Jan 22, 2014

REAR - উইণ্ড' (চতুৰ্থ অধ্যায়)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel     
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্থ অধ্যায়

ওৰেতো নিশা মই খিৰিকিৰ কাষতেই পাৰ কৰিলো। বিনিদ্ৰ প্ৰহৰীৰ দৰে। প্ৰথমটো চিগাৰেটৰ পিছত আৰু দুবাৰ জুইশলা কাঠি জ্বলি উঠিছিল। প্ৰায় আধা ঘণ্টাৰ মূৰে মূৰে। তাৰ পিছত কোনো সাৰ-সুৰ নাই। হয়তো সি শুই পৰিছিল। মই নিজেও অকণমান শুই লোৱাতো উচিত আছিল। কিন্তু মই বহি ৰ'লো, কাৰণ তাৰ যদি কিবা কৰিবলগীয়া আছে, নিশাৰ অন্ধকাৰৰ সুযোগতে কৰিব। দিনৰ পোহৰলৈ অপেক্ষা নকৰে। অৱশ্যে তাৰ কৰিবলগীয়াখিনি ইতিমধ্যে কৰি অঁতাইছেই। এতিয়া তাৰ একমাত্ৰ কাম, নীৰৱে বহি থাকি সময় বাগৰি যোৱালৈ অপেক্ষা কৰা।

পাঁচ মিনিটৰ পিছতেই যেন ছেমে আহি মোক চুই দিলে। কিন্তু এইপিনে বেলি মূৰৰ ওপৰ পালেহি৷ মই বিৰক্তিৰে ক’লো, “মোৰ নোটটো তই দেখা নাছিলি নেকি, মানা কৰিছিলো নে জগাবলৈ?”

ছেমে ক'লে, “পাইছিলো, পিছে আপোনাৰ বন্ধু এজন আহিছে, ইন্সপেক্টৰ বয়ন। সেয়ে ভাবিলো —“

বয়নে আনঅফিছিয়েলি মোক লগ কৰিবলৈ আহিছিল। সি চিধা মোৰ কোঠাটোলৈ সোমাই আহিল।

ছেমক আঁতৰাই পঠাবলৈ মই ক’লো, “তই যা। চাহ দুকাপ বনাই আন। কণী দুটামানো ভাজিবি।”

বয়নে লৌহ-কঠোৰ মাতেৰে ক'বলৈ ধৰিলে: “জেফ, মোৰ লগত এইবোৰ তই কি ধেমালি কৰিব খুজিছ? তোৰ কাৰণে মই কম লাজত পৰিবলগীয়া হৈছেনে? মোৰ মানুহবোৰকো অযথা ইফালৰ পৰা সিফাললৈ দৌৰাই মাৰিছো। ভাগ্য ভাল যে তোৰ কথাত বিশ্বাস কৰি মই মানুহটো উঠাই নানিলো।”

“কিয়, উঠাই নিনি কি ভালটো কৰিছ?” মই সুধিলো। 

তাৰ চাৱনিটোৰ পৰাই মই তাৰ উত্তৰ পাই গ'লো। “ডিপাৰ্টমেণ্টত মই অকলেই মানুহ নহয়তো! মোৰ ওপৰতো মানুহ আছে, যাক মই মোৰ প্ৰতিটো কামৰ হিচাপ দিব লাগে৷ তোৰ কথা মতে ডিপাৰ্টমেন্টৰ খৰচত মোৰ লগৰ এজনক এটা দিন নষ্ট কৰি ট্ৰেইনেৰে ক'ৰ ঘোঁকট গাঁও এখনলৈ পঠিয়াই দিলো। তাকো মিছা মিছি..."

“তাৰমানে ট্ৰাংকটো পালি?”

"কুৰীয়াৰ এজেন্সীটোৰ জৰিয়তে ট্ৰেচ কৰিছিলো,” সি ক’লে।

“খুলি চাইছিলে নে?”

