May 29, 2014

সেউজ দ্বীপৰ ৰজা - নৱম অধ্যায়

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan  
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
নৱম অধ্যায়

বহুত চেষ্টাৰ অন্তত সন্তুৰ মুখেৰে এটা মৃদু চিৎকাৰ ওলাই আহিল৷
 
খুৰাদেউৱে ঘূৰি চালে৷ এক মুহূৰ্তও পলম নকৰি তেওঁ মানুহটোৰ হাতত ৰিভলভাৰৰ মুঠিটোৰে প্ৰচণ্ড জোৰে কোব এটা মাৰিলে৷ মানুহটোৱে সন্তুক এৰি দিলে, ধাঁচকৈ মাটিত বাগৰি পৰিল সি৷
 
মানুহটোৱে এইবাৰ মূৰটো দাঙি খুৰাদেউৰ হাত এখনত কামুৰি ধৰিলে৷ খুৰাদেউৱে স্থান-কাল পাহৰি চিঞৰি উঠিল 'উঃ' বুলি৷ আৰু ইখন হাতেৰে ৰিভলভাৰৰ মুঠিটো মাৰি দিলে তাৰ মূৰত৷ মানুহটো কাটি হৈ পৰি গ', আৰু চকু দুটা মুদ খাই গ'ল৷
 
খুৰাদেউৱে বগুৱা বাই গৈ নিজৰাৰ পৰা পানী আনি ছটিয়াবলৈ ধৰিলে সন্তুৰ চকুৱে মুখে৷ আৰু ব্যাকুলভাৱে মাতিবলৈ ধৰিলে, "সন্তু, সন্তু৷"
 
অলপ সময় পিছত সন্তুৱে চকু মেলি চালে৷ সি হুৰমূৰকৈ উঠি বহিব খোজোতেই খুৰাদেউৱে বাধা দি ক'লে, "'ব হ', উঠিব নালাগে৷ শুই থাক৷ অলপ পিছত চব ঠিক হৈ যাব৷"
 
খুৰাদেউৱে এইবাৰ পানী আনি সেই মানুহটোৰ মুখত ছটিয়াবলৈ ধৰিলে৷ সি কিন্তু চকু নেমেলিলে৷
 
খুৰাদেউৱে ক'লে, "মানুহটো মৰিয়ে থাকিল নেকি? মাৰি পেলালো নেকি মই?"
 
তেওঁ তাৰ নাকৰ ওচৰলৈ হাতখন নি ক'লে, "নাই, উশাহ নিশাহ লৈ আছে৷ অজ্ঞান হৈ পৰিছে৷ ৰক্ষা৷"
 
এইবাৰ তেওঁ মানুহটোৰ ক্ষত স্থান বিলাক মচি দিলে৷ কিছু বন-লতা চিঙি তাৰ ৰস লগাই দিলে৷ মোজাৰ বেণ্ডেজটো বান্ধি দিলে পেটত৷ তাৰ পিছত ক'লে, "পেটৰ পৰা তেজ ওলোৱাটো যদি বন্ধ হয়, বাচি যাবও পাৰে৷"
 
সন্তু তেতিয়ালৈ উঠি বহিছে৷ এতিয়াও তাৰ মূৰটো ৰিম-ঝিম কৰি আছে৷ সি ভাবিছিল, সি নাবাচিবই৷ ডিঙিটো ফুলি উঠিছে তাৰ৷
 
খুৰাদেউৱে সুধিলে, "এতিয়া কেনেকুৱা পাইছ? বিষাই আছে নেকি?"
 
সন্তুৱে ক'লে, "নাই৷"
 
"কি যে ভয়ানক ঘটনা এটা ঘটি গল!"
 
