ্টত অংশ লৈছিল তেওঁ৷ তাৰ এবছৰ পিছত সংঘটিত এটা মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাশগুপ্তই তাৰ যোগসূত্ৰ বিচাৰি পায় অতীতত ঘটি যোৱা কেইটামান ৰহস্যময় মৃত্যুৰ ঘটনাৰ লগত৷ আৰু তাৰ গুৰি বিচাৰি বিচাৰি তেওঁ উপস্থিত হয়গৈ সেই বিশেষ দিনটোত। কি ঘটিছিল সিদিনা সেই বিউটি কন্টেষ্টখনত? মৃত্যু হোৱা মানুহবোৰেই বা কোন? আৰু কি সম্পৰ্ক আছিল তেওঁলোকৰ গাৰ্গী মিত্ৰৰ সৈতে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈকে পঢ়ক ডিটেক্টিভ গল্প 'ৰূপ'।


** সূচী **



~~~~~~~

চিৰিজটোৰ অন্যান্য উপন্যাসসমূহঃ

ঋণ 4.5/5




Jul 14, 2021

মিছৰ ৰহস্য - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Misor Rahasya an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

খুৰাদেউৰ হাতত পৰিছে ইজিপ্তীয় চিত্ৰলিপিৰে অঁকা কেইখন মান ছবি। ছবিকেইখন আঁকিছে এক বৃদ্ধই টোপনিতে। ছবিকেইখনত উল্লেখ আছে তিনিহাজাৰ বছৰ পুৰণি এটা ৰহস্যৰ কথা। তাৰ সন্ধানতেই খুৰাদেউ আৰু সন্তুৱে উৰা মাৰিছে মিছৰলৈ। সন্তুৰ ধাৰণা সেই ছবিত আছে পিৰামিডৰ ভিতৰৰ গুপ্তধনৰ সম্ভেদ। তাৰ লগত জড়িত হৈ পৰিছে এগৰাকী ৰাণীৰ ভৌতিক কাহিনী, বছৰি যাৰ মামীয়ে এবাৰকৈ কফিনৰ ভিতৰত আবিৰ্ভাৱ হৈ পুনৰ অন্তৰ্ধান হৈ যায়। এইপিনে দুটাকৈ উগ্ৰপন্থী সংগঠনে খেদি ফুৰিছে সন্তু আৰু খুৰাদেউক। দিল্লীতে তিনিবাৰকৈ আক্ৰমণ হৈছে খুৰাদেউৰ ওপৰত। তাৰোপৰি ধূলিৰ ধুমুহা, অপহৰণ আৰু কত কি?
 
পাৰিবনে সন্তু আৰু খুৰাদেউৱে ইমানবোৰ বাধা বিঘিনিকো নেওচি এই ৰহস্যৰ সমাধান কৰিবলৈ? সঁচাকৈ গুপ্তধন আছেনে পিৰামিডৰ ভিতৰত? সন্তু আৰু খুৰাদেউৰ সৈতে এক শ্বাসৰূদ্ধকাৰী অভিযানৰ অংশ হ'বলৈ পঢ়ক 'মিছৰ ৰহস্য'।

** সূচী **
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ



Jun 16, 2021

চাকিউবাছ - ভৌতিক/ৰহস্য উপন্যাসিকা

ৰাজীৱ ফুকন
Succubus an Assamese Horror Mystery Novel by Rajiv Phukan
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

