
"অই, অই.." মাকে তাইক হেঁচুকি দিলে৷
চৈধ্য বছৰীয়া ছোৱালীজনীয়ে চকু মেলি চালে৷ হাতত চাকি এগছি লৈ মাক বিছনাৰ ওচৰতে ৰৈ
আছে৷ তেওঁৰ গা মূৰ গৰম কাপোৰ এখনেৰে ঢকা৷
"উঠিছনে...? উঠ, উঠ.... তোক মোৰ কিছুমান কথা ক'বলগীয়া আছে..."
মাকে চাকিগছ ওচৰতে থৈ গাৰ পৰা কাপোৰখন
খুলিলে৷
তাই উঠি বহিল, "কিমান সময় হৈছে এতিয়া?
"ৰাতি দোভাগ হৈছে.." মাকে
ব্যস্ততাৰে কাপোৰখন তাইৰ পিনে দলিয়াই দি ক'লে, "...তোৰ কি কি বস্তু ল'বলগীয়া আছে টোপোলা এটাত বান্ধি
ল..." কথাখিনি কৈয়ে মাকে চাং এখনৰ পৰা পেৰা এটা নমালে৷
তাইৰ টোপনিৰ জাল তেতিয়াও ভঙা নাছিল৷
"বান্ধি ল মানে... আমি ক'ৰবালৈ যাম নেকি?"
"আমি নহয়, তই..." বেৰৰ খুটাত টোপোলা এটা
ওলোমাই থোৱা আছিল৷ মাকে সেইটো হাত মেলি নমাই আনিলে৷
পেৰাটোৰ ভিতৰত ভাগে ভাগে কিছুমান
দ্ৰব্য সজাই ৰখা আছে৷ তেওঁ বাছি বাছি তাৰ পৰা দুই এটা বুটলিলে৷
"এইবোৰ কি?"
"চূৰ্ণ। শুন, তোক মই আজি কিছুমান গোপন
কথা ক'ম৷ মন দি শুনিবি..." পেৰাটোৰ এচুকত সাঁচিপাতৰ পুথি এখন আছিল৷
মাকে সেইখন তুলি লৈ তাৰ পাত বিলাকৰ মাজৰ পৰা নিৰ্দিষ্ট পাত এখিলা বিচৰাত লাগিল আৰু
লগতে কৈ গ'ল, "কাহিনীটো স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ৷ হাজাৰ হাজাৰ বছৰ আগৰ কথা,
তেতিয়া
পৃথিৱীত মানুহ নাছিল, সেই সময়ত স্বৰ্গৰ দেৱতা সকলে ভাবিছিল পৃথিৱীখন তেওঁলোকৰ৷ এইপিনে
পাতালৰ পিশাচবোৰে ভাবিছিল পৃথিৱীখন সিহঁতৰ৷ ইয়াকে লৈ দুয়োটা দলৰ মাজত অতীজৰে পৰা
তলে তলে এখন যুঁজ চলি আহিছিল৷ তেনেতে এদিন হঠাতে কোনো আগজাননী নিদিয়াকৈ পাতালৰ
সেনাপতি হেক্কাছে একলাখ সৈন্য লৈ পৃথিৱী দখল কৰে৷ তাকে দেখি স্বৰ্গৰ ৰজা লেংদনে এক
লাখ সৈন্যৰে সৈতে ব্ৰিছা নামৰ এজন দেৱতাক পৃথিৱীলৈ পঠাই দিয়ে৷ দুয়োটা দলৰ মাজত
দুহেজাৰ বছৰ ধৰি তুমুল যুঁজ চলে৷ যুদ্ধ চলি থকাৰ সময়ত আকাশ বতাহ ধুলি-ধোঁৱাৰে চানি
ধৰিছিল, পৃথিৱীত না বৰষুণ দিছিল, না ৰ'দ৷ জীৱকুল মৰি প্ৰায় শেষ হৈ আহিছিল৷
তাকে দেখি দুয়োটা দল এটা চুক্তিৰ মাজত আহিবলৈ বাধ্য হয় যে পৃথিৱী এৰি দুয়োটা দল
গুচি যাব আৰু ইয়াত ৰাজত্ব কৰিব এটা নতুন প্ৰজাতিয়ে৷ দেৱতা আৰু পিশাচৰ সংগমৰ
