Jun 2, 2014

সেউজ দ্বীপৰ ৰজা - ত্ৰয়োদশ অধ্যায়

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan    
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
ত্ৰয়োদশ অধ্যায়

বৃদ্ধ ৰজাই ক'লে, "এইবাৰ সিহঁতে চবকে মাৰি পেলাব৷"
 
খুৰাদেউৱে ক'লে, "আপুনি ভিতৰলৈ সোমাই আহক৷ বাহিৰলৈ নাযাব৷"
 
বৃদ্ধ ৰজাই ক'লে, "ঘৰৰ ভিতৰত সোমাই লাভ নাই৷ সিহঁতৰ লগত লাইট মেচিনগান আছে৷ আমাৰ মানুহবোৰক মাৰিব ধৰিছে সিহঁতে৷"
 
সঁচাকৈ তাকেই ঘটিছে৷ কেইবাটাও জাৰোৱাই মৰাৰ ভয় নকৰি বিদেশী কেইটাৰ পিনে খেদি গৈছিল, বিদেশী কেইটাই খট খট খট খটকৈ গুলী চলালে, লগে লগে সিহঁত বাগৰি পৰিল মাটিত৷ জাৰোৱাৰ বিষাক্ত কাঁড় দুটা বিদেশীৰ গাত লাগিছিল, কিন্তু সিহঁতৰ একো নহ'ল৷ সিহঁতে আগতেই বিষ প্ৰতিষেধক ইঞ্জেক্সন লৈ থৈছিল৷
 
খুৰাদেউক ঠেলি বৃদ্ধ ৰজা ওলাই গ'ল বাহিৰলৈ৷ দুয়োখন হাত দাঙি ইংৰাজীতে ক'লে, "'লড অন৷"
 
লগে লগে বিদেশী এটাই হিংস্ৰভাৱে সেইপিনে ঘূৰি চালে৷ তাৰ হাতত এটা দীঘল ধৰণৰ বন্দুক৷ সন্তুৱে বুজিলে, সেইটোৰ নামেই চাগে লাইট মেচিনগান৷
 
সন্তুৰ এনে লাগিল, বিদেশীটোৱে এতিয়াই বৃদ্ধ ৰজাক মাৰি পেলাব৷
 
কিন্তু বৃদ্ধ ৰজাৰো কম সাহস নহয়৷ লাঠি ঠুকুৰিয়াই ঠুকুৰিয়াই এখোজ দুখোজকৈ আগুৱাই গ'ল বিদেশী কেইটাৰ পিনে৷ তাৰ পিছত ইংৰাজীতে ক'লে, "তোমালোকে মোৰ মানুহবোৰক নামাৰিবা৷ তোমালোকক যি লাগে লৈ যোৱা৷"
 
তেওঁ জাৰোৱাবোৰলৈ চাই কি জানো অদ্ভুত শব্দ এটা উচ্চাৰণ কৰিলে৷ লগে লগে সিহঁতে দল বান্ধি পিছুৱাই যাবলৈ ধৰিলে৷ মুখেৰে এক অদ্ভুত শব্দ কৰি কৰি৷ সেই শব্দটো কান্দোনৰ নিচিনা৷
 
আন এটা বিদেশী আগুৱাই আহি অতি নিষ্ঠুৰভাৱে প্ৰচণ্ড চৰ এটা সোধালে বৃদ্ধ ৰজাৰ গালত৷ তেওঁ মাটিত পৰি গ'ল মুখ থেকেচা খাই৷ বৃদ্ধ ৰজাৰ বুকুত গচকি ধৰি সি ক'লে, "ইয়াক এতিয়াই মাৰি পেলাওঁ৷ ই বুঢ়াই চব গলগ্ৰহৰ মূল৷ ইয়াৰ কথামতেই আমাৰ বন্ধু এজনক ইহঁতে জুইত পুৰি মাৰিলে৷ কুকুৰে আমাকো মাৰি পেলালেহেঁতেন৷"
 
