Jan 23, 2014

REAR - উইণ্ড' (পঞ্চম অধ্যায়)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel      
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

পঞ্চম অধ্যায়

মই ছেমক ৰূমলৈ মাতিলো, “তই এটা কাম কৰিব লাগিব। কামটো কিন্তু অলপ বিপদজনক। সঁচা ক'বলৈ গ'লে অলপ নহয়, বহুত বেছিয়েই বিপদজনক। তোৰ ভৰি-চৰিও ভাঙিব পাৰে। গুলীও খাব লাগিব পাৰে। নাইবা জেললৈকেও যাবলগীয়া হ'ব পাৰে। দহ বছৰ ধৰি আমি একেলগে আছো, মই নিজেই কৰিব পৰা হ'লে তোক এনেকুৱা কামৰ কাৰণে মই কেতিয়াও নক'লোহেঁতেন৷  কিন্তু মোৰ অৱস্থাতো দেখিছই নহয়, আৰু কামটো কৰিবই লাগিব।” তাৰ পিছত ক’লো। “তই সেই ঘৰটোলৈ যাব লাগিব। পিছফালেৰে যাবি, সীমাৰ বেৰ কেইখন পাৰ হৈ। তাৰ পিছত সেই যে লোৰ চিৰিটো দেখিছ, সেইটোৰে উঠি গৈ চতুৰ্থ মহলাৰ ফ্লেটটোত সোমাব পাৰি নেকি চাবি। এখন খিৰিকি আধা খোলা আছে।”

“তাত গৈ মই কি বিচাৰিব লাগিব?”

"একো বিচাৰিব নালাগে।" সেইফেৰা কাম যিহেতু পুলিচে কৰিছেই, গতিকে বিচাৰিনো কি লাভ হ'ব? “তাত তিনিটা কোঠা আছে। তোৰ কাম হ'ল তালৈ গৈ ৰূম কেইটা অলপ অলপ বিশৃংখল কৰা। কোনোবা যে ঘৰত সোমাইছিল সেইটো বুজাবলৈ৷ কাৰ্পেটবোৰ অলপ টনা টনি কৰিবি, প্ৰতিখন চকী আৰু মেজ অলপ ইফাল সিফাল কৰিবি, আলমাৰিৰ দুৱাৰবোৰ সামান্য খুলি থ'বি। একো নেৰিবি৷ এইটো ল', ইয়াৰ ওপৰত চকু ৰাখিবি।” মই হাতৰ ঘড়ীটো খুলি তাক পিন্ধাই দিলো। "তোৰ হাতত পঁচিশ মিনিট সময় আছে, গতিকে পলম নকৰিবি, কামত লাগি যা। যদি তই পঁচিশ মিনিটৰ ভিতৰত কামটো শেষ কৰিব পাৰ, তেন্তে তোৰ ভয় নাই। কিন্তু যদি টাইম পাৰ হৈ যোৱা দেখ, এক মিনিটো ৰৈ নাথাকিবি, লগে লগে গুচি আহিবি।”

“আকৌ জখলাডালেৰে নামি আহিম?”

"নহয়।" খিৰিকিখন খুলি থৈ গৈছিল নে জপাই থৈ গৈছিল, ইমান উত্তেজনাৰ মাজত হয়তো মানুহজনৰ সেইবোৰ মনত নাথাকিব। বিপদ যে তাৰ ঘৰৰ পিছফালে আছে, সেইটো কথা সি জনাটো মই বিচৰা নাই। মোৰ খিৰিকিখন এইবোৰৰ পৰা আঁতৰাই ৰাখিব খুজিছো। “খিৰিকিখন ভালকৈ জপাই দুৱাৰেৰে ওলাই আহিবি, আৰু বিল্ডিঙৰ মেইন গেটেৰে ওলাই আহোতে চাবি যাতে ধৰা নপৰ।”