মাধ্যমেৰে সৃষ্টি হোৱা এই নতুন প্ৰজাতিটো পিছত মানুহ বুলি পৰিচিত হ'ল৷ কিন্তু তাৰ পিছতো দুয়োটা দলে
তলে-তলে পৃথিৱীত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই গৈ থাকিল৷ মানুহৰ সৈতে শাৰীৰিক
সম্পৰ্ক কৰি সিহঁতে মানুহৰ মাজত নিজৰ বীজ ৰোপণ কৰাৰ চেষ্টা কৰি গ'ল৷ প্ৰতি এশ বছৰৰ মূৰে মূৰে হেক্কাছ
আৰু ব্ৰিছাই মানুহৰ গৰ্ভত নিজৰ সন্তান জন্ম দিয়াৰ চেষ্টা কৰি আহিছে৷ এই কথাটো
আৰম্ভণিতেই অনুমান কৰিছিল মানুহৰ প্ৰথম ৰজা উমাছাই, যি হেক্কাছ আৰু ব্ৰিছাৰ পৰা সমান সমান
শক্তি লাভ কৰিবলৈ সক্ষম হৈছিল, তেওঁ মৰ্ত্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ তেতিয়াই
ডায়ন নামৰ এগৰাকী তিৰোতাক বাছনি কৰিছিল৷ আৰু তেওঁৰ হাতত এই পুথিখন তুলি দিছিল৷
ডায়নৰ কাম আছিল, পিশাচ আৰু দেৱতাৰ কোনেও যাতে পৃথিৱীত নিজৰ ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে,
তাৰ
ওপৰত চকু ৰখা৷ সেই ডায়নৰেই সতি- সন্ততি আমি৷ আমাৰ কাম হৈছে পৃথিৱীত এই দুই কুলৰ
মাজৰ সমতা ৰক্ষা কৰা৷ তাৰ কাৰণে আমাক যিকোনো পৰ্যায়লৈ যাবলৈ অনুমতি দি থৈছে
উমাছাই৷"
মাকে বিচাৰি থকা পাতখিলা পালে৷ তেওঁ
তাত উল্লেখিত বিধান মতে চূৰ্ণ কিছুমান মিহলাবলৈ ধৰিলে৷ লগতে তেওঁ কৈ গ'ল, "তেনেকৈয়ে যুগ যুগ ধৰি চলি আহিছে,
আমাৰ
বংশই কোনো ক্ৰুটী নৰখাকৈ নিজৰ দায়িত্ব পালন কৰি গৈছে, আজি তেনেকুৱা এক গুৰু দায়িত্বৰে ভাৰ
পৰিছে তোৰ আৰু মোৰ ওপৰত৷ অলপ আগতে মই সম্ভেদ পাইছোঁ শদিয়াখোৱা গোহাঁইৰ গোহাঁইনী আইদেউৰ গৰ্ভস্থ সন্তানৰ শৰীৰত হেক্কাছৰ আত্মাই থিতাপি লৈছেহি৷ আমাৰ কাম হ'ল প্ৰসৱৰ আগতেই সেই আত্মাক তাৰ পৰা
খেদি পঠোৱা। "
তাই চকু ডাঙৰ কৰি কৰি মাকৰ কথাবোৰ শুনি
গ'ল৷
"এতিয়া তই এই ঔষধপালি লৈ গোহাঁইৰ হাউলিলৈ
যাব লাগিব..." সৰু চুঙা এটাত ঔষধ এপালি ভৰাই মাকে তাইলৈ আগবঢ়াই দিলে,
"আৰু প্ৰসৱৰ আগতেই গোহাঁইনী আইদেউক খুৱাব লাগিব৷"
"কিন্তু..."
"কিন্তু চিন্তু কথা পতাৰ সময় এতিয়া
নাই... হাতত সময় একেবাৰে কম... যিকোনো মুহূৰ্ততে গোহাঁইনী আইদেউয়ে সন্তান প্ৰসৱ কৰিব
পাৰে... তই এতিয়াই ওলা...."
