
কিমানে বাৰু শৈশৱটো পাৰ কৰিছিল এই চৰিত্ৰবোৰৰ লগত? কিমানে বাৰু আবেলি পাঁচ বজালৈ ৰৈ থকিছিল এই প্ৰাণীবোৰৰ নিত্য নতুন ৰোমাঞ্চকৰ অভিযান আৰু ৰং-ধেমালি উপভোগ কৰিবলৈ৷
শৈশৱৰ সেই সময়বোৰত মোৰ দৰেই বহুতৰ মনলৈ হয়তো প্ৰশ্ন আহিছিল--থাকে ক'ত আমাৰ এই আচহুৱা বন্ধুবোৰ৷ জানিবলৈ মন গৈছিল সিহঁতে বাস কৰা সেই অচিন অজান দেশখনৰ বিষয়ে৷ ডাঙৰক সুধিলে, তেওঁলোকৰ কিছুমানে কৈছিল--সিহঁতে কম্পিউটাৰৰ ভিতৰত বাস কৰে, কিছুমানে কৈছিল ডিজনী লেণ্ডত, কিছুমানে কৈছিল কাৰোবাৰ মানসপটত৷ পিছলৈ বুজি উঠিছিলো সিহঁতে বাস কৰে কোনো সৃষ্টিশীল ব্যক্তিৰ কল্পনাৰ জগতত আৰু সেই কল্পনাক কেমেৰাত বন্দী কৰিব পৰা যাদুটোৱে হ'ল এনিমেছন৷
তাৰ পিছত দিন যোৱাৰ লগে লগে দেখিবলৈ পালো এই যাদুৰ নতুন নতুন চমক৷ কেতিয়াবা দেখিছো ইয়াৰ প্ৰভাৱত প্ৰাণ পাই উঠিছে প্ৰাক ঐতিহাসিক যুগৰ ডাইন’চৰ৷ কেতিয়াবা দেখিছো বেলেগ গ্ৰহৰ পৰা হাজাৰ বিজাৰ এলিয়েন নামিছে আৰু টচ-নচ কৰি পেলাইছে নিউ-ইয়ৰ্ক চহৰ৷
বুজি উঠিছিলো এনিমেছন কেৱল শিশুৰ বাবেই নহয়৷ ইয়াৰ ক্ষমতা অপাৰ৷ উদাহৰণ-- অৱতাৰ, জুৰাচিক পাৰ্ক, আয়ৰন মেন, ট্ৰেন্সফৰ্মাৰ্ছ, নৰ্নিয়া আদিৰ নিচিনা চিনেমা সমূহ৷ তাৰোপৰি কেৱল কাৰ্টুন আৰু চিনেমাৰ মাজতে এনিমেছন সীমাবদ্ধ নহয়৷ ভিডিঅ' গেম, মোছন গ্ৰাফিক্স আদিও এনিমেছনৰে অৱদান৷
শিশুৰ পৰা বৃদ্ধলৈকে সকলো পৰ্যায়ৰ মানুহক মোহাচ্ছন্ন কৰি ৰখা এনিমেছন নামৰ এই মেজিকটোৰ বিষয়ে আজি আলোচনা কৰো আহক৷ সকলো মেজিকৰ আঁৰত কিছুমান কৌশল থাকে৷ এনিমেছনৰ আঁৰৰ কৌশলটোনো কি? ধৰি লওক দুখন চিত্ৰ, এখনত মানুহজনে চকু মুদি আছে৷ আনখনত মেলি আছে৷ এতিয়া ইখনৰ পিছত সিখন চিত্ৰ খৰকৈ দেখোৱালে মানুহজনে চকু পিৰিকিয়াই থকা যেন নালাগিব নে? এয়াই এনিমেছন৷
