Jan 20, 2014

REAR - উইণ্ড' (দ্বিতীয় অধ্যায়)

ৰাজীৱ ফুকন
Rear Window Assamese Mystery Novel   
*মূলঃ কৰ্ণেল উলৰিছ*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

দ্বিতীয় অধ্যায়

কালিৰ আৰু আজিৰ ঘটনাবোৰ মই জুকিয়াই চালো। মোৰ মনত লাহে লাহে সন্দেহে পোখা মেলিবলৈ ধৰিলে। তেনেতে পুনৰ পৰ্দাখন কোঁচ খাই গ'ল, এইবাৰ মাজৰ কোঠাটোৰ। সেইটো তেওঁলোকৰ ড্ৰয়িং ৰূম। মানুহজনৰ পিন্ধনত তেতিয়া চোলা-কোট নাই। তাৰ সলনি আছে এটা হাফ গেঞ্জী। 

তেওঁ কি কৰি আছে প্ৰথমতে মই ধৰিব পৰা নাছিলো। একে ঠাইতে ৰৈ কিবা এটা কৰি আছে। মাজে মাজে তেওঁৰ মূৰটো ডুব মাৰে, অলপ পিছতে আকৌ ওপৰলৈ উঠে। তাকো অনিয়মিত ব্যৱধানত। যেন কিবা ব্যায়াম  কৰিছে, কিন্তু উঠা নমাৰ চন্দত কোনো তাল মিল নাই। কেতিয়াবা বহু সময় ধৰি তেওঁ বহি ৰয়, আৰু কেতিয়াবা হঠাতে ওপৰলৈ উঠে।  কেতিয়াবা আকৌ খৰকৈ একেলগে দুই তিনিবাৰ উঠা নমা কৰে।

খিৰিকিৰ ওচৰতে থকা ক'লা ৰঙৰ বস্তু এটাই তেওঁক ঢাকি ৰাখিছিল। বস্তুটো আগতে তাত দেখা মনত নপৰে। কি বস্তু ধৰিব নোৱাৰিলো।

হঠাতে তেওঁ তাৰ পৰা আঁতৰি গ'ল আৰু কোঠাটোৰ আন এটা অংশৰ পৰা ৰং বিৰঙৰ কিবা এসোপা লৈ আহিল। বস্তুখিনি খিৰিকিৰ কাষৰ ক'লা বস্তুটোৰ ওপৰত তুলি থ'লে। তাৰ পিছত তেওঁ বহি পৰিল। আৰু ভালেমান সময় অদৃশ্য হৈ থাকিল।
মোৰ চকুৰ আগতে ৰঙীণ বস্তুখিনিয়ে ৰং সলাবলৈ ধৰিলে। বগাৰ পৰা ৰঙা, ৰঙাৰ পৰা নীলা। মোৰ বুজিবলৈ দেৰি নালাগিল যে সেয়া তিৰোতা মানুহৰ কাপোৰ। মানুহজনে এটাৰ পিছত এটাকৈ কাপোৰবোৰ টানি টানি নি তলত জাপি ৰাখিছে, সেয়ে তেনেকুৱা দেখাইছে। বুজি পালো যে ক'লা বস্তুটো আন একো নহয়, সেইটো হ'ল এটা বাকচৰ মেলি থোৱা ঢাকনিখন। ঢাকনিখনৰ ওপৰত আঁৰি থোৱা কাপোৰখিনি জপা শেষ হ'লত মানুহজনে হাত মেলি ঢাকনিখন জপাই দিলে। তেওঁ বাকচটো দাঙি নি একাষৰীয়াকৈ থ'লে। ইমানপৰে তাৰ মানে তেওঁ ঘৈণীয়েকৰ কাপোৰবোৰ বাকচত ভৰাই আছিল।

