সপ্তম অধ্যায়
ভবা মতে যেতিয়া কথাবোৰ নিমিলে, তেতিয়া মনৰ অৱস্থাটো পুনৰ স্বাভাবিক হ'বলৈ বেছ কিছু সময় লাগে৷ সিংঘানিয়া নামটোৰ সৈতে সিংহ শব্দটোৰ মিল আছে বাবেই চাগে ব্যক্তিত্ব সম্পন্ন কাৰোবাক আশা কৰিছিলো৷ যি আহিল, তেওঁ মধ্যমীয়া গঢ়ৰ, মেজাজত মধ্যমীয়া গাম্ভীৰ্য্য, কন্ঠস্বৰ সৰুও নহয়, ডাঙৰো নহয়৷ কেৱল এডাল শকত পাকখোৱা গোফ আছে কাৰণেই অলপ ব্যক্তিত্ব ৰক্ষা হৈছে৷
"মাই নেম ইজ সিংহানিয়া৷" ক'লে ভদ্ৰলোকে, "প্লিজ চিট ডাউন৷"
আমি তিনিওজনে দুটা গাডীত মিলামিছাকৈ বহিলো৷ সিংহানিয়া বহিল তৃতীয় গাডীখনত আমাৰ পিনে পোন হৈ৷ কথা বাৰ্তা চলিল ইংৰাজী আৰু হিন্দীত সানমিহলি কৈ৷
সিংহানিয়াই ক'লে, "আপোনাৰ ক্ষাতিৰ সৈতে মই পৰিচিত মিঃ মিটাৰ, কিন্তু চিনাকি হোৱাৰ সৌভাগ্য হোৱা নাছিল৷"
ফেলুদাই ক'লে, "বিপদত নপৰিলেতো আমাক কোনেও নিবিচাৰে, সেয়ে চিনাকি হোৱাৰ সৌভাগ্যও নহয়৷"
"মই অৱশ্যে আপোনাক বিপদত পৰি মতা নাই৷"
"সেইটো জানো," ক'লে ফেলুদাই৷ "আপোনাৰ নামো কিন্তু মই শুনিছো৷ অৱশ্যে সিংহানিয়তো বহুত আছে, সেয়ে যাৰ নাম শুনিছো, তেৱেই যে আপুনি ক'ব নোৱাৰিম৷"
"আই এম ভেৰি ইন্টাৰেষ্টেদ টু ন', আপুনি ক'ত মোৰ নাম শুনিলে৷"
"আপুনি হৰিদ্বাৰলৈ গৈছিল কেতিয়াবা?"
"চাৰ্টেনলি৷"
"তাত ভৱানী উপাধ্যায় বুলি এজনক লগ কৰিছিল?"
"হয় কৰিছিলো; কিন্তু আপুনি জানিলে কেনেকৈ?"
"উপাধ্যায়ৰ ঘৰৰ মালিকে মোক কৈছিল যে মিঃ সিংহানিয়া আৰু আন এজন মানুহে উপধ্যায়ক লগ কৰিবলৈ আহিছিল৷"
"আৰু একো কোৱা নাই?"