সন্তুৱে অলপ অভিমানৰ সুৰত ক'লে, "মই তাক পানী আনি খুৱালো, তাৰ পিছতো সি মোক মাৰিব খুজিছিল? তাক মই বচাবলৈহে চেষ্টা কৰিছিলো৷"
 
খুৰাদেউৱে ক'লে, "ইহঁতে আমাক বিশ্বাস নকৰে৷ বাহিৰৰ যিকোনো মানুহেই ইহঁতৰ বাবে শত্ৰু৷"
 
"মোৰ আৰু ইয়াত থাকি একদম ভাল লগা নাই৷"
 
"কালি ৰাতিপুৱাই আমি গুচি যাম৷ পুলিচৰ বোট আহিব৷"
 
"যদি নাহে?"
 
"নাহিব কিয়? নিশ্চয় আহিব৷ সিহঁতে আমাক উপেক্ষা কৰিব পাৰিব জানো? আমি আজি ৰাতিটোৰ ভিতৰতে গোটেই দ্বীপটো এবাৰ ঘূৰি-পাকি চাই ল'ম৷ ৰাতিয়েই সুবিধা৷ তাৰ পিছত ৰাতিপুৱা গৈ আমি সাগৰৰ পাৰত লুকাই থাকিম৷ বোট আহিলেই উঠি দিম৷"
 
ইমান বাধা-বিঘিনিৰ পিছতো খুৰাদেউৱে দ্বীপটো ঘূৰি-পাকি চাব খুজিছে৷ তেওঁৰ উৎসাহ একোতে নকমে৷ ভয়-ভীত অকণো নাই৷ এপাত পেং নাই, খোজেই কাঢ়িব পৰা নাই, অথচ দ্বীপটো চাইহে এৰিব৷
 
সন্তুৱে ক'লে, "আমি এতিয়াই সাগৰৰ পাৰলৈ গুচি নাযাওঁনো কিয়?"
 
খুৰাদেউৱে ক'লে, "বাঃ, গোটেই দ্বীপটো নোচোৱাকৈয়ে গুচি যাম? তেনেহ'লে আহিলো কিয়? গোটেইতো নোচোৱাকৈ নাযাওঁ৷"
 
পুনৰ তেওঁ সন্তুৰ কান্ধত ধৰি খোজ কাঢ়িবলৈ ধৰিলে৷ নিজৰাৰ পাৰে পাৰে৷ যিহেতু বালিচৰখন চাফা, ভৰিত লতা চতা লাগি নধৰে ইয়াত৷ জোনৰ পোহৰত সন্মুখটোও দেখা যায়৷
 
সিহঁতে বেছি দূৰলৈ যাব নাপালে৷ হঠাত দেখা গ', অলপ দূৰৈত হাবিৰ মাজত এটা টৰ্চ জ্বলি উঠিছে৷
 
খুৰাদেউৱে লগে লগে সন্তুক ঠেলা মাৰি দি নিজেও শুই পৰিল মাটিত৷ তাৰ পিছত বাগৰি বাগৰি নিজৰাটোৰ পাৰৰ পৰা আঁতৰি গৈ জোপোহা এটাৰ আঁৰত লুকাই পৰিল তেওঁ৷ সন্তুও গ'ল তেওঁৰ পিছে পিছে৷
 
তেনেতেই গুৰুম গুৰুমকৈ দুটা গুলীৰ শব্দ শুনা গ'ল৷
 
গুলীৰ শব্দটো প্ৰতিধ্বনিত হ'বলৈ ধৰিলে হাবিখনৰ মাজত৷ যেন দূৰৈৰ কোনো পাহাৰত ঠেকা খাই খাই উভতি আহিছে শব্দবোৰ৷ তাৰ পিছত বেছ কিছু সময় ধৰি নিৰৱতা৷ সন্তুৱে প্ৰায় উশাহ-নিশাহ বন্ধ কৰি পৰি আছে৷ কিন্তু তাৰ বুকুৰ ভিতৰত যেনেকৈ ধান বানিবলৈ আৰম্ভ কৰিলে, তাৰ ভয় লাগিল, কোনোবাই শুনি পেলাব বুলি৷
 
