বিবেচনা কৰা উচিত৷ বাকী দেশবোৰেও তাকেই কৰিছে৷ দৈনিক আক্ৰান্তৰ গ্ৰাফডাল বাঢ়ি গৈ থকা লৈকে ল'ক ডাউন কন্টিনিউ কৰিবই লাগিব৷ আনহাতে ল'ক ডাউন যিমানে বাঢ়িব, সিমানে আমাৰ অৰ্থনীতিৰ গ্ৰাফডাল নিম্নগামী হ'ব৷ তাৰ বাবেও আমি প্ৰস্তুত থাকিব লাগিব৷
এলবাৰ্ট আইনষ্টাইনে কৈছিল, "In the midst of every crisis, lies great opportunity." এই দূৰ্যোগটোৱেও আমাক সুযোগ দিছে, নতুন ধৰণে কথাবোৰ চিন্তা কৰাৰ, জীৱন আৰু সমাজখনক নতুন ধৰণেৰে চোৱাৰ৷ নহ'লে আমি চব পৰনিৰ্ভৰশীল হৈ পৰিছিলো৷ এই দূৰ্যোগটো নহা হ'লে আমি হয়তো উপলব্ধি কৰিব নোৱাৰিলোহেঁতেন দেশ বা ৰাজ্য এখনৰ কাৰণে স্বাধীন অৰ্থনীতিৰ প্ৰয়োজনীয়তা কিমান৷ প্ৰতিখন দেশে এতিয়া এই কথা ভাবিবলৈ বাধ্য হৈছে৷ অইন দেশৰ পৰা আামদনি কৰি অনা সামগ্ৰীবোৰ এতিয়া নিজৰ দেশত উৎপন্ন কৰাৰ কথা ভাবিছে৷ আমিও এই সময়ত ল'ক ডাউনৰ মাজত থাকিয়েই আমাৰ অৰ্থনীতিক এক নতুন ধৰণে গঢ় দিয়াৰ চেষ্টা কৰিব লাগিব৷ আৰু যদি আমি পৰিকল্পিত ভাৱে আগবাঢ়ো অসমৰ প্ৰতিখন গাওঁকে শুৱালকুছি, সৰ্থেবাৰীলৈ ৰূপান্তৰ কৰিব পাৰিম৷ এই দূৰ্যোগটোক সুযোগ হিচাপে লৈ তাৰ সদব্যৱহাৰ কৰাতোহে এতিয়া আছল কথা৷ বহুতে কৰিছেও৷ মোৰ ফ্ৰেণ্ড লিষ্টতে বহুত আছে, যিয়ে নিজকে বিভিন্ন ক্ৰীয়েটিভ কামত ব্যস্ত ৰাখিছে, কোনোবাই যদি ছবি আঁকিছে, কোনোবাই ফুলদানি বনাইছ, গ্ৰাফিক্স ডিজাইন কৰিছে, মিউজিক কম্প'জ কৰিছে, গান বনাইছে, ফটোগ্ৰাফী কৰিছে, ইউটিউব চেনেল খুলিছে, কোনোবাই আকৌ মাস্ক বনাইছে, চেনিটাইজাৰ বনাইছে, ইত্যাদি, ইত্যাদি৷ কৈ শেষ কৰিব নোৱাৰি৷ আৰু ইমানবোৰ সৃষ্টি, ইমানবোৰ পৰিশ্ৰম কেতিয়াও অথলে যাব নোৱাৰে৷ ইয়েই আমাৰ নতুন অৰ্থনীতিৰ বৰভেটি গঢ়িব৷ যদিহে আমি ইয়াক কমাৰ্চিয়েলিও আগবঢ়াই নিব পাৰো৷
মাস্ক/চেনিটাইজাৰঃ এই মহামাৰীটো যোৱাৰ পিছতো মাস্ক, চেনিটাইজাৰ আদিৰ চাহিদা নকমে৷ টুপি, চানগ্লাছ, চানস্ক্ৰীণ লোছনৰ দৰেই মাস্ক আৰু চেনিটাইজাৰো দৰকাৰী সামগ্ৰীত পৰিণত হ'ব৷ চোৱাইন ফ্লুৰ পিছৰে পৰা জাপানাত মাস্ক পিন্ধাটো অভ্যাসত পৰিণত হৈছিল৷ সেয়ে ক'ৰোনা ভাইৰছে জাপানৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে৷ গতিকে আমি অধীক হাৰত ধুনীয়া ধুনীয়া ফেশ্যেনবল মাস্ক বনোৱাৰ কথা ভাবিব পাৰো৷ যাতে দেশ বিদেশলৈ এক্সপোৰ্ট কৰিব পৰা যায়৷
খাদ্য সামগ্ৰীঃ শাক পাচলিৰ নাতনিয়ে বুজাই দিলে যে আমাক কিটছেন গাৰ্ডেন এখনৰ কিমান প্ৰয়োজন৷ আমি যদি আমাৰ প্ৰয়োজনীয় পাচলিৰ পচিশ শতাংশও ঘৰতে উৎপন্ন কৰিব পাৰো, আজি আমি ইমান দূৰ্ভোগ ভুগিব লগীয়া নহ'লহেঁতেন৷
