অষ্টম অধ্যায়
এইপিনে সন্তুৱে পানীত জঁপিয়াই পৰিয়েই
ভাবিলে, তাক ঘঁৰিয়ালে কামুৰিব৷ সি সাঁতুৰিব জানে৷ কিন্তু সাঁতুৰিবলগীয়া নহ'ল৷ সাগৰৰ এটা ডাঙৰ ঢৌৱে তাক পাৰলৈ ঠেলি
থৈ আহিল৷ উঠিয়েই সি লগে লগে গছ এজোপাৰ আঁৰত লুকালে৷
আন এজোপা গছৰ আঁৰত লুকাই আছিল খুৰাদেউ৷
কিছু সময় লুকাই থকাৰ পিছত তেওঁ চেপা মাতেৰে ক'লে, "তই মূৰ্খৰ দৰে পানীত জাপ দিলি কিয়?
তোক
পোৰ্ট ব্লেয়াৰলৈ যাবলৈ কোৱা নাছিলো?"
সন্তুৱে ক'লে, "তুমি কিয় আহিলা?"
"মই আহিছো, ভাল কৰিছো৷ মই বুঢ়া মানুহ, কিবা এটা ডাঙৰ কামৰ বাবে মই যদি মৰিও
যাওঁ, তাত একো নাহে নাযায়৷ কিন্তু তই সৰু ল'ৰা, তোৰ মাৰক মই কথা দি আহিছো তোৰ একো বিপদ
হ'বলৈ নিদিওঁ বুলি৷"
"মাই মোক কৈছে, অনৱৰতে তোমাৰ লগত থাকিবলৈ৷"
"এহঃ! তই বৰ দিগদাৰখন কৰি মাৰ! বাৰু আহ,
তই
মোৰ পিছ পিনে থিয় হৈ থাক৷ অকণো লৰচৰো নকৰিবি কিন্তু৷ কোনো সাৰি-শব্দ নহয়
যাতে৷"
দুয়ো কিছু সময় কাণ থিয় কৰি ৰ'ল৷ ক'তো একো শব্দ নাই৷ বোধহয় জাৰোৱাবোৰে
এতিয়াও সিহঁতৰ কথা গম পোৱা নাই৷ সন্মুখৰ পৰাই আৰম্ভ হৈছে ঘন জংঘল৷ অকণো ফাঁক নাই৷
ইমান ঘন জংঘলৰ মাজত গাত কাঁড় লগাৰ সম্ভাৱনা কম৷ অলপ দূৰৈৰ পৰা কাঁড় মাৰিলে
কোনোবা নহয় কোনোবা গছত লাগি যাব৷
বেছ কিছু সময় অপেক্ষা কৰাৰ পিছত সিহঁতে
বুজি পালে যে ওচৰে পাজৰে কোনো জাৰোৱা নাই৷ তেতিয়া হাতত সাৰে ভৰিত সাৰে সিহঁতে
জংঘলৰ মাজে মাজে আগবাঢ়িবলৈ ধৰিলে৷ ভৰিৰ তলৰ মাটি জেকা৷ গছৰ পৰা সৰি পৰা অসংখ্য
পাত গেলি-পচি থেপথেপীয়া হৈ আছে৷ ইয়াত যেতিয়াই তেতিয়াই বৰষুণ দিয়ে৷
খুৰাদেউৱে ভাবিছে, সাগৰৰ পাৰৰ পৰা যিমান দূৰলৈ আঁতৰি যাব
পাৰি, সিমানেই ভাল৷ ইমান ডাঙৰ জংঘলৰ ভিতৰত জাৰোৱাই সিহঁতক পতককৈ বিচাৰি
নাপাব৷ জংঘলৰ ভিতৰত দিনৰ ভাগতো অন্ধকাৰ৷
খুৰাদেউৰ পেংপাত হঠাৎ এঠাইত বোকাত