“মোক সহজ পাইছেতো!” সি দুখ মনেৰে ক’লে যদিও গ'লগৈ।

আমাৰ তলৰ মহলাৰ পিছফালেৰে সি ওলাই গ'ল। আৰু প্ৰথমখন বেৰ বগাই পাৰ হোৱাৰ চেষ্টা কৰিলে। মই ওচৰৰ পাজৰৰ খিৰিকিবোৰলৈ চালো। কোনোবাই কিবা সুধিলে মই উত্তৰ দিম। ময়েই কিবা এটা বিচাৰি পঠিয়াইছো বুলি ক'ম। কিন্তু কোনেও একো নক'লে। তাৰ বয়সৰ মানুহ হিচাপে বহুখিনি ভালকৈয়ে কামটো কৰি গৈছে। এতিয়াতো আৰু সি ডেকা হৈ থকা নাই। ওলমি থকা লোৰ চিৰিটো সি কিবা এটাত উঠি ঢুকি পাবলৈ সক্ষম হৈছিল। সি সোমাই গ’ল, লাইটটো জ্বলাই দিলে, আৰু মোলৈ চালে। মই তাক ভয় নকৰি কামত লাগি যাবলৈ ইংগিত দিলো।

মই তাক চাই থাকিলো। সি যিহেতু এতিয়া ঘৰটোৰ ভিতৰত, মই আৰু তাক বচাব নোৱাৰিম। আনকি থৰৱাল্ডৰো পূৰা অধিকাৰ আছে তাক গুলীয়াবলৈ। যিহেতু এয়া অনাধিকাৰ প্ৰৱেশ। মই পৰ্দাৰ আঁৰৰ পৰাই চাই থাকিবলগীয়া হ’ল। যেনেকৈ প্ৰথমৰ পৰা চাই আছো। দৰকাৰত তাক সাবধান কৰি দিবলৈ তাৰ বেকআপ হৈ থাকিব পাৰিলেও কথা নাছিল৷ আনকি পুলিচৰো বেকআপ থাকে।

কামটো কৰি থাকোতে সি নিশ্চয় দুশ্চিন্তাত ভুগি আছিল। কিন্তু তাতকৈও দুগুণ দুশ্চিন্তাত ভুগিছিলো মই, তাক কাম কৰা চাই থাকি। পঁচিশ মিনিটটো মোৰ পঞ্চাশ মিনিট যেন লাগিবলৈ ধৰিলে। অৱশেষত সি খিৰিকিখনৰ ওচৰলৈ আহিল, আৰু সেইখন জপাই দিলে। লাইটবোৰ নুমাই গ’ল। সি ওলাই আহিল। সি কামটো কৰিলে৷ পঁচিশ মিনিটে চেপি ৰখা উশাহটো মই এৰি দিলো।

সি মূল দুৱাৰৰ তলা খোলাৰ শব্দ মই শুনিলো। সি যেতিয়া ওপৰলৈ উঠি আহিল, মই ক'লো, "ইয়াৰ লাইটটো অফ কৰি দে। আৰু যা, নিজৰ বাবে কাঢ়াকৈ দুগিলাছ হুইস্কি বনাই ল'। একেবাৰে মৰা শটো যেন লাগিছে তোক।"

থ'ৰৱাল্ড উভতি আহিল লেকছাইড পাৰ্কলৈ যোৱাৰ ঊনত্ৰিশ মিনিট পিছত৷ চেম অলপৰ কাৰণে বাছিলে। এতিয়া প্লেনটোৰ চূড়ান্ত অংশত উপস্থিত হোৱাৰ সময় সমাগত। সি কোঠাত কাৰোবাৰ উপস্থিতিৰ উমান পোৱাৰ আগতেই মই দ্বিতীয়টো ফোন কৰিব লাগিব। সেয়ে মই ৰিচিভাৰটো হাতত লৈ বহি আছিলো। বাৰে বাৰে নম্বৰটো ডায়েল কৰিছিলো। আৰু কাটি দিছিলো। লাইটটো জ্বলি উঠাৰ লগে লগেই মই ৰিং হ'বলৈ এৰি দিলো।

“আপোনাক টকাহে আনিবলৈ কৈছিলো। পিষ্টল নহয়। সেয়ে মই আপোনাক লগ নকৰিলো।” সি উচপ খাই উঠা মন কৰিলো মই। খিৰিকিখনৰ কথা তাক জানিব দিব নোৱাৰি। “আপুনি যেতিয়া ৰাস্তাত নামিছিল। তেতিয়া পকেটৰ ভিতৰত থাপৰটো মৰা মই দেখিছিলো।” হয়তো সি তেনেকুৱা কৰা নাছিল। কিন্তু তেনেকুৱা কৰিছিল নে নাই সেই কথা নিশ্চয় সি মনত পেলাব নোৱাৰিব। জেপত পিষ্টল লৈ গ'লে সাধাৰণতে মানুহে তেনেকুৱা কৰে, বিশেষকৈ অনভিজ্ঞ মানুহবোৰে।

