কল্পনা কৰক আজিৰ পৰা পঞ্চাছ বছৰ পিছত আজিৰ
তুলনাত বহু বহু গুণে শক্তিশালী আৰ্টিফিছিয়েল ইন্টেলিজেন্স এটাৰ সৈতে আপুনি মগজুৰে
সংযুক্ত হৈ আছে। আপুনি ভবাৰ লগে লগেই জগতৰ যিকোনো তথ্য AI টোৱে আপোনাৰ মগজুক যোগান ধৰে। যেন জগতৰ
সমস্ত জ্ঞান আপোনাৰ মগজুতেই বিৰাজমান, আপুনি মাথোঁ স্মৰণ কৰিলেই হ'ল। সাত সাগৰ তেৰ নদীৰ সিপাৰে থকা
আপোনাৰ আত্মীয়জনৰ সৈতে আপুনি মনেৰেই যোগাযোগ কৰিব পাৰিছে। তেওঁৰ চকুযুৰিৰে আপুনি
চাব পাৰিছে। তেওঁৰ ইন্দ্ৰিয়ই যোগান ধৰা সকলো অনুভূতি আপুনিও অনুভৱ কৰিব পাৰিছে।
সমৰ কলা, নৃত্য,
গীত আদি বিভিন্ন
স্কিল আপুনি আনৰ পৰা নিজৰ মগজুলৈ ডাউনল'ড কৰিব পাৰিছে।
পঞ্চাছ বছৰ বা এশ বছৰ পিছৰ তেনেকুৱা এজন
ব্যক্তিক আপুনি সাধাৰণ মানুহৰ শাৰীত ৰাখিব পাৰিবনে? পাৰিবনে হ'ম' ছেপিয়েন্সৰ সংজ্ঞাতেই তেওঁলোকক আৱদ্ধ
কৰি ৰাখিব? নিশ্চয় নোৱাৰিব। সেই কাৰণে বহুতো চিন্তাবিদে ক'ব খোজে যে আমাৰ এই প্ৰজন্মটোৱেই হৈছে হ'ম' ছেপিয়েন্সৰ অন্তিম প্ৰজন্ম। এই
শতিকাটোৱেই হ'ম' ছেপিয়েন্সৰ অন্তিম শতিকা। মানুহ আৰু টেকন'ল'জীৰ সংমিশ্ৰণত সৃষ্টি হোৱা এই নতুন
প্ৰজাতিটোক বিভিন্ন বিজ্ঞানী আৰু চিন্তাবিদে বেলেগ বেলেগ নামেৰে নামাকৰণ কৰাৰ
চেষ্টা কৰিছে, যেনে - হ'ম' টেকন'ল'জিকাছ, হ'ম' চাইব'ৰজেনেছিছ আৰু বিশিষ্ট চিন্তাবিদ লেখক ইউভাল নোৱা হাৰাৰিৰ ভাষাত হ'ম' ডিঅ'ছ। যাৰ অৰ্থ হ'ল দেৱমানৱ।
শুনিবলৈ কল্পবিজ্ঞানৰ কাহিনী যেন লাগিছে নহয়নে?