মাকে খৰধৰকৈ জুই একুৰা ধৰাৰ চেষ্টা
কৰিলে, "... শুন, তই এনেকৈ গোঁহাইৰ হাউলিত সোমাব নোৱাৰিবি। গতিকে মই এতিয়া বীৰা মাতি আইদেউৰ মনত বেয়া সপোন দেখুৱাবলৈ চেষ্টা কৰিম। আইদেউয়ে চিঞৰ-বাখৰ কৰিব। আইদেউৰ
মাত শুনিলেই তই গৈ গোঁহাইৰ সৈন্য-সামন্তবোৰক ক'বি, হাবিৰ মাজৰ এই জুপুৰিটোত ডাইনী এজনীয়ে
বীৰা মাতি কিবা দুষ্কৰ্ম্ম কৰি আছে। সিহঁতে যেতিয়া এইপিনে খেদি আহিব, তই হাউলিত সোমাবি, সেই সময়ত আইদেউৰ ওচৰত বেছি মানুহ-দুনুহ নাথাকিব, তই সেই সুযোগতে তেওঁক এই ঔষধপালি খুৱাই
দিবি..."
জ্বলি উঠা জুই কুৰাত মাকে কিবা ছটিয়াই
দি মন্ত্ৰ মাতিবলৈ ধৰিলে, ভমককৈ জুইকুৰা দুগুণ বাঢ়ি গ'ল৷ তভক লাগি চাই থকা জীয়েকলৈ চাই মাকে
ক'লে, "তই দেৰি নকৰিবি। খৰ ধৰ কৰ। কাপোৰ পিন্ধ। ওলা। যা। এয়াই আমাৰ বংশৰ
পৰম্পৰা। ইয়াক কেতিয়াও অৱহেলা নকৰিবি। যা।"
তাইৰ যেন তেতিয়াহে হুঁচ আহিল৷ লাগতিয়াল
বয়-বস্তুখিনি খৰধৰকৈ টোপোলা এটাত বন্ধাত লাগি গ'ল৷
মাকে উশাহ নসলোৱাকৈ মন্ত্ৰ মাতিবলৈ
ধৰিলে৷ মন্ত্ৰপাঠৰ লগে লগে ঘৰটোৰ ভিতৰত সিচৰতি হৈ থকা চকী-মেজৰ ছাঁবোৰে যেন লাহে
লাহে প্ৰাণ পাই উঠিল, সিহঁতে লৰ চৰ কৰিবলৈ ধৰিলে, তাৰ পিছত সেইবোৰ একত্ৰিত হৈ একোটা ছাঁয়ামূৰ্তিৰ
ৰূপ ল'বলৈ ধৰিলে৷
"কি চাই আছ? সোনকাল নকৰ কিয়?"
তাই বয়-বস্তুৰ টোপোলাটো পিঠিত ওলোমাই ল'লে, ঘৰটো তেতিয়ালৈ ধোঁৱাই ঘেৰি ধৰিছিল,
আৰু
সেই ধোঁৱাৰ ওপৰত বিশাল আকাৰৰ ক'লা ক'লা ছাঁয়ামূৰ্তিবোৰে উটি-ভাহি ফুৰিছিল৷
তাৰ পিছত এটা দুটাকৈ ছাঁয়া মূৰ্তিবোৰ ধোঁৱাৰ সৈতে ঘৰৰ পৰা ওলাই যাবলৈ ধৰিলে৷
"...চা, এই পুথিখনত সকলো বিধান লিখা আছে,
ইয়াৰ
প্ৰতিটো কথা পালন কৰিবি, আৰু ইয়াক পিছৰ প্ৰজন্মৰ হাতত তুলি দিয়াৰ
দায়িত্বও তোৰ। এতিয়া তই যা। ইয়ালৈ আৰু ঘূৰি নাহিবি। কাম হৈ যোৱাৰ লগে লগেই সাতখন
গাওঁ পাৰ হৈ যিকোনো এখন গাওঁত আশ্ৰয় ল'বিগৈ। এই চূৰ্ণৰ টোপোলাটো লগত লৈ ল',
ই অতি দুৰ্লভ, সহজতে বিচাৰি নেপাবি। পুথিত দিয়া বিধান অনুসৰি কৰ্মৰ আহ্বানৰ
প্ৰতি সদায় সজাগ হৈ থাকিবি। ডম্বৰু বুলি তোৰ এজন মামা আছে। এদিন সি তোক নিজে গৈ বিচাৰি
উলিয়াব। তাৰ চকু এটা কেঁৰা। তাৰ বাদে আন কোনো মানুহকে বিশ্বাস নকৰিবি। এতিয়া পলম
নকৰিবি। বীৰাবোৰ গৈ পালেগৈ চাগে..." মাকে জুইত আৰু চূৰ্ণ জাপিবলৈ আৰম্ভ
কৰিলে৷ দাউ দাউকৈ জ্বলি উঠিল জুইকুৰা৷
"আৰু তই?" তাই মাকলৈ চাই সুধিলে৷
"কাম সম্পূৰ্ণ নোহোৱালৈকে মই এই জুইকুৰা
এৰি যাব নোৱাৰো। গতিকে তই যা..."
