Jun 3, 2014

সেউজ দ্বীপৰ ৰজা - চতুৰ্দশ অধ্যায়

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan    
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
চতুৰ্দশ অধ্যায়

প্ৰথমেই নামিল ওখ পাশ কৌশিক ভাৰ্মা, তাৰ পিছত চাপৰ চুটি পৰেশ দাশগুপ্ত, তাৰ পিছত বিশাল গোঁফেৰে সৈতে পুলিচৰ এছ.পি. সিং আৰু চাৰিজন সৈন্য, সিহঁত প্ৰত্যেকৰে হাতত মেচিনগান৷
 
পৰেশ দাশগুপ্তই দৌৰি আহি খুৰাদেউক সাৱটি ধৰি ফূৰ্ত্তিতে জঁপিয়াই জঁপিয়াই ক'লে, "মিঃ ৰায়চৌধুৰী, আপুনি জীয়াই আছে? আঃ, কি যে ভাল লাগিছে৷ এয়া চাওঁক, হোম চেক্ৰেটাৰী কৌশিক ভাৰ্মা নিজে আহিছে আপোনাক উদ্ধাৰ কৰিবলৈ৷"
 
খুৰাদেউৰ ভাল লাগিলেও তেওঁ মুখত সেইটো প্ৰকাশ নকৰে৷ কৌশিক ভাৰ্মালৈ চাই তেওঁ ক'লে, "আপোনাৰ চোলজাৰক কওঁক, এই বিদেশী কেইটাক ঘেৰি ধৰিবলৈ৷ মই আৰু এই গধুৰ মেচিনগানটো লৈ থিয় হৈ থাকিব নোৱাৰা হৈছো৷"
 
কৌশিক ভাৰ্মাই সুধিলে, "ইহঁত কোন?"
 
খুৰাদেউৱে সংক্ষেপতে ক'লে, "ডকাইত৷"
 
কৌশিক ভাৰ্মাই সুধিলে, "জাৰোৱাৰ দ্বীপত ডকাইতি কৰিবলৈ আহিছে? কিহৰ বাবে? ইহঁতৰ লগত সোণ আছেনে হীৰা আছে?"
 
খুৰাদেউৱে ক'লে, "নাই, সেইবিলাক একো নাই৷ কিন্তু সেইটো আছে৷"
 
খুৰাদেউৱে সেই ৰঙীণ জুইকুৰাৰ পিনে দেখুৱাই দিলে৷
 
ৰাতি পুৱাইছে৷ পোহৰ হৈছে৷ জুইৰ ৰং সলনি হৈ যাব লাগিছিল৷ কিন্তু এই জুইকুৰাৰ ৰং একেই থাকিল৷
 
কৌশিক ভাৰ্মাই সেইপিনে চাই ক'লে, "আচৰিত৷ এনেকুৱা জুই কেতিয়াও দেখা নাই৷ বিদেশী কেইটাই এইটো নিবলৈ আহিছিল? এইটো কি?"
 
খুৰাদেউৱে ক'লে, "সেইবোৰ পিছত ক'ম৷ আপুনি জাৰোৱাৰ দ্বীপলৈ আহিছে, আগতে ইয়াৰ ৰজাক নমস্কাৰ নজনায়? এৱেই জাৰোৱাৰ ৰজা৷"
 
হাতৰ পৰা মেচিনগানটো পেলাই দি খুৰাদেউৱে বৃদ্ধ ৰজাৰ পিনে ঘূৰি চালে৷
 
কৌশিক ভাৰ্মাই পুনৰ অবাক হৈ ক'লে, "এওঁ ৰজা? মাই গড? এওঁতো জাৰোৱা নহয়!"
 
