দশম অধ্যায়
তাৰ চাৰিও ফালে কিলা কিলা কিলা কিলা
শব্দ হ'বলৈ ধৰিলে৷ যেন শ শ মানুহে একেলগে চিঞৰিছে৷ হাবিখনৰ চাৰিওফালৰ পৰা তেনেকৈ
চিঞৰি চিঞৰি দৌৰি আহিছে মানুহবোৰ৷ তেনেতেই আৰম্ভ হ'ল গুলীৰ শব্দ৷ অথচ বন্ধ নহ'ল এই কিলা কিলা কিলা কিলা চিঞৰ৷
সন্তুৱে এটা শিলৰ আঁৰত কুচি মুচি বহি ৰ'ল৷ তাৰ হাত ভৰি থৰথৰাই কঁপিছে৷ তাৰ এনে
লাগিছে যেন নৰকৰ চব প্ৰাণী জাগি উঠি হাবিখন ঘেৰি ধৰিছে৷
বন্দুকৰ গুলীৰ শব্দ অলপ পিছতেই বন্ধ হ'ল, কিন্তু কিলা কিলা বন্ধ নহ'ল৷ এইবাৰ স্পষ্টকৈ শুনা গ'ল, সেই শব্দৰ লগে লগে ভাহি আহিছে ঠাইতে জঁপিওৱাৰ
শব্দ৷ তাৰ পিছত লাহে লাহে আঁতৰি যাবলৈ ধৰিলে শব্দটো৷
ঘটনাটো কি ঘটিল, বুজাৰ চেষ্টা কৰিলে সন্তুৱে৷ তাৰ শৰীৰ
চেঁচা পৰি গৈছে৷ মাংস পেশী জঠৰ হৈ পৰিছে৷ দুহাতেৰে মুখখন ঘঁহিব ধৰিলে সি জোৰে
জোৰে৷ ডিঙিটো শুকাই কাঠ হৈ গৈছে তাৰ৷ বগুৱা বাই নিজৰাটোৰ পাৰলৈ গৈ সি অলপ পানী খাই
ল'লে৷ তাৰ পিছতেই তাৰ পেট বিষাবলৈ আৰম্ভ কৰিলে৷
দিনটো একোৱেই খোৱা নাই, পেট খালী৷ কেৱল নিজৰাৰ পানী খাইছে৷
পানীৰ সোৱাদো কেহা কেহা৷ পানীৰ কাৰণেই পেট বিষাইছে নে কি কোনে জানে!
কিলা কিলা শব্দটো এতিয়াও শুনা গৈছে,
কিন্তু
কিছু আঁতৰত। সন্তুৰ ভাব হ'ল, নিশ্চয় একেলগে এশ ডেৰশ জাৰোৱা আহি বিদেশী
কেইটাৰ ওপৰত জঁপিয়াই পৰিছিল৷ বিদেশী কেইটাই গুলীয়াইও ৰখাব নোৱাৰিলে৷ এইবাৰ সিহঁতে
বিদেশী কেইটাক ধৰি লৈ গুচি গৈছে৷ খুৰাদেউ এতিয়া ক'ত? সিহঁতে যদি খুৰাদেউকো ধৰি লৈ গৈছে?
নাইবা
যদি মাৰি থৈ গৈছে?
সন্তুৰ বৰ মন গ'ল, খুৰাদেউক এবাৰ চাই আহিবলৈ৷ যদিও
খুৰাদেউৱে তাক সাগৰৰ পিনে যাবলৈ আদেশ দিছে, কিন্তু এতিয়া সি কেনেকৈ যায় একো নজনাকৈ?
