দ্বাদশ অধ্যায়
এইপিনে হাবিৰ মাজত তেতিয়া কি হৈছিল?
হঠাৎ গুলীৰ শব্দ৷ তাৰ পিছত খুৰাদেউৱে
এপাত মাত্ৰ পেঙত ভৰ দি জঁপিয়াই জঁপিয়াই আগুৱাই আহিল জুইকুৰাৰ ওচৰলৈ৷ তেওঁৰ ৰিভলভাৰ
সেই বৃদ্ধ ৰজাৰ বুকুলৈ পোনোৱা৷
জাৰোৱাই কথাটো প্ৰথমে ধৰিব পৰা নাছিল৷
তাৰ পিছত খুৰাদেউক দেখি চবে একেলগে চিৎকাৰ কৰি উঠিল৷
খুৰাদেউৱে বৃদ্ধ ৰজাক ইংৰাজীত ক'লে, "আপোনাৰ মানুহক কওঁক, কোনেও যাতে মোৰ গাত হাত দিয়াৰ চেষ্টা
নকৰে৷ কোনোবা মোৰ কাষলৈ আহিলেই, মই আপোনাক গুলীয়াই মাৰি পেলাম৷"
বৃদ্ধ ৰজাই কিন্তু অকণো ভয় নকৰিলে৷
তেওঁৰ পকা চেলাউৰিৰ তলৰ চকু দুটা ঘোলা৷ একে দৃষ্টিৰে তেওঁ খুৰাদেউৰ পিনে চাই থাকিল
কিছু পৰ৷ তাৰ পিছত দুয়োখন হাত দাঙি ধৰিলে৷ লগে লগে জাৰোৱাবোৰ শান্ত হৈ গ'ল৷
বৃদ্ধ ৰজাই খুৰাদেউক স্পষ্ট ইংৰাজীত
সুধিলে, "তুমি কোন?"
খুৰাদেউৱে ক'লে, "তাৰ আগতে কওঁক, আপুনি কোন? আপুনি জাৰোৱা নহয়, সেয়া দেখিলেই গম পোৱা যায়৷ আপুনি সভ্য
মানুহ৷ আপুনি কিয় বিদেশী কেইটাক জুইত পুৰি মাৰিছে?"
বৃদ্ধ ৰজাই মাটিত চিৰিটকৈ থু পেলালে৷
তাৰ পিছত হাঁহিলে৷ সেই একে দৃষ্টিৰে খুৰাদেউৰ পিনে চাই থাকি ক'লে, "তুমি মোক গুলীয়ালে নিজেও বাচিব নোৱাৰিবা৷
তোমাক ইহঁতে শেষ কৰি পেলাব৷ তুমি ইয়ালৈ আহিছা কিয়?"
খুৰাদেউৱে সোঁফালে হাতেৰে দেখুৱাই ক'লে, "এই জুইকুৰা চাবলৈ৷ এই বিদেশী কেইটাও
সেই কাৰণেই আহিছে৷"
বৃদ্ধ
ৰজাই সুধিলে, "তুমি সিহঁতৰ লগত আহিছা?"
খুৰাদেউৱে ক'লে, "নাই৷ কিন্তু আপুনি এই অসভ্যবোৰৰ লগত
থাকি থাকি নিজেও অসভ্য হৈ গ'ল নেকি? জীৱন্ত মানুহক জুইত পুৰি মাৰিছে?"