“আমি নিজে নাই খোলা। ওচৰৰে ফাৰ্ম হাউছ কেইটালৈ খবৰ পঠিয়াইছিলো। অলপ পিছতে মিচেছ থৰৱাল্ডে ফাৰ্মৰ ট্ৰাক এখনতকৈ আহি নিজ হাতেৰে, নিজৰ চাবিৰে বাকছটো খুলি দেখুৱাইছে।”

সি মোক যিটো চাৱনিৰে চালে, কোনো বন্ধুৱে বন্ধুৰ পৰা তেনেকুৱা চাৱনি হয়তো জীৱনত নাই পোৱা। দুৱাৰমুখত ৰৈ সি মোলৈ স্থিৰ হৈ চাই থাকি ক'লে, "যি হ'ল হ'ল। তয়ো পাহৰি যা। ময়ো পাহৰি যাওঁ। নে কি কৱ? তাৰ বাদেতো আৰু একো কৰিব নোৱাৰো! ভৱিষ্যতে যদি মোৰ লগত কথা পাতিব বিচাৰ, মোৰ ঘৰৰ নম্বৰটো লৈ ল'বি। তালৈ ফোন কৰিবি। ঘৰুৱা কথা পাতিম।"

সি ওলাই যোৱাৰ দহমিনিটমান পিছলৈ মোৰ মগজুটো জঠৰ হৈ আছিল। তাৰ পিছতহে লাহে লাহে প্ৰাণ পাই উঠিল। মক্কেল পুলিচ! সিহঁতে প্ৰমাণ কৰিব নোৱাৰিব পাৰে! কিন্তু মইতো প্ৰমাণ কৰিব পাৰিম। পুলিচৰ সন্মুখত মানুহজনে কৱচ পিন্ধি ওলাব পাৰে! কিন্তু মোৰ আগত তাৰ পিঠিটো উদং হৈ আছে। কৱচবিহীন। 

মই ছেমক মাতিলো। "আমাৰ যে দূৰবীণ এটা আছিল। ক'ত আছে? বিচাৰি আনচোন।”

অলপ পিছতে দূৰবীণটো চোলাৰ আষ্টনিৰে মচি মচি ছেম সোমাই আহিল। গ্লাছ দুখনত ফুঁ এটা মাৰি মোলৈ আগবঢ়াই দিলে। দূৰবীণটো কোলাৰ ওপৰত থৈ মই কাগজ এখিলা উলিয়াই ল'লো আৰু লিখিলো: মানুহজনীক কি কৰিলি?

কাগজখিলা খাম এটাত ভৰাই ছীল কৰি দিলো। মই ছেমক মাতি ক’লো, “এতিয়া তোক মই এটা কাম দিম। গতিকে ভালকৈ শুনি ল'। এই খামটো ল' আৰু সেই ৫২৫ নম্বৰ বিল্ডিঙটোলৈ যাবি, তাৰ চতুৰ্থ মহলাৰ পিছফালৰ ফ্লেটটোৰ দুৱাৰৰ তলেৰে এইখন সুমুৱাই দিবি। তইতো এইবোৰ কামত ভাল। অন্ততঃ আগতেতো ভালেই আছিলি৷ গতিকে চাওঁচোন আজি ধৰা নপৰাকৈ কামটো কৰিব পাৰ নে নাই! তললৈ নমাৰ পিছত বাহিৰৰ গেটৰ কলিং বেলটো এবাৰ বজাই থৈ আহিবি, তাৰ ধ্যান আকৰ্ষণ কৰিবলৈ।"

সি মুখখন মেলিছিলহে, মই লগে লগে কৈ উঠিলো, "আৰু এই বিষয়ে মোক একো নুসুধিবি। মই ধেমালি কৰি কোৱা নাই।"

সি গ’লগৈ। মই দূৰবীণটো তুলি ল'লো।

এক দুই মিনিটৰ ভিতৰতে মানুহজন ফকাচলৈ আহিল। মুখ এখন ভাঁহি উঠিল, এই প্ৰথমবাৰৰ বাবে মই তেওঁৰ মুখখন দেখিলো। চুলিকোছা ক’লা। কিন্তু মুখৰ গঢ়টো স্ক্যাণ্ডিনেভিয়ান। দেহটো আটিল, পিছে বিশালাকয় নহয়।

পাঁচ মিনিটমান পাৰ হৈ গ’ল। হঠাতে তেওঁ দুৱাৰখনৰ পিনে ঘূৰি চালে। নিশ্চয় কলিং বেলৰ শব্দ শুনিছে। তাৰমানে খামটো ভিতৰ সোমাইছে।