“দুখৰ কথা যে আপুনি ইমান দূৰ গৈ এনেয়ে ঘূৰি আহিব লগা হ'ল। অৱশ্যে সেইখিনি সময় মই অবাবত যাবলৈ নিদিলো৷ আগতে মই যিমানখিনি জানিছিলো, এতিয়া তাতকৈ বহুত বেছি জানিব পাৰিছো।” এইটোৱেই আচল গুৰুত্বপূৰ্ণ অংশটো—মই দূৰবীণটো চকুত লগাই লৈছিলো। আৰু তাক চকুৰে স্কেনিং কৰি আছিলো। "সেইটো ক'ত ৰাখিছে মই গম পাইছো৷ মই কিহৰ কথা কৈছো ধৰিব পাৰিছে নিশ্চয়? গম পালো ক'ত কেনেকৈ লুকুৱাই থৈছিল আপুনি। আপুনি ওলাই যোৱাৰ পিছত মই তালৈ গৈছিলো।”

সি কোনো উত্তৰ নিদিলে। মাত্ৰ উশাহ নিশাহৰ শব্দ শুনা গ'ল।

“মোৰ কথা বিশ্বাস হোৱা নাই? নিজৰ চাৰিওফালে চাওক এবাৰ। ৰিচিভাৰটো থওক আৰু নিজে চাই লওক। মই বিচাৰি উলিয়াইছো।”

সি ফোনটো থ'লে। আৰু ড্ৰয়িং ৰূমৰ দুৱাৰখনৰ পিনে বিজুলী বেগেৰে আগবাঢ়ি গ’ল। সি মাত্ৰ চাৰিওফালে এবাৰ চকু ফুৰালে। কিন্তু কোনো এঠাইত তাৰ দৃষ্টি ৰৈ যোৱা নাছিল, ক'তো কেন্দ্ৰীভূত হোৱা নাছিল।

তাৰ ওঁঠত এটা হাঁহি বিৰিঙি উঠিল। সি উভতি আহি ফোনটো তুলি ল'লে আৰু লাহেকৈ সন্তুষ্টি ভৰা মাত এটাৰে ক’লে, “আপুনি মিছা কথা কৈছে৷”

তাৰ পিছত সি ৰিচিভাৰটো নমাই থ'লে আৰু হাতখন আঁতৰাই আনিলে।

পৰীক্ষাটো বিফল হ'ল। সেই বুলি সম্পূৰ্ণৰূপে বিফল হোৱা বুলিও ক'ব নোৱাৰি — মই বিচৰা ধৰণে তাৰ পৰা কথা উলিয়াব নোৱাৰিলো৷ কিন্তু সেই “আপুনি মিছা কৈছে” বুলি কোৱা কথাষাৰে প্ৰমাণ কৰিলে যে বস্তুটো তাৰ ওচৰে-পাজৰেই আছে। তাৰ পৰিধিৰ ভিতৰত৷ আৰু এনেকুৱা এঠাইত আছে যাক লৈ সি একেবাৰে নিশ্চিন্ত। যিটো সি পৰীক্ষা কৰি চোৱাৰো প্ৰয়োজনবোধ নকৰিলে।

গতিকে মোৰ পৰাজয়তো সামান্য জয় আছিল। কিন্তু তাৰ বিশেষ মূল্য নাই৷

সি মোৰ ফালে পিঠি দি থিয় হৈ আছে। মই ধৰিব পৰা নাই সি কি কৰি আছে। মই জানো যে ফোনটো তাৰ সন্মুখতে ক’ৰবাত আছে। হয়তো সি তললৈ মূৰ কৰি সেইটোলৈকে চাই কিবা চিন্তা কৰি আছে। ময়ো ফোনটো নমাই থ'লো৷ তাৰ হাতখনো লৰচৰ কৰা নেদেখিলো৷ আঙুলি কেইটা কৰিছিল যদিও মই দেখা নাই৷

