Sep 28, 2017

বিজ্ঞাপন- অতীত আৰু ভবিষ্যত - ৰাজীৱ ফুকন

ৰাজীৱ ফুকন








জাৰৰ দিন শেষ হৈছে৷ কেতিয়া গৰম পৰিব, আমি ৰৈ থাকো৷ তেতিয়াই এদিন টিভিত চিনাকি গান এটা বাজি উঠে, "চুভটি জল্দি গৰ্মি কা মৌচম আয়া, আয়া মৌচম ঠণ্ডি ঠণ্ডি ডৰ্মি কুল কা৷"  অৱশেষত গৰমৰ দিন আহি যায়৷ আহি যায় আমিৰ খানৰ 'ঠাণ্ডা মতলব কোকাক'লা', চচীন-শ্বাহৰুখৰ "পেপচি-য়ে দিল মাংগে মোৰ" আদি বিজ্ঞাপনৰ বতৰ৷ সেই সময়ত কেতিয়াবা বিজ্ঞাপন বোৰ দেখিলে বিৰক্ত হৈছিলো৷ আৰু এতিয়া এই বিজ্ঞাপন বোৰেও অমাক নাষ্টালজিক কৰি তোলে৷
সেয়ে শ্ৰী কৃষ্ণ, জয় হনুমান, য়ুগ, শক্তিমানৰ কথা ক'লে মনলৈ উফৰি আহে বিজ্ঞাপনৰ কিছুমান দৃশ্য-গীত, ঘড়ী ডিটৰ্জেন্ট- পেহেলে ইষ্টেমাল কৰে ফিৰ বিচৱাছ কৰে, হামাৰা বাজাজ-বুলণ্ড ভাৰত কি বুলণ্ড টচৱীৰ, সৌন্দৰীয়া চাবুন নিৰ্মা, ব্জ্ৰডন্তি ব্জ্ৰডন্তি বিকো ব্জ্ৰডন্তি ইত্যাদি৷

আপোনালোকে যদি ভাবিছে অসমীয়া গানৰ লিৰিক্স জোগান ধৰিবৰ বাবে এই লেখাটো লিখিছো, তেনেহ'লে ভুল ভাবিছে৷ আজিৰ লেখাটোত আমি আলোচনা কৰিম বিজ্ঞাপনৰ বিষয়ে৷

"বিজ্ঞাপন?"

"হয়, বিজ্ঞাপন৷ সেই বুলি কিন্তু চেনেল নসলাব৷"

আজি যদি আমি বিজ্ঞাপনক পৃথিৱীৰ পৰা মচি পেলাওঁ, দূৰদৰ্শন, ফে'চবুক, গুগুল, ইউটিউব আদিও নাইকিয়া হৈ যাব৷ নাইকিয়া হ'ব ডিচকাউণ্ট, কুপন আদিৰ দৰে লোভনীয় শব্দবোৰ৷ আনকি হৰ্ডিং পোষ্টাৰৰ অভাৱত আপোনাৰ চহৰখনো নাঙঠ হৈ পৰিব৷

বিজ্ঞাপন কি?

বিভিন্ন কোম্পেনী, ব্ৰেণ্ডে তেওলোকৰ পন্য সামগ্ৰী বা সেৱা সমূহৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা ছবি, শ্লোগান, অ'ডিঅ', ভিদিঅ' আদিয়েই বিজ্ঞাপন৷ প্ৰচাৰৰ বাবে বিজ্ঞাপনদাতা সকলে বিভিন্ন মাধ্যম ব্যৱহাৰ কৰে৷ যেনে মৌখিক প্ৰচাৰ, ছপা মাধ্যম, ৰেডিঅ', টিভি, ইন্টাৰনেট ইত্যাদি৷ বিনিময়ত তেওঁলোকে এই মাধ্যমসমূহত ধন বিনিয়োগ কৰে যাতে টিভি, ৰেডিঅ', ইন্টাৰনেটে তেওঁলোকৰ অনুস্থান সমূহ, অনলাইন-সেৱা সমূহ বিনামুলীয়াকৈ ৰাইজলৈ আগবঢ়াব পাৰে৷