সোমাই গ'ল৷ তেওঁ সেইপাত টানি উলিয়াব খোজোতেই তাল চম্ভালিব নোৱাৰি হামখুৰি খাই
পৰি গ'ল৷ সন্তুৱে লগে লগে গৈ তেওঁক উঠাই দিলে৷ তাৰ পিছত সি নিজেই পেংপাত
টানি উলিয়ালে বোকাৰ মাজৰ পৰা৷
সন্তুৱে ভাবিলে, খুৰাদেউৱে খোৰা ভৰিৰে সকলো ঠাইত খোজ
কাঢ়িব নোৱাৰে৷ এনেকুৱা জংঘলততো আৰু অসুবিধা হয়৷ অথচ তেওঁ সন্তুক খং কৰিছিল,
ভাগ্য
ভাল সি যে নিজে জোৰ কৰি আহি গ'ল৷
খুৰাদেউৱে গছ এজোপাত আঁউজি জিৰণি ল'লে৷ সন্তুৱে অকণমান আগবাঢ়ি গ'ল চাবলৈ৷ অনৱৰতে তাৰ গাটো চমচমাই আছে৷
দাশগুপ্তই কৈছিল, ইয়াৰ জংঘল যিমান গভীৰ হ'লেও বাঘ সিংহৰ ভয় নাই৷ আটাইতকৈ বেছি ভয় মানুহৰ৷
সন্তুৰ এনেকুৱা লাগিছে, লুকাই লুকাই যেন কোনোবাই তাক চাই আছে৷ যিকোনো মুহূৰ্ততে তাৰ গাৰ ওপৰত
জঁপিয়াই পৰিব৷
সন্তুৱে ওপৰলৈ চাবলৈ ধৰিলে, গছৰ ওপৰত কোনোবা বহি আছে নেকি? অৱশ্যে ইয়াৰ গছত উঠা ইমান সহজ নহয়৷
প্ৰায় প্ৰতিজোপা গছেই সাংঘাতিক ওখ৷ তলৰ পৰা পোন হৈ ওপৰলৈ উঠি গৈছে, কোনো ডাল পাত নাই, মূৰৰ ওপৰ ছোৱা প্ৰকাণ্ড ছাতিটোৰ দৰে৷
একো-একোজোপা গছৰ বয়স হয়তো দুশ তিনিশ বছৰ৷ গাত শেলুৱৈ ধৰিছে৷
হঠাৎ দূৰৈত এটা ছৰছৰনি শুনা গ'ল৷ ভয়তে কঁপি উঠিল সন্তু৷ কোনোবা যেন
হাবি-জংঘল ভাঙি দৌৰি আহিছে৷ জাৰোৱা আহিল তাৰমানে এইবাৰ৷ আৰু উপায় নাই৷ সন্তুৱে
দৌৰি গ'ল খুৰাদেউৰ ওচৰলৈ৷ খুৰাদেউৱেও শব্দটো শুনিছে৷ তেওঁ সন্তুক টানি নি
দুজোপা ডাঙৰ গছৰ ফাঁকত লুকাল৷ হাতত ৰিভলভাৰ৷
অলপ পিছতেই সিহঁতৰ অলপ দূৰেৰে দৌৰি গ'ল দুটা হৰিণা৷ তাৰ পিছত আৰু তিনিটা৷
শেষৰ হৰিণাটোৱে সিহঁতৰ পিনে অবাক হৈ চাই থাকি বেছি বেগাই দৌৰি মাৰিলে৷
খুৰাদেউৱে ক'লে, "সাৱধান, অলপো লৰচৰ নকৰিবি৷ হৰিণা কেইটাৰ পিছে
পিছে মানুহো আহিব পাৰে৷"
কিন্তু কোনো মানুহ নাহিল৷ হৰিণা কেইটাই
এনেয়ে দৌৰিছে৷ সন্তুৱে ইচ্ছা কৰা হ'লে তাৰে এটা ধৰিয়ে পেলাব পাৰিলেহেঁতেন৷ কিন্তু