এদিন জুল
ভাৰ্ণেৰ চাবমেৰিণো কল্পবিজ্ঞান আছিল। উৰাজাহাজ কল্পবিজ্ঞান আছিল। আনকি গৰু-ঘোঁৰা
অবিহনে চলা মটৰগাড়ীখনো কল্পবিজ্ঞানেই আছিল। ত্ৰিশ বছৰ আগতে চোতালত ঢাৰি পাৰি লেমৰ
পোহৰত কিতাপ পঢ়োতে কল্পনা কৰিছিলনে তাঁৰবিহীন চেপেটা যন্ত্ৰ এটাৰ জৰিয়তে এদিন
ভিডিঅ' কল
কৰিব পাৰিব, চিনেমা চাব পাৰিব, চপিং কৰিব পাৰিব, বিচাৰিলেই জগতৰ সকলো তথ্য আঙুলিৰ টিপতে
লাভ কৰিব পাৰিব। তাৰো পঞ্চাছ বছৰ আগলৈ যাওকচোন, আমাৰ ককা - আইতাহঁতক সোধক টিভি নামৰ
বাকচটো, য'ত মানুহৰ ছবি দেখিবলৈ পোৱা যায়,
সেয়া তেওঁলোকৰ
বাবে কল্পবিজ্ঞান নাছিলনে? আৰু ৰিম'ট কন্ট্ৰ'লটো? এতিয়া সেইবোৰ কথা সোঁৱৰণিত পৰিণত হ'ল।
তেনেদৰে আৰ্টিফিছিয়েল ইন্টেলিজেন্সো সৌ সিদিনালৈ
কল্পবিজ্ঞানেই আছিল। কিন্তু ২০২২ চনৰ নৱেম্বৰ মাহত চাট-জিপিটিয়ে ভুমুকি মৰাৰ পৰা
আমি আনুষ্ঠানিক ভাৱে A.I. আৰু ৰবটৰ যুগত ভৰি দিলো বুলি ক'ব পাৰি।
প্ৰথমতে জানি লওঁ আহক আৰ্টিফিছিয়েল
ইন্টেলিজেন্স মানেনো কি? সহজ ভাষাত ক'বলৈ গ'লে A.I. বা আৰ্টিফিছিয়েল ইন্টেলিজেন্স হৈছে এটা
ডিজিটেল ব্ৰেইন। আৰু এই ব্ৰেইনটো ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ কাম সম্পন্ন কৰা
যন্ত্ৰবোৰ হৈছে ৰবট। ৰবট যিকোনো আকৃতিৰ হ'ব পাৰে। জেচিপি এখনৰ দৰেও হ'ব পাৰে, ভেকুৱাম ক্লীণাৰ এটাৰ দৰেও হ'ব পাৰে, বা মানুহৰ দৰেও হ'ব পাৰে - মানুহৰ দৰে হাত ভৰি থকা
ৰবটবোৰক কোৱা হয় এণ্ড্ৰইড।
যেতিয়া এটা আৰ্টিফিছিয়েল ইন্টেলিজেন্স মানুহৰ
সমান বুদ্ধিমান হৈ পৰিব, তেতিয়া তাক কোৱা হ'ব আৰ্টিফিছিয়েল জেনেৰেল ইন্টেলিজেন্স,
চমুকৈ 'A.G.I.'। আৰু যেতিয়া জ্ঞান-বুদ্ধিৰ ফালৰ পৰা মানুহকো
চেৰাই যাব, তাক কোৱা হ'ব আৰ্টিফিছিয়েল ছুপাৰ ইন্টেলিজেন্স (A.S.I.)। ASIৰ পিছৰ পৰ্যায়টো হ'ল চিংগুলাৰিটি। মানুহতকৈ বহু বহু গুণে
বুদ্ধিমান হ'ব ই। প্ৰায় ভগৱানৰ সমতুল্য। AI য়ে নিজকে নিজে আপগ্ৰেড কৰি সেই পৰ্যায়
পাবগৈ।
কম্পিউটাৰ চাইন্টিষ্ট, লেখক, ফিউচাৰিষ্ট Ray Kurzweilএ ১৯৯৯ চনত কৈছিল যে ২০২৯ চনৰ আগতে
মানুহে AGI আৱিষ্কাৰ কৰি পেলাব। আৰু ২০৪৫ত চিংগুলাৰিটি। কিন্তু এতিয়া দেখা গৈছে
যে AGI ২০২৯
