Apr 4, 2020

BCG ভেক্সিন আৰু ক'ভিড নাইন্টিন

ৰাজীৱ ফুকন
আপোনাৰ বাহুত যদি এইধৰণৰ টীকাৰ দাগ আছে, আপোনাৰ কোভিড নাইন্টিনত আক্ৰন্ত হোৱাৰ সম্ভাৱনা কম হ'ব পাৰে৷ ইয়াৰ ওপৰত কেইখনমান গৱেষণা পত্ৰ প্ৰকাশ পাইছে, আৰু তাত কোৱা হৈছে যে এই টীকাটোৰ লগত ক'ভিড নাইন্টিনৰ কিবা নহয় কিবা সম্পৰ্ক থকাৰ সম্ভাৱনা আছে৷ টীকাটো যক্ষ্মা ৰোগৰ৷ নাম Bacillus Calmatte-Guerin, চমুকৈ BCG ভেক্সিন৷ 

গৱেষণা পত্ৰ কেইখনত উল্লেখ কৰা মতে যিকেইখন দেশত BCG ভেক্সিনৰ প্ৰচলন আছে, সেই আটাইবোৰ দেশত কোভিড নাইন্টিনৰ ম'ৰ্টেলিটি ৰেট যথেষ্ট কম দেখা গৈছে, ইৰাণৰ বাদে৷ তাৰ কাৰণো তেওঁলোকে বাখ্যা কৰিছে, ইৰাণত 1984 চনৰ পিছৰ পৰাহে BCG ভেক্সিন প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে, আৰু এই ভেক্সিনটো সৰু ল'ৰা ছোৱালীৰ গাত প্ৰয়োগ কৰা হয়, গতিকে ইৰাণৰ ছায়ত্ৰিশ বছৰৰ উৰ্ধৰ মানুহখিনিৰ ওপৰত এই ভেক্সিনটো প্ৰয়োগ কৰা হোৱা নাছিল, সেয়ে তাত ক'ভিড নাইন্টিনত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বাকী দেশবোৰৰ তুলনাত বেছি৷ ভাৰতত ইয়াৰ প্ৰয়োগ 1948 চনৰ পৰাই হৈ আহিছে, এতিয়াও এই ভেক্সিনটো দিয়া হয়, আজি কালি বেজীৰ জড়িয়তে দিয়ে৷ আনহাতে অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইউৰোপিয়ান দেশবোৰে BCG ভেক্সিন প্ৰয়োগ কৰিবলৈ বহুত আগতেই এৰি দিছিল, যিহেতু যক্ষ্মা ৰোগ সেইবোৰ দেশত নহোৱা হৈ গৈছিল৷

পেপাৰ কেইখন পাব্লিছ হোৱাৰ পিছত BCG আৰু ক'ভিড নাইন্টিনৰ ওপৰত এতিয়া বহুতে গৱেষণা কৰিবলৈ আৰম্ভ কৰিছে৷ কেবাখনো দেশে ক্লিনিকেল ট্ৰায়েলো আৰম্ভ কৰিছে৷ অষ্ট্ৰেলিয়াত ডক্তৰ নাৰ্ছ আদিৰ ওপৰত প্ৰয়োগ কৰি চোৱা হৈছে৷ সেইবুলি আমি বেছি উৎসাহী হোৱাৰ প্ৰয়োজন নাই৷ কাৰণ এইবিলাক প্ৰিলিমিনাৰী ৰিচাৰ্ছ৷ আৰু BCG প্ৰয়োগ কৰা দেশ বোৰতো ক'ভিড নাইন্টিনত মানুহ আক্ৰান্ত হৈছে৷ কিন্তু তুলনামূলকভাৱে কম৷