
এটা ক্লিকতে গোটেই ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ; প্ৰতিটো ৱেবচাইট, কিতাপ, অডিঅ’, ভিডিঅ’ আদি সকলো অসমীয়াতে পাবলৈ হ'লে, আপুনি আজিয়েই Googleৰ Translate Communityত যোগ দিব লাগিব৷
আপুনি যদি Chrome ব্ৰাউজাৰ
ব্যৱহাৰ কৰি আছে৷ যিকোনো এটা ৱেব চাইটলৈ যাওঁক, ৰাইট ক্লিক কৰক আৰু “Translate” বা
"Translate in English"ত ক্লিক কৰক৷
সোঁফালে ওপৰ চুকত এখন প'প আপ মেনু ওলাব৷ তাত আপুনি optionত
ক্লিক কৰিলে ভাষাৰ এখন তালিকা ওলাব, ইয়াতে দুটা ভাষা থাকিব, তলৰ ভাষাটো আপুনি
হিন্দী চিলেক্ট কৰক৷ মুহুৰ্ততে আপোনাৰ ৱেবচাইটটো হিন্দীলৈ পৰিবৰ্তন হৈ যাব৷ তাকো
৮০ শতাংশ শুদ্ধ হিন্দীলৈ৷ এবছৰৰ ভিতৰত ই নিশ্চয়কৈ এশ শতাংশই নিখুঁত হ'বগৈ৷ কিন্তু
দুৰ্ভাগ্যৰ কথা, ভাষাৰ সেই তালিকাখনত অসমীয়াটো নাই৷
![]() |
Chromeত হিন্দীলৈ অনুবাদ কৰিবলৈ |
২০০৬ চনতে গুগুলে ট্ৰেন্সলেট সেৱাটো আৰম্ভ
কৰিছিল, যাৰ জড়িয়তে গুগুলে আমাক সমগ্ৰ ইন্টাৰনেটৰ উপৰিও, কিতাপ, কাগজ, ভিডিঅ',
অডিঅ', আদি সকলো তথ্যকে বেলেগ বেলেগ ভাষালৈ অনুবাদ কৰিব পৰাৰ ক্ষমতা দিব খুজিছিল৷
তেওঁলোক সফলো হ'ল আৰু এতিয়ালৈকে ৫০টাৰো অধিক ভাষাত তেওঁলোকে এই সেৱা মুকলি কৰিলে৷
য'ত, হিন্দী, বঙালী, গুজৰাটী, পাঞ্জাবী আদি ভাষাও আছে৷
সৌভাগ্যৰ কথা, বাকী নিৰ্মীয়মান পৰ্যায়ত থকা
১২টা ভাষাৰ তালিকা খনত অসমীয়া ভাষাটোও আছে৷ কিন্তু ইয়াৰ অনুবাদ কাৰ্য কিমান শতাংশ সম্পূৰ্ণ
হৈছে নাজানোঁ৷ আমি সহায় নকৰিলে ই অতি সোনকালে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনাও নাই৷ কাৰণ
গুগুলৰ এলগ'ৰিথিম
অনুসৰি সিহঁতৰ কম্পিউটাৰবোৰে, মানুহে কৰা অনুবাদ বোৰ সংগ্ৰহ কৰে, তাৰ পিছত একেটা বাক্যকে বেলেগ
বেলেগ মানুহে কেনেদৰে অনুবাদ কৰিছে, তাৰ মাজত থকা মিল-অমিলবোৰ বিচাৰে, শব্দ বিলাকৰ
আগে পিছে ক'ত, কেতিয়া, কোনে, কিয়, কি বিভক্তি যোগ দিছে, এইবিলাক এনালাইজ কৰে আৰু
এখন নিজা ব্যাকৰণ বনায় লয়৷
সিহঁতে বেলেগ বেলেগ ৱেবচাইট, ই-বুক, নথি পত্ৰ
আদিৰ পৰা এই তথ্যবোৰ সংগ্ৰহ কৰে৷ উদাহৰণ স্বৰুপে চৰকাৰী ৱেবচাইটবোৰৰ পৰাও সংগ্ৰহ কৰিব পাৰে,
কাৰণ সিহঁতে একেখন ফৰ্ম, জাননী আদি বেলেগ বেলেগ ভাষাত আপল’ড কৰে৷ কিছুমান নিউজ
চাইটে একেখিনি নিউজকে বেলেগ বেলেগ ভাষাত আপল'ড কৰে৷ অনলাইন অভিধান বোৰৰ পৰাও শব্দ সংগ্ৰহ কৰে৷ সেই শব্দবোৰ কোনটো
বাক্যত, কেনেকৈ ব্যৱহাৰ কৰা হৈছে তাক এনালাইজ কৰে৷ কিন্তু ইমানবোৰ তথ্য এনালাইজ
কৰিবলৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমলৰ বহুত অভাৱ৷ এতিয়া যেনিবা ফেচবুকটো অসমীয়ালৈ
অনুবাদ হ'ল৷ গুগুলে তাৰ পৰাও কিছু সমল পাব৷ Microsoft, Opera Browser
আদি ৱেবচাইট সমূহৰো অসমীয়া সংস্কৰণ আছে৷ তাৰ পৰাও কিছু পাব৷
কিন্তু সেয়া যথেষ্ট নহয়৷ সেয়েহে গুগুলক আমাৰ ফালৰ পৰা সহায় কৰিব লাগিব৷
তাৰ বাবে গুগুলৰ এটা ৱেবচাইট আছে, নাম Translate Community৷ য'ত গুগুলে কিছুমান ইংৰাজী শব্দ, বাক্যৰ যোগান ধৰে, আমি সেইবোৰ
অনুবাদ কৰি দিব লাগে৷ একেবাৰে নিজৰ ষ্টাইলত
অনুবাদ কৰিলে হ'ল, ব্যাকৰণৰ কথা বিশেষ ভাবিবলগীয়া নাই৷ গুগুলে সেইবোৰ নিজে এনালাইজ
কৰি ল'ব৷
এই খিনিতেই এটা কথা উল্লেখ কৰোঁ, Google Translate আৰু Translate Community দুটা বেলেগ বেলেগ বস্তু৷ Translate Community হ'ল Google Translateৰ এটা উপ ৱেব চাইট৷ Google Translateত এটা ভাষাৰ পৰা আনা এটা ভাষালৈ সফল ভাবে অনুবাদ কাৰ্য সম্পন্ন কৰিব পাৰি৷ আৰু Translate Community ত নতুন ভাষা সংযোজন কৰা হয়, লগতে Google Translateত মুকলি কৰি দিয়া ভাষা সমূহত থকা ভুলবোৰ শুধৰোৱা হয়৷
এই খিনিতেই এটা কথা উল্লেখ কৰোঁ, Google Translate আৰু Translate Community দুটা বেলেগ বেলেগ বস্তু৷ Translate Community হ'ল Google Translateৰ এটা উপ ৱেব চাইট৷ Google Translateত এটা ভাষাৰ পৰা আনা এটা ভাষালৈ সফল ভাবে অনুবাদ কাৰ্য সম্পন্ন কৰিব পাৰি৷ আৰু Translate Community ত নতুন ভাষা সংযোজন কৰা হয়, লগতে Google Translateত মুকলি কৰি দিয়া ভাষা সমূহত থকা ভুলবোৰ শুধৰোৱা হয়৷
এই সুবিধাটোৰ বিষয়ে চাৰি বছৰ মান আগতে অসমীয়াত
কথা বতৰা গ্ৰুপটোতো আলোচনা হৈছিল৷ তেতিয়া আমাৰ সকলোৰে কম্পিউটাৰত ইন্টাৰনেট নাছিল,
আৰু ফিজিকেল অসমীয়া কী ব'ৰ্ডৰ অভাৱত অসমীয়াত লেখাটোও যথেষ্ট কষ্টকৰ আছিল৷ সেয়ে বাকী বোৰ ভাষা
কেতিয়াবাই ওলাই গ'ল যদিও অসমীয়াটো ৰৈ গ'ল৷ এতিয়া স্মাৰ্ট-ফোন, ভাৰ্ছুৱেল কী-ব'ৰ্ডৰ সহায়ত অসমীয়া
লেখাটো একেবাৰে উজু হৈ পৰিছে৷
সেয়েহে মই আপোনালোকক বিনম্ৰভাবে অনুৰোধ কৰিছোঁ
যে আজিয়েই আপোনালোকে Translate Communityত যোগ দিয়ক আৰু দিনে ১০টা, ২০টা, যিমান পাৰে
শব্দ আৰু
বাক্য অসমীয়ালৈ অনুবাদ কৰক৷ লগতে সকলোৰে মাজত এই কথাটো প্ৰচাৰ কৰক৷ ৰাইজে নখ
জোকাৰিলে, নৈ বয়৷ আমি যদি সকলোৱে দৈনিক ১০টাকৈও শব্দ বা বাক্য অনুবাদ কৰিবলৈ আৰম্ভ
কৰো, এক-দুই বছৰৰ ভিতৰত যে অসমীয়া ভাষাতো এই সেৱাটো মুকলি হ'ব, সেয়া নিশ্চিত৷
