আপুনি কেতিয়াবা এনেকুৱা ঘটনাৰ সন্মুখীন হৈছেনে,
ল'ৰা কেইজন মান ক’ৰবাত বহি আদ্দা দি আছে, এনেতে কোনোবা এটাই হুৰমুৰাই আহি ক'লে যে ব্ৰহ্মপুত্ৰৰ
পাৰত পোকেমন ওলাইছে৷ লগে লগেই গোটেই সোপাই দৌৰা দৌৰি লগালে। বাইক, চাইকেল, ৰিক্সা,
যিয়ে য'ত যি পাইছে, উঠিছে আৰু দৌৰিছে পোকেমন ধৰিবলৈ৷
নাই দেখা তেনেকুৱা ঘটনা? দেখা নাই যদিও দেখিব দুদিন পিছত৷ আৰু দেখিব জোম্বিৰ দৰে এপাল লৰা-ছোৱালীয়ে এঠাইতে ঘুৰি-পাকি কিবা বিচাৰি ফুৰাৰ দৃশ্য৷ এপাল মানে মই ১০-২০জনৰ কথা কোৱা নাই৷ কৈছো ১০০-২০০জনৰ কথা৷
Clash of Clanএ পাগল কৰাৰ পিছত, এইবাৰ আহিছে পোকেমন৷
ময়ো জনা নাচিলো পকেমনৰ বিষয়ে৷ সৰুতে কাৰ্টুনত দেখিছিলোঁ৷ সিদিনা মোৰ ভাইটি ৰাজাই
ক'লে৷ পোকেমন আহিছে অসমলৈ, ই ক'ত কেতিয়া ওলাই একো পাত্তা নাই৷ আজি যদি চান্দমাৰীত,
অহাকালি আকৌ জালুকবাৰীত৷
সিদিনা আকৌ ওলাল ব্ৰহ্মপুত্ৰৰ পাৰত৷ এতিয়া কথা
হ'ল, পোকেমন কি? পোকেমন হ'ল কিছুমান অদ্ভুত প্ৰাণী৷ তাৰ কেবাটাও প্ৰজাতি৷ কোনোবাটো
যদি জোপোহাৰ আৰত লুকাই থাকে৷ কোনোটো পানীত৷ কোনোবাটো যদি অকমানি, কোনোবাটো আকৌ বিশাল আকৃতিৰ৷ তেনেকৈ
প্ৰত্যেকটোৱে বেলেগ বেলেগ ক্ষমতাৰ অধিকাৰী৷ কোনোবাটো যদি উৰিব পাৰে৷ আন এটাই আকৌ ভীষণ
দৌৰাব আপোনাক৷ এটা কথা, পোকেমনক কিন্তু
আপুনি খালি চকুৰে নেদেখে৷ তাৰ বাবে লাগিব
এটা স্কেনাৰ৷ আপোনাৰ ফোন কেমেৰাটোৰেই চলি যাব সেইফেৰা কাম৷ পোকেমন ধৰিবলৈ ফোনটোত
কেমেৰাৰ উপৰিও GPS, Gyroscope আদিও থাকিব
লাগিব৷ ইন্টাৰনেটতো লাগিবই আপোনাক৷ আৰু লাগিব Pokemon Go নামৰ
গেমৰ এপ্লিকেচন
এটা৷
গেমটো ইনষ্টল কৰাৰ পিছত, আপোনাৰ অঞ্চলটোৰ মেপ
এখন দেখিবলৈ পাব, তাৰ সহায়তে আপুনি লোকেচনটো বিচাৰি যাব লাগিব৷ আৰু লোকেচন পোৱাৰ
পিছত কেমেৰাটোৰ সহায়ত পোকেমন বোৰ বিচাৰিব লাগিব৷ দেখা পোৱাৰ লগে লগেই ধৰি লাগিব
আপুনি৷ নাইবা কেতিয়াই জঁপিয়াই বা উৰি যায় একো ঠিক নাই৷ এনেদৰে আপুনি এটাৰ পিছত
এটা, বেলেগ-বেলেগ ধৰণৰ শক্তিৰে শক্তিশালী পোকেমন বোৰক গোটাই যুঁজৰ বাবে প্ৰশিক্ষণ
দিব লাগিব, এটা সৈন্য দল গঠন কৰিব লাগিব আৰু পিছৰ লেভেলবোৰত সিহঁতক লগত লৈ আন খেলুৱই
বোৰৰ সৈতে যুঁজিব লাগিব৷
এয়াই হৈছে গেম খনৰ নিয়ম৷
এই গেমটোৱে সাংঘাতিক ধৰণে জনপ্ৰিয়তা লাভ কৰাৰ
মূলতে হৈছে গেমটোৱে ব্যৱহাৰ কৰা Augmented realityৰ কনচেপ্তটো৷ আগমেন্টেদ ৰিয়েলিটিৰ
