Jul 26, 2016

শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷

ৰাজীৱ ফুকন
শংকৰদেৱৰ অৱদানৰ কথা নিলিখোঁ৷ লিখাৰ প্ৰয়োজনো নাই৷ সন্দেহাতীত যে প্ৰথমটো মাইলৰ খুটি তেওঁয়ে পুতিছিল৷ দ্বিতীয়টো পুতিলে মাইলছ ব্ৰনছনে৷ অসমীয়াত কিতাপ চপালে, অভিধান লিখিলে, আলোচনী উলিয়ালে৷ ঢেঁকীয়াল ফুকনৰ মৃত্যুৰ পিছত তেওঁ অকলেই ইংৰাজৰ লগত যুঁজি যুঁজি অসমৰ বিদ্যালয়, ক’ৰ্ট কাছাৰীৰ পৰা বঙালী ভাষা আঁতৰাই অসমীয়া ভাষাক পুনৰ স্থাপন কৰিলে৷ অসমীয়া ভাষাৰ সেই সংকতৰ সময়ত তেওঁ নথকা হ'লে, এই ভাষাটোক, যাক তেতিয়া বঙালীৰ উপভাষা বুলি কোৱা হৈছিল , আজি হয়টো আমি "কথিত বঙালী" বা "অসমীয়া বঙালী" বুলি গ্ৰহণ কৰি ল'লো হেতেন৷ অসমত থকা সময়ছোৱাত, ইয়াৰ প্ৰতিকূল পৰিবেশত  তেওঁ বন্ধু আৰু ভগ্নীক হেৰুৱাইছিল৷ অথচ অসমত অসমীয়া ভাষাক পুনৰ স্থাপন কৰিব নোৱাৰালৈকে তেওঁ অসম এৰি যোৱা নাছিল৷ নিজৰ প্ৰাণতকৈও অসমীয়াক আপোন বুলি ভবা, ভাল পোৱা মানুহজনে মৃত্যুৰ আগ-মুহূৰ্তত হেনো অসমীয়াতহে বাইবেলৰ প্ৰাৰ্থনা আওৰাইছিল৷ আৰু সেই ভাল পোৱাৰ বিনিময়ত আমি তেওঁক পাহৰি গ’লোঁ৷ বহুতে হয়টো জীৱন কালত এবাৰলৈ তেওঁৰ নামটো নুশুনিলে৷ লৰেন্স অৱ আৰবিয়াৰ আৰবত যি অৱদান, বা গান্ধীৰ আফ্ৰিকাত৷ ব্ৰনছনৰো অসমত তাৰ তুলনাত কম নাছিল৷
আন এজন ব্ৰনছন আমাৰ পাঠশালালৈও আহিছিল৷ চাকৰি সুত্ৰে৷ অসমত আহি অসমীয়াৰ প্ৰেমত পৰিল৷ বৰগীত শিকিলে, সত্ৰীয়া নৃত্য শিকিলে, ৩৭ বছৰ বয়সত অসমীয়া ভাষাত স্নাতকোত্তৰ ডিগ্ৰী ল'লে৷ অসমীয়াতে গল্প, প্ৰবন্ধ আৰু কিতাপৰ ওপৰত কিতাপ লিখিলে৷ অৱসৰৰ পিছতো মৃত্যুৰ আগ মুহূৰ্তলৈ তেওঁ বজালী কলেজত শিক্ষকতা কৰিলে৷ বজালী কলেজক বুকু ভৰি ভাল পাইছিল৷ শেষ ইচ্ছা, মৃত্যুৰ পিছতো তাতেই শুই থাকিব৷ দাঙি নি জ্বলাই পেলোৱা হ'ল ৰেল লাইনৰ দাঁতিত৷ এইটো বেলেগ বিষয়৷ পিছত লিখিম তেওঁৰ বিষয়ে৷