কৌশিক ভাৰ্মাই হাতযোৰ কৰি নমস্কাৰ জনালে বৃদ্ধ ৰজাক৷
 
খুৰাদেউৱে ক'লে, "নহয়, এওঁ জাৰোৱা নহয়৷ এওঁৰ নাম গুণদা তালুকদাৰ৷"
 
বৃদ্ধ ৰজাই লাহে লাহে ক'লে, "চাহাবকেইটাক ভালকৈ বান্ধিবলৈ কওঁক৷ ইহঁত সাংঘাতিক মানুহ৷ আপোনালোক ব'লক, মোৰ পঁজাত বহি কথা পাতিম৷"
 
খুৰাদেউৱে পৰেশ দাশগুপ্তৰ কান্ধত ভৰ দি বৃদ্ধ ৰজাৰ জুপুৰিটোৰ পিনে আগবাঢ়িল৷ বৃদ্ধ ৰজাই গৈ থাকোতে হঠাৎ থমকি ৰৈ গ'ল৷ তাৰ পিছত হাত বাউলি দি সন্তুক ওচৰলৈ মাতিলে৷
 
সন্তু ওচৰ পোৱাত বৃদ্ধ ৰজাই তাৰ মূৰত খুব মৰমেৰে হাত বুলাই ক'লে, "এই ল'ৰাটো নথকা হ'লে আমি আজি কোনো নাবাচিলোহেঁতেন৷ আপোনালোকো নাবাচিলেহেঁতেন৷"
 
কৌশিক ভাৰ্মাই ক'লে, "হয় নেকি? কিয়? এওঁ কি কৰিছে?"
 
বৃদ্ধ ৰজাই ক'লে, "মেচিনগানটো সেই চাহাব এটাৰ হাতত আছিল, সি গুলীয়াই আপোনালোকৰ ফৰিঙৰ দৰে যন্ত্ৰটো জ্বলাই দিব খুজিছিল৷"
 
বৃদ্ধ ৰজাই আগতে কেতিয়াও হেলিকপ্টাৰ দেখা নাই৷ সেয়ে নাম নাজানে৷
 
কৌশিক ভাৰ্মাই ক'লে, "বাপৰে! গুলী কৰা হ'লে সাংঘাতিক ঘটনা ঘটি গ'লহেঁতেন৷ মেচিনগান লৈ ডকাইতি কৰিবলৈ আহিছে, তাকো এই জংঘলৰ মাজত৷ এইটো বৰ আচৰিত কথা৷"
 
বৃদ্ধ ৰজাই ক'লে, "চাহাব কেইটাই মোক আৰু তাৰ খুৰাকক জুইত জাপি দিব খুজিছিল৷ সঠিক সময়তে এই ল'ৰাটোৱে গুলীয়াই চাহাবটোৰ হাতৰ পৰা মেচিনগানটো পেলাই দিলে৷ নহ'লে আমি কোনো নাবাচিলোহেঁতেন৷"
 
কৌশিক ভাৰ্মাই প্ৰশংসাৰ চকুৰে চালে সন্তুৰ পিনে৷ তাৰ পিছত তাৰ কান্ধত থপৰিয়াই ক'লে, "ব্ৰেভ বয়! এই অকণমানি ল'ৰাটোৱে ৰিভলভাৰ চলাব জানে৷ লক্ষও নিশ্চয় ভাল৷"
 
সন্তুৱে লাজ লাজ কৰি মাটিলৈ চাই ৰ'ল৷ সিতো তেনেকুৱা একো কৰা নাই৷ চকু মুদি গুলীয়াই দিছে কেৱল৷ সি যে ইয়াৰ আগতে কেতিয়াও ৰিভলভাৰ চলোৱা নাই, সেই কথা আৰু নক'লে৷
 
কৌশিক ভাৰ্মাই ক'লে, "হি মাষ্ট গেট এন এৱাৰ্ড৷ আমাৰ ভয় আছিল জাৰোৱাকলৈ৷ ডকাইত কেইটাৰ কাৰণে প্ৰস্তুতো হৈ অহা নাছিলো৷ সঁচাকৈ সাংঘাতিক কিবা এটা ঘটি গ'লহেঁতেন৷ আপুনি পিছে ইয়ালৈ কেনেকৈ আহিল?"
 
