Jan 21, 2014

REAR - উইণ্ড' (তৃতীয় অধ্যায়)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel    
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

তৃতীয় অধ্যায়

মানুহগৰাকীক যদি প্ৰথম নিশাই ক'ৰবালৈ পঠিয়াই দিয়া হৈছিল, তেনেহ'লে কালি তেওঁ বেডৰূমলৈ কিয় শুবলৈ নগ'ল? চেন্টিমেন্ট? বেডৰূমত দুখনকৈ বিছনা থকাৰ পিছতো ড্ৰয়িং ৰূমৰ চোফাত বা চকীত বহি ৰাতিটো পাৰ কৰাৰ কি কাৰণ থাকিব পাৰে? মানুহগৰাকীক তেওঁ মিছ কৰিছিল কাৰণে? অকলশৰীয়া অনুভৱ কৰিছিল কাৰণে? এজন বয়স্ক মানুহেতো তেনেকুৱা আচৰণ নকৰে৷ মানুহগৰাকী নিশ্চয় তাতেই আছিল।

এনেতে হুৰমুৰকৈ ছেম সোমাই আহিল। সি ক’লে, “ঘৰটো ৫২৫ নং বেনেডিক্ট এভিনিউ। চতুৰ্থ মহলাৰ পিছফালে থকা দম্পতীহালৰ নাম - মিষ্টাৰ এণ্ড মিচেছ লাৰ্ছ থৰৱাল্ড।”

"হ'ব... হ'ব... ” মই তাক হাতৰ ইংগিতেৰে মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ক'লো। এইখিনি সময়ত কোনোবাই মোৰ চিন্তাত ব্যাঘাত জন্মোৱাটো মই বিচৰা নাই। 

“এবাৰ লগা হয়, এবাৰ নালাগে...” সি মুখৰ ভিতৰতে ভোৰভোৰাই নিজৰ কামত লাগিলগৈ।

মই কথাবোৰ দকৈ ভাবিবলৈ ধৰিলো।  মানুহগৰাকী যদি তাতেই আছিল, তেওঁ গ'ল কেতিয়া? কাৰণ মইতো তেওঁক আজি ওলাই যোৱা দেখা নাই। যোৱাকালি ৰাতিপুৱা কোনোবা সময়ত গৈছে যদি মই নেদেখিব পাৰো। কাৰণ কালি মই অলপ দেৰিকৈ উঠিছিলো। কিন্তু আজিতো মই তেওঁতকৈ আগতেই উঠিছো। কিছুসময় খিৰিকিমুখত বহি থকাৰ পিছতহে তেওঁক চোফাৰ পৰা উঠি অহা দেখিছিলো।

গৈছে যদি মানুহগৰাকী যোৱাকালি পুৱাৰ ভাগতেই যাব লাগিব। তেনেহ'লে কালি দিনৰ দিনটো পৰ্দাখন কিয় টানি থৈছিল? বিছনাখনেই বা কিয় আজিলৈ তোলা নাছিল? তাতকৈও ডাঙৰ কথা, যোৱাকালি তেওঁ বেডৰূমৰ পৰা কিয় আঁতৰি আছিল? সেইটোৱেই প্ৰমাণ কৰে যে মানুহগৰাকী ক'লৈকো যোৱা নাছিল, তাতেই আছিল। আৰু আজি ট্ৰাংকটো পঠিয়াই দিয়েই তেওঁ বেডৰূমত সোমাল, পৰ্দা কোঁচালে, বিছনাৰ তোছক-পাতিবোৰ জাপি কুচি থ'লে, আৰু বুজালে যে মানুহগৰাকী তাত নাই।

"ট্ৰাংকটো পঠিয়াই দিয়াৰ পিছতেই!" মই মনৰ মাজতে দোহাৰিলো।

তাৰ মানে! তাতেইতো সকলো ৰহস্য লুকাই আছে!
 
