May 31, 2014

কেদাৰনাথ কাণ্ড - নৱম অধ্যায়

ৰাজীৱ ফুকন
Kedarnath kanda assamese thriller detective adventure novel
মূলঃ সত্যজিৎ ৰায়
অনুবাদঃ ৰাজীৱ ফুকন
নৱম অধ্যায়

এইবাৰ আমাৰ সকলোৰে দৃষ্টি গ'ল সন্যাসীজনৰ পিনে৷ তেওঁৰ মুখত এতিয়াও বিৰাজ কৰিছে এক প্ৰশান্ত ভাৱ৷ তেওঁ হিন্দীতে ক'লে, "পিষ্টলৰ মাত শুনি মনটো যে কেনেকুৱা লাগি গৈছিল৷ বেয়া নাপাব৷"

ফেলুদায়ো হিন্দীতে ক'লে, "যদি বেয়া নাপায়, আপোনাৰ লগতে যে থৈলাখন আছে, সেইখন এবাৰ চাব বিচাৰো৷ আমি আপোনাৰ বন্ধু, সেইটো হয়তো ধৰিব পাৰিছে৷ সেইখন আপোনাৰ গুহাতে আছে নহয়?"

"আৰু নো ক'ত থাকিব? সেয়াইতো মোৰ একমাত্ৰ সম্পত্তি!"

এজন কনিষ্টবলে গুহাৰ ভিতৰৰ পৰা এখন ৰঙা ৰঙৰ থৈলা উলিয়াই আনিলে৷ সেইটো খোলাত প্ৰথমতে ওলাল এখন নুৰিয়াই বান্ধি ৰখা কাগজ৷ ৰজা চন্দ্ৰদেৱ সিঙৰ চিলমোহৰ মৰা উপাধ্যায়ক যে লকেট প্ৰদান কৰিছে তাৰেই স্বীকৃতি এইখন৷ 

তাৰ পিছত ওলাল আন এটা সৰু থৈলাৰ পৰা সেই বিখ্যাত লকেটটো- বালগোপাল - যাৰ অপৰূপ সৌন্দৰ্য্যত এই পৰিবেশ, এই ৰাতিপুৱাৰ ৰ'দ আৰু যেন শতগুণ বাঢ়ি গৈছে৷

এইবাৰ ফেলুদাই মুখ খুলিলে৷ তেওঁৰ বেষ্ট হিন্দীত তেওঁ ক'লে, "এইবাৰ আপোনাৰ আচল পৰিচয়তো দিলে কিন্তু আমাৰ সকলোৰে বৰ সুবিধা হ'লহেঁতেন৷"

"মোৰ আচল পৰিচয়?"

"আপোনাৰ নিজৰ নামটো বাংলাতে কওঁকচোন৷ ইমান দিনৰ পিছত বাংলা ক'বলৈ আপোনাৰো নিশ্চয় ভাল লাগিব৷"

উপাধ্যায় ফেলুদাৰ পিনে অবাক হৈ চাই বাংলাতে ক'লে, "আপুনি ধৰিব পাৰিছে মই বঙালী?'

"কিয় ধৰিব নোৱাৰিম?" ক'লে ফেলুদাই, "আপুনি দেৱনাগৰী আখৰত হিন্দীত চিঠি লিখিছে, কিন্তু আপোনাৰ 'ল' আৰু বৰ্গীয় 'জ' বঙালীৰ নিচিনা৷ তাৰোপৰি আপোনাৰ হৰিদ্বাৰৰ ঘৰৰ চাঙত এখন কিতাপৰ পাতৰ টুকুৰা এটা পাইছো, সেইটোও বাংলা৷"

"আপোনাৰ বুদ্ধিচোন অত্যন্ত চোকা৷"

"এইবাৰ আৰু এটা প্ৰশ্নৰ উত্তৰ দিব নেকি?"

"কি?"

"উপাধ্যায় কি সঁচাকৈয়ে আপোনাৰ উপাধী আৰু ভৱানী আপোনাৰ নাম?"

"আপুনি কৈ ক'ব খুজিছে মই.."

"উপাধ্যায় জানো গঙ্গোপধ্যায়ৰ অংশ নহয়, আৰু ভৱানী কি দূৰ্গাৰ আন এটা নাম নহয়? মই যদি কওঁ, আপোনাৰ আচল নাম দূৰ্গামোহন গঙ্গোপধ্যায়, তেনেহ'লে জানো মিছা কোৱা হ'ব?"

"স স স স.."

"আপুনি কাক ধিক্কাৰ দিছিলে লালমোহনবাবু?" ফেলুদাই ক'লে৷

"সৰু খুৰা!"