বৃদ্ধ ৰজাই ক'লে, "তোমাক কোনে কৈছে, এই জাৰোৱাবোৰ অসভ্য? আৰু এই চাহাব বা তোমালোক সভ্য? তোমালোকক আমি ঘিণ কৰো৷"
"এওঁলোকক এৰি দিয়ক৷"
এইবাৰ বৃদ্ধ ৰজাই কুঁজা পৰি পৰি আগুৱাই
যাবলৈ ধৰিলে খুৰাদেউৰ পিনে৷ খুৰাদেউৰ হাত কঁপিছে৷ তেওঁ চিঞৰি ক'লে, "খবৰদাৰ মোৰ কাষলৈ নাহিব, মই গুলীয়াই দিম, সঁচাকৈ গুলী কৰি দিম৷"
বৃদ্ধ ৰজাই কোনো কথা নকৈ হাঁহি মুখে
আগুৱাই গৈ থাকিল৷
খুৰাদেউৱে ক'লে, "মই গুলীয়াই দিম কিন্তু৷ মোৰ ৰিভলভাৰ
কাঢ়ি নিয়াৰ চেষ্টা নকৰিব৷ তাৰ আগতেই মই গুলীয়াই দিম৷"
বৃদ্ধ ৰজাই খুৰাদেউৰ একেবাৰে মুখৰ আগত
আহি ৰ'ল৷ তাৰ পিছত খুৰাদেউৰ চকুলৈ চাই থাকি বাংলাত ক'লে, "তোমালোকে এই জুইকুৰা চাবলৈ আহিছা?
এই
জুইকুৰা তাৰ মানে বহুত মূল্যৱান? ঠিক আছে, তোমালোক চবকে মই এই জুইকুৰাৰ মাজলৈ
পঠাই দিম৷"
দূৰৈত গছৰ আঁৰত লুকাই থকাৰ পৰাই
সন্তুৱে শুনিবলৈ পালে, বৃদ্ধ ৰজাই বিশুদ্ধ বাংলাত খুৰাদেউক সুধিছে, "তোমালোকে এই জুইকুৰা চাবলৈ আহিছা?"
সন্তুৱে তাৰ নিজৰ কাণকো যেন বিশ্বাস
কৰিব নোৱাৰিলে৷
খুৰাদেউৱে ভীষণ অবাক হৈ সুধিলে,
"আপুনি বঙালী?"
বৃদ্ধ ৰজাই সেই কথাৰ উত্তৰ নিদি
খুৰাদেউৰ হাতৰ পৰা ৰিভলভাৰটো কাঢ়ি আনিবলৈ গ'ল৷
খুৰাদেউৱে ক'লে, "সাৱধান, আৰু নাগুৱাব, মই কিন্তু গুলীয়াই দিম৷ সঁচাকৈয়ে গুলীয়াই
দিম৷"
বৃদ্ধ ৰজাই মূৰৰ ওপৰত দুহাত তুলি ক'লে, "কৰা গুলী, চাওঁ তোমাৰ কিমান সাহস?"
খুৰাদেউৱে গুলী কৰিব নোৱাৰিলে৷ তেওঁৰ
হাত কঁপিছে৷ তেওঁ ক'লে, "মই আপোনাক মাৰিব খোজা নাই৷ মই জানিব খুজিছো, আপুনি কোন?"
