May 28, 2014

কেদাৰনাথ কাণ্ড - ষষ্ঠ অধ্যায়

ৰাজীৱ ফুকন
Kedarnath Kanda Assamese Detective Novel
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
ষষ্ঠ অধ্যায়

কেদাৰ পাওঁতে পাওঁতে আমাৰ আবেলি চাৰে পাঁচটা বাজি গ'ল৷ তেতিয়াও যথেষ্ট পোহৰ আছে, চাৰিওফালৰ পাহাৰৰ চূড়া বোৰাত ৰ'দে জলমল কৰিছে৷

ইমানপৰ ওখ ৰাস্তা বগাই অহাৰ পিছত হঠাৎ সমতল ভূমি দেখিলে কেনেকুৱা লাগে, সেয়া লিখি বুজাব নোৱাৰিম৷ ইমানকে ক'ব পাৰি যে , অবিশ্বাস, আশ্বাস, আনন্দ সকলো যেন একেলগে মনৰ মাজত জাগি উঠে, আৰু তাৰে সৈতে কৃতঞ্জতা মিশ্ৰিত এটা অদ্ভুত শান্ত ভাব৷ সেইটোৱেই বোধহয় যাত্ৰী সকলৰ মনত আৰু বেছি ভক্তি ভাব জগাই তোলে৷ 

সকলোৱে পাথৰ দিয়া মাটিত শুই, বহি, থিয় হৈ জয় কেদাৰ, জয় কেদাৰ কৰিছে, মন্দিৰটো আছিল তিনিওফালে ঘেৰা বৰফৰ পাহাৰৰ মাজত৷ আমি আগুৱাই গ'লো থকা ঠাইৰ ব্যৱস্থা কৰিবলৈ৷ 

এখনেই হোটেল আছে, 'হোটেল হিমলোক', কিন্তু তাত ঠাই নাই, বিৰলা গেষ্ট হাউছতো ঠাই নাই৷ এটা ৰাতিৰ কথা যিহেতু, ৰাতিটো কটাব পৰা ব্যৱস্থা হ'লেই হয়৷ সেয়ে শেষত কালিকমলীৱালীৰ ধৰমশালাত উঠিলো আমি৷ কম পইছাতেই গৰম লেপ, তোছক, কম্বল চব ভাৰালৈ পোৱা যায়৷

কেদাৰনাথৰ মন্দিৰ কিছু সময় আগতে সন্ধিয়া ছটাত বন্ধ হৈ গৈছে, আকৌ খুলিব অহাকালি ৰাতিপুৱা আঠটাত৷ সেয়েহে লালমোহনবাবুৰ পূজা আগবঢ়োৱা কামটো আজিলৈ স্থগিত থাকিল৷ সদ্যহতে ঠিক এই মুহূৰ্তত যিটো বস্তুৰ দৰকাৰ, সেইটো হ'ল গৰম চাহ৷ আমাৰ ৰুমটোৰ পৰা নামি গৈয়েই চাহৰ দোকান পোৱা গ'ল৷ এইটো হ'ল কাশীৰ বিশ্বনাথৰ গলিৰ নিচিনাই কেদাৰনাথৰ গলি৷ দোকানবোৰ সকলো অস্থায়ী, কাৰণ নৱেম্বৰৰ পৰা এপ্ৰিল পৰ্যন্ত বৰফৰ বাবেই কেদাৰনাথত জনপ্ৰাণী নাথাকে৷

মই ভাবিছিলো, লালমোহনবাবুৱে এতিয়া অলপ বিশ্ৰাম ল'ব খুজিব৷ কিন্তু তেওঁ ক'লে যে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে হেনো তেওঁ নতুন এনাৰ্জি পাইছে, "তপছে, এয়াই হ'ল কেদাৰৰ মহিমা৷"

বিশ্বনাথৰ দৰে ইয়াৰ গলিৰ দোকানবোৰতো প্ৰধানতঃ পূজাৰ সামগ্ৰী বিক্ৰী হয়৷ আনকি বেনাৰসৰ সেই চানাকী গোন্ধটোও যেন ইয়াত পোৱা যায়৷ 

আমি তিনিওজনে ইলাচী দিয়া গৰম চাহ খাই আছিলো, তেনেতেই হঠাৎ চিনাকি মাত এটাই সুধিলে, "উপাধ্যায়ৰ সন্ধান পালে?"