মেচিনগান হাতত থকা বিদেশীটোৱে ক'লে, "তাক এতিয়াই মাৰিব নালাগে, অলপ পিছত৷ তাৰ পৰা আৰু কিছু কথা উলিয়াব পৰা যাব পাৰে৷"
 
যিডাল লতাৰে বিদেশী কেইটাক বন্ধা হৈছিল, সেইডাল লতাৰেই সিহঁতে বান্ধি পেলালে বৃদ্ধ ৰজাক৷
 
সেই অৱস্থাতো বৃদ্ধ ৰজাই ক'লে, "মোক মৰাৰ চেষ্টা নকৰিবা৷ তেতিয়াহ'লে তোমালোক কোনো ইয়াৰ পৰা জীৱন্তে সাৰি যাব নোৱাৰিবা৷ তোমালোকে যি চুৰি কৰিবলৈ আহিছা, সেয়া লৈ গুচি যোৱা৷"
 
এটা বিদেশীয়ে বৃদ্ধ ৰজাৰ মুখত থুৱাই দিলে৷
 
সন্তু আৰু খুৰাদেউৱে সেই জুপুৰি ঘৰটোৰ দৰজাৰ কাষত মাটিত শুই আছে৷ মাটিত শুই থাকিলে সহজতে গাত গুলী নালাগে৷ বৃদ্ধ ৰজাৰ এনেকুৱা দুৰ্দশা দেখি সিহঁত শিয়ৰি উঠিল৷
 
খুৰাদেউৱে আফচোচৰ সুৰত ক'লে, "ইছ, মোৰ ৰিভলভাৰটো এতিয়া লগত থকা হ'লে৷"
 
সন্তুৱে চালে, অলপ দূৰৈত খুৰাদেউৰ ৰিভলভাৰটো মাটিত পৰি আছে৷ বিদেশী এটাৰ ভৰিৰ ওচৰত৷
 
কিন্তু চাৰিটা বিদেশীৰ হাতত বন্দুক, এটাৰ হাতত লাইট মেচিনগান, খুৰদেউৱে এটা ৰিভলভাৰেৰে কি কৰিব?
 
বিদেশী এটাৰ কান্ধত এটা বেগ ওলমি আছিল৷ সি সেইটো খুলিলে৷ তাৰ ভিতৰৰ পৰা বহুত কিবা কিবি ওলাল৷ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আৰু এডাল খুব মোটা ফিটাৰ দৰে পকাই থোৱা বস্তু৷ সেইডাল টানি খোলাৰ পিছত দেখা গ', সেইডাল আচলতে এডাল পানীৰ পাইপ৷ তাৰ এটা মূৰত ধৰি দুটা বিদেশী দৌৰি গ'ল অন্ধকাৰৰ মাজলৈ৷ অলপ পিছতেই সেই পাইপডাল ফুলি উঠিল আৰু তাৰ ইটো মূৰেৰে পানী ওলাবলৈ ধৰিলে৷ আন দুটা বিদেশীয়ে সেইডাল লৈ গ'ল জুইকুৰাৰ পিনে৷
 
খুৰাদেউৱে ক'লে, "সিহঁতে নিজৰাৰ পৰা পানী আনিছে৷"
 
সন্তুৱে ফুচফুচাই সুধিলে, "সিহঁতে কিয় জুই নুমাব খুজিছে?"
 
খুৰাদেউৱে ক'লে, "যিটো পাথৰৰ পৰা এই জুই ওলাই আছে, সেইটো সাংঘাতিক মূল্যৱান৷ কোটি কোটি টকা৷ সেইটো সিহঁতে চুৰি কৰিবলৈ আহিছে৷ সেইটো নিশ্চয় অন্য কোনো গ্ৰহৰ টুকুৰা বা উল্কা৷ হয়তো তাৰ ভিতৰত এনেকুৱা কোনো নতুন ধাতু আছে, যি পৃথিৱীৰ মানুহে কেতিয়াও দেখা নাই৷ সেইবিলাক পালে আমাৰ বিজ্ঞানৰ বহুত নিয়ম ওলটি যাব পাৰে৷"
 
সন্তুৱে ক'লে, "এই পাথৰটো যে ইয়াত আছে বিদেশী কেইটাই কেনেকৈ জানিলে?"
 