নহয় ২৬-২৭ৰ ভিতৰতেই আৱিষ্কাৰ হ'বলৈ গৈ আছে।
এলন মাস্কৰ মতেও অহা দুটা বছৰৰ ভিতৰতেই আমি AGI
দেখিবলৈ পাম।
আৰু যেতিয়া AGI মানুহতকৈ বেছি বুদ্ধিমান হৈ পৰিব, তাক নিয়ন্ত্ৰণত ৰাখিবলৈ মানুহেও নিজকে
উত্তীৰ্ণ কৰিব লাগিব দেৱমানৱৰ শাৰীলৈ। আৰ্টিফিছিয়েল ইন্টেলিজেন্সক নিজৰ শৰীৰৰেই এটা অংশ বনাই ল'ব লাগিব।
এলন মাস্কে এই ক্ষেত্ৰত কৈছিল, "If you can't beat them, join
them"। আৰু সেইটো লক্ষ্যৰেই আগবাঢ়িছে তেখেতৰ কোম্পানী
নিউৰ'লিংক।
যিয়ে AIক
আমাৰ মগজুৰ সৈতে সংযুক্ত কৰিব বিচাৰে। নিউৰ'লিংকৰ বিষয়ে আমি লেখাটোৰ শেষত আলোচনা
কৰিম।
কেইদিনমান আগত এটা সাক্ষাৎকাৰত অপেন এ.আইৰ চিফ
টেকন'ল'জী অফিচাৰ মীৰা মুৰাটীয়ে কৈছিল যে
চাট-জিপিটিৰ বৰ্তমানৰ সংস্কৰণটো এজন স্মাৰ্ট হাইস্কুলাৰৰ সমপৰ্যায়ৰ। অহা এটা বা
ডেৰটা বছৰৰ ভিতৰত তেওঁলোকে চাটজিপিটিৰ যিটো সংস্কৰণ মুকলি কৰিব সেইটোৰ
ইন্টেলিজেন্স লেভেল হ'বগৈ এজন PHD ষ্টুডেন্টৰ সমান। আৰু তাকেই আমি AGI বুলি ক'ব পাৰিম।
ভাবকচোন তাৰ পিছত বিজ্ঞান কিমান বেগেৰে আগবাঢ়ি
যাব। হাজাৰ হাজাৰ পি.এইচ.ডি. ষ্টুডেন্ট আমি মুহূৰ্ততে সৃষ্টি কৰি বিভিন্ন
গৱেষণামূলক কামত লগাব পাৰিম। ফলত এশ বছৰৰ আৱিষ্কাৰ হয়তো আমি তিনি-চাৰি বছৰৰ
ভিতৰতেই সম্পূৰ্ণ কৰিব পাৰিম।
কেইদিনমান আগতে গুগুলৰ ডিপমাইণ্ডে আল্ফাফোল্ড
থ্ৰী মুকলি কৰিছিল। ই এটা ফ্ৰী অপেনচ'ৰ্চ A.I. চফ্টৱেৰ। ইয়াৰ জৰিয়তে প্ৰ'টিনৰ 3D
ষ্ট্ৰাক্সাৰ
বনাব পাৰি। এজন পি.এইছ.ডি. ষ্টুডেন্টে এটা প্ৰ'টিনৰ 3D ষ্ট্ৰাক্সাৰ বনাওতে সাত-আঠমাহৰ পৰা
পাঁচ-ছয় বছৰলৈকে সময় লাগে। কিন্তু গুগুলৰ আলফাফোল্ড থ্ৰীয়ে সেয়া এক মিনিটত বনাব
পাৰে। কেৱল প্ৰ'টিনৰ থ্ৰিডী ষ্ট্ৰাক্সাৰেই নহয় তাৰ লগত কি মলিউকুল লগ লাগিলে
কেনেকুৱা প্ৰতিক্ৰিয়া দেখুৱাব সেয়াও সঠিকভাৱে ক'ব পাৰে। ফলত আমি অতি সোনকালেই, এটা বা দুটা বছৰৰ ভিতৰতেই আৰ্টিফিছিয়েল
ইন্টেলিজেন্সে সৃষ্টি কৰা ঔষধ বজাৰত দেখিবলৈ পাম। বহুতো দুৰাৰোগ্য বেমাৰ ইয়াৰ
জৰিয়তে নিৰাময় কৰিব পৰাৰ সম্ভাৱনা দেখা গৈছে। এই মহান আৱিষ্কাৰটোৰ বাবে গুগুল
ডিপমাইণ্ডে নবেল বঁটা পোৱাৰো সম্ভাৱনা আছে।
বিজ্ঞানী 'Ray Kurzweil'য়ে তেখেতৰ "The