সেৱা, সামগ্ৰী আদিৰ বিষয়ে এনেদৰে প্ৰচাৰ কৰাৰ পৰা গ্ৰাহকৰো যঠেষ্ট সুবিধা হয়৷ হাজাৰ হাজাৰ ব্ৰেণ্ডৰ মাজৰ পৰা নিজৰ উপযুক্ত ব্ৰেণ্ডটো বাচি উলিয়াবলৈ সহজ হয়৷ বিজ্ঞাপনৰ বাবেই চিনেমাখন কমেডি নে থ্ৰিলাৰ আগতীয়াকৈ জানিব পৰা যায়৷ চৰকাৰী আঁচনিসমূহৰ বিষয়ে জানিব পৰা যায়৷ চাকৰিৰ পোষ্ট ওলালে গম পোৱা যায়৷
বিজ্ঞাপনৰ ইতিহাস

বিজ্ঞাপনৰ প্ৰথা ক'ত, কেতিয়া আৰম্ভ হৈছিল সঠিককৈ ক'ব নোৱাৰি৷
আগৰ দিনত ৰজাই কিবা উৎসৱৰ আয়োজন কৰিলে, যুদ্ধ বিগ্ৰহৰ কোনো সম্ভেদ পালে ঢোল পিটি ৰাজ্যত প্ৰচাৰ কৰিছিল৷ তেতিয়াৰ দিনত বিক্ৰেতাসকলে বেচিবলৈ অনা বস্তুসমূহৰৰ বিষয়ে বজাৰত চিঞৰি চিঞৰি প্ৰচাৰ কৰিছিল৷ অতীজৰে পৰাই এনেদৰে বিজ্ঞাপনৰ প্ৰচলন চলি আহিছে৷

ভেকুলীয়ে যেতিয়া টোৰ টোৰাই চিঞৰে, সিহঁতেও নিজৰ সুস্থ সুঠাম শৰীৰ বিষয়ে প্ৰচাৰ কৰি মাইকী ভেকুলীবোৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে৷ ময়ুৰেও পেষম ধৰি পুৰুষত্ব প্ৰদৰ্শণ কৰে৷ এয়াও প্ৰকৃতীৰ মাজত দেখিবলৈ পোৱা বিজ্ঞাপনৰে নমুনা৷

"আৰু পোক-পতংগই এৰি দিয়া ফেৰ'মনৰ গোন্ধ?"

"ৱাইল্ড ষ্ট'ন৷ ইট হেপেনছ৷" হয়, এয়াও বিজ্ঞাপন৷

এতিয়ালৈকে আবিষ্কাৰ হোৱা পুৰণি বিজ্ঞাপন সমূহৰ ভিতৰত চীন দেশৰ বেজীৰ দোকান এখনৰ বিজ্ঞাপন এটাকে আটাইতকৈ পুৰণি লিখিত বিজ্ঞাপন বুলি ধৰা হয়৷ ১২ শতিকাৰ আগৰ এই বিজ্ঞাপনটো ব্ৰঞ্জৰ ফলি এখনত লিখিত অৱস্থাত পোৱা গৈছে৷ ইংলেণ্ডৰ সাপ্তাহিক কাকত সমূহত ১৮ শতিকাৰ পৰা বিজ্ঞাপনৰ প্ৰচলন আৰম্ভ হৈছিল৷ সেই সময়ত বিজ্ঞাপনসমূহ কেৱল বাতৰি কাকত, কিতাপ আদিৰ প্ৰচাৰৰ বাবে দিয়া হৈছিল৷

১৯ শতিকাত পিয়েৰ্ছ পৰিয়ালৰ জোঁৱাই Thomas J. Barrattএ পিয়েৰ্ছ চাবোনৰ প্ৰচাৰৰ বাবে কেবাটাও বিজ্ঞাপন দিছিল৷ য'ত তেওঁ ছবি, শ্লোগান আদিৰ ব্যৱাহাৰ কৰিছিল৷ তেখেতকে আধুনিক বিজ্ঞাপনৰ জনক বুলি ধৰা হয়৷ তেখেতে কৈছিল, মানুহৰ ৰুচি আৰু ফেশ্বনৰ পৰিবৰ্তন হৈ থাকে, বিজ্ঞাপনদাতা সকলো ইয়াৰ লগে লগে পৰিবৰ্তন হ'ব লাগিব৷ যিটো কথা আজিও সত্য৷