মই পিছলৈ চালো, মোৰ ৰূমৰ দুৱাৰখন বন্ধ আছে নে নাই! মোৰ হাতখন ফোনটোৰ পিনে আগবাঢ়িল। বয়ন, এই ক্ষেত্ৰত সিয়েই উপযুক্ত মানুহ হ'ব। সি পুলিচত কাম কৰিছিল। অন্ততঃ মই জনালৈকে সি পুলিচতেই আছিল। কোনোবা অচিনাকি পুলিচে আহি মোক সোধ-পোছ কৰাতো মই বিচৰা নাই। মই এইবোৰ ঝামেলাত নোসোমাব পাৰিলেই ভাল পাওঁ। সেয়ে লগাতকৈ বেছি এইবোৰত জড়িত হ'ব খোজা নাই। 

দুবাৰমান চেষ্টা কৰাৰ পিছত টেলিফ'ন অপাৰেটৰে বয়নৰ লাইনটো পালে। “হেল্ল' বয়ন? মই হাল জেফ্ৰিজ—“

“বাপৰে, যোৱা ষাঠিটা বছৰ ধৰি তই ক’ত আছিলি?” সি উৎসাহেৰে সুধিলে।

“সেইবোৰ পিছত পাতিম। এতিয়া আচল কথাটো শুন। তোক এটা নাম আৰু এড্ৰেছ দিওঁ। তই কলম কাগজ উলিয়াই ল'। লৈছনে? লিখ, লাৰ্ছ থৰৱাল্ড। ৫২৫ বেনেডিক্ট এভিনিউ। চতুৰ্থ মহলাৰ পিছফালৰ ফ্লেট। হ'ল নে?"

“চতুৰ্থ মহলাৰ পিছফালৰ ফ্লেট। উম, লিখিলো। কিন্তু কিয়?”

“তদন্ত কৰিবলৈ। মোৰ দৃঢ় বিশ্বাস যে তাত এটা মাৰ্ডাৰ হৈছে। অলপ অনুসন্ধান কৰিলেই তই উলিয়াব পাৰিবি। মোক আৰু ইয়াতকৈ বেছি একো নুসুধিবি - মোৰ লগত কোনো প্ৰমাণ নাই। মাত্ৰ জানি ল', তাত এহাল স্বামী-স্ত্ৰী আছিল৷ এতিয়া মাত্ৰ মানুহজনহে আছে৷ মানুহগৰাকীৰ ট্ৰাংকটো আজি পুৱা ক'ৰবালৈ পঠিয়াই দিছে। তই এনেকুৱা কাৰোবাক পাৱ নেকি চাবি, যিয়ে নিজ চকুৰে মানুহগৰাকীকো যোৱা দেখিছে—"

কেৱল সন্দেহৰ ওপৰত ভিত্তি কৰি এজন ডিটেক্টিভক মনাব খোজাটো মুৰ্খামি। সি দ্বিধাভাৱেৰে এবাৰ ক’লে, “কিন্তু—" পিছ মুহূৰ্ততেই কিন্তু কথাটো মানি ল'লে। কাৰণ কওঁতাজন আছিলো মই। 

আনকি মোৰ খিৰিকিখনৰ কথাও তাক কোৱা নাছিলো। অথচ বিনা প্ৰতিবাদে মোৰ কথাটো মানি লোৱাৰ কাৰণটো হ'ল বহুবছৰৰ পৰা সি মোক পাই আহিছে। মোৰ কথাৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত তাৰ কোনো সন্দেহ নাই। খিৰিকিৰ কথাটো তাৰ পৰা লুকাই ৰখাৰ কাৰণটো হ'ল, এগাল পুলিচ আহি এই গেলাগৰমখনত মোৰ খিৰিকিৰ ওচৰত হেতা ওপৰা লগোৱাতো মই বিচৰা নাই। তাৰোপৰি সন্মুখৰ পৰাই সিহঁতে কেছটো ভালকৈ চম্ভালিব পাৰিব।

“বাৰু চাওঁ মই কি কৰিব পাৰো।”-সি ক’লে।  “মই তোক জনাম।”

ফোনটো কাটিলো আৰু কি হয় জানিবলৈ অপেক্ষা কৰি ৰ'ল। মোৰ আসনখন পৰ্দাৰ সন্মুখত। বয়নে সিপাৰে কেনেকৈ কি কৰিছে, মই নেদেখো। কিন্তু তাৰ কামৰ ফলাফল পৰ্দাত দেখিবলৈ পাম। যদিহে কিবা ফল ওলায়।