বৃদ্ধ ৰজাই খুৰাদেউৰ সোঁ হাতত জোৰেৰে
এটা ঠেলা মাৰোতেই ৰিভলভাৰটো ছিটিকি পৰি গ'ল অলপ দূৰৈত৷ খুৰাদেউৱে পুনৰ সেইটো
বুটলি ল'বলৈ হাওলোতেই পৰি গ'ল হামখুৰি খাই৷ তেওঁৰ যে ভৰি এখন নাই, সেইটো তেওঁ পাহৰি যায় মাজে মাজে৷ তেওঁ
পৰি যোৱাৰ লগে লগেই বৃদ্ধ ৰজাই তেওঁৰ পিঠিত এখন ভৰিৰে গচকি ধৰিলে৷
সমস্ত জাৰোৱাই আনন্দত কোৰ্হাল কৰি উঠিল৷
সিহঁতে দেখিলে সিহঁতৰ বৃদ্ধ ৰজাই ৰিভলভাৰকো ভয় নকৰে৷ খুৰাদেউৱে জোৰ কৰি উঠিব
খোজোতেই দুটা জাৰোৱাই গৈ তেওঁক হেঁচি ধৰিলে৷
হাত ভৰি বন্ধা বিদেশী কেইটাইও ভয়তে
শব্দ কৰি উঠিল৷
আঁতৰৰ পৰা লুকাই সন্তুৱে চব চাই থাকিল৷
তাৰ হাত ভৰি চেঁচা পৰি গৈছে৷ এইবাৰ সিহঁতে খুৰাদেউক মাৰি পেলাব৷ সন্তুৱে অকলে
তেওঁক কেনেকৈ বচাব? এতিয়াও সন্তুক কোনেও দেখা নাই৷
বৃদ্ধ ৰজাই চিৰিটকৈ মাটিত থু পেলালে৷
তাৰ পিছত কাঢ়া মাতেৰে ক'লে, "তোমালোক আটাইকে মই এতিয়া যমৰ ঘৰলৈ
পঠাম৷ আমি জাৰোৱাবোৰে ইয়াত জংঘলত নিজৰ মতে থাকো৷
আমি কাৰো একো ক্ষতি নকৰো৷ তোমালোকে কিয় আমাক বিৰক্ত কৰিবলৈ আহা?"
খুৰাদেউৱে ক'লে, "আপুনি জাৰোৱা নহয়৷ আপুনি কোন?"
বৃদ্ধ ৰজাই ক'লে, "মই এক সময়ত বঙালী আছিলো৷ এতিয়া মই
ইহঁতৰে এজন৷ আমি আৰু তোমালোকৰ দৰে পৰাধীন নহয়৷ আমি স্বাধীন৷"
খুৰাদেউৱে ক'লে, "মোৰ কষ্ট হৈছে৷ মোক উঠিবলৈ দিয়ক৷"
বৃদ্ধ ৰজাই ক'লে, "তোমাৰ সকলো কষ্ট এতিয়াই শেষ কৰি দিম৷ তোমালোকে
এই জুই চাবলৈ আহিছিলা নহয়? এই জুইৰ মাজলৈকেই তোমালোক চব যাবা৷ যত চব চোৰৰ
দল৷"
খুৰাদেউৱে ক'লে, "মই একো চুৰি কৰিবলৈ অহা নাই৷ মই মাত্ৰ
চাবলৈ আহিছিলো৷"
"মিছা কথা৷ যিটো পাথৰৰ পৰা জুই ওলাইছে৷
তোমালোক আহিছা সেই পাথৰটো চুৰি কৰিবলৈ৷ ইয়াৰ আগতেও কেইবাজনো চাহাব আহিছিল, চবকে মই যমৰ ঘৰলৈ পঠাই দিছো৷ তুমি
বঙালী হয়ো এই চাহাববিলাকক ৰাস্তা দেখুৱাই লৈ আহিছা৷ চাহাবৰ ভৰি চেলেকা৷ পৰাধীন
দেশৰ মানুহ এনেকুৱাই হয়, কাপুৰুষ৷"
"মই সিহঁতৰ লগত অহা নাই৷ মই সিহঁতক পথ
দেখুৱাই অনা নাই৷"
"চুপ৷ মিছলীয়া৷ কুকুৰ৷"
বৃদ্ধ ৰজাই খুৰাদেউক আৰু একো কথা ক'বলৈ নিদিলে৷ জাৰোৱা কেইটালৈ চাই ইংগিত
দিলে৷ লগে লগে সিহঁতে খুৰাদেউক টানি উঠালে৷ এইবাৰ বুজা গ'ল সিহঁতে তেওঁক জুইৰ মাজলৈ দলিয়াই দিব৷
সন্তুৱে আৰু ৰ'ব নোৱাৰিলে৷ তাৰ যি হয় হ'ব৷ খুৰাদেউ যদি মৰি যায়, তেনেহ'লে সিও মৰিব৷
সি খুৰাদেউ বুলি চিঞৰ মাৰি কাঁড়পাতৰ
দৰে দৌৰি গ'ল৷ কোনো জাৰোৱাই তাক ধৰিব নোৱাৰিলে, তাৰ আগতেই সি দৌৰি গৈ খুৰাদেউৰ কাষ
পালে৷
সন্তুক দেখি খুৰাদেউও আচৰিত হৈ গ'ল৷ লাহে লাহে ক'লে, "তই নগ'লি? তোকচোন মই যাবলৈ কৈছিলো৷"
বৃদ্ধ ৰজাই একে দৃষ্টিৰে চাই ৰ'ল সন্তুৰ পিনে৷ তাৰ পিছত সুধিলে,
"এই ল'ৰাটো কোন?"