এতিয়া আহোঁ তৃতীয়টো মাইলৰ খুটিলৈ৷ প্ৰথম দুজনৰ অৱদানৰ সৈতে প্ৰত্যখ্য বা পৰোক্ষ ভাৱে ধৰ্ম প্ৰচাৰৰ কথা জড়িত আছিল৷ শংকৰদেৱৰ সময়ছোৱাত ভাষাটোৰ প্ৰতি বিশেষ প্ৰত্যাহ্বান অহা নাছিল৷ সেই সময়ত অসমীয়া ভাষাৰ জড়িয়তে তেওঁ ধৰ্মৰ বাণী প্ৰচাৰ কৰি, সাহিত্য-সংস্কৃতিৰ সৃষ্টি কৰি, এটা সু-সংগঠিত আধুনিক জাতিৰ সৃষ্টি কৰি গ'ল৷ ব্ৰনছনো আহিছিল খ্ৰীষ্ট ধৰ্মৰ বাণীৰে, অসমৰ চৌদিশে দিব্য পোহৰ পেলাই অসমৰ চুক কোন উজলাই তুলিবলৈ৷ খৃষ্ট ধৰ্মৰ প্ৰচাৰৰ লগত অসমীয়া ভাষাৰ নিশ্চিত সম্পৰ্ক আছিল৷  কিন্তু ব্ৰনছনে ভাষাটোৰ কাৰণে কৰা যুঁজ, সেই উদ্দেশ্যৰ উৰ্ধত, অসমীয়াৰ প্ৰতি থকা তেওঁৰ প্ৰেম, আদৰ্শগত কাৰণ, মানৱতাৰ খাতিৰত যে আছিল, সেয়া নিশ্চিত৷  তৃতীয়টো খুটি পুতিলে টেকন’লজিয়ে৷ মুখ্য ভূমিকা ল'লে ফেচবুক আৰু স্মাৰ্ট ফোনে। আগৰ দুজনক যদি দেৱ দূত বুলি কওঁ, টেকন’লজীক কি নাম দিম, ভাবি পোৱা নাই৷ বিজ্ঞানৰ দূত বুলিও আমি  ক'ব নোৱাৰোঁ৷ কাৰণ ইয়াত বাণিজ্যিক কাৰণো জড়িত আছে৷ টেকন’লজীৰ পৃথিৱীখনৰ কেন্দ্ৰই হৈছে বাণিজ্য৷
ভাষাটোলৈ টেকন'লজীৰ অৱদানৰ প্ৰথমটো ইংগিত পাইছিলোঁ, অসমলৈ যেতিয়া  মোবাইল ফোন আহিল৷ ৰোমান লিপিৰ জড়িয়তে হ’লেও চিঠি লেখা প্ৰথাটোক ই পুনৰ জীৱন দিছিল৷ প্ৰেমিকে,  প্ৰেমিকালৈ লিখা দীঘল দীঘল SMS বোৰ৷ লেখাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশৰ চেষ্টা৷ তাকো সীমিত শব্দৰ মাজত৷ ইও এটা ভাৱ-ভাষাৰ অনুশীলন৷ আগতে মাহত এখন দুখন চিঠি লিখিছিল৷ মোবাইলৰ আশীৰ্বাদত দিনে দহখন লিখিব পৰা হ'ল৷ চিঠি লেখা প্ৰথাটো ঘুৰাই অনাৰ দৰে, টেকল’নজীয়ে পিছত ডাকোৱালজনকো ঘুৰাই আনিলে, অনলাইন স্ব’পিঙৰ জড়িয়তে।