"কৈছিল, উপাধ্যায়ক বোলে আপুনি লোভ দেখুৱাইছিল, কিন্তু তেওঁ তাক সম্বৰণ কৰে৷"
"হোৱাট এ ষ্ট্ৰেঞ্জ মেন দি উপাধ্যায়! মই তেনেকুৱা মানুহ দ্বিতীয় এজন দেখা নাই৷ ভাবি চাওঁক মিঃ মিটাৰ, মানুহজনৰ মাহিলি আয় মাহে পাঁচশ টকাৰ বেছি নহয়, কাৰণ দুখীয়া মানুহক তেওঁ বিনাপইছাই চিকিৎসা কৰে৷ সেইজন মানুহক মই পাঁচলাখ টকাৰ অফাৰ দিছিলো৷ আপুনি জানে চাগে তেওঁৰ লগত এটা অত্যন্ত ভেল্যুৱেবল লকেট আছে, খুব সম্ভৱ এসময়ত সেইটো ট্ৰ্যাভাঙ্কোৰৰ মহাৰাজাৰ আছিল৷"
"সেইটোতো জানো, কিন্তু মোৰ জানিবলৈ মন গৈছে, আপুনি এই লকেটটোৰ বিষয়ে গম পালে কেনেকৈ? সেইটোতো ৰজাৰ চাৰি পাঁচজন নিকত ব্যক্তিৰ বাদে আন কোনেও নাজানিছিল৷"
"মই খবৰটো পাইছিলো, সেই নিকত মানুহ এজনৰ পৰাই৷ মোৰ জুৱেলাৰীৰ ব্যৱসায় আছে দিল্লীত৷ মোক এই লকেটটোৰ খবৰ দিছিল ৰুপনাৰায়ণগড়ৰ মেনেজাৰ মিঃ পুৰীৰ ল'ৰা দেৱীশঙ্কৰ পুৰীয়ে৷ সি মোক লকেটটো কিনিবলৈ ক'লে৷ নেচাৰেলি হি এক্সপেক্টেদ এ পাৰচেন্টেজ৷ মই গ'লো হৰিদ্বাৰলৈ৷ উপাধ্যায় ৰিফিউজ কৰিলে৷ পুৰীৰ উৎসাহ কমি গ'ল৷ কিন্তু মই সেইটো কিনাৰ লোভ এৰিব পৰা নাই৷ মোৰ বোধেৰে, এতিয়াও চেষ্টা কৰিলে হয়তো পোৱা যাব৷ তেতিয়া তেওঁ ডাক্তৰী কৰিছিল, লোকৰ সেৱা কৰিছিল, এতিয়া হি ইজ এ সন্ন্যাসী৷ এজন ঘৰ এৰা সন্যসীৰ তেনেকুৱা এটা পাৰ্থিৱ সম্পদৰ প্ৰতি আসক্তি থাকিব বুলি বিশ্বাস কৰিবলৈ অলপ অদ্ভুত নালাগেনে? সেয়ে মই তেওঁক আৰু এবাৰ এপ্ৰোছ কৰিব বিচাৰো৷"
"ভাল কথা৷ কৰক৷"
"দেট ইজ ইম্পচিবল মিঃ মিটাৰ৷"
"কিয়?"
"তেওঁ যি ঠাইত থাকে, তালৈ যোৱা মোৰ পক্ষে অসম্ভৱ৷ মই আপোনাক এটা কথা সুধিব পাৰো?"
"সোধক৷"
"হোৱাই আৰ ইউ হিয়াৰ?"
"প্ৰধানত ভ্ৰমণৰ উদ্দেশ্যে৷ হ'লেও উপাধ্যায় মানুহজনৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে৷ তেওঁৰ যদি কিবা অনিষ্ট হোৱা দেখো, তেনেহ'লে মই বাধা দিম৷"
"ইউ আৰ এক্টিং এজ এ ফ্ৰি এজেন্ট? আপোনাক কোনেও এমপ্লই কৰা নাই?"
"নাই৷"
"আপুনি মোৰ হৈ এটা কাম কৰিব?"
"কি কাম?"
"আপুনি উপাধ্যায়ক দেখা কৰি তেওঁক বুজাই মেলি লকেটটো আনি দিয়ক৷ মই আপোনাক পাঁচলাখৰ টেন পাৰচেন্ট দিম৷ তেওঁ যদি নিজে টকাটো নলয়, তেনেহ'লে তেওঁৰ যদি কোনোবা উত্তৰাধিকাৰী আছে, তেওঁক আমি টকাটো দিম৷"
"কিন্তু এই লকেটটোৰ প্ৰতি ইন্টাৰেষ্টেত আন কেবাজনো ইয়াত আছে৷ আপুনি জানেনে সেইটো?"
"ৰুপনাৰায়ণগড়ৰ সৰু কোঁৱৰ, নহয় জানো?"
"আপুনি জানে?"