খুৰাদেউৱে ক'লে, "পৃথিৱীৰ ক'ত কেতিয়া উল্কাপাত হয়, বিজ্ঞানীসকলে তাৰ খবৰ ৰাখে৷ চবৰে সন্ধান পোৱা যায়, কেৱল এইটোৰেই সন্ধান পোৱা নাছিল৷ সেই বুলি এই মানুহবোৰ বিজ্ঞানী নহয়৷ ইহঁত যিমান হিংস্ৰ আৰু নিষ্ঠুৰ, তাৰ পৰা অনুমান কৰিব পাৰি ইহঁত এটা ডকাইতৰ দল৷ কোনো বিজ্ঞানীৰ পৰা খবৰ পাই, ইয়ালৈ গুচি আহিছে৷"
 
সন্তুৱে ক'লে, "সিহঁতৰ লগতচোন এটা পাঞ্জাবীও আছে৷"
 
খুৰাদেউৱে ক'লে, "এই পাঞ্জাবীটোৱেই ইহঁতক বাট দেখুৱাই আনিছে৷ নিশ্চয় বহুত টকা দি হাত কৰিছে তাক৷"
 
তাৰ পিছত আৰু সিহঁতে কথা ক'ব নোৱাৰিলে, অবাক হৈ মুখ মেলি চাই ৰ'ল জুইকুৰাৰৰ পিনে৷
 
বিদেশী কেইটাই পাইপেৰে জুইলৈ পানী মাৰোতেই এটা আশ্চৰ্য সুন্দৰ ঘটনা ঘটিল৷ জুইৰ ওপৰত পানী পৰাৰ লগে লগেই সেই পানী লক্ষ লক্ষ ৰঙীণ ফুলজাৰীৰ দৰে উৰি যাবলৈ ধৰিলে আকাশৰ পিনে৷ সমস্ত ঠাইখন ৰঙা-নীলা পোহৰেৰে ভৰি গ'ল৷ জুই নুমুৱাৰ নাম গোন্ধই দেখা নগ'ল৷
 
চাহাব কেইটা তেতিয়াও নৰ'ল৷ পানী মাৰিয়েই থাকিল৷ আৰু সন্তুৱে একে দৃষ্টিৰে চাই ৰ'ল সেই ফুলজাৰীৰ পিনে৷ ইমান ধুনীয়া ৰঙৰ খেল সি কেতিয়াও দেখা নাই৷ এতিয়া আৰু ভয়-শংকা আদি ভাব তাৰ মনৰ পৰা নোহোৱা হৈ গ'ল৷
 
খুৰাদেউৱে ক'লে, "সেই জুই এই পৃথিৱীৰ নহয়৷ পৃথিৱীৰ পানীৰে সেই জুই নুমাব পৰা নাযাব৷ সেই জুইতেই পাথৰটো জ্বলি জ্বলি এদিন নাইকিয়া হৈ যাব৷"
 
বিদেশী কেইটাই এইবাৰ এটা বেগৰ পৰা মুঠি মুঠি পাউডাৰ উলিয়াই জুইলৈ দলিয়াব ধৰিলে৷ সিও একো কাম নিদিলে৷ পাউডাৰবোৰ পৰাৰ লগে লগেই দপকৈ একো একোটা শিখা ওলাই আহিবলৈ ধৰিলে৷
 
তাতো নিৰাশ নহ'ল বিদেশী কেইটা৷ এইবাৰ সিহঁতে এজোপা সৰু ওখ গছৰ গুৰিলৈ গৈ মেচিনগানেৰে গুলী চলালে পঁচিছ-ত্ৰিশটা৷ তাৰ পিছত গছজোপা ধৰি ঠেলা-হেঁচা কৰোতেই মেৰেককৈ ভাগি থাকিল৷
 
সিহঁত চাৰিজনে মিলি সেই গছজোপা দাঙি আনি জুইৰ মাজত তাৰ এটা মূৰ সুমুৱাই দিলে বহুখিনি৷ গুৰুমকৈ শব্দ এটা হ'ল৷ পাথৰটুকুৰাত গছজোপাৰ খুন্দা লাগিছে৷
 