"কিন্তু গোঁহাইৰ মানুহেতো তোক...."
মাকে হাঁহিলে, "সেয়া ওপৰৰ জনালৈ এৰ। তেওঁ আমাৰ ভাগ্যত
যি লিখিছে তেনেকৈয়ে হ'ব। এটা পুণ্য কামৰ কাৰণে প্ৰাণ আহুতি দিবলৈ পোৱাটোও ভাগ্যৰ কথা। যা
পলম নকৰিবি। বীৰা কেইটা গৈ পালেগৈ...."
ধোঁৱাৰ ওপৰত ছঁয়াময়াকৈ আইদেউৰ শোৱনী কোঠাৰ
ছবি এখন ভাহি উঠিছে, বিছনা এখনৰ চাৰিওফালে ছায়ামূৰ্তি কিছুমান ঘূৰি ফুৰিছে৷
"যা...." মাকে চিঞৰি উঠিল৷
ৰঙা ৰঙৰ গৰম কাপোৰখন গায়ে মূৰে মেৰিয়াই লৈ তাই হাতত চাকি এগছ তুলি ল'লে৷
"..আৰু এটা কথা, যদি কিবা কাৰণত ঔষধপালি খোৱাৰ আগতেই আইদেউয়ে
সন্তান প্ৰসৱ কৰে.. লগে লগে মাৰি পেলাবি..."
তাই উচপ খাই মাকলৈ চালে৷
শীতল চকুৰে তাইলৈ চাই থাকি মাকে ক'লে, "গতিকে যা, আৰু এক মুহূৰ্তও পলম কৰিব নালাগে..."
জুপুৰিটোৰ পৰা ওলাই দুৱাৰ মুখত ৰৈ শেষবাৰৰ
কাৰণে তাই মাকলৈ চালে৷ ধোঁৱাৰ মাজৰ পৰাই বিদায়ৰ কৰুণ হাঁহি এটা মাৰি মাকে লাহেকৈ ক'লে, "ভালে থাকিবি, ৰুণুমি৷"
তাই আৰু এক মুহূৰ্তও নৰ'ল, ধোঁৱাৰ লানিটোক অনুসৰণ কৰি কৰি গোঁহাইৰ
হাউলিৰ পিনে দৌৰিবলৈ ধৰিলে৷
গোঁহাইৰ পদুলি নাপাওঁতেই তাই আইদেউৰ
চিৎকাৰ শুনিবলৈ পালে৷ পদূলিত প্ৰহৰাৰত সৈন্য সামন্তবোৰে হাউলিৰ দেৱালত নাচি বাগি
থকা ছাঁবোৰ দেখি বিভ্ৰান্ত হৈ পৰিছে৷
সৈন্য এজনৰ ওচৰলৈ গৈ তাই চিঞৰি চিঞৰি ক'লে, "সৌ হাবিখনৰ দাঁতিত যে অকলশৰীয়া
জুপুৰিঘৰটো আছে, তাত ডাইনী এজনীয়ে কিবা পূজাপাঠ কৰি আছে...."