খুৰাদেউৱে ক'লে, "এইটো মোৰ ভতিজা৷ আপুনি মোক মাৰিব
খুজিছে মাৰক, কিন্তু তাক এৰি দিয়ক৷"
"এই অকণমানি ল'ৰাটোকো চাহাবৰ গোলামীত লগাইছা?"
সন্তুৱে ক'লে, "বিশ্বাস কৰক, আমি সেই বিদেশী কেইটাৰ লগত অহা নাই৷
আমি বেলেগকৈ আহিছো৷ এই বিদেশী কেইটাই আমাকো মাৰিব খুজিছিল৷"
বৃদ্ধ ৰজাই সন্তুক ক'লে, "মোৰ ওচৰলৈ আহা৷"
বৃদ্ধ ৰজাৰ চকুলৈ চাবলৈকে ভয় লাগে৷ হ'লেও সন্তুৱে এখোজ দুখোজকৈ আগুৱাই গ'ল৷ বৃদ্ধ ৰজাই এখন হাতেৰে সন্তুৰ গালখন
চুই চালে৷ ৰজাৰ গাৰ চালবোৰ সোত-মোছ খোৱা৷ দীঘল দীঘল শুকান আঙুলিৰ স্পৰ্শত সন্তুৰ
গাটো সিৰসিৰাই গ'ল৷
ৰজাই আকাশলৈ মূৰ তুলি চালে৷ তেওঁৰ মুখত
এটা সুখ-দুখৰ মিশ্ৰিত ভাব ফুটি উঠিল৷ তেওঁ ক'লে, "মোৰ ঠিক তোমাৰ বয়সৰে এটা ভাইটি আছিল৷
নাজানো সি এতিয়াও জীয়াই আছেনে নাই৷"
তাৰ পিছত তেওঁ সন্তুলৈ চাই সুধিলে,
"তোমাৰ নাম কি?"
"সুনন্দ ৰায়চৌধুৰী৷ মোৰ খুৰাদেউ এজন
বহুত ডাঙৰ পণ্ডিত৷ তেওঁ চোৰ নহয়৷"
"বহুত পণ্ডিতো চোৰ থাকে৷ টকা-পইছাৰ লোভত
চাহাবৰ ভৰি চেলেকে৷"
"মোৰ খুৰাদেউৱ একেবাৰে তেনেকুৱা মানুহ
নহয়৷"
"তেনেহ'লে চাহাবক বচাবৰ কাৰণে তেওঁৰ ইমান দৰদ
কিয়?"