নকিয়াৰ অসমীয়া ইন্টাৰফেচ
বাণিজ্যিক কাৰণতেই পিছত নকিয়াই ইউজাৰ ইন্টাৰফেচতো অসমীয়া ভাষাৰ প্ৰবেশ ঘটালে৷ পিছত দেখিলো  ফিনলেণ্ডৰ এই কোম্পানীটোৱে তেওঁলোকৰ পেকেট বোৰতো অসমীয়া লেবেল লগাইছে৷ হয়টো সেই সময়ত অসমীয়া চেটেলাইত চেনেলবোৰৰ উত্থানে, ৰাষ্ট্ৰীয়, আন্ত: ৰাষ্ট্ৰীয় কোম্পানীবোৰক অসমৰ বজাৰ খনৰ পিনে দৃষ্টিগোচৰ কৰিছিল৷ সেয়ে, এয়াৰটেল, ভোডাফোন, চাবোন, চেম্পু সকলোৱে বিজ্ঞাপনবোৰ অসমীয়ালৈ অনুবাদ কৰিবলৈ ল'লে৷ লগতে পোষ্টাৰ, হৰ্ডিং ইত্যাদি৷ এই টেলিভিচন চেনেলবোৰো টেকন'লজীৰে অৱদান৷ লগতে অসমীয়া ছবি-জগতখনক অকণমান আশাৰ মুখ দেখোৱা, ইয়াতে প্ৰতিদন্দীতাৰ পৰিবেশৰ  সৃষ্টি কৰা, DSLR কেমেৰাটো আৰু এডিটিং, কালাৰ গ্ৰেডিংৰ চফ্টৱেৰ সমূহো টেকন'লজিৰে অৱদান৷

উইকিপিডিয়াত উল্লেখ থকা মতে পৃথিৱীৰ সাত হাজাৰ ভাষাৰ ৬৭ নম্বৰ স্থানত আছে অসমীয়া ভাষা৷ সেই সময়ত অসমীয়া ভাষাৰ স্থান ৫৮ নম্বৰত আছিলে৷ গ্ৰীক, চেজ, চুইদিচ, আইৰিচ, ডেনিছ আদি ভাষাৰ স্থানো অসমীয়াৰ পিছত৷ সেয়ে গুগুল, নকিয়া, এপল, মাইক্ৰচফ্ট আদি কোম্পানীয়ে প্ৰথমৰ পৰাই বিশ্বৰ আগশাৰীৰ ভাষা কেইটামানৰ লগতে এই ভাষাটোক যথেষ্ট গুৰুত্ব দি আহিছিল৷ মাইক্ৰচফ্টৰ ৱেবচাইটকে আদি কৰি তেওঁলোকৰ অপাৰেটিং চিষ্টেম, মাইক্ৰচফ্ট অফিছ আদি প্ৰায়ভাগ প্ৰডাক্টৰে অসমীয়া সংস্কৰণ এটা উলিয়াই গৈছিল৷
তৃতীয়টো মাইলৰ খুটিত মুখ্য ভূমিকা ল'লে ফেচবুকে৷ প্ৰথম অৱস্থাত ফেচবুক চলাবলৈ কম্পিউটাৰ জ্ঞানৰ প্ৰয়োজন হৈছিল৷ কম্পিউটাৰত ইন্টাৰনেট সংযোগ কৰাটোও সকলোৰে পক্ষে সম্ভৱ নহৈছিল৷ আৰু অসমীয়া লিপিত লিখিবলৈ ফিজিকেল অসমীয়া কী-ব'ৰ্ডো নাছিল৷ সেইখিনি সময়তে বেছিভাগ চফ্টৱেৰ, অপাৰেটিং চিষ্টেমে UNICODEক আকোৱালি লোৱাত, অভ্ৰ, পাণিনি আদি কেবাটাও ইউনিক’ড ইনপুট মেঠদ ওলাল৷ মাইক্ৰচফ্টে Windows 7ত অসমীয়া ইউজাৰ ইন্টাৰফেচৰ লগতে Indic input methodৰ সংযোজন কৰিলে৷ তাৰ ফলত অলপ কষ্ট কৰি হ’লেও অসমীয়া লিখিব পৰা হ'ল৷