সি
পুনৰ উভতি খোজ দিলে৷
বালিৰ ওপৰেৰে সি তীব্ৰ বেগেৰে দৌৰিবলৈ
ধৰিল৷ শুনিলে শুনক তাৰ ভৰিৰ খোজৰ শব্দ৷ সি আৰু সেইবোৰ গ্ৰাহ্য কৰি থকা নাই৷ ক্ৰমাৎ
বাঢ়ি আহিছে তাৰ পেটৰ বিষটো, দুহাতেৰে হেঁচি ধৰি থাকিল সি পেটটো৷
জোপোহাটোৰ কাষ পালত সি মাতিলে,
"খুৰাদেউ, খুৰাদেউ৷"
কোনো উত্তৰ নাহিল৷
সন্তুৱে হুৰমুৰকৈ সোমাই গ'ল জোপোহাটোৰ ভিতৰলৈ৷ খুৰাদেউ তাত নাই৷
ক'লৈ গ'ল তেওঁ? তেওঁচোন কৈছিল সেইখন ঠাই এৰি নাযায় বুলি৷ সন্তুৱে ইপিনে সিপিনে চাই
তেওঁক মাতিবলৈ ধৰিলে৷ তেওঁৰ পিছে নাম-গোন্ধই নাই৷ সন্তু গুচি আহিল নিজৰাটোৰ পাৰলৈ৷
দূৰৈত কিলা কিলা শব্দটো এতিয়াও শুনা গৈছে, শব্দটো এতিয়া এঠাইত গৈ ৰৈ পৰা যেন
লাগিছে৷
সন্তুৰ দৃঢ় বিশ্বাস হ'ল, জাৰোৱাই ধৰি লৈ গৈছে খুৰাদেউক৷ আগ পিছ
একো নাভাবি সি শব্দটোলৈ লক্ষ কৰি দৌৰিবলৈ ধৰিলে৷
অন্ধকাৰৰ মাজে মাজে সন্তুৱে মাথোঁ
দৌৰিছে আৰু দৌৰিছে৷ নদীৰ পাৰৰ বালিত মাজে মাজে প্ৰকাণ্ড প্ৰকাণ্ড শিল আৰু কাঁইটীয়া
গছৰ জোপোহা, সন্তুৱে একো বাধা মনা নাই৷ খুৰাদেউক ইয়াত এনেকৈ পেলাই থৈ সি কোনো
কাৰণতে নাযায়৷ যদি ইয়াৰ পৰা কোনো ৰকমে প্ৰাণটো লৈ সি উভতি যাবও পাৰে, তেনেহ'লে ঘৰত মা, দেউতা, মিতিৰ-কুটুম চবেই ক'ব, তই খুৰাৰক দ্বীপত এৰি থৈ নিজে গুচি
আহিছ? তই এটা কাপুৰুষ৷ নাই নাই, যদি মৰিবই লাগে, খুৰাদেউৰ লগতে সি নিজেও মৰিব৷
কিলা কিলা কিলা কিলা শব্দটো এতিয়াও
দূৰৈত শুনিবলৈ পোৱা গৈছে৷ এই শব্দটো শুনিলেই ভয়তে তেজ গোট মাৰি যায়৷ মানুহৰ মাতো
যে এনেকুৱা বিভৎস হ'ব পাৰে, সন্তুৱে নিজ কাণেৰে নুশুনা হ'লে বিশ্বাসেই নকৰিলেহেঁতেন৷ যেন মুখৰ
ভিতৰত লোৰ জিভা এখন লৈহে কোনোবাই চিঞৰিছে৷
বিদেশী কেইটা ইমান বন্দুক পিষ্টল থকা
স্বত্বেও হাৰি গ'ল জাৰোৱাৰ হাতত৷ একেলগেই দুশ তিনিশজন জাৰোৱা আহি জঁপিয়াই পৰিছিল
সিহঁতৰ ওপৰত৷ এতিয়া বন্দী কৰি লৈ গৈছে৷ খুৰাদেউ কেনেকৈ পৰি গ'ল সিহঁতৰ হাতত? খুৰাদেউৰ এখন ভৰি নাই, এপাত পেঙো নিজৰাৰ পানীত উটি গৈছে,
তেওঁতো
খোজ কাঢ়িব নোৱাৰিব৷ সিহঁতে বাৰু তেওঁক কেনেকৈ লৈ গৈছে? চুঁচৰাই চুঁচৰাই লৈ গৈছে নেকি? ইছ, কিমান কষ্ট পাইছে চাগে তেওঁ! তাৰ ফলত
যদি তেওঁ মৰি গৈছে?
