নমস্কাৰ মই ৰাজীৱ আৰু “Me Myself and Rajiv Phukan”অলৈ আপোনালোকক স্বাগতম জনাইছোঁ৷ আমাৰ আজিৰ ভিডিঅ' আৰু পোষ্টটোৰ বিষয় বস্তু হৈছে, Internet of things চমুকৈ 'IoT'।
'IoT'ৰ ওপৰত মোৰ বন্ধু দীপুৱে মোক লিখিবলৈ কৈছিলে৷ বিষয়টো বাচি দিয়াৰ কাৰণে দীপুক মই ধন্যবাদ জনাইছোঁ৷ আপোনালোকৰ মনলৈও এনেকুৱা কিবা টপিক আহিলে মোক ক’মেন্টৰ জড়িয়তে জনাব পাৰিব৷
ব্লগৰ কথাখিনি তলত ভিডিঅ' ৰূপত প্ৰকাশ কৰা হ'ল৷
ধৰক আপুনি শুই আছে৷ অকলশৰীয়া মানুহ৷ মাজনিশা হঠাতে আপুনি সাৰ পাই উঠিলে৷ কোৰবাত এম্বুলেঞ্চৰ চাইৰেণ বাজিছে৷ আপুনি অনুভব কৰিলে যে আপোনাৰ বুকুখন বিন্ধা মাৰি ধৰিছে৷ বিষ এটা উক দি উঠিছে৷ বুজিব পৰাৰ আগতেই আপুনি সংজ্ঞাহীন হৈ পৰিল৷ যেতিয়া সাৰ পায়, আপুনি হস্পিটেলৰ বিচনাত৷ অস্পষ্টকৈ দেখিছে, ডক্টৰ এজন হাউলি আহিছে ক'লে, এতিয়া চিন্তা কৰিবলগীয়া একো নাই৷ আপুনি সম্পূৰ্ণ নিৰাপদ৷ মৃদু হাৰ্ট এটেক এটা হৈ গৈছিল৷
কিন্তু আপুনি কেনেকৈ হস্পিটেল পালেহি, ঘৰতটো অকলে আছিল৷ এয়া কোনো কল্প বিজ্ঞানৰ কিতাপ বা চিনেমাৰ কাহিনী নহয়৷ এয়া টেকন’লজিৰ নৱ ৰূপ৷ internet of thingঅৰ বাহাদুৰি৷ মানে মেচিনৰ ইন্টাৰনেট৷
আপুনি শুই থাকোঁতে আপোনাৰ fitness bandদালে গম পালে যে আপোনৰ হৃদস্পন্দনৰ বেগ বাঢ়িছে৷ সি লগে-লগে ৰিপ’ৰ্টটো
ইন্টাৰনেট যোগে চেক কৰি চালে, আৰু জানিব পাৰিলে সেয়া হাৰ্ট এটেকৰ লক্ষণ৷ ফিটনেচ বেন্ড দালে মুহুৰ্ততে আপোনাৰ ওচৰৰ চিকিৎসালয় খনৰ সৈতে যোগা যোগ কৰিলে৷ বা আপুনি ৰেজিষ্টাৰড কৰি থোৱা চিকিৎসালয়খনলৈ ৰিপ'ৰ্টটো পঠালে৷ ডক্টৰে চাই গম পালে যে কথাটো সঁচা৷ লগে লগে তেওঁ লোকে এম্বুলেঞ্চ পঠালে৷ এম্বুলেঞ্চ খন ঘৰৰ ওচৰ পাওতেই আপুনি সাৰ পালে৷ হয়তো বুকৰ বিষত৷ নাইবা ফিটনেচ বেণ্ডদালে ভাইব্ৰেচনৰ জড়িয়তে আপোনাক জগাই দিছে৷ কিন্তু আপুনি পিছ মুহুৰ্ততে সংজ্ঞাহীন হৈ পৰিল৷ লগে লগে ফিটনেচ বেণ্ডদালে আপোনাৰ দুৱাৰৰ তলাটোক ইমাৰজেঞ্চিৰ কথা জনালে৷ তলাটোৱে হস্পিটেলৰ ৰেকৰ্ড চেক কৰি কথাটো নিশ্চিত হৈ ল'লে আৰু দুৱাৰখন খুলি দিলে৷
এয়াই ইন্টাৰনেট অফ থিংছ৷ চমুকৈ IoT৷ যেতিয়া প্ৰতিটো বস্তুৱে ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ সক্ষম কৰিব৷ আমাৰ জীৱনধাৰাটো ইমানেই সহজ হৈ পৰিব যে এয়াৰ
