Sep 20, 2021

প্ৰায়শ্চিত্ত (ৰহস্য গল্প) - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন

Praysitta Assamese Psychological Thriller by Rajiv Phukan

হাজৰিকাই খিৰিকিৰে চালে, সি উলংগ নৃত্য আৰম্ভ কৰিছে, গাত তেতিয়া জাঙিয়াটোৰ বাদে আন একো কাপোৰ নাই৷ প্ৰায় এঘন্টাই হ', তাক আনি ইন্টাৰোগেশ্যন ৰূমটোত ভৰাই থোৱা হৈছে৷ ল'ৰাটোৰ নাম ভাৰ্গৱ৷ প্ৰথম ধৰি আনোতে সি বেছি হুলস্থুল কৰা নাছিল৷ কোঠাটোত ভৰাই দুৱাৰখন বন্ধ কৰি দিয়াৰ পিছতেই তাৰ উন্মাদনা আৰম্ভ হয়৷ প্ৰথমতে কোঠাটোৰ মজিয়াত সংলগ্ন লোৰ চকীবোৰ সি টানিবলৈ চেষ্টা কৰিছিল৷ পিছত ডাঙৰ খিৰিকিখন সি গুৰিয়াই ভুকুৱাই ভাঙিবলৈ চেষ্টা কৰিছিল, খিৰিকিখন বুলেটপ্ৰুফ, ভিতৰৰ পৰা সেইখন এখন আইনাৰ দৰে দেখি, বাহিৰখন দেখা নাযায়৷ অথচ সি তাৰ মাজেৰেই হাজৰিকাৰ চকুলৈ চাই গালি-গালাজ কৰিছিল, তাক এৰি দিবলৈ কাকূতি-মিনতি কৰিছিল, বাহিৰৰ পৰা সকলো লক্ষ্য কৰি আছিল হাজৰিকাই৷ এটা সময়ত গাৰ কাপোৰ-কানি খুলিবলৈ আৰম্ভ কৰিছিল সি, লাহে লাহে উন্মুক্ত হৈ পৰিছিল তাৰ শৰীৰৰ পুৰণি আঘাতৰ চিনবোৰ৷ কাপোৰবোৰ আঁৰি দিব খুজিছিল সি খিৰিকিখনত৷ শেষত তাৰ গাত জাঙিয়াটো ৰৈছিলগৈ আৰু যেতিয়াই সি জাঙিয়াৰ ইলাষ্টিকত হাত দিলে হাজৰিকা খিৰিকিখনৰ ওচৰৰ পৰা আঁতৰি আহিল৷ ফাইল এটা তুলি লৈ দুৱাৰখনৰ পিনে আগ বাঢ়িল তেওঁ৷

  "ছাৰ! ছাৰ!" এ.এছ.আই বৰ্মন উধাতু খাই দৌৰি আহিল৷ লগত দুজনমান চিপাহী৷
 
হাজৰিকাই দুৱাৰখন খোলাৰ লগে লগেই সি জঁপিয়াই পৰিব খুজিছিল তেওঁৰ গাৰ ওপৰত৷ বৰ্মন আৰু চিপাহী কেইটাই লগে লগে তাক টানি নি লোৰ চকী এখনৰ সৈতে হাতকেৰেয়া লগাই দিলে৷
 
"প্লিজ, মোক ইয়াত এৰি থৈ নাযাব৷ প্লিজ, মোকো লগত লৈ ব'লক৷" ছটফটাবলৈ আৰম্ভ কৰিলে সি৷
 
হাজৰিকাই ফাইলটো মেজখনলৈ দলিয়াই দিলে৷ বাকী কেইজনক কোঠাটোৰ পৰা ওলাই যাবলৈ ইংগিত দি তেওঁ সন্মুখৰ চকীখনত বহি ল'লে৷ কোঠাটোত মজিয়াৰ সৈতে সংলগ্ন মেজ এখন আৰু তাৰ দুয়োফালে দুখন চকী৷ কোঠাটোত সোমাবলৈ দুৱাৰ এখনেই আৰু হাজৰিকাৰ সোঁফালে ডাঙৰ আইনাখন৷
 
"প্লিজ, মোক এৰি দিয়ক৷ আন কৰ'বালৈ লৈ ব'লক৷" সি টনা আঁজোৰা কৰিবলৈ ধৰিলে শিকলিবোৰ৷
 
হাজৰিকাই জেপৰ পৰা চিগাৰেটৰ পেকেট, কলম আদি উলিয়াই টেবুলত থ'লে৷ তেওঁ চিগাৰেট এটা জ্বলাই লৈ ভাৰ্গৱক নিৰীক্ষণ কৰাত লাগিল৷ গাৰ বৰণ বগাই বুলিব লাগিব৷ কিন্তু ভয়, ভোক, অযত্নত চেহেৰা ভাগি পৰিছে, দেখিবলৈ এনেকুৱা লাগে যেন গুহাৰ পৰা পোহৰলৈ উলিয়াই অনা কোনো বন্য জন্তুহে, তাৰোপৰি উদং দেহটোৰ অ'ত ত'ত থকা পুৰণা আঘাতৰ দাগবোৰে বন্য ৰূপটোক বেছি পৰিস্ফুট কৰি তুলিছে৷ শাৰীৰিক গঠন ক্ষীণ, কিন্তু আটিল৷ বয়স পঁচিশ, ছাব্বিছ বছৰ হ'ব৷
 