সন্তুৱে আৰু বেগাই দৌৰিবলৈ ধৰিলে৷ তাৰ
পেটটো বেয়াকৈ বিষাবলৈ ধৰিছে, উশাহ চুটি হৈ আহিছে, অথচ সি ৰোৱা নাই৷ কিন্তু অলপ পিছতেই
সন্তুৱে এটা ডাঙৰ শিলত উজুটি খাই ছিটিকি পৰিল৷ আন এটা শিলত তাৰ মূৰটো ইমান জোৰেৰে
ঠেকেছা খালে যে সি লগে লগে জ্ঞান হেৰুৱাই পেলালে৷
অজ্ঞান অৱস্থাতেই নিজৰাটোৰ পাৰত উবুৰি
খাই পৰি ৰ'ল সি৷ সেই অৱস্থাতেই তাৰ বমি হ'বলৈ ধৰিলে হলাহল৷ তাৰ কাপোৰ কানি চব
লেটিপেটি হৈ গ'ল বমিত৷ অজ্ঞান অৱস্থাত মানুহৰ কোনো ধৰণৰ ভয় নাথাকে৷ এতিয়া আৰু
বিদেশীৰো ভয় নাই, জাৰোৱাৰো ভয় নাই৷ অতি প্ৰশান্তিত শুই পৰা মানুহৰ দৰে সন্তুৰ চকু দুটা
মুড খাই আছে৷
অলপ সময় পিছত এপাল হৰিণা আহিল নিজৰাৰ
পানী খাবলৈ৷ ইয়াত বাঘ, সিংহৰ দৰে হিংস্ৰ প্ৰাণী নাই কাৰণে হৰিণাৰ সংখ্যা বহুত বেছি৷
হৰিণাবোৰে কিন্তু সন্তুক দেখিও ভয় নকৰিলে৷ বৰং কেইবাটাও হৰিণাই তাক ওচৰলৈ গৈ শুঙি
চালে৷ পুনৰ উভতি গ'ল সিহঁত হাবিৰ মাজলৈ৷
তাৰ পিছত চিপ চিপকৈ বৰষুণ পৰিবলৈ
ধৰিলে৷ সন্তু তিতিবলৈ ধৰিলে সেই বৰষুণত৷ সমস্ত অৰণ্য জুৰি বৰষুণৰ শব্দ হৈছে,
সেই
শব্দত তল পৰি গৈছে কিলা কিলা কিলা কিলা শব্দ৷
ইয়াত বৰষুণ হঠাৎ আহে হঠাৎ এৰে৷ এই
বৰষুণজাকো এৰিলে অলপ সময় পিছত৷ বৰষুণত তিতাৰ ফলত সন্তুৰ জ্ঞান ঘূৰি আহিল৷ সি উঠি
বহিল হুৰমূৰকৈ৷ সি ক'ত আছে, কিয় শুই আছে, প্ৰথমে এইবোৰ কথা তাৰ একো মনলৈ অহা নাছিল৷ অলপ
পৰ বহি থাকিল জুপুকা লাগি, তাৰ পিছত এটা এটাকৈ সকলো কথা মনত পৰি গ'ল৷ সি শিয়ৰি উঠিল৷ এনেকুৱা এখন মুকলি
ঠাইত শুই আছিল সি? যিকোনো জাৰোৱাৰ চকুত পৰা হ'লেই সি আজি শেষ হৈ গ’লহেঁতেন৷ চাৰিওফালে চকু ফুৰাই চালে সি৷
নাই, ক'তো কোনো নাই৷ সেই কিলা কিলা শব্দটোও এতিয়া নাই৷
বমি হোৱাৰ বাবে সন্তুৰ পেটৰ বিষটো
নোহোৱা হৈ গ'ল৷ গাটো খুব পাতল পাতল লাগিছে৷ কেৱল মূৰৰ এঠাইত বিষ আছে৷ তাত হাত
লগাই চালে সি, চুলি খিনি থেপথেপীয়া হৈ পৰিছে৷ তেজ ওলাই চুলিৰ মাজত গোট মাৰিছে৷
সন্তুৰ হঠাতে কান্দোন ওলাই আহিল৷ ঘৰৰ পৰা ইমান দূৰত এই কিম্ভূত-কিমাকাৰ জংঘলখনৰ
মাজত সি অকলে পৰি আছে৷ বাচিব পাৰিবনে নাই নাজানে৷ খুৰাদেউ ক'ত, তাৰ নাই ঠিক৷ খুৰাদেউৱে কিয় যে এইবিলাক
ঠাইলৈ আহে?