কথা পাতি পাতি তেওঁলোক সোমাল জুপুৰিটোৰ ভিতৰত৷ তাত সেই গীতাখন আৰু বহুদিনীয়া পুৰণা হাতকেৰেয়াযোৰ দেখি কৌশিক ভাৰ্মা পুনৰ চমকি উঠিল৷ তেওঁ ক'লে, "আমি শুনিছিলো, সভ্য জগতৰ সৈতে জাৰোৱাৰ কোনো সম্পৰ্ক নাই, এতিয়া দেখিছো, এওঁলোকৰ ৰজা এজন লিখা পঢ়া জনা মানুহ৷"
 
খুৰাদেউ মাটিত বহি পৰিল৷ তাৰ পিছত তেওঁ ক'লে, "এই গুণদা তালুকদাৰ এক সময়ত আছিল এজন বিখ্যাত বিপ্লৱী৷ আন্দামানৰ জেলৰ পৰা এওঁ পলাই যায়৷ সেই বিলাক বহু বহু বছৰ আগৰ কথা৷ চবে ভাবি আছিল এওঁৰ মৃত্যু হৈছে৷ স্বাধীনতাৰ ইতিহাসৰ প্ৰতিখন কিতাপতে এওঁৰ কথা উল্লেখ আছে, এওঁৰ ছবি আছে৷ এওঁৰ জন্মদিনত উৎসৱ পতা হয়৷"
 
কৌশিক ভাৰ্মাই ক'লে, "অঁ, এতিয়া মোৰো মনত পৰিছে৷ এইটো যে বৰ আচৰিত কথা৷ খবৰটো দিল্লী পোৱাৰ লগে লগেই হুলস্থুল লাগি যাব৷ কিন্তু আপুনি ইয়ালৈ আহিল কেনেকৈ?"
 
বৃদ্ধ ৰজাই ক'লে, "এই হাতকেৰেয়া বন্ধা অৱস্থাতে জেলৰ পৰা পলাই সাগৰত জঁপিয়াই পৰিছিলো৷ মোক হাংগৰ, ঘঁৰিয়ালে খাই পেলাব পাৰিলেহেঁতেন৷ কিন্তু নাখালে৷ ভাহি-ভাহি আহি খুন্দা খালো এই দ্বীপটোত৷"
 
"জাৰোৱাই আপোনাক মৰা নাই?"
 
"জাৰোৱাই বিনা কাৰণত কাকো নামাৰে৷ ইহঁত অত্যন্ত সভ্য৷ তোমালোকেই ইহঁতক হিংস্ৰ বনাইছা৷"
 
"তাৰ পিছৰে পৰা আপুনি ইয়াতেই থাকি গ'?"
 
"অঁ, মই পৰাধীন ভাৰতত নাথাকিবলৈ ঠিক কৰিছিলো, সেয়ে ইয়াতে ইহঁতৰ লগত স্বাধীন হৈ থাকিলো৷ তাৰ পিছত আৰু মই বাহিৰৰ কোনো খবৰ ৰখা নাই৷"
 
"এই আন্দামানলৈকেতো নেতাজীও আহিছিল, কিছুদিনৰ কাৰণে স্বাধীন ৰাজধানী স্থাপন কৰিছিল৷ তাকো নাজানে?"
 
"এই দ্বীপটোৰ বাহিৰৰ কোনো খবৰেই মই ৰখা নাই৷ ইচ্ছা কৰিয়েই ৰখা নাই৷ মই যে ইয়াত আছো, সেয়া জানিব পাৰিলে ইংৰাজ চৰকাৰে মোক পুনৰ বন্দী কৰি লৈ যাব৷ সুভাষবাবু যে কেতিয়া নেতাজী হ', অলপ আগলৈকে তাকো জনা নাছিলো৷"
 
কৌশিক ভাৰ্মাই ক'লে, "আচৰিত! সঁচাকৈ আচৰিত! সমগ্ৰ ভাৰতবৰ্ষইচোন কেতিয়াবাতে স্বাধীন হৈ গ'ল৷ আপুনি সেইটো খবৰো পোৱা নাছিল?"
 
খুৰাদেউৱে ক'লে, "তেওঁ সেই কথাও বিশ্বাস কৰিব খোজা নাই৷ শুনক, এই যে কৌশিক ভাৰ্মা, এওঁ ভাৰত চৰকাৰৰ এজন ডাঙৰ অফিচাৰ৷ এওঁক সোধক আমাৰ দেশ স্বাধীন হৈ গৈছে সাতচল্লিশ চনতে৷ আপুনি জৱাহৰলাল নেহেৰুৰ নাম শুনিছিল নহয়?"
 