তেওঁক এইবাৰ পাকঘৰৰ খিৰিকিখনেৰে দেখা গ'ল। তাত ৰৈ কপালৰ ঘাম মচিছে। আজি বতৰটো বৰ গৰম, তাতে ট্ৰাংকটো পেক কৰি তেওঁ হয়তো ভাগৰি পৰিছে। তেওঁ হাত মেলি বেৰখনৰ পৰা কিবা এটা নমাই আনিলে। মই অনুমান কৰি ল'লো যে সেইটো এটা মদৰ বটল। পাকঘৰৰ কেবিনেটৰ পৰা উলিয়াইছে।
দেখিলো তেওঁ দুই তিনিবাৰ হাতখন মুখলৈ নিছে। মই নিজকে কোৱা দি ক'লো, সেইটোৱেই স্বাভাৱিক - ট্ৰাংক এটা পেক কৰি উঠি দহজনৰ ভিতৰত নজনেই তাকেই কৰিব, কাঢ়াকৈ পেক এটা বনাই ডিঙিটো তিয়াই ল'ব। আৰু যদি কোনোবাই নকৰে, তেওঁৰ ঘৰত নিশ্চয় মদৰ বটল নাই।

তেওঁ খিৰিকিখনৰ ওচৰ চাপি আহিল, আৰু এনেদৰে থিয় হ'ল যাতে পৰ্দাৰ আঁৰৰ পৰা তেওঁৰ মূৰটো আৰু কান্ধখনহে দেখা যায়। আকৌ সেই একেই সতৰ্ক দৃষ্টি, একেদৰেই বাগৰি গ'ল চুবুৰীৰ খিৰিকিবোৰৰ ওপৰেৰে। প্ৰায়ভাগ খিৰিকিয়েই তেতিয়া অন্ধকাৰত বুৰ গৈছে। তেওঁ প্ৰতিবাৰে বাওঁফালৰ পৰা আৰম্ভ কৰে, মানে মোৰ ঘৰটোৰ বিপৰীত ফালৰ পৰা, আৰু একেবাৰে শেষত মোৰ ওপৰেৰে পাৰ হৈ যায়।

ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তিনিবাৰ তেওঁ তেনেকুৱা কৰিলে। দেখিলে ভাব হয় যেন তেওঁ কিবা অপৰাধ কৰিছে। কিন্তু তেনেকুৱা নহ'বও পাৰে। তেওঁৰ চাগে অভ্যাসেই সেইটো, কিবা অদ্ভুত ধৰণৰ মুদ্ৰা দোষ। তেওঁৰ যে তেনেকুৱা এটা অভ্যাস আছে, তেওঁ চাগে নিজেই নাজানে। সকলোৰেতো কিবা নহয় কিবা মুদ্ৰা দোষ থাকে। মোৰেই বা কিমান আছে,  কোনে জানে!
পাকঘৰৰ পৰা ওলাই যাওঁতে তেওঁ লাইটটো নুমাই থৈ গ'ল। তাৰ পিছত ড্ৰয়িং ৰূমৰ লাইটটো। ঘৰটো অন্ধকাৰত বুৰ গ'ল। এইবাৰ নিশ্চয় তেওঁ বেডৰূমত সোমাবই, যিটো ৰূমৰ পৰ্দা গোটেই দিনটো টানি থোৱা আছিল। আৰু তাৰ লাইটটো জ্বলি উঠিব। কিন্তু আশা কৰা মতে নহ'ল। মই বিশেষ আচৰিত নহ'লো। মানুহগৰাকীক চাগে তেওঁ আমনি কৰিব খোজা নাই, তাৰোপৰি মানুহগৰাকী হয়তো কাইলৈ ক'ৰবালৈ যাব। বেডিং-পত্ৰ বন্ধাক চাই তেনেকুৱাই লাগে। আজি তেওঁক জিৰণিৰ প্ৰয়োজন। সেয়ে মানুহজনে নিশ্চয় অন্ধকাৰতে বিছনাত শুই পৰিল।