সি তেনেকৈয়ে কিছুসময় থিয় হৈ থাকি এটা সময়ত তাৰ পৰা আঁতৰি গ'ল। নুমুৱাই দিলে কোঠাৰ লাইটটো। আৰু আত্মগোপন কৰিলে অন্ধকাৰত। আনকি আজি সি জুইশলাৰ কাঠি এটা জ্বলোৱাৰ পৰাও বিৰত থাকিল।

তাক নেদেখা হোৱাৰ ফলত মোৰ মনটো বিচলিত নহ’ল। মই আন এটা কথাহে চিন্তা কৰিবলৈ ধৰিলো— আজি দুপৰীয়াৰ সেই ঘটনাটো। দুয়োটা পক্ষই একেসময়তে একেধৰণে ইটো কোঠাৰ পৰা সিটো কোঠালৈ আগবাঢ়িছিল। অথচ যেন দুয়োৰে মাজত কিবা এটা বিসংগতি আছিল। ধৰি লওক, কাঁচ এখনৰ মাজেৰে কোনোবা গৈ থকা আপুনি চাই আছে। আৰু কাঁচখনৰ কোনো এঠাইত কিবা বিসংগতি আছে। মানুহজন সেই ঠাইখিনি পাৰ হৈ যাওঁতে প্ৰতিচ্ছবিটো অলপ বিকৃত হৈ নপৰিব নে? তেনেকুৱা এক বিংসগতিয়েই মই তেতিয়া লক্ষ্য কৰিছিলো। কিন্তু ঠিক সেইটোও নহয়, যিহেতু খিৰিকিবোৰ খুলি থোৱা আছিল, আৰু মাজত কোনো কাঁচ নাছিল। আনকি তেতিয়া মই দূৰবীণো ব্যৱহাৰ কৰা নাছিলো।

মোৰ ফোনটো বাজি উঠিল। বয়ন! মই অনুমান কৰিলো। এইটো সময়ত বেলেগ কোনোবাই ফোন কৰাৰ কথা নাহে৷ তেতিয়া মোক সিমানবোৰ কথা শুনাই যোৱাৰ পিছতো মই কিন্তু স্বাভাৱিকভাৱেই মাত লগালো, “হেল্ল'।"

কোনো উত্তৰ নাহিল৷

“হেল্ল’? হেল্ল'? হেল্ল'?" মই বাৰে বাৰে মোৰ মাতটো শুনাবলৈ ধৰিলো। 

সিমূৰৰ পৰা কিন্তু কোনো শব্দই ভাঁহি নাহিল।

মই ফোনটো কাটি দিলো। তেতিয়াও সেই ফ্লেটটো অন্ধকাৰত ডুবি আছিল।

ছেম সোমাই আহিল ভিতৰলৈ। মদৰ ৰাগীত তাৰ জিভাখন অলপ দোৰোল খাইছে। “অউৰি’, মই যাওনে এতিয়া?” ভালকৈ কাণ নিদিলো তাৰ কথাত। মানুহজনক ফান্দত পেলাই কেনেকৈ আচল ঠাইখন বাহিৰ কৰিব পাৰি মই সেই চিন্তাত বুৰ গৈ আছিলো। অন্যমনস্কভাৱেই তাৰ কথাত সন্মতি জনালো।

থৰক বৰক খোজেৰে সি চিৰিৰে তললৈ নামি গ'ল। তাৰ পিছত অলপ দেৰিকৈ ৰাস্তাৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ শব্দ শুনিলো। বেচেৰা ছেম, মদৰ লগত তাৰ ৰাহি জোৰা নিমিলে।

সি গুচি যোৱাৰ পিছত অকলশৰীয়া হৈ পৰিলো মই। এতিয়া চকীখনে যিমানখিনি টানিব পাৰে, সিমানকণেই মোৰ স্বাধীনতা।