এনিমেছন আৰু 'লাইভ-এক্সনে' একেটা কৌশলকে অৱলম্বন কৰে৷ শিল্পীৰ দাৰা অভিনীত চলচ্চিত্ৰসমূহক 'লাইভ-এক্সন' বুলি কোৱা হয়৷ লাইভ-এক্সন চলচ্চিত্ৰসমূহ মুভি-কেমেৰাৰে শ্বুটিং কৰা হয়৷ কেমেৰাটোৱে খোজকাঢ়ি থকা মানুহ এজনে মাটিৰ পৰা ভৰিখন উঠাই আকৌ মাটিত পেলোৱালৈকে নিৰৱচ্ছিন্ন ভাৱে ইখনৰ পিছত সিখন ফটো তুলি যায়৷ এই ফটোবোৰক ফ্ৰেম বুলি কোৱা হয়৷ এই ফ্ৰেমবোৰ খৰকৈ আমাৰ সন্মুখত উপস্থাপন কৰিলে মানুহজনে খোজ কাঢ়ি থকা যেন লাগে৷ এনিমেছনত এই ফ্ৰেমবোৰ কেমেৰাৰে তোলাৰ পৰিবৰ্তে এখনৰ পিছত এখনকৈ হাতেৰে অঁকা হয়৷ পিছত এই চিত্ৰসমূহ(ফ্ৰেম) দ্ৰুত গতিত চলাই দিলে ছবিখন চলমান ৰূপত দেখা যায়৷
মুভি-কেমেৰাৰে লোৱা ফ্ৰেমৰ লগত চিত্ৰৰ সংমিশ্ৰণ ঘটাইও চলচ্চিত্ৰ বনোৱা হয়৷ এনেকুৱা চলচ্চিত্ৰক 'লাইভ-এক্সন এনিমেটেড' চলচ্চিত্ৰ বুলি কোৱা হয়৷ য'ত লাইভ-এক্সন আৰু এনিমেছনক একেলগ কৰা হয়৷ হলিউদৰ বেছিভাগ ভিজুৱেল এফেক্টেৰে ভৰা ব্লক-বাষ্টাৰ ছবিয়েই এই শ্ৰেণীত পৰে৷ যেনে অৱতাৰ, জুৰাচিক পাৰ্ক, নৰ্নিয়া, স্পাইডাৰমেন আদি৷ ভিজুৱেল এফেক্টৰ অধিকাংশই এনিমেছন৷
এনিমেছনৰ ইতিহাস বহু পুৰণি৷ অতীজৰে পৰা মানুহে নিজৰ কল্পনাক চিত্ৰ-ভাস্কৰ্য্যৰ ৰূপ দিবলৈ চেষ্টা কৰি আহিছে৷ এই চিত্ৰ, ভাস্কৰ্য্যসমূহক জীৱন্ত ৰূপত দেখিবলৈ ইচ্ছা কৰি আহিছে৷ চিত্ৰ-ভাস্কৰ্যই প্ৰাণ পাই উঠাৰ বহুতো কাহিনী লোক কথাবোৰত পোৱা যায়৷ গুহাত আবিষ্কাৰ কৰা প্ৰস্তৰ যুগৰ চিত্ৰ কিছুমানতো এই ইচ্ছাৰ উমান পোৱা গৈছে৷ সেই চিত্ৰ সমূহত একেটা জন্তুৰে অংগ প্ৰত্যংগবোৰ বিভিন্ন চলন ভংগিমাত অংকিত অৱস্থাত পোৱা গৈছিল৷
এনিমেছনৰ এটা প্ৰাচীন উদাহৰণ হ'ল ইৰানত আবিষ্কাৰ কৰা ৫,২০০ বছৰ পুৰণি এটা পাত্ৰ৷ পাত্ৰটোৰ পিঠিত ছাগলী এটাই গছ এজোপালৈ জঁপিয়াই থকা চিত্ৰ এলানি অংকিত কৰা আছে৷ অনুমান কৰিব পাৰি পাত্ৰটো জোৰেৰে ঘুৰাই দিলে ছাগলীটোৱে গছজোপালৈ জঁপিওৱা যেন লাগে৷
![]() |
৫২০০ বছৰ পুৰণি মাটিৰ পাত্ৰ |
