Sep 23, 2016

CRISPR/Cas9(খণ্ড-১)- জিন এডিটিং কি আৰু ক্ৰিস্পাৰে কেনেদৰে কাম কৰে

ৰাজীৱ ফুকন
আপোনালোকে জানেনে? আহা দহ বছৰৰ ভিতৰত আমি এখন ৰোগবিহীন পৃথিৱী লাভ কৰিব পাৰো৷ হয়তো অতি সোনকালেই আমি চিৰ যৌৱনৰ অধিকাৰী হ'বলৈ সক্ষম হ'ম৷ হয়তো আমি বুঢ়া মানুহকো যৌৱন ঘূৰাই দিব পাৰিম৷ কিন্তু এয়া কেনেকৈ সম্ভৱ? 

এয়া সম্ভৱ হৈ উঠিছে CRISPR/Cas9ৰ বাবে৷  আপোনালোকে নিশ্চয় জিনৰ কথা শুনিছে৷ এই জিনতে লেখা থাকে আমাৰ গাৰ ৰং কেনেকুৱা হ'ব, উচ্চতা কিমান হ'ব, বা কেতিয়া কি জেনেটিক ৰোগে দেখা দিব? জেনেটিক ৰোগবোৰ চিকিৎসা কৰিও নিৰ্মূল কৰিব নোৱাৰি৷ কাৰণ সেয়া জিনত লিখা থাকে৷ গতিকে আমি জিনতে যদি সেয়া Edit কৰি শুধৰাই দিব পাৰোঁ৷ তেনেহ'লে কি হ'ব? প্ৰ’ব্লেম চোল্ভ?
CRISPR/Cas9 হৈছে এবিধ নতুন জিন এডিটিং টুল৷ ইয়াৰ বিষয়ে এটা লেখাত কৈ শেষ কৰিব নোৱাৰি৷ গতিকে বিষয়টোৰ ওপৰত খণ্ড খণ্ড কৈ প্ৰকাশ কৰাৰ চেষ্টা কৰিম। আজি প্ৰথমটো খণ্ডত জিন এডিটিং কি আৰু CRISPR/Cas9এ কেনেদৰে কাম কৰে সেই বিষয়ে আলোচনা কৰিম৷

আগতে জানো আহক জিনত কেনেকৈ কি লেখা থাকে৷

DNA আৰু GENE
DNAৰ একোটা সৰু অংশ হ'ল জিন৷ DNA যদি এখন কিতাপ, জিন তাৰ একোটা চেপ্টাৰ৷ কিতাপখনত বেলেগ বেলেগ এমিনো এচিড লগ লগাই প্ৰ’টিন কেনেদৰে নিৰ্মাণ কৰিব পাৰি তাৰে নিৰ্দেশনা থাকে, আৰু জিন হ'ল বেলেগ বেলেগ প্ৰ'টিনৰ ৰেচিপি, যেনে চুলিৰ প্ৰ'টিন কেনেকুৱা হ'ব বা চাল, চকু, লেলাউটি, পাখী আদিৰ প্ৰ’টিন কেনেকুৱা হ'ব ইত্যাদি৷ এই জিনত চাৰিটা কেমিকেল থাকে৷ যাক আমি adenine, cytosine, guanine আৰু thymine বুলি জানো৷ চমুকৈ A,C,G  আৰু T৷ এই  ACGTক বেলেগ বেলেগকৈ সজালে ই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে৷


ধৰি লওক ওপৰৰ ফটোখনত দেখোৱা DNAৰ অংশটোত গাৰ বৰণৰ  বিষয়ে লিখা আছে৷ ইয়াত ATGCTA মানে গাৰ বৰণ বগা হ'ব বুজাইছে, আমি যদি এই সজ্জাটো সলাই CATTGA কৰি দিওঁ, তেতিয়া কি হ'ব? গাৰ বৰণ বেঙুনীয়াও হৈ যাব পাৰে। অন্ততঃ বগা হৈ নাথাকে৷ গতিকে জিন এডিটিং কৰাটো সাংঘাতিক ৰিস্কিও, কিবা ভুল হ'লে মানুহ গুচি মেকুৰী হৈ যাব পাৰে আৰু মেকুৰী গুচি মানুহ৷

