![]() |
ফেৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশ |

প্ৰথমতে আমি তামৰ তাঁৰ ডালৰে ৩০টা পাকৰ কুণ্ডলী
এটা বনাই ল'ব লাগিব৷ আৰু তলৰ ছবি খনত দেখোৱাৰ দৰে কুণ্ডলীটোৰ মুৰত আমি LEDটো গাঁঠি ল'ব লাগিব৷ এই কুণ্ডলীটো আমাৰ
ৰিচিভাৰ৷ ইয়াৰ মাজেৰে আমি চুম্বক ক্ষেত্ৰ এখন তীব্ৰ বেগেৰে অগা পিছা কৰি থাকিব
পাৰিলে, কুণ্ডলীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু LEDটো জ্বলি উঠিব৷
![]() |
ৰিচিভাৰ কুণ্ডলী |
আমি জানো বিদ্যুৎ প্ৰবাহী তাঁৰৰ ওচৰে পাজৰে এখন
চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়৷ গতিকে আমি আন এটা কুণ্ডলী বনাই তাৰ মাজেৰে বিদ্যুৎ
প্ৰবাহিত কৰি দিলে আমি এখন চুম্বক ক্ষেত্ৰ পাম৷ কিন্তু এখন স্থিৰ চুম্বক ক্ষেত্ৰই
বিদ্যুতৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চুম্বক ক্ষেত্ৰখন গতি কৰি থাকিব লাগিব৷ মানে
ক্ষেত্ৰৰেখাৰ পৰিবৰ্তন হৈ থাকিব লাগিব৷ যদি আমি দ্বিতীয় কুণ্ডলীটোৰে AC কাৰেণ্ট প্ৰবাহিত কৰো, তেতিয়া AC কাৰেণ্টে যেনেকৈ এবাৰ ইফালে, এবাৰ সিফালে যায়, চুম্বক
ক্ষেত্ৰখনৰ ক্ষেত্ৰ ৰেখাবোৰো তেনেকৈ এবাৰ ইফালে, আনবাৰ সিফালে অহা যোৱা কৰি থাকিব৷
কিন্তু আমি যিহেতু DC বেটাৰি ব্যৱহাৰ
কৰিম, সেয়ে আন এটা ব্যৱস্থা হাতত ল'ব লাগিব৷ আমি এটা ট্ৰেনজিষ্টৰৰ সহায় ল’ম, যিয়ে
কানেক্সনটো অন অফ কৰি থাকিব, ফলত চুম্বকৰ ক্ষেত্ৰ ৰেখা বোৰে তৰংগৰ দৰে গতি কৰিবলৈ
আৰম্ভ কৰিব৷
![]() |
দ্বিতীয়টো কুণ্ডলী |
![]() |
বৰ্তনী |
কুণ্ডলীটো সম্পূৰ্ণ হোৱাৰ পিছত আমি ছবিখনত
দেখোৱা বৰ্তনীটোৰ দৰে তাঁৰবোৰ সংযোগ কৰিব লাগিব, কুণ্ডলীটোৰ এটা মূৰ ট্ৰেনজিষ্টৰৰ
বেছলৈ যাব । ইচ্ছা কৰিলে বেছলৈ যোৱা তাঁৰ ডালত এটা 1 কিলো ওমৰ ৰেজিষ্টৰো সংযোগ কৰিব
পাৰিব, ই বেছলৈ যোৱা প্ৰবাহৰ পৰিমাণ কমাই ৰাখিব আৰু ট্ৰেনজিষ্টৰটো গৰম হোৱাৰ পৰা
বচাব৷ তাৰপিছত কুণ্ডলীটোৰ আন এটা মুৰ ট্ৰেনজিষ্টৰৰ কালেক্টৰত সংযোগ কৰিব লাগিব৷
আৰু কুণ্ডলীটোৰ মাজৰ ১৫ নম্বৰ পাকত উলিয়াই ৰখা তাঁৰ ডাল বেটাৰিটোৰ প’জিটিভ
ফালে সংযোগ কৰিব লাগিব৷ ট্ৰেনজিষ্টৰটোৰ আনটো মূৰ বেটাৰিৰ নিগেটিভলৈ যাব। আপুনি যদি
PNP ট্ৰেনজিষ্টৰ ব্যৱহাৰ কৰে বেটাৰিটো
ওলোটাই দিলে হ'ল৷ বৰ্তনীটো সম্পূৰ্ণ হোৱাৰ পিছত LEDটো
ওচৰলৈ নিলে ই জ্বলি উঠিব৷
![]() |
এতিয়া আপোনালোকে নিশ্চয় বুজি পালে কেনেদৰে শূন্যৰে বিদ্যুৎ পৰিবহন কৰিব পাৰি৷ আপোনালোকে ঘৰত এই পৰীক্ষাটো কৰি চাব পাৰিব৷ ইয়াৰ পিছৰ আন এটা ভিডিঅ'ত আমি অন্য এটা পদ্ধতিৰে CFL এটা জ্বলাম৷ য'ত ৰিচিভাৰ কুণ্ডলীটোৰো প্ৰয়োজন নহ'ব৷ মাত্ৰ বাল্বটো হাতত লৈ থাকিলে হ'ল৷
আশা কৰো আজিৰ এই পোষ্টটো আপোনালোকে ভালে। আমাৰ
আন আন পোষ্ট আৰু ভিডিঅ’ সমূহৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself andRajiv Phukanক চাবস্ক্ৰাইব কৰিবলৈ
অনুৰোধ জনালোঁ। ধন্যবাদ।