Jun 16, 2021

চাকিউবাছ - ভৌতিক/ৰহস্য উপন্যাসিকা

ৰাজীৱ ফুকন
Succubus an Assamese Horror Mystery Novel by Rajiv Phukan
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
*অনুবাদঃ ৰাজীৱ ফুকন*  

চাকিউবাছ হ'ল এক ধৰণৰ প্ৰেতিনী, যিয়ে শুই থকা পুৰুষৰ ওপৰত যৌন নিৰ্যাতন চলায়৷ সেই চাকিউবাছে লম্ভিলে দেশৰ আগশাৰীৰ এজন তৰুণ বিজ্ঞানীক৷ ডঃ অদম্য পাল, যাৰ এটা আৱিষ্কাৰে তোলপাৰ লগাই দিছে সমগ্ৰ বিশ্বত৷ আজি তেওঁ ধৰাশায়ী হৈ পৰিছে এই অলৌকিক শক্তিৰ ওচৰত৷ কিন্তু তেওঁৰ বৈজ্ঞানিক মনস্কতাই মানি ল'ব নোখোজে তাৰ অস্তিত্ব৷ নে তাৰ আঁৰত আছে অন্য কোনো গূঢ় ৰহস্য? কিয় চাকিউবাছে লম্ভিলে বিজ্ঞানী ডঃ পালক? তেওঁৰ যুগান্তকাৰী আৱিষ্কাৰটোৱেই বা আছিল কি? জানিবলৈ পঢ়ক ভৌতিক ৰহস্য উপন্যাসিকা চাকিউবাছ৷ য'ত খোলা হ'ব বাইবেলৰ এটা নিষিদ্ধ অধ্যায়৷


** সূচী **

লেখক পৰিচিতিঃ লেখিকা দেৱাৰতি মুখোপাধ্যায় বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় বঙালী লেখিকা আৰু ইউটিউবাৰ। তেখেতৰ জন্ম হৈছিল ১৯৯০ চনৰ ১১ অক্টোবৰত হুগলি জিলাৰ ডানকুনি চহৰত। 
 
তেওঁৰ প্ৰথমখন উপন্যাস ভৌতিক থ্ৰীলাৰ 'ঈশ্বৰ যখন বন্দীঅতি কম সময়ৰ ভিতৰতে ১০ হাজাৰ কপি বিক্ৰী হয় আৰু ২০১৭ চনৰ কলিকতা বুক ফেয়াৰত কিতাপখন বেষ্ট চেলাৰ হিচাপে ঘোষিত হয়। তেখেতৰ দ্বিতীয়খন উপন্যাসআন এখন থ্ৰীলাৰ 'নৰক সংকেতএবছৰৰ ভিতৰত বাৰ হাজাৰ কপি বিক্ৰী হয়। এই উপন্যাসখনৰ ওপৰত 'স্বস্তিক সংকেতনামেৰে এখন চলচিত্ৰ নিৰ্মাণ হৈ আছে। ছবিখন ২০২১ চনত মুক্তি লাভ কৰাৰ কথা। ২০১৬ চনৰ পৰা এতিয়ালৈকে তেখেতৰ কেবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত ঈশ্বৰ যখন বন্দী, নৰক সংকেতঅঘোৰে ঘুমিয়ে শিবগ্লানির্ভবতি ভাৰতনাৰাচদিওতিমাহাৰিয়ে যাওয়া খুনিৰা৭ শিহৰণবাবু ও বাৰবণিতাদাশগুপ্ত ট্রাভেলসলিলি আদি অন্যতম।