Singularity Is Near: When Humans Transcend Biology" নামৰ কিতাপখনত ভৱিষ্যৎবাণী কৰি থৈছিল
যে ২০৪৫ চনৰ ভিতৰত মানুহে অমৰত্ব লাভ কৰিব। ২০৪৫ চনৰ আগতে আমি অমৰ হ'ব পাৰো নে নাই নাজানো কিন্তু এইটো
শতিকাত নহ'লেও
ইয়াৰ পিছৰ শতিকাটোত যে মানুহে অমৰত্ব লাভ কৰিবলৈ সক্ষম হ'ব তাক লৈ মই সম্পূৰ্ণ আশাবাদী। কাৰণ
বিজ্ঞানৰ দৃষ্টিত অমৰত্ব অসম্ভৱ কথা নহয়।
ইমোৰ্টেল জেলফিছ, প্লেনেৰিয়া আদি কিছুমান অমৰ প্ৰাণীৰ
উদাহৰণ এই পৃথিৱীতেই আছে। ইহঁতৰ দেহৰ কোষবোৰ বুঢ়া হৈ গ'লে আকৌ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে। যাৰ
ফলত সিহঁত কোনো দিনে বাৰ্ধক্যৰ গৰাহত নপৰে। আৰু কিছুমান জীৱ আছে যাৰ কোনো
অংগ-প্ৰত্যংগ নষ্ট হৈ গ'লে সেয়া পুনৰ গজি আকৌ আগৰ অৱস্থা পায়গৈ। যেনে Axolotlsৰ হাত-ভৰি, মগজু, স্পাইনেল কৰ্ড, হৃদযন্ত্ৰ পৰ্যন্ত পুনৰ গজে। জেঠীৰ
নেজডাল যে চিঙি যোৱাৰ পিছত আকৌ গজে সেইটোতো আমি সকলোৱেই দেখিছো। মানুহৰ লিভাৰটোও
তেনেকুৱা, এটুকুৰা
কাটি পেলালে সেয়া পুনৰ গজি আগৰ অৱস্থা পায়গৈ।
জীৱজগতৰ এই ৰহস্যবোৰ ভালকৈ বুজি উঠিব পাৰিলে
মানুহেও নিশ্চয় এদিন নিজৰ কোষ, অংগ প্ৰত্যংগবোৰ নৱীকৰণ কৰি চিৰযৌৱনৰ অধিকাৰী হ'ব পাৰিব।
এই ক্ষেত্ৰত মূখ্য ভূমিকা ল'ব পাৰে জিন এডিটিঙে। ২০১৭ চনতেই মই
ক্ৰিস্পাৰ কেছ নাইনৰ ওপৰত এলানি প্ৰবন্ধ লিখিছিলো। ক্ৰিস্পাৰৰ আৱিষ্কাৰৰ বাবে Jennifer
Doudna আৰু Emmanuelle Charpentierএ ২০২০ চনত ৰসায়ন বিজ্ঞানৰ নবেল বঁটাও
লাভ কৰিছিল। ইয়াৰ দ্বাৰা জিন এডিট কৰা হয়। জিন আৰু ক্ৰিস্পাৰৰ বিষয়ে যদি সবিশেষ
জানিব বিচাৰে এই লিংকটোলৈ গৈ পঢ়িব পাৰিব।
সহজ ভাষাত জানি লওক ডি.এন.এ. হ'ল এখন কিতাপৰ দৰে, যি আমাৰ কোষৰ ভিতৰত থাকে আৰু তাত আমাৰ
শৰীৰৰ সকলো তথ্য লিখা থাকে। জিন সেই কিতাপখনৰ চেপ্টাৰৰ নিচিনা। কোনোবাটো জিনত যদি
আমাৰ চুলিৰ ৰঙৰ কথা উল্লেখ আছে, কোনোবাটোত আমাৰ মুখৰ গঢ়। সেই জিনবোৰ চিনাক্ত
কৰিব পাৰিলে এডিট কৰি আমাৰ মুখৰ গঢ়ৰ পৰা চুলিৰ ৰঙলৈকে সকলো সলনি কৰাটো বৰ্তমান
সম্ভৱ।
বৰ্তমান সময়ত ক্ৰিস্পাৰৰ জৰিয়তে চিকেল চেল
এনেমিয়া, বেটা-থেলাচেমিয়া