সময় গৈ থাকিল। বিশেষ একো ঘটা নাই এতিয়ালৈ। পুলিচে নিশ্চয় তেওঁলোকৰ কাম কৰি গৈছে গোপনে। সেইটোৱেইতো তেওঁলোকৰ পদ্ধতি। চতুৰ্থ মহলাৰ সেই ব্যক্তিজন বিচৰণ কৰি থাকিল মোৰ দৃশ্যপটত। তেওঁ ক'লৈকো ওলাই যোৱা নাছিল। কিন্তু অস্থিৰভাৱে ঘূৰি ফুৰিছিল ইটো কোঠাৰ পৰা সিটো কোঠালৈ। মাজতে আকৌ এবাৰ খাবলৈ বহিছিল। এবাৰ দাড়ি খুৰালে। এবাৰ কাকতখনো মেলি ল'লে। কিন্তু বেছি সময় মন বহুৱাব নোৱাৰিলে।

তেওঁক কেন্দ্ৰ কৰি যে কোনোবা কেনেবা ব্যস্ত হৈ পৰিছে, তাৰ উমান তেওঁ পাইছেনে? উমান পোৱাৰ পিছতো তেওঁ বাৰু এনেদৰে নীৰৱে অপেক্ষা কৰি থাকিব পাৰিবনে? নে পলাই যাব? অৱশ্যে সেইটো তেওঁৰ কুকৰ্মৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰিব তেওঁৰ আত্মবিশ্বাসৰ ওপৰত। নিজকে বচাব পাৰিব বুলি তেওঁ কিমান আত্মবিশ্বাসী, তাৰ ওপৰত। কিন্তু তেওঁ যে অপৰাধ কৰিছে, সেইটো মই এশ শতাংশই বিশ্বাস কৰো। নহ'লে মই এই পদক্ষেপ নল'লোহেঁতেন।

তিনিটামানত ফোনটো বাজি উঠিল।  বয়নৰ ফোন। “জেফ্ৰিজ? তই অলপ ভালকৈ ক'ব পাৰিবিনে ঘটনাটো কি?"

"কিয়?" মই সুধিলো। “আৰু কি ভালকৈ ক'ব লাগে?”

“মই মানুহ এজন পঠাইছো তালৈ, তেওঁ সোধা-পোছা কৰি আছে। এই মাত্ৰ তেওঁৰ ৰিপ’ৰ্ট এটা আহি মোৰ হাতত পৰিছে৷  বিল্ডিং ছুপাৰিণ্ডেন্ট আৰু ওচৰ-চুবুৰীয়া যিকেইজনক সোধ-‍পোছ কৰা হৈছে, সকলোৱে একেমুখে কৈছে যে মানুহগৰাকী যোৱাকালি চহৰৰ বাহিৰলৈ গৈছে, কেইদিনমান গাঁৱৰ হাৱা-পানী খাই সতেজ হৈ আহিব।”

"এক মিনিট। তোৰ মানুহজনৰ মতে কোনোবাই তেওঁক নিজ চকুৰে যোৱা দেখিছেনে?”
 
"নাই দেখা।"

"তেন্তে তোৰ মানুহজনে গিৰিয়েকে দিয়া বক্তব্যৰ ছেকেণ্ড হেণ্ড ভাৰ্ছন এটাহে শুনি আহিছে। সেয়া প্ৰত্যক্ষদৰ্শীৰ ভাষ্য নহয়।”

“ঘৈণীয়েকক ট্ৰেইনত উঠাই দি উভতি অহাৰ সময়ত মানুহজনক বোলে লগ পাইছিল তেওঁলোকে।”

“সেইটো কিবা প্ৰমাণ হ'ল নেকি!”