কুলাৰটো যেতিয়া নিজে নিজে চলিবলৈ আৰম্ভ কৰিব, তেতিয়াহে আপুনি অনুভব কৰিব যে, আপোনাৰ গৰম লাগিবলৈ আৰম্ভ কৰিছে৷ ৰাতিপুৱা উঠিয়ে দেখিব যে আপোনাৰ কফি মেচিনত কফি ৰেডি হৈ আছে বা সাজ লগাৰ লগে কোঠাৰ লাইটবোৰ লাহে লাহে পোহৰ হৈ গৈ আছে৷
সহজ ভাষাত ক’বলৈ গ'লে IoT হ'ল স্মাৰ্ট অবজেক্ট বোৰৰ নেটৱৰ্ক৷ ২০১৬
চনৰ শেষলৈ প্ৰায় ছয় নিযুত স্মাৰ্ত অবজেক্ট বজাৰত উপলব্ধ হ’ব৷ smartthings.com
এটা স্মাৰ্ট অবজেক্টৰ ৱেব চাইট৷ য'ত চাহ বনোৱা কেটেলাৰ পৰা বেডচাইড লেম্প আদি বিভিন্ন ধৰণৰ নিত্য ব্যৱহাৰিত স্মাৰ্ত অবজেক্ট পোৱা যায়৷
হাততে পোৱা, মানুহে প্ৰায় ব্যৱহাৰ কৰি থকা স্মাৰ্ত অবজেক্ট কেইটামান হ'ল স্মাৰ্ত ফোন, স্মাৰ্ত টি ভি, স্মাৰ্ত ৱাট্ছ, ফিটনেচ বেণ্ড ইত্যাদি৷ এইবোৰ আপোনাৰ মোবাইলটোৰ সৈতে কানেক্ট হৈ থাকে৷amazon বা ebayৰ পৰা নশ-হাজাৰ টকা মান দামৰ Xiaomiৰ Mi band বা মাইক্ৰ'মেক্সৰ Yu Fit নামৰ স্মাৰ্ত বেণ্ড দাল লৈ ব্যৱহাৰ কৰি চাব পাৰে৷ ই আপুনি কেতিয়া উঠিছে, কিমান খোজ কাঢ়িছে বা দৌৰিছে, কেই ঘন্টা শুইছে, গভীৰ টোপনি আহিছে নে নাই, সকলো কথা আপোনাৰ মোবাইলটোক জনাই গৈ থাকে৷ আপুনি যেতিয়াই ইচ্ছা তেতিয়াই ৰিপ’ৰ্টবোৰ চাব পাৰে৷ তাৰোপৰি মোবাইলত এলাৰ্ম দিলে বেণ্ডদাল ভাইব্ৰেট হয়, ফোন আহিলে ভাইব্ৰেট হয়৷ সেয়ে নিশ্চিতমনে আপুনি ফোনটো চাৰ্জত লগাই থৈ কাম কৰি থাকিব পাৰিব৷
![]() |
Mi band App |
![]() |
Xiaomi Mi band |
এতিয়া আহোঁ IoTৰ ভিতৰুৱা কথালৈ৷ ইন্টাৰনেট আচলতে কি, ই এটা পাব্লিক লাইব্ৰেৰী, জ্ঞানৰ সম্ভাৰ, এখন মঞ্চ, য'ত মানুহে নিজৰ অভিজ্ঞতা বোৰ চেয়াৰ কৰে, আৰু আনৰ অভিজ্ঞতাৰ পৰা নতুন কথা শিকে৷ সকলোৱে নিজৰ কম্পিউটাৰ বা ফোনটোৰ জড়িয়তে এই ইন্টাৰনেটৰ সেৱা গ্ৰহণ কৰিব পাৰে৷
মানুহৰ দৰে প্ৰত্যেকটোৱে বস্তুৱে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হয়৷ এই অভিজ্ঞতা আহৰণ কৰিবলৈ মানুহে অনুভূতি শক্তিৰ ব্যৱহাৰ কৰে, আমি পঞ্চ ইন্দ্ৰিয়ৰ জড়িয়তে ইয়াক অনুভব কৰোঁ৷ এই অভিজ্ঞতা খিনি আমাৰ স্মৃতিত সংৰক্ষণ কৰি ৰখা হয়৷ আৰু পিছত প্ৰয়োজন সাপেক্ষে ইয়াক ব্যৱহাৰ কৰা হয়৷ ইয়াৰ লগত নতুন অভিজ্ঞতাৰ তুলনা কৰ হয়, সংযোজন কৰা হয়।
