Dec 11, 2024

কামিনী কাঞ্চন ৰহস্য - ৰহস্যধৰ্মী উপন্যাস আৰু গল্পৰ সংকলন

ৰাজীৱ ফুকন
Kamini Kanchan Rahsya Assamese thriller novel Book by Rajiv Phukan
*এখন ৰহস্যধৰ্মী উপন্যাস আৰু ছটা গল্প* 

এটি শীতৰ সন্ধিয়া, এজনী অপৰূপা যুৱতীৰ সান্নিধ্য আৰু তাই শৰীৰত কঢ়িয়াই অনা কামিনী কাঞ্চনৰ সুবাস। ৰ'ব, ভোল নাযাব। ভাল লগা সকলোবোৰেই কেতিয়াবা ৰোমান্টিক নহ'বও পাৰে!

শুবলৈ ভাল পায় নে আপুনি? আৰু সপোন দেখিবলৈ? কিন্তু কি হ'ব টোপনিৰ সিপাৰে যদি ৰৈ আছে মৃত্যুতকৈয়ো ভংয়কৰ কিবা এটা? কি হ'ব যদিহে আপুনি সপোনৰ পৰা পলাবলগীয়া হয়? যদি বোধ হয় টোপনিতকৈ মৃত্যুৱেই শ্ৰেয়!

আপোনালোকৰ পৰা পোৱা উৎসাহ-উদ্দীপনাৰ ফলস্বৰূপেই এইবাৰৰ গ্ৰন্থমেলাত কিতাপ এখন আগবঢ়াই দিবলৈ সাহস কৰিছোঁ। আশা কৰোঁ, কিতাপখন আপোনালোকে আদৰি ল'ব। কিতাপখনত এখন থ্ৰীলাৰ উপন্যাস আৰু ছটা ৰহস্যধৰ্মী গল্প সন্নিৱিষ্ট কৰা হৈছে। কিতাপখন পঢ়ি কেনে পায় নিশ্চয় জনাব। আপোনালোকৰ আশিস প্ৰাৰ্থনাৰে...


কামিনী কাঞ্চন ৰহস্য
লেখকঃ ৰাজীৱ ফুকন।
প্ৰকাশকঃ বি & এম পাব্লিচাৰ্ছ এণ্ড প্ৰিন্টাৰ্ছ।


কিতাপখন ডাকযোগে পাব বিচাৰিলে তলৰ হুৱাটছএপ নম্বৰটোত যোগাযোগ কৰিব পাৰিব। 

কিতাপখনৰ মূল্যঃ ১৯০ টকা

ডাকখৰচ বিনামূলীয়া।

হুৱাটছএপ নম্বৰঃ 8486292200


কিতাপখনত সন্নিৱিষ্ট উপন্যাস আৰু গল্পৰ তালিকাঃ


উপন্যাস

গল্প
জীয়া নৰক
কুঁৱা
প্ৰায়শ্চিত্ত
কামিনী কাঞ্চন ৰহস্য
পৃথিৱীৰ উদ্যান
অগ্নিপৰীক্ষা