AI ৰ জৰিয়তে কাহিনী এটা কোৱাৰ চেষ্টা কৰিছিলো। চৰ্টফিল্ম এখনৰ দৰে। আচলতে অসমীয়া বছৰটোৰ প্ৰথম দিনটোতেই LTX Studio নামৰ AI ফিল্ম মেকিং প্লেটফৰ্ম এখনৰ বেটা টেষ্টিং কৰাৰ সুযোগ লাভ কৰিছিলো। এই ছবিখনৰ নব্বৈ শতাংশ কাম তাতেই কৰা হৈছে। টেকন'ল'জীটো বৰ্তমান একেবাৰে চালুকীয়া অৱস্থাত আছে। গতিকে পাৰফেক্সন আশা নকৰিব। চফ্টৱেৰটোৰ পাব্লিক ৰিলিজ এতিয়ালৈকে হোৱাই নাই। টেষ্টিং পৰ্যায়তেই আছে। ছবিখনো এটা এক্সপেৰিমেন্টহে মাত্ৰ। কি ঠিক এইখনেই কিজানি AIৰে নিৰ্মিত প্ৰথমখন অসমীয়া চুটি ছবি!
আশা কৰোঁ ছবিখন চাই আপোনালোকৰ মতামত জনাব। AI ফিল্মমেকিঙৰ বৰ্তমানৰ সীমাবদ্ধতা আৰু অদূৰ ভৱিষ্যতে ই ছবি জগতত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে এই বিষয়ে মই আন এদিন বহলাই আলোচনা কৰিম।
আৰ্টিফিছিয়েল ইন্টেলিজেন্সৰ সৈতে কৰিবলৈ গৈ থকা আমাৰ পৰীক্ষা-নিৰীক্ষাবোৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ 'চিত্ৰকাহিনী' নামেৰে এটা নতুন ইউটিউব চেনেলও খুলিছো। আশা কৰো চেনেলটো আপোনালোকে চাবস্ক্ৰাইব কৰি থ'ব। যাতে আমি একেলগে এই নতুন বিপ্লৱৰ সহযাত্ৰী হ'ব পাৰো। আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আৰু সহযোগিতা আমাৰ পাথেয় হৈ ৰ'ব। ধন্যবাদ।
তলত চৰ্টফিল্মখনৰ ইংৰাজী সংস্কৰণটোও আগবঢ়ালো। ইংৰাজীখনৰ অডিঅ' আৰু ভিডিঅ' দুয়োটাই AIৰ দ্বাৰা জেনেৰেট কৰা হৈছে।