ছবিক গতি প্ৰদান কৰাটো কিছু কিছু ক্ষেত্ৰত সম্ভৱ হৈছিল ১৭ শতিকাৰ পিছত৷ যেতিয়া মেজিক লেণ্টাৰ্ণৰ আৱিষ্কাৰ হৈছিল৷ ছবিৰ মাধ্যমেৰে কাহিনী কোৱাৰ এটা নতুন কলাৰ সৃষ্টি হৈছিল৷ কলাটোক কোৱা হৈছিল মেজিক লেণ্টাৰ্ণ শ্ব'৷ সেই সময়ত ইয়াক লৈ এটা বিশাল উদ্যোগ গঢ়ি উঠিছিল৷ এই শ্ব' বিলাকৰ বাবে মানুহে হলত ভিৰ কৰিছিল৷ টিকত কাটি হ'লত প্ৰবেশ কৰাৰ পিছত ঠিক চিনেমাৰ দৰেই হ'লৰ বন্তিবোৰ নুমাই দিয়া হৈছিল৷ তাৰপিচত পৰ্দাত জিলিকি উঠিছিল ইখনৰ পিছত সিখন ৰঙ বিৰঙৰ ছবি৷ ছবিবোৰ এটা পৰ্যায়লৈ লৰ চৰ কৰিছিল৷ কোনোবাখনত যদি ৰাজকুমাৰীৰ শোৱনি কোঠাত দৈত্য এটাই খিৰিকীৰে ভুমুকি মাৰিছিল৷ কোনোবাখনত নিগনি এটা মানুহৰ মুখেৰে সোমাই গৈছিল৷ ছবিৰ লগতে সংগীত আৰু সূত্ৰধাৰৰ কণ্ঠস্বৰৰ সমাহাৰেৰে কাহিনী আগবাঢ়াই নিয়া হৈছিল৷ চিনেমাৰ দৰেই পৰ্দাত ফেদ ইন, ফেদ আউটত, ডিজোল্ভ আদিৰ কাৰুকাৰ্য দেখিবলৈ পোৱা গৈছিল৷ চুটি চুটি কাহিনীৰ পৰা পূৰ্ণ দৈৰ্ঘ্য কাহিনীলৈকে মেজিক লেণ্টাৰ্ণ শ্ব' বোৰত দেখোৱা হৈছিল৷
মেজিক লেণ্টাৰ্ণ এটা অতি পুৰণি প্ৰজেক্টৰ৷ ১৬৫৯ চনত ডাট্চ বিজ্ঞানী খ্ৰীষ্টিয়ান হাইজেনে ইয়াৰ আবিষ্কাৰ কৰিছিল বুলি অনুমান কৰা হয়৷ প্ৰজেক্টৰটো দেখিবলৈ বাকচ এটাৰ নিচিনা৷ সন্মুখফালে এখন আতচী কাছ থাকে আৰু ভিতৰত এটা চাকি৷ চাকিটোৰ সন্মুখত কাছৰ শ্লাইডত অংকন কৰা ৰং-বিৰঙৰ চিত্ৰ কিছুমান দাঙি ধৰা হয়৷ আতচী কাছৰ মাজেৰে গৈ সেই চিত্ৰই পৰ্দাত বিস্তৃত ৰূপ ধাৰণ কৰে৷ চিত্ৰৰ শ্লাইডবোৰ বিভিন্ন কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা হৈছিল, যাতে ইখনৰ পিছত সিখন বেলেগ বেলেগ ধৰণে উলিওৱা সুমুওৱা কৰিব পাৰা যায়৷
মেজিক লেণ্টাৰ্ণৰ এই উদ্যোগটোৱে সৌ সিদিনালৈকে চিনেমাৰ স্থান পূৰাই আহিছিল৷ চলচ্ছিত্ৰৰ সৃষ্টিত ইয়াৰ যথেষ্ট অৱদান আছে৷ শ্ৰেণী কোঠা সমূহতো মেজিক লেন্টাৰ্নৰ যথেষ্ট প্ৰচলন আছিল৷ শিক্ষক সকলে প্ৰেজেন্টেচন দিবলৈ ইয়াক ব্যৱহাৰ কৰিছিল৷
মেজিক লেণ্টাৰ্ণক প্ৰকৃতাৰ্থত এনিমেছন বুলিব নোৱাৰি৷ কাৰণ ইয়াত শ্লাইডবোৰ হাতেৰে অগা-পিছা কৰি চিত্ৰবোৰক চলমান ৰূপ এটা দিবলৈ চেষ্টা কৰা হয়৷ ইয়াত আধুনিক এনিমেছনৰ দৰে অনুক্ৰমিক চিত্ৰ এলানিক খৰকৈ দেখুৱাৰ কৌশলটো ব্যৱহাৰ কৰা নাছিল৷৷