পিছ মুহূৰ্ততে সন্তুৱে লাজ পাই গ'ল৷ খুৰাদেউৱেতো তাক জোৰ কৰি অনা নাই৷
সিচোন স্বইচ্ছাই আহিছে এডভেন্সাৰৰ লোভত৷ এতিয়া বিপদত পৰি কান্দিলে হ'ব নেকি? কান্দি একো লাভ নাই, সি বাচিবৰ কাৰণে চেষ্টা কৰিবই লাগিব৷
চকুৰ পানী মচি সি নিজৰাৰ পাৰলৈ গ'ল৷ বমি চমি ভালকৈ ধুই ল'লে৷ ইয়াৰ পানীখিনি বৰ গৰম৷ গৰম পানীৰ
উহ নে কি কয়, এই নিজৰাটোও চাগে তেনেকুৱাই৷ ইয়াৰ পানী খায়েই সন্তুৰ পেট বিষাইছিল৷
কিন্তু উপায়তো নাই৷ গতিকে আকৌ অলপ পানী খাবলগীয়া হ'ল৷ তাৰ খুব পিয়াহ লাগিছিল৷
সি উঠি পুনৰ যাবলৈ আৰম্ভ কৰিলে৷ কিলা
কিলা শব্দটো এতিয়া নাই যদিও শব্দটো যিফালৰ পৰা আহিছিল, সেইফালে লক্ষ কৰিয়েই সি আগবাঢ়িল৷
এতিয়া আৰু তাৰ গাত দৌৰিব পৰা শক্তি নাই৷ সেয়ে লাহে লাহে খোজ কাঢ়ি গৈছে৷
কিছু দূৰ যোৱাৰ পিছত সি জংঘলৰ মাজত এটা
পোহৰ দেখিবলৈ পালে৷ পোহৰটোও ভয় খাবলগীয়া৷ এই জংঘলৰ মাজত এনেকুৱা পোহৰ আহিল ক'ৰ পৰা? একেবাৰে নীলা ৰঙৰ পোহৰ৷ গছ-গছনি ভেদ
কৰি ওলাই আহিছে সেই পোহৰৰ আভা৷ দেৱালীৰ সময়ত মেগনেছিয়ামৰ তাৰ জ্বলালে এনেকুৱা নীলা
পোহৰ ওলায়৷ সন্তুৱে যিমানেই আগুৱাবলৈ ধৰিলে, সিমানেই পোহৰটো উজ্জল হৈ আহিল৷ যেন চকু
চাত মাৰি ধৰিব৷ সি খুৰাদেউৰ মুখত শুনিছিল যে জাৰোৱাই জুই ধৰিব নাজানে৷ তেনেহ'লে এনেকুৱা জুই ইয়াত কোনে জ্বলালে?
পোহৰটো দেখা গৈছে জংঘলৰ মাজত৷ সন্তুৱে
সেয়ে নিজৰাৰ পাৰ এৰি জংঘলৰ মাজে মাজে আগবাঢ়িল৷ কিছু দূৰ গৈয়েই সি থমকি ৰ'বলগীয়া হ'ল৷ যি দেখিলে, তাৰ উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল৷ বুকুৰ ভিতৰত এনেকুৱা ধাপ ধাপ শব্দ হ'বলৈ ধৰিলে যে বাহিৰৰ পৰাও শুনা যায়৷
জংঘলৰ মাজত এডোখৰ মুকলি ঠাই৷ তাৰ ওচৰতে এটা গোলাকাৰ বস্তু দাউ দাউকৈ জ্বলি
আছে৷ সেই গোলাকাৰ বস্তুটো এটা এমহলীয়া ঘৰৰ সমান৷ আটাইতকৈ অদ্ভুত তাৰ জুইকুৰা৷
এনেকুৱা অদ্ভুত জুইৰ কথা সন্তুৱে কেতিয়াও কল্পনা কৰিব নোৱাৰে৷ জুইকুৰা নানা ৰঙী৷
বেছি ভাগ নীলা, সেয়ে দূৰৈৰ পৰা নীলা ৰংটোৱেই চকুত পৰে৷ কিন্তু সেই নীলা ৰঙৰ জুইৰ
মাজত লকলকাই আছে, কেইবাটাও ৰঙা, সেউজীয়া আৰু গোলাপী ৰঙৰ শিখা৷ জ্বালাই কৰা
দোকানত সি এনেকুৱা নীলা ৰঙৰ পোহৰ দেখিছে, কিন্তু সেউজীয়া বা আলতাৰ দৰে টিকটিকীয়া