ফ্লেটৰ দুৱাৰৰ পিনে উঠি যোৱাৰ সময়ত মই তাৰ পিছ মূৰটো দেখি থাকিলো।  লেন্সখনে তাক বহু গভীৰলৈ অনুসৰণ কৰিব পাৰিছিল। মোৰ খালি চকু দুটাই সিমানখিনি ঢুকি নাপাইছিল৷

সি প্ৰথমে দুৱাৰখন খুলিলে। খামটো চাগে নাই দেখা। বাহিৰলৈ কিছুপৰ চাই থাকি দুৱাৰখন জপাই দিলে। তেনেতে সি হাউলি পৰিল, আকৌ উঠিল। সি খামটো পালে। মই দেখিলো সি ইফালে সিফালে চাবলৈ ধৰিছে।

দুৱাৰখনৰ ওচৰৰ পৰা আঁতৰি আহিল সি,  খিৰিকীখনৰ পিনে। সি হয়তো ভাবিছে যে বিপদ দুৱাৰৰ ফালে আছে। সেয়ে তাৰ পৰা আঁতৰি আহিল। সি জনা নাই যে প্ৰকৃততে বিপদ আছে তাৰ পিছ ফালে। সি যিমানেই পিছুৱাইছে, সিমানেই বিপদৰ বেছি কাষ চাপি আহিছে৷

সি খামটো ফালি পেলালে আৰু নোটটো পঢ়াত লাগিল৷ মই যে কেনেকৈ তাৰ মুখৰ ভাববোৰ লক্ষ্য কৰি আছিলো! ঠিক জোকৰ দৰে মোৰ চকু দুটা তাৰ ওপৰত কামোৰ খাই আছিল। চিঠি পঢ়ি মুখখন তাৰ মেল খাই গ'ল — মুখমণ্ডলৰ গোটেই ছালখন যেন কাণৰ পিছফাললৈ কোঁচ খাই গ'ল। চকু দুটা সৰু হৈ পৰিল চীনা মানুহৰ দৰে। অশ্চৰ্য্যত। ত্ৰাসত। হাত মেলি বেৰখনত ধৰি কোনোমতে নপৰাকৈ থাকিল সি। তাৰ পিছত আকৌ লাহে লাহে দুৱাৰখনৰ ফালে আগবাঢ়িল। ইমান সন্তৰ্পনে আগবাঢ়িছে, যেন দুৱাৰখন কোনো জীৱন্ত জন্তু। তাক গিলিবলৈ ৰৈ আছে। অকণমানকৈ দুৱাৰখন মেলি সি বাহিৰলৈ উকি মাৰিলে৷ তাৰ পিছত পুনৰ বন্ধ কৰি দিলে। উভতি আহিল থৰক-বৰক খোজেৰে। সি চকী এখনত বহি পৰিল। আৰু বটল এটা উলিয়াই চিধা মুখত বাকী দিলে। খাই থাকোতে মাজে মাজে দুৱাৰখনৰ ফালে চাই থাকিল, যিখন দুৱাৰে তাৰ গোপন ৰহস্যটো উন্মুক্ত কৰি দিছে।

মই দূৰবীণটো নমাই থ'লো।

সি যে হত্যা কৰিছে, সেইটো খাটাং। এশ শতাংশই খাটাং। পুলিচকো ভাল ঠগন দিলে সি।

মোৰ হাতখন ফোনটোৰ পিনে আগবাঢ়িল, পিছ মুহূৰ্ততে পুনৰ কোঁচ খাই আহিল। কি লাভ হ'ব? শুনিব জানো সিহঁতে মোৰ কথা? "তই তাৰ মুখখন চাব লাগিছিল।” আৰু বয়নে কি ক'ব, “বেনামী চিঠি এখন পালে যিকোনো মানুহেই ভয় খাব, সঁচা হওঁক বা মিছা হওঁক। তোৰ নালাগিব জানো!” মোক দেখুৱাবলৈ সিহঁতৰ হাতত এগৰাকী জীৱন্ত মিচেছ থৰৱাল্ড আছে—অন্ততঃ সিহঁতে তেনেকৈয়ে ভাবে। মই সিহঁতক মৃতগৰাকী দেখুৱাব লাগিব, দুয়োগৰাকী যে একে নহয়, তাক প্ৰমাণ কৰিব লাগিব। মই মোৰ খিৰিকিখনেৰে সিহঁতক এটা মৃতদেহ বিচাৰি দিব লাগিব। আৰু তাৰ আগতে সি মোক সেইটো ক'ত লুকুৱাই ৰাখিছে দেখুৱাই দিব লাগিব৷