অলপ পিছতেই শুনা গ'ল খোজৰ শব্দ৷ একেলগে বহুত মানুহৰ ভৰিৰ খোজৰ শব্দ৷ ভালকৈ মন কৰিলে বুজা যায়, যিয়ে খোজ কাঢ়িছে, সিহঁতে খালি ভৰিৰে খোজ কঢ়া নাই, জোতা পিন্ধি খোজ কাঢ়িছে৷ সিহঁত এইপিনেই আহি আছে৷ মাজে মাজে টৰ্চৰ পোহৰ জ্বলি উঠিছে আৰু নুমাই গৈছে৷ অলপ পিছত প্ৰায় সাত আঠটা মানুহ আহি ৰ'ল নিজৰাটোৰ পাৰত৷ ইহঁত আটাইকেইটা বিদেশী৷ নাই, আটাইকেইটা নহয়, এটা চাগে পাঞ্জাবী শিখ৷ সিহঁতে টৰ্চ জ্বলাই চাৰিওফালে চাবলৈ ধৰিলে৷
 
এটাই ইংৰাজীতে ক'লে, "নিশ্চয় অলপ আগলৈকে ইয়াত কোনোবা আছিল৷ মই মাত শুনিছিলো৷"
 
আন এটাই ক'লে, "এয়া চা, বালিত খোজৰ চিন৷"
 
পুনৰ সিহঁতে টৰ্চৰ পোহৰ পেলালে নিজৰাটোৰ দুয়োপাৰে৷
 
খুৰাদেউ আৰু সন্তু যদিও এটা ঘন জোপোহাৰ আঁৰত লুকাই আছে, সেইটো কিন্তু নিজৰাটোৰ পৰা বেছি দূৰত নহয়৷ এই বিদেশী কেইটাই অলপ ভালকৈ বিচাৰ-খোঁচাৰ কৰিলেই সন্তুহঁত ধৰা পৰি যাব৷ খুৰাদেউৱে ৰিভলভাৰটো মুঠি মাৰি ধৰি আছে৷
 
বিদেশী কেইটাৰ দুটাৰ হাতত ৰাইফল, বাকী কেইটাৰ হাতত ৰিভলভাৰ৷ পাঞ্জাবীৰ দৰে মানুহটোৰ হাতত টৰ্চ৷
 
সন্তুৱে অনুভৱ কৰিলে তাৰ ভৰিৰ কাষত যেন কিবা এটা লৰচৰ কৰি আছে৷ ঠাণ্ডা ঠাণ্ডা কিবা এটা তাৰ গাত লাগিছে৷ সাপ নেকি? খুৰাদেউৱে যদিও কৈছিল, ইয়াৰ সাপৰ বিষ নাই, সন্তুৰ কিন্তু কথাটো মনলৈ নাহিল তেতিয়া৷ সি লগে লগে ভৰিখন আঁতৰাই আনিলে৷ এইবাৰ ভৰিখন পৰিল, এটা বেছ ডাঙৰ ঠাণ্ডা জীৱন্ত বস্তুৰ ওপৰত৷ সন্তুৱে ভীষণ ভয় খালে, সি মুখেৰে শব্দ নকৰিলে যদিও ভৰিখন আঁতৰাই নিওঁতেই শুকান পাতৰ খচমচনিৰ শব্দ এটা হ'ল৷
 
লগে লগে টৰ্চৰ পোহৰটো সেইপিনে ঘূৰি গ'ল৷
 
কিন্তু সন্তুহঁত ধৰা পৰাৰ আগতেই বিদেশী এটাই 'আঃ' বুলি চিঞৰি উঠিল৷ আন এটাই উত্তেজিতভাৱে ক'বলৈ ধৰিলে, "সিহঁতে আকৌ কাঁড় মাৰিছে৷ টৰ্চটো বন্ধ কৰ, বুৰ্বক৷"
 