তাত উৎসাহিত হৈ বিদেশী কেইটাই গছজোপা বাহিৰলৈ উলিয়াই আনি কিছুদূৰ পিছুৱাই আহিল৷ তাৰ পিছত বেগেৰে দৌৰি গৈ পুনৰ খুন্দা মাৰিলে৷ পুনৰ গুৰমকৈ শব্দ হ', জুইৰ শিখাবোৰ সামান্য লৰচৰ কৰি উঠিল৷
 
সন্তুহঁতে উশাহ ল'বলৈ পাহৰি গৈছে৷ সিহঁতে বুজি পাইছে বিদেশী কেইটাৰ মতলব কি? সিহঁতে গছজোপাৰে খুন্দিয়াই খুন্দিয়াই জুইৰ মাজৰ পৰা পাথৰটো উলিয়াই আনিব খুজিছে৷ নাইবা জুইৰে সৈতেই পাথৰটো ঠেলি ঠেলি নি নিজৰাত পেলাব৷
 
কিন্তু অলপ পিছতেই আন এটা সাংঘাতিক ঘটনা ঘটিল৷ পাথৰটো সহজে লৰাব নোৱাৰাৰ কাৰণে সিহঁতে জোৰে জোৰে খুন্দা মৰিছিল৷ এবাৰ খুন্দা মাৰিবলৈ গৈ ভাৰসাম্য ৰাখিব নোৱাৰি বিদেশী এটা জুইকুৰাৰ একেবাৰে ওচৰত পৰিলগৈ৷ লগে লগে চুম্বকৰ দৰে জুইয়ে তাক টানি লৈ গ'ল ভিতৰলৈ৷ ঠিক যেন এখন হাতৰ দৰে জুইৰ শিখা এটা ওলাই আহি টানি লৈ গ'ল তাক৷ সি এটা বিভৎস চিৎকাৰ কৰি উঠিল, তাৰ পিছত আৰু তাক দেখা নগ'ল৷
 
শেষ মুহূৰ্তত সন্তুৱে চকু মুদি দিছিল৷ পুনৰ যেতিয়া চকু মেলিলে, তেতিয়া দেখিলে, গছজোপা পেলাই দি বাকী বিদেশী কেইটা ভয়তে আঁতৰি গৈছে৷ খুৰাদেউৱে কপালৰ ঘাম মচিলে৷
 
বিদেশীটো জুইত পৰি যোৱাৰ সময়ত দূৰৈৰ জাৰোৱাবোৰে একেলগে চিঞৰি উঠিছিল৷ লগে লগে মেচিনগান হাতত লৈ থকাটোৱে সেইপিনে এজাই গুলি কৰিলে৷
 
বৃদ্ধ ৰজাই হাত ভৰি বন্ধা অৱস্থাতে পুনৰ আদেশৰ সুৰত ক'লে, "সিহঁতক নামাৰিবা৷ মই আদেশ দিলে সিহঁতে তোমালোকক এতিয়াই শেষ কৰি দিব৷"
 
বিদেশীটোৰ খং উঠি গ'ল সেই কথাত৷ সি দাঁত কৰচি ক'লে, "বুঢ়া ধুৰন্ধৰ, এইবাৰ তোকেই জুইত জাপি দিম৷ এই লাৰি, এই বুঢ়াক দাঙি নি জুইত দলিয়াই দেচোন৷"
 
বাকী বিদেশী কেইটাই ওচৰৰে এঠাইত ৰৈ হতভম্ব হৈ চাই আছে৷ সিহঁতৰ সংগী এটা সিহঁতৰ চকুৰ আগতেই জুইত জ্বলি গ'ল৷ কথাটো যেন সিহঁতে মানি ল'ব পৰা নাই৷
 
মেচিনগান হাতত লৈ থকা বিদেশীটো চাগে সিহঁতৰ চৰ্দাৰ৷ সি কিন্তু ভয় খোৱা নাই৷ সি পুনৰ চিঞৰি ক'লে, "লাৰি, এইপিনে আহ, এই বুঢ়াটোক জুইত জাপি দে৷"
 
