ক্ৰিস্পাৰৰ
প্ৰথমটো খণ্ডত কোৱা হৈছিল যে আমি অতি সোনকালেই এখন ৰোগমুক্ত পৃথিৱী লাভ কৰিবলৈ গৈ
আছো, আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিছিল যে মই সিদিনা জেনেটিক ৰোগ বুলি নকৈ কিয় সকলো
ৰোগকে সামৰি লৈছিলো৷ তাৰ বহুত কাৰণ আছে৷ আজি তাৰেই এটা উদাহৰণ দিওঁ৷
বিশ বছৰ
মান আগতে Anthony
James নামৰ জীৱ
বিজ্ঞানী এগৰাকীয়ে মহৰ ওপৰত এটা গৱেষণা আৰম্ভ কৰিছিল৷ উদ্দেশ্য আছিল মহক মেলেৰীয়া
বিয়পাবলৈ অক্ষম কৰি তোলা৷ কেইবছৰ মান আগতে, তেওঁ এই ক্ষেত্ৰত সফলো হয়৷ কিন্তু
এতিয়া সমস্যাটো হ'ল তেনেকৈ এটা বা দুটা মহ সংশোধন কৰি কি লাভ হ'ব৷ জংঘলত থকা
আটাইবোৰ মহ ধৰি আনি পৰিবৰ্তন কৰাটোতো অসম্ভৱ৷
এটা
আশা কৰিব পাৰি যে তেনেকুৱা মেলেৰীয়া-মুক্ত মহ কিছুমানক হাবিত এৰি দিলে
তাৰ কিছু সংখ্যক পোৱালীলৈ হয়তো সেই জিনৰ পৰিবহন হ'ব৷ যেনে ধৰক দহ হাজাৰ এৰিলে
এহাজাৰ মান নতুন প্ৰজাতিৰ মহ ওলাব পাৰে৷ কিন্তু তাৰ পৰা সমস্যাটো কমাতকৈ বঢ়াৰ সম্ভাৱনাহে
বেছি৷
তেনেতে
এদিন এন্থনি জেমছলৈ এটা ইমেইল আহিল৷ মেইলটো আহিছিল জীৱ বিজ্ঞানী Ethan
Bierৰ পৰা৷ মেইলটোত
বিয়েৰে লিখিছিল যে Valentino Gantz নামৰ তেওঁৰ ছাত্ৰ এজনে ক্ৰিস্পাৰৰ সহায়ত এটা নতুন জিন ড্ৰাইভ আবিষ্কাৰ কৰিছে, যাৰ দ্বাৰা
এন্থনি জেমছৰ সমস্যাটোৰ সমাধান কৰিব পৰা যাব৷ আৰু এদিন তাকেই পৰীক্ষা কৰিবলৈ
তেওঁলোকে মেলেৰীয়া বিয়পাবলৈ অক্ষম মহ দুটাক মাইকী মহ কেইটামানৰ লগত একলগ কৰি থলে৷
তেওঁলোকে এই মহ দুটাক চিনাক্ত কৰিবৰ কাৰণে জিন এডিটিং কৰি সিহঁতৰ চকু কেইটা ৰঙা কৰি লৈছিল৷ দুটা প্ৰজন্মৰ পিছত এই মহবোৰৰ পৰা ৩৮০০টা নতুন মহৰ জন্ম হ'ল৷ আৰু আটাইকেইটা
মহৰ চকুৰ ৰং ৰঙা আছিল৷ মানে আটাইবোৰেই আছিল মেলেৰীয়া বিয়পাবলৈ অক্ষম মহ৷
ক্ৰিস্পাৰৰ সহায়ত বনোৱা জিন ড্ৰাইভ নামৰ টুলটোৱে gRNA, Cas9ৰ লগতে আমি যোগান ধৰা সংশোধিত জিনৰ অংশ
এটা সংৰক্ষণ কৰি ৰাখে৷ আৰু ই মূল জীৱটোৰ উপৰিও তাৰ পিছৰ প্ৰজন্ম বোৰৰো DNAৰ নিৰ্দিষ্ট অংশটো সংৰক্ষণ কৰি ৰখা