তাৰ পিছতেই একেলগে ছটা বন্দুক পিষ্টল গৰজি উঠিল৷ সন্তুৱে ধৰিব পাৰিলে, সিহঁতৰ পিছ ফালৰ পৰা জাকে জাকে কাঁড় উৰি আহিছে৷ কেইডাল মান কাঁড় গছৰ ডালত লাগি সৰি পৰিছে মাটিত৷ জাৰোৱাৰ লগত বিদেশী কেইটাৰ যুদ্ধ আৰম্ভ হৈ গৈছে৷ সন্তুহঁত পৰি ৰ'ল মাজত৷ যিকোনো ফালৰ পৰাই গুলী বা কাঁড় আহি লাগিব পাৰে সিহঁতৰ গাত৷ কিন্তু এতিয়া কৰিব পৰা একো নাই৷
 
বিদেশী কেইটা এঠাইতে ৰৈ থকা নাই, জাৰোৱাই যাতে সিহঁতক এইম কৰিব নোৱাৰে, তাৰ বাবে সিহঁতে ইফালে সিফালে দৌৰি ফুৰিছে, আৰু ধাৰাসাৰ গুলী বৰ্ষণ কৰিছে৷৷ তেনেতে গুলীৰ শব্দ শুনি ক'ৰ পৰা জানো বনৰীয়া গাহৰিৰ জাক এটা ওলাই আহিল৷ জীৱনত কেতিয়াও সিহঁতে এনেকুৱা শব্দ শুনা নাছিল- সেয়ে ভয়তে হুৰহুৰকৈ দৌৰি গ'ল নিজৰাটোৰ পাৰেৰে৷ প্ৰায় পঞ্চাছ ষাঠিটা মান হ'ব৷
 
যুদ্ধ শাম কাটিল দহ মিনিট মানৰ ভিতৰতেই৷ জাৰোৱাবোৰে কাঁড় মৰা বন্ধ কৰি পিছুৱাই গৈছে৷
 
বিদেশী এটাই ক'লে, "লেটছ মুভ৷"
 
আন এটাই ক'লে, "মোৰ গাত কাঁড় লাগিছে৷ উঠাই দে মোক৷ ইঞ্জেক্সন, ইঞ্জেক্সন কাৰ লগত আছে?"
 
তাৰ পিছত কিছু সময় গুণগুণনি চলিল৷ এটা কাঁচৰ বটল ভঙাৰ নিচিনা শব্দ হ'ল৷ অলপ পিছত বুজা গ', সিহঁত গুচি গৈছে৷
 
আৰু পাঁচ মিনিট মান অপেক্ষা কৰাৰ পিছত খুৰাদেউ উঠি বহিল৷ সন্তুৱে উঠি প্ৰথমেই চালে তাৰ ভৰিৰ কাষৰ বস্তুটোনো কি৷ নাই সাপ নহয়, এটা মস্ত ডাঙৰ ভেকুলী, প্ৰায় আধা কিলো মান ওজনৰ হ'ব৷ সন্তুৱে জোতাৰে ঠেলি ঠেলি সেইটো আঁতৰাই পঠালে৷
 
খুৰাদেউৱে কোটৰ পৰা মাটি আৰু শুকান ডাল-পাতবোৰ জাৰি জোকাৰি লৈ ক'লে, "আমি দুটা বিদেশীক পলোৱা দেখিছিলো, কিন্তু ইয়াত ইহঁত ছটা আছে৷ তাৰ মানে আগৰে পৰাই কেইটামান আহি বেলেগ কোনো দ্বীপত লুকাই আছিল৷ আচৰিত জাত৷"
 
সন্তুৱে ক'লে, "খুৰাদেউ লাহে লাহে কওঁক, জাৰোৱাবোৰ ওচৰতে থাকিব পাৰে৷"
 
খুৰাদেউৱে ক'লে, "নাই, তাৰ সম্ভাৱনা নাই৷ জাৰোৱাবোৰ পলাইছে৷ সিহঁতে ভয় খাইছে৷ সিহঁতে এনেকুৱা কাণ্ড কেতিয়াও দেখা নাই ৷"
 
"কি? গুলীয়া-গুলী? বন্দুক-বাৰুদ দেখা নাই আগতে?"
 