সিমূৰৰ পৰা লাৰিয়ে উত্তৰ দিলে, "জেক, পাথৰটো পোৱাৰ কোনো আশা নাই৷ সেই জুইকুৰা মৃত্যুৰ জুই৷ ব', আমি পলোৱাৰ চেষ্টা কৰো৷ নহ'লে আমি চব শেষ হৈ যাম৷"
 
জেকে ক'লে, "পলোৱাৰ আগতে প্ৰতিশোধ ল'ব লাগিব৷ এই বুঢ়াটো মোৰ চকুৰ আগতে জুইত পুৰি ছাই হৈ যোৱা চাব খোজো৷ মই জাৰোৱা কেইটাৰ পিনে মেচিনগান ধৰি থাকিম, তই ইয়াক জুইত পেলাই দে৷"
 
লাৰি আগুৱাই আহিল৷
 
খুৰাদেউৱে ফুচফুচাই ক'লে, "সন্তু, মোৰ ৰিভলভাৰটো৷"
 
সন্তুৱে বগুৱা বাই লাহে লাহে আগবাঢ়িল৷ ৰিভলভাৰটো য'ত পৰি আছে, বিদেশীটো তাৰ পৰা অলপ দূৰত আছে৷ সন্তুৱে মাটিৰ ওপৰেৰে শুই শুই গ'লে হয়তো সিহঁতে তাক নেদেখিব৷
 
তেনেতেই তিনিবাৰ কাউৰীয়ে কা কা কৰি উঠিল৷
 
মানে ৰাতি পুৱাবৰ হৈছে৷ পোহৰ হ'বলৈ আৰু বেছি দেৰি নাই৷ আৰু কেইবাটাও চৰাইৰ মাত শুনা গ, আৰু কিহৰ জানো শব্দ এটা শুনা গৈছে কিছু দূৰৈত৷
 
সন্তুৱে ৰিভলভাৰটো লৈ উভতি অহাৰ সময় নাপালে৷ লাৰিয়ে গৈ বৃদ্ধ ৰজাক দাংকোলাকৈ তুলি লোৱাত খুৰাদেউৱে আৰু ৰ'ব নোৱাৰিলে৷ তেওঁ উঠি কেংগেৰুৰ দৰে জঁপিয়াই জঁপিয়াই গুচি গ'ল সিহঁতৰ পিনে৷ চিঞৰি চিঞৰি ক'লে, "'বা, 'বা, তেওঁক নামাৰিবা৷"
 
জেকে উচপ খাই উঠি খুৰাদেউৰ পিনে ঘূৰি চালে৷ তাৰ পিছত ক'লে, "এয়া আৰু এটা চয়তান৷ ধৰ তাকো৷"
 
খুৰাদেউক দেখি বৃদ্ধ ৰজাই ক'লে, "মই কোনোপধ্যে ইংৰাজৰ হাতত নমৰো বুলি প্ৰতিজ্ঞা কৰিছিলো৷ তোমাৰ বাবে সেই অপমান ভৰা মৃত্যু মই ভোগ কৰিবলগীয়া হৈছে৷ তুমিও মৰিবা৷"
 
খুৰাদেউৱে লাৰিৰ পিনে চাই ক'লে, "তোমাক জাৰোৱাই জুইত পুৰি মাৰিব খুজিছিল, সেই সময়ত মই আহি তোমাক বচাইছিলো, নহয় জানো? তুমি এই বৃদ্ধ ৰজাক এৰি দিয়া৷"
 
লাৰিয়ে জেকৰ পিনে চালে, "এই দুয়োটা বুঢ়াক জুইত পেলাই দে৷ নহ'লে আমি পলাবৰ সময়ত ইহঁতে আমাৰ পিছত জাৰোৱা লগাই দিব৷"
 
লাৰিয়ে তেতিয়াও মনে মনে থিয় হৈ থাকিল৷
 
জেকে ধমক দি ক'লে, "দেৰি কৰিছ কিয়? দে, জুইত জাপি দে৷"
 