বৃদ্ধ ৰজাই ক'লে, "অঁ৷ মতিলালৰ ল'ৰা, বেৰিষ্টাৰ পঢ়িবলৈ বিলাতলৈ গৈছিল৷"
 
"অঁ, সেই জৱাহৰলালেই পিছত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হৈছিল৷ সেয়াও ত্ৰিশ বছৰ আগৰ কথা৷"
 
"গান্ধী ক'?"
 
"গান্ধী ঢুকাইছে স্বাধীনতাৰ এবছৰ পিছত৷ আপোনালোকৰ সময়ৰ প্ৰায় ভাগেই ঢুকাইছে৷ ব'লক, আপুনি দিল্লীলৈ ব'লক, তাত গৈ চব শুনিব৷"
 
বৃদ্ধ ৰজাই ক'লে, "'ত যাম? দিল্লীত? কিয়? মই ক'লৈকো নাযাওঁ৷"
 
"সেইটো আকৌ কেনেকুৱা কথা? আপুনি এতিয়াও ইয়াতেই থাকিব খোজে?"
 
"নিশ্চয়৷ মই ইয়াত জাৰোৱাৰ লগত পৰম শান্তিত আছো৷"
 
"আপুনি স্বাধীন দেশখন এবাৰ চাই আহিবও নোখোজেনে?"
 
"নাই৷"
 
বৃদ্ধ ৰজাই কোনো কাৰণতে তেওঁৰ জাৰোৱা-ৰাজ্য এৰি ক'লৈকো যাব নোখোজে৷ খুৰাদেউ আৰু কৌশিক ভাৰ্মাই বিভিন্ন প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ একোতে ৰাজী নহ'ল৷ শেষত এবাৰ খং কৰি ক'লে, "আপোনালোকে যদি মোক জোৰ কৰি বন্দী কৰি লৈ যাব খোজে, সেইটো বেলেগ কথা৷ হ'লেও সাৱধান কৰি দিছো, মোক জোৰ জবৰদস্তি কৰি নিব খুজিলে চব জাৰোৱা এক হৈ বাধা দিব৷ সিহঁতে প্ৰাণ দিও মোক বচাবলৈ চেষ্টা কৰিব৷"
 
কৌশিক ভাৰ্মাই ক'লে, "নাই, নাই, আপোনাক জোৰ কৰি কিয় লৈ যাম? আপুনি আমাৰ শ্ৰদ্ধাৰ৷ আপুনি দেশ স্বাধীন কৰাৰ বাবে ইমান কষ্ট কৰিছিল৷ কিন্তু আমি উভতি গৈ যেতিয়া আপোনাৰ কথা ক', কোনেও বিশ্বাস নকৰিব৷"
 
সন্তুৱে হঠাৎ কৈ উঠিল, "ফটো তুলি লৈ গ'লে চবে বিশ্বাস কৰিব৷"
 
খুৰাদেউৱে খং কৰি সন্তুৰ পিনে চালে, সন্তু থতমত খাই গ'ল৷ সি ধৰিব নোৱাৰিলে, সি কি ভুল ক'লে৷
 
বগা দাড়ি থকা প্ৰীতম সিঙে একাষত ৰৈ সকলো শুনি আছিল৷ এইবাৰ তেওঁ ক'লে, "কি আচৰিত কথা৷ মই ইমানদিনে জাৰোৱাৰ লগত কথা পাতিছো, কোনোদিনে সিহঁতে জানিবলৈ নিদিলে যে সিহঁতৰ এজন বঙালী ৰজা আছে৷ সেই বাবেই সিহঁতে বেছি ভিতৰলৈ সোমাব নিদিয়ে৷"
 
বৃদ্ধ ৰজাই ক'লে, "সেইটোৱেই মোৰ আদেশ আছিল৷"
 
খুৰাদেউৱে হতাশ হৈ ক'লে, "তেনেহ'লে আপুনি নাযায়?"
 