“মই মানুহ এজন ষ্টেচনলৈ পঠিয়াইছো, কাউন্টাৰৰ পৰা কিবা খবৰ উলিয়াব পাৰে নেকি চাব। সিমান ৰাতিপুৱা ষ্টেচনত বেছি মানুহ নাথাকে, কাৰোবাৰ কিবা চকুত পৰিব পাৰে। আৰু আমি মানুহজনৰ ওপৰতো চকু ৰাখিছো, তেওঁৰ সকলো গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছে৷ সুযোগ পালেই তেওঁৰ ঘৰত তালাচী চলাম।"

মোৰ সন্দেহ আছে যে সিহঁতে তাত কিবা বিচাৰি পাব। 

“মোৰ পৰা ইয়াতকৈ বেছি আশা নকৰিবি।  মই যিমানখিনি জানো সকলো তোক জনাইছো। নাম, ঠিকনা, লগতে মোৰ মতামত।”

“হ'ব দে। মই সদায়ে তোৰ মতামতক গুৰুত্ব দি আহিছো, জেফ—“

“কিন্তু আজি নাই দিয়া।"

"তেনেকুৱা নহয়। কথাটো হ’ল, আচলতে আমি এতিয়ালৈকে তোৰ ধাৰণাটো প্ৰমাণ কৰিব পৰাকৈ একো এটা পোৱা নাই।"

"তহঁতে বেছি গভীৰলৈ যোৱা নাই।”

সি গতানুগতিকভাৱে ক'লে, “বাৰু, চাওঁচোন কি পাওঁ। তোক পিছত জনাই আছো।”

আৰু এঘণ্টামান পাৰ হৈ গ’ল। সুৰুযে মেলানি মাগিলে। মই দেখিলো যে মানুহজনে বাহিৰলৈ যাবলৈ যোঁ-যা কৰিছে। তেওঁ হেটটো তুলি লৈ একমিনিটমান সেইটোলৈ চাই থাকিল। কি কৰা উচিত হ'ব তাকেই চিন্তা কৰিছে। তেওঁ ওলাই যোৱাৰ লগে লগেই পুলিচ সোমাব। এক চেপা উত্তেজনা অনুভৱ কৰিলো মই। তেওঁ যেতিয়া শেষবাৰৰ বাবে ঘৰটোৰ ভিতৰখনত চকু ফুৰালে, মোৰ মুখত এটা হাঁহি বিৰিঙি উঠিল - কিবা লুকুৱাবলগীয়া আছে যদি এতিয়াই লুকুৱাই থ' ভাই।

তেওঁ ওলাই গ’ল। ফ্লেটটো শূন্যতাৰে ভৰি পৰিল। উত্তেজনাত মোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। এইমুহূৰ্তত মোৰ পিঠিত জুই লাগিলেও খিৰিকিকেইখনৰ পৰা মই দৃষ্টি আঁতৰাব নোৱাৰিম। হঠাতে তেওঁ ওলাই যোৱা দুৱাৰখন অকণমান মেল খালে, আৰু অগা পিছাকৈ দুজন ব্যক্তি সন্তৰ্পনে সোমাই আহিল। তেওঁলোক পুলিচৰ মানুহ। তেওঁলোকে দুৱাৰখন জপাই দিলে, আৰু দুয়ো দুফালে ব্যস্ত হৈ পৰিল। এজন পাকঘৰত সোমাল। আনজন শোৱনী কোঠাত। তেওঁলোকে তন্ন তন্নকৈ ঘৰটো পৰীক্ষা কৰাত লাগিল। মই দেখিলো তেওঁলোকে তলে ওপৰে সকলো খুটি-নাতি মাৰি চাইছে। দুয়ো দুফালৰ পৰা পৰীক্ষা কৰি আহি ড্ৰয়িং ৰূমত মিলিত হ'ল। এইবাৰ দুয়ো একেলগে সেইটো কোঠা পৰীক্ষা কৰাত লাগিল।

অলপ পিছতে খানতালাচ সম্পূৰ্ণ হ'ল। কিন্তু সিহঁতে যে একো নাপালে, সেয়া সিহঁতৰ ভাৱ-ভংগীতেই বুজা গ'ল। দুয়ো হতাশভাৱে ইজনে আনজনৰ মুখলৈ চাই আছিল। তেনেতে বাহিৰৰ পৰা কিবা সংকেত আহিল। দুয়ো উচপ খাই দুৱাৰখনৰ পিনে এবাৰ চালে আৰু পিছ মুহূৰ্ততে তাৰ পৰা আঁতৰ গ'ল।

মই অযথা নিৰাশ নহ'লো। পূৰ্বৰে পৰা মই প্ৰস্তুত আছিলো তাৰ বাবে। সিহঁতে যে তাত একো নাপায়, সেইটো মই আগতেই অলপ অনুমান কৰিছিলো। ইতিমধ্যে যিহেতু ট্ৰাংকটো পঠিয়াই দিয়া হৈছিলেই।