কোনোবা দল, সংগঠন, NGOৰ সদস্যয়ো
যদি এই পোষ্টটো পঢ়ি আছে, তেওঁলোককো মই অনুৰোধ কৰিছোঁ যে অসমীয়া ভাষাত দখল থকা
মানুহবোৰ লগত লৈ এই অনুবাদ কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা লয় যেন৷ কাৰণ সময় ৰৈ
নাথাকে৷ আৰু আমাৰ পৰা একো গুৰুত্ব নাপালে, ভাষাটোৰ প্ৰচলন কম বুলি, ট্ৰেন্সলেট
সেৱাৰ পৰা ইয়াক আঁতৰাই পেলোৱাটোও একো ডাঙৰ কথা নহয়৷
যিদিনাই এই প্ৰক্ৰিয়াটো সম্পূর্ণ হ'ব, নিখুঁত
ভাৱে সকলো তথ্য অসমীয়ালৈ অনুবাদ কৰিব পৰা যাব, তেতিয়া অসমৰ গাঁৱে-ভুয়ে থকা প্ৰতিজন
ব্যক্তিয়ে ইন্টাৰনেটৰ সমস্ত জগতখন অসমীয়া ভাষাতে খুচৰিব পাৰিব৷ বিশ্বৰ প্ৰতিখন কিতাপ অসমীয়া ভাষাত পঢ়িব পাৰিব৷ হিন্দী,
বঙালী আদি ভাষাত কৰিব পৰাৰ দৰে অসমীয়া মানুহেও অসমীয়া ভাষাতে বিদেশী মানুহৰ লগত
চাটিং কৰিব পাৰিব৷
গুগুলে যিদিনা অডিঅ’, ভিডিঅ'ৰ অনুবাদো নিখুঁত ভাবে কৰিব পৰা হ'ব, তেতিয়া ভাষা, কোনো দিনে
কোনো ক্ষেত্ৰতে বাধা ৰূপে দেখা নিদিব৷ ফোনত কোনোবাই ইংৰাজী কলেও আমি তেতিয়া
অসমীয়াত শুনিম, আৰু আমাৰ কথাখিনি তেওঁলোকে ইংৰাজীত শুনিব৷ ২০১১চনত স্পেনিছ আৰু
ইংলিছ ভাষাৰ মাজত এনেদৰে কথা পাতিব পৰা সুবিধাটো মুকলি কৰিছিলে আৰু এতিয়ালৈ মুঠ ১৪টা ভাষাত এই সেৱা মুকলি কৰিছে৷
![]() |
Word Lens-গুগুল গ্লাছে ব্যৱহাৰ কৰা এপটোৰ ডেমো |
কেৱল শব্দই নহয় Google Translateএ optical character recognition (OCR)ৰ সহায়ত চপা কৰা
বা হাতে লেখা কাগজ পত্ৰ
আদিও কিছুমান ভাষালৈ অনুবাদ কৰিবলৈ সক্ষম হৈছে৷ গুগুল গ্লাছত এই
সেৱাটো সংযোগ কৰা হৈছে৷ সেয়ে গুগুল গ্লাছ নামৰ চছমাযোৰ পিন্ধি ল’লে আপুনি বিদেশী
কিতাপ, চাইনবোৰ্ড, নথি পত্ৰ আদি ইংৰাজীতে পঢ়িব পাৰিব৷ আৰু যদি আমি আজিৰে পাৰই
বাঘে ধৰা দিওঁ, এদিন সেয়া
অসমীয়াতো সম্ভৱ হ’ব৷
Google Translate
Communityত কেনেকৈ যোগ দিব মই তলত উল্লেখ কৰিলোঁ৷
Google Translate
ব্যৱহাৰ কৰিবলৈ হ'লে, আপুনি মোবাইলৰ Chrome ব্ৰাউজাৰলৈ গৈ translate.google.com/community লিখক বা এই লিংকটোত ক্লিক কৰি Chrome Browserত খোলক৷
প্ৰথমবাৰ খোলতে Translate Communityক অসমীয়া লিখিব পৰাকৈ সাজু কৰি ল'ব লাগিব৷ তাৰ বাবে তলৰ ষ্টেপ কেইটা অনুসৰণ কৰক৷
ৱেবচাইটোৰ একেবাৰে তলত থকা GET STARTEDত ক্লিক কৰক৷
এইবাৰ ৰঙা যোগ (+) চিন ডালত ক্লিক কৰক৷ ভাষাৰ এখন তালিকা
ওলাব৷
ইয়াতে Assamese ভাষাটো
চিলেক্ট কৰক৷
SAVE কৰক৷
Receive emailটো tick কৰক৷
SAVE কৰক৷
![]() |
GET STARTED |