আমাৰ দৰে স্মাৰ্ত অবজেক্ট বোৰেও এই কেইটা পৰ্যায়ৰ জড়িয়তে জ্ঞান আহৰণ কৰে৷ অনুভব কৰিবলৈ ইন্দ্ৰিয়ৰ সলনি সিহঁতৰ বিভিন্ন ধৰণৰ চেন্সৰ থাকে৷ যেনে লাইট চেন্সৰ, প্ৰক্সিমিটি চেন্সৰ, গ্ৰেভিটি চেন্সৰ ইত্যাদি ইত্যাদি৷
আমাৰ স্মাৰ্ট ফোনটোকেই লক্ষ কৰক৷ ই গম পায়, যে কোঠাটোত কিমান পোহৰ আছে, ফোনটো কানৰ ওচৰত আছে নে আতৰত আছে, ই পথালি হৈ আছে নে চিধা হৈ আছে, ইয়াক কিমান জোৰত ধৰা হৈছে, বা ফোনটো যদি গাড়ীৰে গৈ আছে, ই কিমান বেগত গৈ আছে ইত্যাদি৷ এই বিলাক অভিজ্ঞতাক সংৰক্ষণ কৰিবলৈ
ফোনটোৰ স্মৃতি শক্তি আছে৷ মেম'ৰি৷ অভিজ্ঞতা বোৰকলৈ গুণা-গঁথা কৰিবলৈ তাৰ কেলকুলেচন ক্ষমতা আছে, প্ৰচেচৰ৷ আৰু এতিয়া এই অভিজ্ঞতাক আন স্মাৰ্ট অবজেক্টৰ লগত ভাগ বতৰা কৰিবলৈ, বিজ্ঞানে সিহঁতলৈ আগবঢ়াইছে ইন্টাৰেনট অফ থিংছ, IoT৷
ধৰি লওঁক আমাৰ গাড়ীৰ টায়াৰটো, দিনটোত সিও বহুটো অভিজ্ঞতাৰ সন্মুখীন হয়৷ যেতিয়া সি স্মাৰ্ত হৈ উঠিব, সি গম পাব যে সি অহা যোৱা কৰি থকা ৰাস্তাটোৰ এডোখৰ ভাগি আছে৷ সদায় থেকেচা খায়৷ আপুনি মই ফেচবুকত ষ্টেটাচ আপদেড দিয়াৰ দৰে সিও ষ্টেটাচ দি দিব, সেইখিনিত ৰাস্তাটো বেয়া বুলি৷ প্ৰয়োজন হ'লে সি ফোটো আপলোড কৰিব আৰু GPSৰ সহায়ত একজেক্ত লোকেচন পৰ্যন্ত উল্লেখ কৰিব৷ আৰু যেতিয়া আনা এখন গাড়ী সেই ৰাস্তাটোৰে যাব, গাড়ীখনে ৰাস্তাটোৰ ডিটেইল্ছ ইন্টাৰনেট অব থিংছত চাৰ্চ কৰি গম পাই যাব যে অলপ আগত ৰাস্তাটো ভঙা আছে আৰু ই ভগা খিনি সাৱধানে পাৰ হৈ যাব লগতে কথাটো IoTত চেয়াৰ কৰি যাব৷ ইয়াৰ জড়িয়তে মিউনিচিপলিটিও কথাটোৰ প্ৰতি অৱগত হ'ব৷ আৰু ৰাস্তাটো ঠিক কৰাৰ ব্যৱস্থা কৰিব৷
এতিয়া ভাবক চোন, ইন্টাৰনেট অব থিংছে আমাৰ জীৱন ধাৰা কিমান চিম্পল কৰি তুলিব৷ গতিকে এই টেকন'লজিটোৰ উন্নয়নৰ বেগ খৰতকীয়া কৰাত আপোনালোকেও পাৰ্যমানে সহায় কৰক৷ ইয়াৰ বিষয়ে অধ্যয়ন কৰক৷ মোৰ পোষ্টটো আৰু ভিডিঅ'টো চেয়াৰ কৰক৷ নিশ্চয় IoTয়ে নতুন নতুন ব্যৱসায়ৰ পথো মুকলি কৰিব৷ সেই বিষয়েও অধ্যয়ন কৰক৷ ময়ো নিশ্চয়কৈ Iot বিষয়ক আৰু নতুন নতুন কথা আপোনালোকৰ লগত চেয়াৰ কৰি যাম৷
সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে৷ IoTয়েও নিশ্চয় কিছুমান অসুবিধাৰ সন্মুখীন হ'ব৷ যদি মোৰ ফিটনেচ বেণ্ড দাল কোনোবাই হেক কৰে, মোৰ বহু ব্যক্তিগত কথা হয়টো জানিব পাৰিব৷ হয়টো আন কোনো স্মাৰ্ট অবজেক্ট মোৰ অনিস্ত কৰাৰ উদ্দেশ্যেৰে চদ্মৰূপত মোৰ ঘৰত লুকাই থাকিব পাৰে৷ এতিয়াও কেতিয়াবা টেবুল ক্লক, টেডি বিয়েৰৰ চকুত স্পাই কেম লুকাই ৰখা দেখা যায়৷ হয়টো এইবিলাক অপকৰ্ম ধৰা পেলোৱা চেন্সৰো ওলাব, ঘৰত নতুন স্মাৰ্ট অবজেক্ট সোমালেই হয়টো ই আমাক সতৰ্ক কৰি দিব ৷ গতিকে আমাৰ সমাজৰ ভাল বেয়া দুয়োটা দিশৰ প্ৰভাবেই তাৰ ওপৰত পৰিব৷ আৰু তাৰ মাজতেই আমি তাক আকোৱালি ল’ব লাগিব৷
আজিলৈ ইমানেই৷ আশা কৰো আপোনালোকে কিছু কথা জানিব পাৰিলে৷ আমাৰ এই লেখাটো
আৰু ভিডিঅ’টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, চেয়াৰ কৰিব৷ আমাৰ আন-আন লেখাবোৰৰ
কাৰণে এই ব্লগটো চেক কৰি
থাকিব৷ ব্ল’গৰ কথাবোৰ ভিডিঅ' ৰূপত চাবলৈ আমাৰ ইউটিউব চেনেল Me,
Myself and Rajiv Phukanক চাবস্ক্ৰাইব কৰিব৷ আৰু আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে, বিনাদ্বিধাই ক'মেন্ট বক্সত পোষ্ট কৰিব৷ তেন্তে আজিলৈ বিদায়৷ ধন্যবাদ৷
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
I am afraid that at the end the machines won't try to take over us and make their slaves.... like some Hollywood movies
ReplyDeleteহাঁ হাঁ...তাৰ বাবে মেচিনক উচ্চাকাংক্ষাৰ প্ৰয়োজন হ'ব৷ সেই দিন হয়টো অতি সোনকালে নাহে৷ তথাপিও আমি সিহঁতৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ পৰিলে, আমি হয়টো অকামিলা হৈ পৰিম৷ খেতি কৰা, ফেক্টৰী চলোৱা, গাড়ী চলোৱা, চাহ বনোৱা, ভাত বনোৱা পৰা আদি কৰি ঘৰৰ তলাটো মৰালৈকে যেতিয়া সকলোবোৰ অট'মেটিক হৈ পৰিব, মেচিনে নিজেই কৰিবলৈ ল'ব, আমাৰ আৰু কৰিবলগীয়াও একো নাথাকিব৷ আৰু যিদিনাৰ পৰা মানুহে মগজুৰ পৰা ডাইৰেক্টলি ইন্টাৰনেটৰ মেম'ৰি ব্যৱহাৰ কৰিব পৰা হ'ব, নিজৰ স্মৃতিৰ ভঁৰালটোও পুৰ কৰাৰ প্ৰয়োজন বোধ হয়টো নকৰিব৷ তাৰে মাজতে কিছু সংখ্যকে কৌতুহলৰ বশৱৰ্তী হৈ জ্ঞানৰ চৰ্চা কৰি যাব৷ আৰু তেতিয়ালৈ আমি সিহঁতৰ স্লেভ নহ'লেও 'Puppy' যে হৈ পৰিম নিশ্চিত৷ 'Time Machin'অৰ দৰে৷
Delete