আনাহাতে ল'ক ডাউনৰ কাৰণে খেতিয়ক সকলে শাক পাচলি বেচিব পৰা নাই, ফলত নষ্ট হৈ যাবলৈ ধৰিছে৷ তেওঁলোকে ইচ্ছা কৰিলে শাক পাচলিবোৰ পেলাই নিদি আচাৰ বনোৱাৰ কথা ভাবিব পাৰে৷ নাইবা শুকুৱাই বা অন্য কিবা প্ৰকাৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ ইউটিউবত চালে নিশ্চয় এই বিষয়ে কিবা উপায় পাব৷ কেৱল শাক পাচলিয়েই নহয়, মাছ-মাংসও শুকাব পাৰিব৷ বাহিৰত শুকান মছ-মাংসৰো ডিমাণ্ড আছে৷ আৰু দূৰ্যোগটো পাৰ হ'লে সেইবোৰ বাহিৰলৈ এক্সপোৰ্ট কৰাৰ ব্যৱস্থা কৰিব পাৰিব৷
কেইদিনমান আগতে প্ৰধানমন্ত্ৰীয়ে অ'লা উবেৰৰ নিচিনা এপ্লিকেছন এটা মাল টনা গাড়ী বিলাকৰ কাৰণে বনোৱাৰ পৰামৰ্শ দিছিল৷ ল'ক ডাউন দীঘলীয়া হ'লে মাল টনা গাড়ী বোৰক চৰকাৰে ৰেহাই দিব পাৰে যাতে কিছুমান ইক'ন'মিক এক্টিভিটি চলাই ৰখাত অসুবিধা নহয়৷ খেতিয়ক সকলো উপকৃত হ'ব৷
ঘৰ সজোৱা বস্তুঃ হাতে বনোৱা ফুলদানি, পেইন্টিং, বাহ-বেটৰ সামগ্ৰী আদিৰ চাহিদা ফেক্টৰীত বনোৱাবোৰতকৈ বহুত বেছি৷ গতিকে যি এইবোৰ কামত এক্সপাৰ্ট, তেওঁলোকে কমাৰ্ছিয়েলী এইবোৰ বস্তু বনোৱাত গুৰুত্ব দিব পাৰে৷ এইবোৰ বস্তু বেছিবলৈও অসুবিধা নহয়৷ ইচ্ছা কৰিলে এমাজনত নিজেও বেছিব পাৰিব৷ অৱশ্যে ৰং তুলিকাৰ দোকান সমূহ বৰ্তমান বন্ধ কাৰণে তেওঁলোক হয়তো কিছু অসুবিধাৰ সন্মুখীণ হ'ব৷
কিতাপ আৰু ইউটিউব চেনেলঃ মহামাৰীটোৰ পিছত বহুত মানুহে সংস্থাপন হেৰুৱাব৷ তেওঁলোকক নতুন জীৱিকাৰ পথ দেখুওৱাত কিতাপ আৰু ইউটিউবে আগভাগ ল'ব লাগিব৷ যিকোনো বিষয়ৰ জ্ঞান অসমীয়া ভাষাত যাতে উপলব্ধ হয় তাৰ কাৰণে ল'ক ডাউনৰ এই সুযোগতে আমি বিভিন্ন ধৰণৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰিব পাৰো৷ যেনে ফিল্ম মেকিং, ফটোগ্ৰাফী, প্ৰগ্ৰেমিং, এপ ডেভেলপিং, ইলেকট্ৰনিক্স, মোবাইল ৰিপেয়াৰিং, ফুটবল, ক্ৰিকেট, পেইন্টিং, খেতি বাতি, গাৰ্ডেনিং, মেক-আপ, আয়ুৰ্বেদ, ৰন্ধন প্ৰকৰণ ইত্যাদি, ইত্যাদি৷ ইমানবোৰ বিষয়ৰ কিতাপ যদি আমি অসমীয়ালৈ অনুবাদ কৰিব পাৰো তাতকৈ ডাঙৰ এচিভমেন্ট আৰু আমাৰ কাৰণে একো হ'ব নোৱাৰে৷ কিতাপৰ উপৰিও ভিডিঅ' টিউট'ৰিয়েলো বনাব লাগিব বিভিন্ন বিষয়ত৷ অসমীয়া মানুহে সকলো ধৰণৰ কাম কৰিব পাৰে৷ টেলেণ্টেত আৰু পৰিশ্ৰমী মানুহৰ অভাৱ নাই অসমত৷ তেওঁলোকক যদি সঠিক ৰাস্তা দেখুৱাব পৰা যায়, কম সময়তে হয়তো আমি অ'ত ত'ত সৰু সৰু উদ্যোগ কিছুমান গঢ়ি উঠা দেখিবলৈ পাম৷
ইয়াৰ উপৰিও ল'ক ডাউনৰ সময়ত কৰিব পৰা আৰু যথেষ্ট কাম আছে৷ আমি সেইবিলাক ইজনে আনজনৰ লগত শ্বেয়াৰ কৰিব লাগিব৷ এই মহামাৰীটোৰ পৰা আমি শিকিব লগীয়া এটা ডাঙৰ শিক্ষা হ'ল, সমাজত এজন কোভিড নাইন্টিনত আক্ৰন্ত ব্যক্তি থাকিলে যেনেদৰে সমাজখনৰ কোনো এজন ব্যক্তি নিৰাপদ নহয়, লাগিলে তেওঁ ধনীয়ে হওঁক বা দুখীয়াই হওঁক, ঠিক তেনেকৈয়ে সমাজৰ এক শতাংশ ব্যক্তিও যদি অভাৱত ভুগি থাকিব লগীয়া হৈছে, সেই সমাজখনো সুস্থিৰ নহয়৷ গতিকে এতিয়াৰ পৰা আমি ব্যক্তি কেন্দ্ৰীক চিন্তা এৰি সমাজখনকে ঘৰ হিচাপে লৈ একলগে আগ বাঢ়ি যোৱাৰ কথা ভবা উচিত৷ তেতিয়াহে যদি এক সুস্থিৰ স্বাধীন অৰ্থনীতি গঢ়ি তোলাটো সম্ভৱ হৈ উঠে৷
ফেচবুকঃ ১২-০৪-২০২০