
ভাবকচোন আমি কেনেকুৱা এক ভয়ংকৰ অৰ্থনৈতিক সঙ্কটৰ সন্মুখীন হৈছো৷ আৰু আমি এতিয়া যেনেকুৱা ধৰণৰ আচৰণ কৰি আছো, তাৰ ফলত একৈশ দিন কিয়, তিনিমাহতো ভাৰতক ক'ৰোনা মুক্ত কৰিব পৰা নাযাব৷ আৰু যদি সঁচাকৈ তিনিমাহ ল'ক ডাউনৰ মাজলৈ যাব লগা হয়, আমাৰ দেশৰ অৰ্থনৈতিক দূৰৱস্থাই কি পৰ্যায় পাবগৈ ভাবি চাওঁকচোন৷ হয়, প্ৰায় দুবছৰ বা ডেৰবাছৰ খোৱাব পৰাকৈ দেশত খাদ্য সামগ্ৰী মজুত আছে৷ কিন্তু যদি ল'ক ডাউন দীঘলীয়া হয়, খেতি-বাতিৰ কি হ'ব? আৰু যদি এটা খেতিৰ চিজন পাৰ হৈ যায়, এবছৰ পিছত কেনেকুৱা দূৰ্ভিক্ষৰ সৃষ্টি হ'ব, ভাবি চাইছেনে? লগতে তিনিমাহলৈ ল'ক ডাউন হৈ থাকিলে, ব্যক্তিগত খণ্ডত কাম কৰা মানুহবোৰৰ কি অৱস্থা হ'বগৈ? এটা কথা, ক'ৰোনাই আমাক COVID19ত মাৰিব পাৰিব নে নাই নাজানো, কিন্তু অৰ্থনৈতিক দিশৰ পৰা যে ককাল ভাঙি থৈ যাব, সেয়া খাতাং৷ গতিকে এই একৈশ দিন বন্ধ পাইছো কাৰণে মাছ, মাংসৰে জুতি লগাই লগাই খাম বুলি ভাবি থকাৰ মেন্টেলিটিটো আমি এৰা উচিত৷ যাতে এই প্ৰচেষ্টাটো দীঘলীয়া নহয়, যাতে এই মহা-সংকটটো পাৰ হৈ যোৱাৰ পিছত দূৰ্ভিক্ষত মৰিবলগীয়া নহয়, তাৰ কাৰণে আমি সকলো প্ৰকাৰে চৰকাৰে বিচৰা ধৰণে সহযোগ কৰা উচিত৷
ফেচবুকঃ ২৭-০৩-২০২০