ঘন্টাৰ পিছত ঘন্টা পাৰ হৈ গ'ল। তাৰ ওপৰত মই দৃষ্টি নিবদ্ধ কৰি ৰাখিলো। দুপৰীয়া গলি আবেলি হ’ল। এটা পিঞ্জৰাবদ্ধ বাঘৰ দৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছিল সি। একেটা চিন্তাই উকমুকাই আছে দুজন ব্যক্তিৰ মনত। অৱশ্যে মোৰ ক্ষেত্ৰত সেই চিন্তাৰ স্ৰোত তাৰ চিন্তাৰ বিপৰীত দিশত। সি ভাবিছে কেনেকৈ কথাবোৰ গোপন কৰি ৰাখিব পাৰি। আৰু মই ভাবিছো কেনেকৈ কথাবোৰ উন্মুক্ত কৰিব পাৰি।

মোৰ ভয় হৈছিল যে সি পলাবলৈ চেষ্টা কৰিব। যদি তাৰ তেনেকুৱা মতলব আছে, সি আন্ধাৰ হোৱালৈ অপেক্ষা কৰিব। গতিকে মোৰ হাতত এতিয়াও অলপ সময় আছে। হয়তো সি নিজে পলাব নিবিচাৰিব, যদিহে তাক পলাবলৈ বাধ্য কৰা নহয়  — কাৰণ তাৰ বাবে পলাই যোৱাতকৈ থকাটোৱেই বোধহয় এতিয়াও বেছি নিৰাপদ।

মোৰ ওচৰে পাজৰে কি ঘটি আছে, মই খেয়াল কৰিবলৈ এৰি দিছিলো। মোৰ সমষ্ট চিন্তাৰ স্ৰোতটো বাৰে বাৰে একেখন প্ৰাচীৰত খুন্দা খাই খাই উভতি আহিছিল। কেনেকৈ তাৰ পৰা মৃতদেহটোৰ স্থান বাহিৰ কৰিব পাৰি, যাতে মই পুলিচক জনাব পাৰো।

মই দেখি আছিলো, ঘৰৰ মালিক নে তেনেকুৱা কোনোবাই ছয় মহলাৰ এপাৰ্টমেণ্টটো দেখুৱাবলৈ ভাড়াতীয়া এজনক লৈ গৈছে। এইটোৰ নৱীকৰণ আগতেই সম্পূৰ্ণ হৈ গৈছিল। তাৰ দুমহলা তলতেই থৰৱাল্ডৰ এপাৰ্টমেন্ট। মাজৰ পঞ্চম মহলাটোৰ কাম এতিয়াও চলি আছে। তেনেতে এক আচৰিত সংযোগ দেখা গ'ল। ঘৰৰ মালিক আৰু ভাড়াতীয়াজন তেতিয়া ষষ্ঠ মহলাৰ ফ্লেটটোৰ ড্ৰয়িং ৰূমৰ খিৰিকিৰ ওচৰত আছিল। একেটা সময়তে থৰৱাল্ডো আছিল চতুৰ্থ মহলাৰ ড্ৰয়িং ৰূমৰ খিৰিকিখনৰ ওচৰত। তাৰ পৰা দুয়োটা পক্ষই একেলগে আগবাঢ়ি গ'ল পাকঘৰৰ ভিতৰলৈ। বেৰৰ আঁৰ হোৱাৰ অলপ পিছতে পুনৰ দেখা দিলে পাকঘৰৰ খিৰিকিখনৰ ওচৰত। এক আকস্মিক সংযোগ। যেন দুয়োটা পক্ষ একেপাট চাবিৰে চলা পুতলা। অহা পঞ্চাশ বছৰৰ ভিতৰতো তেনেকুৱা সংযোগ মিলাৰ সম্ভাৱনা কম আছে৷ তাৰ পিছত সিহঁত বিচ্যুত হ’ল। আৰু আগবাঢ়িল নিজৰ নিজৰ দিশত।