সৰু কোঁৱৰ পৱন দেৱ সিং৷ এতিয়াও তেওঁৰ হাতত কেমেৰা আৰু বেল্টৰ সৈতে লগোৱা চাউণ্ড ৰেকৰ্ডিং যন্ত্ৰ৷ 

"আমাৰ এই বিশ মিনিট মানহে হ'ল আহি পোৱা৷"

"মই পালো আঢ়ৈটাতে," ক'ল পেৱনদেৱে৷ "যিমান খিনি গম পালো, তেওঁ এতিয়া পুৰাপুৰি সাধু হৈ গৈছে৷ চেহেৰাও সাধুৰ নিচিনাই৷ ভাবি চাওঁক, ইয়াত ইমান সাধুৰ মাজত তেওঁক বিচাৰি উলিওৱা কিমান কঠিন হ'ব৷ এটা কথাত মই চিঅ'ৰ৷ তেওঁ নাম সলাইছে৷ উপাধ্যায় বুলি কোনেও কাকো ইয়াত নিচিনে৷"

"চাওঁক চেষ্টা কৰি", ক'লে ফেলুদাই, "আমিও চাওঁ৷"

পৱনদেৱ গুচি গ'ল৷ মানুহজন মোৰ বাবে এতিয়াও ৰহস্য হৈ থাকিল৷ 

আমি চাহ খাই উঠি কেইখোজমান দিছিলোহে, তেনেতে আন এটা চিনাকী কন্ঠই বাংলাতে সুধিলে, "অহ, আহি পালে? কি খবৰ, অহা সাৰ্থক হ'ল নে নাই, কওঁক৷"
ট্ৰেইনত ল'গ পোৱা মাখনলাল মজুমদাৰ৷

"ষোল অনাই সাৰ্থক৷", ক'লে ফেলুদাই, "আমাৰ হেপাহ এতিয়াও পলোৱা নাই৷"

"হৰিদ্বাৰৰ কাম হ'ল?"

"নহ'ল কাৰণেইতো ইয়ালৈ আহিলো৷ এজনৰ সন্ধান কৰি ফুৰিছো৷ আগতে আছিল হৰিদ্বাৰত৷ তালৈ গৈ শুনিলো তেওঁ গৈছে ৰুদ্ৰপ্ৰয়াগ৷ আকৌ ৰুদ্ৰপ্ৰয়াগলৈ গৈ শুনিলো কেদাৰনাথ৷"

"কাৰ কথা কৈছে, কওঁকচোন?"  

"ভৱানী উপাধ্যায় বুলি এজন মানুহ৷"

মাখনবাবুৰ চকু কপালত উঠিল৷

"ভৱানী, ভৱানীক বিচাৰি ফুৰিছে আপোনালোকে? আৰু সেই কথা ইমানদিন মোক কোৱা নাই?"

"আপুনি তেওঁক জানে নেকি?"

"জানো মানে? সাত বছৰ ধৰি জানো৷ মোৰ পেটৰ আলচাৰ ঠিক কৰি দিছিল এটা বড়িতে৷ তাৰ পিছত হৰিদ্বাৰ এৰাৰ কেইদিন মান আগতেও ল'গ পাইছো৷ এটা বৈৰাগ্যভাব দেখিছিলো তেওঁৰ মাজত৷ ক'লে, ৰুদ্ৰপ্ৰয়াগলৈ যাব৷ মই ক'লো, বাছৰুট হোৱাৰ পিছত প্ৰায়গ আৰু আগৰ নিচিনা হৈ থকা নাই৷ তুমি জপ তপ কৰিব খোজা যদি চিধা কেদাৰলৈ গুচি যেৱা৷ বোধ হয় কি কৰো কি নকৰোত পৰিছিল, সেয়ে কেইদিন মান ৰুদ্ৰপ্ৰয়াগত থাকি যায়৷ কিন্তু এতিয়া তেওঁ ইয়াতেই৷"

"সেইটোতো বুজিলো, কিন্তু ক'ত?"

"চহৰৰ মাজত তেওঁক নাপাব ভাই৷ তেওঁ এতিয়া গুহাবাসী৷ চৰোবালিতল নাম শুনিছে? যাক আজি কালি গান্ধী সৰোবৰ বোলা হয়?'

"অ' অ' শুনিছো৷"

"সেই চোৰবালিতলৰ পৰাই মন্দাকিনী নদীৰ উৎপত্তি৷ কেদাৰ নাথৰ পিছফালেৰে পাথৰ আৰু বৰফৰ ওপৰেৰে তিনি মাইলমান যাব লাগিব৷ হ্ৰদৰ পাৰৰ এটা গুহাত বাস কৰে ভৱানী৷ উপাধ্যায় অংশতো তেওঁৰ নামৰ পৰা উৰি গৈছে, এতিয়া তেওঁ ভৱানীবাবা৷ অকলে থাকে, ওচৰে পাজৰে আৰু কোনো নাই৷ কালি ৰাতিপুৱা আপোনালোকে চেষ্টা কৰি চাব পাৰে৷"

"আপোনাৰ সৈতে এইবাৰ দেখা হৈছে?"