দূৰ্গামোহন গঙ্গোপধ্যায় অৱাক হৈ চালে লালমোহনবাবুৰ পিনে৷

"মই লালু!" ক'লে জটায়ুৱে৷

লালমোহনবাবুই গৈ দূৰ্গামোহনক সেৱা কৰিলত সাধুবাবাই তেওঁৰ ভতিজাকক বুকৰ মাজত সাৱতি লৈ ক'লে, "তেনেহ'লেচোন মোৰ সমস্যাৰ সমাধান হৈ গ'ল৷ এই লকেটটো তোৰেই প্ৰাপ্য! এই বস্তুটো মোৰ সৈতে ৰখা বৰ কষ্টকৰ৷"
"সেইটোতো হয়েই৷ সেইটো মোক দিলে মই এটা বেঙ্কৰ ভল্টত ভৰাই থ'ব পাৰো৷ আপুনিতো নাজানে সৰু খুৰা, আজিকালি মই সৰু ল'ৰাছোৱালীৰ উপন্যাস লিখি বেছ টকা পইছা কৰিছো; হ'লেও ভৱিষ্যতৰ কথা একোতো ক'ব নোৱাৰি, এদিন দেখিম বেপাৰ মন্দা পৰি গৈছে! তেতিয়া লকেটটো থাকিলে কিবা এটা..."

নিজৰ ল'ৰাই লকেটটো হাত কৰাৰ সুযোগত আছে বুলি জানি উমাশঙ্কৰে বাধ্য হৈ ফেলুদালৈ টেলিগ্ৰাম আৰু চিঠি লিখিছিল৷ বাপেকক হাতৰ মুঠিত ৰখাৰ ক্ষমতা দেৱীশঙ্কৰৰ নিশ্চয় আছে৷ দূৰ্গামোহনৰ মৃত্যু হোৱা হ'লে লকেট নাপাত্তা হৈ গ'লহেঁতেন, কিন্তু বচাই দিলে সেই বৰফৰ ধুমুহাই৷ দেৱীশঙ্কৰ ফঁচি গ'ল ৰুদ্ৰপ্ৰায়গত৷ সিংঘানিয়া যে আহিছিল কেদাৰলৈ, তেওঁ একেবাৰে নিজৰ স্বাৰ্থত, লকেটটো কিনিবলৈ৷ 

দেৱীশঙ্কৰেই মানুহ লগাই ফেলুদাৰ গাত শিল বগৰাই দিছিল, সিয়েই আকৌ কেদাৰত গুণ্ডা লগাই ফেলুদাক আহত কৰিবলৈ চেষ্টা কৰিছিল৷

সৰুকোঁৱৰ পৱনদেৱ সিঙে অৱশ্যে তেওঁৰ কেমেৰাত গোটই ঘটনাটো টেলিপেঠি লেন্সৰ সহায়ত বেছ ওচৰৰ পৰাই তুলি ৰাখিছিল৷ দেৱীশঙ্কৰে যে ৰিভলভাৰ উলিয়াই দূৰ্গামোহনৰ পিনে টোৱাইছিল, সেইটো স্পষ্টকৈ পাব লাগে৷ সদ্যহতে সৰুকোঁৱৰৰ লগত আৰু ফিল্ম নাই, কিন্তু দিল্লীৰ পৰা ষ্টক আহিলে পিছত দূৰ্গামোহনৰ এটা সাক্ষাৎকাৰ লোৱাৰ ইচ্ছা প্ৰকশ কৰিলে৷ দূৰ্গামোহনে আপত্তি নকৰিলে; বৰং ক'লে, "এজন ৰজাৰ আচৰিত প্ৰশস্ত মনৰ কথাটো বিশ্ববাসীৰ পৰানো লুকাই থাকিব কিয়? মই টেলিভিশ্যনৰ কেমেৰাত নিশ্চয় কম সোণৰ বালগোপাল পোৱাৰ কথা৷"

পৱনদেৱ ক'লে, "কিন্তু বালগোপালটো আৰু আপোনাৰ লগত নাথাকিব৷"

"নাই", ক'লে দূৰ্গামোহনে৷ "সেইটোৰ ছবি ল'ব খোজা যদি মোৰ ভতিজাক কোৱা৷"

পৱনদেৱ লালমোহনবাবুৰ পিনে চাই ক'লে, "আপোনাৰ ঘৰলৈ গৈ মই লকেটটোৰ ছবি তুলিব পাৰিমনে?"

জটায়ুৱে তেওঁৰ আটাইতকৈ ভাল চাহাবি উচ্চাৰণত ক'লে, "ইউ আৰু মোষ্ট ৱেলখাম৷"


** সমাপ্ত **