১৯ শতিকাত স্থিৰ চিত্ৰক চলমান ৰূপত উপস্থাপন কৰিবলৈ কেইবাটাও খেলোনাৰ আবিষ্কাৰ হৈছিল৷ যেনে Phenakistoscope, Zoetrope, Flip book আদি৷ ১৮৭৭ চনত ফ্ৰেন্সত Charles Emile Reynaud নামৰ ব্যক্তি এগৰাকীয়ে Praxinoscope নামৰ যন্ত্ৰ এটা সাজি উলিয়াই৷
প্ৰেক্সিনেস্ক'প |
![]() |
Praxinoscopeত ব্যৱহাৰ কৰা চিত্ৰৰ পতি |
![]() |
Theatre Optique |

ফিল্ম কেমেৰাৰ আবিষ্কাৰৰ পিছত এনিমেছনে এটা নতুন গতি পালে৷ এনিমেটৰসকলে চিত্ৰবোৰ হাতেৰে আঁকি ক্ৰম অনুযায়ী কেমেৰাৰে ফটো লয়৷ পিছত ফিল্মৰ কপিটো প্ৰজেক্টৰত চলাই প্ৰদৰ্শন কৰে৷ তেনেদৰে ফিল্মত বনোৱা এখন ছবি J. Stuart Blacktonৰ ১৯০০ চনত মুক্তি লাভ কৰা Enchanted Drawing৷ য'ত লাইভ এক্সন ফুটেজৰ লগত এনিমেছন চিত্ৰ একেলগ কৰা হৈছিল৷ ইয়াৰ পিছতে ১৯০৬চনত মুক্তিলাভ কৰা তেওঁৰেই ছবি "Humorous Phases of Funny Faces" হ'ল "ফিল্ম ষ্টক"ত শ্বুত কৰা প্ৰথমখন সম্পূৰ্ণ এনিমেটেড ছবি৷ ইয়াৰ বাবেই J. Stuart Blacktonক আমেৰিকান এনিমেছনৰ জনক বুলি ধৰা হয়৷
১৯০৭ চনত ফৰাচী শিল্পী Emile Cohlএ নিৰ্মাণ কৰা Fantasmagorie ছবিখন "ট্ৰেডিশ্যনেল এনিমেছন" পদ্ধতিত নিৰ্মাণ কৰা প্ৰথমখন এনিমেটেড ছবি বুলি ধৰা হয়৷ তাৰপিচত উইলচন মেক্কেই Little Nemo(১৯১১), Gertie the Dinosaur (১৯১৪) আদি কেবাখনো জনপ্ৰিয় এনিমেছন ছবি নিৰ্মাণ কৰি উলিয়াই৷
হাতে অঁকা চিত্ৰৰে বনোৱা এনিমেছনক ট্ৰেডিছ্যনেল এনিমেছন বা চেল এনিমেছন বোলা হয়৷ চেল শব্দটো চেলুলইদৰ পৰা আহিছে৷ পৃষ্ঠপট, সন্মুখপট আৰু চৰিত্ৰ সমূহ বেলেগ বেলেগ তৰপত ৰাখিবলৈ এনিমেটৰ সকলে চেলুলইড নামৰ স্বচ্ছ পলিথিনৰ ওপৰত চিত্ৰ অঙ্কন কৰিছিল৷ ইয়াৰ ফলত পৃষ্ঠপট বাৰে বাৰে আঁকি থাকিবলগীয়া নহৈছিল৷