যদিও আমি CRISPR/Cas9ৰ দৰে শক্তিশালী জিন এডিটিং টুল এটা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ আমি কিন্তু এতিয়ালৈ DNAত থকা আটাইবোৰ জিনৰ অৰ্থ পঢ়ি শেষ কৰিব পৰা নাই৷ কম্পিউটাৰৰ সহায়ত দিনে দিনে ইয়াৰ পৰা নতুন নতুন কথা আবিষ্কাৰ কৰি থকা হৈছে৷ যেতিয়া আমি আটাইবোৰ জিনৰ ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম, তেতিয়া আমি সকলোবোৰ নিজৰ ইচ্ছানুসাৰে সাল সলনি কৰিব পাৰিম৷
CRISPR/Cas9ৰ আগতেও জিন এডিটিং কৰিব পৰা গৈছিল৷ কিন্তু সেইবোৰ পদ্ধতি CRISPRৰ দৰে নিখুঁত নাছিল, আৰু যথেষ্ট খৰচীও আছিল৷ কিন্তু CRISPR/Cas9 একেবাৰে কম খৰচী৷ আৰু যিকোনো মগজু থকা ব্যক্তিয়েই ইয়াক ব্যৱহাৰ কৰিব পাৰে৷

এতিয়া জানো আহক CRISPR/Cas9এ কেনেদৰে কাম কৰে? 

Jennifer Doudna
CRISPRৰ সম্পূৰ্ণ নামটো হ'ল Clustered Regularly Interspaced Short Palindromic Repeats ৷ ইয়াক প্ৰথমতে Jennifer Doudna নামৰ বৈজ্ঞনীক এগৰাকীয়ে আবিষ্কাৰ কৰিছিল৷

আপোনালোকে জানে যে কিছুমান বেমাৰ এবাৰ হোৱাৰ পিছত দ্বিতীয়বাৰ নহয়, কাৰণ শৰীৰে তাক প্ৰতিৰোধ কৰিবলৈ শিকি লয়৷ আমাৰ শৰীৰত যেনেকৈ প্ৰতিৰোধ ব্যৱস্থা থাকে, ঠিক তেনেদৰে বেক্টেৰীয়া কিছুমানৰ গাত থকা এবিধ প্ৰতিৰোধ ব্যৱস্থা হ'ল CRISPR৷ বেক্টেৰীয়া এটাক যেতিয়া ভাইৰাছে আক্ৰমণ কৰে, আৰু ভাইৰাছটোৰ DNA বেক্টেৰীয়াৰ DNAৰ লগত সংযোগ কৰি দিয়ে, তেতিয়া বেক্টেৰীয়াটোৱে সেই ভাইৰাছে বিকৃত কৰা DNAৰ চেম্পল এটা সংৰক্ষণ কৰি থয়৷ পিছৰ বাৰ ভাইৰাছটোৱে পুনৰ আক্ৰমণ কৰিল, CRISPRএ সংৰক্ষণ কৰি থোৱা DNAৰ লগত নিজৰ DNA মিলায় চায়, আৰু মিল দেখিলে CRISPRৰ লগত থকা Cas9 নামৰ প্ৰ’টিন বিধে লগে লগে সেই খিনি কাটি পেলায়, আৰু কটা ডোখৰ যোৰা লগাই দিয়ে৷

এতিয়া বুজিছে নিশ্চয়, CRISPR/Cas9 একেবাৰে প্ৰাকৃতিক এটা পদ্ধতি, আৰু ই কাম কৰিবলৈ মাত্ৰ দুটা বস্তুৰ ব্যৱহাৰ কৰে, এটা হ'ল DNAৰ চেম্পল, যি DNAৰ নিৰ্দিষ্ট অংশটো বিচাৰি উলিওৱাত সহায় কৰে, আৰু আনটো Cas9 নামৰ এবিধ প্ৰ'টিন, যি DNAৰ সেই অংশটোক কাটি পেলায়, আৰু কটাখিনি জোৰা লগোৱাৰ কাম কৰে৷ নতুনকৈ কিছুমান বেক্টেৰীয়াৰ মাজত Cas9ৰ ঠাইত Cpf1 নামৰ প্ৰ'টিন এবিধ আবিষ্কাৰ কৰিছে৷ ইও Cas9ৰ দৰে একেই কাম কৰে৷ এতিয়া এই CRISPR/Cas9ৰ হাতত HIV আক্ৰান্ত DNAৰ চেম্পল এটা তুলি দি আমাৰ শৰীৰত ভৰাই দিলে, ই আমাৰ শৰীৰৰ HIV আক্ৰান্ত DNA খিনি বিচাৰি উলিয়াই কাটি পেলাব৷
CRISPR/Cas9ত DNAৰ চেম্পলটো guide RNA (gRNA) হিচাপে পঠোৱা হয়৷ RNAবোৰো DNAৰ নিচিনা একেই৷ আগত কৈ অহা হৈছে যে DNAত A,C,G,T নামৰ চাৰিটা কেমিকেল থাকে৷ RNAত Tৰ সলনি U থাকে৷ দুডাল DNA যোৰা লাগিব লাগিলে, Aৰ বিপৰীতে T আৰু Cৰ বিপৰীতে Gহে লগ হ'ব পাৰিব৷ ঠিক তেনেদৰে RNA এডাল DNAৰ সৈতে লগ লাগিবলৈও একে পদ্ধতিৰ অৱলম্বন কৰে৷ মাত্ৰ T ৰ ঠাইত U বহিব৷