জিনেৰে ৰিপ্লেছ কৰি দিয়ে৷ গতিকে তেনেকুৱা জেনেটিকেলি ইঞ্জিনিয়াৰ্দ মহ কিছুমান যদি
হাবিয়ে বননিয়ে এৰি দিয়া হয়, এবছৰ বা দুবছৰৰ ভিতৰতে পৃথিৱীৰ পৰা মেলেৰীয়া, ডেংগু
আদিৰ নিচিনা ৰোগ নাইকিয়া কৰিব পৰা যাব৷
এই
জিন ড্ৰাইভৰ সহায়ত খেতি নষ্ট কৰা কীট পতংগবোৰৰ খাদ্যৰ ৰুচি সলোৱাৰ কথাও ভাবি
চোৱা হৈছে৷
কেইদিনমান আগতে বিজ্ঞানী এগৰাকীয়ে এটা ভাষণত কৈছিল, আমি এতিয়া ইচ্ছা কৰিলে কিছুমান
প্ৰাণীক পৃথিৱীৰ পৰা একেবাৰে নিৰ্মূল কৰি পেলাব পৰিম, তাৰ বাবে জিন ড্ৰাইভক নিৰ্দেশ দিলে হ'ল ভ্ৰূণবোৰ পুৰুষলৈ সলনি কৰি দিবলৈ, আৰু কেইটামান প্ৰজন্মৰ পিছত প্ৰজাতিটো
নিজে নিজে নাইকিয়া হৈ যাব৷ এনেকুৱা কথা-বাৰ্তাবোৰ
শুনিলে মনলৈ সদায়ে প্ৰশ্ন আহে, আমাৰ জানো সঁচাকৈয়ে কোনো এটা জীৱক পৃথিৱীৰ পৰা
নিৰ্মূল কৰাৰ অধিকাৰ আছে?
বৰ্তমান
এই পৰীক্ষা-নিৰীক্ষাবোৰ লেবৰটৰীৰ ভিতৰতেই সীমাবদ্ধ ৰখা হৈছে৷ এতিয়াই জেনেটিকেলি ইঞ্জিনীয়াৰ্দ
জীৱবোৰ মুকলিকৈ এৰি দিব খোজা নাই৷ কাৰণ ইয়াৰ পৰা জৈৱ-বৈচিত্ৰত নতুন কিবা সমস্যায়ো
দেখা দিব পাৰে৷ কিবা সমস্যাই দেখা দিলে, তাক আগৰ অৱস্থালৈ ঘুৰাই অনাটো অসম্ভৱ হ'ব৷
এতিয়া চাগে আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে যে কোনোবাই যদি অনিষ্ট কৰাৰ উদ্দেশ্যেৰে মানুহৰ ওপৰত এই
পদ্ধতিটো প্ৰয়োগ কৰে, তেনেহ'লে কি হ'ব? তেনেহ'লে বিশেষ ভয় কৰিবলগীয়া নাই। কাৰণ
মানুহে পোক পতংগৰ দৰে ইমান খৰকৈ বংশ বৃদ্ধি নকৰে৷ সেয়ে মানুহৰ ওপৰত জিন ড্ৰাইভৰ
প্ৰভাৱ এশ বছৰ মান পিছতহে দেখিবলৈ পোৱা যাব। আৰু ইমানখিনি সময়ৰ ভিতৰত আমাৰ জিনত
কিবা গণ্ডগোল দেখিলে ঠিক কৰি ল'ব পৰা যাব৷
কিন্তু
ভয় কৰিবলগীয়া কথাটো হ'ল কোনোবা দুষ্কৃতিকাৰীয়ে যদি বিষাক্ত মহ বা আন কোনো জীৱ
নিৰ্মাণ কৰি মানুহৰ মাজত এৰি দিয়ে, তেতিয়া কি দশা হ'ব? গতিকে জিন ড্ৰাইভৰ এই
বিষয়টো চিন্তা কৰিবলগীয়াও৷