এই ক্ষেত্ৰত ফেচবুকৰ কেইটামান গ্ৰুপে, আৰু কেইজনমান নিৰ্দিষ্ট ব্যক্তিয়ে যথেষ্ট আগ ভাগ ল'লে৷  যেনে অসমীয়াত কথা বতৰা৷ এই গ্ৰুপটোৰ সদস্য সকলে মানুহক ইউনিক'ডৰ লগত পৰিচয় কৰালে,  বেলেগ বেলগ ইনপুট মেঠদ বোৰৰ জড়িয়তে কেনেকৈ অসমীয়া লিখিব পাৰি তাকো শিকালে৷ আৰু মানুহক অসমীয়াত লেখিবলৈ উৎসাহী কৰি গ'ল৷ যাৰ ফলত ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰৰ উপৰিও এচাম নতুন, লেখক লেখিকাৰ সৃষ্টি হ'ল৷ যথেষ্ট সংক্ষক গুণগত মানদণ্ডৰ গল্প, কবিতা, প্ৰবন্ধ ওলাল৷  লেখা মেলাৰ চৰ্চা কৰিবলৈ নতুন নতুন গ্ৰুপ ওলাল, মু্ক্ত চিন্তা নামৰ অতি সুন্দৰ গ্ৰুপ এটা মই অলপতে দেখিবলৈ পাইছোঁ৷ ৰগৰ নামৰো গ্ৰুপ এটা আছে, য'ত ব্যংগাত্মক ৰম্যৰচনাৰ লগতে খুহুটীয়া পদ্য, গল্প, কৌতুক আদিৰ চৰ্চা কৰি যোৱা দেখিছোঁ৷ পাঠশালাৰ গ্ৰুপ পাঠশালা ৰ'কছতো সেই সময়ত ইউনিক'ডৰ জড়িয়তে অসমীয়া লেখাক লৈ যথেষ্ট চৰ্চা হৈছিল৷

পিছত স্মাৰ্ট-ফোনবোৰ সহজলভ্য হৈ পৰাত, ভাৰ্চুৱেল কী-বোৰ্ডে ফিজিকেল অসমীয়া কী-ব'ৰ্ডৰ অভাৱ গুচালে, কম্পিউটাৰৰ প্ৰয়োজন আঁতৰিল৷ ফলত সকলোৱে মোবাইলতে অসমীয়া লেখা মেলা কৰিব পৰা হ'ল৷ ফেচবুক মোবাইল কেন্দ্ৰীক হৈ পৰাত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িল৷ যাৰ ফলত, এতিয়া এনেকুৱা হৈ পৰিছে যে ফেচবুকটো খুলিলেই অসমীয়া৷ আৰু অসমীয়াত লেখাটোৱেই ফেচ্যন৷ যি আমাৰ ভাষাটোৰ বাবে অতিকৈ শুভলক্ষণ৷
এই খিনিতে মই ফেচবুকৰ লেখক সকলক এটা অনুৰোধ কৰো যে, ফেচবুকটো ইন্টাৰনেটৰ এটা সৰু অংশহে৷ জেওৰাৰে বেৰি ৰখা৷ আমাৰ বেছিভাগ লেখা মেলাই এই জেওৰাখনৰ মাজত আবদ্ধ হৈ আছে৷ এটা গ্ৰুপৰ মানুহে, আন এটা গ্ৰুপৰ লেখা মেলাৰ একো উমান নাপায়৷ তাৰোপৰি দুদিন মান পিছত লেখাবোৰ প্ৰায় হেৰাই যোৱাৰ নিচিনা হয়৷ সেয়ে মই আপোনালোকক অনুৰোধ কৰিছোঁ, এই লেখাবোৰক আপোনালোকে ফেচবুকৰ বাহিৰলৈ উলিয়াই অনাৰ চেষ্টা কৰে যেন৷ লেখাবোৰ ৱেবচাইট বা ব্লগৰ জড়িয়তে সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰে যেন৷ তেতিয়াহে প্ৰকৃতাৰ্থত ইন্টাৰনেটত অসমীয়া কন্টেন্ট বৃদ্ধি হোৱা বুলি কব পৰা যাব৷ পোষ্টবোৰ গুগুলত চাৰ্চ কৰিলে ওলাব৷ মানুহে যেতিয়াই ইচ্ছা, তেতিয়াই বিচাৰি পাব৷ এই ক্ষেত্ৰত অসমীয়াত কথা বতৰা গ্ৰুপটোৱেও প্ৰথমৰ পৰাই xahitya.org নামেৰে এটা ৱেবচাইট চলাই আহিছে৷ গতিকে আন আন গ্ৰুপ আৰু লেখক সকলেও অন্ততঃ  ব্লগ একোটা মেইন্টেইন কৰাটো উচিত বুলি ভাবো৷