এতিয়া হৰিণা ধৰাৰ সময় নহয়৷
খুৰাদেউৱে ক'লে, "ইয়াত ৰৈ থাকি লাভ নাই৷ আমি চেষ্টা কৰিব
লাগিব, জাৰোৱাবিলাকৰ চকুত নপৰাকৈ যাতে গোটেই দ্বীপটো এবাৰ চাই আহিব পাৰো৷
তাৰ পিছত কালি ৰাতিপুৱা যেতিয়া দাশগুপ্তই পুলিচ লৈ আহিব, তেতিয়া আমি গুচি যাম৷ ব'ল, আগবাঢ়ো৷"
চাৰিওপিনে চাই চাই অতি সন্তৰ্পনে সিহঁতে
আগুৱাই যাবলৈ ধৰিলে৷ ক্ৰমশঃ আন্ধাৰ হৈ আহিছে৷ অলপ দূৰত এটা খুব মৃদু শব্দ শুনিবলৈ
পোৱা গ'ল৷ পানীৰ শব্দৰ দৰে লাগিল৷ নিশ্চয় তাত এটা নিজৰা আছে৷ সন্তুৰ মনত
পৰিল, তাৰ বৰ পিয়াহ লাগিছে৷ তাৰ গাৰ সমস্ত কাপোৰ-কানি তিতা৷ জোতাযোৰো তিতি
জেপজেপীয়া দিছে৷ কিন্তু পিয়াহত তাৰ ডিঙি শুকাই কাঠ হৈ পৰিছিল৷
খুৰাদেউৱে সেই পানীৰ শব্দটো লক্ষ কৰিয়েই
আগবাঢ়িবলৈ ধৰিলে৷ হঠাৎ সন্তুৱে কিবা এটাত উজুটি খালে৷
তললৈ চাই দেখিলে, এটা মানুহ৷ প্ৰকাণ্ড ওখ মানুহ এটা,
গাত
কোনো কাপোৰ-কানি নাই৷ মানুহটো মাটিত চিত হৈ পৰি আছে, চকু দুটা মেলা৷
সন্তুৱে ভয়তে চিঞৰিব খুজি নিজেই নিজৰ
মুখত সোপা মাৰি ধৰিলে৷
খুৰাদেউৱে সুধিলে, "কি হ'ল?"
সন্তুৱে একো উত্তৰ নিদিলে৷ ভয়তে তাৰ
মুখখন শেঁতা পৰি গৈছে৷
খুৰাদেউৱেও এইবাৰ মানুহটো দেখিলে৷ লগে
লগে তেওঁ ৰিভলভাৰটো পোনাই ধৰিলে সেই পিনে৷
মানুহটোৱে কিন্তু অকণো লৰচৰ নকৰিলে,
কোনো
কথাও নক'লে৷ কেৱল খোলা চকু দুটাৰে থৰ লাগি চাই আছে সিহঁতৰ পিনে৷
খুৰাদেউৱে হাউলি মানুহটোৰ গাত হাত লগাই
চাই ক'লে, "মানুহটোচোন মৰিছে৷"
তেওঁ এইবাৰ মানুহটোৰ কাষত বহি পৰিল৷
মানুহটোৰ গাত কোনো দাগ নাই, কোনো ক্ষতচিহ্নও নাই, তেনেহ'লে মৰিল কেনেকৈ? মানুহটোৰ চুলিখিনি নিগ্ৰোৰ দৰে,
গাৰ
ৰং কিচকিচীয়া ক'লা, হাত দুখন দীঘল, আৰু বুকুখন যেন পাথৰেৰে বনোৱা৷ এনেকুৱা এটা
ডেকা মানুহ কোনো কাৰণ নোহোৱাকৈয়ে মৰি গ'ল যে?