চাকিউবাছ হ'ল এক ধৰণৰ প্ৰেতিনী, যিয়ে শুই থকা পুৰুষৰ ওপৰত যৌন নিৰ্যাতন চলায়৷ সেই চাকিউবাছে লম্ভিলে দেশৰ আগশাৰীৰ এজন তৰুণ বিজ্ঞানীক৷ ডঃ অদম্য পাল, যাৰ এটা আৱিষ্কাৰে তোলপাৰ লগাই দিছে সমগ্ৰ বিশ্বত৷ আজি তেওঁ ধৰাশায়ী হৈ পৰিছে এই অলৌকিক শক্তিৰ ওচৰত৷ কিন্তু তেওঁৰ বৈজ্ঞানিক মনস্কতাই মানি ল'ব নোখোজে তাৰ অস্তিত্ব৷ নে তাৰ আঁৰত আছে অন্য কোনো গূঢ় ৰহস্য? কিয় চাকিউবাছে লম্ভিলে বিজ্ঞানী ডঃ পালক? তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰটোৱেই বা আছিল কি? জানিবলৈ পঢ়ক ভৌতিক ৰহস্য উপন্যাসিকা চাকিউবাছ৷ য'ত খোলা হ'ব বাইবেলৰ এটা নিষিদ্ধ অধ্যায়৷


** সূচী **

লেখক পৰিচিতিঃ লেখিকা দেৱাৰতি মুখোপাধ্যায় বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় বঙালী লেখিকা আৰু ইউটিউবাৰ। তেখেতৰ জন্ম হৈছিল ১৯৯০ চনৰ ১১ অক্টোবৰত হুগলি জিলাৰ ডানকুনি চহৰত। 
 
তেওঁৰ প্ৰথমখন উপন্যাস ভৌতিক থ্ৰীলাৰ 'ঈশ্বৰ যখন বন্দী' অতি কম সময়ৰ ভিতৰতে ১০ হাজাৰ কপি বিক্ৰী হয় আৰু ২০১৭ চনৰ কলিকতা বুক ফেয়াৰত কিতাপখন বেষ্ট চেলাৰ হিচাপে ঘোষিত হয়। তেখেতৰ দ্বিতীয়খন উপন্যাস, আন এখন থ্ৰীলাৰ 'নৰক সংকেত' এবছৰৰ ভিতৰত বাৰ হাজাৰ কপি বিক্ৰী হয়। এই উপন্যাসখনৰ ওপৰত 'স্বস্তিক সংকেত' নামেৰে এখন চলচিত্ৰ নিৰ্মাণ হৈ আছে। ছবিখন ২০২১ চনত মুক্তি লাভ কৰাৰ কথা। ২০১৬ চনৰ পৰা এতিয়ালৈকে তেখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত ঈশ্বৰ যখন বন্দী, নৰক সংকেত, অঘোৰে ঘুমিয়ে শিব, গ্লানির্ভবতি ভাৰত, নাৰাচ, দিওতিমা, হাৰিয়ে যাওয়া খুনিৰা, ৭ শিহৰণ, বাবু ও বাৰবণিতা, দাশগুপ্ত ট্রাভেলস, লিলি আদি অন্যতম।

May 20, 2021

সেউজ দ্বীপৰ ৰজা - অভিযানমূলক ৰহস্য উপন্যাস (কাকাবাবু চিৰিজ)

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
 
সভ্য মানুহ যিটো দ্বীপৰ ওচৰেৰে যাবলৈও সাহস নকৰে, দ্বীপৰ বৰ্বৰ আদিবাসীৰ ভয়ত৷ সেই দ্বীপটোতে নামি পৰিল সন্তু আৰু খুৰাদেউ৷ যোৱা পঞ্চাছটা বছৰত এই দ্বীপটোত নামিবলৈ বহুকেইজনে চেষ্টা কৰিছে, তাৰে অধিকাংশই বিভিন্ন দেশৰ বৈজ্ঞানিক৷ কি আছে তেওঁলোকৰ বাবে তাত, কোনেও নাজানে, কিন্তু সেই দ্বীপত এবাৰ ভৰি দিলে যে জীৱন্তে ঘূৰি আহিব নোৱাৰে, সেইটো কথা সকলোৱে জানে৷ দুদিন পিছতে সমুদ্ৰত ভাহি উঠে মৃতদেহ। পাৰিবনে সন্তু আৰু খুৰাদেউৱে সেই দ্বীপৰ ৰহস্য উদঘাটন কৰিবলৈ? পাৰিবনে তেওঁলোকে জীৱন্তে ঘূৰি আহিবলৈ? জানিবলৈ ব'লক, সন্তু আৰু খুৰাদেউৰ সৈতে আমিও নামি পৰো এক শ্বাসৰুদ্ধকাৰী অভিযানত৷

 

** সূচী **
 
 
 
 
 
 
 
 
 
 
 
 
 
 

~~~~~~~~~~~

কাকাবাবু চিৰিজৰ অন্যান্য গল্প উপন্যাসসমূহঃ