"জনা নাছিলো৷ আজি আবেলি ভাৰ্গৱ বুলি এজন সাংবাদিক আহিছিল৷ কেদাৰলৈ আহিও যে সাংবাদিকৰ উৎপাত সহ্য কৰিব লাগিব, সেইটো জনা নাছিলো৷ যি হওঁক, সিয়েই খবৰটো দিলে৷ কিন্তু সৰু কোঁৱৰেতো ফিল্ম বনাবলৈ আহিছে৷"
"জানো৷ কিন্তু তাত উপাধ্যায় আৰু লকেটটোৰ এটা ডাঙৰ ভুমিকা আছে৷"
সিংহানিয়াৰ চেহেৰাটো এইবাৰ এটা এন্দুৰৰ নিচিনা হৈ গ'ল৷
তেওঁ হাতজোৰ কৰি ক'লে, "ভগৱানৰ দোহাই মিঃ মিটাৰ, প্লিজ হেল্প মি৷"
"আপুনি ভাৰ্গৱক এই বিষয়ে একো কোৱা নাইতো?"
"পাগল! মই কৈছো তীৰ্থ ভ্ৰমণ কৰিবলৈ আহিছো৷ কেদাৰ আহিবলৈ আৰু কিবা কাম থাকিব লাগে নেকি?"
"ভাৰ্গৱ মানুহজনো উপাধ্যায়ৰ প্ৰতি ইন্টাৰেষ্টেদ৷ কিন্তু খবৰৰ কাগজৰ খোৰাক হিচাপে৷"
"আপুনি কিন্তু এতিয়াও মোৰ কথাৰ উত্তৰ দিয়া নাই৷"
"মিঃ সিংহানিয়া, মই এইটোকে ক'ব পাৰো যে, আপোনাৰ প্ৰস্তাৱ মই উপাধ্যায়ক জনাম৷ কিন্তু মোৰ ধাৰণা, তেওঁ যদি লকেটটো নিজে নাৰাখে, তেনেহ'লে সেইটো বোধহয় আন কাৰোবাক দি যাব খুজিব৷ গতিকে এতিয়াই খাটাংকৈ একো নকও, সময়ত অৱস্থা বুজি ব্যৱস্থা লোৱা হ'ব৷ কি কয়?"
"ভেৰি গুদ৷"
বাহিৰত ৰাতি৷ কেদাৰ চহৰ নিজম পৰিছে৷ ঘৰৰ বন্তি, ৰাস্তাৰ বন্তি, দোকানৰ বন্তি, সকলোবোৰেই যেন অনুজ্বল হৈ পৰিছে৷ তাৰ মাজতেই এঠাইত বেছ উজ্জল পোহৰ এটা দেখি অৱাক হৈ আগুৱাই গৈ দেখো, সৰু কোঁৱৰ পৱনদেৱে এটা বেটাৰীৰ লাইট জ্বলাই কেদাৰৰ গলিৰ ফটো তুলিছে৷ আমাক দেখি শ্বুটিং বন্ধ কৰি ফেলুদাক উদ্দেশ্যী সুধিলে, "উপাধ্যায়ৰ কোনো খবৰ পালে?"
ফেলুদাই উত্তৰ নিদি ওলোটাই সুধিলে, "আপুনি আছে ক'ত?"
"ইয়াতে পাণ্ডাই ৰুম ভাৰা দিয়ে জানে নহয়? তাৰেই এটাত আছো, এই বাওঁফালৰ ৰাস্তাটোৰে দুটা ঘৰ পাৰ হৈ সোঁফালৰ ঘৰটো৷"
"ঠিক আছে, মই আপোনাক লগ কৰিম", ক'লে ফেলুদাই৷ আমি আগুৱাই গ'লো আমাৰ ধৰমশালাৰ পিনে৷
লালমোহনবাবুৱে হঠাৎ মন্তব্য কৰিলে, "সৰু কোঁৱৰ মানুহটো কেনেকুৱা ক'ব নোৱাৰিম, কিন্তু সিংহানিয়া মানুহটো চালাক আছে৷"
"কেনেকৈ জানিলে?" ফেলুদাই সুধিলে৷
"আপুনি য'ত বহিছিল, তাৰপৰা হয়তো দেখা নাযায়, কিন্তু মই দেখিছো, মানুহজনৰ কোটৰ বাওঁ পকেটত এটা টেপ ৰেকৰ্ডাৰ৷ কথা আৰম্ভ হোৱাৰ আগতে সেইটো টুক কৰি চলাই দিলে৷"
"চালাকৰ ওপৰতো চালাক থাকে, জানে নহয়?"