খুৰাদেউৱে মানুহটোক লুটিয়াই দিলে৷
তেতিয়াহে দেখা গ'ল, তাৰ গলধনৰ ওচৰত তেজ লাগি আছে৷ সেইখিনিতে এটা ফুটা৷
খুৰাদেউৱে ফুচফুচাই ক'লে, "গুলী! ইয়াৰ ডিঙিত গুলী লাগিছে৷
সৰ্বনাশ৷"
সন্তুৱে ইমান ওচৰৰ পৰা কোনোদিনে মৰা
মানুহ দেখা নাছিল৷ সি ভয়তে ঠৰঙা লাগিল, মুখৰ মাত হেৰাই গ'ল তাৰ৷
খুৰাদেউৱে ক'লে, "গুলী কৰি মাৰিছে, তাৰ মানে সেই বিদেশী কেইটা ইয়াত আছে৷
মই কোৱা নাছিলো জানো? সিহঁত আমাতকৈ আগত আহি পাইছে৷ সন্তু মোক উঠাই দে৷"
খুৰাদেউৰ এখন ভৰি খোৰা কাৰণে তেওঁ এবাৰ
বহি দিলে ঘপহকৈ পুনৰ উঠিব নেৱাৰে৷ তেওঁ হাত এখন আগবঢ়াই
দিলে, সন্তুৱে হাতখনত ধৰি টানি উঠাই দিলে তেওঁক৷
খুৰাদেউৱে ক'লে, "আমি আকৌ লুকাব লাগিব৷ এতিয়া আমাৰ
দুয়োফালৰ পৰা বিপদ৷ জাৰোৱাই দেখিলেও মাৰিব আৰু বিদেশী কেইটাই দেখিলেও নেৰিব৷"
দুয়ো এটা জোপোহাৰ আঁৰত কিছু সময় লুকাই
থাকিল৷ ক'তো একো সাৰি-শব্দ নাই, কেৱল দূৰৈৰ সেই নিজৰাটোৰ শব্দৰ বাদে৷ অথচ এনে
লাগিছে কোনোবা যেন ওচৰতে লুকাই সিহঁতলৈ চাই আছে৷ চাৰিওফালে এনেকুৱা ঘিটমিটীয়া
অন্ধকাৰ হৈ পৰিছে যে একো এটা দেখা নাযায়৷ বেছ কিছু সময় ৰৈ থাকিও কোনো সাৰি-শব্দ
শুনা নগ'ল৷
সন্তুৰ ডিঙিটো একেবাৰে শুকাই গৈছিল৷
পিয়াহত যেন বুকু ফাটি যাব৷ ডিঙিৰ কাষতে বাৰে বাৰে মহে কামুৰি আছে৷ এবাৰ সি থাচকৈ
মহ এটা মাৰিলে৷
খুৰাদেউৱে ক'লে, "ধেৎ! শব্দ নকৰিবি৷"
সন্তুৱে ক'লে, "খুৰাদেউ, মই পানী খাম৷"
খুৰাদেউৱে ক'লে, "মোৰো পিয়াহ লাগিছে৷ ইয়াত ৰৈ থাকিতো লাভ
নাই৷ ব'ল, আমি লাহে লাহে নিজৰাটোৰ পিনে গৈ থাকো৷"
অন্ধকাৰত ক'ত ভৰি পৰিছে, বুজাৰ উপায় নাই৷ সন্মুখলৈ হাত মেলি
মেলি আগবাঢ়িবলগীয়া হৈছে, আগত ডাঙৰ গছ-তচ কিবা আছে নেকি জানিবলৈ৷ অথচ
সিহঁতে গছত খুন্দা খালে কেবাবাৰো৷ খুৰাদেউৰ পেংপাত বাৰে বাৰে লাগি ধৰিছে
বন-লতাৰ মাজত, সেইবিলাক টানি টানি এৰুৱাবলগীয়া হয়৷
বেছ কিছুদূৰ যোৱাৰ পিছত নিজৰাটো চকুত
পৰিল৷ ইয়াত গছ-গছনি অলপ পাতল বাবে জোনৰ পোহৰ পানীত পৰিছে৷ সেয়ে ইয়াত অন্ধকাৰ কম৷
নিজৰাটো খুব থিয়, পানীত প্ৰবল সোঁত৷
ইমান সময় অন্ধকাৰত থাকি অসহ্য লাগি
গৈছিল, সন্তুৱে সেয়ে দৌৰি নাম গ'ল নিজৰাটোৰ পিনে৷ নিজৰাৰ পাৰত বালি,
জোনৰ
পোহৰত জিকমিকাই আছে৷ সন্তুৱে পানীত এখোজ দিয়েই পুনৰ উঠি আহিল৷ সোঁতৰ বেগ ইমানেই
প্ৰবল যে তাক উটুৱাই নিব পাৰে৷ সি উবুৰি হৈ পৰি মুখখন পানীত লগাই অলপ পানী খাই ল'লে৷ পানীখিনি ঠাণ্ডা নহয়, অকণ অকণ গৰম, আৰু সোৱাদটোও কেহা কেহা৷ হ'লেও পেট ভৰাই খাই ল'লে সি৷ গোটেই দিনটোৱে একো খোৱা নহ'ল৷ ইমান সময়ে ভোকৰ কথা তাৰ মনলৈকেই অহা
নাছিল৷
খুৰাদেউৱে নিজৰাৰ পাৰত বহিব খোজোতেই