কিন্তু অলপ পিছতে মোক আচৰিত কৰি অন্ধকাৰ ড্ৰয়িং ৰূমটোত জুইশলা কাঠি এটা জ্বলি উঠিল। মানুহজন তাৰমানে ড্ৰয়িং ৰূমত শুইছে। ড্ৰয়িং ৰূমৰ ক'ত? চোফাত? তাৰমানে তেওঁ বেডৰূমত আজি এবাৰো নোসোমাল? কথাটোৱে মোক অস্বস্তিত পেলালে। মই উৎকণ্ঠিত হৈ পৰিলো।

দহ মিনিটমান পিছত পুনৰ এটা জুইশলাৰ কাঠি জ্বলি উঠিল। তেওঁৰ টোপনি অহা নাই। 
নিশাটোৱে যেন আমাক দুয়োকে ৰহস্যৰ মেৰপাকেৰে বান্ধি পেলালে। মোৰ খিৰিকিমুখত থুপ খালে অগাধ কৌতূহল। সন্মুখৰ চতুৰ্থ মহলাত এজন চেইন স্মোকাৰ, যিয়ে উত্তৰৰ পৰিৱৰ্তে এৰিছে প্ৰশ্নৰ ওপৰত প্ৰশ্নবাণ। নেপথ্যত মাত্ৰ শুনা গৈছে জিলিৰ মাত। 

সূৰুযৰ প্ৰথম কিৰণ পৰাৰ লগে লগেই মই  পুনৰ খিৰিকিখনৰ ওচৰলৈ আহিলো। মানুহজনৰ কাৰণে নহয়। গৰমৰ কাৰণে। মোৰ বিছনাখন জুই যেন গৰম হৈ উঠিছিল। 

ছেম যেতিয়া আহিল, সি মোক খিৰিকিৰ মুখতেই পালে। "এনেকৈ হ'লে আপোনাৰ স্বাস্থ্য ভাল হোৱাক চাৰি বেয়াহে হ'ব।"

প্ৰথমতে খিৰিকিকেইখনত কোনো সাৰ-সুৰ নাছিল। হঠাতে ড্ৰয়িং ৰূমৰ খিৰিকিখনেৰে দেখা গ'ল, তেওঁৰ মূৰটোৱে ওপৰলৈ ভুমুকি মাৰিছে। মোৰ ধাৰণাৰ ভুল হোৱা নাছিল, মানুহজনে ড্ৰয়িং ৰূমৰ চোফা বা আৰামী চকী এখনতেই নিশাটো কটালে। এতিয়া নিশ্চয় তেওঁ মানুহগৰাকীৰ ওচৰলৈ এবাৰ যাব। তেওঁৰ গাটো কেনেকুৱা জানিব বিচাৰিব। সেইটোৱেই জানো স্বাভাৱিক নহয়?
মোৰ যিমান দূৰ মনত পৰে, পৰহি নিশাৰ পৰা তেওঁ মানুহগৰাকীৰ ওচৰলৈ যোৱা নাই। 

কিন্তু মোক আচৰিত কৰি তেওঁ কাপোৰ কানি পিন্ধিলে আৰু বিপৰীত ফালে ওলাই গ'ল। পাকঘৰলৈ। তাত তেওঁ গোগ্ৰাসে কিবা খোৱাত লাগিল। তেনেতে হঠাতে তেওঁ মূৰ তুলি এফালে চালে, যেন কলিংবেলৰ শব্দ শুনিছে। হয়, তেওঁ উঠি গ'ল মূল দুৱাৰখনৰ ফালে।

ক্ষন্তেক পিছতে তেওঁ উভতি আহিল, লগত সোমাই আহিল লেডাৰৰ এপ্ৰ’ন পিন্ধা দুজন ব্যক্তি। কুৰিয়াৰৰ মানুহ। মানুহ দুজনে ক'লা ট্ৰাংকটো উঠাই ল'লে আৰু অহা বাটে ঘূৰি গ'ল। গোটেই সময়ছোৱা তেখেতে উত্তেজিতভাৱে মানুহ দুজনৰ পিছে পিছে লাগি থাকিল, যাতে ট্ৰাংকটো সঠিকভাৱে উলিয়াই নিয়া হয়।