"নহয়, বন্দুক বাৰুদ নহয়৷ মই যিমান দূৰ জানো, জাৰোৱাই বন্দুক-বাৰুদক ভয় নকৰে৷ সিহঁতে মৰিবলৈও ভয় নকৰে৷ কিন্তু এনেকুৱা ঘটনা সিহঁতে কেতিয়াও দেখা নাই আগতে৷"
 
"কেনেকুৱা ঘটনা?"
 
"তই ধৰিব নোৱাৰিলি? এটাই যে ইঞ্জেক্সন ইঞ্জেক্সন বুলি চিঞৰিছিল, শুনা নাছিলি?"
 
"অঁ, শুনিছিলো৷"
 
"এইবাৰ ইহঁত কেইটা সম্পূৰ্ণ প্ৰস্তুত হৈ আহিছে৷ চাহাবৰ জাততো, একো ক্ৰুটি ৰখা নাই৷ চবেই জাৰোৱাৰ বিষাক্ত কাঁড়ক ভয় কৰে৷ কাঁড়ে গাত লাগিলেই মানুহ মৰে৷ কিন্তু আমি পাহৰি যাওঁ যে বিষৰো ঔষধ আছে৷ আনকি, সাপৰ বিষো লগে লগে ঔষধ দি নষ্ট কৰি পেলাব পাৰি৷ এই বিদেশী কেইটাই তাৰ ঔষধ লৈ আহিছে৷ কাঁড় লাগিও কোনো এটা মৰা নাই, তাকে দেখি ভয় খাই গৈছে জাৰোৱাবোৰ৷ এইবাৰ সিহঁত হাৰিবই৷"
 
খুৰাদেউৱে বগুৱা বাই নিজৰাৰ ফালে আগুৱাই গ'ল৷ ইফালে সিফালে খেপিয়াই কি জানো বিচাৰিবলৈ ধৰিলে৷ অলপ পিছতেই পাই গ'ল এপাত কাঁড়৷ অতি সাৱধানে কাঁড়পাতৰ পিছ মূৰটোত ধৰি পানীত ধুই ল'লে৷ তাৰ পিছত সেইপাত দেখুৱাই ক'লে, "এয়া চা৷ এনেয়ে এইপাত একো ডাঙৰ অস্ত্ৰ নহয়৷"
 
সন্তুৱে চালে, কাঁড়পাত সঁচাকৈয়ে বিশেষত্বহীন৷ বহুখিনি খেলনা কাঁড়ৰ দৰে৷ কাঁড়ৰ মূৰত যে লোৰ টুপটো থাক, ইয়াত সেইটোও নাই৷ কাঁড়পাত বাহৰ৷ আগটো অত্যন্ত জোঙা৷ কাঁড়পাতৰ পিছফালে পাখিও লগোৱা নাই৷
 
খুৰাদেউৱে ক'লে, "বিষ যদি নাথাকে এনেকুৱা কাঁড় গাত আঠ-দহপাত লাগিলেও বিশেষ একো ক্ষতি নহ'ব৷ বিষৰ বাবে বিদেশী কেইটাই ইঞ্জেক্সন লৈ লৈছে৷ জংঘলতনো আৰু কিডাল বিষ পোৱা যাব? খুব সম্ভৱ জাৰোৱাবোৰে ষ্টিকনিন জাতীয় কিবা বিষ ব্যৱহাৰ কৰে৷ লগে লগে এন্টিডট লৈ ল'লে সেই বিষে একো অনিষ্ট কৰিব নোৱাৰিব৷ বিদেশী কেইটাই ভাবি চিন্তিয়েই সেই ঔষধ লৈ আহিছে৷ আমিও আনিব লাগিছিল৷"
 