আদি ৰোগৰ চিকিৎসা সম্ভৱ হৈ উঠিছে। ২০১৮ চনত He Jiankui নামৰ চীনা বিজ্ঞানী এজনে ক্ৰিস্পাৰেৰে
জিন এডিট কৰি জমজ ছোৱালী দুজনীৰ জন্ম দিয়াইছিল। জিন এডিটিঙৰ জৰিয়তে সিহঁতক তেওঁ HIV
ৰোগৰ প্ৰতিৰোধী
ক্ষমতা প্ৰদান কৰিছিল। সেই সময়ত ঘটনাটোৱে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। আৰু তাৰ
পিছতেই জিন এডিটিঙৰ ওপৰত বিভিন্ন নীতি-নিয়ম আৰোপ কৰা হ'ল। মানুহৰ ওপৰত অবৈধভাৱে
পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে হি জিয়ানকু জেললৈ যাবলগীয়াও হৈছিল। বৰ্তমান মেম'থকে আদি কৰি বিভিন্ন বিলুপ্তপ্ৰায়
জীৱ-জন্তু জিন এডিটিঙৰ জৰিয়তে ঘূৰাই অনাৰ চেষ্টা কৰি থকা হৈছে। এই বিষয়ে
চাট-জিপিটিক সুধিলেও বহু কথা জানিব পাৰিব।
ক্ৰিস্পাৰৰ নিচিনা টেকন'ল'জী থকাৰ পিছতো আমি কিয় অমৰত্ব লাভ
কৰিবলৈ সক্ষম হোৱা নাই বা কেন্সাৰৰ দৰে ৰোগ কিয় নিৰ্মূল কৰিব পৰা নাই, এই প্ৰশ্নটো নিশ্চয় আপোনালোকৰ মনলৈ
আহিছে। ইয়াৰ কাৰণটো হ'ল জীৱজগতক এতিয়াও আমি বুজিবলৈ বহু বাকী আছে। এজন মানুহৰ শৰীৰতেই
বিশ-পঁচিশ হাজাৰ জিন থাকে, কিছুমান গছ-গছনিত লক্ষাধিক জিন থাকে, এটা বেক্টেৰীয়াতে পাঁচশৰ পৰা পাঁচহাজাৰ
জিন থাকিব পাৰে। সঠিক ৰূপত ক্ৰিস্পাৰ ব্যৱহাৰ কৰিবলৈ হ'লে আমি এইবোৰ তথ্য ভালকৈ জানি ল'ব লাগিব। যাতে এফালে ভাল কৰিবলৈ যাওতে
আন এফালে ক্ষতি নহয়গৈ। কেৱল জিনৰ বিষয়েই নহয় জীৱ এটাৰ জিন, কোষ, প্ৰ'টিন আদিৰ মাজৰ সম্পৰ্কৰ গোটেই
নেটৱৰ্কখন আমি বুজি উঠিব লাগিব। মানুহৰ বাবে এয়া যথেষ্ট কষ্টসাধ্য আৰু সময় খৰচী
কাম। কিন্তু AIৰ বাবে নহয়। হয়তো কিছু বছৰৰ পিছত আমি আল্ফাফোল্ডৰ দৰে জিনৰ ক্ষেত্ৰতো
কোনো চফ্টৱেৰ দেখিবলৈ পাম যিয়ে জিনৰ গঠন এটাত কি সাল-সলনি কৰিলে কি ফল পোৱা যাব
তাক সঠিকভাৱে দেখুৱাব পাৰিব। বা আমি চিৰ যৌৱন লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব বুলি সুধিলে সম্পূর্ণ
জিনৰ নতুন গঠন এটাকে চফ্টৱেৰটোৱে বনাই দেখুৱাব।
3D প্ৰিন্টিঙৰ জৰিয়তেও মানুহৰ অংগ
প্ৰত্যংগ বনাব পাৰি। এই বিষয়েও মোৰ ব্লগত আগতেই লিখিছিলো। ইয়াত ক্লিক কৰি সেই লেখাটো পঢ়িব পাৰিব।
