Aug 14, 2016

ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ

ৰাজীৱ ফুকন
Caleb Harper
জাপানত ৭০ শতাংশ খাদ্য আমদানি কৰিব লগীয়া হয়৷ তাত কোনেও খেতি নকৰে৷ খেতি কৰাৰ উপযুক্ত মাটি নাই৷ 

আমেৰিকাত ২ শতাংশ মানুহেহে খেতি কৰে৷

আফ্ৰিকাৰ যুৱ প্ৰজন্মৰ ৮০ শতাংশই খেতিয়ক হ'ব নোখোজে৷

আৰু আমাৰ দেশত খেতিয়কে আত্ম হত্যা কৰে৷

তেনেহ'লে খেতিৰ ভবিষ্যত কি? আপুনি খেতি কৰিবনে? মানুহে কিয় খেতি কৰিব নোখোজে?

কাৰণ ই বহুত কষ্টকৰ? তাৰ দ্বাৰা তেওঁ জীৱনৰ নূন্যতম প্ৰয়োজন খিনিও পূৰণ কৰিব নোৱাৰে?
এই বোৰ প্ৰশ্নই আমনি কৰিছিল Caleb Harperক৷ তাৰ পৰাই জন্ম হয় Open Agriculture Initiativeৰ৷ চমুকৈ OpenAG MIT labৰ এই গৱেষক জনে বিভিন্ন বিভাগৰ ইঞ্জিনিয়াৰ কিছুমানক লগত লৈ এটা ওপেন চোৰ্ছ কম্পিউটাৰ চিষ্টেম নিৰ্মাণ কৰি উলিয়াই৷ কম্পিউটাৰটোক তেওঁলোকে ফুদ কম্পিউটাৰ নাম দিয়ে৷

ফুদ কম্পিউটাৰ


এই ফুদ কম্পিউটাৰত ডিজিটেলি খেতি কৰা হয়৷ কম্পিউটাৰ বোৰৰ সহায়ত পুলিটো বাঢ়িব পৰাকৈ উপযুক্ত পৰিবেশৰ সৃষ্টি কৰা হয়৷ কোনটো গছ পুলিক কিমান খিনি আৰ্দ্ৰতাৰ প্ৰয়োজন, কাৰ্বন ডাই অক্সাইদৰ প্ৰয়োজন, কি কি মিনাৰেলৰ প্ৰয়োজন এই সকলোবোৰ অধ্যয়ন কৰি, সেই মতে পুলিটোক যোগান ধৰাৰ চেষ্টা কৰে৷

তেওঁলোকে বিভিন্ন অঞ্চলৰ বায়ু, পানী, মাটিৰ ডিটেইলছ সংগ্ৰহ কৰি ফুদ কম্পিউটাৰ বোৰক যোগান ধৰে৷ কম্পিউটাৰ বোৰে তাৰ ভিত্তিতেই হুবহু পৰিবেশটোৰ সৃষ্টি কৰে৷ আৰু তেওঁলোকে এই ডিটেইল্ছ সমূহ ডাউনল'ড কৰিব পৰা ফাইল হিচাপে ইন্টাৰনেটতো আপল’ড কৰি গৈছে৷ যাক তেওঁলোকে ক্লাইমেট ৰিচিপি বুলি কয়৷

আপোনাৰ যদি অপেলৰ খেতি কৰিব মন গৈছে, কাশ্মীৰৰ ক্লাইমেট ৰিচিপি ডাউনল'দ কৰক, আৰু কম্পিউটাৰত চলাই দিয়ক৷ কম্পিউটাৰটোৱে বীজটোক সম্পূৰ্ণ কাশ্মীৰৰ পৰিবেশত ডাঙৰ কৰিব৷ আৰু গছ জোপা কাশ্মীৰী পৰিবেশত ডাঙৰ হৈ ফল দিব৷ যি সোৱাদ, গোন্ধ সকলো ফালৰে পৰাই কাশ্মীৰী হ'ব৷ আৰু এই কম্পিউটাৰত থকা চেন্সৰ বিলাকে গছ পুলিবোৰৰ, আৰু তাৰ পৰিবেশৰ দৈনিক খবৰ আপোনাৰ মোবাইললৈকে পঠাই থাকিব৷ যাক ক্লাইমেট হিষ্ট্ৰী বুলি কোৱা হয়৷

এতিয়াৰে পৰা কোনো প্ৰতিকূল পৰিবেশে আমাৰ খেতিৰ অনিষ্ট কৰিব নোৱাৰে৷ কাৰণ এতিয়াৰে পৰা খেতিয়কে পৰিবেশক নিয়ন্ত্ৰণ কৰিব৷ আৰু এই চিষ্টেমটো প্ৰতিজন খেতিয়কৰ ওচৰলৈ নিবৰ বাবে কেলেব হাৰ্পাৰ আৰু তেওঁৰ দলটোৱে কেনেদৰে ফুদ কম্পিউটাৰ বিলাক কম খৰচতে ঘৰতে নিৰ্মাণ কৰিব পাৰিব তাৰ ওপৰত গবেষণা কৰে৷ আৰু তেওঁলোকে ফুদ কম্পিউটাৰৰ প্ৰথমটো সংস্কৰণ মুকলিও কৰে, আৰু সেইটো কেনেদৰে নিৰ্মাণ কৰিব, তাৰ ষ্টেপ বাই ষ্টেপ গাইদ MITৰ ৱেবচাইটতে পাব৷
 এতিয়া তেওঁলোকে  ফুদ কম্পিউটাৰ দ্বিতীয় সংস্কৰণটোৰ ওপৰত গবেষণা কৰি আছে৷ যিটো বেছি সহজতে নিৰ্মাণ কৰিব পৰা যাব৷ ফুদ কম্পিউটাৰৰ উপৰি তেওঁলোকে, ফুদ চাৰ্ভাৰ, আৰু ফুদ ডাটা চেন্টাৰো নিৰ্মাণ কৰিছে৷ গবেষণা সম্পূৰ্ণ হৈ উঠিলে এইবোৰৰ নিৰ্মাণ প্ৰণালীও তেওঁ লোকে ৰাজহুৱা ভাবে মুকলি কৰিব৷

স্কুলীয়া ল'ৰাই ফুদ কম্পিউটাৰ নিৰ্মাণ কৰি থকাৰ মুহুৰ্তত
কেলেব হাৰ্পাৰ

তেনে হ'লে আহক, আমিও এই মিচনত যোগ দিওঁ৷ আজিৰে পৰাই অবৈজ্ঞানিক ভাবে সাৰ দি বনোৱা খাদ্য বোৰক বিদায় জনাবলৈ সাজু হওঁ, মাহৰ পিছত মাহ গুদামত পৰি থকা ফল মূলবোৰক বিদায় জনাবলৈ সাজু হওঁ৷ ইয়াৰ বিষয়ে প্ৰচাৰ কৰোঁ৷ সকলো খেতিয়ককে ইয়াৰ সৈতে পৰিচয় কৰাই দিওঁ, আৰু ঘৰে ঘৰে একোখন ডিজিটেল ফাৰ্ম গঢ়ি তোলোঁ৷


ফুদ ডাটা চেন্টাৰ