ৰঙা ৰঙৰ জুইৰ কথা কোনোবাই জানো কেতিয়াবা শুনিছে? সেই গোলাকাৰ বস্তুটো কি? সেইটোৰ ভিতৰত যেন বহুত কিবা কিবি সোমাই
আছে, আৰু সেইবিলাকৰ পৰা বেলেগ বেলেগ ৰঙৰ জুই বিচ্ছুৰিত হৈছে। ফুলৰ গুচ্ছৰ
দৰেই জুইৰ এটা গুচ্ছ৷ তাৰ পৰা সহজে চকু আঁতৰাই আনিব নোৱাৰি৷
হলেও কোনো ৰকমে চকু আঁতৰাই আনিলে
সন্তুৱে৷ সেই গোলাকাৰ জুইকুৰাৰ পৰা কিছু দূৰত ঘোঁৰাৰ খুৰাৰ আকৃতিত বহি আছে শ শ
জাৰোৱা৷ মাটিত আঁঠু কাঢ়ি পোন হৈ বহি আছে সিহঁত৷ সিহঁতৰ সন্মুখত হাত ভৰি বান্ধা
অৱস্থাত পৰি আছে বিদেশী কেইটা৷ নীলা পোহৰত ঠাইখন দিনৰ দৰে উজ্জল হৈ আছে৷ সকলো
স্পষ্টকৈ দেখা গৈছে৷
সন্তুৱে বগুৱা বাই আৰু অকণমান আগুৱাই গ'ল৷ এতিয়া আৰু সি নিজৰ জীৱনৰ কথা ভবা নাই৷
সি জানিব খুজিছে, খুৰাদেউ আছে নেকি তাত? কোনো মজবুত জংঘলী লতাৰে বিদেশী কেইটাৰ হাত ভৰি
এনেদৰে বান্ধি থৈছে যে সিহঁতে অকণো লৰচৰ কৰিব পৰা নাই৷ কিন্তু খুৰাদেউ সিহঁতৰ মাজত
নাই৷ তেনেহ'লে খুৰাদেউ ক'লৈ গ'ল? সিহঁতে তেওঁক আগতেই মাৰি পেলালে নেকি?
মুকলি ঠাইখনৰ এফালে কেইবাটাও সৰু সৰু
জুপুৰি৷ জুপুৰিবোৰ গছৰ ডাল আৰু জংঘলী লতাৰে বনোৱা৷ জুপুৰিবোৰৰ দুৱাৰদলিত কিছু
সংখ্যক জাৰোৱা শিশু আৰু মহিলা ৰৈ আছে, কৌতূহলেৰে সিহঁতে বিদেশী কেইটাৰ পিনে
চাই আছে৷ মাজে মাজে মুখেৰে একো একোটা অদ্ভুত শব্দ কৰিছে৷ এজনী জাৰোৱা ছোৱালীয়ে
দীঘল শুকান গছৰ ঠানি এটা লৈ সেই জুইকুৰাৰ পিনে আগুৱাই গ'ল৷ ঠানিৰ আগটো দূৰৈৰ পৰাই জুইত সুমুৱাই
দিলে, লগে লগে ভমককৈ জ্বলি উঠিল ঠানিটো৷ জলন্ত ঠানিটো লৈ ছোৱালীজনী পুনৰ
উভতি আহিল৷ ঠানিটোৰ জুইকুৰা কিন্তু সাধাৰণ জুইৰ দৰেই, নীলা নহয়৷ ছোৱালীজনীয়ে সেই জুইকুৰা লৈ
সোমাই গ'ল জুপুৰি এটাৰ ভিতৰলৈ৷
সন্তুৱে নীৰৱে চাই ৰ'ল৷ কি কৰা উচিত, সি একো ভাবি পোৱা নাই৷ খুৰাদেউক ক'তো দেখিবলৈ পোৱা নাই৷ খুৰাদেউক মাৰি
ইহঁতে হাবিৰ মাজত ক'ৰবাত পেলাই থৈ অহা নাইতো? কিন্তু বিদেশী কেইটাক যিহেতু লৈ আহিছে,
খুৰাদেউক
নানিব কিয়? তাৰমানে খুৰাদেউ ধৰা পৰা নাই নেকি? নাই পৰা যদি তেওঁ ক'লৈ গ'ল? খুৰাদেউ য'ত লুকাই আছিল, সন্তুৱে সেই ঠাইখন ভালকৈয়ে চাইছে৷
খুৰাদেউৱে এপাত পেঙেৰে বেছি দূৰলৈ যাবও নোৱাৰে৷ তেনেহ'লে কথাটো কি?