লগে লগে আকাশত এটা প্ৰকাণ্ড ঘট ঘট ঘট ঘট শব্দ শুনা গ'ল৷ দূৰৈৰ পৰা শব্দটো আগুৱাই আহিল একেবাৰে ওচৰলৈ৷ চবে চক খাই ওপৰলৈ চালে৷ এখন হেলিকপ্টাৰ৷
 
লাৰিয়ে ক'লে, "জেক, সোনকাল পলা৷ হেলিকপ্টাৰ লৈ পুলিচ আহিছে৷"
 
হেলিকপ্টাৰ দেখি সন্তুৰো ভাব হ', নিশ্চয় সিহঁতক উদ্ধাৰ কৰিবলৈকে হেলিকপ্টাৰ আহিছে৷ আৰু কোনো চিন্তা নাই৷ সি উঠি বহিল৷
 
জেকে দাঁত কৰচি ক'লে, "এখন মাত্ৰ হেলিকপ্টাৰ আহিছে৷ তাতে ভয় কৰিবলগীয়া কি আছে? মই এতিয়াই সেইখন উৰুৱাই দিছো, মেচিনগানেৰে৷ তোমালোকে আঁতৰি যোৱা নাইবা মাটিত শুই পৰা৷"
 
খুৰাদেউৱে চিঞৰি উঠিল, "সন্তু..."
 
সন্তুৱে ধৰিব নোৱাৰিলে, খুৰাদেউৱে সি কি কৰাতো বিচাৰিছে৷ হেলিকপ্টাৰখন তললৈ নামি আহিছে৷ আৰু অলপ তললৈ নামিলেই জেকে গুলী কৰিব৷ সিহঁতৰ চব আশা ধূলিস্যাৎ হৈ যাব৷
 
সন্তুৰ একেবাৰে ওচৰতে খুৰাদেউৰ ৰিভলভাৰটো৷ সি সেইটো সাউতকৈ তুলি ল'লে৷ একো নভৱা নিচিন্তাকৈয়ে সি দুটা গুলী কৰি দিলে জেকৰ পিনে৷ গুলীৰ শব্দত তাৰ নিজৰে কাণ তাল মাৰি ধৰিলে, প্ৰচণ্ড জোকাৰণি লাগিল হাতত৷ সি চকু মুদি দিলে ভয়তে৷
 
পুনৰ চকু মেলি যেতিয়া দেখিলে, জেক মাটিত পৰি আছে, আৰু খুৰাদেউৱে মেচিনগানটো কাঢ়ি লৈছে তাৰ হাতৰ পৰা৷
 
তাৰ পিছত সেইটো বাকী বিদেশী কেইটাৰ পিনে টোঁৱাই ক'লে, "তোমালোক চবে শাৰী পাতি থিয় হোৱা৷ কোনোবাই অকণমান লৰচৰ কৰা দেখিলেই গুলীয়াই দিম৷"
 
ঘট ঘট ঘট ঘট শব্দ কৰি হেলিকপ্টাৰখন ঘূৰিবলৈ ধৰিলে সিহঁতৰ মূৰৰ ওপৰত৷ লাহে লাহে তললৈ নামি আহিছে৷ বহুখিনি ওচৰলৈ অহাৰ পিছত তাৰ পৰা এটা অদ্ভুত শব্দ ওলাবলৈ ধৰিলে, কোনোবাই যেন মাইকত কথা কৈছে, "আকিলা কিলকিল টুংকা টাকিলা! আকিলা কিলকিল টুংকা টাকিলা৷"
 
সন্তু আচৰিত হৈ গ'ল৷ এইবিলাক আকৌ কি?
 