এইবাৰ আপুনি হোম পেজত প্ৰবেশ কৰিব৷ এতিয়াৰে পৰা
ওপৰৰ লিংকটোত ক্লিক কৰিলে আপুনি চিধা এই পেজটোত ওলাব৷ ইয়াতে আপুনি TRANSLATEত ক্লিক কৰক৷
আপোনাক এটা ইংৰাজী শব্দ দেখোৱাব৷ তলত অসমীয়া
অৰ্থটো লিখিব পৰাকৈ এডোখৰ খালি ঠাই থাকিব৷
যদি আপুনি অৰ্থটো জানে, লিখি SUBMIT কৰক, নহ’লে SKIP কৰক৷
![]() |
Translate Community |
গুগুলে মানুহক অনুবাদ কামটোৰ প্ৰতি আকৰ্ষিত
কৰিবলৈ অনুবাদ প্ৰক্ৰিয়াটোক কেবাটাও লেভেলত ভাগ কৰিছে৷ প্ৰথমটো লেভেলত ১০টা মান
শব্দ থাকে চাগৈ৷ এনেদৰে যিমানটা লেভেল পাৰ কৰিব৷ গুগুলে আপোনাক, বেজ, ট্ৰফী আদি দি
থাকিব৷ আপুনি বাওঁফালে থকা মেনু খনলৈ গৈ কিমান ৰিৱাৰ্ড পালে চাব পাৰিব৷
Windows 7, Facebook আদিৰ অসমীয়া অনুবাদত বহুত ভুল আছে৷ গুগুল ট্ৰেন্সলেটতটো হিন্দী, বঙালী আদি ভাষা এতিয়ালৈ এশ শতাংশই পাৰফেক্ট হৈ উঠা নাই৷ তাকে দেখি এই ব্যৱস্থাটোৰ প্ৰতি মনলৈ কোনোধৰণৰ নেতিবাচক ভাৱ নানে যেন৷ আজি যদি আমি গুগুলৰ পৰা এই সুবিধাটো আদায় কৰি ল'ব পাৰোঁ৷ পিছত ভুলবোৰ শুধৰাই থাকিব পাৰিম৷ ভুলবোৰ শুধৰোৱাৰ সুবিধা ট্ৰেন্সলেট কমিউনিটিত আছে৷ আৰু অসমীয়া তথ্য বাঢ়ি গৈ থকাৰ লগে লগে মেচিনবোৰে নিজে নিজে ভুলবোৰ শুধৰাই গৈ থাকিব৷ মাইলছ ব্ৰনছনে লেখা প্ৰথমখন অসমীয়া অভিধানতো অসংখ্য ভুল আছিল৷ কিন্তু তাৰ ভেটিতেইটো আমাৰ ভাষাটোৱে কৰ্ট, কাছাৰী, স্কুল, কলেজ আদি দখল কৰিলে৷ আৰু গুগুল ট্ৰেন্সলেটৰ জড়িয়তে আমি গোটেই ডিজিটেল মাধ্যমটো দখল কৰিব লাগিব৷
আশা কৰো আজিৰ এই কথাখিনিয়ে আপোনালোকক কিছু পৰিমাণে সহায় কৰিব৷ আমাৰ আন আন পোষ্ট বোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself & Rajiv Phukanঅক চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ৷
গুগলত অসমীয়া ভাষাটোক অন্তর্ভুক্ত কৰাৰ বাবে অহৰহ লাগি থকা যুৱক - যুৱতীসকল হৈছে মনজিৎ নাথ , বনজিৎ পাঠক , হিমজ্যোতি তালুকদাৰ , ৰাজীৱ ৰঞ্জন , অঞ্জল বৰা , অজয়লাল দত্ত , মাইন উদ্দিন , গীতাৰ্থ বৰদলৈ , মৃদুল কুমাৰ শৰ্মা , চুলতান মির্ধা, উদ্দীপ তালুকদাৰ , আজিজুল হক , মিতালী নাৰায়ণী , সত্যজিৎ নাথ , পংকজ বৰা , প্রয়াত ৰাজেন বৰুৱা , অংকুৰ বৰা , বিক্রম এম বৰুৱা , পল্লৱ শইকীয়া , ড ° বুলজিৎ বুঢ়াগোহাঁই , নিদর্শনা শইকীয়া দাস , কিশোৰ বৰ্মন , বিৰাজ কুমাৰ কটকী , কাঞ্চন গগৈ , ৰচিকা শইকীয়া আদি । তদুপৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰো এই ক্ষেত্ৰত থকা অৱদান বিশেষভাৱে উল্লেখনীয় ।
ReplyDelete