এইবাৰ খুৰাদেউৱে ক'লে, "কোনো মানুহকে মৰাতো মই পচন্দ নকৰো৷ এই
চাহাব কেইটাক বেলেগ শাস্তি দিব পৰা যায়, মাৰি পেলোৱা উচিত নহয়৷"
"সিহঁতে আমাৰ কমেও পোন্ধৰজন জাৰোৱা
মাৰিছে৷ কিয়? জাৰোৱাই সিহঁতৰ কিবা ক্ষতি কৰিছিল? জাৰোৱাই ইয়াত শান্তিপূৰ্ণভাৱে বাস কৰে,
সিহঁতেতো
অন্য কোনো ঠাইলৈ গৈ তাৰ মানুহ মাৰিবলৈ নাযায়৷"
"চাহাব কেইটাই অন্যায় কৰিছে হয়৷ সেই
কাৰণে সিহঁতক বিচাৰ কৰি শাস্তি দিব লাগিব৷ আপুনি সভ্য জগতৰ মানুহ৷"
"চুপ৷ তোমালোকৰ সভ্যতাক মই ঘিণ
কৰো৷"
খুৰাদেউক তেতিয়াও দুটা জাৰোৱাই হেঁচি
ধৰি আছিল৷ জুইকুৰা ইয়াৰ পৰা খুব ওচৰত৷ গাত তাপ লাগিছে৷ কিন্তু সেই জুইৰ ইমানবোৰ
ৰং৷ চায়েই ভাল লাগে৷
হঠাতে চিপ চিপকৈ বৰষুণ পৰিবলৈ ধৰিলে৷
এনেদৰে যেতিয়াই তেতিয়াই বৰষুণ দিয়ে ইয়াত৷ সন্তুৱে ভাবিলে, বৰষুণত জুইকুৰা নুমাই যাব নেকি?
কিন্তু
সি এটা অদ্ভুত বস্তুহে দেখিবলৈ পালে৷ বৰষুণৰ পানী জুইৰ ওচৰলৈকেই আহিব পৰা নাই৷
চাঁট চাঁট শব্দ কৰি বৰষুণৰ টোপালবোৰ জুইৰ স্ফুলিংগত পৰিণত হৈ গৈছে৷ যেন সেই জুইৰ
শিখাৰ ওপৰত অসংখ্য জোনাকী পৰুৱা উৰি আছে৷ এনেকুৱা দৃশ্য সন্তুৱে আগতে কেতিয়াও দেখা
নাই৷
খুৰাদেউৱে বিৰবিৰাই ক'লে, "এই জুই পৃথিৱীৰ জুই হ'বই নোৱাৰে৷ অন্য কোনো ঠাইৰ পৰা
আহিছে৷"
বৃদ্ধ ৰজাই ক'লে, "এই জুই বহু বছৰ ধৰি জ্বলি আছে৷ কেতিয়াও
নুনুমায়৷"
বৰষুণ আৰু জোৰেৰে আহিল৷ বৃদ্ধ ৰজাই
জাৰোৱাবোৰক কিবা এটা আদেশ দি এফালে যাবলৈ ধৰিলে৷ জাৰোৱাই সন্তু আৰু খুৰাদেউক লগত
লৈ তেওঁৰ পিছে পিছে গ'ল৷ ৰজাই এটা জুপুৰিৰ ভিতৰলৈ সোমাই গ'ল, জাৰোৱাই সন্তু আৰু খুৰাদেউকো ঠেলি দিলে
ভিতৰলৈ৷
জুপুৰিটোৰৰ ভিতৰত একো বয়-বস্তু নাই৷
মাটিত পাৰি থোৱা আছে কিছু শুকান পাত, তাৰ ওপৰত হৰিণাৰ শুকান চামৰা দুখন৷ এজোপা
জীৱন্ত গছ উঠি গৈছে ঘৰৰ এটা চুকৰে৷ সেই গছজোপাৰ ডালত এটা বাহৰ চুঙা ওলোমি আছে৷
ভিতৰত পানী৷ বৃদ্ধ ৰজাই সেইটোৰ পৰা কেইঘোট মান পানী খালে ঘোট ঘোটকৈ৷ তাৰ পিছত
খুৰাদেউক ক'লে, "বহা৷"
বহিবৰ সময়ত আৰু দুটা বস্তুৰ ওপৰত চকু
পৰিল সিহঁতৰ৷ কোঠাৰ এচুকত ৰঙা কাপোৰ এখনৰ ওপৰত এখন কিতাপ আছে৷ কিতাপখনৰ বেটুপাতত
লিখা আছে 'গীতা'৷ আৰু তাৰ ওচৰতে লোৰ হাতকেৰেয়া এযোৰ৷ পুলিচে চোৰ-ডকাইতৰ হাতত
যেনেকুৱা হাতকেৰেয়া পিন্ধাই দিয়ে, তেনেকুৱা৷
সিহঁত দুয়ো সেইপিনে চাই থকা দেখি বৃদ্ধ
ৰজাই ক'লে, "সেই দুটাই মোৰ পুৰণা কালৰ স্মৃতি৷ আৰু একো নাই৷"
খুৰাদেউৱে সুধিলে, "আপোনাৰ বয়স কিমান?"