আচল কথাটো হ'ল, এই গোটেই পৰিঘটনাটোৰ কিবা এটা কথাই মোক আমনি কৰি আছিল। সামঞ্জস্যটোত যেন কিবা এটা ত্ৰুটি ৰৈ গৈছিল। ত্ৰুটিটো কি মই ভাবি পাৰ নাপালো। ঘৰৰ মালিক আৰু ভাড়াতীয়াজন গুচি গ'ল। থৰৱাল্ড ৰৈ গ'ল মোৰ দৃষ্টিত বন্দী হৈ। মোৰ অসহায় স্মৃতিয়ে ত্ৰুটিটো বিচাৰি উলিয়াব নোৱাৰিলে, চকুহালে হয়তো পাৰিলেহেঁতেন, ঘটনাটোৰ পুনৰাবৃত্তি ঘটা হ'লে৷

ঘটনাটো মোৰ অৱচেতন মনত ডুব গ’ল, আৰু তাতেই গেলিবলৈ আৰম্ভ কৰিলে। আনহাতে মই  উভতি আহিলো মূল সমস্যাটোলৈ।

অৱশেষত মই এটা ৰাস্তা বিচাৰি পালো৷ ৰাতিৰ আন্ধাৰৰ শেষত পুৱাৰ ৰেঙনিৰ দৰে। বুদ্ধিটোৱে কাম কৰিব নে নাই নাজানো। কিন্তু তাৰ বাদে বেলেগ উপায় দেখা নাই। কামটো বিপজ্জনক। সেয়ে মই অলপ সতৰ্ক হ'ব লাগিব। এতিয়া মোক প্ৰয়োজন হ'ব দুটা ফোন ক'লৰ। আৰু প্ৰয়োজন হ'ব ক'ল দুটাৰ মাজৰ আধা ঘন্টাৰ ব্যৱধানটোত তাৰ অনুপস্থিতিৰ।

মই জুইশলা কাঠি এটা জ্বলাই ল'লো আৰু টেলিফ'ন ডাইৰেক্টৰীখনলৈ হাত মেলিলো। থ’ৰৱাল্ড, লাৰ্ছ। ৫২৫ বেনেডিক্ট, চুৱনচি ৫-২১১৪।

জুইশলা কাঠিটো নুমুৱাই আন্ধাৰতে ফোনটো তুলি ল’লো৷ মোৰ টিভি চাই থকাৰ দৰে লাগিল। ফোনৰ আনটো মূৰ মই দেখি আছো। কেৱল তাঁৰেৰেই সংযোগ হৈ থকা নাই, খিৰিকিৰ পৰা খিৰিকিলৈ প্ৰত্যক্ষ চেনেলৰ যোগেৰেও সংযোগ হৈ আছো।

সি ক'লে, “হূল্লো?”

আচৰিত নহয়নে? তিনিদিন ধৰি যিজন মানুহৰ ওপৰত মই হত্যাৰ অভিযোগ উত্থাপন কৰি আহিছো। আজি প্ৰথম সেই মানুহজনৰ কণ্ঠস্বৰ শুনিছো।

মই মোৰ মাতটো সলাবলৈ চেষ্টা নকৰিলো৷ যিহেতু সি মোক কেতিয়াও লগ নাপায় আৰু মইও তাক কেতিয়াও লগ নকৰো৷ মই ক’লোঁ, “মোৰ নোটটো পাইছে?”

সি কঠোৰ মাতেৰে সুধিলে “কোন আপুনি?”

“ধৰি লওঁক কোনোবা, যিয়ে সকলো জানে।”

সি কৌশলেৰে সুধিলে: “কি সকলো জানে?”

“আপুনি যি জানে সেয়াই। একমাত্ৰ আপুনি আৰু ময়েই জানো এই বিষয়ে।”

সি নিজকে নিয়ন্ত্ৰণ কৰি ল'লে। কোনো শব্দ ভাঁহি নাহিল ফোনৰ পৰা। কিন্তু সি জনা নাই যে আন এটা ফালৰ পৰা সি উন্মুক্ত হৈ আছে। মই দূৰবীণটো তাৰ পিনে পোনাই ৰাখিছিলো। খিৰিকিৰে মই দেখিলো, সি তাৰ চাৰ্টৰ কলাৰটো এনেদৰে টনা-টনি কৰিছে যেন তাৰ দম বন্ধ হৈ আহিছে। তাৰ পিছত অসহনীয় পোহৰত চকু দুটা ঢাকি ধৰাৰ দৰে সি তাৰ চকু দুটা ঢাকি ধৰিলে।