মানুহ দুজন গুচি যোৱাৰ পিছত উভতি আহি তেওঁ কপালৰ ঘাম মচিলে, যেন আচল পৰিশ্ৰম তেওঁৰহে হৈছে।

মানুহজনে তাৰমানে ঘৈণীয়েকৰ বাকচটো আগতীয়াকৈ পঠিয়াই দিলে। 
তেওঁ আজিও দেৱালখনৰ পিনে হাত মেলিলে। আৰু সুৰাপান কৰাত লাগিল। মই গন্টি কৰিলো, এগিলাছ, দুগিলাছ, তিনি গিলাছ। কালি যেনিবা তেওঁ বেডিং-পত্ৰ বান্ধি ভাগৰি পৰিছিল, আজি কিহৰ কাৰণে ভাগৰি পৰিছে, কিয় মদ খাবলগীয়া হ'ল। 

অবশেষত তেওঁ সেই কোঠাটোৰ পিনে আগবাঢ়িল। মই দেখিলোঁ ড্ৰয়িং ৰূমৰ মাজেৰে পাৰ হৈ তেওঁ বেডৰূমত সোমাইছে। প্ৰথম বাৰৰ বাবে বেডৰূমৰ পৰ্দা কোঁচ খালে। তেওঁক দেখা গ'ল খিৰিকিৰ মুখত। তেওঁ পিছলৈ ঘূৰি চাইছে, এটা নিৰ্দিষ্ট দিশত নহয়। তেওঁ চাইছে কোঠাটোৰ চাৰিওফালে, তলৰ পৰা ওপৰলৈ, সোঁফালৰ পৰা বাঁওফাললৈ। কোঠাটো উদং। 

তেওঁ ভিতৰলৈ সোমাই গ'ল, আৰু উদং বিছনাখনৰ তোছক-পাতিবোৰ মেৰিয়াই ভৰি পথানত থুপ খোৱাই থ'লে। 

মানুহগৰাকী ক'লৈ গ'ল?

ইংৰাজীত এষাৰ কথা আছে "ডিলেইড এক্সন।" ইয়াৰ প্ৰকৃত অৰ্থ আজিহে উপলব্ধি কৰিলো।
দুদিন ধৰি এক ধৰণৰ নিৰাকাৰ অস্বস্তি আৰু এক অবয়ৱহীন সন্দেহে মোৰ মনৰ মাজত উৰি ফুৰিছিল, অৱতৰণ কৰিবলৈ সুযোগ বিচাৰি ফুৰা এটা মাখিৰ দৰে। যেতিয়াই ই অৱতৰণ কৰিব খোজে, তেতিয়াই আশ্বস্ত কৰিব পৰা নগন্য কথা কিছুমানে মাখিটোক পৰাত বাধা দিয়ে, তাক পুনৰ উৰুৱাই পঠায়। কিন্তু তেওঁ যেতিয়া তোচক তুলিবোৰ সামৰি থ'লে, মুহূৰ্ততে সন্দেহৰ মাখিটোৱে তাৰ লক্ষ্যস্থান ঠিক কৰিলে, এটা মৃতদহেৰ ওপৰত। 

ইমান পৰে মোৰ মনৰ যুক্তিবাদী অংশটো অৱচেতন অংশটোতকৈ পিছ পৰি আছিল। ডিলেইড এক্সন। এতিয়া দুয়োটা অংশই একেস্বৰে কৈ উঠিল, মানুহজনে ঘৈণীয়েকক কিবা কৰিছে।

মই নিজকে ক’লো: ধৈৰ্য্য ধৰ। অলপ শান্ত হ। আচলতে তই জানো কিবা দেখিছ? তইতো একো দেখা নাই! মাত্ৰ তই দেখিছ যে মানুহগৰাকী বৰ্তমান তাত নাই।

ছেমে দুৱাৰদলিত থিয় হৈ মোৰ ফালে চাই আছিল। মোৰ প্লেটখন দেখি সি অভিযোগৰ সুৰত ক’লে: “আপুনিচোন একো নুচুলেই। মুখখনো শুকাই গৈছে।”
তাৰ উপস্থিতিয়ে মোৰ চিন্তাত বাধা জন্মালে। তাৰ পৰা নিস্তাৰ পাবলৈ মই ক'লো, "চেম, সেই ঘৰটোৰ এড্ৰেছ কি?"

