মোবাইল ফোন ব্ৰেইণ টিউমাৰৰ কাৰণ হ'ব পাৰে নেকি?
বহুতৰ মনলৈ এই প্ৰশ্নটো আহে৷ অনবৰতে ৰেডিয়েছন হৈ থকা ডিভাইছ এটা
মূৰৰ ওচৰত লৈ থাকিব লগীয়া হ'লে ভয় খোৱাটো স্বাভাৱিক৷
তাতে ২০১১চনত whoয়ে ঘোষণা
কৰে যে কিছুমান ৰেডিয়েছনৰ ফলত কেন্সাৰৰ হ'ব পাৰে৷ কথাটো সঁচা যে কিছুমান ৰেডিয়েছনে DNAৰ ক্ষতি কৰে৷ কিন্তু চেল ফোনৰ ৰেডিয়ছনৰ পৰা
অসম্ভৱ৷
গৱেষক সকলে ৩৬০ হাজাৰ চেল ফোন ব্যৱহাৰকাৰীক ২০
বছৰ ধৰি অধ্যয়ন কৰি এই কথাটো নিশ্চিত হৈছে যে কেন্সাৰ আৰু চেল ফোনৰ মাজত কোনো ধৰণৰ
সম্পৰ্ক নাই৷
![]() |
ইলেকট্ৰ'মেগনেটিক স্পেকট্ৰাম |
চেল ফোনে কমিউনিকেচনৰ কাৰণে ৰেডিঅ' ৱেভৰ
ব্যৱহাৰ কৰে৷ ইলেকট্ৰ'-মেগনেটিক স্পেক্ট্ৰামৰ ই একেবাৰে বাওঁ ফালে থাকে৷ মানে ই
একেবাৰে কম এনাৰ্জিৰ৷ তালিকাখনৰ যিমানে সোঁফালে যাব, সিমানে চুটি তৰংগ দৈৰ্ঘৰ,
বেছি এনাৰ্জিৰ ৰশ্মি বিলাক দেখিব৷ আপোনালোকে
দেখিছে যে ৰেডিঅ' ৱেভৰ পিচত মাইক্ৰ'ৱেভ,
ইনফাৰেদ, পোহৰ, অতি বেঙুনীয়া ৰশ্মি, x ৰে আদি আছে৷
চাবলৈ গ'লে ৰেডিঅ' ৱেভত কৈ সূৰ্যৰ পোহৰহে বেছি
বিপদ জনক৷ সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মিয়েহে চালৰ কেন্সাৰ কৰিব পাৰে৷ এই
ইলেকট্ৰ' মেগনেটিক স্পেকট্ৰামৰ, পোহৰৰ সোঁ ফালে থকা ৰশ্মি সমূহৰ পদাৰ্থক আয়নিত
কৰিব পৰা ক্ষমতা আছে৷ মানে তেনেবোৰ ৰশ্মিয়ে পৰমাণু এটাক আঘাত কৰি তাৰ পৰা ইলেকট্ৰন
বিচিন্ন কৰিব পাৰে৷ পদাৰ্থ এটাৰ ৰষায়নিক বন্ধন ভাঙি পেলাব পাৰে৷ গতিকে এনেকুৱা ৰেডিয়েছনে
আমাৰ শৰীৰত আঘাত কৰিলে, আমাৰ কোষ, DNAৰ
অনিষ্ট হোৱাটো স্বাভাৱিক৷
কিন্তু ৰেডিঅ' তৰংগ, ইনফাৰেদ আদিৰ সামান্যতমো
আয়নিত কৰিব পৰা ক্ষমতা নাই৷ পিছে ঘঁহি থাকিলে শিলো ক্ষয় যায়, ৰেডিয়েছনে আঘাতৰ ওপৰত আঘাত কৰি থাকিলে, কেন্সাৰ নহ'লেও আমাৰ আন কিবা অনিষ্ট হোৱাৰ সম্ভাৱনাও যদি থাকে,যেনে ধৰক দীৰ্ঘ সময়ৰ কাৰণে ৰেডিয়চন প্ৰভাৱত থাকিলে হিট চক প্ৰটিণ ক্ষৰণ হ'ব পাৰে, গতিকে তেনেকুৱা ধৰণৰ সমস্যা বৰোকো নাইকিয়া কৰাৰ উদ্দেশ্যৰে, মোবাইল ফোনৰ ৰেডিয়ছনক একেবাৰে কম কৰি ৰাখিবলৈ, চৰকাৰে মোবাইল ফোন কোম্পানীবোৰক একোটা SAR (Specific Absorption Rate) ভেলু ধৰি দিছে৷ গতিকে এই SAR ভেলু নামানিলে তেনেকুৱা ফোন বজাৰতো আহিব নোৱাৰে৷ সেয়ে এতিয়াৰে পৰা এই ক্ষেত্ৰত একেবাৰে নিশ্চিন্ত থাকক আৰু যিমান ইচ্ছা সিমান সময় মোবাইলত কথা পাতক৷
আশা কৰো আজিৰ এই লেখাটো পঢ়ি আপোনালোকে ভাল পালে। আমাৰ আন আন পোষ্ট আৰু ভিডিঅ' সমূহৰ বাবে আমাৰ ইউটিউব চেনেল Me, Myself and Rajiv Phukanক চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।
manujdutta1997@gmail.com
ReplyDelete