বিদেশী কেইটাক তেনেদৰে হাত ভৰি বান্ধি
থোৱা হৈছে যদিও সিহঁতৰ মুখত কোনো ভয়ৰ চিন নাই৷ আটাইবোৰ জাৰোৱাই একেবাৰে নিশ্চুপ হৈ
বহি আছে৷ বিদেশী কেইটাই নিজৰ মাজত কথা পাতি আছে৷ সন্তুৱে ইংৰাজী ভালকৈয়ে জানে,
কিন্তু
বিদেশী মানুহৰ মুখৰ উচ্চাৰণ ঠিকমতে ধৰিব নেৱাৰে৷ সন্তুৱে এজোপা ডাঙৰ গছৰ আঁৰ লৈ
সিহঁতে কি কথা পাতি আছে শুনিবলৈ চেষ্টা কৰিলে৷ সি টুকুৰা টুকুৰ শব্দ কেইটামান
শুনিবলৈ পালে -- দিজ বেগাৰ্ছ উইল চাৰ্টেইনলি কিল আছ... দ্যত মেটিওৰাইট...
ইনভেলুয়েবল... চো নিয়াৰ...
বিদেশী এটাই কাটি হৈ শুৱোতেই জাৰোৱা
এটাই গৈ তাক পুনৰ লুটিয়াই দিলে৷ কাছক যেনেকৈ ওপৰলৈ মুখ কৰি পেলাই থোৱা হয়, ইহঁতোকো তেনেকৈ ওপৰলৈ মুখ কৰি ৰখা
হৈছে৷
জাৰোৱাবোৰক দেখিলে এনে লাগে, সিহঁতে যেন কিহবালৈ অপেক্ষা কৰি আছে৷
বিদেশী কেইটাক মাৰিব বিচৰা হ'লে ইতিমধ্যেই সিহঁতে মাৰি পেলাব পাৰিলেহেঁতেন৷
ৰৈ আছে কিয়?
সন্তুৱে খুব লাহে লাহে উশাহ নিশাহ লৈ
আছে৷ অকণো লৰচৰ কৰিবলৈ সাহস কৰা নাই৷ কিন্তু কিমান সময় ৰৈ থাকিব লাগিব ইয়াত?
খুৰাদেউ
যে ইয়াত নাই, সেইটো জনা গৈছে৷ হয়তো ৰাতি পুৱাবৰো হৈছে৷ বাৰে বাৰে সি গোলাকাৰ
জুইকুৰালৈ চাই আছে৷ সেইপিনে চাই থাকি ভাল লাগে, যদিও চকু দুটা অলপ জ্বলা-পোৰা কৰে৷
এনেকুৱা লাগে যেন তাৰ ভিতৰত কিবা এক চৌম্বকিক শক্তি আছে৷ জুয়ো যে ইমান ধুনীয়া হ'ব পাৰে, সন্তুৱে জনা নাছিল৷ সেউজীয়া জুই?