"কি? ক'ত?" সৈন্যকেইটাই একে মুখে চিঞৰি উঠিল৷
"সেয়া চাওঁক,ইয়াৰ পৰাই ধোঁৱা দেখিবলৈ
পোৱা গৈছে...."
সিহঁত সকলো সেইপিনে দৌৰিবলৈ ধৰিলে৷ তাই
গোঁহাইৰ হাউলিৰ ভিতৰলৈ সোমাই গ'ল৷
কোনোবা এগৰাকীয়ে তাইক সুধিলে,
"তুমি কোন?"
"মই এজনী বেজিনী, গোহাঁইনী আইদেউৰ যন্ত্ৰণাৰ উপশম কৰিব
পাৰিম মই...."
"আহা মোৰ লগত৷" লিগিৰী এজনীয়ে কাঠৰ
চিৰিৰে তাইক ওপৰ মহলালৈ লৈ গ'ল৷
বিছনাত চটফটাই পৰি আছিল আইদেউ৷
দুগৰাকী মান তিৰোতা মানুহে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিছে৷
চাকিগছ মেজ এখনৰ ওপৰত থৈয়েই তাই কান্ধত
বান্ধি অনা টোপোলাটো ব্যস্ততাৰে খোলাত লাগি গ'ল৷ চুঙাত ভৰাই অনা ঔষধপালি হাতে
পোৱাতেই আছিল৷ সোপাটো টানি খুলি দিয়াৰ লগে লগেই চুঙাটোৰ পৰা ডাঠ সেউজীয়া ধোঁৱা
ওলাবলৈ ধৰিলে৷ তাই গোটেই চুঙাটোকে আইদেউৰ মুখৰ ভিতৰত সুমুৱাই দি মুখখন জপাই দিলে৷
আইদেউৰ মুদি থকা চকু দুটা ঘপহকৈ মেল
খাই গ'ল৷ তেওঁৰ মুখৰ সিৰা-উপসিৰাবিলাক স্পষ্ট হৈ পৰিল৷ যেন তাৰ মাজেৰে
জুইহে প্ৰৱাহিত হৈছে৷ অলপ পিছতে সেয়া আকৌ স্বাভাৱিক হৈ পৰিল৷ আইদেউয়ে পুনৰ চকু
দুটা মুদি দিলে৷ তেনেতে তাইৰ পিছপিনে মূৰৰ ওপৰত ধামকৈ শব্দ এটা শুনিবলৈ পোৱা গ'ল৷ তাই ঘূৰি চালে৷ সিহঁতৰ মূৰৰ ওপৰৰ
চালিখন ফুটাই আকাশলৈ কিবা এটা উৰি গুচি গৈছে৷
স্বস্তিৰ নিশ্বাস এটা পেলাই তাই মজিয়াত
বহি পৰিল৷ অলপ পিছতে কেঁচুৱাৰ কান্দোন শুনা গ'ল৷ জন্ম হ'ল এটা মানৱ সন্তানৰ৷
"এজনী অতি মৰমলগা গোসানীৰ জন্ম
হৈছে...." লিগিৰীবোৰে কোৱা-কুই কৰিবলৈ ধৰিলে৷
লাহে লাহে তাই ঘৰটোৰ পৰা ওলাই আহিল৷
সকলো আইদেউৰ লগত ব্যস্ত হৈ পৰিল৷ তাই এতিয়া সাতখন গাওঁ পাৰ হৈ যাব লাগিব৷ তেনেতে
তাই কোনোবাই আলোচনা কৰি থকা শুনিলে, "ডাইনীজনীক ঘৰটোৰে সৈতে জ্বলাই
দিলোঁ৷"
তাইৰ চকুৰে দুধাৰি লোতক বৈ আহিল৷ তাই
কিন্তু নৰ'ল৷
পৰৱৰ্ত্তী গল্প
****
(পূৰ্বপ্ৰকাশ: অসমীয়া মায়া, মে, ২০২১)