তদুপৰি আন এটা টেকন'ল'জী হ'ল নেন'ব'ট। যাক লৈ মই যথেষ্ট আশাবাদী। নেন'ব'ট হ'ল কিছুমান মাইক্ৰস্ক'পিক ৰবট। ইও কোনো কল্পবিজ্ঞান নহয়।
বৰ্তমানো বিভিন্ন ধৰণৰ নেন'ব'টৰ ওপৰত গৱেষণা কৰি থকা হৈছে। নেন'ব'টসমূহক ভালকৈ নিয়ন্ত্ৰণলৈ আনিব পাৰিলে
নিৰ্ভয়ে ইয়াক মানুহৰ শৰীৰত মুকলি কৰি দিব পৰা যাব। তেতিয়া চৌবিশ ঘন্টাই ইহঁতে দেহৰ
প্ৰতিটো কোষৰ ওপৰত নজৰ ৰাখিব পাৰিব। ক'ৰবাত কিবা খেলি মেলি দেখিলেই ঠিক কৰিব পাৰিব।
বিশেষকৈ কেন্সাৰ চেল আদি দেখিলে লগে লগে ধ্বংস কৰিব পাৰিব। ভৱিষ্যতে মগজুক
ইন্টাৰনেটৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰতো নেন'ব'টে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা
আছে।
এতিয়া জানো আহক মগজুক কম্পিউটাৰৰ সৈতে সংযুক্ত কৰাটো বৰ্তমান সম্ভৱনে? ওপৰত যে টেডি বিয়েৰ, এৰ'প্লেন আদিৰ ফটো কেইখন দেখিছে, ওচ'কা বিশ্ববিদ্যালয়ৰ এটা গৱেষণাত তাৰ ওপৰৰ লানি ফটো এজন ব্যক্তিক চাবলৈ দিয়া হৈছিল। আৰু তলৰ লানি ফটো ব্যক্তিজনে কি দেখিছে সেয়া AI য়ে তেওঁৰ ব্ৰেইনৱেভ অধ্যয়ন কৰি কম্পিউটাৰ স্ক্ৰীণত দেখুৱাইছিল। মানে কম্পিউটাৰে লাহে লাহে মানুহৰ মনটো পঢ়িব পৰা হৈ উঠিছে।
মগজু আৰু কম্পিউটাৰৰ মাজত যোগাযোগ স্থাপন কৰা
এই টেকন'লজীটোক
কোৱা হয় ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেছ। এই ক্ষেত্ৰত আগভাগ লোৱা এটা কোম্পানী হ'ল এলন মাস্কৰ নিউৰ'লিংক। এইবছৰৰ প্ৰথম ভাগতেই ন'লাণ্ড আৰ্বগ নামৰে এজন পক্ষাঘাতগ্ৰস্ত
ব্যক্তিৰ মগজুত নিউৰ'লিংকৰ চিপ সফলভাৱে স্থাপন কৰা হয়। তেওঁ এতিয়া মনেৰে চিন্তা কৰিয়েই
কম্পিউটাৰ চলাব পৰা হৈ উঠিছে। নিউৰ'লিংকৰ আন এটা প্ৰজেক্ট হ'ল বায়'নিক আই। ইয়াৰ জৰিয়তে কেমেৰাৰে তোলা ফটো
ডাইৰেক্টলি মগজুত যোগান ধৰা হয়। দৃষ্টিহীন মানুহক দৃষ্টিদান কৰিব পৰা যাব এই টেকন'ল'জীটোৰে। বৰ্তমান সময়ত অতি কম ৰিজ'লিউছনৰ ক'লা-বগা ফটোহে মগজুত যোগান ধৰিব পৰাটো
সম্ভৱ হৈ উঠিছে। কিন্তু সোনকালেই হাই ৰিজ'লিউছনৰ ফটোও মগজুক যোগান ধৰিবলৈ সক্ষম হ'বগৈ। এয়া মাত্ৰ আৰম্ভণিহে। এলন মাস্কে
এটা টুইটত কৈছিল যে ভৱিষ্যতে ফোন নাথাকিব, তাৰ স্থান ল'ব নিউৰ'লিংকে। আন এটা সাক্ষাৎকাৰত তেওঁ কৈছিল