হামখুৰি খাই পৰি গ'ল৷ পানীলৈ বাগৰি যাব ধৰিছিল, সন্তুৱে তেওঁৰ চোলাত ধৰি টানি ৰাখিলে৷
তাৰ পিছত খুৰাদেউৱে নিজকে চম্ভালি ল'লে হয়, কিন্তু এটা ডাঙৰ অঘটন ঘটি গ'ল৷ হামখুৰি খাই পৰিবৰ সময়ত খুৰাদেউৰ
সোঁ হাতৰ পেংপাত ছিটিকি গৈ পানীত পৰিল, আৰু তাৰ পিছতেই সেইপাত সোঁতে উটুৱাই নিবলৈ
ধৰিলে৷ সন্তুৱে নিজৰাৰ পাৰে পাৰে কিছু দূৰলৈ দৌৰি গৈছিল, কিন্তু পেংপাত ধৰিব নেৱাৰিলে, তাৰ সন্মুখত এটা প্ৰকাণ্ড শিল, সেইটো ওপৰেৰে পাৰ হৈ যোৱা সম্ভৱ নহয়৷
তাৰ সোঁফালেৰে ঘূৰি যেতিয়া সি পুনৰ নিজৰাটোৰ পাৰত ওলাল, তেতিয়া পেংপাত আৰু নেদেখা হৈ গৈছিল৷
সন্তুৱে ঘূৰি অহাৰ লগে লগেই খুৰাদেউৱে
সুধিলে, "নাপালি?"
"নাই৷"
তেওঁ হতাশভাৱে ক'লে, "ছেঃ, কি হ'ব এতিয়া?"
পেং অবিহনে তেওঁ এটা খোজো কাঢ়িব
নোৱাৰে৷ বাওঁ হাতৰ পেংপাত আছে, পিছে এপাত পেঙত ভৰ দি খোজ কাঢ়িলে অলপ পিছতে কাষলতিৰ
তলখন বিষাবলৈ ধৰে৷ এনেও বিপদত পৰিলে খুৰাদেউৱে দৌৰিব নোৱাৰে, এতিয়া যদি খোজো কাঢ়িব নোৱাৰে, কৰিব কি?
খুৰাদেউৱে এটা দীৰ্ঘ নিশ্বাস পেলাই মনে
মনে বহি ৰ'ল৷ তাৰ পিছত এক আঁজলি পানী মুখৰ ওচৰলৈ আনি জিভাখন লগাই চাই ক'লে, "এইটো এটা হট ৱাটাৰ স্প্ৰিং৷ ওচৰতে ক'ৰবাত পাহাৰ ফাটি ওলাইছে৷ পানীত বহু
পৰিমাণে গন্ধক আৰু লো মিহলি হৈ আছে৷ তাৰ পৰা অৱশ্যে বিশেষ ক্ষতি নহয়, খাব পৰা যাব৷"
সন্তুৰ হাতত ধৰি খুৰাদেউ উঠিল৷ তাৰ
পিছত তাৰ কান্ধত ভেজা দি দি নিজৰাটোৰ পাৰে পাৰে আগুৱাবলৈ ধৰিলে৷ অলপ পিছত ক'লে, "গছৰ ঠানি এটা ভাঙি লাঠি এডাল বনাই ল'ব লাগিব অন্ততঃ৷"
সন্তুৱে ক'লে, "মই এতিয়াই বনাই দিছো৷"
ওচৰৰে ঠানি এটাত ধৰি টান মাৰিলে সি৷
ঠানিটো কিন্তু নাভাঙিল৷ অত্যন্ত টান৷ ঠানিটোত ধৰি সি ওলমি দিলে৷ ঠানিটো বেঁকা হৈ
আহিল, কিন্তু নাভাঙিল৷
খুৰাদেউৱে ক'লে, "চুৰিৰে কাটিব লাগিব৷ ইয়াৰে বেছিভাগ
গছেই পেডোক বা চিলভাৰ উড, কাঠৰ কাৰণে খুব ভাল৷"
সন্তুৰ জেপত সৰু চুৰি এখন আছিল৷
সেইখনেৰে বেছি ডাঙৰ ঠানি কাটিব পৰা নাযায়৷ হ'লেও সি চেষ্টা এটা কৰি চাব খুজিলে৷
তেনেতেই শুনা গ'ল এটা অদ্ভুত শব্দ৷ কোনোবাই যেন খুব জোৰে জোৰে ফোঁপাই আছে৷
কাণ থিয় কৰি সি শব্দটো শুনিবলৈ ধৰিলে৷
একো একোবাৰ নোহোৱা হৈ যায়, পুনৰ আৰম্ভ হয়৷ ওচৰতে ক'ৰবাত৷ শব্দটো লক্ষ কৰি সি অলপ আগুৱাই
যাওঁতেই দেখিলে মাটিত মানুহ এটা পৰি আছে৷ তাৰ দেহটো জোপোহাৰ মাজত আৰু মূৰটো বাহিৰলৈ
ওলাই আছে৷ মুখখন মেলি সি নিজৰাটোৰ পিনে চাই আছে আৰু তেনেদৰে দীঘল দীঘলকৈ ফোঁপাই
আছে৷
এই মানুহটোও দেখিবলৈ আগৰটোৰ দৰেই,
কিন্তু
জোনৰ পোহৰত দেখা গ'ল যে ইয়াৰ সৰ্ব শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছে৷
খুৰাদেউৱে ক'লে, "ইয়াৰ গাতো গুলী লাগিছে, কিন্তু মানুহটো যে এতিয়াও বাচি
আছে!"