একো
একোবাৰ এনেকুৱা লাগে যেন সেয়া ৰঙীন কাগজ৷ কিন্তু সেয়া কাগজ নহয়, আচল জুই৷ অলপ আগতেইচোন তাৰ পৰা এজনী
ছোৱালীয়ে খৰি জ্বলাই লৈ গ'ল৷
ইয়াত থকাৰ আৰু কোনো অৰ্থ নাই৷ খুৰাদেউক
বিচাৰি উলিয়াবই লাগিব৷ কিন্তু ইমান ডাঙৰ জংঘলৰ মাজত সি ক'ত খুৰাদেউক বিচাৰি পাব৷ হ'লেও সি শেষ পৰ্যন্ত চেষ্টা নকৰাকৈ
নেৰে৷
হঠাতে সন্তুৰ মনত এটা কথা খেলিলে৷
এতিয়াই যদি খুৰাদেউৰ সৈতে তাৰ দেখা হৈ যায়, তেতিয়া সিহঁত দুয়ো আৰামাত পলাই যাব
পাৰিব৷ জাৰোৱাবোৰ চব ইয়াত আছে, সিহঁতে নিশ্চয় জংঘলত বিচাৰিব নাযায়৷ বিদেশী
কেইটাৰ মটৰবোটখন নিশ্চয় সাগৰৰ পাৰত ক'ৰবাত আছে৷ সেই বোটখনত উঠিয়েইচোন সিহঁত পলাই যাব
পাৰিব ইয়াৰ পৰা৷ বিদেশী কেইটাক এৰি থৈ সিহঁতৰ বোটখন লৈ যাব লাগিব, কিন্তু তাত একো দোষ নহয়, বিদেশীকেইটা যিহেতু সিহঁতৰ শত্ৰু৷
সন্তুৱে হাতত সাৰে ভৰিত সাৰে পিছুৱাই
যাবলৈ ধৰিলে৷ আৰু অলপ দূৰ গৈয়েই সি দৌৰিব৷ তাৰ কিন্তু যোৱা নহ'ল৷ হঠাৎ জাৰোৱাবোৰে শব্দ কৰি থিয় হ'ল৷ পুনৰ সিহঁতে বিকটভাৱে সেই কিলা কিলা
কিলা কিলা শব্দ কৰি উঠিল৷ সন্তু কঁপি উঠিল৷ জাৰোৱাবোৰে তাক দেখিলে নেকি? সি দৌৰ মাৰি গৈ এটা জোপোহাৰ আঁৰত শুই
পৰিল৷ জাৰোৱাবোৰে কিন্তু তাৰ পিনে খেদি নাহিল৷ তাতেই ৰৈ ৰৈ চিঞৰিবলৈ ধৰিলে৷ কি ঘটি
আছে, সন্তুৰ জানিবলৈ মন গ'ল৷ এটা সময়ত সি আৰু কৌতূহল দবাই ৰাখিব
নোৱিৰিলে৷ লাহে লাহে সি মূৰ দাঙিলে৷
এইবাৰ তাত এজন নতুন মানুহ দেখা গ'ল৷ গছ পাতৰ জুপুৰি এটাৰ পৰা ওলাই
মানুহজনে মুকলি ঠাইখনত ৰৈছে৷ তেওঁক দেখি জাৰোৱাবোৰে এনেদৰে চিঞৰ বাখৰ কৰিলে যেন
জয়ধ্বনি দিছে৷ মানুহজনে এখন হাত দাঙি আছে সিহঁতৰ পিনে৷
মানুহজনৰ যথেষ্ট বয়স হৈছে৷ বোধহয় নব্বৈ
বা এশৰ ওপৰত৷ ক্ষীণ-মীণ চেহেৰা, পিঠিখন অলপ ভাঁজ লাগি গৈছে৷ মূৰৰ চুলি ঢকঢকীয়া
বগা, মুখতো বগা দাড়ি৷ মানুহজনৰ চেলাউৰি দুটাও পকা৷ মানুহজনে এখন ৰঙা ৰঙৰ
ধূতি পিন্ধি আছে, আৰু গাত এখন ৰঙা চাদৰ৷ জাৰোৱাই কাপোৰ নিপিন্ধে৷ এই বুঢ়া মানুহজনক
জাৰোৱা যেন লগা নাই, গাৰ ৰঙো বেছ বগা, চুলিও কেঁকোৰা নহয়৷ তেনেহ'লে এই মানুহজন কোন? জাৰোৱাৰ ৰজা নেকি তেওঁ?
মানুহজনে লাহে লাহে খোজকাঢ়ি গৈ বিদেশী
কেইটাৰ ওচৰত ৰ'ল৷ খুব মন দি চালে সিহঁতৰ মুখ কেইখন৷ আৰু মাজে মাজে চিৰিট চিৰিটকৈ মাটিত
থু পেলাই থাকিল৷ তাৰ পিছত মূৰ তুলি জানো কি সুধিলে জাৰোৱাবোৰক৷ চাৰি পাঁচটা
জাৰোৱাই একেলগে উত্তৰ দিলে৷
বিদেশী এটাৰ ওচৰত তাৰ বন্দুকটো পৰি
আছিল৷ বুঢ়া মানুহজনে বন্দুকটো তুলি ল'লে৷ ঘূৰাই পকাই চালে৷ তাৰ পিছত জুইকুৰাৰ
পিনে আগুৱাই গ'ল৷ আৰু বন্দুকটো দলিয়াই দিলে জুইৰ মাজত৷ পুনৰ জাৰোৱাবোৰলৈ চাই তেওঁ
অদ্ভুত ভাষাত কিবা এটা ক'লে৷
চাৰি-পাঁচটা জাৰোৱাই আগবাঢ়ি গৈ বিদেশী
এটাক মাটিৰ পৰা উঠালে৷ তাৰ পিছত দুয়ো মূৰে ধৰি দাঙি নিবলৈ ধৰিলে বুঢ়া মানুহজনৰ
ওচৰলৈ৷ বিদেশীটোৱে এইবাৰ চিঞৰিবলৈ ধৰিলে, "হেই, হোৱাট আৰ ইউ ডুয়িং... লীভ মি এলোন৷
হেই!"
