চাকালাকা বোম বোম চাইছে নিশ্চয়৷ য'ত এডাল
পেঞ্চিল দেখুৱাইছিল৷ পেঞ্চিলডালেৰে যি আঁকে তাকেই সঁচা হয়৷ সৰুতে সেইডালক লৈ বহুত
সপোন দেখিছিলোঁ৷ মোৰ দৰে চাগৈ আপোনালোকেও সেইডাল পাব বিচাৰিছিল৷
সৌভাগ্যৰ কথা যে, আমাৰ অপেক্ষাৰ অন্ত পৰিল৷ কাৰণ পেঞ্চিলডাল সঁচাকৈ আহি গ'ল৷ এটা প্ৰিণ্টাৰৰ ৰূপত৷ ইয়াক 3D প্ৰিন্টাৰ বুলি কোৱা হয়৷ আপুনি যি বিচাৰে এই প্ৰিণ্টাৰটোৰ পৰা তাকেই ওলাব৷
ব্লগৰ কথাখিনি ইয়াতে ভিডিঅ' ৰূপত পাব
এতিয়াৰ পৰা আপোনাৰ ল'ৰাটোৱে পুতলা এটা বিচাৰি আমনি কৰিলে টেন্সন নল’ব৷ ডাউনল'ড কৰি প্ৰিণ্ট কৰিলেই হ'ল৷ কাঁহী, বাটি, চামুচখন ভাগিলেও টেন্সন নল’ব৷ জোতা বা চেণ্ডেলযোৰ সৰু হৈছে নেকি? টেন্সন নল’ব৷ আঙুলি এটা চিগি থাকিল? নে কিডনি ডেমেজ? এতিয়া আৰু টেন্সন ল'বলগীয়া একো নাই৷ কাৰণ 3D প্ৰিন্টাৰৰ জৰিয়তে সকলো প্ৰিণ্ট কৰা সম্ভৱ৷
দুবছৰ মান আগতে চীন দেশত প্ৰকাণ্ড প্ৰিণ্টাৰ
এটাৰ সহায়ত একেদিনাই দহটা ঘৰ সাজি উলিয়াইছিল৷ য'ত একোটা ঘৰত মাত্ৰ আঢ়ৈ লাখমানকৈ খৰচ পৰিছে৷
![]() |
কিডনী |
জাৰ্মান চিকিৎসক এজনে নাক, কাণ, কিডনী পৰ্যন্ত
প্ৰিণ্ট কৰি উলিয়াইছে৷ য'ত তেওঁলোকে সফলভাৱে শৰীৰৰ কোষক ফিলামেণ্ট হিচাপে ব্যৱহাৰ
কৰিবলৈ সক্ষম হৈছে৷ ভৱিষ্যতে এই পদ্ধতিটোৱে কৃত্ৰিম অংগ প্ৰত্যংগ নিৰ্মাণৰ
ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাব৷
এই প্ৰিণ্টাৰবোৰত চিয়াহীৰ সলনি ভৰাই দিয়া
বস্তুটোক ফিলামেণ্ট বুলি কোৱা হয়৷ ফিলামেণ্ট বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷ যেনে কাগজ,
মম, প্লাষ্টিক, লোহা, খোৱা বস্তু, শৰীৰৰ কোষ ইত্যাদি৷ কাপোৰৰ ওপৰতো বৰ্তমান গৱেষণা
চলি আছে৷ 3D প্ৰিণ্টাৰৰ আটাইতকৈ বেছি ব্যৱহাৰ দেখা
যায় ৰেষ্টুৰেণ্টবোৰত৷ যোৱা কেইবছৰমানৰ পৰা ধনী দেশবোৰত 3d printed খোৱা
বস্তুৱে বহুখিনি জনপ্ৰিয়তা লাভ কৰিছে৷
![]() |
3D প্ৰিণ্ট কৰা খাদ্য |
বৰ্তমান ভঙা-চিঙা বস্তুবোৰকেই ফিলামেণ্ট হিচাপে
কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত গৱেষণা চলি আছে৷ কিছু কিছু ক্ষেত্ৰত সফলো
হৈছে৷ তেতিয়া আমি ভঙা প্লেটখন বা পেলনীয়া বটল এটা আন এটা কামত অহা বস্তুলৈ সলাই
ল'ব পাৰিম৷
এই প্ৰিণ্টাৰবোৰত ব্যৱহাৰ কৰা ফিলামেন্টৰ প্ৰকাৰ
আৰু প্ৰিণ্টাৰটোৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ দাম বেলেগ বেলেগ হয়৷ বৰ্তমান বজাৰত ২০
হাজাৰ মান টকাৰ পৰা 3D প্ৰিণ্টাৰ
কিনিবলৈ পোৱা যায়৷
গতিকে দেখিলে?
এতিয়াৰে পৰা
আমি একো কিনিবলগীয়া নহ'ব৷ চিধা ডাউনল'ড কৰি দিলেই হ'ল৷