বৃদ্ধ ৰজাই ক'লে, "নাই৷"
 
সন্তুৱে একো নুবুজি আগুৱাই গৈ বৃদ্ধ ৰজাৰ হাতত ধৰি ক'লে, "আপুনি ব'লক না আমাৰ লগত৷ এবাৰ গৈ সকলো চাই মেলি পুনৰ ইয়ালৈ উভতি আহিব৷ জানেনে, হাওড়া ষ্টেচনত মাটিৰ তলেৰে ৰাস্তা হৈছে, আপুনিতো সেইবিলাক দেখা নাই৷"
 
বৃদ্ধ ৰজাই হঠাৎ কান্দি পেলালে৷ সন্তুক সাৱটি ধৰি ক'লে, "', তই মোক এই কথাষাৰ কিয় ক'লি? তোৰ সমান মোৰ এটা ভাই আছিল, জেললৈ অহাৰ সময়ত তাক মই ঠিক এই বয়সতে এৰি থৈ আহিছো৷ তোক দেখি মোৰ তাৰ কথা মনত পৰিছে৷"
 
খুৰাদেউৱে ক'লে, "হয়তো আপোনাৰ সেই ভাইটো এতিয়াও জীয়াই আছে৷ আপুনি গ'লে তাক দেখা পাব৷"
 
বৃদ্ধ ৰজা অলপ পৰ নিশ্চুপ হৈ বহি থাকিল, তেওঁৰ দুচকুৰে চকুলো ব’বলৈ ধৰিলে৷ তাৰ পিছত চকুৰ পানী মচি ক'লে, "ঠিক আছে, মই যাম৷ কিন্তু তাৰ আগতে তোমালোকে কেইটামান প্ৰতিজ্ঞা কৰিব লাগিব৷"
 
খুৰাদেউৱে আগ্ৰহেৰে ক'লে, "অঁ, অঁ, কি প্ৰতিজ্ঞা কৰিব লাগিব কওঁক?"
 
বৃদ্ধ ৰজাই ক'লে, "তোমালোকে কথা দিব লাগিব, আমাৰ এই জাৰোৱাখিনিক কোনেও একো ক্ষতি কৰিব নোৱাৰিব৷ এই দ্বীপটোলৈ আন কোনো আহিব নোৱাৰিব৷ জাৰোৱাৰ এই পবিত্ৰ জুই তোমালোকে নিয়াৰ চেষ্টা কৰিব নোৱাৰিবা৷ সিহঁতে যেনেকৈ থাকিব খোজে, তেনেকৈ থাকিব দিব লাগিব৷"
 
খুৰাদেউৱে কৌশিক ভাৰ্মাৰ পিনে চালে৷
 
কৌশিক ভাৰ্মাই লগে লগে ক'লে, "মই ভাৰত চৰকাৰৰ হৈ কথা দিছো, এইবিলাক চব মনা হ'ব৷ এইবিলাকেইতো আমাৰ নীতি৷"
 
বৃদ্ধ ৰজাই দীৰ্ঘ নিশ্বাস এটা পেলাই ক'লে, "ঠিক আছে, তেনেহ'লে ব'লা, কিন্তু কেইদিনমান থাকিয়েই মই পুনৰ ঘূৰি আহিম৷"
 
খুৰাদেউৱে ক'লে, "নিশ্চয়৷ মই নিজেই চব ব্যৱস্থা কৰি দিম৷"
 
বাহিৰত বিদেশীকেইটাৰ হাত পিঠিৰ ফালে পকাই মজবুত জৰীৰে বন্ধা হৈছে৷ সন্তুৱে যিটো বিদেশীক গুলীয়াইছিল, সি মৰা নাই, দুয়োটা গুলীয়েই লাগিছে তাৰ কান্ধত৷ হেলিকপ্টাৰত কিছু ঔষধ-পাতি আছিল, তাকে লগাই বেণ্ডেজ বান্ধি দিয়া হৈছে৷ সৈন্যৰ পহৰাত বিদেশীকেইটাক সাগৰৰ দিশত পঠাই দিয়া হ'ল৷ তাৰ পৰা বোটত লৈ যোৱা হ'ব সিহঁতক৷"
 