কাষলটিৰ তলত প্ৰকাণ্ড ব্ৰাউন পেপাৰৰ বেগ এটা লৈ তেওঁ সোমাই আহিল।  মই তেওঁৰ ওপৰত চোকা দৃষ্টি ৰাখিলো। তেওঁৰ অনুপস্থিতিত যে কোনোবা তাত সোমাইছিল, সেয়া তেওঁ ধৰিব পাৰে নে নাই জানিবলৈ চেষ্টা কৰিলো৷ একো ধৰিব নোৱাৰিলে তেওঁ৷ পুলিচৰ মানুহ এইবোৰ কামত পাকৈত। 

তাৰ পিছত আৰু তেওঁ ওলাই নগ'ল। নিশ্চিন্ত মনে, নিৰ্ভয়ে বহি ৰ'ল। অলপ মদ খালে। খিৰিকিৰ কাষত বহি মাজে মাজে কপালখন মছিলে, কিন্তু সঘনাই নহয়। দেখাত সকলো তেওঁৰ নিয়ন্ত্ৰণাধীন হৈ পৰাৰ দৰে লাগিছিল। উত্তেজনা শাম কাটিছিল। যিহেতু ট্ৰাংকটোৰ গতি লগোৱা হৈ গ'ল।

তেওঁলৈ চাই চাই মই ভাবিলো: তেওঁ কিয় পলাই যোৱা নাই এতিয়ালৈ? উত্তৰটোও লগে লগেই মনলৈ আহিল। কাৰণ তেওঁ এতিয়াও নাজানে যে কোনোবাই তেওঁৰ ওপৰত চকু ৰাখিছে। খৰখেদা কৰিবলগীয়া কিবা আছে বুলি তেওঁ ভবা নাই। মানুহগৰাকী যোৱাৰ দুদিন পিছতেই তেওঁ পলালে চকুত পৰাৰ সম্ভাৱনাই বেছি। এতিয়া নীৰৱে বহি থাকি উচিত সময়লৈ অপেক্ষা কৰাটোৱেই শ্ৰেয়। 

ৰাতিটো গভীৰ হৈ আহিছিল। বয়নৰ ফোনৰ অপেক্ষাত মই বহি আছিলো৷ আশা কৰাতকৈ বহু পলমকৈ তাৰ ফোনটো আহিল। আন্ধাৰতে তুলি ল'লো। মানুহজনে তেতিয়া শুবৰ বাবে প্ৰস্তুতি চলাইছিল। মদ খাই বহি থকা ঠাইখনৰ পৰা উঠি তেওঁ পাকঘৰৰ লাইটটো নুমুৱাই দিলে৷ ড্ৰয়িং ৰূমলৈ সোমাই গ'ল, আৰু তাৰ লাইটটো জ্বলাই লৈ চাৰ্টৰ বুটাম খোলাত লাগিল। কাণখন মোৰ বয়নৰ ফোনত আছিল, আৰু দৃষ্টি আছিল মানুহজনৰ ওপৰত। এটা ত্ৰিকোণীক ব্যৱস্থা।

“হেল্ল’, জেফ? শুনিছনে? সি ওলাই যোৱাৰ পিছত আমি তাৰ ঘৰটো চাৰ্ছ কৰিছিলো।” 

মোৰ মুখৰ পৰা ওলাবই খুজিছিল, “মই জানো চাৰ্ছ কৰা কথাটো, মই দেখিছিলো,” কিন্তু কোনোমতে সম্বৰণ কৰিলো।

“—আমি একো নাপালো। কিন্তু—“ সি ৰৈ গ'ল, যেন কোনো গুৰুত্বপূৰ্ণ কথা ক'বলৈ লৈছে। মই অধৈৰ্য্যভাৱে অপেক্ষা কৰি ৰ'লো, কি কয় শুনিবলৈ।

“তলত তেওঁৰ লেটাৰ বক্সত আমি এখন পোষ্ট কাৰ্ড পৰি থকা দেখিছিলো। কেঁকোৰা পিনেৰে আমি সেইখন উলিয়াই আনিলো—“

"তাৰ পিছত?"