বেলেগ বেলগ তৰপত অঁকাৰ বাবে পিছলৈ আন এটা সুবিধা হৈছিল৷ দেখা গৈছিল চিত্ৰৰ তৰপ বোৰ বিভিন্ন দূৰত্বত ৰাখি ফটো ল'লে ফটোত ত্ৰিমাত্ৰিক গভীৰতা ফুটি উঠে৷ এনেদৰে ফটো ল’বলৈ ১৯৩৩ চনত মাল্টিপ্লেন কেমেৰাৰ আবিষ্কাৰ কৰা হয়৷
পুতলা বা মডেল সাজি বিভিন্ন ভংগীত তাৰ অনুক্ৰমিক ফটো তুলি বনোৱা এনিমেছনক ষ্ট'প মোচন এনিমেছন বুলি কোৱা হয়৷ ১৯৩৩ চনত মুক্তি পোৱা কিং-কং নামৰ প্ৰকাণ্ড গৰিলাটোৰ লাইভ-এক্সন এনিমেটেড ছবিখন ষ্ট'প মোছনৰ এখন উল্লেখযোগ্য উদাহৰণ৷
আৰম্ভনিৰে পৰা এনিমেছনৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আহিছিল৷ ১৯১৫ চনত মেক্স ফ্লেইছাৰে ৰ'ট'স্কপিং নামৰ পদ্ধতি এটা আৱিষ্কাৰ কৰিছিল৷ এই পদ্ধতিত প্ৰথমতে অভিনেতা এজনক অভিনয় কৰিবলৈ দি ফিল্ম বনাই লোৱা হয়৷ পিছত সেই ফিল্মৰ ফ্ৰেমবোৰৰ ওপৰে ওপৰে ট্ৰেছ কৰি ছবিবোৰ অঁকা হয়৷ তেতিয়া চৰিত্ৰ সমূহৰ অংগ প্ৰত্যংগৰ সঞ্চালন মসৃণ আৰু নিখুঁত হয়৷ পদ্ধতিটো তেওঁ প্ৰথম Koko the Clown নামৰ বহুৱা এটা আঁকিবলৈ ব্যৱহাৰ কৰিছিল৷ আৰ্হি হিচাপে তেওঁৰ ভায়েকে বহুৱাৰ সাজ পিন্ধি অভিনয় কৰিছিল৷
ৰ'ট'স্কপিঙৰ বাবে আগতে ৰ'ট'স্কপ নামৰ আহিলা এটা ব্যৱহাৰ কৰা হৈছিল৷ কম্পিউটাৰ আবিষ্কাৰ হোৱাৰ পিচত কম্পিউটাৰত কৰিবলৈ লয়৷
কম্পিউটাৰে এনিমেছনৰ জগত খনত বহুখিনি পৰিবৰ্তন আনিলে৷ আজিকালি ছবিবোৰ কম্পিউটাৰতে আঁকিব পাৰি৷ ইয়াৰ বাবে Adobe Animate CC(Flash), Toon Boon আদি চফ্টৱেৰ ব্যৱহাৰ কৰা হয়৷ ষ্ট'প মোচন এনিমেছনত ব্যৱহাৰ কৰাৰ দৰে পুতলা বা মডেলবোৰো আজিকালি কম্পিউটাৰৰ ভিতৰতে নিৰ্মাণ কৰা হয়৷ যাক 3D মডেল বোলে৷ ইয়াৰ বাবে Maya, 3ds Max, Blender আদি চফ্টৱেৰ ব্যৱহাৰ কৰা হয়৷ Blender এটা বিনামূলীয়া আৰু অতি শক্তিশালী চফ্টৱেৰ৷ আপুনি যদি 3D এনিমেটেড ফিল্ম বা ভিডিঅ' গেম নিৰ্মাণৰ প্ৰতি আগ্ৰহী ব্লেণ্ডাৰ ব্যৱহাৰ কৰি চাব পাৰে৷