হাজৰিকাৰ দুটা চিগাৰেট শেষ হোৱালৈ সি কিছু শান্ত হ'ল৷ চকীৰ সৈতে শিকলি লগোৱা হাত দুখনেৰে মুখখন ঢাকি ধৰি কিছু সময় মনে মনে থাকিল সি৷ এটা সময়ত সি মূৰ তুলি ভয়ে ভয়ে কোঠাটোৰ চাৰিওফালে চকু ফুৰালে৷ হাজৰিকা সন্মুখত বহি আছে৷ মেজত চিগাৰেটৰ পেকেটটো৷
 
"চিগাৰেট?" হাজৰিকাই সুধিলে৷ তেওঁৰ মাতটো বহি গৈছিল৷ গলহেকাৰি এটা মাৰি চাফা কৰি ল'লে৷
 
সি মূৰ দুপিয়ালে৷ হাজৰিকাই পেকেটটো তাৰ পিনে আগ বঢ়াই দিলে৷ কঁপা কঁপা হাতেৰে চিগাৰেট এটা মুখত ল'লে সি৷ হাজৰিকাই লাইটাৰটো অন কৰি জ্বলাই দিলে৷
 
ভাৰ্গৱে চিগাৰেটটো দুবাৰ মান হুপি ইফালে সিফালে চাই ভয়ে ভয়ে খুচি খুচি নুমুৱাই পেলালে৷
 
"কি হ'?" হাজৰিকাই সুধিলে৷
 
"চিগাৰেট খালে দাদাই খং কৰে৷"
 
"দাদা মানে? নাম কি?"
 
"ৰূপম... ৰূপম বৰুৱা৷"
 
"ৰূপম! মানে তোৰ যঁজা ককায়েৰে?"
 
সি মূৰ দুপিয়ালে৷ তাৰ নগ্ন দেহটো তেতিয়াও কঁপি আছে৷ নোমবোৰ ঠৰঙা দিছে৷ জাৰত নে ভয়ত ক'ব নোৱাৰি৷
 
"তোৰ পিঠিত সেইবোৰ কিহৰ দাগ?"
 
"দাদায়ে মাৰিছিল৷"
 
"কেতিয়া?"
 
"সৰু থাকোতে৷"
 
"কিয়? চিগাৰেট খোৱাৰ কাৰণে?"
 
"নহয়"
 
"তেন্তে?"
 
সি একো নক'লে৷ মাথোঁ তল মূৰ কৰি ঠাণ্ডা লগা মানুহৰ দৰে বাহু দুটা সাৱটি থাকিল৷ শিকলিত শিকলি লাগি খিটিং খিটাং শব্দ এটাও হ'ল৷
 
হাজৰিকাই অলপ পৰ তাক নিৰীক্ষণ কৰি থাকি ফাইলটো খুলিলে৷ ফাইলৰ ভিতৰত এজাহাৰ, জবান-বন্দী, বাতৰি কাকতৰ টুকুৰা ইত্যাদি আৰু কেইখনমান ফটোগ্ৰাফ৷ তাৰে মাজৰ পৰা ছবছৰ পুৰণি বাতৰি কাকতৰ টুকুৰা এটা উলিয়াই তেওঁ মেজত ৰাখিলে৷ কাকতৰ টুকুৰাটোত ল'ৰা এটাৰ মৃতদেহৰ ফটো,  মূৰটো সম্পূৰ্ণৰূপে পিঠিৰ ফালে ঘূৰি আছে৷ ওপৰত শিৰোনামা, "ঐতিহ্যমণ্ডিত বজালী কলেজৰ পিছ পিনে যুৱকৰ মৃতদেহ উদ্ধাৰ"৷ কাগজখিলা তাৰ পিনে ঠেলি দিলে তেওঁ৷
 
"চিনি পাইছ?"
 
ভাৰ্গৱে ডিঙি মেলি চালে৷ ফটোখন দেখি যেন আচৰিত হ'ল৷ সি হাজৰিকাৰ মুখলৈ চালে৷
 
"কি হ', অবাক হৈছ?"
 
"নাই৷"
 
"কি নাই?"
 