খুৰাদেউৱে কাঁড়পাত নিজৰ বেগত ভৰাই ল'লে৷ তাৰ পিছত এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "এই ছয়-সাতটা বিদেশীয়ে মিলি অনায়াসে পাঁচশ-ছশ জাৰোৱা মাৰি পেলাব পাৰিব৷ আমি পোৰ্ট ব্লেয়াৰলৈ উভতি গৈ এতিয়াই এই কথাটো পুলিচক জনাব লাগিছিল৷"
 
কিন্তু পোৰ্ট ব্লেয়াৰলৈ যাব কেনেকৈ? সন্তুৱে তাকেই ভাবিলে৷ এই অন্ধকাৰ জংঘলৰ মাজেৰে সাগৰলৈ যোৱা ৰাস্তা বিচাৰি উলিওৱাটোৱেই প্ৰায় অসম্ভৱ৷ সাগৰৰ পাৰ পালেই যেনিবা? লঞ্চ বা মটৰবোট ক'ত পোৱা যাব? দাশগুপ্ততো ভয়তে পলাই গল৷ কালি যদি তেওঁ পুলিচ লগত লৈ উভতি আহে...
 
খুৰাদেউৱে নিজকে কোৱাৰ দৰে ক'লে, "ইহঁতি এনেদৰে উঠিপৰি লাগিছে কিয়? নিশ্চয় ইয়াত কিবা দামী বস্তু আছে৷ ইয়াৰ আগত আহিছিল বিজ্ঞানীবোৰ৷ কিন্তু ইহঁতক বিজ্ঞানী যেন লগা নাই, বিজ্ঞানীয়ে গুলীয়াই মানুহ নামাৰে৷ ইহঁত নিশ্চয় চোৰ-ডকাইত হ'ব৷"
 
তাৰ পিছত তেওঁ সন্তুৰ পিনে চাই উত্তেজিতভাৱে ক'লে, "সন্তু তই এটা কাম কৰিব লাগিব৷ তাৰ বাবে খুব সাহসৰ প্ৰয়োজন৷ ভয় কৰিলে কিন্তু নহ'ব৷ তই সাগৰৰ পাৰত গৈ লুকাই থাক৷ এতিয়া জাৰোৱাই সাগৰৰ পাৰত পহৰা দিবলৈ সময় নাপাব৷ হ'লেও তই খুব সাৱধানে থাকিব লাগিব৷ দাশগুপ্তই কালি কোনো এটা সময়ত মটৰবোট লৈ আহিবই৷ তাক চব বুজাই ক'বি৷ দৰকাৰ হ'লে পঞ্চাছ ষাঠিজন পুলিচ লৈ ভিতৰলৈ সোমাই আহে যেন৷ যিকোনো উপায়েৰে হওঁক এই বিদেশী কেইটাক ধৰিবই লাগিব৷ ৷ যা, তই আগবাঢ়৷"
 
সন্তুৱে অবাক হৈ ক'লে, "মই অকলে যাম?"
 
"অঁ৷"
 
"মই কিয় অকলে যাম? নাই, সেইটো হ'ব নোৱাৰে৷"
 
"বেছি কথা নক'বি৷ তই অকলেই যাব লাগিব৷"
 
"তুমি ইয়াত থাকিবা? তোমাক সিহঁতে মাৰি পেলাব৷"
 
"সহজে নোৱাৰিব, মই লুকাই থাকিম৷"
 
"খুৰাদেউ, মই তোমাক এৰি ক'লৈকো নাযাওঁ৷ মায়ে কৈ দিছে, অনবৰতে তোমাৰ লগত থাকিবলৈ৷"
 
"সন্তু, অবুজন নহ'বি৷ ইয়াতে এতিয়া দুয়ো একেলগে থকাৰ কোনো যুক্তি নাই৷ দুয়ো মৰিব লাগিব৷ মোৰ বহুত বয়স হৈছে, মই মৰিলেও সিমান আফচোচ নাই! মানুহটো এদিন নহয় এদিন মৰেই! হ'লেও মৰাৰ আগতে এই ৰহস্যটো জানি যাবলৈ চেষ্টা কৰিম৷ তই বাচিবই লাগিব৷ তাৰোপৰি, তই গৈ দাশগুপ্তক খবৰ দিলে সিহঁতে মোক বচোৱাৰ চেষ্টা কৰিবও পাৰে৷"
 