আজিকালি কিছুমান প্ৰতিস্থানে বিনামূলীয়াকৈ 3D মডেল যোগান ধৰে৷ এই ক্ষেত্ৰত makehuman.org এটা উল্লেখযোগ্য ৱেবচাইট৷ তেওঁলোকৰ চফ্টৱেৰটোৰ সহায়ত পূৰ্ব নিৰ্মিত 3D মেডেলবোৰ ব্যৱহাৰকৰ্তাই অতি সহজতে নিজৰ ইচ্ছা অনুসৰি সাল সলনি কৰি ল'ব পাৰে৷ এই মডেলবোৰ যিকোনো 3D এনিমেছন চফ্টৱেৰত ব্যৱহাৰ কৰিব পাৰি৷
কম্পিউটাৰৰ সহায়ত এনিমেছন কৰিবলৈ ফ্ৰেম বাই ফ্ৰেম চিত্ৰ অঁকাৰ প্ৰয়োজন নহয়৷ গতি এটাৰ আৰম্ভণি আৰু শেষৰ ফ্ৰেমটো নিৰ্ধাৰণ কৰি দিলে বহুক্ষেত্ৰত মাজৰ ফ্ৰেম সমূহ কম্পিউটাৰে নিজে নিজে লৈ লয়৷ তাৰোপৰি প্ৰগ্ৰেমিঙৰ জড়িয়তেও বহুখিনি কাম কৰিব পাৰি৷
আজিকালি বেছিভাগ এনিমেছন Motion Capture বা চমুকৈ Mocap নামৰ পদ্ধতি এটাৰে কৰা হয়৷ মোছন কেপচাৰ ৰ'ট'স্কপিঙৰে এটা নতুন ৰূপ৷ Blender, Adobe Character Animator আদি প্ৰায়ভাগ চফ্টৱেৰতে মোছন কেপচাৰৰ সুবিধা আছে৷
আপুনি Adobe Character Animatorৰ সহায়ত অতি সহজতে মোছন কেপচাৰ পদ্ধতিটো প্ৰয়োগ কৰি চাব পাৰিব৷ তাৰ বাবে প্ৰথমতে কাৰ্টুন এটা আঁকি Photoshopত তাৰ হাত ভৰি, নাক, চকু, মুখ আদি বেলেগ বেলেগ লেয়াৰত বিভক্ত কৰি ল’ব লাগিব৷ এতিয়া After effect CC ৰ File অপ্সনলৈ গৈ Adobe Character Animator খুলিব লাগিব৷ ইয়াতে ফটোচোপ ফাইলটো ইম্প'ৰ্ট কৰি নাক চকুবোৰ চিনাক্ত কৰি দিব লাগিব৷ তাৰ পিচত আপুনি ৱেব কেমেৰাৰ সন্মুখত যেনেকুৱা অংগী ভংগী কৰিব কাৰ্টুনটোৱেও তেনেকুৱা কৰিব৷
এই ধৰণৰ মোছন কেপচাৰক Marker-less মোছন কেপচাৰ বুলি কোৱা হয়৷ আন এবিধ মোছন কেপচাৰ পদ্ধতি আছে যাক Marker-based মোছন কেপচাৰ বুলি কয়৷ মাৰ্কাৰ-বেছদ মোছন কেপচাৰত শৰীৰ বিভিন্ন স্থানত কিছুমান জিলিকি থকা চিহ্ন দি লোৱা হয়৷ যাতে কেমেৰাই শৰীৰৰ স্থানবোৰ ভালদৰে চিনাক্ত কৰিব পাৰে৷