তেওঁ গৈ মানুহটোৰ ওচৰত ৰ'ল৷ সি মুখখন ঘূৰাই সিহঁতৰ পিনে চালে,
দৃষ্টিত
তীব্ৰ ঘৃণা৷
খুৰাদেউৱে ক'লে, "ইছ ইছ, মানুহটো ইমানদূৰ বাগৰি বাগৰি আহিছে
পানী খাবলৈ৷ আৰু আগুৱাব পৰা নাই৷ সন্তু যাচোন ইয়াক অলপ পানী আনি দে৷"
সন্তুৱে আঁজলিৰে অলপ পানী আনি মানুহটোৰ
মুখত বাকি দিলে৷ মানুহটোৱে মুখখন মেলি আছে৷ যিখিনি পানী মুখৰ বাহিৰত পৰিছে,
সেইখিনিও
জিভাৰে চেলেকি নিয়াৰ চেষ্টা কৰিছে৷ সন্তুৱে তিনি চাৰিবাৰ তেনেকৈ পানী আনি খুৱালে
তাক৷ খুৰাদেউৱে তেতিয়ালৈ মানুহটোৰ কাষত বহি পৰিছিল৷
তাৰ পেট, কান্ধ আৰু ভৰিত তিনিটা গুলী লাগিছে৷
ইয়াৰ ভিতৰত পেটৰ আঘাতটোৱেই আটাইতকৈ ভয়ংকৰ৷
খুৰাদেউৱে ক'লে, "এতিয়াও চেষ্টা কৰিলে মানুহটোক বচাব পৰা
যাব পাৰে৷"
তেওঁ জেপৰ পৰা ৰুমাল এখন উলিয়াই মানুহটোৰ
ক্ষত স্থানত হেঁচি ধৰিলে৷ তাৰ পিছত তেওঁ ভৰিৰ মোজাযোৰ খুলিলে। আৰু ফালি ফালি জোৰা
দি বেণ্ডেজৰ দৰে বনাবলৈ ধৰিলে৷
সন্তুৱে ওচৰতে বহি চাই আছিল৷ হঠাতে
মানুহটোৱে হাত এখন দাঙি তাৰ ডিঙিত চেপা মাৰি ধৰিলে৷ সি কিবা বুজি পোৱাৰ আগতেই মানুহটোৰ
আঙুলিবোৰ চেপেনাৰ দৰে বহি গ'ল তাৰ ডিঙিত৷ ইমান তেজ যোৱাৰ পিছতো মানুহটোৰ গাত
কি প্ৰচণ্ড শক্তি, সন্তুৱে দুহাতেৰে আঁজুৰিও তাৰ হাতখন এৰুৱাব পৰা নাই৷ তাৰ উশাহ বন্ধ
হৈ আহিছে৷ সি কোনো শব্দ কৰিব পৰা নাই৷ খুৰাদেউৱে আনফালে মুখ কৰি একান্তমনে মোজা
ফালি ফালি বেণ্ডেজ বনোৱাত ব্যস্ত৷ তেওঁ একো গমেই পোৱা নাই৷
***