জড়িয়তে আমি দেখি থকা ৰিয়েল ৱৰ্ল্ডখনত ভাৰ্ছুৱেল বস্তু কিছুমান দেখোৱা হয়৷ মানে
বাস্তৱ আৰু কল্পনাৰ সানমিহলি কৰি পেলোৱা হয়৷ যেনে এই গেমখনে মোবাইলৰ কেমেৰাটোৰ
জড়িয়তে আমাৰ ওচৰে পাজৰেই পোকেমন বোৰক দেখোৱায়৷ কেমেৰাটো গুচাই দিলে তাত একো
নাই, আকৌ কেমেৰাটো ঘুৰাই আনিলে, আগৰ ঠাইতে
পোকেমনটো দেখিবলৈ পাব৷
গেমটোত আগমেন্টেদ ৰিয়েলিটিৰ এটা জলকহে দেখিবলৈ
পাব৷ ইয়াৰ আচল যাদুকৰী জগতখনৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিবলৈ মই আন এটা পোষ্ট নিশ্চয় লিখিম৷
![]() |
Virtual Box |
কিন্তু আগমেন্টেদ ৰিয়েলিটিৰ সৈতে আপোনালোকক
পৰিচয় কৰাই দিয়াৰ আগতে মই আপোনালোকক Virtual realityৰ সৈতে পৰিচয়
কৰাই দিব লাগিব৷ যিহেতু আগমেন্টেদ ৰিয়েলিটি হৈছে ৰিয়েল আৰু ভাৰ্ছুৱেল ৱৰ্ল্ডখনৰ
সংমিশ্ৰণ৷ আৰু তাৰ বাবেই মই যোৱা কেইদিন মানৰ পৰা Virtual
Box এটাৰ জড়িয়তে
ভাৰ্ছুৱেল ৱৰ্ল্ডখনৰ আমেজ
লোৱাৰ চেষ্টা কৰি আছোঁ৷ আপুনিও যদি মোৰ লগত একেলগে ভাৰ্ছুৱেল ৱৰ্ল্ডখনত ভুমুকি
মাৰিব খোজে Amazon বা Ebayৰ পৰা ৩০০ টকা মানৰ ভাৰ্চুৱেল বক্স এটা কিনি ল'ব পাৰে৷ মই তলত Amozonৰ লিংক দুটা দি দিছোঁ।
তলত আন এটা লিংক উল্লেখ কৰিছোঁ, য'ত আপোনালোকে Pokemon Go গেমটো ডাউনল'ড কৰিব পাৰিব৷ কিন্তু মই এটা কথা কই থওঁ যে পৰাপক্ষত এই গেমটো নেখেলাই ভাল৷ কাৰণ এবাৰ নিচা লাগিলে আপুনি ইয়াক সহজতে এৰিব নোৱাৰিব৷ ফলত বহুত মূল্যৱান সময় অবাবতে নষ্ট হৈ যাব৷ তাৰোপৰি ভাৰ্ছুৱেল আৰু ৰিয়েল ৱৰ্ল্ডৰ মাজত ঘুৰি ফুৰোতে, হাবিয়ে বননিয়ে পোকেমন বিচাৰি ফুৰোতে, ক'ত কেতিয়া খালে-বিলে পৰে একো ৰিক্স নাই৷ আৰু ৰাস্তাৰ মাজত পোকেমন ওলালে গাড়ী-মটৰে খুন্দিয়াই যোৱাৰ সম্ভাৱনাটো আছেই৷ আজিও মুম্বাইত পোকেমন বিচাৰি যাওঁতে মাৰ্চিডিজ আৰু অটো ৰিক্সা এখনৰ মাজত খুন্দিয়া খুন্দি লাগে৷ আৰু ভাৰতবৰ্ষত এইটো প্ৰথমটো পোকেমন-দুৰ্ঘটনা বুলি জানিব পৰা গৈছে৷
আজিলৈ ইমানেই। আমাৰ আন আন পোষ্টবোৰৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself and Rajiv Phukan ক আজিয়েই চাবস্ক্ৰাইব কৰিবলৈ আনুৰোধ কৰিলোঁ।লগতে আমাৰ এই ব্লগটো বুক মাৰ্ক কৰি ৰাখে যেন৷ ধন্যবাদ।
লিংক সমূহ
VR Box Price: 380.00+49.00 (মই ব্যৱহাৰ কৰি থকাটো)
Virtual Box , Price: 150.00+390.00 (delivery charge)
Pokemon Go