Blenderত আপুনি মাৰ্কাৰ বেছ্দ মোছন কেপচাৰ পদ্ধতি ব্যৱহাৰ কৰি চাব পাৰে৷ তাৰ বাবে এটা 3D মডেল লাগিব৷ ‘Make Human’ চফ্টৱেৰটোৰ সহায়ত মানুহৰ মডেল বনাই ল'ব পাৰিব৷ মেক-হিউমেনৰ এটা সুবিধা হ'ল ইয়াত মডেল বোৰ পূৰ্বৰে পৰা ৰিগিং কৰা থাকে৷ ৰিগিং এনিমেছনৰ এটা পৰ্যায় য'ত 3D মডেলটোৰ কংকাল এটা বনাই লোৱা হয় যাতে অংগ প্ৰত্যংগবোৰ সঠিক ভাৱে লৰচৰ কৰাব পৰা যায়৷ মাৰ্কাৰ বেছ্দ মোছন কেপচাৰ কৰিবলৈ আপোনাৰ শৰীৰৰ কিছুমান স্থানত উজ্জল ৰঙৰ চিহ্ন লগাই ল'ব লাগিব৷ ৰঙীন কাগজ বা টেপ ব্যৱহাৰ কৰিব পাৰে৷ তাৰপিচত ৱেব কেম বা অন্য কেমেৰাৰ সহায়ত অকণমান অংগী ভংগী কৰি ভিডিঅ' এটা বনায় ল'ব লাগিব৷ এতিয়া ভিডিঅ'টো ব্লেণ্ডাৰলৈ নি 3D মডেলটোৰ কংকালৰ লগত সংযোগ কৰি দিলে মডেলটোৱে আপুনি কৰা ভংগিমাবোৰ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিব৷
কিন্তু প্ৰফেশ্যনেল ফিল্মবোৰত এনেদৰে এটা কেমেৰাৰে মোছন কেপচাৰ নকৰে৷ তাৰ বাবে মোছন কেপচাৰ ষ্টুডিঅ' থাকে৷ ষ্টুডিঅ' বোৰ ডাঙৰ একোটা হ'ল ঘৰৰ নিচিনা৷ হ'লঘৰটোৰ চাৰিও ফালে চৌব্বিশটা মান কেমেৰাই কেন্দ্ৰলৈ মুখ কৰি থাকে৷ তাৰ মাজত মাৰ্কাৰ যুক্ত পোচাক পিন্ধি অভিনেতা গৰাকীয়ে অভিনয় কৰে৷ মুখমণ্ডলৰ অভিব্যক্তি ধৰি ৰাখিবলৈ কেমেৰা সংযুক্ত হেডছেট এটা অভিনেতা গৰাকীয়ে পিন্ধি লয়৷ প্ৰয়োজন সাপেক্ষে মুখমণ্ডলতো চিন দি লোৱা হয়৷ কেমেৰাৰ পৰা পোৱা ফুটেজ বোৰ অধ্যয়ন কৰি কম্পিউটাৰে মাৰ্কাৰৰ স্থান নিৰূপণ কৰি উলিয়াই৷ পিছত মাৰ্কাৰবোৰ 3D মডেলৰ কংকালটোৰ সৈতে সংযুক্ত কৰি দিয়া হয়৷
![]() |
মোছন কেপচাৰ |
দিনে দিনে চফ্টৱেৰ সমূহৰ বিশ্লেষণ ক্ষমতা বাঢ়ি যোৱাৰ লগে লগে মাৰ্কাৰ অবিহনেও কম্পিউটাৰে সঠিক স্থান সমূহ শুদ্ধকৈ চিনাক্ত কৰিবলৈ সক্ষম হৈ উঠিব৷ এই বিষয়ত দিনে দিনে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলি আছে৷ ডিজনী ষ্টুডিঅ'ই অলপতে চেন্সৰৰ ওপৰত নিৰ্ভৰশীল মোছন কেপচাৰ টেকন’লজী এটা আবিষ্কাৰ কৰিছে৷ য'ত কষ্টিউম, মাল্টিকেম চেটআপ আদিৰ প্ৰয়োজন নহয়৷ আশা কৰিব পাৰি এনেকুৱা নতুন টেকন’লজি সমূহে এনিমেছন প্ৰক্ৰিয়াটো এদিন অতি সহজ কৰি তুলিব৷
পূৰ্বপ্ৰকাশ: অসমীয়া মায়া, মে'/২০১৭