এইবাৰ সি দৃঢ়তাৰে ক'লে, “আপুনি কি কথা কৈছে মই ধৰিব নাই।”

“বিজনেছ, এটা ব্যৱসায়িক প্ৰস্তাৱ ৰাখিব খুজিছো। ময়ো জানো এটা মূল্য পাব নালাগে? কথাবোৰ গোপনে ৰখাৰ বাবে!” সি যাতে খিৰিকি কেইখনৰ ওপৰত সন্দেহ নকৰে, মই তাৰ বাবে সাৱধান হ'লো। কাৰণ এতিয়া মোৰ বাবে খিৰিকি কেইখনৰ প্ৰয়োজন আগতকৈও বেছি। "সিদিনা নিশা আপুনি দুৱাৰখনৰ প্ৰতি অলপ সতৰ্ক হ'ব লাগিছিল। হয়তো বতাহেও আপোনাৰ সৈতে বিশ্বাসঘাটকতা কৰিলে।”

কথাটোৱে তাক স্তম্ভিত কৰি পেলালে। ডিঙিৰে কোটকৈ এটা শব্দ ওলাই আহিল। “আপুনি একো দেখা নাই। দেখিবলগীয়া একো নায়েই।”

“এতিয়া সকলো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে। পুলিচৰ ওচৰলৈ যাবলৈনো মোৰ কি দৰকাৰ!” মই কাহ এটা মাৰি ক'লো, “যদি নোযোৱাৰ বাবেই দুপইছা পাওঁ।”

“ওহ" সি ক’লে। তাৰ মাতত অলপ সকাহৰ সুৰ। “মোক লগ কৰিব বিচাৰিছে? নহয়নে?”

“সেইটোৱেই জানো আটাইতকৈ উত্তম উপায় নহ'ব? সদ্যহতে কিমান আছে লগত?”

“মোৰ লগত সত্তৰ ডলাৰ মানহে হ'ব।”

“ঠিক আছে, বাকীখিনিৰ ব্যৱস্থা পিছতো কৰিব পৰা যাব। লেকছাইড পাৰ্ক চিনি পায় নহয়? মই এতিয়া তাৰ ওচৰতে আছো৷ ইয়াতেই লগ কৰা ঠিক হ'ব।” মই হিচাপ কৰি থৈছিলো, তালৈ আহোতে যাওঁতে ত্ৰিছ মিনিট লাগি যাব। “সোমাই যোৱাৰ লগে লগেই এটা চালিঘৰ দেখিব।”

“আপোনালোক কেইজন আছে?” শংকাৰে সুধিলে সি।

"মই অকলে। কথাবোৰ নিজৰ মাজত ৰাখিব পাৰিলে লাভ। নহ'লে আনকো ভাগ দিবলগীয়া হয়।”

কথাটো যেন সি ভাল পালে। “বাৰু, মই ওলাইছো,” সি ক'লে, "কথাটোনো কি জানিবলৈ!”

ফোনটো কাটি দিয়াৰ পিছত মই তাক বেছি মনোযোগেৰে নিৰীক্ষণ কৰাত লাগিলো। সি পোনে পোনে বেডৰূমলৈ গ’ল, যিটো ৰূমৰ ওচৰলৈ সি আজিকালি যাবলৈ এৰি দিছে৷ সি কাপোৰৰ ক্ল'জেট এটাৰ ভিতৰত সোমাল, আৰু এক মিনিটমান থাকি ওলাই আহিল। তাত থকা কোনো গোপন স্থানৰ পৰা সি নিশ্চয় কিবা এটা উলিয়াই আনিছে। যিটো পুলিচেও বিচাৰি পোৱা নাছিল। বস্তুটো কোটৰ জেপত ভৰাই লোৱাৰ ভংগিমাতেই বুজি পালো সেইটো কি। এটা পিষ্টল।

ভালেই হ'ল, মই যে সত্তৰ ডলাৰৰ আশাত লেকছাইড পাৰ্কত বহি থকা নাই৷

ঘৰটো আন্ধাৰত ডুব গ'ল, আৰু সি পাৰ্কলৈ বুলি বাট বুলিলে।