আগৰ
খণ্ডটোত আমি জিন এডিটিং আৰু CRISPR/Cas9ৰ বিষয়ে আলোচনা কৰিছিলোঁ৷
তাত কোৱা হৈছিলে যে জিনত জীৱ এটাৰ সকলো বৈশিষ্ট লিখা থাকে, গাৰ ৰং, হাড়ৰ গঠনৰ পৰা
আৰম্ভ কৰি, কেতিয়া, কি জেনেটিক ৰোগে দেখা
দিব, তালৈকে৷ অদূৰ ভবিষ্যতে CRISPR/Cas9ৰ সহায়ত আমি জিনত লেখি থোৱা এই কথা
বিলাকৰ সাল সলনি কৰি জীৱ এটাক অন্য ৰূপ প্ৰদান কৰিব পাৰিম বা কেন্সাৰ,
এইডছ আদিৰ দৰে ৰোগক, ক'মা বা দাৰি এডাল
মচি পেলোৱাৰ দৰে জীৱনৰ পৰাই মচি পেলাব পাৰিম৷ যি সকলে আগৰ খণ্ডটো নাই পঢ়া
তেওঁলোকে ইয়াতে ক্লিক কৰি পঢ়িব পাৰিব৷ আজিৰ খণ্ডটোত CRISPR/Cas9 কেনেদৰে প্ৰয়োগ কৰিব পাৰি, সেই বিষয়ে
আলোচনা কৰিম৷
আগৰ
পোষ্টটো যি সকলে পঢ়িছিল, তেওঁলোকে নিশ্চয় গম পাইছে যে ক্ৰিছপাৰে মাত্ৰ দুটা
বস্তুৰ ব্যৱহাৰ কৰে, এডাল গাইড RNA, যিয়ে DNAৰ
নিৰ্দিষ্ট অংশটো চিনাক্ত কৰাত সহায় কৰে আৰু দ্বিতীয়তে Cas9 নামৰ এবিধ প্ৰ'টিন, যিয়ে DNAৰ বেয়া অংশটো কাটি পেলায়৷
![]() |
Glowing Plant |
gRNA
ডাল ডিজাইন কৰাৰ পিছত CRISPR/Cas9ক শৰীৰত প্ৰবেশ কৰাব লাগিব ৷ তাৰ বাবে
কেবাটাও পদ্ধতি আছে, তাৰে কিছুমান নন-ভাইৰেল, যেনে কেমিকেল, লেজাৰ আদিৰ সহায়ত
ইনজেক্ট কৰা হয়৷ আৰু কিছুমান ভাইৰেল, য'ত ভাইৰাছৰ সহায় লোৱা হয়৷ আৰু ভাইৰাছৰ সহায়ত
ইনজেক্ট কৰা পদ্ধতিটোৱেই বেছি নিৰাপদ৷
![]() |
CRISPR Kit |
ঘৰতে
যদি CRISPR/Cas9ৰ ওপৰত গৱেষণা কৰিব বিচাৰে, the-odin.com নামৰ ৱেবচাইটটোৰ পৰা 140 ডলাৰতে CRISPR Kit এটা কিনিব পাৰিব৷ কিটটোত ক্ৰিছপাৰৰ
বাবে প্ৰয়োজনীয় আটাইবোৰ সামগ্ৰীয়েই থাকে৷ আৰু প্ৰেক্টিকেল কৰিবৰ কাৰণে বেক্টেৰীয়া
এবিধো পাব৷ প্ৰেক্টিকেলটোত বেক্টেৰীয়াবোৰৰ জিন এডিটিং কৰি সিহঁতক প্ৰতিকূল পৰিবেশ এটাত জীয়াই থাকিবৰ
বাবে উপযুক্ত কৰিব লাগিব৷ তাৰ বাবে ষ্টেপ বাই ষ্টেপ গাইড তেওঁলোকৰ ৱেবচাইটত পাব৷
![]() |
Josiah Zayner |
এই
কোম্পানীটো Josiah
Zayner নামৰ
বায়'-হেকাৰ এজনে নিৰ্মাণ কৰিছে৷ তেওঁ প্ৰথমতে নাছাত চাকৰি কৰিছিল। ২০১৬
চনৰ জানুৱাৰীত তেওঁ চাকৰি এৰি দিয়ে আৰু ঘৰৰ গেৰেজতে এটা লেবৰেটৰী খোলে৷ তেওঁৰ Gastrointestinal নামৰ এবিধ ৰোগ আছিল। যাৰ ফলত প্ৰায়ে
ৰক্তপাত হৈ থাকে৷ আৰু এই ৰোগৰ পৰা নিৰাময় লাভ কৰাৰ উদ্দেশ্যৰে ২০১৬ৰ ফ্ৰেব্ৰুৱাৰীত
তেওঁ নিজেই নিজৰ শৰীৰ ওপৰত full body microbiome transplant প্ৰয়োগ কৰে আৰু সফলো হয়৷ তেওঁ বৰ্তমান নিজৰ লেবতে
ক্ৰিস্পাৰৰ ওপৰত গৱেষণা কৰি আছে৷ তেওঁ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ গৱেষণা
প্ৰতিষ্ঠান আদিৰ নীতি-নিয়মৰ মাজত থাকি কাম কৰিব নোৱাৰে, মুক্ত মনে গৱেষণা কৰিব বিচাৰে৷
তেওঁ বিচাৰে যে বিজ্ঞানৰ চিন্তা-চৰ্চা, পৰীক্ষা-নিৰীক্ষাবোৰ কেৱল গৱেষণা
কেন্দ্ৰবোৰৰ মাজতে সীমাবদ্ধ নাথাকি সাধাৰণ মানুহৰ মাজলৈকে বিয়পি যাওঁক৷ সেয়ে তেওঁ
সকলোৰে সহায় হোৱাকৈ ১৪০ ডলাৰতে ক্ৰিস্পাৰ কিটৰ যোগান ধৰি আছে৷ The-odinৰ উপৰিও কেইটামান কোম্পানী আছে, যাৰ
পৰা অনলাইন যোগে CRISPR kit কিনিব পাৰিব৷
ভাল লাগিল বহুত
ReplyDeleteধন্যবাদ জনালো।
Delete