১৮৩৬ খৃষ্টাব্দৰ জুন মাহৰ পৰা ফৰাচী কাকত লা প্ৰেছে বিজ্ঞাপনৰ বাবদ টকা ল'বলৈ আৰম্ভ কৰিছিল৷ যাতে কাকতৰ দাম কমাব পাৰি আৰু পাঠকৰ সংখ্যা বঢ়াব পাৰি৷ সেয়াই আৰম্ভনি৷ তাৰ পিছৰে পৰা প্ৰতিখন কাকতে বিজ্ঞাপনৰ বাবে স্পেছ বেচিবলৈ আৰম্ভ কৰিলে৷ N.W. Ayer & Son হ'ল প্ৰথমটো বিজ্ঞাপন সংস্থা যিয়ে গ্ৰাহকৰ বাবে বিজ্ঞাপনৰ পৰিকল্পনা কৰাৰ পৰা বাতৰি কাকতত ছপা কৰালৈকে সম্পূৰ্ণ দায়িত্ব লৈছিল৷ তেতিয়াৰ পৰাই বিজ্ঞাপনকো জিৱীকাৰ শাৰীত ধৰিব পৰা হ'ল৷
ৰেডিঅ'ৰ আবিষ্কাৰৰ পিছত বিজ্ঞাপনদাতা সকলে ৰেডিঅ'ৰ অনুস্থান সমূহ প্ৰজযোনা কৰিবলৈ আৰম্ভ কৰিলে৷ প্ৰথম অৱস্থাত ৰেডিঅ'ৰ এটা অনুষ্ঠান এটা কোম্পানী বা ব্ৰেণ্ডে নিৰ্মাণ কৰিছিল৷ পিছত অনুষ্ঠাানৰ বাবে ঠাই কমি যোৱাত একেটা অনুষ্ঠাানতে বিভিন্ন কোম্পেনীয়ে ধন বিনিয়োগ কৰিবলৈ ল'লে৷ তাৰ পৰা ৰেডিঅ' কেন্দ্ৰসমূহৰো লাভ হ'ল, বিজ্ঞাপনদাতা সকলৰো খৰচ কমিল আৰু অনুস্থানৰ লগত জড়িত শিল্পী সকলৰো পাৰিশ্ৰমিক বাঢ়িল৷ টেলিভিছন অহাৰ পিছত কোম্পেনী, ব্ৰেণ্ড সমূহে টেলিভিছনৰ অনুষ্ঠানসমূহত বিনিয়োগ কৰিবলৈ ল'লে, যাতে অনুস্থানসমূহ বিনামুলীয়াকৈ ৰাইজক যোগান ধৰিব পাৰা যায় আৰু তাৰ জড়িয়তে তেওঁলোকৰ সামগ্ৰী, সেৱা সমূহৰ প্ৰচাৰ কৰিব পৰা যায়৷ পিছত ইন্টাৰনেট অহাত আমি গুগুল, ফে'চবুক, ইউটিউব আদি অজস্ৰ মূল্যবান ৱেবচাইট বিনামুলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'লো৷ এই সকলোবোৰ ৱেবচাইটৰ খৰছো বিজ্ঞাপনে বহন কৰি আহিছে৷ গতিকে বিজ্ঞাপন অবিহনে বিনামুলীয়া তথ্য, বিনোদন সম্ভৱ নহ'লহেঁতেন৷