যে দহ বছৰমান পিছত মানুহে মুখেৰে কথা কোৱাৰ প্ৰয়োজন নাথাকিব, মনেৰেই কথা পাতিব পাৰিব।
নিউৰ'লিংক হ'ল এটা ইনভেছিভ ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেছ। য'ত অষ্ট্ৰোপ্ৰচাৰ কৰি মগজুত চিপ বহোৱা
হয়। কিন্তু নন-ইনভেছিভ টেকন'ল'জীবোৰো পিছ পৰি থকা নাই। ইয়াত অষ্ট্ৰোপ্ৰচাৰৰ
প্ৰয়োজন নহয়। য'ত টুপিৰ দৰে যন্ত্ৰ এটা পিন্ধিয়েই কম্পিউটাৰৰ সৈতে মগজুৰে সংযুক্ত হ'ব পৰা যায়। উদাহৰণ স্বৰূপে ওপৰত
উল্লেখিত ওচ'কা বিশ্ববিদ্যালয়ৰ এক্সপেৰিমেণ্টটো নন-ইনভেছিভ পদ্ধতিৰে কৰা।
বহুতে বিশ্বাস কৰে যে অমৰত্বৰ আন এখন দুৱাৰ এই
ব্ৰেইন কম্পিউটাৰ ইন্টাৰফেছেও খুলি দিব পাৰে। যদি আমি আমাৰ চেতনাক কম্পিউটাৰলৈ আপল'ড কৰিব পাৰো, তেনেহ'লে যুগ যুগান্তৰলৈ আমি ভাৰ্ছুৱেল জগতত,
ভাৰ্ছুৱেল শৰীৰত
বাস কৰিব পাৰিম। তেতিয়া পৃথিৱীত খাদ্য-পানীৰো নাটনি হ'ব। আৰু প্ৰয়োজন হ'লে চিন্থেটিক শৰীৰলৈ ডাউনল'ডো হ'ব পাৰিম। 'আপল'ড' ৱেব চিৰিজখনত দেখুওৱাৰ দৰে। কিন্তু
ইয়াক লৈ মই বিশেষ আশাবাদী নহয়, যিহেতু মানুহে এতিয়ালৈকে চেতনাকেই বুজিব পৰা
নাই।
অহা বিশ বছৰত পৃথিৱীখন বহুত সলনি হ'বলৈ গৈ আছে। যি আমাৰ কল্পনাৰো অতীত।
২০০০ চনত মোবাইল ফোন আৰু ইন্টাৰনেট যি অৱস্থাত আছিল, আজি AI তেনেকুৱা অৱস্থাত আছে। বিশ বছৰ পিছত
২০২০ চনত মোবাইল ফোন আৰু ইন্টাৰনেটে কি পৰ্যায় পাইছিলগৈ সেয়া আমি সকলোৱে দেখিছো।
অহা বিশটা বছৰত তাতকৈও বহু বেছি বেগেৰে পৃথিৱীখন সলনি হ'বলৈ গৈ আছে। কাৰণ AI ৰ বেগ কম্পিউটাৰৰ বেগতকৈ বহুগুণে বেছি।
যোৱা বছৰলৈ AI য়ে ভালকৈ ভিডিঅ' এটা বনাব নোৱাৰিছিল। আজি AI য়ে ইমানেই ৰিয়েলিষ্টিক ভিডিঅ' বনাব পৰা হৈছে যে সঁচা-মিছা ধৰিবই
নোৱাৰি। গতিকে AI ৰ এই বিপ্লৱটো পূৰ্বৰ ইন্টাৰনেট বিপ্লৱ, বৈদ্য়ুতিক বিপ্লৱ বা প্ৰথম শিল্প বিপ্লৱৰ
লগত তুলনা কৰিব নোৱাৰি। এই বিপ্লৱটোক চাগে জুইৰ আৱিস্কাৰৰ সৈতেহে মিলাব পৰা যাব।
জুইয়ে যেনেকৈ মানুহক জন্তুৰ পৰা পৃথক কৰি আনিছিল, AI য়ে তেনেকৈ মানুহক হ'ম' ছেপিয়েন্সৰ পৰাই পৃথক কৰি লৈ যাবলৈ
ওলাইছে। প্ৰথমবাৰৰ বাবে মানুহ মানুহতকৈও বুদ্ধিমান এটা প্ৰজাতিৰ সন্মুখীন হ'বলৈ ওলাইছে। ইতিহাসত যি কথাৰ নজিৰেই
নাই।
*সমাপ্ত*