বাকী চব হেলিকপ্টাৰত যাব৷
 
কিন্তু বৃদ্ধ ৰজাক হেলিকপ্টাৰত তুলিবৰ সময়ত এটা ঘটনা ঘটিল৷ বৃদ্ধ ৰজাই জাৰোৱাৰ ভাষাত বুজাই ক'লে, তেওঁ যাবলৈ ওলোৱাৰ কথা৷ লগে লগে আটাইবোৰ জাৰোৱাই মাটিত মুখ গুঁজি এটা অদ্ভুত কৰুণ শব্দ কৰিবলৈ ধৰিলে৷ সেয়া সিহঁতৰ কান্দোন৷ কন্দাৰ সময়ত সিহঁতে কাকো মুখ নেদেখুৱাই৷ কেবাজনীও জাৰোৱা ছোৱালী দৌৰি আহি সাৱটি ধৰিলে বৃদ্ধ ৰজাক৷ সিহঁতে কোনোপধ্যেই তেওঁক যাবলৈ নিদিয়ে৷ তেওঁ হাত ভৰি লৰাই বহু কষ্টেৰে সিহঁতক বুজাবলৈ চেষ্টা কৰিলে, তেওঁৰ চকুৰেও চকুলো নিগৰিছে৷ তেওঁ মাটিত মুখ গোঁজা প্ৰতিটো জাৰোৱাৰ গাত হাত বুলাই কৈ গ', "মই ঘূৰি আহিম, কেইদিন মানৰ ভিতৰতেই ঘূৰি আহিম৷"
 
কৌশিক ভাৰ্মাই খুৰাদেউক ক'লে, "মানুহে মানুহক যে ইমান ভাল পাব পাৰে, আগতে কেতিয়াও দেখা নাছিলো৷ ইহঁতৰ ভাল পোৱা কিমান আন্তৰিক৷"
 
খুৰাদেউৱে ক'লে, "হুঁ৷"
 
তাৰ পিছত এটা সময়ত আকাশত হেলিকপ্টাৰ উৰিল৷ সমস্ত জাৰোৱাই একেলগে হাত দাঙি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে, বৃদ্ধ ৰজায়ো হাত জোকাৰিবলৈ ধৰিলে সিহঁতৰ পিনে৷ অলপ পিছতেই হেলিকপ্টাৰ পালেগৈ সাগৰৰ ওপৰ৷
 
পোৰ্ট ব্লেয়াৰ পাওঁতে বেছি সময় নালাগিল৷ দূৰৈৰ পৰাই দেখা যায় জেলখানাখন৷ ব্ৰিটিছ আমোলৰ কুখ্যাত চেলুলাৰ জেল৷ পোৰ্ট ব্লেয়াৰত বৰ্তমানো সেইটোৱেই আটাইতকৈ ওখ ঘৰ৷ আকাশৰ পৰা চাৰিওফালে পলক নেপেলোৱাকৈ চাই ৰ'ল বৃদ্ধ ৰজাই৷ এদিন তেওঁ এই জেলৰ পৰা পলাইছিল৷ আজি সঁচাকৈয়ে তালৈ ৰজাৰ দৰে উভতি আহিছে৷
 
পোৰ্ট ব্লেয়াৰত থকা হ'ল মাত্ৰ এটা দিন৷ গৈয়েই টেলিগ্ৰাম পঠাই দিয়া হ'ল কলিকতা আৰু দিল্লীলৈ৷ ঠিক হ', কলিকতাত তেওঁ প্ৰথমে তিনি দিন থাকিব৷ তাৰ পিছত যাব দিল্লীলৈ৷ তাত তেওঁ যিমান দিন থাকিবলৈ মন কৰে থাকিব৷  তাৰ পিছত যিদিনাই উভতি আহিব খোজে, সিদিনা পুনৰ কলিকতা হৈ ঘূৰি আহিব৷
 
পিছদিনাখন বিশেষ বিমানেৰে তেওঁলোকক লৈ অহা হ'ল কলিকতালৈ৷ দমদম এয়াৰপোৰ্টত কি সাংঘাতিক ভীৰ৷ হাজাৰ হাজাৰ মানুহ আহিছে জাৰোৱাৰ ৰজাক চাবলৈ৷ কিমান বাতৰি কাকতৰ মানুহ, কিমান ফটোগ্ৰাফাৰ৷ পোহৰ মাৰি মাৰি ফটো তুলিছে ঘনে ঘনে৷ সন্তুৰো ফটো তোলা গৈছে বাৰে বাৰে, কাৰণ বৃদ্ধ ৰজাই তাৰ কান্ধতেই হাত থৈ থিয় হৈ আছে৷
 