এইখিনিতে মই ইউনিক'ড ব্যৱস্থাটোৰ এটা সীমাবদ্ধতাৰ কথাও উল্লেখ কৰি থওঁ৷ ইয়াতে অসমীয়া আৰু বঙালী ভাষাটা একেলগে আছে৷ যাৰ ফলত গুগুলত অসমীয়া চাৰ্চ কৰিলে বঙালী ৰিজাল্টো ওলাই৷ যিহেতু প্ৰায় ভাগ অসমীয়া আৰু বঙালী শব্দৰ মিল আছে৷ মোৰ যিমান দূৰ মনত পৰে, অসমীয়াত কথা বতৰা গ্ৰুপৰে কেইজনমান সদস্যই, অসমীয়াটোক বঙালীৰ পৰা বেলেগকৈ উলিয়াই আনিবলৈ দিল্লীলৈও গৈছিল৷ কিন্তু  ইউনিক'ডৰ ৰেঞ্জৰ অভাৱত অসমীয়া, বঙালী একেলগেই ৰাখিব লগীয়া হ'ল৷
এয়া আছিল বৰ্তমানলৈকে টেকন'লজীয়ে ভাষাটোলৈ আগবঢ়োৱা অৱদানৰ কেইটামান উদাহৰণ৷ ইয়াৰ আগৰ লেখাটোত মই Google Translateৰ কথা উল্লেখ কৰিছিলোঁ৷ Google Translateৰ সহায়ত যিকোনো ভাষাৰ ৱেবচাইট, কিতাপ, অদিঅ', ভিডিঅ' সকলো অসমীয়াতে পঢ়িব পৰা যাব৷ অসমীয়াতে লেখি বিদেশী মানুহৰ লগত চাটিং কৰিব পৰা যাব, ফোনত কথা পাতিব পৰা যাব৷ চাটিং কৰাটো হিন্দী, বঙালী ভাষাত ইতিমধ্যে সম্ভৱ হৈছে৷ স্পেনিছ আদি ভাষাত কথা পাতিব পৰা হৈছে আৰু চচমাৰ জড়িয়তে বিদেশী ভাষাৰ, কিতাপ, পোষ্টাৰ-হৰ্ডিং পঢ়িবলৈ সক্ষম হৈছে৷ এদিন আমিও তেনেকুৱা চচমাৰে ফ্ৰান্স, স্পেইন আদিৰ ৰাজপথৰ পোষ্টাৰ, হৰ্ডিং সমূহ অসমীয়াতে পঢ়িব পাৰিম৷ যি সকলে Google Translateৰ ওপৰত লেখা পোষ্টটো পঢ়া নাই, এতিয়াই পঢ়িবলৈ অনুৰোধ কৰিলোঁ৷ তাৰ বাবে ইয়াতে ক্লিক কৰক। কাৰণ Google Translateত অসমীয়া ভাষাটো যোগ কৰিবলৈ হ’লে গুগুলক আমাৰ সহায়ৰ প্ৰয়োজন আছে৷


ইয়াৰ পিছৰ আন এটা পোষ্টত, মোবাইলটো কিদৰে উপন্যাস এখন সম্পুৰ্ণ কৰিব পাৰকৈ  প্ৰস্তুত কৰি ল'ব পাৰি, তাকেই দেখোৱাৰ চেষ্টা কৰিম, গতিকে আমাৰ ইউটিউব চেনেল Me, Myself and Rajiv Phukan ক আজিয়েই চাবস্ক্ৰাইব কৰক৷ আৰু আমাৰ এই ব্লগটো বুক মাৰ্ক কৰি ৰাখক৷ ধন্যবাদ।