Sep 19, 2016

আগমেন্টেদ ৰিয়েলিটি কি জানোঁ আহক

ৰাজীৱ ফুকন
কেইদিনমান আগতে ভাৰ্ছুৱেল ৰিয়েলিটিৰ কথা কৈছিলোঁ৷ যাৰ সহায়ত আমি কম্পিউটাৰেৰে নিৰ্মাণ কৰা ভাৰ্ছুৱেল জগত খনত প্ৰবেশ কৰিব পাৰোঁ৷ কিন্তু আগমেন্টেদ ৰিয়েলিটিৰ সহায়ত ভাৰ্ছুৱেল জগতৰ বস্তু বিলাক আমৰ বাস্তৱ জগতলৈ উলিয়াই অনা হয়৷

এতিয়া আৰু অৱতাৰ চিনেমাখনৰ ৰঙা নীলা চৰাই হালক বিচাৰি কোনো ভাৰ্ছুৱেল জগতত প্ৰবেশ কৰাৰ প্ৰয়োজন নাই৷ চৰাই হাল উৰি আহি আপোনাৰ সন্মুখৰ গছ ডালতে পৰিবহি৷ বগা ভালুক বিচাৰি উত্তৰ মেৰুলৈ যোৱাৰো প্ৰয়োজন নাই, ড্ৰয়িং ৰুমৰ টেবুলখনৰ ওপৰতে বৰফৰ লগত খেলি থাকিব সিহঁতে৷ এই সকলোবোৰ সম্ভৱ কৰি তুলিছে আগমেন্টেদ ৰিয়েলিটিয়ে৷ তাৰ বাবে আপুনি এযোৰ বিশেষ ধৰণৰ চছমা পিন্ধিব লাগিব৷ হয়তো আৰু কেইবছৰ মান পিচত চছমাৰো প্ৰয়োজন নহ'ব৷
ব্লগৰ কথাখিনি তলত ভিডিঅ ৰূপত প্ৰকাশ কৰা হৈছে। উদাহৰণবোৰ ভালকৈ বুজিবলৈ ভিডিঅটো চাবলৈ অনুৰোধ জানিলোঁ।




এই চছমাবোৰত এন্ড্ৰইড, মাইক্ৰচফ্ট আদি অপাৰেটিং চিষ্টেম বোৰ ইনষ্টল কৰা থাকে৷ আৰু চছমাৰ কাঁচ দুখনে ডিসপ্লেৰ কাম কৰে৷ তাৰবাবে বতাহতে এপবোৰ উপঙি থকা দেখিব৷ সেই বোৰ ছবিখনত দেখোৱাৰ দৰে টাট্চ কৰিব পাৰিব৷ কেৱল এপেই নহয়, মোবাইলৰ ভিতৰত থকা সকলোবোৰ বস্তুৱেই আপোনাৰ সন্মুখত দেখিবলৈ পাব৷ মানুহ-দূনূহ, জীৱ-জন্তু সকলো৷ সন্মুখত থিয় হৈ থকা মানুহ কেইজনৰ কোন জন সঁচা কোনজন মিছা আপুনি ধৰিবই নোৱাৰিব৷ 

এই চছমা বোৰত কিছুমান কেমেৰা থাকে যিয়ে আমাৰ চৌপাশটো স্কেন কৰি লয়, আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ সন্মুখত ভাৰ্ছুৱেল বস্তুবোৰ উপস্থাপন কৰে৷ এই বস্তুবোৰ আমি চাৰিওফালৰ পৰা ঘুৰি-পাকি চাব পাৰোঁ৷ এনেকুৱা চছমাৰ আটাইতকৈ ভাল উদাহৰণ মাইক্ৰচফ্টৰ হ'ল'লেন্স৷ গুগুলৰো এযোৰ চছমা আছে৷ নাম গুগুল গ্লাছ৷ কিন্তু মাইক্ৰচফ্টৰ হ'ল'লেন্সৰ লগত ই তুলনাই নহয়৷
হ'ল'গ্ৰাম
হ'ল' শব্দটো হ'ল'গ্ৰামৰ পৰা আহিছে৷ আপোনালোকে নিশ্চয় কল্পবিজ্ঞানৰ ফিল্ম কিছুমানত দেখিছে যে মানুহ এজনৰ 3D প্ৰজেক্সন আন এঠাইত দেখোৱা হয়৷ তাকে হল'গ্ৰাম বুলি কয়৷ মাইক্ৰ'চ'ফ্টৰ হ'ল'লেন্সতো তেনেকুৱা ধৰণৰ টেলিপ্ৰেজেন্সৰ সুবিধা দিয়া হৈছে৷ যাক তেওঁলোকে হ'ল'-পোৰ্টেল বুলি কয়৷ ইয়াৰ সহায়ত মানুহ এজনে এঠাইত থাকি আন এঠাইত আবিৰ্ভাৱ হ'ব পাৰে৷



সোঁফালৰ মানুহজন হ'ল'প'ৰ্টেলৰ সহায়ত তাত উপস্থিত হৈছে

টেলিপ্ৰেজেন্সৰ উপৰি, আগমেন্টেদ ৰিয়েলিটিয়ে ভিডিঅ' গেমৰ ক্ষেত্ৰখনতো যথেষ্ট পৰিবৰ্তন আনিছে৷ এই চছমাযোৰ পিন্ধি ল’লে আপোনাৰ ওচৰে পাজৰেই ভিডিঅ'গেমৰ কেৰেক্টাৰ বিলাক দেখিবলৈ পাব৷ সিহঁতৰ লগত যুঁজিব পাৰিব, খেলিব পাৰিব৷

ভিডিঅ' গেম
আগমেন্টেদ ৰিয়েলিটিৰ পৰা শিক্ষাৰ ক্ষেত্ৰখনো বহুত লাভৱান হ'ব৷ উদাহৰণ স্বৰুপে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ এজনে এতিয়াৰে পৰা মানুহৰ শৰীৰ এটা, ঘৰতে বহি অধ্যয়ন কৰিব পাৰিব৷ বা ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ এজনে যান বাহন বা যিকোনো যন্ত্ৰ পাতি ঘৰতে খুলি মেলি চাব পাৰিব, ডিজাইন কৰিব পাৰিব। তাৰোপৰি আগমেন্টেদ ৰিয়েলিটিয়ে ইন্টাৰেক্টিভ প্ৰিণ্টিঙো সম্ভৱ কৰি তুলিছে। ইয়াৰ পৰাও শিক্ষাৰ ক্ষেত্ৰখন বহুত লাভৱান হব। সেই বিষয়ে মই আন এটা পোষ্টত ভালদৰে বৰ্ণনা কৰিম।


ভবিষ্যতে আমি যিমান বোৰ টেকন'ল'জীৰ কথা পাতিম৷ প্ৰায় সকলোতে আগমেন্টেদ ৰিয়েলিটিৰ কথা ওলাবই৷ অতি সোনকালে ই মোবাইল ফোনৰ জেগা দখল কৰিবলৈ গৈ আছে৷ গতিকে তাক আদৰণি জনাবলৈ আমাৰো সাজু হ'বৰ হ'ল৷

আশা কৰো আজিৰ এই পোষ্টটো আপোনালোকে ভাল পালে। আমাৰ আন আন পোষ্ট আৰু ভিডিঅ সমূহৰ কাৰণে আমাৰ ইউটিউব চেনেল Me, Myself and Rajiv Phukanক চাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।