বিজ্ঞাপনৰ তিতা মিঠা

বিজ্ঞাপনে যদিও বিনাখৰছত টি ভি, ইন্টাৰনেটৰ অনুষ্ঠান, সেৱা আদি আমাক যোগান ধৰি আহিছে তথাপি ই সমালোচনাৰ উৰ্ধত নহয়৷ বিজ্ঞাপনক লৈ বিভিন্নজনৰ বিভিন্ন ধাৰণা৷ কিছুমানে ভাবে বিজ্ঞাপনে সামগ্ৰী এটা বিক্ৰী কৰিবলৈ বিভিন্ন মিছা কথা প্ৰচাৰ কৰে, কিছুমানে ভাৱে বিজ্ঞাপন অত্যন্তু আমনিদায়ক৷ ই মানুহক অনাহকত হাৰাশাস্তি কৰে৷

বিজ্ঞাপনক নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰায়ভাগ দেশতে একোখন পৰিষদ থাকে৷ আমাৰ ভাৰতত Advertising Standards Council of India (ASCI)  নামেৰে এখন পৰিষদ আছে৷ বিজ্ঞাপনৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান নিতী নিৰ্দেশনা ধৰি দিছে৷ যাতে কোনো কোম্পানীয়ে ভুল ধাৰণা, মিছা আশ্বাসেৰে গ্ৰাহকক ঠগিব নেৱাৰে৷ বিজ্ঞাপনত কিবা ভুল কথা প্ৰচাৰ কৰা দেখিলে যিকোনো ব্যক্তিয় ASCIত অভিযোগ কৰিব পৰে৷ অলপতে ৰিলায়েন্স জিঅ'ৰ এটা অভিযোগ মৰ্মে ASCIয়ে এয়াৰটেলৰ বিজ্ঞাপনবোৰৰ পৰা "Fastest Network in India" বাক্যাশাৰী আঁতৰাবলৈ নিৰ্দেশ দিছে৷ তেওঁলোকৰ মতে বাক্যশাৰী বিভ্ৰান্তিকৰ৷ ASCIয়ে টিভি, ৰেডিঅ'ৰ বিজ্ঞাপনসমূহক নিয়ন্ত্ৰনত ৰাখিলেও ইন্টাৰনেটৰ সকলো ৱেবাচাইটক নিয়ন্ত্ৰনত ৰখাটো ASCIৰ পক্ষে সম্ভৱ নহয়৷

আলেফ্ৰেড হিট্সককে নিজে পৰিচালনা কৰা প্ৰতিখন ছবিত এক দুই চেকেণ্ডৰ বাবে ওলাইছিল৷ তেওঁ ওলোৱাৰ লগে লগে দৰ্শকৰ মাজত হাঁহিৰ খোৰাক জাগে৷ যিহেতু তেওঁৰ ছবিসমূহ ৰহস্য ধৰ্মী আছিল, খুহুটীয়া দৃশ্যাংশটোৱে  কাহিনীৰ গতিত যতি পেলাব পাৰে বুলি তেওঁ পিছৰ কালত নিৰ্মাণ কৰা ছবি সমুহত মূল কাহিনীটো আৰম্ভ হোৱাৰ আগত তেওঁৰ দৃশ্যাংশটো ৰাখিছিল৷ গতিকে এক দুই চেকেণ্ডেৰ বিৰতিয়েই যদি ছবি এখনৰ গতিত যতি পেলাব পাৰে, ১০ মিনিটৰ মূৰে মুৰে দিয়া দীঘল দীঘল বিজ্ঞাপনবোৰে চিনেমা এখনৰ কি দূৰৱস্থা কৰিব পাৰে ভাবি চাওঁকচোন৷
ইন্টাৰনেটৰ ক্ষেত্ৰতো একেই৷ ৱেবচাইট এটা খোলাৰ লগে লগে বিজ্ঞাপনৰ বেনাৰসমূহ ল'ড হ'বলৈ ধৰে, ফলত ব্ৰাউজিং লেহেমীয়া হয়৷ ইউটিউবত ভিডঅ' এটা চাব খুজিলে প্ৰথমতে বিজ্ঞাপন চাবলগীয়া হয়, মানে সময়ৰ লগতে ইন্টাৰনেটৰো অযথা খৰচ৷