আমি এতিয়া DNAৰ যিটো অংশ টাৰ্গেট কৰিব খোজো, সেই অংশটোৰ লগত মিলাকৈ RNA এডাল ডিজাইন কৰি উলিয়ালে হ'ল৷ আৰু CRISPR/Cas9এ RNA ডালৰ সহায়ত ঠাইখিনি বিচাৰি উলিয়াব, আৰু বেয়া DNA খিনি কাটি পেলাব৷ আৰু প্ৰয়োজন হ'লে নতুন DNA ৰ সংযোজন কৰিব৷ ঠিক Microsoft wordত ফাইন্দ এন্ড ৰিপ্লেছ কৰাৰ দৰে৷

এই জিন এডিটিং প্ৰক্ৰিয়াটোক দুটা ভাগ কৰিব পাৰি, মেডিকেল আৰু নন মেডিকেল৷ জিনৰ য'ত কেন্সাৰৰ কথা লিখা আছে৷ সেই খিনি শুদ্ধ কৰি পেলোৱাটো মেডিকেলত পৰে৷ ই এটা ভুল বানান শুদ্ধ কৰাৰ দৰে কথা৷ যদি আমি জিন এডিটিং কৰি মানুহ এজনৰ, চেষ্ট, বাইচেপ, উচ্চতা বঢ়াবলৈ যাওঁ; বা হাড়ৰ গঠন ফ্লেক্সিবল বা মজবুত কৰিবলৈ যাওঁ, সেয়া হয়তো নতুন চেপ্টাৰ এটা লিখিবলৈ যোৱাৰ নিচিনা কথা হ'ব৷ যিটো নন মেডিকেলত পৰে৷

যদি আমি মানুহৰ ডেউকা গজাব খোজো, হয়তো কিতাপখনেই নতুনকৈ লিখিব লাগিব? ছবিখন দেখি মনলৈ প্ৰশ্ন আহিছে নে? আমি বাৰু ভগৱান হ'বলৈ গৈ আছো নেকি? নে ভগৱানৰ বিৰুদ্ধে গৈছোঁ? নে বিজ্ঞান, মানুহলৈ ভগৱানৰ মৰমৰ উপহাৰ৷ আমি সকলোৱে এই উপহাৰৰ যোগ্যনে? কাৰণ আমাৰ মাজতে দেৱতা আৰু পিশাচ ৰূপী দুই ধৰণৰ মানুহেই আছে৷ আৰু বিজ্ঞানে দুয়োকে সমানে শক্তিশালী কৰি গৈ আছে৷ এই বিষয়ে আপোনাৰ মতামত আমাক ক'মেন্টৰ জড়িয়তে জনাব পাৰিব৷

আশা কৰো আজিৰ এই লেখাটো আপোনালোকে ভাল পালে। ইয়াৰ পিছৰ খণ্ডটোত CRISPR/Cas9ক কেনেদৰে প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে৷ দ্বিতীয় খণ্ডটো ইয়াতে ক্লিক কৰি পঢ়িব পাৰিব। এই লেখাটোৰ আৰম্ভণিতে মই কৈছিলোঁ যে আমি অতি সোনকালেই এখন ৰোগমুক্ত পৃথিৱী লাভ কৰিবলৈ গৈ আছোঁ, আপোনালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিছে যে মই জেনেটিক ৰোগ বুলি নকৈ কিয় সকলো ৰোগকে সামৰি ল'লো৷ তৃতীয়টো খণ্ডত এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম।


  1. Its really a good write up .you have expressed everything very nicely for a person whose background is not science.

    ReplyDelete
  2. আগলৈ বেছি লেখা পোয়ার আশারে

    ReplyDelete