ফেলুদায়ো তেওঁৰ জেপৰ পৰা মাইক্ৰ' কেছেট ৰেকৰ্ডাৰ এটা বাহিৰ কৰি দেখুৱালে৷
"আপুনি ভাবিছিলে নে যে এইটো মই.."
ফেলুদাই কথা শেষ কৰিবলৈ নাপালে, কাৰণ কান্ধত এটা আঘাত পাই তেওঁ লগে লগে মাটিত বাগৰি পৰিল৷ গলিৰ এই অংশটো নিৰ্জন৷ সেই সুযোগতে ওচৰৰ কোনো গলিৰ পৰা মানুহ এজন হঠাতে ওলাই আহি এই কাণ্ডটো কৰে৷
মুহূৰ্তৰ ভিতৰতে এটা অদ্ভুত ঘটনা ঘটি গ'ল৷ মানুহজনে মাৰিয়েই পলাইছিল; কিন্তু মই তাৰ ওপৰত জপিয়াই পৰি তাৰ ককালত দুই হাতেৰে জপতিয়াই ধৰি তাক দেৱালত হেচি ধৰিলো৷ সিও মোক ওলোটাই থেলা মাৰি পলাব খুজিছিল, তেনেতে লালমেহনবাবুৱে তেওঁৰ হাতৰ অস্ত্ৰপাতেৰে তাক একে কোবে ধাৰাশায়ী কৰি পেলায়৷
অস্ত্ৰটো অইন একো নহয়, গৌৰীকুণ্ডত দুটকা দি কিনা সেই লোহা লগোৱা লাঠি৷ স্পস্তকৈ দেখিলো, মানুহটোৰ মূৰ ফাটি হলাহলে তেজ ওলাইছে৷ কিন্তু সেই অৱস্থাতে সি উঠি একে দৌৰে আন্ধকাৰত মিলি গ'ল৷
এইপিনে ফেলুদা উঠি বহিছে৷ দেখিলেই বজা যায় তেওঁ যঠেষ্ট দূৰ্বল হৈ পৰিছে৷ আমি দুয়োজনে দুফালে ধৰি তেওঁক তুলিলো৷ ধৰমশালাৰ ওচৰ পাওঁতে ফেলুদাই ক'লে, "কেদাৰতো তাৰমানে গুণ্ডা আহি সোমাল!"
ভাগ্যৰ বলত আমাৰ কাষৰ ৰুমটোতে এজন বঙালী ডাক্তৰ পোৱা গ'ল, নাম অধীৰ সেন৷ অধীৰবাবুৱে আকৌ ফেলুদাক চিনি পালে, গতিকে জখমৰ তুলনাত শুশ্ৰুষাটো অলপ বেছিয়েই হ'ল৷ সোঁ-কান্ধত এঠাইত কাটিছিল, তাত ঔষধ দি বেণ্ডএইড লগাই দিলে৷
ফেলুদাই ক'লে, "ফ্ৰেক্সাৰে হওঁক বা যিয়েই হওঁক, মোক বিচনাত শুৱাই ৰাখিব নোৱাৰিব, এইটো আগতেই কৈ থ'লো৷"
ফিজৰ কথা সোধোতে ভদ্ৰলোকে জিভা-তিভা কাটি একাকাৰ, "হ'লেও কথাটো কি জানে মিঃ মিত্তিৰ৷ এইবাৰৰ সৈতে মোৰ তিনিবাৰ হ'ল কেদাৰ৷ প্ৰাকৃতিক সৌন্দৰ্য্য যেনেকুৱা আছিল তেনেকুৱাই আছে, কিন্তু ক্ৰমে এন্টি চোচিয়েল এলিমেন্ট সোমাই পৰিছে চহৰখনত৷ ইয়াৰ বাবে দায়ী কোন জানে নহয়? আমাৰ যানবাহনৰ সুব্যৱস্থা৷ এফালে চাবলৈ গ'লে ভাল, কিন্তু আনফালৰ পৰা বেয়া বস্তু বিলাক সোমাই আহে, এয়াইতো জগতৰ নিয়ম৷"
কালীকামালীৰ মেনেজাৰে নিজৰ ফালৰ পৰাই খবৰ দি ইয়াৰ পুলিচক মাতি আনিছিল৷ ফেলুদাই তেওঁৰ সৈতে বেছ কিছু সময় ধৰি কথা পাতিল৷ বুজিলো যে নানা ধৰণৰ নিৰ্দেশনা দিয়া হ'ল, আৰু আটাইবোৰেই দাৰোগা চাহাবে অতি মনযোগৰে শুনি ল'লে৷
পুলিচ যোৱাৰ পিছত সাংবাদিক মিঃ ভাৰ্গৱ আহি উপস্থিত,"শুনিলো আপোনাৰ লাইফৰ ওপৰত এটা এটেম্প হৈ গ'ল?"