"চিনি পোৱা নাই৷" সি থেৰো-গেঁৰোকৈ ক'লে৷
 
"বজালী কলেজৰ পিছ পিনে যুৱকৰ মৃতদেহ উদ্ধাৰ৷ যুৱক জনৰ নাম সৌৰভ পাটগিৰি৷ একো মনত পৰা নাইনে? ছয় বছৰ আগতে সমগ্ৰ ৰাজ্য কঁপাই যোৱা এটা ঘটনা৷"
 
নিশ্চুপ হৈ ৰ’ল সি।
 
"ঠিক আছে বাৰু, ময়ে তোক অকণমান মনত পেলাই দিছো, তাৰ বাবে আমি আৰু অলপ আগলৈকে যাব লাগিব, সৌৰভৰ মৃত্যুৰো পাঁচ বছৰ আগলৈ, মানে আজিৰ পৰা এঘাৰ বছৰ আগৰ কথা..."
 
উচপ খাই উঠিল সি৷
 
"কি হ', কিবা মনত পৰিল নেকি?"
 
সি একো নক’লে। তললৈ মূৰ কৰিলে।
 
"আজিৰ পৰা এঘাৰ বছৰ আগতে তহঁতৰ ক্লাছত একেলগে পঢ়া নিশা নামৰ ছোৱালী এজনীক তই ভাল পাইছিলি৷"
 
"ছিঃ ছিঃ ছিঃ" সি চিৎকাৰ কৰি উঠিল, "বন্ধ কৰক, ছাৰ৷ এয়া মহাপাপ......" তাৰ গাটো যেন অপৰাধবোধত বেজ বেজাই গৈছে৷
 
"ভাল পোৱাটো জানো পাপ?"
 
"ছিঃ! আপুনি নাজানে একো৷ তাইক মোৰ দাদাই ভাল পায়৷ মই তাইক বৌ বুলি মানি আহিছো...."
 
"কি কৱ?  কিন্তু মই জানিবলৈ পোৱা মতে তইহেচোন.."
 
"মই তেতিয়ালৈকে তাৰ মনৰ কথা জনা নাছিলো৷ আৰু তাক কওঁতে..."
 
"সি তোক গুৰুলাগুৰুলকৈ পিটিলে৷" তাৰ দেহৰ দাগ বোৰলৈ চাই তেওঁ ক'লে৷
 
সি তল মূৰ কৰি ৰ'ল৷ অলপ ৰৈ ক'লে, "তাৰ পিছত আৰু তাইক মই কেৰাহিকৈয়ো চোৱা নাই৷ বৌৰ দৰেই পূজা কৰি আহিছো..."
 
"আৰু ৰূপমক?"
 
"সি মোৰ পৰা আঁতৰি থাকিবলৈ ল'লে, দেখিলেও নমতা হ'ল৷ চেহেৰাত কেৱল ঠাট্টা, বিদ্ৰূপ আৰু ঘৃণাৰ ভাব।"
 
হাজৰিকাই হাঁহি মাৰি ক'লে, "কিন্তু মই জনা কাহিনীটো অলপ বেলেগ ধৰণৰ৷"
 
সি তেওঁলৈ চালে৷
 
"বাৰু। এতিয়া আচল ঘটনাটোলৈ আহো।" হাজৰিকাই ফাইলটো মেলি ল'লে।তাৰ পিছত ফাইলৰ পৰা ছোৱালী এজনীৰ ফটো এখন উলিয়ালে৷ বয়স তাৰ সমানেই হ'ব৷ ফটোখনত ছোৱালীজনী চকী এখনৰ ওচৰত মজিয়াত পৰি আছে৷ মূৰটো পিঠিৰ ফালে ঘূৰি আছে৷ ফটোখন তাৰ পিনে আগবঢ়াই দি তেওঁ ক'লে, "এইখন পাঁচদিন আগৰ ফটো। চিনি পাইছনে?"
 
ফটোখন দেখি সি আনপিনে মুখখন ঘূৰাই দিলে৷ জোৰকৈ মুদি দিলে চকু দুটা৷
 
"কি হ'? কান্দিবি?"
 
চকু দুটা চলচলীয়া হৈ পৰিছিল ভাৰ্গৱৰ৷
 
হাজৰিকাই পুনৰ ক'লে, "পৰম পূজনীয় বৌৱেৰক হত্যা কৰিলি কিয়?"
 
"মই তাইক হত্যা নাই কৰা, ছাৰ। মইতো জনা নাছিলোঁ... মইতো..." এনেতে থুপুককৈ আইনাখনত আঁৰি থোৱা চোলাটো সৰি পৰিল৷ সি ভয়ে ভয়ে সেই পিনে চাই ক'লে, "মই সিদিনা তাইৰ ঘৰলৈকে যাবই নালাগিছিল... মোৰ ভুল হৈ গ’ল ছাৰ... মোৰ..."
 
"আৰু ভুলতে তই তাইক মাৰি থৈ আহিলি?"
 
"নাই ছাৰ, মই তাইক মৰা নাই৷"
 
"তেন্তে তই চাৰিদিন ধৰি দুৱাৰ খিৰিকি বন্ধ কৰি বিচনাৰ তলত লুকাই আছিলি কিয়?"
 