সেই শব্দ শুনি জাৰোৱাবোৰে একেলগে চিঞৰি উঠিল, "টাকিলা৷ টাকিলা৷"
 
হেলিকপ্টাৰৰ পৰা পুনৰ শব্দ ভাহি আহিল, "কাকিনা ছুপি ছুপি৷ কাকিনা ছুপি ছুপি৷"
 
এইবাৰ জাৰোৱাই কোনো উত্তৰ নিদিলে৷ চবে বৃদ্ধ ৰজাৰ পিনে চাই ৰ'ল৷ এটা জাৰোৱাই গৈ বৃদ্ধ ৰজাৰ গাঁথি খুলি দিলে৷
 
খুৰাদেউৱে বৃদ্ধ ৰজাক সুধিলে, "সিহঁতে কি কৈছে?"
 
বৃদ্ধ ৰজাই ক'লে, "সেই বস্তুটোৰ পৰা কোনোবা এজনে জাৰোৱাৰ ভাষাত কৈছে, তলৰ পৰা আঁতৰি দিবলৈ৷ সেইটো ইয়াত নামিব৷"
 
খুৰাদেউৱে ক'লে, "সকলোকে আপুনি আঁতৰি যাবলৈ কওঁক৷ জেগা মুকলি কৰি দিবলৈ কওঁক৷"
 
এইবাৰ হেলিকপ্টাৰৰ পৰা কোনোবাই ইংৰাজীত সুধিলে, "মিঃ ৰায়চৌধুৰী, আৰ ইউ দেয়াৰ? মিঃ ৰায়চৌধুৰী, আৰ ইউ দেয়াৰ?"
 
খুৰাদেউৱে চিঞৰি ক'লে, "য়েছ, আই এম হিয়াৰ৷ ৰায়চৌধুৰী স্পিকিং..."
 
কিন্তু হেলিকপ্টাৰৰ ঘট ঘট শব্দৰ কাৰণে হয়তো তেওঁৰ মাত তালৈ নগ', কাৰণ তেওঁলোকে সেইষাৰ কথা বাৰে বাৰে কৈ যাবলৈ ধৰিলে৷
 
খুৰাদেউৱে বিদেশী কেইটাৰ পিনে মেচিনগান তুলি ৰাখি চকু নাঁতৰোৱাকৈ চিঞৰি ক'লে, "সন্তু তোৰ পকেটত ৰুমাল আছে?"
 
ৰিভলভাৰেৰে গুলী চলোৱাৰ পিছত সন্তু আচ্ছন্ন হৈ মাটিতেই বহি আছিল৷ এইবাৰ সি হুৰমূৰকৈ উঠি ক'লে, "অঁ, আছে৷"
 
খুৰাদেউৱে ক'লে, "সেই ৰুমালখন উলিয়াই মূৰৰ ওপৰত জোকাৰি থাক৷"
 
সন্তুৱে তাৰ বগা ৰুমালখন উলিয়াই সোঁ হাতত লৈ প্ৰাণপণে জোকাৰিবলৈ ধৰিলে৷
 
খুৰাদেউৱে বিদেশী কেইটাক আদেশ দিলে, "তোমালোক চব মাটিত বহি দিয়া৷ প্ৰত্যেকেই হাত মূৰৰ ওপৰত তোলা৷"
 
এটা বিদেশীয়ে মাটিত পৰি থকা বন্দুক এটাৰ পিনে হাত মেলিছিল, খুৰাদেউৱে ক'লে, "সাৱধান, অলপমান লৰচৰ কৰিলেই লাওখোলা উৰুৱাই দিম৷"
 
হেলিকপ্টাৰখন লাহে লাহে আহি মুকলি ঠাইখনত নামিল৷ প্ৰথমতেই তাৰ পৰা নামি আহিল ধকধকীয়া বগা দাড়িৰে এজন শিখ৷ তেওঁ হাত দাঙি ক'লে, "টুংচা সংচু! টুংচা সংচু!"
 
বৃদ্ধ ৰজাই ক'লে, "টুংচা সংচু৷"
 
লগে লগে আটাইবোৰ জাৰোৱাই সেই শব্দটো কৈ চিঞৰি উঠিল৷
 
বৃদ্ধ শিখজনে হেলিকপ্টাৰৰ পিনে হাত জোকাৰোতেই তাৰ পৰা নামি আহিল আৰু কেবাজনো৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                   সূচীপত্ৰলৈ                                   পৰৱৰ্তী অধ্যায়লৈ