কিন্তু উপায় নাই৷ ৱে'বচাইটসমূহ চলি থাকিবলৈ হ'লে তেওঁলোকৰ খৰচটো আমি বহন কৰি থাকিব লাগিব৷ তেহে তেওঁলোকে আমাৰ বাবে নতুন নতুন কন্টেন্ট, ভিডিঅ' আদি নিৰ্মাণ কৰি থাকিব পাৰিব৷

বিজ্ঞাপনৰ ভৱিষ্যত

বহুতে বিজ্ঞাপনক ৰুধিবলৈ এডব্ল'কাৰ নামৰ এবিধ এপ্লিকেছন ব্যৱহাৰ কৰে৷ এডব্ল'কাৰ ব্যৱহাৰ কৰিলে ব্ৰাউজাৰটোৱে বিজ্ঞাপন প্ৰদৰ্শন নকৰে৷  Opera, UC আদি ব্ৰাউজাৰত এডব্ল'কাৰ পূৰ্বৰে পৰা ইনষ্টল থাকে৷ এই এডব্ল'কাৰৰ বাবে যোৱা তিনিটা বছৰত যঠেষ্ট সংক্ষক উন্নত মানদণ্ডৰ ৱেবচাইট ব্যয় বহন কৰিব নোৱাৰি বন্ধ হৈ গৈছে৷ এইপিনে এডব্লকাৰ ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে৷ এনেকৈ হ'লে অচিৰেই আমি ফ্ৰি ইন্টাৰনেটৰ মৃত্যু দেখিবলৈ পাম৷

আজিকালি কিছুমান ৱেবচাইটে স্পষ্টকৈ জনাই দিয়ে যে কোনোবাই যদি বিজ্ঞাপন চাব নিবিচাৰে ৱে'বচাইটটোৰ সেৱা সমূহ লাভ কৰিবলৈ হ'লে ধন দিব লাগিব৷ কেইদিনমান আগতে NDTVৰ ৱেবচাইটো খোলেতে তলৰ মেছেজটো দেখিবলৈ পাইছিলোঁ৷ তেওঁলোকেও জনাই দিছে যে বিজ্ঞাপন অবিহনে বিনামুলীয়া সেৱা অসম্ভৱ৷


Brendan Eich নামৰ এজন ডেভলপাৰে ২০১৬ত Brave নামেৰে এটা ৱেব ব্ৰাউজাৰ মুকলি কৰে৷ এই ব্ৰাউজাৰটোৰ জড়িয়তে তেওঁলোকে বিজ্ঞাপনদাতা আৰু ব্যৱহাৰকাৰীৰ মাজৰ সমস্যাখিনি আঁতৰাবলৈ চেষ্টা কৰিছে৷ ব্ৰাউজাৰটোতো পূৰ্বৰে পৰা এডব্লকাৰ ইনষ্টল কৰা থাকে৷ কিন্তু ই সকলো বিজ্ঞাপনক বাধা নিদি ব্যৱহাৰকাৰীৰ বাবে উপযুক্ত বিজ্ঞাপনসমূহ বাচি উলিয়াই ব্যৱহাৰকাৰীৰ সন্মুখত উপস্থাপন কৰে৷

বৰ্তমান সময়ত অনলাইন বিজ্ঞাপনৰ প্ৰতি মানুহ ক্ষুদ্ধ হৈ পৰাৰ এটা কাৰণ হৈছে কিছুমান অসৎ ৱেব পাব্লিছাৰে ভুৱা লিংকৰ জড়িয়তে ব্যৱহাৰকাৰীক বিজ্ঞাপনত ক্লিক কৰিবলৈ বাধ্য কৰায়৷ ফলত একেলগে কেবাটোও সন্দেহজনক ৱেবচাইট খোল খাবলৈ ধৰে৷ এপ্লিকেছন, এডৱে'ৰ আদি ডাউনল'ড হ'বলৈ ধৰে৷ যিয়ে ব্যৱহাৰকাৰীৰ লগতে বিজ্ঞাপনদাতা সকলৰো ক্ষতি কৰি আছে৷ কাৰণ তেনেকৈ ছলে বলে পঠোৱা বিজ্ঞাপন বোৰ সঠিক গ্ৰাহকৰ ওচৰ নাচাপে৷ ফলত তাৰ পৰা বিজ্ঞাপনদাতাৰ লাভ নহয়৷