বৃদ্ধ ৰজাই ক'লে, "হিচাপ ৰখা নাই৷ কি লাভ হ'ব বয়সৰ হিচাপ ৰাখি৷ আশী-নব্বৈ হ'ব পাৰে, এশও হ'ব পাৰে৷ নাজানো কিমান দিন আগতে
আহিছো৷"
খুৰাদেউৱে উত্তেজিতভাৱে ক'লে, "মই চাগে আপোনাক ধৰিব পাৰিছো৷ আপোনাৰ
নাম গুণদা তালুকদাৰ, নহয়নে?"
"কোন গুণদা তালুকদাৰ? তুমি তেওঁৰ কথা কেনেকৈ জানিলা?"
"মই আন্দামানলৈ অহাৰ আগতে, ইয়াৰ ওপৰত যিমানবোৰ কিতাপ-পত্ৰ আছে,
চব
পঢ়িছো৷ বহু বছৰ আগতে আন্দামানৰ জেলৰ পৰা গুণদা তালুকদাৰ নামৰ এজন বিপ্লৱী
পলাইছিল৷ এই জেলৰ পৰা তেখেতেই এক মাত্ৰ পলাইছে, যি ধৰা পৰা নাই৷ চবে তেতিয়া ভাবিছিল,
গুণদা
তালুকদাৰৰ সাগৰত পৰি মৃত্যু হৈছে৷ আজি এই হাতকেৰেয়াযোৰ দেখি হঠাৎ মনত পৰি গ'ল..."
বৃদ্ধ ৰজাই চেলাউৰি কোঁচাই চাই থাকিল
কিছু পৰ৷ তাৰ পিছত ক'লে, "এইবিলাক কথা কিতাপত লিখিছে? গুণদা তালুকদাৰক এতিয়াও মানুহে মনত
ৰাখিছে?"
খুৰাদেউৱে ক'লে, "নিশ্চয়৷ আপোনাৰ ফটো কিমান কিতাপত চপোৱা
আছে৷ অৱশ্যে সেই ফটো চাই আপোনাক আৰু চিনিব পৰা নাযায়৷ আপোনাৰ জন্মদিন বহু ঠাইত
উদযাপন কৰা হয়৷ নেতাজীক যেনেদৰে বিচাৰি পোৱা যোৱা নাই, আপোনাকো তেনেদৰে বিচাৰি পোৱা যোৱা নাই৷
দেশৰ মানুহে আপোনাক শ্ৰদ্ধা কৰে৷"
"নেতাজী কোন?"
"কি কয়, আপুনি নেতাজীৰ নাম শুনা নাই? সুভাষ চন্দ্ৰ বসু, আজাদ হিন্দ ফৌজ লৈ যিয়ে যুদ্ধ কৰিছিল
ব্ৰিটিছৰ সৈতে৷"
"সুভাষবাবু? তেওঁ যুদ্ধ কৰিছিল? কেতিয়া?"
"আপুনি এইবোৰ একোৱেই নাজানে?"
"নাই৷ মোৰ নাম মানুহে মনত ৰাখিছে?
তাৰ
মানে পুলিচে মোক এতিয়াও বিচাৰি আছে?"