মাজে মাজে জয়ধ্বনি শুনা গৈছে, "গুণদা তালুকদাৰ জিন্দাবাদ৷"
 
এয়াৰপোৰ্টত সন্তুৰ মা দেউতা, দুজন দাদা, কাষৰ ঘৰৰ ৰিণি, বাবলু, পিংকুহঁতো আহিছে, কিন্তু সন্তুৱেতো এতিয়াই ঘৰলৈ নাযায়৷ বৃদ্ধ ৰজাৰ সৈতে এতিয়া সিহঁত যাব লাগিব ৰাজ ভৱনলৈ, তাত গভৰ্নৰে সিহঁতক সম্ভাষণ জনাব৷ তাৰ পিছত একেলগে মধ্যাহ্ন ভোজন কৰিব৷ লাটচাহাবৰ ঘৰত খাবলৈ পোৱাটো জানো কম কথা?
 
মানুহে ইমানেই ফুলৰ মালা দিছে যে তাৰ ভৰত কুঁজা হৈ পৰিছে বৃদ্ধ ৰজা৷ ইমান ভিৰৰ মাজত তেওঁৰ কষ্ট হ'ব বুলিয়েই কৌশিক ভাৰ্মাই তেওঁক দৌৰা-দৌৰিকৈ নি গাড়ীত বহুৱালে৷ খুৰাদেউ আৰু সন্তুও সেই গাড়ীতেই বহিল৷
 
গাড়ী এয়াৰপোৰ্ট এৰি বাহিৰলৈ ওলাই আহিল৷ পুনৰ কলিকতালৈ উভতি আহি সন্তুৰ খুব ভাল লাগিছে৷ এইবাৰ যে জীৱন্তে ঘূৰি আহিব পাৰিব তাতেই সন্দেহ আছিল৷
 
সন্তুৱে বৃদ্ধ ৰজাক ক'লে, "জানেনে, এই ৰাস্তাটোৰ নাম ভি আই পি ৰোড৷ আপোনালোকৰ সময়ত এইটো নাছিল৷"
 
বৃদ্ধ ৰজাই কোনো উত্তৰ নিদিলে৷
 
খুৰাদেউৱে ক'লে, "তেতিয়া এইবোৰ ঠাইত জংঘল আছিল৷"
 
গাড়ী গৈ থাকিল, আৰু সন্তুৱে বিভিন্ন বাতৰি দি থাকিল বৃদ্ধ ৰজাক৷ এইটো বিধান ৰায়ৰ মূৰ্তি, সেয়া সৌখন তাত শিশু উদ্যান, এই ঠাইখনৰ নাম কাঁকুৰগাছি...
 
বৃদ্ধ ৰজাই একো কথা কোৱা নাই৷
 
গাড়ীখন মানিকতলা পাৰ হৈ যেতিয়া বিবেকানন্দ ৰোদত উঠিল, তেনেতে বৃদ্ধ ৰজাই হঠাৎ "উঃ" শব্দ কৰি দুহাতেৰে মুখখন ঢাকি ধৰিলে৷
 
কৌশিক ভাৰ্মা আৰু খুৰাদেউ দুয়োজনেই শংকাৰে সুধিলে, "কি হ'? কি হ'?"
 
বৃদ্ধ ৰজাই উত্তৰ নিদি 'আঃ আঃ' শব্দ কৰি সন্মুখৰ পিনে হাউলি পৰিল৷
 
কৌশিক ভাৰ্মাই ক'লে, "তেওঁ অজ্ঞান হৈ পৰিছে৷ এতিয়াই হস্পিতাললৈ লৈ যাব লাগিব৷"
 
খুৰাদেউৱে ক'লে, "সন্মুখতে মোৰ বন্ধু এজনৰ ডাক্তৰখানা আছে৷ সেই যে লেম্প পোষ্টটোৰ ওচৰত, তাত গাড়ী ৰখাবা৷"
 