"কিবা বেনেডিক্ট এভিনিউ।"

"সেইটো জানো। তই সেইপিনে ঘূৰি গৈ ঘৰটোৰ একজেক্ট নম্বৰটো চাই আহাচোন।"

“কিয় লাগে বাৰু আপোনাক?”  যাবলৈ ওলাই সি সুধিলে।

“সেইটো তই জানিব নালাগে,” মই ক’লো। লগতে যোগ দিলো, “আৰু যদি পাৰ, ভিতৰলৈ সোমাই গৈ মেইলবক্সৰ পৰা উলিয়াব পাৰ নেকি চাবি, চতুৰ্থমহলাৰ পিছফালৰ ফ্লেটটোত কোন থাকে! ভুল তথ্য নানিবি কিন্তু। আৰু চাবি যাতে তোক কোনেও নেদেখে।”

ওলাই যাওঁতে সি ভোৰভোৰাই কৈ গ'ল, “মানুহৰ যেতিয়া কাম নোহোৱা হয়। ৰূমৰ ভিতৰতে দিনৰ দিনটো সোমাই থাকে। তেতিয়াই জগতৰ কুচিন্তাবোৰে মনত ঠাই পায়।" 
দুৱাৰখন বন্ধ হৈ গ’ল। মই পুনৰ কিছু গঠনমূলক কুচিন্তাৰ মাজত নিজকে মগ্ন কৰিলো।

মই নিজকে সুধিলো: কিহৰ ওপৰত ভিত্তি কৰি বাৰু মই এই ধাৰণাত উপনীত হৈছো? এতিয়ালৈকে কি কি তথ্য আছে মোৰ হাতত‍, তেওঁলোকৰ দৈনন্দিন অভ্যাসৰ শৃংখলাডালত হোৱা কিছু খেলিমেলিৰ বাদে? 

১/ প্ৰথম নিশা গোটেই ৰাতি লাইট জ্বলি আছিল।  ২/ দ্বিতীয় নিশা মানুহজন আনদিনতকৈ পলমকৈ ঘৰ সোমাইছিল। ৩/ হেটটো খোলা নাছিল।  ৪/ আনদিনাৰ দৰে মানুহগৰাকী ওলাই অহা নাছিল তেওঁক সম্ভাষণ জনাবলৈ — আগদিনাখন সন্ধিয়াৰ পৰাই তেওঁৰ খবৰ নাই।  ৫/ মানুহগৰাকীৰ বেডিং পত্ৰ বান্ধি উঠি মানুহজনে অলপ মদ খাইছিল। কিন্তু পিছদিনাখন বেডিংটো পঠায়েই তেওঁ ওপৰা-উপৰিকৈ তিনিপেক মদ খালে। ৬/ মানুহজন ভিতৰি ভিতৰি বিচলিত আৰু চিন্তিত হৈ আছিল, আৰু পিছফালৰ খিৰিকিকেইখনৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল।  ৭/ যোৱা নিশা তেওঁ ড্ৰয়িং ৰূমত শুইছিল, এবাৰো বেডৰুমৰ ওচৰলৈ নগ'ল। 
ধৰি ল'লো, মানুহগৰাকী সিদিনা সঁচাকৈয়ে যথেষ্ট অসুস্থ হৈ পৰিছিল, আৰু তেওঁক ক'ৰবালৈ পঠিয়াই দিয়া হৈছিল। তেনেহ'লে ১, ২, ৩ আৰু ৪ নম্বৰ পইন্টটো লগে লগে মিলি হৈ যায়। ৫ আৰু ৬ নং পয়ন্টটোও খাৰিজ হৈ যায়। কিন্তু ৭ নং পইন্টোৱে পুনৰ সকলো আউল লগাই দিয়ে।