“চিঠিখন তেওঁৰ ঘৈণীয়েকৰ পৰা অহা, যোৱা কালি পঠোৱা। কোনোবা গাঁও এখনৰ পৰা আহিছে। তাৰ পৰা কপি কৰি ৰখা কথাখিনি হ'ল: "ঠিক মতে আহি পালো। ইয়াত নামিয়েই গা মন বহুখিনি ভাল লাগিছে। মৰমেৰে, এনা।’ “

মই মৃদুভাৱে কিন্তু জোৰ দি ক’লো: “তই যে ক'লি যোৱাকালি পঠোৱা। কিবা প্ৰমাণ 
আছে নেকি তোৰ হাতত? চিঠিখনৰ ওপৰত থকা পোষ্টমাৰ্ক-ডেটটো কি আছিল?”

ঘোট গিলাৰ দৰে শব্দ এটা কৰি সি ক'লে, “পোষ্টমাৰ্কটো অস্পষ্ট আছিল। তাৰ চুক এটা কেনেবাকে তিতিছিল চাগে। সেয়ে লিখাখিনি ধৰিব নোৱাৰি।”

“একেবাৰে পঢ়িব নোৱাৰি নেকি?”

“তাৰিখ আৰু বছৰটো নোৱাৰি,” সি স্বীকাৰ কৰিলে। “ঘণ্টা আৰু মাহটো ঠিকেই আছে। আগষ্ট। আৰু সন্ধিয়া সাতটা ত্ৰিশত পঠোৱা।”

এইবাৰ মই বিৰক্তিৰে ক'লো, “আগষ্ট, সন্ধিয়া সাতটা ত্ৰিশ— এতিয়া ১৯৩৭ নে ১৯৩৯ নে ১৯৪২। মেইল ​​বক্সত সেইখন ক'ৰ পৰা সোমাল? তোৰ হাতত তাৰ কিবা প্ৰমাণ আছে জানো? সেইখন ডাকোৱালৰ বেগৰ পৰাই আহিছে নে কাৰোবাৰ টেবুলৰ ড্ৰয়াৰৰ পৰা আহিছে!”

“হ'ব আৰু, জেফ, বাদ দে।” সি ক’লে।

মই কি উত্তৰ দিলোহেঁতেন নাজানো৷ যদিহে সেই মুহূৰ্ততো মোৰ দৃষ্টি থ'ৰৱাল্ডৰ ওপৰত নাথাকিলহেঁতেন। স্বীকাৰ কৰো বা নকৰো পোষ্ট কাৰ্ডখনৰ কথাটোৱে কিন্তু মোকো জোকাৰি থৈ গৈছিল। মোৰ দৃষ্টি তেতিয়াও তেওঁৰ ওপৰতে আৱদ্ধ আছিল। চাৰ্টটো খোলাৰ পিছত লাইটটো নুমাই গ'ল৷ কিন্তু শোৱনী কোঠাৰ লাইটটো জ্বলি নুঠিল৷ ড্ৰয়িং ৰূমৰ খিৰিকিখনৰ তলৰ ফালে, হয়তো চোফা বা আৰামি চকী এখনৰ সমান উচ্চতাত এটা জুইশলা কাঠি জ্বলি উঠিল। শোৱনী কোঠাত দুখনকৈ বিছনা থকাৰ পিছতো মানুহজনে আজিও চোফাত শুবলৈ লৈছে।

“বয়ন,” মই মাত লগালো, “নাজানো তই ক'ৰ পৰা কি পোষ্ট কাৰ্ড বুটলি আনিছ! মই কিন্তু এতিয়াও কম যে সি তাৰ ঘৈণীয়েকৰ গতি লগাইছে! ট্ৰাংকটো সি ক'লৈ পঠিয়াইছে বিচাৰ-খোচাৰ কৰ। পালে খুলি চাবি, মোৰ বোধেৰে মানুহগৰাকীক তাতেই পাবি!”

তাৰ উত্তৰলৈ অপেক্ষা নকৰি মই ফোনটো কাটি দিলো। সি কল বেক নকৰিলে। গতিকে মই ধৰি ল'লো যে মই কোৱা মতে সি এবাৰ চেষ্টা কৰি চাব৷