জাৰোৱা কেইটা আহি বুঢ়া মানুহজনৰ ওচৰত
ৰ'ল৷ বুঢ়া মানুহজনে হাত দাঙি জুইকুৰাৰ পিনে দেখুওৱালে৷ তাৰ পিছত
সন্তুৱে কিবা বুজি পোৱাৰ আগতেই জাৰোৱা কেইটাই
বিদেশীটোক জুইৰ মাজলৈ দলিয়াই দিলে৷ যেন বস্তা এটাহে দলিয়াইছে, তেনেকৈ৷ শেষ মুহূৰ্তত বিদেশীটোৱে
প্ৰচণ্ডভাৱে চিঞৰ বাখৰ লগাইছিল৷ জুইৰ মাজত পৰাৰ লগে লগেই সেই শব্দ নাইকিয়া হৈ গ'ল৷ তাৰ আৰু কোনো চিনচাবেই নাথাকিল৷
সামান্য ধোঁৱাও নোলাল৷
সন্তুৱে চকু মুদি দিলে৷ চকুৰ আগত এনেকৈ
মানুহ মৰা জানো সি কেতিয়াবা দেখিছে? সন্তুৰ এনেকুৱা লাগিল, সি অজ্ঞান হৈ পৰিব৷ কিন্তু এতিয়া
অজ্ঞান হৈ পৰিলে নহ'ব৷ সি পলাব লাগিব৷
বুঢ়া মানুহজনে আৰু কিবা এটা নিৰ্দেশ
দিয়াৰ লগে লগেই জাৰোৱা কেইটাই আৰু এটা বিদেশীক উঠাই লৈ আহিল৷ এইবাৰ আটাই কেইটা
বিদেশীয়ে একে লগে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰিলে৷ সেইটো চিঞৰ বাখৰেই নে কান্দোন,
ঠিকমতে
ধৰিব নোৱাৰি৷ কিন্তু জাৰোৱা কেইটাই অকণো গ্ৰাহ্য নকৰিলে৷ সিহঁতে তাক লৈ গ'ল জুইকুৰাৰ পিনে৷
বিদেশীটোৱে সেই বুঢ়া মানুহজনক কান্দি
কান্দি ক'লে, "ইউ, ইউ আৰ নট এ জাৰোৱা... ইউ আণ্ডাৰ্ষ্টেণ্ড ইংলিছ? প্লিজ ভৰগিভ মি, স্পেয়াৰ মাই লাইফ, প্লিজ..."
বুঢ়া মানুহজনে কোনো কথা নক'লে৷ চিৰিটকৈ মাটিত থু পেলালে, তাৰ পিছত জুইকুৰাৰৰ পিনে আঙুলিয়াই
জাৰোৱা কেইটালৈ চালে৷
জাৰোৱা কেইটাই এই বিদেশীটোকো জুইলৈ
দলিয়াবলৈ ওলাওঁতেই গুৰুমকৈ এটা গুলীৰ শব্দ হ'ল৷ জংগলৰ মাজৰ পৰা এটা গুলী উফৰি আহি
লাগিল জাৰোৱা এটাৰ হাতত৷ চবে সেইপিনে ঘূৰি
চালে৷
দূৰৈৰ পৰাই স্তম্ভিত হৈ সন্তুৱে দেখিলে,
ৰিভলভাৰ
হাতত লৈ জংঘলৰ মাজৰ পৰা খুৰাদেউ ওলাই আহিছে সেই মুকলি ঠাইখনলৈ৷ এখন হাতত পেং লৈ
তেওঁ জঁপিয়াই জঁপিয়াই খোজ কাঢ়িছে৷ তেওঁৰ ৰিভলভাৰটো সেই বুঢ়া মানুহজনৰ বুকুলৈ
পোনোৱা৷
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