ঘৰৰে পৰা টকা ইনকাম কৰিবলৈ যিবোৰ ৱে'বচাইত আছে তাৰে অধিকাংশই বেআইনী ভাবে বিজ্ঞাপনদাতা সকলক ঠগি ধন আহৰণ কৰে৷ ৱে'বচাইটবোৰে ব্যৱহাৰকাৰীক দৈনিক এশ-ডেৰশটা মান বিজ্ঞাপন চাবলৈ বা ক্লিক কৰিবলৈ দিয়ে৷ তাৰ পৰা পোৱা ধনৰ সামান্য অংশ এটা ব্যৱহাৰকাৰীক দিয়ে৷ ধনৰ বিনিময়ত বিজ্ঞাপনত ক্লিক কৰা সেই মানুহখিনিৰ পৰা কোম্পেনী বা ব্ৰেণ্ডটোৰ কোনোধৰণৰ লাভ নহয়৷ গতিকে বিজ্ঞাপনদাতাসকল এই ক্ষেত্ৰত সাবধান হ'ব লাগে৷ বিজ্ঞাপনৰ বাবে গুগুল এডচেন্স, ফে'চবুক আদিৰ দৰে বিশ্বাসযোগ্য প্লেটফৰ্মহে ব্যৱহাৰ কৰা উচিত৷ গুগুল এডচেন্সে যিকোনো ৱেবচাইটক বিজ্ঞাপন প্ৰচাৰৰ অনুমতি নিদিয়ে৷ তাদুপৰি ৱে'বচাইটৰ বিষয়বস্তুৰ লগত সম্পৰ্ক থকা বিজ্ঞাপনহে এডচেন্সে প্ৰদৰ্শন কৰে৷ উদাহৰণ স্বৰুপে টেকন'ল'জিৰ ৱেবচাইট এটাত এডচেন্সে ভূজিয়াৰ বিজ্ঞাপন নিদিয়ে৷
ফে'চবুক এই ক্ষেত্ৰত বেছি পৈণত৷ যিহেতু ফে'চবুক এটা ছ'চিয়েল নেটৱৰ্কিং চাইট৷ ই ব্যৱহাৰকাৰীৰ নাৰী নক্ষত্ৰ সকলো ভালদৰে জানে৷ সেয়ে আপুনি যদি মোবাইল এটা কিনাৰ কথা ভাবিছে, কাৰোবাৰ লগত সেই বিষয়ত কথা পাতিছে, গুগুলত চাৰ্ছ কৰিছে বা অনলাইন ষ্ট'ৰত বিচাৰিছে, অলপ পিছত দেখিব ফেচবুকে আপোনাক মোবাইলৰ বিজ্ঞাপন দেখোৱাব আৰম্ভ কৰিছে, ক'ত কি দাম চলি আছে, অফাৰ চলি আছে ইত্যাদি৷ এনেকুৱা বিজ্ঞাপনৰ পৰা ব্যৱহাৰকাৰীৰ লাভ হয়, সেয়ে বিৰক্ত নহয়৷ আনপিনে বিজ্ঞাপন দিওঁতাৰো লাভ হয়, কাৰণ বিজ্ঞাপনটো সঠিক গ্ৰাহকৰ ওচৰ চাপিছে৷