"পুলিচ? পুলিচে আপোনাক কিয় বিচাৰিব? ওহ, সেই কাৰণেই আপুনি আমাক পৰাধীন দেশৰ
মানুহ বুলি কৈছিল? আমাৰ দেশ কেতিয়াবাতেই স্বাধীন হৈ গৈছে৷ এই যে সন্তু, ইহঁততো স্বাধীন দেশতে জন্ম হোৱা৷ ভাৰত
এতিয়া পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ৷"
"স্বাধীন হৈছে?"
"অঁ, আপুনি দেশৰ কাৰণে ইমান যুঁজিছে,
জেল
খাটিছে, অথচ এই খবৰটোকে ৰখা নাই?"
"মই যোৱা পঞ্চাছ ষাঠিটা বছৰ ধৰি বাহিৰৰ
কোনো মানুহৰ লগত কথা পতা নাই৷"
"আপোনাৰ কথা গম পালে যে মানুহে কিমান
ভাল পাব৷ গোটেই দেশে আপোনাক লৈ উৎসৱ পাতিব৷"
"মই আৰু ক'লৈকো নাযাওঁ৷ মই ইয়াতেই সুখত
আছো৷"
"আপুনি ইয়ালৈ আহিল কেনেকৈ? জাৰোৱাই আপোনাক ৰজা পাতি ল'লে?"
"মই এখন সৰু ভেলত উঠি সাগৰত নামি
দিছিলো৷ ধুমুহাত সেই ভেলখন লুটি খাই গৈছিল৷ মই মৰিলোৱেহেঁতেন৷ অজ্ঞান অৱস্থাত ভাহি
ভাহি আহি এই দ্বীপটোত পৰিলো৷ মোক ইহঁতে কিয় নামাৰিলে নাজানো৷ তেতিয়াও মোৰ এখন হাতত
হাতকেৰেয়া ওলমি আছিল৷ ইহঁত অকণো হিংস্ৰ নহয়৷ ইহঁতক যদি কোনেও বিৰক্ত নকৰে, ইহঁতে কেতিয়াও কাকো নামাৰে৷ ইহঁতে মোক
খুৱাই-বুৱাই সুস্থ কৰি তুলিছিল৷ সেয়া বহুবছৰ আগৰ কথা৷"
"কিন্তু আপুনিতো এওঁলোকক সভ্য কৰি তুলিব
পাৰিলেহেঁতেন৷"
"চুপ, সেইবিলাক কথা নক'বা৷ সভ্য মানে কি? তোমালোক সভ্য আৰু ইহঁত অসভ্য? ইয়াত কোনেও চুৰি নকৰে, মিছা কথা নকয়৷ ইয়াত চবে খোৱা বস্তু
একেলগে ভগাই খায়৷ ইয়াত কোনো বেমাৰ নাই৷ ইয়াতকৈ বেছি সুখ আৰু মানুহক কি লাগে?
মই
ইহঁতক মানা কৰি দিছো, তোমালোকৰ দৰে সভ্য মানুহৰ লগত হলিগলি নকৰিবলৈ৷ তোমালোকে ইহঁতক নষ্ট
কৰি পেলাবা৷"
"আপোনাৰ দৰে এজন মানুহ ইয়াত এনেদৰে
লুকাই আছে, এই কথা মোৰ মুখত শুনিলে কোনেও বিশ্বাস নকৰিব৷"
"তোমালোকে কিয় এই জাৰোৱাবোৰক অত্যাচাৰ
কৰিবলৈ আহিছা?"
"মই বন্ধুত্ব কৰিবলৈ আহিছো৷"
"তোমালোকৰ এই পাথৰটোৰ ওপৰত লোভ আছে নিশ্চয়?"
"কোনটো পাথৰ?"
