May 13, 2014

অনুবাদকৰ একাষাৰ

ৰাজীৱ ফুকন

Rin assamese thriller detective novel
মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়

শৱৰ দাশগুপ্ত - প্ৰসিদ্ধ বাঙালী সাহিত্যিক শীৰ্ষেন্দু মুখোপাধ্যাইৰ সৃষ্ট এটা কাল্পনিক ডিটেক্টিভ চৰিত্ৰ৷ এই চৰিত্ৰটোক লৈ তেওঁ কেবাখনো উপন্যাস ৰচনা কৰিছে৷ চৰিত্ৰটো প্ৰথম আবিৰ্ভাৱ হৈছিল ঋণ নামৰ উপন্যাসখনত৷ য'ত মিতালী ঘোষ নামৰ এগৰাকী সম্ভ্ৰান্ত ঘৰৰ মহিলাৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ ডিটেক্টিভ শৱৰ দাসগুপ্তই আৱিষ্কাৰ কৰে কিছুমান লজ্জাজনক ঘটনা৷ 

ঋণ উপন্যাসখনক পৰৱৰ্তী কালত "এবাৰ শবৰ" নামৰে চলচিত্ৰৰ ৰূপ দিয়ে পৰিচালক অৰিন্দম শীলে৷ এই চৰিত্ৰটোক লৈ তেওঁ এতিয়ালৈ তিনিখন ছবি নিৰ্মাণ কৰিছে৷

আনহাতে লেখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰ জন্ম ২ নৱেম্বৰ, ১৯৩৫ চনত, ময়মনসিঙত৷ দেউতাক আছিল ৰেলৰ চাকৰিয়াল৷ সেই সূত্ৰে পূৱ ভাৰতৰ বিভন্ন স্থানত তেওঁ শৈশৱ পাৰ কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কলকাতা, তাৰ পিছত বিহাৰ, উত্তৰবাংলা, পূৰ্ববাংলা, অসম৷ পঞ্চাছৰ দশকত কোঁচবিহাৰ৷ তেওঁ মাষ্টাৰ ডিগ্ৰী কৰে কলকাতা বিশ্ব বিদ্যালয়ৰ পৰা৷ প্ৰথমতে শিক্ষকতাৰে জীৱিকা আৰম্ভ কৰিছিল, পিছলৈ সাংবাদিকতাৰ ক্ষেত্ৰলৈ যায়৷ তেওঁ 'দেশ' আলোচনীৰ সৈতে জৰিত৷ শৱৰ দাসগুপ্ত চৰিত্ৰটোক লৈ লিখা তেওঁৰ উপন্যাস লানি আনন্দবাজাৰ পত্ৰিকাত প্ৰথম প্ৰকাশ হৈছিল৷

এইখিনিতে অনিচ্ছাকৃত ভাৱে ৰৈ যোৱা ভুল-ক্ৰুটিবোৰৰ কাৰণে পাঠকৰ ওচৰত ক্ষমা বিচাৰিছো৷ পৰৱৰ্তী সংস্কৰণত সেয়া নিশ্চয়কৈ শুধৰোৱাৰ ব্যৱস্থা কৰিম৷ কিতাপখনৰ বানানত চকুফুৰাই দিয়াৰ কাৰণে ভগ্নী নয়না তালুকদাৰ আৰু  গোলাঘাটৰ বৰ্ণালী দত্তক ধন্যবাদ জনালো৷ মোৰ লেখাৰ প্ৰথম পাঠক দ্বীপাংক ফুকনক ধন্যবাদ জনালো৷ ধন্যবাদ জনালো অৰিগামি স্কুল অৱ ক্ৰিয়েটিভ আৰ্টছৰ স্বত্তাধিকাৰী মাধুৰ্য্য ৰয়ক, তেখেতৰ প্ৰেৰণাতেই ব্লগটো নতুনকৈ লিখিবলৈ আৰম্ভ কৰিছিলো৷ লগতে ধন্যবাদ জনালো মোৰ সমূহ ফেচবুক ফ্ৰেণ্ড আৰু ফেচবুকৰ ৰহস্য সাহিত্য গ্ৰূপৰ সমূহ সদস্যক৷

২১, মে', ২০২০
পাঠশালা  
ৰাজীৱ ফুকন