বিজ্ঞাপনক জীয়াই ৰাখিবলৈ বিজ্ঞাপনদাতা সকলেও নতুন ধৰণে ভাবিবৰ হৈছে৷ থামছ জে. বেৰেটে ভবাতকৈও বেছি খৰকৈ এতিয়া মানুহৰ ৰুচি আৰু ফেশ্বনৰ পৰিৱৰ্তন হ'ব ধৰিছে৷ গতিকে বিজ্ঞাপনদাতা সকলে এই পৰিৱৰ্তনৰ লগত খাপ খাই চলিব নোৱাৰিলে ৰাতিৰ ভিতৰতে কোম্পেনী বা ব্ৰেণ্ড এটা ইতিহাস হৈ পৰাটো একো ডাঙৰ কথা নহয়৷ কাৰণ বিজ্ঞাপনেই গ্ৰাহকৰ সৈতে ব্ৰেণ্ড সমূহৰ যোগসূত্ৰ৷ এই সূতাদাল চিগি গ'লে ব্ৰেণ্ড বা কোম্পানীটো গ্ৰাহকৰ পৰা বিচ্ছিন্ন হৈ কৰ্পোৰেট জগতৰ ভিৰত হেৰাই যোৱাটোৱে স্বাভাবিক৷

২০০৫ চনৰ পৰা ২০০৮ চনলৈকে Myspace আছিল আটাইতকৈ বিশাল ছ'চিয়েল নেটৱৰ্কিং চাইট৷ Myspaceৰ দৈনিক ব্যৱহাৰকাৰীৰ সংখ্যা আছিল গুগুলতকৈও বেছি৷ কিন্তু আজি ই প্ৰায় অস্তিত্বহীন৷ Myspaceৰ স্থান দখল কৰিলে ফে'চবুকে৷

১০০ বছৰৰ অধিক কাল ৰাজত্ব কৰা ফোটোগ্ৰাফিক সঁজুলিৰ ঐতিহাসিক কোম্পানী Kodak আজি সম্পূৰ্ণৰূপে নিচ্চিহ্ন হৈ গ'ল৷

হেৰাই গ'ল এসময়ৰ আভিজাত্যৰ প্ৰতীক ব্লেকবেৰী মোবাইলফোন৷

কাৰণ পৰিৱৰ্তনৰ ঢৌত এই ব্ৰেণ্ডসমূহ গ্ৰাহকৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল৷ এতিয়া নতুন নতুন টেকন'ল'জি আবিষ্কাৰ হৈছে৷ বিজ্ঞাপনৰ মাধ্যম সলনি হৈছে৷ প্ৰতিটো মাধ্যমৰ বেলেগ বেলেগ নিতী৷ এই নতুন নতুন মাধ্যমবোৰৰ সৈতে বিজ্ঞাপনদাতা সকলে খাপ খাব পাৰিব লাগিব৷

যেনে, টি ভিৰ বাবে নিৰ্মাণ কৰা বিজ্ঞাপন এটা ফে'চবুকৰ বাবে উপযুক্ত নহয়৷ কাৰণ ফে'চবুকৰ ভিডিঅ'বোৰ টাইমলাইনত প্ৰথমতে মৌন হৈ চলে৷ ক্লিক কৰিলেহে শব্দ শুনিবলৈ পোৱা যায়৷ গতিকে মৌন অৱস্থাতে ভিডিঅ'টোৱে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে ক্লিক কৰি যে চাব সম্ভাৱনা কম৷

ইউটিউবৰ প্ৰি-ৰ'ল এড এটাৰ প্ৰথম কেই চেকেণ্ডমানহে দৰ্শকে চাবলৈ বাধ্য৷ তাৰ পিছত দৰ্শকে বিজ্ঞাপনটো আঁতৰাই পেলাব পাৰে৷ সেয়ে ইউটিউবৰ বাবে বনোৱা বিজ্ঞাপনটোৰ প্ৰথম কেই চেকেণ্ডতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব লাগিব৷ তাৰ পৰিবৰ্তে প্ৰথম কেই চেকেণ্ডতে প্ৰডাক্তৰ সকলো তথ্য উজাৰি দিলে দৰ্শকে আমনি পাই বিজ্ঞাপনটো আঁতৰাই পোলৱাৰ সম্ভাবনাই বেছি৷