সি নিশ্চুপ হৈ ৰ'ল৷
 
"নকৱ কেলেই?"
 
"মোৰ ভুল হৈ গৈছিল ছাৰ, সকলো খেলি মেলি হৈ গ', মই তাইক লগ কৰিবলৈ যাব নালাগিছিল... সি মোক বাৰে বাৰে মানা কৰিছিল... এতিয়া সি মোক সুদাই নেৰিব ছাৰ..."
 
"কোন সি?"
 
"দাদাই।" সি ইফালে সিফালে চাই ফুচফুচাই ক'লে, "মোক বচাওক ছাৰ। মোক আন কৰবালৈ লৈ ব'লক, ইয়াত মোৰ বহুত ভয় লাগিছে, প্লিজ..."
 
"ঠাণ্ডা লাগিছে?" ভাৰ্গৱৰ কঁপি থকা উদং দেহটোলৈ চাই হাজৰিকাই সুধিলে৷
 
"নাই, ছাৰ৷ নাই লগা৷"
 
"বাৰু" তেওঁ পুনৰ আৰম্ভ কৰিলে, "আমি জনা মতে কলেজত পঢ়ি থাকোতে নিশাৰ বয়ফ্ৰেণ্ড আছিল সৌৰভ পাটগিৰি, ৰূপমকতো তাই চিনিয়েই নাপাইছিল৷"
 
"দাদাই তাইক কোনো দিনে মনৰ কথা কোৱা নাছিল৷ তাইৰ আগত দেখাই নিদিছিল৷ আপুনি দাদাক নাজানে, ছাৰ৷"
 
হাজৰিকাই হাঁহি মাৰি ক'লে, "জানো, ভালদৰেই জানো৷ কিন্তু তোৰ মুখৰ পৰাই শুনো দেচোন৷ আচ্ছা এইটো কচোন, সৌৰভক কিয় হত্যা কৰিছিলি?"
 
হাজৰিকাৰ মুখলৈ অবাক হৈ চালে সি৷ তেওঁ তীক্ষ্ণ দৃষ্টিৰে তাক নিৰীক্ষণ কৰি আছে৷
 
"মই... মই সৌৰভক মৰা নাই, ছাৰ..." ভাৰ্গৱে লাহেকৈ ক'লে৷
 
"তেনেহ'লে কোনে মাৰিছিল?"
 
সি মনে মনে ৰ'ল৷
 
"তেনেহ'লে কোনে মাৰিছিল তাক?"
 
হঠাতে উচুপি উঠিল ভাৰ্গৱ৷ হাজৰিকাই চাই ৰ'ল তালৈ৷ অলপ পৰ তেনেকৈ থাকি চকু দুটা মচি সি ভয়ে ভয়ে ক'লে, "মই নাজানো, ছাৰ৷"
 
হাজৰিকাৰ ওঁঠৰ কোণত অকণমান হাঁহি বিৰিঙি উঠিল৷
 
"তেনেহ'লে ময়ে কৈছো শুন, কলেজত যেতিয়া নিশা আৰু সৌৰভৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠিছিল, তই  আৰু সহ্য কৰিব নোৱাৰা হ'লি, কাৰণ তই তাইক ভাল পাইছিলি, আৰু সেই কাৰণেই তোৰ বাটৰ কাঁইট আঁতৰাবলৈ সৌৰভক বজালী কলেজৰ পিছ পিনে মাতি নি হত্যা কৰিলি, ঠিক যেনেদৰে..."
 
"ষ্টপ... প্লিজ... প্লিজ ছাৰ... তাই মোৰ বৌ..." সি বাধা দি চিঞৰি উঠিল৷
 
"বৌ!" হাজৰিকাৰ হাঁহি উঠি গ', "বাৰু, ক্ষমা কৰিবি, মই পাহৰি গৈছিলো৷ তই বৌৱেৰক সৌৰভৰ সৈতে দেখি সহ্য কৰিব নোৱাৰিলি, আৰু তাক মাৰি পেলালি৷ কোনেও তোক সন্দেহ নকৰিলে৷ কাৰণ তই বেলেগ এখন কলেজত পঢ়িছিলি। কোনোদিনে তাইক আঁৰ চকুৰেও চোৱা নাছিলি৷ গতিকে কাৰো পক্ষে এইটো জনাটো সম্ভৱ নাছিল যে তই মানে তোৰ দাদাৰে তাইক ভাল পাইছিল৷ তাৰোপৰি সিও তাইক কোনো দিনে দেখা নিদিছিল৷ নহয় জানো? মই ঠিক কৈছোঁ নে?"
 
সি একো নক'লে৷
 
"চাল্লা, মই এইটো বুজি নাপালো, তোৰ তাইক নিজৰ মনৰ কথা ক'বলৈ সাহস নহ', অথচ ইমানবোৰ মানুহক হত্যা কৰিবলৈ সাহস পালি ক'?"
 
