এখন জনশূন্য নাৰ্ছিংহোমত কেইদিনমানৰ বাবে থাকিবলগীয়া হৈছে ডাক্তৰ নৱাৰুণ গুপ্ত। অভিশপ্ত অতীতক পাহৰি এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ তেওঁ আহিছে এই নতুন ঠাইখনলৈ। নাৰ্ছিংহোমখনত আছে দুগৰাকী আয়া, এজন কেয়াৰ টেকাৰ, দ্বিতীয় মহলাত আছে দুগৰাকী পেছেন্ট আৰু তৃতীয় মহলাত বন্দী কিছু গোপন ৰহস্য। সেই ৰহস্য আৰু অতীতৰ এক ভুলে নৱাৰুণক এনেদৰে মেৰিয়াই ধৰিলে যে উন্মাদনাৰ শেষ পৰ্যায় পাবলৈ বাকী তেওঁ। ঠিক দুবছৰ আগতে কালী পূজাৰ ৰাতি কৰা এটা ভুলৰ বাবে নৱাৰুণৰ জীৱন থানবান হৈ গৈছিল। আকৌ কালী পূজা আহি আছে, কিবা এটা হ'বলৈ গৈ আছে ভূতচতুৰ্দশীৰ নিশা, কি হ'বলৈ গৈ আছে? অতীতৰ পুনৰাবৃত্তি? নে তাতোকৈ ভয়ংকৰ কিবা, যি কথা কল্পনাও কৰিব নোৱাৰে নৱাৰুণে? তৃতীয় মহলাৰ খিৰিকি মুখত নৱাৰুণে কাক দেখিছিল? কি ৰহস্য আছে নাৰ্ছিংহোমৰ পিছফালৰ ফিল্ডখনত? সন্যাসী অঘোৰ তান্ত্ৰিকে কিহৰ আয়োজন কৰিছে ভূতচতুৰ্দশীৰ নিশা?
এতিয়ালৈকে তেখেতৰ যথেষ্ট সংখ্যক গ্ৰন্থ প্ৰকাশিত হৈছে৷ বহুতো কাহিনীয়ে জনপ্ৰিয় এফ. এম. চেনেলবোৰত নাট্যৰূপ লাভ কৰিছে৷
তেখেতৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থ হ'ল, বন্দৰ সুন্দৰী, ৰাক্ষুসে নেকড়ে, খাজুৰাহ সুন্দৰী, ফিৰিঙ্গি ঠগি, চন্দ্ৰভাগাৰ চাঁদ, কৃষ্ণলামাৰ গুম্ফা, ৰুদ্ৰনাথেৰ চুনিৰ চোখ, ইত্যাদি৷