"য'ৰ পৰা জুই জ্বলে৷"
"সেইটোৰ কথা মই নাজানিছিলোৱেই৷ কিন্তু
অনুমান কৰিছিলো, এনেকুৱা কিবা এটা মহামূল্যৱান বস্তু ইয়াত আছে৷ চাহাববোৰে আগতেই গম
পাইছিল নিশ্চয়৷"
"সেইটো কি বস্তু তুমি ধৰিব পাৰিছা?"
"সেইটো চাগে এটা উল্কা৷ নাইবা অন্য কোনো
গ্ৰহৰ ভঙা টুকুৰা৷ পৃথিৱীত এনেকুৱা বস্তু কেতিয়াবা কেতিয়াবা আহি পৰে৷ বেছি ভাগ অহা
বাটতেই জ্বলি ছাই হৈ যায়৷ কিন্তু এইটো বহু বছৰ ধৰি জ্বলি আছে৷ ইয়াৰ ভিতৰত নিশ্চয়
এনেকুৱা কিবা ধাতু আছে, যি আমাৰ গ্ৰহত নাই৷ তেনেকুৱা নতুন ধাতুৰ আৱিষ্কাৰ হ'লে তাৰ সাংঘাতিক দাম হ'ব৷ গোটেই পৃথিৱীতে বিজ্ঞানীবোৰৰ মাজত
হৈ-চৈ লাগি যাব৷"
"জাৰোৱাই জুই জ্বলাব নাজানে৷ এই জুইৰ
দ্বাৰাই সিহঁতে সকলো কাম কৰে৷ সেই জুয়ো চুৰি কৰিব বিচাৰে সভ্য মানুহে?"
"সেই বুলিয়েই ইমান ডাঙৰ এটা বৈজ্ঞানিক
আৱিষ্কাৰ লুকুৱাই ৰাখিব নেকি? ইয়াৰ সলনি সিহঁতক আমি হাজাৰ হাজাৰ লাখ লাখ
জুইশলাৰ বাহ দিব পাৰিম৷"
"নাই, এইটো প্ৰকৃতিৰ দান, সেয়ে সিহঁতে লৈছে৷ সিহঁতে সভ্য মানুহৰ
পৰা একো নিবিচাৰে৷ তোমালোকক আমি এটা চৰ্তত এৰি দিব পাৰো, তোমালোকে এই জুইৰ কথা কেতিয়াও কাকো ক'ব নোৱাৰিবা৷"
"কিন্তু আমি আপোনাকো লৈ যাব খোজো৷"
"মোক?"
"দেশ স্বাধীন হৈছে, আপুনি এবাৰ চাই নাহে নেকি? এবাৰ দিল্লীলৈ আৰু কলিকতালৈ ব'লক৷ চাব, কিমান কি সলনি হৈ গৈছে৷"
"নাই, মই নাযাওঁ৷"
তেনেতে বাহিৰত এটা সাংঘাতিক হুলস্থুল
লাগি গ'ল৷ দিছুম দিছুমকৈ বন্দুকৰ গুলীৰ শব্দ শুনা গ'ল৷
সিহঁত তিনিও উচপ খাই উঠিল৷
বৃদ্ধ ৰজাই উঠি গৈ দৰজাৰ ওচৰত ৰ'ল৷ তাৰ পিছত বাহিৰলৈ এবাৰ চায়েই
খুৰাদেউৰ পিনে মুখ ঘূৰালে৷ লাহে লাহে ক'লে, "তোমাৰ কাৰণেই এইবাৰ আমাৰ চব শেষ হৈ গ'ল৷"
সন্তুৱেও জঁপিয়াই গৈ দুৱাৰ মুখত ৰ'ল৷ সি দেখিলে, সেই বিদেশী কেইটাই হাতৰ বান্ধোন খুলি
থিয় হৈছে৷ তিনি চাৰিটাৰ হাতত বন্দুক, উধাই মুধাই গুলী কৰিছে সিহঁতে চাৰিওপিনে৷
***