"নাই, হ'লেও স্থানীয় মানুহৰ পৰা খবৰ পাইছো৷ ফলমুলৰ বাবে তেওঁ বজাৰলৈ আহে মাজে মাজে৷"

"আপুনি আমাক বৰ উপকাৰ কৰিলে মিঃ মজুমদাৰ৷ কিন্তু তেওঁৰ অতীতৰ ইতিহাস ইয়াত কোনোবাই জানে?"

"জানিব পাৰে৷" ক'লে মাখনবাবুৱে, "কাৰণ তেওঁতো চিকিৎসা এতিয়াও সম্পূৰ্ণৰূপে এৰা নাই৷ এই কেদাৰনাথৰ মহন্তইতো কৈছিলে যে, ভৱানীয়ে অলপতে বোলে এটা ল'ৰাৰ পলিঅ' ঠিক কৰিছে৷ হ'লেও মোৰ ধাৰণা, তেওঁ কিছুদিনৰ ভিতৰতে চিকিৎসা এৰিব৷ পুৰাপুৰি সন্যাসী হ'বগৈ৷"
"এটা শেষ প্ৰশ্ন?", ক'লে ফেলুদাই, "ভদ্ৰলোক কোন দেশৰ আপুনি জানে?"

"এই বিষয়েতো তেওঁক কোনো দিনে সোধা নাই৷ কিন্তু তেওঁ মোৰ সৈতে সদায় হিন্দীতে কথা পাতিছে৷ ভাল হিন্দী৷ তাত অন্য কোনো প্ৰদেশৰ চাপ পৰা দেখা নাই কেতিয়াও৷"

মাখনবাবু গ'ল৷

লালমোহনবাবুৱে ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈ কাৰ সৈতে জানো কথা পাতিছিল৷ এতিয়া আগুৱাই আহি ক'লে, "বিৰলা গেষ্ট হাউছৰ পৰা আমাক মাতি পঠাইছে৷"

"কোনে মাতিছে?"

এজন চুটি-চাপৰ মানুহ আগুৱাই আহি ক'লে, "মিঃ সিংঘানিয়াই৷"

ফেলুদাৰ ভ্ৰু কোঁচ খাই গ'ল৷ মোৰ পিনে চাই চেপা মাতেৰে ক'লে, "বোধহয় এই সিংঘানিয়াইয়ে আৰু এজন মানুহৰ লগত হৰিদ্বাৰলৈ গৈছিল উপাধ্যায়ক লগ কৰিবলৈ৷ মোৰ বোধেৰে এওঁক অলপ সময় দিব পাৰি, ব'লক৷"

বৰফে ঢকা পাহাৰৰ চূড়াবোৰত এতিয়াও ৰ'দ আছে, তাৰে কোনোবাটো সোণালী, কোনোবাটো ৰঙা, কোনোবাটো গোলাপী, কিন্তু কেদাৰ চহৰৰ ওপৰলৈ অন্ধকাৰ নামি আহিছিল৷

বিৰলা গেষ্ট হাউছ কেদাৰনাথৰ মন্দিৰৰ ওচৰতেই, গতিকে আমি তিনি মিনিটৰ ভিতৰত পাই গ'লো৷ দেখি ভাব হ'ল, ইয়াত বোধহয়, থাকিবলৈ এইখনেই আটাইতকৈ ভাল ঠাই৷ অন্ততঃ পৰিচন্নতাৰ দিশৰ পৰাতো হয়েই; খোৱা বোৱা কেনেকুৱা নাজানো৷ খোৱাৰ বিষয়ে শুনিছো, ইয়াত আলুৰ বাদে বিশেষ একো পোৱা নাযায়৷ 

চাপৰ মানুহজনে আগে আগে বাট দেখুৱাই বিৰলা গেষ্ট হাউছৰ দ্বিতীয় মহলাৰ এটা কোঠালৈ আমাক লৈ গ'ল৷ বেছ ডাঙৰ কোঠা৷ চাৰিওফালে চাৰিখন গাডি পতা৷ মূৰৰ ওপৰত এডাল ডুলন্ত ডাণ্ডাৰ পৰা ওলোৱা তিনিটা হুকত ঢিমিক ঢামাক কৈ তিনিটা লাইট জ্বলি আছে৷ কেদাৰনাথত ইলেক্ট্ৰিচিটি থকাত আছে, কিন্তু পোহৰৰ কোনো উজ্বলতা নাই৷ 

আমি কেইমিনিট মান অপেক্ষা কৰোতেই, যিয়ে আমাক মাতি পঠাইছিল, তেওঁৰ আবিৰ্ভাৱ হ'ল৷

***

পূৰ্ববৰ্তী অধ্যায়লৈ                    সূচীপত্ৰলৈ                 পৰবৰ্তী অধ্যায়লৈ