"মই হত্যা কৰা নাই, ছাৰ, বিশ্বাস কৰক মোক৷"
 
"সৌৰভৰ ডেডবডিত ফিংগাৰ প্ৰিন্ট পোৱা গৈছিল, সিহঁতৰ কলেজৰ চবৰে ফিংগাৰ প্ৰিন্ট লোৱা হৈছিল, আনকি সৌৰভ আৰু নিশাৰ কিছুমান চিনাকি মানুহৰো। তইতো লিষ্টতেই অহা নাছিলি। বাৰু এইটো ক'চোন, তই বেলেগ কলেজত কিয় নাম লগাইছিলি?"
 
"মই তাইৰ পৰা আঁতৰি থাকিব খুজিছিলোঁ৷" সি থোকাথুকি মাতেৰে ক'লে৷
 
"নিশা আৰু সৌৰভৰ কথা তই ক'ত গম পাইছিলি?"
 
"শুনিছিলো কাৰোবাৰ মুখত৷ আৰু এদিন দাদাও আহিছিল মোৰ ওচৰলৈ৷"
 
"দাদা? কেতিয়া?"
 
"সেইবাৰ সি প্ৰথমবাৰ মোৰ ওচৰলৈ আহিছিল, নিজেই মাতিছিল মোক, সিদিনা মই গা ধুই আইনাৰ সন্মুখত মূৰ আঁচুৰি আছিলো..."
 
"আইনাৰ সন্মুখত?" ফাইলটোত থকা কাগজবোৰৰ পিনে হাত মেলি হাজৰিকাই ক'লে, "তোৰ মাৰৰ জবান-বন্দী মতে তই ঘৰৰ সকলো আইনা ভাঙি চূৰমাৰ কৰিছ, টিভি, কম্পিউটাৰৰ ডিছপ্লে পৰ্যন্ত ভাঙিছ, আনকি ষ্টিলৰ বাচন বৰ্তনবোৰো গাঁত খান্দি পুতি থৈছ... নিজৰ চেহেৰাটোৰ প্ৰতি ইমানেই বিতৃষ্ণানে তোৰ?" জবান-বন্দীৰ এষাৰ কথাৰ ওপৰত চকু পৰাত হাজৰিকাৰ হাঁহি উঠিল। "তোৰ মাৰৰ মতে তোক ভূতে ধৰিছে। তেওঁ হেনো নিজেও দেখিছে সেই ভূতটো? হয় নেকি কথাটো?"
 
"নহয়, মিছা কথা।"
 
"হুম, বাৰু কৈ যা। কি কৈ আছিলি। কি ক'লে ৰূপমে সিদিনা তোক?"
 
"তাচ্ছিল্যৰ হাঁহি মাৰি দাদাই কৈছিল, গা ধুলেই মন পৱিত্ৰ নহয়, প্ৰায়শ্চিত্ত কৰিব লাগিব বুইছ৷ আৰু ময়ো ইমান বছৰে সেইটো সুযোগলৈয়ে ৰৈ আছিলো, সেয়ে ..."
 
"সেয়ে তই সৌৰভক হত্যা কৰি ককায়েৰৰ প্ৰতি কৰা ভুলৰ প্ৰায়শ্চিত্ত কৰিছিলি৷"
 
অলপ সময় নিৰৱে থাকি সি ক'লে, "মই সৌৰভক হত্যা কৰা নাছিলো, ছাৰ৷ মই মাত্ৰ..."
 
"তই মাত্ৰ কি? ডিঙিটো মুচৰি পেলায় থৈ আহিছিলি?"
 
"নাই ছাৰ, মই মাত্ৰ তাক মাতি লৈ গৈছিলো..."
 
"আ-আ-চ্ছা, হত্যা পিছে কোনে কৰিলে? ভূতে?"
 
"মই নাজানো, সঁচাকৈয়ে একো নাজানো৷"
 
"তই নাজান মানে? নে আকাৰে ইংগিতে সঁচাকৈ ৰূপমে মাৰিছিল বুলি বুজাব খুজিছ?"
 
ভাৰ্গৱ উচপ খাই উঠিল, "নাই ছাৰ, সি নিৰ্দোষী, তাক এইবোৰত নাসাঙুৰিব৷" সি ভয়ে ভয়ে ক'লে৷
 
"তেন্তে?"
 
"মই নাজানো ছাৰ, মোৰ সঁচাকৈ একো মনত পৰা নাই৷"
 
"কিয়, মনত পৰা নাই? তোৰ মগজুৰ কিবা গণ্ডগোল আছে নেকি?" তাৰ পিছত তেওঁ নিজেই ক'লে, "গণ্ডগোলতো আছেই, নহ'লেনো ক'ৰবাৰ অচিনাকি ছোৱালী এজনীক বৌৱেৰ মানি থাকনে? যিয়ে তোৰ নামেই শুনা নাই, হয়তো দেখাই নাই কোনোদিনে৷ কি অদ্ভুত কাহিনী শুনাই আছ ভাই? হাঁ হাঁ হাঁ... তেনেকৈ হ'লে মই বা কিমানৰ ভিনদেউ... হাঁ হাঁ হাঁ..."
 