হঠাতে সেই ঘৰটোত এটা লাইট জ্বলি উঠিল। মাত্ৰ কেইমুহূৰ্তমানৰ বাবে। অলপ পিছতেই আকৌ নুমাই গ'ল। সি চাগে কিবা এটা বিচাৰি আছিল। আৰু যেতিয়া দেখিলে যে পোহৰ অবিহনে বিচৰা সম্ভৱ নহয়, লাইটটো জ্বলাবলগীয়া হ'ল। বস্তুটো যিয়েই নহওক, সি পটকৈ পালে, আৰু লগে লগেই লাইটটো অফ কৰিবলৈ গ'ল। যাওতে মুহূৰ্তৰ বাবে খিৰিকিখনৰ পিনে এবাৰ চকু ফুৰাই গ'ল।

তাৰ এই চাৱনিটো আগৰ চাৱনিবোৰতকৈ সম্পূৰ্ণ ভিন্ন আছিল। কোনোপধ্যেই ইয়াক উকা চাৱনি বুলি ক'ব নোৱাৰি। কোনো বিশেষ অভিপ্ৰায়েৰে চোৱা যেন লাগিল। তাৰ আগৰ সতৰ্কতামূলক চাৱনিবোৰৰ লগতো ই নিমিলে। সিটো পাৰৰ খিৰিকিবোৰৰ পৰা আৰম্ভ কৰি মোৰ ওপৰেৰে পাৰ হৈ যোৱা চাৱনি এইটো নাছিল। এইবাৰ চিধা মোৰ খিৰিকিখনত দৃষ্টি নিক্ষেপ কৰিছিল, আৰু মুহূৰ্তৰ ভিতৰতে দৃষ্টি আঁতৰাই লৈ গৈছিল। তাৰ পিছত লাইটো নুমাই গৈছিল, সিও অদৃশ্য হৈ পৰিছিল।

কেতিয়াবা ইন্দ্ৰীয়ই গ্ৰহণ কৰা কিছুমান তথ্য মগজুৱে ঠিকমতে বুজাত ভুল কৰে। মোৰ চকুৱে সেই চাৱনিটো দেখিছিল। কিন্তু মনটোৱে তাক ন্যায্যতা দিবলৈ অস্বীকাৰ কৰিলে। "এনেয়ে চাইছিল।” মনটোৱে কৈছিল, "ওলাই অহা বাটত লাইট নুমাওতে দূৰ্ভাগ্যক্ৰমে মোৰ খিৰিকিখনৰ ওপৰত চকু পৰিল।”

ডিলেইড এক্সন। সেই শব্দহীন ফোন ক'লটো? এটা মাত পৰীক্ষা কৰিবলৈকে নাছিল জানো? তাৰ পিছত অন্ধকাৰত ডুবি থকা কিছু সময়। যিখিনি সময়ত দুয়ো হয়তো একেখন খেলতে ব্যস্ত আছিলো, অন্ধকাৰৰ আঁৰ লৈ ইজনে আনজনৰ ওপৰত চোৰাংচোৱাগিৰী কৰা৷ তাৰ পিছত লাইটৰ অহা যোৱা, চালটো অপৈনত, কিন্তু অপৰিহাৰ্য। এটা তীক্ষ্ণ দৃষ্টি, মাৰাত্মক অভিসন্ধিৰে ভৰা। এই সকলোবোৰ তল পৰি গ'ল। চকুহালে নিজৰ কাম ঠিকেই কৰিছিল, কিন্তু গ্ৰাহ্য নকৰিলে মগজুৱে।

এক দুই চেকেণ্ডকৈ মিনিট বাগৰি গ'ল। ঘৰবোৰে গঠন কৰা চতুৰ্ভুজটোৰ চৌপাশ নিশ্চল হৈ পৰিছে। একপ্ৰকাৰৰ উশাহ বন্ধ হৈ যোৱা নিস্তব্ধতা। আৰু তেতিয়াই এটা শব্দ ভাঁহি আহিল, আকস্মিকভাৱে। নিশাৰ নিস্তব্ধতা ভংগ কৰি চিঞৰি উঠিছে এটা উইচিৰিঙাই। মোৰ ছেমৰ অন্ধবিশ্বাসৰ কথা মনত পৰিল। সি দাবী কৰে যে তাৰ মাকৰ কথা কেতিয়াও নফলিয়াকৈ নাথাকে। যদি সেয়াই হয়, এই নিদ্ৰামগ্ন ঘৰবোৰৰ কোনোবা এজনৰ মৃত্য আজি সমাগত।

***