"কিন্তু তুমিচোন এপাত পেঙেৰে বেছি সময় খোজ কাঢ়িবও নোৱাৰিবা৷"
 
"মই ৰাতিটো ইয়াতেই জোপোহাটোৰ মাজত শুই থাকিম৷ ৰাতিপুৱা এটা গছৰ ঠানি যোগাৰ কৰি ল'ম৷ মোৰ অসুবিধা নহয়৷ সাগৰৰ পাৰটোৱেই এতিয়া আটাইতকৈ বেছি নিৰাপদ৷"
 
"কিন্তু মই আন্ধাৰে-মুন্ধাৰে সাগৰৰ পাৰলৈ যাম কেনেকৈ? ৰাস্তা হেৰুৱাই পেলাম৷"
 
"সাগৰৰ পাৰলৈ যোৱাতো একেবাৰেই সহজ৷ এই নিজৰাটো যিহেতু পোৱা গ'ল৷ ইয়াৰ পাৰে পাৰে গৈ থাকিলেই হ'ল৷ নিজৰাটো নিশ্চয় সাগৰত পৰিছেগৈ৷ খুব সাৱধানে যাবি কিন্তু৷"

সন্তুৰ মনৰ মাজত কান্দোন উথলি উঠিল৷ সি খুৰাদেউৰ হাতত চেপি ধৰি ক'লে, "খুৰাদেউ, মই নাযাওঁ৷ মই তোমাক অকলে এৰি থৈ কোনো কাৰণতেই নাযাওঁ৷"
 
খুৰাদেউৱে সন্তুৰ মূৰত হাত থৈ গধুৰ মাতেৰে ক'লে, "সন্তু, এইবাৰ তোক ইয়ালৈ আনিয়েই ভুল কৰিলো৷ এনেকুৱা বিপদ হ'ব পাৰে বুলি মই ভবাই নাছিলো৷ কিন্তু ইয়াত আমি দুয়ো একেলগে থকাতো বেছি বিপদজনক৷ পুলিচক এটা খবৰ দিয়াটো অত্যন্ত জৰুৰী৷"
 
"তুমিও ব'লা মোৰ লগত৷"
 
"মই গ'লে নহ'ব৷ মই সেই বিদেশী কেইটাৰ ওপৰত চকু ৰাখিব খোজো৷"
 
"তুমি অকলে কি কৰিবা সিহঁতৰ লগত? সিহঁত যদি পুনৰ এইপিনে আহে?"
 
"মই লুকাই থাকিম৷ সিহঁতে মোক নেদেখে৷ মই তোক কথা দিছো৷ মই ইয়াতেই থাকিম৷ বেলেগ ক'লৈকো নাযাওঁ৷"
 
"তেনেহ'লে অকলে অকলে কিয় বহি থাকিব লাগে? নাই খুৰাদেউ, তুমি  'লা মোৰ লগত৷ মই অকলে কোনো কাৰণতেই নাযাওঁ৷"
 
খুৰাদেউৱে এইবাৰ কঠোৰ মাতেৰে ক'লে, "সন্তু, তোক যাবলৈ কৈছো নহয়, যা৷ তই নাজান, মোৰ কথাৰ যে লৰচৰ নহয়? মই বহুত ভাবি চিন্তিয়েই তোক যাবলৈ কৈছো৷ মই ইয়াতেই থাকিম৷ যা, এতিয়াই ৰাওনা হ'৷"
 