হাঁহি সামৰি হাজৰিকাই ক'লে, "ইমান সহজ নহয় নিজকে পাগল বুলি প্ৰমাণ কৰি আইনৰ সুৰুঙাৰে সৰকি যোৱা৷ বাৰু, পাগলামি বহুত হ', এতিয়া সঁচাটো ক', কোনে মাৰিছিল সৌৰভক?"
 
"মই নাজানো ছাৰ, বোধহয় আমাৰ কাজিয়া লাগিছিল৷ সৌৰভ, দাদা আৰু মোৰ..."
 
"কি বোধহয়?"
 
সি একো নক'লে৷
 
"বাৰু, এতিয়া বৰ্তমানলৈ আহো।"
 
হাজৰিকাই ফাইলৰ পৰা ফটো এখন বাহিৰ কৰিলে, 'ৰা এজনে লিফ্টত সোমাবলৈ লওঁতে চিচি টিভি কেমেৰাৰে লোৱা ফটো৷ ফটোখনত তাৰিখ আৰু সময়ো উল্লেখ আছে৷
 
"আচ্ছা এইখন কাৰ ফটো ক', তোৰ নে ৰূপমৰ?" হাজৰিকাই হাঁহি সুধিলে৷
 
"মোৰ৷"
 
"ঠাইডোখৰ ধৰিব পাৰিছ?"
 
"বৌৰ এপাৰ্টমেন্ট৷"
 
হাজৰিকাই ঘোপাকৈ তালৈ চালে৷ গোঁফৰ তলত পুনৰ বিৰিঙি উঠিল হাঁহিটো, "সদ্যহতে তাইক নিশা বুলিয়েই ক'বি, নহ'লে মই কনফিউজড হৈ যাওঁ৷ বিছ তাৰিখে, মানে পাঁচদিন আগতে ৰাতি আঠটা বজাত তালৈ কিয় গৈছিলি, '৷"
 
"তাইক বুজাবলৈ গৈছিলো৷"
 
"কি বুজাবলৈ৷"
 
"দিব্যৰ সৈতে বিয়াত নবহিবলৈ৷"
 
"ওহ! আচ্ছা! তাইৰ বিয়াৰ খবৰ পিছে ক'ত পালি?"
 
"পাঠশালা সৰু চহৰ৷"
 
"ৰাইট৷"
 
"কথাটো শুনাৰ পিছতে দাদাই মোক পুনৰ লগ কৰিছিল, আকৌ প্ৰায়শ্চিত্ত বিচাৰিছিল, সি মোক দিব্যক মাতি আনিবলৈ কৈছিল৷ মোৰ ভয় লাগিছিল, আকৌ কিবা অঘটন ঘটিব বুলি৷ সেয়ে মই নিশাক সকলো কথা খুলি ক'বলৈ ঠিক কৰিছিলো৷ মই এটা স্থায়ী ছলিউশ্যন বিচাৰিছিলো৷ মই দাদাকো কৈছিলো দিব্য ছলিউশ্যন নহয়৷ সি মোক বাৰে বাৰে তাইক ক'বলৈ মানা কৰিছিল৷ মই নিশাৰ ওচৰলৈ যাবই নালাগিছিল৷ মোৰ ভুল হৈ গ'ল৷"
 
"তই কি স্থায়ী ছলিউশ্যন বিচাৰি গৈছিলি? হত্যা?"
 
"নহয়, মই তাইক সকলো খুলি ক'বলৈ গৈছিলো৷ কেনেকৈ ক্লাছ এইটৰ পৰাই দাদাই তাইক ভাল পাই আহিছে আৰু মই তাইক বৌ বুলি মানি আহিছো৷"
 
"আচ্ছা৷"
 
"কিয় মই তাইৰ পৰা আঁতৰি থাকিবলৈ বেলেগ এখন কলেজত নাম লগাইছিলো, সৌৰভৰ কথা, দিব্যৰ কথা, সকলো কথা..."
 
"তাই কি ক'লে?"
 
"প্ৰথমতে তাই মোক চিনি নোপোৱাৰ ভাও জুৰিলে, মোৰ পিছে পিছে দাদাও গৈ ওলাইছিল, আপোনাৰ দৰেই তাই আমাক পাগল বুলি হাঁহিলে, ঠাট্টা মস্কৰা কৰিলে৷ জঘন্যভাৱে অপমান কৰিলে৷ সৌৰভ, দিব্যৰ কথা ওলাওতেই তাই পাগলামি আৰম্ভ কৰি দিছিল, পুলিচক ফোন কৰিছিল, দাদাৰ সন্মুখতে মোক মাৰ ধৰ কৰিছিল, ঘৰৰ পৰা গতিয়াই উলিয়াই দিছিল৷ আৰু তাৰ পিছত... তাৰ পিছত কি হৈছিল মোৰ মনত নাই..."
 