"ডিটেক্টিভৰ জীৱনততো এইবোৰ দৈনন্দিন ঘটনা, মিঃ ভাৰ্গৱ৷ ইয়াৰে কোনোবা গুণ্ডাই চাগে পকেট মাৰিব খুজিছিল, কিন্তু বিশেষ সুবিধা কৰিব নোৱাৰিলে৷"
"আপুনি ক'ব খোজে, আপোনাৰ তদন্তৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই?"
"তদন্ত আৰু কি? মইতো ইয়ালৈ আহিছো উপাধ্যায়ক দেখা কৰিবলৈ৷"
"ভাল কথা, তেওঁ ক'ত থাকে সেই কথা জানে?"
"আপুনি জানে?"
"উপাধ্যায় বুলি ইয়াত কোনেও কাকো নাজানে৷"
"তেনেহ'লে ভদ্ৰলোকে চাগে নাম সলাইছে৷"
"সেয়াই হ'ব৷"
ফেলুদাই আচল কথাতো লুকুৱাই ৰাখিলে৷ ভাৰ্গৱ অকণমান নিৰাশ হৈ গুচি গ'ল৷
কালি ৰাতিপুৱাই উঠিব লাগিব কাৰণে আমি চাৰে আঠটা নাবাজোতেই পুৰি-চবজি খাই শুৱাৰ আয়োজন কৰিলো৷ তেতিয়াই ফেলুদাই যিটো কাম কৰিলে, সেইটো কিন্তু মই আৰু লালমোহনবাবুৱে একেবাৰে এপ্ৰুভ কৰিব নোলাৰিলো৷ তেওঁ ক'লে, "তহঁত দুটা শুই যা, মই এঠাইৰ পৰা আহোঁ৷"
"এঠাইৰ পৰা আহো মানে?" মই অবাক আৰু কিছু বিৰক্তিৰে প্ৰশ্ন কৰিলো৷ মই জানো, তেওঁৰ কান্ধত এতিয়াও বিষ আছে৷ "ক'ৰ পৰা আহা?"
"এবাৰ সৰু কোঁৱৰৰ সৈতে দেখা কৰা দৰকাৰ৷"
"তাৰ মানে কি, তুমি চিধা এনেকৈ কেম্পলৈ গুচি যাবা?"
"মোৰ এনেকুৱা বহুত বাৰ হৈছেও তোপছে৷ একোটা সৰু কথাতে মগজুৰ দুৱাৰ খুলি যায়৷ এইবাৰো তাকেই হ'ল৷ পবনদেৱ আমাৰ শত্ৰু নহয়৷"
"তেনেহ'লে?"
"আচল শত্ৰু কোন, সেইটো গম পাবি অতি শীঘ্ৰেই৷"
"কিন্তু তুমি যাবা, আৰু শত্ৰু যদি তাৰ বাবেই ৰৈ থাকে?"
"মোৰ লগত অস্ত্ৰ আছে, তহত শুই যা৷ মই উভতি আহোতে যিমানেই দেৰি নহওঁক কিয়, কালিৰ প্ৰগ্ৰেম হ'বই৷ গান্ধী সৰোবোৰ, ৰাতিপুৱা চাৰে চাৰিটাতে যাম৷"
লগত ৰিভলভাৰ আৰু এটা ডাঙৰ টৰ্চ লৈ ফেলুদা ওলাই গ'ল৷
"তোমাৰ দাদাৰ সাহস কিন্তু মানিব লাগিব", ক'লে জটায়ুৱে৷