সন্তুৱে আৰু কথা ক'বলৈ সাহস নকৰিলে৷ এখোজ দুখোজকৈ যাবলৈ আৰম্ভ কৰিলে৷ কেবাবাৰো পিছলৈ ঘূৰি ঘূৰি চালে, কিন্তু অলপ পিছতেই খুৰাদেউক আৰু নেদেখা হ'ল৷ তেওঁ লুকাই পৰিছে জোপোহাৰ অন্ধকাৰৰ মাজত৷ সন্তুও ডাঙৰ শিলটোৰ সিপাৰে গুচি গ'ল৷

নিজৰাৰ পাৰৰ বালিৰ ওপৰত জোনৰ স্নিগ্ধ পোহৰ, তাত সন্তুৰ ছাঁ পৰিছে৷ সেই ছাঁটোৱেই তাৰ সংগী৷ হাবিখন ইমানেই নিস্তব্ধ যে ভাবিলেই গা চমচমাই যায়৷ ক'ত গোপনে গছৰ ওপৰত জাৰোৱা লুকাই আছে কোনে জানে? যিকোনো সময়তে কাঁড় আহি গাত লাগিব পাৰে৷
 
সন্তুৱে খৰধৰকৈ নিজৰাৰ পাৰৰ পৰা উঠি হাবিৰ মাজত সোমাল৷ নিজৰাৰ পাৰত থাকিলে দূৰৈৰ পৰাও দেখা যায়৷ পিছে হাবিৰ মাজত সোমোৱাৰ পিছত ছাঁটোৱেও তাৰ লগ এৰিলে৷
 
তাৰ মনটো খুব বেয়া লাগিছিল৷ খুৰাদেউক তেনেকৈ এৰি থৈ অহাটো জানো ঠিক হ'? অকলে এই ভয়ংকৰ জংঘলৰ মাজত তেওঁ কিমান সময় লুকাই থাকিব পাৰিব? নিজে ভালকৈ খোজো কাঢ়িব নোৱাৰে৷ কিন্তু খুৰাদেউৱে যে কেতিয়াও কাৰো কথা নুশুনে৷
 
নিজৰাটো ক্ৰমে তললৈ নামি গৈছে৷ ইয়াত খোজ কঢ়াটো বৰ কঠিন৷ মাজে মাজে কাঁইটীয়া জোপোহা৷ এজোপা ডাঙৰ গছত হাত দিয়াৰ লগে লগেই সন্তুৰ হাত ফালি তেজ ওলাবলৈ ধৰিলে৷ গছৰ গাতো কাঁইট৷ তাৰ বেছি ভয় লাগিছে, 'ৰবাত উজটি খাই পৰি যায় বুলি৷ সি সাগৰৰ পাৰ গৈ পাবই লাগিব৷
 
হঠাৎ এটা শব্দত সি উচপ খাই উঠিল৷ শব্দটো ইমানেই বিকট যে গাৰ তেঁজ গোট মাৰি যায়৷ প্ৰথমে ভাব হৈছিল একেলগে দুই-তিনিটা চৰায়ে কিৰিলীয়াই উঠিছে৷ কিন্তু কি চৰায়ে ইমান বিভৎস সুৰত চিঞৰে? আৰু ইমান জোৰত? শব্দটো এনেকুৱাঃ কিলা কিলা কিলা কিলা কিলা কিলা৷
 
সন্তু থমকি ৰৈ গৈছিল৷ অলপ সময় পিছতে আকৌ একেই ধৰণৰ কিলা কিলা কিলা কিলা শব্দ শুনিবলৈ পোৱা গ'ল তাৰ সোঁফালে৷ আগৰ বাৰ শব্দটো আহিছিল বাওঁ ফালৰ পৰা৷ এইবাৰ এনেকুৱা লাগিল যেন কেবাজনো মানুহে তাৰ চাৰিওফালে উৰুলি দিছে৷ সন্তুৰ সৰ্ব শৰীৰ কঁপি উঠিল৷

পূৰ্বৱৰ্তী অধ্যায়লৈ                                   সূচীপত্ৰলৈ                                 পৰৱৰ্তী অধ্যায়লৈ