"একো মনত নাই?"
 
"মই বৌৰ ডেডবডিটো দেখিছিলো, মানে নিশাৰ ডেডবডিটো৷ মোৰ কাৰণেই দাদাৰ ভালপোৱা, সপোন সকলো শেষ হৈ গ'ল৷ মই তালৈ যাব নালাগিছিল৷ মই জানো সি মোক সুদাই নেৰিব৷ আপুনি তাক নাজানে.." সি মুখখন দুহাতেৰে হেঁচি ধৰিলে৷ শিকলি দুডালে জুনুক-জানাক কৰি থাকিল৷
 
হাজৰিকাই তালৈ চাই ৰ'ল৷ তাৰ নগ্ন দেহটো কঁপি কঁপি উঠা নমা কৰিছে৷ তেওঁ দীঘলকৈ উশাহ এটা লৈ চকীখনৰ পৰা উঠি আহিল৷ কিছু সময় কোঠাটোত পায়চাৰি কৰি থাকি তেওঁ আইনাখনৰ সন্মুখত ৰ'ল৷ টাইডাল ঠিক কৰি ল'লে৷ আইনাত তেওঁ দেখিলে ভাৰ্গৱে তেওঁলৈকেই চাই আছে৷ হাজৰিকাই হাঁহি মাৰি সুধিলে, "মোক বাৰু বহুত বুৰ্বক যেন লাগে নেকি?" 
 
মুখেৰে একো নামাতিলে সি৷ মাথোঁ স্থিৰ দৃষ্টিৰে চাই ৰ'ল তেওঁৰ চকুলৈ৷
 
হাজৰিকাই উভতি আহি চকীখনত বহিল৷ "বহুত শুনালি তোৰ কাহিনী৷ কিন্তু তোৰ কাহিনীটো আধৰুৱা..."
 
তল মূৰ কৰিলে সি৷
 
"এতিয়া মোৰ কাহিনীটো শুন, তাৰ বাবে আমি আকৌ এঘাৰ বছৰ আগলৈ যাব লাগিব৷ আন এটা হত্যাকাণ্ডলৈ৷"
 
সি মূৰ তুলি চালে৷
 
ফাইলৰ কাগজবোৰৰ মাজৰ পৰা তেওঁ পুৰণি বাতৰি কাকতৰ ফটোষ্টেট কপি এটা উলিয়ালে৷ শিৰোনামা "বৃহন্নলা জানৰ পাৰত কিশোৰৰ মৃতদেহ উদ্ধাৰ৷" কাগজখিলাৰ এটা চুকত এখন ক'লা বগা ফটো পিনেৰে লগাই থোৱা আছে৷ ফটোখনত এজন কিশোৰৰ গলিত মৃতদেহ, মুখখন ফুলি বিকৃত হৈ পৰিছে৷ ডিঙিটো মোচৰ খাই মূৰটো পিছলৈ ঘূৰি আছে৷
 
"বাতৰি কাকতত উল্লেখ কৰা মতে, এইটো এটা দুৰ্ঘটনা, সন্দেহ কৰা হৈছিল দলঙৰ পৰা পৰি ল'ৰাটোৰ মৃত্যু হৈছিল, পৰোতেই কেনেবাকৈ ডিঙিটো মোচৰ খাই গৈছে৷ মই কিন্তু দুৰ্ঘটনা বুলি মানি ল'বলৈ টান পাইছো৷ যিহেতু ছবছৰ আগৰ সৌৰভ হত্যাকাণ্ডটো আৰু পাঁচদিন আগৰ নিশাৰ হত্যাকাণ্ডটোৰ লগত এই ঘটনাটোৰো সামঞ্জস্য আছে৷"
 
ভাৰ্গৱে তেওঁলৈ আচৰিত হৈ চাই আছে৷
 
তেওঁ ফটোখন তালৈ আগবঢ়াই দিলে৷ "চাচোন, চিনি পাৱ নেকি?"
 