এটা সমীক্ষাৰ পৰা জানিব পৰা মতে ৩% বিজ্ঞাপনেহে আমাৰ মনত ৰেখাপাত কৰিব পাৰে৷ অধিকাংশ বিজ্ঞাপনেই আমনিদায়ক৷ বিজ্ঞাপন এটাত যেতিয়া হেঁচি হেঁচি প্ৰডাক্ত সম্পৰ্কীয় তথ্য ভৰাই দিয়া হয়৷ আমনি লগাটো স্বাভাবিক৷
বৰ্তমান সময়ত বিজ্ঞাপন যেন নলগা বিজ্ঞাপনৰ ট্ৰেণ্ড এটা আহিছে৷ এনেবোৰ বিজ্ঞাপনে ব্যৱহাৰকাৰীক বিৰক্ত নকৰে৷ নেটিভ এড বিলাকো তাৰ উদাহৰণ৷ এই ধৰণৰ বিজ্ঞাপনবোৰ মাধ্যমটোৰ বিষয়বস্তুৰ সৈতে এনেদৰে মিলি যায় যে তাক বিজ্ঞাপন বুলি চিনাক্ত কৰাই কঠিন৷ যেনে ফে'চবুকৰ প্ৰমোট কৰা পোষ্টবোৰ৷ এই পোষ্টবোৰ বাকী পোষ্টৰ লগতে একেলগে ওলায় কাৰণে ধৰিবই নোৱাৰি বিজ্ঞাপনেই নে কোনোবা বন্ধুৰ পোষ্ট৷

Windows 10 মুকলি কৰাৰ আগতে তেওঁলোকে ইটালিত চুটি চুটি আকৰ্ষণীয় ভিডিঅ' কিছুমান এৰি দিছিল৷ ভিডিঅ'ৰ বিষয় সমূহ কম্পিউটাৰ বা উইন্দ'জ ১০ৰ সৈতে কোনোধৰণে জড়িত নাছিল৷ ভিডিঅ'বোৰত তেওঁলোকে এবাৰো প্ৰডাক্টৰ বিষয়ে কোৱা নাছিল৷ সেয়ে সেইবোৰ বিজ্ঞাপন নহয় দৰ্শকৰ মনোৰঞ্জনৰ বাবে উইন্দোজ 10 ৰ ফাল পৰা আগবঢ়োৱা উপাহৰ স্বৰুপহে আছিল৷ এই বিজ্ঞাপন যেন নলগা ভিডিঅ' বোৰৰ পৰাও উইন্ড'জ টেনৰে প্ৰছাৰ হৈছিল৷

চিনেমা এখনত অভিনেতা সকলে ব্যৱহাৰ কৰা সামগ্ৰী, সংলাপ, প্ৰ'প আদিৰ মাধ্যমেৰেও বিজ্ঞাপন দিয়া হয়৷ এনেধৰণৰ বিজ্ঞাপনৰ জড়িয়তে যদি টেলিভিছনৰ আমনি দায়ক বিৰতিবোৰ চুটি কৰিব পৰা যায় দৰ্শকৰ যঠেষ্ট সুবিধা হ'ব৷


যোৱা ডিচেম্বৰ মাহত চেমচাঙে "Samsung India Service" নামেৰে চাৰি মিনিটৰ এটা ভিডিঅ' মুকলি কৰিছিল৷ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী কিছুমানক লৈ নিৰ্মাণ কৰা এই হৃদয়স্পৰ্শী ভিডিঅ'টোক এখন এড ফিল্ম বুলি নকৈ চুটি ছবি বুলি কোৱাহে উচিত হ'ব৷ এনেকুৱা প্ৰচেষ্টা বোৰে ব্ৰেণ্ডটোৰ সৈতে গ্ৰাহকৰ আত্মীয়তা গঢ়ি তোলাত সহায় কৰে৷ গ্ৰাহকৰ বিশ্বাস জয় কৰাত সহায় কৰে৷ এই বিজ্ঞাপনটো মানুহে ইমানে ভাল পাইছিল যে নিজে চাই আনৰ লগতো শ্বেয়াৰ কৰিছিল৷ গতিকে ভাল বিজ্ঞাপন নিৰ্মাণ কৰিলে মানুহে আমনি পোৱটো দূৰৈৰ কথা প্ৰচাৰতহে সহযোগ কৰিব৷


পূৰ্বপ্ৰকাশ: অসমীয়া মায়া, জুলাই/২০১৭