সকলোৱে মিলি ধৰা ধৰিকৈ বৃদ্ধ ৰজাক ডাক্তৰৰ চেম্বাৰত নি শুৱাই দিলে৷
 
ডাক্তৰৰ ঔষধত অলপ পিছতেই জ্ঞান ঘূৰি আহিল বৃদ্ধ ৰজাৰ৷ ডাক্তৰে ক'লে, "তেওঁক এতিয়াই হস্পিতাললৈ লৈ যোৱা উচিত৷ হাৰ্টৰ অৱস্থা ভাল নহয়৷"
 
বৃদ্ধ ৰজাই ক'লে, "নাই, নাই৷"
 
খুৰাদেউৱে হাউলি সুধিলে, "আপোনাৰ কষ্ট হৈছে? হস্পিতাললৈ গ'লেই ভাল হৈ যাব৷ এতিয়া কলিকতাত ভাল ভাল হস্পিতাল আছে৷"
 
বৃদ্ধ ৰজাই ক'লে, "নাই নাই, মোক ঘূৰাই লৈ ব'লা৷"
 
"উভতি যাব? যাব, কেইদিনমান পিছত৷"
 
বৃদ্ধ ৰজাই ফোঁপাই ফোঁপাই ক'লে, "নাই, এতিয়াই৷ তোমালোকৰ ইয়াত মই উশাহ ল'ব পৰা নাই৷ ইয়াৰ বতাহ ইমান বেয়া, ইয়াত ইমান শব্দ, ইমান মানুহ, ইমান ঘৰ-দুৱাৰ, মোৰ সহ্য হোৱা নাই, ৰাস্তাৰে আহি থাকোতে দেখিলো মানুহে ভিক্ষা মাগিছে, নিশকতীয়া ল'ৰা ছোৱালী, নাই নাই, মোক উভতাই লৈ ব'লা..."
 
খুৰাদেউৱে কিবা ক'ব খুজিছিল, তাৰ আগতেই দুবাৰ হেঁকটি মাৰিলে বৃদ্ধ ৰজাই৷ অতি কষ্টেৰে ফুচফুচাই ক'লে, "মই নোৱাৰিম৷ ইয়াত থাকিব নোৱাৰিম, উশাহ ল'ব পৰা নাই, ইমান ধূলি ইয়াৰ বতাহত, ইমান শব্দ..."
 
বৃদ্ধ ৰজাই জোৰ কৰি উঠিব খুজি পৰি গ'ল৷ চবে ধৰা-ধৰিকৈ পুনৰ শুৱাই দিলে তেওঁক৷ বৃদ্ধ ৰজাৰ চকুৰে পানী ব’বলৈ ধৰিলে৷ খুব লাহে লাহে নিজক নিজে ক'বলৈ ধৰিলে,"মই যে কিয় আহিছিলো! কিমান ভাল ঠাইত আছিলো মই... তাত বতাহ কিমান বিশুদ্ধ... চৰাইৰ মাত, গছৰ পাতৰ শব্দ, আৰু নিজৰাৰ পানীৰ শব্দৰ বাদে আন একো শব্দ নাই, তাত কোনেও ভিক্ষা নোখোজে৷ তাত কিমান শান্তি, সেয়াইতো মোৰ স্বৰ্গ! কিয় আহিলো, মোক লৈ ব'লা৷ ... এতিয়াই এতিয়াই... মই যাম... আঃ!"
 
হঠাৎ বৃদ্ধ ৰজাৰ মাত বন্ধ হৈ গ'ল৷
 
লগে লগে তাত থকা সকলোৰে মুখবোৰ কিবা যেন গম্ভীৰ হৈ পৰিল৷
 
সন্তুৱে সুধিলে, "খুৰাদেউ, তেওঁ কি..."
 
খুৰাদেউৱে উত্তৰ নিদিলে৷ বেলেগ ফালে মুখ কৰিলে৷ সন্তুৱে জীৱনত এই প্ৰথম দেখিলে, খুৰাদেউৰ চকুত চকু পানী৷
 
সিও আৰু চম্ভালিব নোৱাৰিলে নিজকে৷ সশব্দে কান্দি উঠিল৷
 
এই চিৰিজটোৰ পৰৱৰ্তী উপন্যাস 'য়েটি অভিযান' পঢ়িবলৈ ইয়াত ক্লিক কৰক।
 

**সমাপ্ত**