সি ফটোখনলৈ চাই মূৰ জোকাৰিলে৷
 
"চিনি পোৱা নাই? তেন্তে ময়ে কৈছো শুন৷ এঘাৰ বছৰ আগৰ কথা৷ তেতিয়া তহঁত তিনিটা ক্লাছ এইটত, একেখন স্কুলত৷ তহঁত মানে তই, ৰূপম আৰু নিশা৷ তই আৰু ৰূপম আগৰে পৰাই সেই স্কুলখনত পঢ়ি আছিলি, নিশা ক্লাছ এইটত তালৈ আহে৷ নতুনকৈ অহা ধুনীয়া ছোৱালীজনী দেখি বাকী ল'ৰাবোৰৰ দৰে তহঁত দুটাও তাইৰ প্ৰতি আকৰ্ষিত হ'লি৷ তই যেতিয়া কথাটো ৰূপমক কৈছিলি, ৰূপমে কৈছিল সিও তাইক ভাল পায়, তাকে লৈ তহঁত দুয়োৰে মাজত কাজিয়া লাগে৷ তোক সি গুৰুলাগুৰুলিকৈ পিটে৷ আৰু তাৰ পিছত তই হয়তো তাক ডিঙি মুচৰি মাৰি পেলালি, নাইবা খঙৰ ভমকত দলঙৰ পৰা গতিয়াই পেলাই দিলি। আৰু এতিয়া তই তাৰেই প্ৰায়শ্চিত্ত কৰি আছ..."
 
"মিছা কথা" ভাৰ্গৱে চিৎকাৰ কৰি উঠিল, লগে লগে শিকলি কেইডালো ঝনঝনাই উঠিল, "মোৰ দাদা মৰা নাই৷ সি মৰিব নোৱাৰে৷ অসম্ভৱ৷"
 
"এই কাকতৰ টুকুৰাটোৱেই তাৰ প্ৰমাণ৷ তাৰ চিতাতচোন তয়ে জুই দিছিলি..." তেওঁ নিউজৰ কপিটো তাৰ পিনে আগবঢ়াই দিলে৷
 
"মিছা কথা..." সি নিউজৰ কপিটো দলি মাৰি দিলে, একে জাপে বহাৰ পৰা উঠিল সি, ভাগ্য ভাল শিকলি কেইডালে তাক টানি ধৰিলে৷
 
"সেইটো তাৰ ডেডবডি নাছিল৷ সি মৰিব নোৱাৰে, সি মৰা নাই৷ অসম্ভৱ৷ সি এতিয়াও জীয়াই আছে৷"
 
"তেন্তে সি ক'ত আছে..."
 
"'?" অট্টহাস্য কৰি উঠিল ভাৰ্গৱে।
 
তাৰ পিছত বিশাল আইনাখনৰ পিনে দেখুৱাই দিলে সি, "ইয়াতে।"
 
হাজৰিকাই সেইপিনে চালে, ভাৰ্গৱৰ প্ৰতিবিম্বটোৱে তেওঁলৈ ট-টকৈ চাই আছে, চকু দুটা যেন জ্বলি উঠিছে তাৰ৷ আইনাখন লেতেৰা হৈ থকাৰ কাৰণেই চাগে মৰা মানুহৰ দৰে বিকৃত দেখা গৈছে তাৰ মুখখন৷ সেইটো যেন ভাৰ্গৱৰ প্ৰতিবিম্ব নহয়, কোনোবা বেলেগ মানুহ, কোন তেন্তে? ৰূপমৰ ভূত? প্ৰতিবিম্বটোৱে এটা কুৎসিত হাঁহি মাৰিলে, যেন এই মুহূৰ্ততে সি আইনাখন ভাঙি জঁপিয়াই ওলাই আহিব আৰু হাজৰিকাৰ ডিঙিটো মুচৰি পেলাব৷
 
কোঠাটোৰ পৰা হাজৰিকা ওলাই অহাৰ লগে লগেই এ এছ আই বৰ্মন তেওঁৰ ওচৰলৈ দৌৰি গ'ল।।
 
বৰ্মনে ক'লে, "তাৰ আইনাৰ প্ৰতি থকা ভয়টো বুজি পালো। কি ভাবে? স্প্লিট পাৰ্ছনেলিটি ডিছঅৰ্ডাৰ? নিজৰ প্ৰতিবিম্বটোক সি ৰূপম বুলি ভাবে? যাৰ কাৰণে সি নিজে কৰা মাৰ্ডাৰবোৰ ৰূপমে কৰা বুলি ভাবি আছে? নে এইবোৰ তাৰ ভণ্ডামি?"
 
হাজৰিকাই অবাক হৈ বৰ্মনৰ মুখলৈ চাই ৰ'ল। "মই যি দেখিছিলো..." তেওঁ ৰৈ গ', তাৰ পিছত দীৰ্ঘনিশ্বাস এটা পেলাই ক'লে, "বাদ দিয়া, তুমি কোৱাটোৱেই চাগে, তাৰোপৰি তাৰ ফিংগাৰপ্ৰিন্টো সৌৰভ আৰু নিশাৰ বডিত পোৱা ফিংগাৰপ্ৰিন্টৰ লগত মিলি গৈছে।"
 
"আপুনি কি দেখিছিল?"
 
"একো নাই, আইনাখন ভালকৈ পৰিষ্কাৰ কৰি থ'বা।"

পৰৱৰ্ত্তী গল্প

****

(পূৰ্বপ্ৰকাশ: অসমীয়া মায়া, ফ্ৰেব্ৰুৱাৰী, ২০১৭)